শেষ প্ৰহৰৰ ৰং

74

গায়ত্ৰী প্ৰান্তিক শৰ্মা

“তোমাক স্পৰ্শ কৰা পুৰুষ মোৰ শত্ৰু”

শুবলৈ বুলি আঁঠুৱাখন খোঁচোতেই হঠাৎ মোবাইলত অহা মেছেজটোত ৰৈ গ’লো মই। তেনেকৈয়ে অলপসময় মেছেজটো চাই লাহেকৈ ডাটা অফ কৰি গাৰুত মূৰ ৰাখিলো। মই জানো ডাটা অফ কৰাৰে পৰা এতিয়ালৈকে এই পাঁচ মিনিট সময়ত কমেও আৰু সাতটা মেছেজ সোমাইছেহি মোৰ ৱাটছ এপত। আৰু প্ৰতিটো মেছেজৰ এডাল টিকৰ পিছতে অধৈৰ্য হৈ উঠিছে তেওঁ। কিবা এটা ৰিপ্লাই দিবলৈ বুলি মোবাইলটো খোলোতেই হঠাৎ অনিৰ্বাণৰ সোহাঁতখনে মোৰ পেটত স্পৰ্শ কৰিলেহি। অনিৰ্বাণৰ দুভৰি মোৰ চেঁচা ভৰিত লগাত বিৰবিৰাই উঠিল টোপনিতে।

: এই ঠাণ্ডা হাত ভৰিবোৰ গৰম কৰি আহিবলৈ কিমান ক’ম উন্মনা। তুমিতো জানা লেপৰ তলত এই ঠাণ্ডা ভৰি মোৰ কিমান অপছন্দ।

সেই বিৰবিৰনিত আছিল প্ৰচণ্ড ৰুক্ষতা। যি ৰুক্ষতাৰ আগত একো কোৱা নাযায়। কোৱা নাযায় যে তেওঁ লেপৰ তলত সোমাই অন্য নাৰীলৈ মেছেজ কৰাৰ মুহূৰ্তত যে জানুৱাৰী মাহৰ এই প্ৰচণ্ড ঠাণ্ডাত মই ধুই আছিলোঁ তেওঁ খাই তেনেকৈয়ে এৰি অহা বাচনবোৰ।

তেওঁ অন্য নাৰীৰ দেহৰ ভূগোলৰ বুজ লোৱাৰ সময়ত যে মই ৰাতিয়েই যোগাৰ কৰি আছিলোঁ তেওঁৰ বাবে পুৱাৰ আহাৰৰ। যাতে মোৰ বাবে কোনো কাৰণতে অফিচলৈ দেৰি নহয় তেওঁৰ।

কিন্তু প্ৰতিদিনৰ দৰে আজিও তেওঁক একো নক’লো মই। আজি চাৰি বছৰে একোৱেইতো কোৱা নাই। আনদিনা হোৱা হ’লে অন্ততঃ তেওঁৰ খং নুঠক বুলিয়েই মই দৌৰি গৈ হিটাৰৰ চুইটছ অন কৰি ভৰি সেকিলোঁহেতেঁন। বাচন ধুই শেঙেতা পৰি থকা বৰফ চেঁচা হাত দুখন গৰম কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলোঁহেঁতেন। চকুপানীৰে বুকুৰ ভিতৰ চেঁচা হৈ থকাৰ পিছতো শৰীৰৰ উমেৰে উমাল কৰিলোহেঁতেন অনিৰ্বাণৰ শৰীৰ। ঈশ্বৰক প্ৰাৰ্থনা কৰিলোঁহেঁতেন ‘অনিৰ্বাণৰ খং নুঠাবা প্ৰভু’

কিন্তু আজি মই উঠি নগ’লো।

কেৱল জানো আজিয়েই! প্ৰায় ছমাহৰ আগতে ৰাতি মেচেঞ্জাৰত অহা মেছেজটোৰ পিছৰে পৰা মানুহজনী দেখোন সলনি হ’বলৈ লৈছোঁ। ভীষণ স্বাৰ্থপৰ। কেৱল নিজক ভালপোৱা এজনী মানুহ। সেইদিনা আছিল মোৰ জন্মদিন। ৰাতি বাৰ বজাত আহিছিল এটা মেছেজ

: হেপী বাৰ্থদে’ উন্মনা। যোৱা বছৰবোৰত কেতিয়াও নোপোৱা বিশেষ কিবা এটাই এইবছৰ বুকুত ঘৰ সাজক তোমাৰ।

কি আছিল সেয়া!

সেয়া কেৱল জন্মদিনৰ শুভেচ্ছাবাণীয়েই আছিল নে!

এটা শুভেচ্ছাবাণীয়ে এনেকৈ জানো জোকাৰি যাব পাৰে মানুহক!

মেছেজটোৱে মোক বাধ্য কৰাইছিল তেওঁৰ ফেইচবুক প্ৰফাইল খুচৰিবলৈ। এটাৰ পিছত এটা পোষ্ট চাই প্ৰায় এঘণ্টা মই তেওঁৰ প্ৰফাইলতে থাকিলোঁ। এটা সময়ত আকৌ এটা মেছেজ আহিল

: মেছেজ চিন কৰিলা। সেউজীয়া লাইতো জ্বলি আছে। তথাপি ৰিপ্লাই নাই। কোনো কথা নাই উন্মনা দুৱৰা। এটা প্ৰতিমেছেজৰ আশাত মেছেজ কৰা মানুহ এই হিমান বৰকটকি যে নহয়েই। শুনা, এক বাজি তিনি মিনিট গ’ল। শুই থাকা। কাৰণ আগৰ প্ৰফাইল ফটোবোৰতকৈ সিদিনা সলোৱা ফটোকেইখনত চকুৰ তলত ক’লা দাগ পৰিছে। বোধহয় কিবা চিন্তাত আছা। নাই নাই ভয় নকৰিবা। মইহে ধৰিব পাৰিছোঁ। নাৰীৰ কাজলৰ তলৰ ক’লা দাগ সকলোৱে ধৰিব নোৱাৰে। আৰু যি ধৰিব পাৰে সেই পুৰুষ বিশেষ হয় উন্মনা।

কঁপি উঠিছিলোঁ মই।

কিমান দিন হ’ল মোৰ কাজল আৰু কনচিলাৰৰ তলৰ ক’লা দাগ অনিৰ্বাণে মণিব নোৱাৰা!

কিমান দিন হ’ল অনিৰ্বাণে মুগ্ধ দুচকুৰে চাই কৈ নুঠা- ‘ তোমাক ভালপাওঁ উন্মনা’।

সেই বিশেষ মেছেজটো অহাৰ সময়তো হাতত সুৰাৰ গ্লাছ লৈ বন্ধুৰ সৈতে আড্ডা জমাই আছিল তেওঁ। চিঞৰি চিঞৰি হাঁহিছিল বন্ধুৰ সৈতে। অথচ সন্মুখত বহি থকা মোক এবাৰো কোৱা নাছিল- ‘শুভ জন্মদিন সোণ। নতুন বছৰটো তোমাৰ বাবে বিশেষ হওক।’

মোৰ জন্মদিন পাহৰিছিল অনিৰ্বাণে।

সেই একেজন মানুহেই চাৰি বছৰৰ আগলৈকে অৰ্থাৎ বিয়াৰ আগত প্ৰতিটো জন্মদিন, নতুন বছৰত সকলোতকৈ আগত মোক ফোন কৰিছিল। প্ৰতিটো জন্মদিনত কৰিছিল হাজাৰটা পৰিকল্পনা। প্ৰতিবাৰে কৈ উঠিছিল

” বুজিছা উন্মনা, তোমাৰ জন্মদিনবোৰ বিশেষ হ’ব লাগিব। সেইটোৱেইতো দিন য’ত মই ঈশ্বৰক ধন্যবাদ জনাব পাৰোঁ তোমাক এই পৃথিৱীলৈ অনাৰ বাবে “

ইমান দূৰত থাকিও বৰ চিনাকি আছিল সেইজন মানুহ, কিন্তু আজি মোৰ কাষত শুই থাকিও যে তেওঁ শতযোজন দূৰ। কেতিয়াবা ভাৱ হয়, বিয়াই মোৰ জীৱনৰ চৰম ভুল সিদ্ধান্ত আছিল। বিয়া নোহোৱা হ’লে অন্ততঃ মই ভালপোৱা সেই মানুহজনে সমানে মোকো ভালপায় বুলি এটা মিছা ভ্ৰমততো মই থাকিব পৰিলোঁহেতেন! এটা ইলুজ‍্যন। যি ভ্ৰমে মোক জীয়াই ৰাখিলেহেঁতেন। অন্ততঃ উশাহ লৈ থকা মৃতদেহলৈতো পৰিৱৰ্তন নহ’লোহেঁতেন মই!

কেতিয়াও প্ৰেম ভিক্ষা কৰি পোৱা নাই মই। মই বৰকৈ বিশ্বাস কৰো-  যি প্ৰেম খুজি ল’বলগীয়া হয়, যি প্ৰেমৰ বাবে আঁচল পাতি ভিক্ষা কৰিবলগীয়া হয়, সেই ভালপোৱা কেতিয়াও সঁচা নহয়। কিয় জোৰকৈ কাষত ৰাখিব লাগে কাৰোবাক! যাবলৈ খোজা মানুহবোৰক যাবলৈকে দিব লাগে। তাৰ পিছতো যি আমাৰ হৈ ৰৈ যায় তেৱেঁইতো আপোন। সেয়াইতো প্ৰেম।

সেয়ে হয়তো আজি দুবছৰৰ আগৰে পৰা প্ৰতিটো অফিচ ট্ৰিপত তেওঁৰ লগত যোৱা কিংকিনী আৰু তেওঁৰ বিষয়ে সকলো জনাৰ পিছতো মই এবাৰলৈও প্ৰশ্ন কৰা নাই কিংকিনী কিম্বা অনিৰ্বাণক। মোৰ ঘৰৰ প্ৰতিটো পাৰ্টি তথা উৎসৱৰ মুহূৰ্তত তাইক দেখিও এবাৰো মই কোৱা নাই-

‘অনিৰ্বাণক কিয় লৈ গ’লা কিংকিনী? কিয় ধ্বংস কৰি পেলালা মোৰ সংসাৰখন। তুমিতো জানিছিলা তেওঁৰ বাহিৰে মোৰ কোনো নাই’

মোক কৰা অৱজ্ঞা, মোৰ কাষতে শুই তাইক কৰি থকা প্ৰতিটো অশ্লীল মেছেজ দেখিও মই সোধা নাই

‘ মোৰ কি ভুল আছিল অনিৰ্বাণ ? কি ভুলৰ এই শাস্তি পাইছোঁ মই ‘

কিন্তু কথাবোৰ যেন সলনি হৈছে। অনবৰতে বেয়া লাগি থকা মোৰ মনটো আজিকালি কিয় জানো এক অবুজ ভাললগাৰে উজ্জ্বলি থাকে। এদিন দুদিনকৈ প্ৰায় এসপ্তাহ হিমানৰ সৈতে মেচেঞ্জাৰত কথা পতাৰ পিছত এদিন আমি বিনিময় কৰিছিলোঁ ফোনৰ নম্বৰ আৰু অনিৰ্বাণ অফিচলৈ যোৱাৰ পিছত গোটেই দিনটো কথা পাতিছিলোঁ মই তেওঁৰ সৈতে। লাহে লাহে বাট নোচোৱা হৈছিলোঁ অনিৰ্বাণ অফিচৰ পৰা অহালৈ। বৰঞ্চ কেতিয়াবা আহিবলগীয়া সময়তকৈ অকণমান আগতে তেঁও আহি পালেও খং উঠা হৈছিল মোৰ।

কেনেকৈ যে প্ৰতি মুহূৰ্ততে অকলশৰীয়া মোক সংগ দিয়ে হিমানে।

“তুমি টোপনি যোৱা উন্মনা, মই সাৰে আছোঁ।”

অফিচ শেষ হোৱা পিছতো যেতিয়া বহুপৰলৈকে ঘৰ আহি নাপায় অনিৰ্বাণ, তেতিয়া এনেকৈয়েতো কয় হিমানে।

“ভিডিও কল কৰা উন্মনা, আমি একেলগে কথা পাতি পাতি ভাত খাম।”

অনিৰ্বাণৰ বাবে ৰৈ ৰৈ চেঁচা হোৱা ভাত আঞ্জা মই গৰম কৰি কত ৰাতি যে খাবলৈ বহিছোঁ হিমানৰ সৈতে।

কি যে এক সন্মোহিনী হিমানৰ মাজত। পুৰুষ নামৰ সত্বাৰ বাবে মোৰ বুকুত গজি উঠা ঘৃণনীয় সেই অৱয়ৱ কেনেকৈ যে মায়াবি শক্তিৰে মোহাৰি পেলাইছে হিমানে। আৰু মই বাধ্য হৈছোঁ স্বীকাৰ কৰিবলৈ-‘ সকলো পুৰুষ একেই নহয়।’

অনিৰ্বাণলৈ চালোঁ। শুই আছে তেওঁ। হাতৰ ফাঁকত মোবাইলটো এতিয়াও সোমাই ৰৈছে। লাহেকৈ তেওঁৰ মোবাইলটো মই আঁতৰাই থৈ নিজৰ মোবাইলৰ ডাটা অন কৰিলোঁ। খোলাৰ লগে লগে এসোপা মেছেজেৰে ভীৰ কৰিলেহি মোৰ ৱাটছ এপ। অনলাইন আছে হিমান। হয়তো বাট চাই আছে মোৰেই এটা মেছেজলৈ। মই মেছেজ চোৱাৰ লগে লগে আকৌ আহিল তেওঁৰ মেছেজ

: কথা আছে তোমাৰ সৈতে উন্মনা। পাৰিবা নে অলপ সময় মেছেজ কৰিব?

: কোৱা।

এটা শব্দৰে ৰিপ্লাই দিলোঁ মই।

: দেউতাৰ শৰীৰৰ অৱস্থা দিনে দিনে বেয়া হৈছে উন্মনা। মাঘতে মোৰ বিয়া পাতি দিবলৈ বিচাৰিছে। মই নোৱাৰো উন্মনা। এবাৰ কোৱা যে তুমি মোৰ। কেৱল মোৰ। এবাৰ কোৱা সোণ। মই একোলৈকে ভয় নকৰো। লৈ আনিম তোমাক। লৈ আনিম উন্মনা।

: কাৰ বাবে ভয় কৰা তুমি? কাৰ বাবে এতিয়াও বাট চাই ৰৈছা উন্মনা? জীৱন এটাই। কিয় ইমান কষ্ট পাবা তুমি? মোৰ হোৱা সোণ। মোৰ হোৱা।

বাৰে বাৰে মেছেজ কৰিছে হিমানে।

আকৌ বন্ধ কৰি দিলোঁ মোবাইলৰ ডাটা। তেনেকৈয়ে পৰি থাকিলোঁ ঘণ্টাৰ পিছত ঘন্টা। আজি কিছুদিন ধৰি কেৱল এটাই কথা হিমানৰ। আৰু তেওঁৰ এই প্ৰস্তাৱত প্ৰতিবাৰেই স্তব্ধ হৈ পৰোঁ মই। আজিলৈকে এবাৰ কোৱা নাই হিমানক ভাললগাৰ কথা। এবাৰো উচ্চাৰি উঠা নাই সেই পুৰুষে মোৰ জীৱন মৰিশালিত এজোপা তেজৰঙী গোলাপ ৰোৱাৰ কথা। কিন্তু মই জানো মোৰ জলন্ত চিতাৰ ছাই আঁতৰাই এটোপাল সঞ্জীৱনী ঢালি মোক যে জীয়াই তুলিলে তেৱেঁই।

কিন্তু মই নোকোৱাকৈয়ে হিমানে বুজি উঠে মোক। বুকুৰ ভিতৰৰ প্ৰতিটো কথা মই নোকোৱাকৈয়ে খান্দি বাহিৰ কৰি মোৰ সন্মুখত ৰাখি দিব পাৰে সেই পুৰুষে।

আঃ! ইমান অসহায়! ইমান অসহায়তো কেতিয়াও হোৱা নাই মই। মাজে মাজে অস্ফুট স্বৰেৰে উচুপি উঠিছোঁ। এপাকত লাহে লাহে স্পষ্ট হ’ল সেই অস্ফুট কান্দোন। এইবাৰ হিকটিয়াই হিকটিয়াই কান্দিবলৈ ধৰিলোঁ মই। দুৰ্ঘোৰ টোপনিৰে লালকাল অনিৰ্বাণলৈ চাই বিৰবিৰাই উঠিলোঁ

: অনিৰ্বাণ, মাথোঁ এবাৰ আজি সাৰ পাই সোধা কেনে আছোঁ মই? এবাৰ মাথোঁ মোক সাবটি সোধা কিয় কান্দিছা উন্মনা? এবাৰ মাথোঁ মোক প্ৰবোধ দিয়া যে তুমি আছা। পৰিস্থিতিৰ বাবে মাত্ৰ অকণমান কথাবোৰ সলনি হৈছিল। কিন্তু তুমি একেই আছা। একেই আছোঁ আমি। একেই আছে আমাৰ প্ৰেম। এবাৰতো কোৱা।

কিন্তু মোক মিছা প্ৰমাণিত কৰি শুই থকাৰ পৰা খপজপাই সাৰ পাই কৰ্কশ মাতেৰে চিঞৰি উঠিল অনিৰ্বাণে

: কিহে পাইছে তোমাক? বলিয়া হৈছা নেকি? মোৰ অফিচ আছে কাইলৈ। তোমাৰ দৰে দিনটো ঘৰত শুই বহি থকাৰ বিলাসীতা মোৰ নাই। মনে মনে থাকা। নহ’লে মই অন্য ৰূমত গৈ শুবলৈ বাধ্য হ’ম। যত সব ননচেন্স। খাবলৈ, পিন্ধিবলৈ পাই তেল ফাটিছে।

কেইপলকমান অনিৰ্বাণলৈ চাই থাকি এইবাৰ সঁচাকৈয়ে কান্দোন বন্ধ কৰিলোঁ মই। নাই নাই! এই মুহুৰ্তৰ কান্দোন নহয়। চাৰি বছৰৰ কান্দোন পলকতে বন্ধ কৰিলোঁ মই। দুহাতেৰে জোৰকৈ মোহাৰিলো চাৰি বছৰৰ চকুপানী। চাৰি বছৰৰ অৱজ্ঞা।

ঘড়ীলৈ চালোঁ। পুৱা চাৰে পাঁচ বাজিছে। কাষত পৰি থকা মোবাইলটো টানি আনিলোঁ। ডায়েল কৰিবলৈ ল’লো এটা বিশেষ নম্বৰ।

তেওঁক আজি ভালপাওঁ বুলি ক’ম।

আজি মই তেওঁৰ হ’ম।

তেওঁক আজি এবাৰ সুধিম

: বিয়া নপতাকৈ আমি একেলগে থাকিব পাৰোঁ নেকি হিমান? বিবাহ নামৰ সেই শব্দলৈ যে মোৰ ভীষণ ভয়।

যদি এয়া বেয়া নাৰীৰ লক্ষণ, মই আজি বেয়া হৈ সুখী। যদি এয়া হোমৰ জুইক অপমান কৰা হয়, তেন্তে সেই অগ্নিয়েও মোক উত্তৰ দিব লাগিব অতবোৰ মিছা কথাৰ। কেনেকৈ সন্মুখত দপদপাই জ্বলি সহ্য কৰিছিল সেই অগ্নিয়ে অতবোৰ চলনা।

আজি মই বেয়া হ’ম।

বেয়া হ’ম মই আজি।

ফোনটো ৰিং হ’ল। বাজি উঠিল এটি মিহি কলাৰ টিউন

” হঠাতে এটি উন্মাদনা

মোৰ হিয়াতে এটি সম্ভাৱনা

জাকৰুৱা মলয়াই কয় কথা

তুমি বিনে মই আধৰুৱা “

পৰ্দাখন সামান্য কোঁচাই বাহিৰলৈ চালোঁ। পুৱাৰ ৰ’দৰ জিলিকনি পৰিছে। সেই ৰ’দে যেন আজি মোকেই চিঞৰি চিঞৰি কৈছে

: বেয়া হোৱা উন্মনা। আজিৰ এই পুৱাৰ ৰ’দ এজনী বেয়া ছোৱালীৰ বাবে।

ফোনঃ ৯৫৯৯৭-৪৯৮৫৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.