গল্প : বৈপৰিত্য

12

গায়ত্ৰী প্ৰান্তিক শৰ্মা

প্ৰতিদিনাৰ দৰে আজিও দৌৰাদৌৰিকেহে আহি বাছখন ধৰিবহি পাৰিলে শ্যামল বৰুৱাই। কন্দাক্টৰ বুবুলে তাৰ চিৰাচৰিত বিৰক্তিকৰ সুৰটোৰে ভোৰভোৰাই উঠিল

: ছাৰ এইকেইদিন কিন্তু আপোনাৰ সদায় দেৰি হৈছে দেই। কাইলৈৰ পৰা আৰু পাঁচ মিনিটতকৈ এক মিনিট সময়ো বেছিকৈ নৰও। প্ৰতিটো ষ্টপেজতে এনেকৈ ৰ’বলৈ হ’লে আমাৰ ফালে হৈছে আৰু! আজিতো যাবলৈকে লৈছিলোঁ। পৰিণীতা বাইদেউৱে ৰ’বলৈ কোৱা কাৰণেহে ৰৈ দিলো।

তেতিয়ালৈ বাছখনত বহি দীঘলকৈ উশাহ এটা লৈ জেপৰ পৰা ৰুমালখন উলিয়াই মুখৰ বিন্দু বিন্দু ঘামবোৰ মচিছে শ্যামল বৰুৱাই। বুবুলৰ কথা শুনি ধন্যবাদসূচক হাঁহি এটাৰে পৰিণীতাৰ ফালে চালে সি।

পৰিণীতা কলিতা। একেআষাৰেই স্মাৰ্ট বুলিব পৰা এগৰাকী মহিলা। কেঁকোৰা চুলিখিনি চুটিকৈ কটা। চকুত ডাঠ কাজলৰ প্ৰলেপ। পিন্ধনত প্ৰায়েই বিভিন্ন ৰঙী দামী বেনাৰসী শাৰী। ভৰিত পেঞ্চিল হিল।

মফচলিয় চহৰখনত নতুনকৈ গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ ‘ৰয়েল সুন্দৰম ইনষ্টিটিউট’খনৰ ইংৰাজী বিষয়ৰ অধ্যাপিকা পৰিণীতা। দেখিলে বিবাহিতা নে অবিবাহিতা ঠাৱৰ কৰা টান। শ্যামলৰ সৈতে কলেজলৈ অহাৰ বাটত দেখাদেখি হয় পৰিণীতাৰ।

অধ্যাপকসকলৰ বাবে কলেজখনে প্ৰদান কৰা ষ্টাফ বাছখনতে দুয়ো অহা যোৱা কৰে। প্ৰথমে চকুৰ চিনাক। পিছলৈ চিনাকি হৈ সাধাৰণতে যিখিনি চিনাকি হ’লে এজন মানুহে কোনোবা এজন মানুহক চিনি পায়নে বুলি সুধিলে ‘হয় চিনি পাওঁ’ বুলিব পাৰে সিমানখনিৰ চিনাকি। চকুত চকু পৰিলে ‘ভালে আছেনে’ বুলি এষাৰ মাত কোনো জড়তা নোহোৱাকৈ লগাব পৰা অৱস্থা এটা হোৱাৰ পিছতো কিন্তু শ্যামলে আজিলৈকে মানুহগৰাকী বিবাহিতা নে অবিবাহিতা ঠিক কৰিব নোৱাৰিলে। আৰু মানুহগৰাকীৰ ব্যক্তিত্বও প্ৰায় এনেধৰণৰ যে তেওঁক সহজতে সাধাৰণ এগৰাকী মহিলাক সোধাৰ দৰে ‘আপুনি বাৰু বিবাহিত নে’ বুলি ঘপকৈ সুধি দিব পৰা নাযায়।

আচলতে শ্যামলে নিজেই নাজানে তাৰ কিয় এই কথাটো জানিবলৈ ইমান মন গৈ থাকে! এই কাৰণটোতে নিজকে কেতিয়াবা তাৰ বিয়নী মেলত ওকনি চাবলৈ বহি আৰ-তাৰ কথা পাতি এসোপা অৰ্থহীন কথা জানিবলৈ উৎসুক হৈ থকা এগৰাকী সস্তীয়া মহিলাৰ দৰেও লাগি যায়। তথাপি তাৰ মন যায়! কেতিয়াও কাৰোৰে লগত কথা নপতা,সদায় অকলশৰে থকা,সচৰাচৰ মানুহবোৰৰ দৰে মোবাইল এটা কাণত লৈ কেতিয়াও কথা পাতি নথকা,বাছখনত  বহিয়েই বেগটো কোলাত লৈ এক শূন্য দৃষ্টিৰে বাহিৰলৈ চাই ৰোৱা পৰিণীতা কলিতাৰ বিষয়ে অকণমান ভালকৈ জানিবলৈ তাৰ আচলতে খুবেই মন যায়।

পৰিণীতা কলিতাই বাছখনত শ্যামলৰ বাহিৰে কাৰোৰে লগতেই কথা নাপাতে। কথানো আৰু কি! প্ৰথমতে এটা স্মিত হাঁহিৰ পৰা গৈ ‘ভালে আছেনে’ লৈ আৰু তাৰ পিছত অকণমান আগবাঢ়ি – ‘ক্লাছবোৰ ঠিকেই চলি আছে নহয় মিষ্টাৰ শ্যামল?’ বোলা এটা চমু প্ৰশ্ন মাথোঁ। তাৰ বাহিৰে শ্যামলে যদি কেতিয়াবা – ‘আপুনি ক’ত থাকে বাৰু অথবা ঘৰত কোন কোন আছে’ জাতীয় কথা এষাৰ সোধাৰ কথা ভাৱেও পৰিণীতা কলিতাই কেতিয়াও সেই সুবিধা নিদিয়ে।ভাল-বেয়া যিখিনি কথা নিতান্তই নুসুধিলে চিনাকি কাৰোবাক অভদ্ৰ বুলি তাৎক্ষণিকভাৱে কৈ দিব পৰা যায়, সেই কথাখিনি সুধিয়েই বাহিৰলৈ দৃষ্টি নিক্ষেপ কৰে তেওঁ। মানুহগৰাকীৰ বিষয়ে অতি বেছি উৎসুকতা এটা দেখুৱাই  সিও এতিয়া পাতি থকাকণ কথাৰ পৰাও বঞ্চিত হ’বলৈ যে কোনোপধ্যেই নোখোজে।

কিয় পৰিণীতালৈ তাৰ এই অনামী আকৰ্ষণ সেই কথা শ্যামলে নিজেও বুজা নাই! ঘৰৰ পৰা কলেজলৈ ওলাওতে প্ৰতিদিনেই ক্লাছবোৰ কৰিবলৈ চাকৰিলৈ যোৱাৰ কথাটোতকৈ বাছখনত পৰিণীতাক যে লগ পাব সেই কথাটোৱেহে তাৰ মনটো অধিক ভাললগা কৰি ৰাখে। ক্লাছৰুমবোৰৰ সন্মুখেদি কেতিয়াবা পাৰ হৈ যাওঁতে পৰিণীতা কলিতাই ল’ৰা ছোৱালীক পঢ়ুৱাই থকা ইংৰাজী প্ৰেমৰ কবিতাৰ পংক্তিবোৰত ক্ষণিকৰ বাবে ৰৈ যাব খোজে তাৰ দুভৰি।

পৰিণীতা কলিতাই চাকৰি কৰা কলেজখনত ফিজিক্সৰ অধ্যাপক হিচাপে নতুনকৈ সোমাইছে শ্যামল বৰুৱা। পঢ়া শেষ কৰিয়েই লগে লগে চাকৰি।স্বাভাৱিকতেই অধ্যাপক বুলিলে যিখিনি গহীন ভাৱৰ প্ৰয়োজন হয় সেয়া এতিয়াও শ্যামলে আয়ত্বলৈ আনিব পৰা নাই। ঠিক অভাৱী বুলিব নোৱাৰি কিন্তু সি চাকৰিটো পোৱাৰ বাবে আৰু অকন সকাহ পোৱাৰ ঘৰৰ সন্তান শ্যামল। ঘৰখনত মাথোঁ দুজনেই সদস্য।

মাক আৰু সি।

এজনী আজলী মাক। কেৱল তাৰ মুখলৈকে চাই জীয়াই থকা এজনী মাক। সি চাকৰিটো পোৱাৰ দিন ধৰি মাকৰ এতিয়া এটাই কথা- তাৰ বিয়াখন সোনকালে হ’ব লাগে। অকলশৰীয়া মানুহগৰাকীক এটা লগ লাগে। সি কলেজলৈ যোৱাৰ পিছত দিনটো বৰ অকলশৰীয়া লাগে বুলি পাকে-প্ৰকাৰে তাক বিয়াৰ কথা বুজাব খোজে মাকে। প্ৰায় প্ৰতিদিনেই তেওঁ পুত্ৰক আব্দাৰ ধৰে- ‘কাৰোবাক পছন্দ কৰি থৈছ যদি কৈ দে অ’। সকলো মিলিলে সোনকালেই বিয়াখন পাতি পেলাম।’

আগতে মাকৰ এই ধৰণৰ কথাবোৰত শ্যামলে বৰ এটা গুৰুত্ব নিদিছিল যদিও লাহে লাহে মাকে এই ধৰণৰ ‘কোনোবা আছে নেকি’ জাতীয় প্ৰশ্ন কৰিলে তাৰ ভাললগা হৈ আহিছে। ‘কোনোবা আছে নেকি’ বাক্যটোৰ ‘কোনোবা’ শব্দটো উচ্চাৰিলেই  মনলৈ অগা-দেৱা কৰা হৈছে পৰিণীতা কলিতাৰ মুখখন।

যেন মাকক মুহূৰ্ততে কৈ উঠিব

:ছোৱালী এজনী চাইছোঁ মা। তই বা কেনেকুৱা দেখ!

পিছ মুহূৰ্ততে আকৌ তাৰ নিজৰ ওপৰতে হাঁহি উঠে।

কথা নাই,বতৰা নাই,আজিলৈকে ক’তনো থাকে বুলিও সুধি পোৱা নাই, চিধাই গৈ সি পৰিণীতাক একেবাৰে মাকৰ বোৱাৰীয়েকেই পাতি পেলালে।

আকৰ্ষণবোৰ কিয় জানো অতি বেছিকৈ বাঢ়ি অহা হৈ আহিছে। গানবোৰত,কবিতাবোৰত লাহে লাহে সি পৰিণীতাৰ মুখখনেই যেন দেখি থকা হৈছে। পৰিণীতাৰ বাবেই নতুনকৈ পোৱা দৰমহাবোৰেৰে  কিনা হৈছে ব্ৰেণ্ডেড শ্বাৰ্ট-পেন্ট, বিদেশী পাৰ্ফিউম। ক’ত জানো সি পঢ়িছিল – ‘নাৰীক হেনো সুগন্ধীয়ে আকৰ্ষণ কৰে’। মুঠতে পৰিণীতাক তাৰ প্ৰতি আকৰ্ষিত কৰোৱাৰ কোনো সুবিধায়েই যেন শ্যামলে এৰি নিদিব। কলেজ বাছখনৰ পৰা নামি পিছদিনা ৰাতিপুৱা আকৌ বাছত উঠালৈকে কেনেকৈ যে সি গোটেই সময়খিনি কটায় কেৱল মাত্ৰ সিহে জানে। তাৰ কোঠাৰ ভিতৰত মিউজিক প্লেয়াৰত নতুবা ওঁঠৰ সুহুৰিত অনবৰতে বাজি ৰোৱা হৈছে গজল অথবা ৰোমান্টিক গীতৰ কলিবোৰ। কিয় জানো পৰিণীতাক দেখিলেই তাৰ গুণাগুণাবলৈ মন যায়-

” তুমি চোৱা যেতিয়া দুচকু তুলি

মোৰ আকাশ ভাঙি নামে বিজুলী

ৰদে হাঁহে ফুল ফুলে

কথা ক’লে…

তুমি চুলেই যে বসন্ত

ধুমুহাও যে প্ৰশান্ত…”

কেৱল সেইয়াইহে নে! কলেজ বাছখনৰ ভিতৰত ড্ৰাইভাৰজনে লগোৱা হিন্দী অথবা অসমীয়া গানবোৰটো এতিয়া শ্যামলে দেখে মাথোঁ পৰিণীতাক।

চাৰিওফালে পৰিণীতা।

মাথোঁ পৰিণীতা।

আচৰিত হয় সি। কলেজত পঢ়ি থাকোঁতেই প্ৰেমত পৰি নোপোৱা, কেতিয়াও কাকোৱেই ভাল নলগা সি বাৰু পৰিণীতাৰ মাজত এনে কি দেখিলে যিটো কেতিয়াও আৰু কাৰোৰে গাত কাহানিও দেখা নাছিল!

ইমানদিনে লগ পোৱাৰ পিছত শ্যামল অন্ততঃ এটা কথাত নিশ্চিত হ’ল যে – ‘পৰিণীতা কলিতা বিবাহিত নহয় আৰু কোনো পুৰুষ বন্ধু বা বয়ফ্রেণ্ড যে পৰিণীতাৰ নাই সেয়া প্ৰায় নিশ্চিত।

তাক প্ৰাথমিকভাৱে অকণমান সকাহ দিবলৈ সেয়াই যথেষ্ট আছিল। মন্দিৰত মূৰ দোঁৱালেই, কেতিয়াবা চকু মুদি ঈশ্বৰৰ কথা ভাবিলেই শ্যামলে মাথোঁ বুকুৰে উচ্চাৰি উঠা হল

: পৰিণীতাক মোৰ কৰি তোলা ঈশ্বৰ। মাথোঁ মোৰ।

কি হৈছে তাৰ!

হৈছে কি!

কাৰোবাৰ বাবে মানুহ এনেকৈয়োনো আকুল হয়নে!

কাষত বেগটো সাবটি লৈ পেঞ্চিল হিলৰ মিহি শব্দ তুলি তাৰ কাষেৰে পাৰ হৈ যোৱা পৰিণীতাজনীক দেখিলেই তাৰ কলেজীয়া চেঙেলীয়া ল’ৰাই প্ৰেয়সীৰ বাবে আওৰোৱাৰ দৰে কবিতাবোৰ আওৰাই উঠিবলৈ মন যোৱা হ’ল

” ঐ ছোৱালী এবাৰ ভাল পাই চাবা নেকি?

কলেজৰ বাটত আমি দুয়ো খুন্দা খাম

হাতৰ পৰা সৰি পৰিব কিতাপ

বুটলি দিম এখন এখনকৈ

ঐ ছোৱালী…. “

লাহে লাহে ধৈৰ্যৰ যেন বান্ধ খুলি আহে শ্যামল বৰুৱাৰ। মনৰ কথাবোৰ কৈ দিবলৈ মন যায় পৰিণীতাক। তাৰ ক’বলৈ মন যায়

তোমাৰ অবিহনে যে একোৱেই ভাল নেদেখোঁ মই।

একোকেই।

ইমান কোমল কেনেকৈ তুমি!

কেনেকৈ তুমি ইমান ধুনীয়া!

মোৰ মনৰ ভিতৰত অহৰহ বৈ ৰোৱা এখন নদীৰ নামেই যে তুমি পৰিণীতা।

মনৰ সমগ্ৰ সত্বাত তুমি!

কেৱল তুমি!

যিমানেই দিন গৈছে সিমানেই যেন এক অনামী আকৰ্ষনে ঘেৰি আনিছে শ্যামলৰ সমগ্ৰ সত্বা। বহুবাৰ ভাবি চিন্তি অৱশেষত সি পৰিণীতাক কথাষাৰ কৈ পেলোৱাৰ সিদ্ধান্ত ল’লে। কথাষাৰ পৰিণীতাক কেনেকৈ ক’ব তাকেই ভাবি ভাবি হাতত চাহ একাপ লৈ মিউজিক প্লেয়াৰটোত ধুনীয়া গান এটা বজাই অকণমান সময় বাৰাণ্ডাখনতে বহিলগৈ সি।

আনদিনাতকৈ আজি অকণমান সোনকালেই সাৰ পালে শ্যামলে।

বাহিৰত বৰষুণ আৰু শীতল বতাহ।

প্ৰকৃতিয়েও যেন বুজি উঠিছে শ্যামলৰ বুকুৰ অস্থিৰতা।

কেনেকৈ কি ক’ব,কেনেকৈ কথাবোৰ আৰম্ভ কৰিব গোটেই কথাবোৰ মনৰ মাজতে এবাৰ পাগুলি ল’লে সি। কালিয়েই ইস্ত্রি কৰি থোৱা মেৰুণ শ্বাৰ্ট আৰু চাৰ্ফ ব্লু জিন্স এটা পিন্ধি আইনাখনত নিজকে চাই মনৰ মাজতে ‘অল দ্যা বেষ্ট মিষ্টাৰ শ্যামল বৰুৱা’ বুলি নিজকে শুভেচ্ছা এটা জনাই বাছখনলৈ বুলি ওলাই আহিল শ্যামল। এই সাজযোৰে নিজকে খুব ভাল দেখে সি।

আজি পৰিণীতাৰ পিন্ধনত এখন নেভি ব্লু বেনাৰসী শাৰী। কিয় জানো আজি সি আগতকৈও ধুনীয়া দেখিলে তাইক।

: ভালে আছে মিষ্টাৰ শ্যামল?

তাইৰ গাৰ পৰা গোটেই চৌপাশটোলৈকে বৈ আহিল কোনো বিদেশী পাৰ্ফিউমৰ সুঘ্ৰাণ।

: হ..হয় আছোঁ। আজি বৰষুণটোৱে বেছ অসুবিধা দিছে নহয়?

কথা আগবঢ়াবলৈকে এনেয়ে কৈ উঠিল সি।

: তাকেই জানেনে? মই আজি তিতিলোঁও অকণমান।বৰ বেয়া সময়ত আহে এই আপদীয়া বৰষুণটো।

বাছখনত বহিয়েই হাতত পৰা বৰষুণৰ অকণ অকণ টোপাল কিছুমান ৰুমালখনেৰে মচি মচি কৈ উঠিল পৰিণীতাই।

পৰিণীতা তিতিছিল।

তিতিছিল শ্যামলো। কেৱল বাহিৰৰ বৰষুণতে নহয়।প্ৰেমৰ মুষলধাৰ বৰষুণে যে মূৰৰ পৰা ভৰিলৈকে একেবাৰে তিয়াই পেলাইছে তাক।

অকণমান পৰ পৰিণীতালৈ চাই থাকি সি উত্তৰ দিলে

: হয় হয়। আপুনি তিতিলে অলপ। কেইবজাৰ পৰা আছে বাৰু ক্লাছ আপোনাৰ? দেৰিকৈ আছে যদি গৈ পাই নহলে কেণ্টিনতে একাপ কফি..

: ক্লাছ অকণমান দেৰিকৈ আছে। বাছৰ পৰা নামি একাপ কফিৰ বাবে নিশ্চয় সময় হ’ব মোৰ ওচৰত।

মৃদু হাঁহিৰে কৈ উঠিল পৰিণীতাই।

বাছৰ পৰা নামিয়েই কলেজ কেণ্টিনৰ অভিমুখে আগবাঢ়িল দুয়ো। চুকৰ টেবুল এখনৰ চকী দুখন টানি দুয়ো মুখামুখিকৈ বহি দুকাপ কফিৰ অৰ্ডাৰ দিলে।

পৰিণীতাই কথা কৈ গৈছে।

সি মাথোঁ চাই ৰৈছে তাইক।

ইমান ধুনীয়াকৈয়ো যে কোনোবাই কথা ক’ব পাৰে সেয়া পৰিণীতাক লগ পোৱাৰ আগতে শ্যামলে কেতিয়াও অনুভৱেই কৰিব পৰা নাছিল । কথা কওঁতে তাইৰ চকু দুটাইও হাঁহি উঠে। কথা কোৱাৰ মাজে মাজে হাতেৰে চকুলৈ আহি অসুবিধা দিয়া চুলিবোৰ আঁতৰাই থাকে তাই। আৰু হাতখন? দীঘল দীঘল আঙুলিৰে ধুনীয়া হাতখন তাইৰ। মানুহৰ হাতৰ আঙুলিও ইমান ধুনীয়া থাকেনে! লগতে মাজে মাজে গাৰ পৰা ভাঁহি অহা বিদেশী পাৰ্ফিউমৰ সেই সুগন্ধি। প্ৰেমত ৰাগীত যেন মতলীয়া হৈ উঠিছে সি।

তাই কথা কৈ থাকোতে সি কিজানি একেথিৰে তাইলৈকে চায়েই আছিল। এপাকত তাই হাতখন তাৰ চকুৰ আগত সম্বিৎ ঘূৰাই পাবলৈ লৰাই দিয়াৰ নিচিনাকৈ দি কৈ উঠিল

: হেই! মিষ্টাৰ শ্যামল! কি ভাবি আছে ইমানকৈ? ময়েই কেৱল কথা কৈ গৈছোঁ। আপুনিও কওকচোন।আপোনাৰ পৰিয়াল? বিয়া বাৰু?

লাজ পাইছিল শ্যামলে।

কেনেবাকৈ বাৰু তাই ধৰিব পাৰিছে নেকি তাইকে একেথিৰে চাই থকাৰ কথাটো! কথাটো তল পেলাবলৈ সি জোখতকৈও বেছিকৈ লৰালৰিকৈ খপজপকৈ কৈ উঠিল

: না..নাই নাই। বিয়া কৰোৱা নাই এতিয়ালৈকে।পৰিয়াল বুলিবলৈ কেৱল মা আৰু মইহে। আৰু আপুনি? বিয়া বাৰু?

‘বিয়া-বাৰু’ শব্দটো সুধি উঠি সচকিত হৈ উঠিল

শ্যামল। কি বাৰু ক’ব উত্তৰত পৰিণীতাই। কেনেবাকৈ কৈ নুঠেতো ‘এই অলপতে বিয়াখন হৈ গ’ল শ্যামল’।

এইবাৰ নঞৰ্থক অৰ্থত দুয়োফালে মূৰটো লৰাই ‘নাই নাই’ বুলি কৈ উঠিল পৰিণীতাই। তাৰ পিছত লাহে লাহে কৈ উঠিল-

: বিয়া? বিয়া চাগৈ কেতিয়াও কৰোৱাই ন’হব মোৰ শ্যামল।

: কিয়? কিয় পৰিণীতা?

পলকতে ব্যতিব্যস্ত হৈ উঠে শ্যামল।

: আপোনাৰ যদি। জানিবৰ মন গৈছে শুনক তেতিয়াহ’লে। পুৰুষসংগী মোৰ কেতিয়াও ভাল নালাগে। পুৰুষৰ প্ৰতি মই কোনোদিনে আকৃষ্টই নহওঁ। কোনো পুৰুষে কেতিয়াও মোৰ মনৰ মাজত তুলিব নোৱাৰে ভালপোৱাৰ সপ্তসুৰ। মহিলা সংগীহে মোৰ প্ৰিয়।

খুব স্পষ্টকৈ শ্যামলৰ চকুত চকু ৰাখি অকণো অসহজবোধ নকৰাকৈ কথাখিনি কৈ গ’ল পৰিণীতাই। সামান্য ৰৈ আকৌ ক’লে তেওঁ

: আপুনি হয়তো আচৰিত হৈছে ইমান সহজে মই আপোনাক কথাখিনি কৈ পেলোৱাৰ বাবে। কিন্তু মোৰ কাৰণে এয়া কোনো অসহজবোধ কৰিবলগীয়া কথাই নহয়। এগৰাকী পুৰুষে এগৰাকী মহিলাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰাটো যেনেকৈ স্বাভাৱিক, মই ভাবোঁ নাৰীৰ প্ৰতি মোৰ আকৰ্ষণো তেনেকুৱাই স্বাভাৱিক। মোৰ চৌপাশৰ মানুহবোৰে যেতিয়া মোৰ এই কথাটোক লৈ হাঁহে পুতৌ হয় মোৰ তেওঁলোকলৈ।

কথাখিনি কৈ কৈ অতি সহজভাৱেই কেণ্টিনৰ ল’ৰাজনে ইতিমধ্যেই দি যোৱা কফিকাপ খাই যাবলৈ সাজু হ’ল পৰিণীতা।

: আচ্ছা মোৰ ক্লাছ আৰম্ভ হ’ব হৈছে। মই উঠোঁ দিয়ক।এক্সিউজ মি…

উঠি গুচি গৈছিল পৰিণীতা।। বতাহত নীলা শাড়ীৰ আঁচল উৰুৱাই পেঞ্চিল হিলৰ খটখট শব্দ তুলি গুচি গৈছিল পৰিণীতা।

চেঁচা হৈ যোৱা কফিৰ পিয়লাটো সন্মুখত লৈ স্থানুৰ দৰে একেঠাইতে বহি ৰ’ল পৰিণীতাৰ বাবে ক্ৰমশঃ এটা প্ৰেমিক চৰাই হৈ উঠা শ্যামল বৰুৱা। কেণ্টিনৰ মিউজিক চিষ্টেমত খুব কম ভলিউমত বাজি আছিল

” তুমি চোৱা যেতিয়া দুচকু তুলি

মোৰ আকাশ ভাঙি নামে বিজুলী

ৰদে হাঁহে… ফুল ফুলে

কথা ক’লে

তুমি চুলেই যে বসন্ত

ধুমুহাও যে প্ৰশান্ত…”

ফোন – ৯৫৯৯৭-৪৯৮৫৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.