যশোৱন্ত নিপুণ
কেঁকনিৰ শব্দ পিছফালৰ কোঠাটোৰ পৰা ভাহি আহিছিল ৷ নৰকান্তই প্ৰায়েই পুৱাই এনেদৰে কেঁকাই থাকে ৷ গতিকে ঘৰৰ কোনেও বৰকৈ মন-কাণ নিদিয়ে ৷ আজি কিন্তু মনোমতী সঁচাকৈয়ে বিৰক্ত হৈছে ৷ এনেকৈ কেঁকাই থাকিলেই বিছনাৰ কাপোৰখন আপোনা-আপুনি ফিট হৈ যাব নেকি ? গিৰিয়েকটোৱে একো এটা নুবুজে কিয় ?
ছয়-সাত বছৰ এনেদৰেই চলিছে ৷ ষ্ট্ৰ’ক হোৱাৰ প্ৰথম চাৰি বছৰমান তেওঁ মোটামুটি ভালেই আছিল ; ঘৰখনৰ কাকো একো দিগদাৰ কৰা নাছিল ৷ পাছলৈ তেওঁ অধিক দুৰ্বল হৈ আহিল ৷ বিছনাতেই পৰি থাকিব লগা হ’ল বেছিভাগ সময় ৷ ৰ’দ লগাবলৈ কিছুসময় চোতালতে বহিলেও অলপ পাছতেই তেওঁৰ গাঁটো ৰাঁই জাঁই কৰে ৷ তেতিয়া কেতিয়াবা লাখুটিডালত ধৰি নিজেই আকৌ বিছনা পায়গৈ ৷ কেতিয়াবা পুতেকে বা ঘৈণীয়েকে ধৰি ধৰি বিছনালৈ লৈ যায় ৷ পুৱা আঁঠুৱাখন পুতেক মুকুলে বা ঘৈণীয়েকেই সামৰি থয় ৷ সেই কামটোত অলপ পলম হ’লেও তেওঁৰ উচপিচ লাগে আৰু মিনিটে মিনিটে ঘৈণীয়েক আৰু পুতেকক মাতি থাকে ৷ তাৰ পাছৰ বিছনাখনৰ কাপোৰখিনি টানি-টুনি ফিট কৰি থোৱা কামটো তেৱেঁই কৰে ৷ সেইটো কৰোঁতে বহুসময় লাগে, কষ্টও হয় আৰু সেই কষ্ট আৰু বিৰক্তিতেই তেওঁ কেঁকাই থাকে ৷ ঘৰৰ মানুহ কেইজনেই নহয়, ওচৰৰ চুবুৰীয়া কেইঘৰো সেই কেঁকনিৰ শব্দটোৰে অভ্যস্ত হৈ পৰিছে ৷ সকলোৱে বিৰক্ত হয়, কিন্তু কোনেও একো কৰিবও নোৱাৰে ৷ ঘৈণীয়েক আৰু পুতেকেও এনেকৈ কেঁকাই থাকিবলৈ হাক দি দি ভাগৰি পৰিছে ৷
আধাঘন্টামান পাছত কেঁকনি বন্ধ হ’ল ৷ এইবাৰ তেওঁক মুখ ধুবৰ কাৰনে ডাঙৰ জগ এটাত পানী দিব লাগিব ৷ অলপ দেৰী হওতেই তেওঁ ঘোষণা কৰিলে, “মই মুখ ধুম ৷”
কিন্তু কোনেও মন নিদিলে ৷ তেওঁ দুবাৰমান একেষাৰ কথাকেই ক’লে ৷ পুতেক সোমাই আহিল কোঠাটোলৈ ৷ নৰকান্তই বাল্টি এটাত প্ৰস্ৰাৱ কৰে ৷ সেইবোৰ পেলাবলৈ পুতেকে বাল্টিটো লৈ বাৰীলৈ গ’ল ৷ ডেটলেৰে ধুই লৈ আহি আকৌ বিছনাৰ কাষতে সেইটো থলে ৷
“মই মুখ ধুম ৷” নৰকান্তই পুতেকলৈ চাই আকৌ ক’লে ৷
“হ’ব, হ’ব ৷ অলপ ধৈৰ্য ধৰাচোন ৷ মাই পানী দি যাব ৷” পুতেকে সামান্য বিৰক্তিৰে ক’লে ৷
“আজি দেৰী হৈছে দেখোন ৷”
“দুই মিনিট দেৰী হ’ল, তাতে কি হ’ল ? আজি মানুহ আহিব নাজানা নেকি ?”
“কোন আহিব ? মই নাজানো ৷” মানুহজনে চকু দুটা ডাঙৰ কৰি পুতেকৰ ফালে চালে ৷
উত্তৰ নিদিয়াকৈ পুতেক কোঠাটোৰ পৰা ওলাই গ’ল ৷ তাৰ বহুত কাম আছে ৷
মানুহজনেও উত্তৰ এটা পাব বুলি আশা কৰা নাছিল ৷
আজিকালি প্ৰায় বিছনাতেই পৰি থকা মানুহজনৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ সকলোৰে সময় কম ৷ তেওঁ দুই তিনিবাৰ সুধিব লাগে প্ৰত্যেকটো কথা ৷ তাৰ পাছতহে উত্তৰ দিওঁতাৰ গা লৰে ; কেতিয়াবা গা নলৰেই ৷
ঘৈণীয়েক মনোমতীয়ে জগত পানী আৰু চৰিয়া এটা দি গ’ল ৷ আজি কোন আহিব তেওঁ সেইটো ঘৈণীয়েকক সুধিছিল যদিও উত্তৰ নেপালে ৷ ব্ৰাচত টুথপেষ্ট লগাই তেওঁ দাঁত মাজিবলৈ ধৰিলে ৷
চৰিয়াতে মুখখন ধুলে তেওঁ ৷ তাৰ পাছত চাহৰ অপেক্ষা কৰি আগ্ৰহেৰে দুৱাৰখনলৈ চাই ৰ’ল ৷
ঘৈণীয়েকে ষ্টীলৰ গিলাচ এটা চাহ লৈ আহিল ৷ চাহত চিৰা দিছে ৷ তেনেকৈয়ে ৰাতিপুৱাৰ চাহ খায় ৷
“দেৰী হ’ল দেখোন আজি ?” তেওঁ সুধিলে ৷
“আমাৰো কাম আছে নহয় ৷ কিমাননো দেৰী কৰিলোঁ বাৰু, এনেকৈ যে অধৈৰ্য হ’ব লাগে বেমাৰীটোৱে ? আজি মানুহ এজন আহিব বুলি নাজানে নেকি ?” মনোমতীয়ে উষ্মাৰে উত্তৰ দিলে৷ তেওঁ অইনৰ আগত আৰু খং উঠিলে মানুহজনক “বেমাৰীটো” বুলিয়েই কয় আজি-কালি৷
নৰকান্তই সঁচাকৈয়ে নাজানে কোন আহিব ৷ আজি-কালি তেওঁ একোৱেই গম নাপায় ঘৰখনত কি ঘটি আছে, কোনে কি কৰি আছে, কোনে কি কৰিব খুজিছে ৷ সকলো কামতে আনৰ ওপৰত নিৰ্ভৰশীল অথৰ্ব মানুহজনক কোনেও কথাবোৰ জনাবলৈ একো প্ৰয়োজন অনুভৱো নকৰে ৷ কাৰণ – মানুহজনে জানিলেইনো কিডাল কৰিব ? অনৰ্থক কিছুমান প্ৰশ্ন আৰু পৰামৰ্শেৰে সকলোকে অতীষ্ঠ কৰিহে তুলিব ৷
“কোন আহিবনো ?” তেওঁ আকৌ সুধিলে ৷
ঘৈণীয়েকে এইবাৰ উত্তৰ দিলে ৷ ওচৰৰে এজন, নগৰখনলৈ অহা নতুন ধৰণৰ ধৰ্মীয় অনুষ্ঠান এটাৰ গভীৰ অনুগামী সাত্বিক ব্যক্তি এজন আহিব ৷ সেই অনুষ্ঠানৰে নতুনকৈ অনুগামী হৈছে মনোমতী, মুকুল আৰু মুকুলৰ ঘৈণীয়েক ৰীণা ৷ ইহকাল-পৰকালৰ শুদ্ধ পথ সেই অনুষ্ঠানটোৰ মাজেৰেহে পোৱাটো সম্ভৱ বুলি মনোমতী আৰু ৰীণাৰ গভীৰ বিশ্বাস জন্মিছেই ইতিমধ্যে ৷ অৱশ্যে দোকানৰ আৰু ঘৰৰ এশ এবুৰি কামত ব্যস্ত থকা মুকুলে তাৰ বিশ্বাসটো সবল কৰিবলৈ সময় পোৱা নাই এতিয়াও ৷
নৰকান্তই চামোচ এখনেৰে লাহে লাহে চাহখিনি খালে ৷ মুখৰ বাওঁফালটোত ভালকৈ তত নাই ৷ খাই থাকোঁতে সেইফালেৰে কেতিয়াবা খোৱা বস্তুবোৰ ওলাই আহে ৷ ঘৰৰ আৰু বেলেগৰ মানুহেও সেইবোৰ দেখিলে ঘিণ কৰে বুলি তেওঁ জানে ৷ সেইকাৰণে গামোচা এখনেৰে সেইফালটো ঘনে ঘনে মচি থাকে ৷ সেইখন গামোচাৰেই মহ-মাখি খেদা, কপালৰ ঘাম মচা, ভাত খাই হাত-মুখ মচা আদি কামবোৰো কৰে ৷ আগতে ঘৈণীয়েক বা পুতেকে সেইখন দিনে সলাই ধুই দিছিল ৷ আজি-কালি তিনি-চাৰি দিনলৈ গামোচাখন সলোৱা নহয় ৷ তেওঁ অৱশ্যে আগৰ দৰেই প্ৰতিদিনেই সেইখন সলাই দিবলৈ ক’ব নাপাহৰে ৷ সেইটোৱেও সকলোকে বিৰক্ত কৰে ৷
বেছি চাফ-চিকুণ, পৰিপাটী, নিজেই নিজৰ সকলোবোৰ কাম কৰা মানুহবোৰৰো শেহটো বৰ দুখৰ হ’ব পাৰে ৷ যেতিয়া নিজে নোৱৰা হয়, তেতিয়া কোনে তেওলোকক ইমান পৰিপাটী, চাফ-চিকুণকৈ ৰাখিবলৈ সময় পাব ? সকলোৱেইতো নিজৰ নিজৰ কামত ব্যস্ত ৷ নৰকান্তৰ কোঠাটো তেওঁ ভালে থকা দিনবোৰত বৰ পৰিষ্কাৰ-পৰিচ্ছন্ন আছিল ৷ বিছনাখন তেওঁ খুব পুৱাই উঠি ফিট-ফাটকৈ পাৰি থ’ব, পুৰণি বাতৰি কাকতবোৰ সুন্দৰকৈ জাপি থ’ব এখন এখনকৈ, শুধ বগা ধুতী-চোলা-গেঞ্জীবোৰ ধুই চিকচিকীয়া কৰি ৰাখিব ৷ ওচৰ চুবৰীয়া আৰু লগৰো বহুতে তেওঁক মাজে মাজে সুধিছিল – ইমান কামৰ মাজতো ইমান চাফা হৈ থাকিবলৈ সময় কেনেকৈ উলিয়াই তেওঁ ৷ তেওঁ একো নকৈ হাঁহিছিল ; তৃপ্তিৰ হাঁহি ৷
এতিয়া আৰু সেই দিন নাই ৷ কথাবোৰ বিপৰীত হ’ল ৷ তেওঁৰ বিছনাখনৰ ঘামেৰে তিতা কাপোৰবোৰ বহু দিনলৈ ধোৱা নহয় ৷ গাৰুৰ গিলিপবোৰো লেতেৰা হৈয়ে থাকে ৷ পিন্ধি থকা চোলা কাপোৰবোৰৰো একে অৱস্থা ৷ কোঠাটো ডেটল, ঔষধ, ঘাম, প্ৰস্ৰাৱ আদিৰ গোন্ধেৰে সেমেকা হৈ থাকে ৷ সেই গোন্ধটোৰ লগত তেওঁ ক’ব নোৱৰাকৈয়ে সন্ধি কৰি পেলাব লগা হৈছে কেতিয়াবাই ৷
তেনেতে তেওঁৰ কোঠাটোৰে মোনা দুখন লৈ ডেকা ল’ৰা এজন সোমাই আহিল ৷
“ভালে আছা মামা ?” ল’ৰাজনে হাঁহি এটা মাৰি সুধিলে ৷
নৰকান্তই চকু দুটা ডাঙৰ কৰি ডেকাজনলৈ চালে ৷ “কোননো ? মই ধৰিব পৰা নাই দেখোন ৷”
“মই বিজয়, মামা ! বিজয় ৷ ধৰিব পৰা নাই ?” ল’ৰাটোৱে হাঁহি হাঁহিয়েই আকৌ ক’লে ৷
“বিজয় ?” তেওঁ অলপ সময় ৰৈ কিবা মনত পেলাবলৈ চেষ্টা কৰিলে ৷ “অ’ বিজয় … ! বিজয় !” মানুহজনৰ কান্দোন ওলাই আহিল ৷ বিজয় তেওঁৰ ভাগিনিয়েক, ওচৰৰে গাঁওত বিয়া দিয়া ভনীয়েকৰ ল’ৰা ৷ তাকো তেওঁ আজি চিনিব পৰা নাই কাৰণেই তেওঁৰ বৰ দুখ লাগিছিল ৷ আজি-কালি বহুতকে তেওঁ এনেদৰেই চিনিব নোৱাৰে ফটকৈ ৷ তেওঁৰ এই পাহৰাটোও কিছু বেছি হৈছে৷
“ভাল নে তোৰ ?” গামোচাখনেৰে চকুপানী মচি মচি তেওঁ সুধিলে ৷
“আছোঁ দিয়া আৰু ৷”
“মোনাত কি আনিছ ? কিয় আনিছ ?”
মুকুলে ঘৰৰ আজিৰ সৰু অনুষ্ঠানটোৰ কাৰণে লগা খোৱাবস্তু আৰু অলপ কিবাকিবি আনিবলৈ কৈছিল বিজয়ক ৷ বিজয়ে ভাঙি ক’লে কথাটো ৷ তাৰ মিঠাই আৰু ফলমূলৰ দোকান আছে ৷ ঘৰত এনেকৈ দৰকাৰ পৰিলে মুকুলে তাক ফোন কৰি বস্তুবোৰ অনাই লয় ৷ পইচা অলপ কমতে হয় আৰু বস্তুও ভাল পায় ৷
নৰকান্তই তাক ভনীয়েকৰ খবৰো সুধিছিল ৷ উত্তৰ দিবলৈ পোৱাৰ আগতেই পুতেকে তাক বহা কোঠাটোৰ পিনে মাতি লৈ গ’ল ৷ নৰকান্তৰ চকু দুটাই উত্তৰ এটাৰ আশাত তাৰ মুখলৈ আৰু পাছত পিঠিখনলৈ চাই ৰৈছিল ৷
বিজয়ে মুকুলৰ লগত এনেয়ে অলপ কথা পাতি, চাহ একাপ খাই মোমায়েকৰ কোঠাটোৰেই ওলাই গ’ল ৷
“মাৰ ভালে আছেনে ?” নৰকান্তই আকৌ সুধিছিল ৷
“আছে আৰু মামা ৷ কঁকালৰ বিষটো উঠি কষ্ট দি থাকে ৷”
“ডাক্তৰক দেখুৱালি নে নাই ?”
“দেখুৱাইছোঁ ৷ তুমিতো জানাই এইবোৰ সহজতে ভাল হোৱা বেমাৰ নহয় ৷”
“কোন ডাক্তৰক দেখুৱালি ? আজি-কালিৰ ডাক্তৰে এলোপেথিক ঔষধসোপাৰে কি ভাল কৰিব আমি জানো ৷ ককালৰ বিষ হ’লে এটা কাম কৰিব লাগে ৷ তই এটা কাম … ৷”
“হ’ব দে ৷ তুমি ডাক্তৰতকৈ জ্ঞানী ওলাব নালাগে ৷”, মুকুলে দেউতাকক মাজতে ধৰি ক’লে, “ইয়াৰ খৰ-ধৰ ৷ তোমাৰ কথা শুনি থাকিলেই নহ’ব নহয় ৷”
“এহ নাই, নাই ৷ একো কথা নাই ৷ মই আহোঁ দিয়া মামা ৷” বিজয়ে মনে মনে ৰক্ষা পৰা যেন পাই সাউৎকৰে বাহিৰ ওলাইছিল ৷ নহ’লে মোমায়েকৰ কমেও পোন্ধৰ মিনিটৰ লেকচাৰ এটা সি শুনি থাকিব লগা হ’ব পাৰে ৷ দুৱাৰখন জপাই থৈ যাবলৈ সি পাহৰিলে আৰু মুকুলেও মন নকৰিলে কথাটো ৷
খোলা দুৱাৰেৰে অলপ অলপ বতাহ সোমাই আহিবলৈ ধৰিলে ৷ নৰকান্তৰ শৰীৰৰ অসাৰ অংগবোৰত বতাহ লাগিলেই তেওঁ খুব ঠাণ্ডা অনুভৱ কৰে ৷ কোনোবাই বৰফৰ ডাঙৰ ডাঙৰ টুকুৰা কেইটামান গাঁত হেচি ধৰা যেন পায় তেওঁ ৷ অতি কষ্টেৰে দুৱাৰখনৰ এটা ফাল লাঠীডালেৰে ঠেলি ঠেলি বন্ধ কৰিলে ৷ আনটো ফাল ঢুকি নাপায় লাঠীডালেৰে ৷ দহ মিনিটমান তেওঁ কিবাকৈ ঠাণ্ডাটো সহ্য কৰিলে ৷ তাৰ পাছত তেওঁ আৰু ৰ’ব নোৱৰা হ’ল ৷ থকথককৈ কঁপি চিঞৰিবলৈ ধৰিলে, “দৰ্জাখন বন্ধ কৰ ৷ কোনোবাই দৰ্জাখন বন্ধ কৰ ৷ মই মৰিলোঁ দে ৷ অ’ শুনিছ ?… ৷”
সকলোৱে তেওঁৰ চিঞৰ শুনিলে ৷ গাত বতাহ লাগিলে এনেকৈ তেওঁ চিঞৰাটো এটা সাধাৰণ কথা৷
“এই বেমাৰীটোৱে আজিৰ দিনটোও ভালে ভালে পাৰ হ’বলৈ নিদিব যেন পাইছোঁ ৷ অলপো সহ্য শক্তি নাই মানুহটোৰ ৷” পৰম বিৰক্তিৰে মনোমতীয়ে ভোৰভোৰালে ৷ তেওঁ আৰু বোৱাৰীয়েকে পাগ্ঘৰত নাৰিকলৰ লাড়ু আৰু পায়স বনাই আছিল ৷ বৰুণ দত্তই ঘৰতে তৈয়াৰ কৰা সাত্বিক আহাৰহে গ্ৰহণ কৰে ৷ তেওঁৰ কাৰণেই এই সকলো আয়োজন ৷
শাহুৱেক-বোৱাৰীয়েকে দুৱাৰখন বন্ধ কৰিবলৈ নগ’ল ৷ তেওঁলোকৰ আশা মুকুলে গৈ দুৱাৰখন বন্ধ কৰিব ৷ কিন্তু মানুহজনৰ চিঞৰাটো বন্ধ নহ’ল ৷ মনোমতীৰ মুখত এটা খং আৰু বিৰক্তিৰ ভাব বিয়পি পৰিল ৷ ৰীণাৰো বৰ খং উঠিছিল ৷ কিন্তু তাই সেইটো বৰ কষ্টেৰে লুকুৱাই ৰাখিলে ৷ শাহুৱেকৰ সম্মুখতেই বোৱাৰীয়েকে শহুৰেকৰ ওপৰত ৰুষ্ট হোৱাটো ভাল নেদেখি ৷
নৰকান্তৰ প্ৰাইমেৰী স্কুলত পঢ়া নাতিয়েক মুনু দৌৰি কোঠাটোলৈ সোমাই আহিল ৷
“কি হৈছে ককা ?” সি ইতিমধ্যে দুৱাৰখন বন্ধ কৰিছিলেই ৷
“বৰ ঠাণ্ডা লাগিছে অ’ মুনু মোৰ ৷ অহ্ অহ্ অহ্ … ৷” নৰকান্তৰ কঁপনি বন্ধ হোৱা নাছিল ৷
মুনুৱে কম্বলখন ককাকৰ শৰীৰৰ বাওঁফালে ভালকৈ জাপি দিলে ৷ ককাকৰ বাওঁফালটো প্ৰায় অসাৰ ৷ চকী এখনত উঠি এইবাৰ সি দুৱাৰৰ হুকটোও মাৰি দিলে ৷ “বতাহত আকৌ খুলিব পাৰে ককা ৷ সেই কাৰণে মাৰি থলোঁ ৷”
“কোনোবা আহিলে এইফালেৰে দুৱাৰ কোনে খুলি দিব অ’ মুনু ? অহ্ অহ্ অহ্ … ৷”
“মাক মাতিবা, নহ’লে আইতাক মাতিবা ৷ মই থাকিলে মোক মাতিবা ৷”
“মাতিলে যেন আহিবহে ৷ অহ্ অহ্ … ৷”
“তুমি ভাল পাবা দিয়া ককা ৷ মই আছোঁ নহয় ইয়াতে ৷”
মুনুৱে দুপাকমান কোঠাটোত ইফালৰ পৰা সিফাললৈ দৌৰিলে ৷ তাৰ পাছত “ধিছ, ধাছ, ধিছিম … ৷ থিছিউ থিছিউ …৷” সি শূন্যতে কাৰোবাক লাথি, চৰ, ঘোচা মাৰিবলৈ ধৰিলে আৰু মাজে মাজে এটা অদৃশ্য পিষ্টলেৰে কাৰোবাৰ ওপৰত গুলীচালনা কৰিলে ৷ আৰু লগতে কোনোবা বীৰ পুৰুষৰ বচন, আধা হিন্দী আৰু আধা অসমীয়াত, “মই তোৰ মুখ ভাঙি দিম, চিনি পোৱা নাই মই কোন ? … এইখন হাতৰ এটা ঘোচাতেই তই যাবি যমপুৰী ৷“
ককাকে তাৰ একক অভিনয় অলপ সময় উপভোগ কৰিলে ৷
“স্কুললৈ নোযোৱা মুনু আজি ?” ককাকে সুধিলে ৷
“নাযাওঁ ৷” মুনুৱে চুটিকৈ উত্তৰ দিলে ৷
“কিয় নোযোৱা ?”
“আজি আমাৰ ঘৰত কিবা আছে ৷ পায়স বনাইছে আইতাই ৷ মাই নাৰিকলৰ লাড়ু কৰিছে ৷ মোক লাড়ু এটা নিদিলে ৷” শূন্যতে কাৰোবাক ঘুচিয়াই ঘুচিয়াই মুনুৱে ক’লে ৷
মুনুৱে হঠাতে বাহিৰলৈ গৈ প্লাষ্টিকৰ গদা এটা লৈ আহিল ৷ খুব জোৰেৰে সি সেইটো দুবাৰমান শূন্যতে ঘূৰালে ৷ এইবাৰ সি বালী আৰু সুগ্ৰীৱৰ যুদ্ধ আৰম্ভ কৰিলে ৷
“হাড়-মূৰ তোৰ যদি নোৱাৰোঁ পেলাব ভাঙি, মোৰ নাম কেতিয়াও নহয় বালী ৷ ধেই-তা-ধেই .. আস্ ৷” গদাৰ কোব খোৱা সুগ্ৰীৱ হৈ সি মজিয়াতে বাগৰি পৰিল ৷
“তাতে বাগৰিছা কিয় ? উঠাঁ ৷ আজি কোন আহিব জানা তুমি ?” ককাকে ক’লে ৷
মুনুৱে উঠি বালী হৈ গদা ঘূৰাই ঘূৰাই এইবাৰ সুগ্ৰীৱক পিছে পিছে দুৱাৰখনৰ ওচৰলৈকে খেদি গৈছিল ৷ ককাকক উত্তৰ দিবলৈ যুদ্ধ স্থগিত কৰি সি ৰ’ল ৷ “এজন ডাঙৰ মানুহ আহিব ৷ বগা ধুতী আৰু চোলা পিন্ধে ৷”
“তুমি দেখিছা নেকি তেওঁক ?”
“দেখিছোঁতো ৷ বৰ ডাঙৰ মানুহ ৷ ভাষণ দিব জানে ৷”
“হয় নেকি, ক’ত দেখিলা তুমি ?”
“সেইদিনা যে মা আৰু আইতাৰ লগত মিটিঙলৈ গৈছিলোঁ, তাতে দেখিছিলোঁ ৷ কি যে ওখ মানুহ ৷ কি যে ভাষণ দিছিল ককা, বৰ ভাল !”
“কি কৈছিল ভাষণত ?”
“মানুহ মৰিলে বোলে স্বৰ্গলৈ যাব ৷”
মিটিঙ এখনত বৰুণ দত্তই ধৰ্ম, আধ্যাত্মিকতাৰ ওপৰত এটা ভাষণ দিছিল ৷ মুনু মাক আৰু আইতাকৰ মাজতে বহিছিল ৷ ভাষণ চলি থকাৰ সময়তে তাৰ টোপনি আহিছিল ৷
“তুমি শুনি আছিলানে গোটেইখিনি ?”
“শুনি আছিলোঁতো ৷ বৰ ভাল ভাষণ আছিল ৷”
“কিন্তু সকলো মানুহেতো মৰিলে স্বৰ্গলৈ নাযায় ৷ ভাল মানুহবোৰহে যায় ৷ বেয়া মানুহবোৰ নৰকলৈ যায় ৷”
“তুমি ক’লৈ যাবা ককা ? স্বৰ্গলৈ ?”
“নাজানো ৷ নৰকলৈহে যাম নেকি ?”
“এস্, তুমি বৰ ভাল ৷ যাবা দিয়া স্বৰ্গলৈ ৷ ময়ো যাম ৷ তাতে মই স্কুললৈ নাযাওঁ কিন্তু ৷”
নাতিয়েকৰ কথাবোৰে নৰকান্তৰ মুখখন হাঁহি এটাৰে উজলাই তুলিলে ৷ নাতিয়েকটো কাষত থাকিলে, ঘৰত থাকিলে তেওঁ বৰ ভাল পায় ৷ নিজে ভালে থকা হ’লে তাক পুৱা বা গধূলি সদায় লগত ফুৰাবলৈ নিলেহেঁতেন ৷ পিছে ঈশ্বৰে সেইখিনি সুখ তেওঁৰ কপালত নিলিখিলে ৷
মুনু আকৌ বালী-সুগ্ৰীৱৰ যুদ্ধত মত্ত হ’ল ৷
“মুনু, মুনু ৷” মাকে তাক চিঞৰি মাতিলে ৷ সি যুদ্ধ চলায়ে থাকিল, উত্তৰ নিদিলে ৷
এক মিনিটমান পাছত মাকে তাক আকৌ মাতিলে ৷
এইবাৰো সি উত্তৰ নিদিলে ৷
“মাৰাই মাতি আছে ৷ যোৱাচোন কিয় মাতিছে ?” ককাকে ক’লে ৷
“এস্ ৷ মাতক দিয়া ৷ মাতিয়েই থাকে ৷” সি ভোৰভোৰাই উত্তৰ দিলে ৷
ইতিমধ্যে মাকে তাক বিচাৰি কোঠাটোৰ দুৱাৰমুখ পালেহি ৷
“হে হৰি ! কি কৰি আছা তুমি ইয়াত ? স্কুললৈ যাব লাগে নে নেলাগে ? গা ধুবানে নাই ?” মাকে দুৱাৰমুখৰ পৰাই ডাঙৰকৈ ক’লে ৷
“নাযাওঁ মই স্কুললৈ আজি ৷” সি ভোৰভোৰালে আকৌ ৷
“কিয় নাযাবা ? কি কৰি থাকিবা ঘৰত ? আহাঁ, দেৰী হৈছেই ৷ আৰু দেৰী কৰি মোৰ খং নুতুলিবা ৷“
“মই নাযাওঁ স্কুললৈ ৷ আজি দেখোন মানুহ আহিব আমাৰ ঘৰলৈ ৷”
“তাতে কি হ’ল ? তুমি কি কৰিবা ? তোমাৰ কাম নাই নহয় ৷” মাকে ভিতৰলৈ আহি হাতত ধৰি প্ৰায় টানি টানি তাক উলিয়াই লৈ গ’ল ৷
“সদায়, সদায় কিয় স্কুললৈ গৈ থাকিব লাগেনো ? কিয় ?” সি আপত্তি কৰিছিল যদিও মাকে গুৰুত্ব নিদিলে ৷
“জোৰকৈ হাতত নাটানিবা ৷ সি দুখ পাব ৷” নৰকান্তই কৈছিল ৷ বোৱাৰীয়েকে একো গুৰুত্ব নিদিলে অৱশ্যে তেওঁৰ কথাত ৷ মুনুৱে শহুৰেকৰ কোঠালৈ আহি খেলাটো তাই ভাল নাপায় ৷ ঘাম আৰু প্ৰস্ৰাৱৰ গোন্ধেৰে ভৰা সেমেকা কোঠাটোত সোমাই থাকিলে পুতেককো বেমাৰৰ বীজাণুবোৰে লম্ভিব বুলি তাইৰ খুব ভয় ৷ তাতে সি মাজে মাজে ককাকৰ বিছনাতো বহে ৷
পুনৰ নৰকান্তৰ কোঠাটো নীৰৱ হৈ পৰিল ৷ দিনটোত কথা এষাৰ পাতিবলৈও তালৈ আৰু কোনো নাহিব ৷ শূন্য দৃষ্টিৰে সম্মুখৰ বেৰখনলৈ তেওঁ চালে ৷ তাত ওলমি আছে তেওঁৰ মাকৰ পুৰণি বন্ধাই থোৱা ফটো এখন ৷ ফটোখনৰ পৰা মাকজনী ওলাই আহিব পৰা হ’লে তেওঁক গায়ে-মূৰে হাত ফুৰাই দিলেহেঁতেন কিজানি ৷ সৰুতে এবাৰ তেওঁৰ খুব জৰ হৈছিল আৰু তিনি দিন মানলৈ ভাল হোৱা নাছিল ৷ সেই কেইদিন মাকে তেওঁৰ লগতেই লাগি আছিল; নিশা মাকে তেওঁৰ বিচনাতেই বহি তেওঁক ৰখি থাকিছিল ৷ খিৰিকিখন খুলি দিব পাৰিলেও তেওঁ ভাল পালেহেঁতেন ৷ কিন্তু তাতো বিপদ আছে ৷ বতাহ সোমাই আহি তেওঁৰ অৱস্থাটো আৰু অধিক কাহিল কৰি তুলিব পাৰে ৷ ওচৰৰ মেজখনত ঔষধ-পাতিবোৰ ৷ দুটামান বটল আৰু টেবলেট এসোপা ৷ আগতে সেইবোৰলৈ চালে তেওঁ উৎসাহ এটা অনুভৱ কৰিছিল ৷ সেইবোৰে যেন তেওঁক নিচুকনি গীত শুনাই শুনাই যুঁজখন চলাই যাবলৈ কৈ থাকিছিল ৷ তেওঁ এদিন আকৌ আগৰ দৰেই খোজ কাঢ়ি ফুৰিব পৰা কৰ্মঠ মানুহজন হৈ পৰিব বুলি সেইবোৰে তেওঁক আশান্বিত কৰি ৰাখিছিল ৷ কিন্তু এতিয়া ভাল হোৱাৰ আশাটো লাহে লাহে মৰি আহিছে ৷ ঔষধবোৰৰ বটল আৰু পেকেটবোৰে তেওঁৰ মনটো আৰু সবল কৰি নোতোলে আজি-কালি ৷ তেওঁ কিন্তু ঔষধবোৰ নিয়মমতে খাবলৈ কেতিয়াও নাপাহৰে ৷ মাত্ৰ তেওঁৰ এই নিয়মীয়া স্বভাৱটোৱে ঘৰৰ আনবোৰক প্ৰায়ে বিৰক্ত কৰে ; আধা পংগু মানুহজনক ঔষধ-পাতি, চাহ-ভাত সময় মতে দিবলৈ সকলোৰে সময়ৰ বৰ অভাৱ কাৰণেই ৷
পুতেকৰ গাড়ীৰ শব্দৰ পৰা নৰকান্তই গম পালে সি দোকানলৈ গ’ল ।
অলপ পাছত মুনু স্কুলৰ ইউনিফৰ্ম পিন্ধি সোমাই আহিল কোঠাটোলৈ । “ককা, মই স্কুললৈ যাওঁ । ভালকৈ থাকিবা দেই ।”
নৰকান্তই হাঁহিলে । মুনুৱে স্কুললৈ বা বেলেগ ক’ৰবালৈ গ’লেও ককাকক মাত লগাই যায় । বেলেগ কোনেও এতিয়া আৰু সেইটোৰ প্ৰয়োজন অনুভৱ নকৰে ।
এটা সময়ত সেইদিনাৰ গুৰুত্বপূৰ্ণ অতিথি বৰুণ দত্তৰ আগমন ঘটিল ৷ ঘৰটো এটা আন্দোলনেৰে কঁপি উঠিল ৷ সেই আন্দোলন নৰকান্তৰ সেমেকা কোঠাটোতো অনুভূত হ’ল ৷ তেৱোঁ উৎকৰ্ণ হৈ শুনিবলৈ চেষ্টা কৰিলে বৰুণ দত্তৰ মুখৰ পৰা নিসৃত তাত্বিক সত্যবোৰ ৷ তেওঁ আগতে ধৰ্ম সম্পৰ্কীয় কথা-বতৰাৰ আলোচনা, যুক্তি-তৰ্ক আদিত ভাগ লৈ বৰ ভাল পাইছিল ৷ ওচৰ-চুবুৰীয়াৰ ঘৰত হোৱা নাম-প্ৰসংগ, শাস্ত্ৰপাঠ আদি তেওঁ পাৰিলে বাদেই নিদিছিল ৷ অসুখটোৱেহে সেই সকলোবোৰৰ মুদা মাৰিলে ৷
ফুলাম গামোচা পাৰি থোৱা চোফা এখনত বৰুণ দত্তই বহিছিল ৷ ধুপ-ধূনাৰ গোন্ধটো আৰু জ্বলি থকা চাকি এগছিয়ে ড্ৰয়িংৰুমটোৰ পৰিবেশটো গহীন আৰু আধ্যাত্মিক কৰি তুলিছিল ৷
“পৰলোকৰ তত্বটো বৰ আচৰিত ৷ ইহলোকৰ মানুহে সেইটো বুজা বৰ টান ৷” বৰুণ দত্তই স্মিত হাঁহি এটাৰে কৈছিল ৷
“হয় ৷ আপুনি বুজাই দিব আৰু ৷ আমি মূৰ্খ মানুহ ৷” মনোমতীয়ে ভক্তিভৰা সুৰেৰে কৈছিল ৷
বৰুণ দত্তই মৃদুকৈ হাঁহি কৈছিল, “আপোনালোকে মনত ৰাখিব লাগিব এটা কথা ৷ বৰ গুৰুত্বপূৰ্ণ এটা কথা ৷” তেওঁ মনোমতী আৰু ৰীণাৰ মুখলৈ চাই অলপ সময় ৰৈছিল ৷ সিহঁত দুটাই একো বুজিব পৰা নাছিল ৷
“কওকচোন কি কথা ৷ আমাৰ জীৱনটো এনেই গ’ল দিয়ক ৷ আমি অজ্ঞানী ৷” মনোমতীয়ে হাতযোৰ কৰিছিল ৷
“হয়, বৰ অজ্ঞানী আমি ৷” বোৱাৰীয়েকেও যোগ দিছিল ৷
“এটা কথা হ’ল বুজি পোৱা । এটা কথা হ’ল উপলব্ধি কৰা । দুয়োটাই বেলেগ বেলেগ ।” দত্তই এটা গভীৰ ৰহস্যময় সত্য ব্যক্ত কৰাৰ সুৰ এটাৰে ক’লে ।
শ্ৰোতা দুয়োগৰাকীয়ে একো বুজা নাছিল যদিও এনেয়ে লাহে লাহে মূৰ দুপিয়াইছিল ।
“মই আপোনালোকক পৰম সত্যবোৰ বুজিবলৈহে সহায় কৰিব পাৰোঁ । কিন্তু …৷” দত্তই দুয়োগৰাকী ভক্তিৰসত ডুব যোৱা শ্ৰোতাৰ মুখলৈ নাটকীয় প্ৰশ্নবোধক চাৱনি এটাৰে চাই ৰৈছিল ।
“কিন্তু কি ?” অসহায়ভাৱে মনোমতীয়ে সৰু সৰুকৈ কৈছিল ।
“কিন্তু … !” দত্তই আৰম্ভ কৰিয়েই আকৌ পাঁচ চেকেণ্ডলৈ নীৰৱ হ’ল । “কিন্তু উপলব্ধি আপোনাৰ। আপুনি কৰিব লাগিব উপলব্ধি । তাৰ কাৰণে মন হ’ব লাগিব শুদ্ধ । বিশ্বাস হ’ব লাগিব গভীৰ ।”
লাহে লাহে নিজৰ জ্ঞানশূন্যতাৰ বিষয়ে সম্পূৰ্ণ নিঃসন্দেহ হৈ অহা শাহুৱেক-বোৱাৰীয়েকে ভক্তিভাৱেৰে বৰুণ দত্তৰ বাণীসমূহ শ্ৰৱণ কৰিবলৈ ধৰিলে ৷
টংকৈ পুৰণি দেৱাল ঘড়ীটোৱে কোব এটা মাৰিলে ৷
“অ’ মোক পানী এক গিলাচ নিদিয়া নেকি আজি কোনেও ? টেবলেট এটা খাব লাগে দেখোন ।” প্ৰায় একে সময়তে নৰকান্তৰ মুখৰ পৰা চিঞৰটো ওলাই আহিছিল ৷
বৰুণ দত্তই আত্ম-উপলব্ধি কেনেকৈ কৰিব পাৰি সেই বিষয়ে ব্যাখ্যা কৰি আছিল ৷ নৰকান্তৰ চিঞৰটোৱে তাৰ ছন্দপতন ঘটালে ৷ প্ৰশ্নবোধক দৃষ্টিৰে তেওঁ শ্ৰোতা দুগৰাকীলৈ চালে ৷ দুয়োৰে, বিশেষকৈ মনোমতীৰ বৰ খং উঠিছিল ৷
“আমাৰ দেউতাৰ অসুখ ৷” ৰীণাই সৰুকৈ ক’লে ৷
“হ’ব, হ’ব ৷ তেওঁক চাই আহকচোন এবাৰ ৷ মই অলপ ৰৈছোঁ ৷” দত্তৰ মাতৰ সামান্য বিৰক্তিখিনি মনোমতী আৰু বোৱাৰীয়েকে ঠিকেই ধৰিব পাৰিছিল ৷
“মানুহটোক পানী এগিলাচ দি আহোঁ ৰ’ব মই ৷” মনোমতী বহাৰ পৰা উঠিছিল ৷ তেওঁ জানে গিৰিয়েকে পানী গিলাচ নোপোৱালৈকে তেনেকৈয়ে চিঞৰি থাকিব ৷ মানুহজনৰ ধৰ্ম-কৰ্মত একেবাৰে ৰাপ নোহোৱা হৈছে বহু দিনৰ পৰা ৷ এনেদৰে ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি দিয়া কামটো এই বেমাৰীটোৱে কৰিয়েই থাকে ৷
“আপুনি এক দিনো নিচিঞৰাকৈয়ে থাকিব নোৱাৰেনে ? ইমান ডাঙৰ মানুহ এজন আহিছে ঘৰলৈ ৷ এই বেমাৰীটোৰ পানী গিলাচহে ডাঙৰ হ’ল ৷ সমাজত আমাৰ নাক-কাণ কটাইহে এৰিব আপুনি ৷” পানী গিলাচ বিছনাৰ ওচৰৰ মেজখনত থৈ দাঁত কামুৰি কামুৰি সৰু সৰুকৈ মনোমতীয়ে কৈছিল ৷
মানুহজনে ঘৈণীয়েকৰ কিয় খং উঠিব লগা হ’ল বুজিব পৰা নাছিল ৷ তেওঁ চকু দুটা বহলকৈ মেলি ঘৈণীয়েকৰ মুখৰ ফালে চাইছিল ৷
“তেনেকৈ ফেলফেলকৈ চাই থাকিব নেলাগে, বেমাৰী মানুহ ৷ আৰু কিন্তু এনেদৰে নিচিঞৰিব, কৈ দিছোঁ মই ৷” মনোমতীৰ খংটো বাঢ়ি গৈছিল ৷
নৰকান্তৰ দপকৈ জ্বলি উঠা চকু দুটালৈ অকণো গুৰুত্ব নিদিয়াকৈ মনোমতীয়ে কোঠাটোৰ পৰা ওলাই গ’ল ৷ এসময়ৰ খুব খঙাল নৰকান্তৰ এতিয়াও মাজে মাজে খং উঠে ৷ কিন্তু তেওঁ বৰ্তমান এজন ভূলুণ্ঠিত ৰজা যাৰ খং-ৰাগবোৰ এতিয়া দাঁত-ভগা সাপৰ ফোচফোচনি মাত্ৰ ; কোনেও একো খাতিৰ নকৰে ।
ইফালে আকৌ আধ্যাত্মিক ব্যাখ্যা আৰম্ভ হ’ল ।
কিছু সময়ৰ পাছত, “আপোনাৰ স্থিতপ্ৰজ্ঞ আত্মাৰ একো লক্ষণেই নাই দিয়ক ।” বৰুণ দত্তই অলপ খঙেৰেই মনোমতীৰ ফালে চাই ঘোষণা কৰিলে ।
মৃত্যুদণ্ডৰ আজ্ঞা শুনা মানুহৰ দৰে মনোমতী মৰহি গ’ল । হাতযোৰ কৰি তেওঁ অনুনয়ৰ ভংগীত দত্তৰ মুখলৈ চাই ৰ’ল । ধৰ্ম-কৰ্ম সম্পৰ্কে নিস্পৃহ হৈ অহা গিৰিয়েকে মুক্তি পাই সৰগলৈ যাব নে নৰকলৈ যাব, যদি গিৰিয়েক নৰকলৈ যায় তেনেহ’লে তেওঁৰ নিজৰ সৰগত থাকি কেনেকৈ ভাল লাগিব – সেই কথাটো তেওঁ সুধিছিল ৷ তাতেই বোধহয় দত্তৰ খং উঠি গ’ল ।
“আপুুনি কোন ?” দত্তই গম্ভীৰভাৱে সুধিলে ৷
“মই মনোমতী ৷ … মনোমতী বালা ঠাকুৰীয়া ৷” সেপ ঢুকি মনোমতীয়ে উত্তৰ দিলে ৷
“সেইটোৱেইতো ভুল ৷ আপুনি এটি আত্মা ৷ আপুনি নিজক চিনি পাব লাগিব, নিজৰ আত্মাক চিনি পাব লাগিব ৷ আত্মা অলৌকিক, অবিনশ্বৰ ৷ মনোমতী ঠাকুৰীয়া আপোনাৰ ক্ষণস্থায়ী পৰিচয় মাত্ৰ ৷ আপুনি অলৌকিক আত্মা ৷ কিন্তু লৌকিকতাৰ মোহে আপোনালোকক অলৌকিকতাৰ জ্যোতিৰ পৰা বঞ্চিত কৰি ৰাখিছে ৷”
মনোমতী আৰু বোৱাৰীয়েক আধ্যাত্মিক তত্বৰ কঠিনতা সম্পৰ্কে আৰু অধিক নিশ্চিত হৈছিল ইতিমধ্যে ৷
দত্তৰ লৌকিকতা-অলৌকিকতাৰ ওপৰত সুগভীৰ বক্তৃতা আৰু কিছু সময় চলিল ৷
এটা সময়ত শাহুৱেক বোৱাৰীয়েকে দৈ-চিৰা, ফল, মিঠাই, পায়স বৰুণ দত্তক পৰিবেশন কৰিলে ৷
উপাদেয় ভোজনে মানুহজনক কোমলাই আনিছিল ৷ খোৱাৰ পাছত তেওঁ কোমল, মোলায়েম সুৰত ঘোষণা কৰিলে, “আপোনালোকে পাৰিব ৷ মই একেবাৰে নিশ্চিত ৷ প্ৰথমতে অলপ ভুল হ’বই ৷ কিন্তু হীৰাখণ্ডতো এদিন চমকি উঠিবই ৷”
কথাষাৰে দুুয়োগৰাকী শ্ৰোতাকে কিছু সকাহ দিলে ৷ নহ’লে নিজকে নৰকমুখী বুলি তেওঁলোকৰ বিশ্বাস হৈছিলেই ৷ কিন্তু সেই শুভ মুহূৰ্ততেই আকৌ নৰকান্তৰ কেঁকনিৰ শব্দ ভাহি আহিল ৷ তেওঁ হয়তো বিছনাত বহিবলৈ চেষ্টা কৰিছিল ৷
“কি অসুখ হৈছে তেখেতৰ ?” দত্তই সুধিলে ৷
মনোমতীয়ে এটা বিস্তাৰিত বিবৰণ দিলে ৷
“বুজিলোঁ । আচলতে কি জানে ?” দত্তই আৰম্ভ কৰিছিল ৷ “যেনেকৈ সকলোৰে অহাৰ এটা সময় থাকে, তেনেকৈ যোৱাৰো এটা সময় থাকে ৷ অহাটো যেনেকৈ মংগলময় আৰু আনন্দৰ, তেনেকৈ যোৱাটোও মংগলময় আৰু আনন্দৰ হ’ব লাগে ৷ তেখেত যোৱাটোৱেই ভাল হ’ব ৷”
“কোনে যাব ? ক’লৈ যাব ? অহ্ …!” কথাখিনি বুজিবলৈ এটা মুহূৰ্তৰ প্ৰয়োজন হৈছিল মনোমতীৰ ৷ আৰু সেই সত্যটোৱে তেওঁৰ বুকুৰ কোনোবা এঠাইত কাঁড় এডালৰ দৰে বিন্ধিলেগৈ ৷ আজিৰ শয্যাশায়ী অথৰ্ব মানুহজনৰ লগত সুখে-দুখে আঢ়ৈ কুৰি বছৰ পাৰ কৰিলে তেওঁ ৷ অলেখ মান-অভিমান, ঠেহ-পেচ, হাঁহি-কান্দোন, দন-খৰিয়ালৰ স্মৃতি বিজড়িত সূতা কিছুমানে দুয়োজনকে একেলগে এতিয়াও মেৰাই ৰাখিছে ৷ সেই সূতাবোৰ ছিগি যোৱা কথাটো তেওঁ ভাবিবই নোৱাৰে ৷ বেমাৰী হ’লেও মানুহজনে ঘৰখন এতিয়াও ভৰাই ৰাখিছে, যাৰ অবিহনে ঘৰখনত কেবল শূন্যতাৰে ভৰি পৰিব আৰু সেই সৰ্বগ্ৰাসী শূন্যতাৰ মুখামুখি হোৱাৰ সাহস এতিয়াও হোৱা নাই মনোমতীৰ ৷
কেই চেকেণ্ডমানৰ স্তব্ধতা ভাঙি ৰীণাই ক’লে, “আমি তেনেকৈ ভবা নাই ৷ দেউতা নহ’লে ঘৰখন শুদা শুদা লাগিব নহয় ৷ তেওঁ আকৌ ভাল হ’ব ৷ তেওঁ থাকিলেই আমাৰ ভাল লাগি থাকিব ৷”
“কিন্তু তেখেতে জানো কষ্ট খাই থকা নাই ? আপোনালোকৰ ভাল লাগিব কাৰণেই তেখেতে কষ্ট খাই থাকিব লাগিব জানো ? আৰু কথাবোৰ আমি ভবা মতেইতো নহয় ৷ ঈশ্বৰে যি বিচাৰে সেইটোহে হ’ব ৷ ঈশ্বৰৰ ইচ্ছাৰ ওচৰত আত্ম-সমৰ্পণেই আমাৰ লক্ষ্য ৷ সেই কাৰণেই কৈছোঁ, ঈশ্বৰে তেখেতক দয়া কৰক, তেখেতক সোনকালে নিজৰ ওচৰলৈ লৈ যাওক ৷”
দত্তই এই পৃথিৱীৰ জীৱনৰ অনিত্যতা আৰু অসাৰতা সম্পৰ্কেও কিছু পাণ্ডিত্যপূৰ্ণ ব্যাখ্যা আগবঢ়াইছিল ৷
কথাবোৰ নৰকান্তৰ কাণতো পৰিছিল ৷ আজি-কালি বহুতেই তেওঁ মৰিলেই ভাল হ’ব বুলি ঘৰৰ আনসকলৰ আগত কোৱাটো তেওঁ শুনিবলৈ পায় ৷ তেতিয়া তেওঁৰ মনটো সেমেকি যায় ৷ নিজৰ শোচনীয় শাৰীৰিক অৱস্থাটোৰ কথাটো তেওঁ জানে ৷ যোৱাৰ দিনটো ওচৰ চাপি আহিছে বুলিও তেওঁ জানে ৷ তথাপিতো এতিয়াও তেওঁ জীৱনটোক ভাল পায় ৷ মৰিম বুলি তেওঁ ভয় কৰি থকা নাই ; কিন্তু মৃত্যুৰ ওচৰত আত্মসমৰ্পণ কৰিব খোজা মানুহো তেওঁ নহয় ৷ শেষলৈকে যুঁজখন চলাই যোৱাৰ মন তেওঁৰ ৷ কিন্তু আন সকলোৱেই যেন তেওঁৰ প্ৰতি সকলো আশা এৰি দিছে ৷ তেওঁৰ বিছনাখন ঘামেৰ সোট-মোচ খাই ভাগৰি পৰাৰ আজি বহু বছৰ হ’ল ৷ তেওঁৰ যন্ত্ৰণাকাতৰ চিঞৰবোৰে ঘৰৰ মানুহবোৰক, ওচৰ-চুবৰীয়াসকলক বিৰক্ত কৰি তোলে বুলি তেওঁ ভালকৈয়ে বুজিব পাৰে ৷
এটা হতাশাভৰা শূন্যতাই নৰকান্তৰ বুকুখন খামুচি ধৰে ৷ কোঠাটোৰ বাহিৰৰ জগতখনৰ কোলাহলৰ মাজত সকলোৱে তেওঁৰ অস্তিত্বও প্ৰায় পাহৰি পেলাইছে ৷ এতিয়া তেওঁৰ পুৰণিকলীয়া কথাবোৰ শুনিবলৈ ওচৰত কোনেও আগ্ৰহেৰে নবহে ৷ শুকান, ভাবলেশহীন বেৰ কেইখনত খুন্দা খাই তেওঁ কোৱা কথাবোৰ প্ৰায়েই তেওঁলৈকে ঘূৰি আহে ৷ তেওঁৰ বুকুখন কিবা এটা হেৰোৱাৰ চিঞৰে খান্দি নিয়ে যেতিয়া তেওঁ উপলব্ধি কৰে – সকলোৰে বাবে তেওঁৰ বিদায়ৰ দৰে শুভ যেন আৰু একোৱেই নাই ৷
মনোমতী আৰু বোৱাৰীয়েকে বিচৰা নাছিল যদিও বিদায় লোৱাৰ আগতে বৰুণ দত্তই মানুহজনক চাবলৈ তেওঁৰ ওচৰলৈ গ’ল । প্ৰস্ৰাৱ আৰু ঘামৰ সেমেকা গোন্ধ আৰু কোঠাটোৰ অপৰিপাটী, লেতেৰা পৰিবেশটোৱে শাহুৱেক আৰু বোৱাৰীয়েক দুয়োকে বৰ লজ্জিত কৰিছিল ।
নৰকান্তৰ মুখখন উজলি উঠিছিল ৷ বাওঁহাতখন ভালকৈ পোন কৰিব নোৱৰা কাৰণে কেৱল সোঁহাতখনেৰে তেওঁ প্ৰতি নমস্কাৰ জনাইছিল ৷
“ভালে আছে নহয় ৷ মোক আপুনি চিনি নাপায় কিজানি ৷” স্মিত হাঁহি এটাৰে বৰুণ দত্তই কৈছিল ৷
বোৱাৰীয়েকে দত্তৰ চমু পৰিচয় এটা দাঙি ধৰিলে ৷ মনোমতীয়ে আঁৰ চকুৰে দত্তৰ মুখলৈ চাইছিল ৷ তেওঁৰ ভয় আছিল কোঠাটোৰ লেতেৰা পৰিবেশটোৰ বাবে মানুহজনৰ মনলৈ ঘিণ ভাব এটা আহিব পাৰে ৷ তাৰ কোনো চিন অৱশ্যে দত্তৰ মুখত দেখা নগ’ল ৷
“আছোঁ, আছোঁ মই ভালেই ৷” নৰকান্তই আস্তব্যস্ত হৈ ক’লে ৷ ঘৈণীয়েক আৰু বোৱাৰীয়েকৰ ফালে চাই পৰম হাবিয়াসেৰে তেওঁ ক’লে, “চকী এখন, চকী এখন লৈ আহাঁ ইয়ালৈকে ৷” বহুদিনৰ পাছত এজন অচিনাকি আৰু দত্তৰ দৰে ধাৰ্মিক মানুহৰ লগত কথা পাতিব পাৰিব বুলি তেওঁৰ মনটো হেঁপাহেৰে পোহৰ হৈ আহিছিল ৷
“নালাগে দিয়ক । বৰ কষ্ট হৈছে আপোনাৰ !” দত্তই সহানুভূতিৰে কৈছিল ।
“বেমাৰীটোৰ লগতে আমাৰো বৰ কষ্ট হৈ আছে ৷“ মনোমতীয়ে মানুহজনৰ লগত ভুগিবলগীয়া হোৱা তেওঁলোকৰ দুখ-কষ্টৰ দুই মিনিটীয়া বিবৰণ এটা দিছিল ৷
“মই বহুত ভাল পাইছোঁ দিয়ক ৷ চাওকচোন ৷“, নৰকান্তই বাওঁহাতখন ওপৰলৈ দাঙি পোন কৰি ক’লে, “আগতে মই হাতখন চিধা কৰিবই পৰা নাছিলোঁ ৷”
হাতখন মুঠি মাৰি লৈ তেওঁ ক’লে, “আৰু চাওকচোন, মই মুঠিটো টানকৈয়ে মাৰিব পাৰোঁ ৷”
এইবাৰ তেওঁ বাওঁ ভৰিখন অলপ ওপৰলৈ দাঙি কৈছিল, “আগতে মই এই ভৰিখন লৰাবই পৰা নাছিলোঁ ৷”
নৰকান্তকৈ আগতকৈ কি কি কৰিব পৰা হ’ল তাৰে বৰ্ণনা কৰাত লাগি গৈছিল আপোনমনে ৷ বৰুণ দত্তই তেওঁৰ কথাবোৰত মন নিদিয়াটো তেওঁ ধৰিব পৰা নাছিল ৷
“আচলতে একো ভাল হোৱা নাই ৷”, মনোমতীয়ে প্ৰায় ফুচফুচাই দত্তলৈ চাই কৈছিল ৷ “যোৱা বছৰতকৈ বেমাৰীটোৰ অৱস্থা বেছিহে বেয়া হৈছে দিয়ক ৷ আমাকো দিগদাৰ বেছিকৈ কৰে এতিয়া ৷”
“সেই কাৰণেইতো মই কৈছোঁ আপোনালোকক … !” মৃদু হাঁহি এটাৰে দত্তই ক’লে ৷ নৰকান্তই দুয়োখন হাত ওপৰলৈ তুলি আৰু কিবা এটা সক্ষমতাৰ প্ৰমাণ দিবলৈ চেষ্টা কৰি আছিল ৷ তেওঁলৈ চাই দত্তই আকৌ ক’লে, “যি হয় ভালেই হ’ব দিয়ক ৷”
ওপৰলৈ ইংগিত কৰি দত্তই আকৌ ক’লে, “সকলো তেওঁৰেই ইচ্ছা আৰু ৷ আমাৰ হাততনো কি আছে ?”
“ভালে থাকক, কুশলে থাকক ৷ আহিছোঁ ৷” দত্তই আকৌ নমস্কাৰ কৰি বিদায় ল’ব খুজিছিল ৷
“কিয় ? বহক, বহকচোন ৷ অলপ সময়হে ৷” নৰকান্তই আশাভংগ হোৱা মানুহৰ দৰে চিঞৰি উঠিছিল ৷ ঘৈণীয়েকলৈ চাই তেওঁ অলপ ডাবি মাৰিয়েই কৈছিল, “নানা কিয় চকী এখন ? কি কৰি আছা ?“
নৰকান্তৰ সকলো অনুৰোধ উপেক্ষা কৰি দত্ত যাবলৈ ওলাইছিল ৷
“আশীৰ্বাদ কৰিব প্ৰভু ৷” নৰকান্তই সোঁহাতখনেৰে নমস্কাৰ জনাই হতাশভাৱেৰে কৈছিল ৷
“আশীৰ্বাদ আপুনিহে আমাক দিব লাগিব ৷ ভালে থাকক ৷ ঈশ্বৰে কৃপা কৰক ৷” স্মিত হাঁহিটোৰে দত্তই কৈ গৈছিল ৷
আৰু তেওঁলোক যোৱাৰ পাছত নৰকান্তৰ কোঠাটো আকৌ এটা উৎসাহহীন, নিৰানন্দৰে ভৰা বাকচলৈ ৰূপান্তৰিত হৈছিল ৷
সেইদিনা সন্ধিয়া মনোমতীয়ে ডাইনিং ৰুমত পুতেক-বোৱাৰীয়েকৰ লগত বহি চাহ খাইছিল ৷ মুনুৱে কোনোবা অদৃশ্য শত্ৰুক ভাবুকি দি মাজে মাজে “ধিছুম ধিছুম”কৈ পিটন দি আছিল ৷
“কি কৈ গ’ল জানানে মানুহজনে ?” মনোমতীয়ে হঠাতে গহীন হৈ পৰি কৈছিল ৷
“কি ?” মুকুলে মাকলৈ চাই সুধিছিল ৷
“দেউতাৰা গ’লেই ভাল হয় হেনো ৷”
“মানে, কি ক’লে ?” মুকুলে আকৌ সুধিছিল ৷
“শুনা, মই কওঁ ৷ তুমি আকৌ সব কথাত ইম’চনেল হৈ যোৱা ৷ দেউতাৰ অৱস্থাটো আমি জানো দেখি থকা নাই ?” ৰীণাই বৰ সৰু সৰুকৈ কৈছিল ৷
“দেখি আছোঁ ৷ তাতে কি হ’ল ?” মুকুলে মাতটো সৰু কৰা নাছিল ৷
“সেই কাৰণে দেউতা গ’লেই ভাল বুলি কৈছে তেওঁ ৷”
“মানে ?” মুকুলে যেন তেতিয়াও একো বুজিব পৰা নাছিল ৷
“দেউতাৰা মৰি যোৱাটোৱেই সকলোৰে কাৰণে, তেওঁৰ কাৰণেও ভাল বুলি কৈছে ৷ হয়ো দেচোন কথাটো ৷ ভাবি চালে … ৷ ” মনোমতীয়ে পুতেকৰ মুখলৈ নোচোৱাকৈ কৈছিল ৷
“ঘুচিয়াই মুখ ভাঙি দিম মই তাৰ ৷ ঘোচা মাৰি দিম ৷” মুনুৱে হঠাতে অলপ ডাঙৰকৈয়ে চিঞৰ এটা মাৰিছিল যাৰ কাৰণে মাকৰ কথাখিনি মুকুলে ভালকৈ শুনা নাছিল ৷
“কোৱাঁচোন কথাটো ৷ মই বুজা নাই ৷” মুকুলে কৈছিল ৷
“দেউতাৰাই বৰ কষ্ট খাই আছে ৷ লগতে আমাৰো কষ্ট হৈছে ৷ ওচৰৰ মানুহ কেইঘৰৰো কষ্ট হৈছে ৷ সেই কাৰণেই তেওঁ কৈছে – দেউতাৰা মৰিলেই ভাল হ’ব, সকলোৰে ৷… ৷ তেওঁৰো ৷” মনোমতীয়ে এইবাৰ পুতেকৰ মুখলৈ চায়ে কৈছিল ৷
লগে লগেই মুনুৰ আকৌ চিঞৰ, “ঘুচিয়াই ঘুচিয়াই নাক ভাঙিম মই তাৰ ৷ বৰ বদমাচ মানুহ ! আমাৰ ককাক মৰিবলৈ কয় !”
তেতিয়াহে কিবা এটা অশুভ আশংকাত মনোমতীৰ মনটো চেবাইছিল ৷ “কি কৈছা মুনু ? কাক মাৰিবা তুমি ?”
“সেই মানুহটোক মাৰিম ৷ আমাৰ ককাক মৰিবলৈ কয় ৷ ইম্মান বদমাচ মানুহ ! মই তাক … ৷” মুনুৱে ঘোচা দেখুৱাই খঙেৰে কৈছিল । তাৰ মাতটো কান্দো কান্দো হৈছিল ৷
শাহুৱেক-বোৱাৰীয়েক দুয়োৰে মুখ মেল খাই গৈছিল আৰু চকু ডাঙৰ ডাঙৰ হৈ পৰিছিল – ইমান অশুভ কথা ল’ৰাটোৰ মুখত ! ভগৱানে এতিয়া কি কৰিব তাৰ ? সৰ্বনাশ হ’ব দেখোন এতিয়া ল’ৰাটোৰ ! হে দয়াময় !
মুনুৱে ঘোচা দেখুৱাই খঙেৰে তিনিওলৈ চাই আছিল ৷
“তুমি কি কৈছা এইবিলাক ? ক’ত শিকিছা এই বেয়া কথাবোৰ ? ডাঙৰ মানুহক এনেকৈ ক’বলৈ পায় নেকি ? বৰ বেয়া কথা, বৰ বেয়া কথা ৷” মুকুলে মুনুলৈ চাই ডাবি মাৰি কৈছিল ৷
“আমাৰ ককাও দেখোন ডাঙৰ মানুহ ৷ ককাক কিয় মৰি যাবলৈ কৈছে মানুহটোৱে ? সেইটো বেয়া কথা নহয় নেকি ?”
মুনুৰ খং, দুখ আৰু ভয়েৰে ভৰি থকা মুখখনলৈ বাকী তিনিওজনে মনে মনে চাই ৰৈছিল ৷
ফোনঃ ৮৭৬২২-২৬৩৪৮
Comments are closed, but trackbacks and pingbacks are open.