গল্প : মাটিৰ মানুহৰ গান

5

গায়ত্ৰী দেৱী বৰঠাকুৰ

কি কৰিছ মাজনী– এই বাক্য শাৰী যেতিয়াই ফোনটোৰ ইটো মূৰৰ পৰা আহে তেতিয়া মাজনীয়ে বুজি পাই যে ফোনটো আজি অলপ দীঘলীয়া হ’ব! এখন এখনকৈ স্মৃতিৰ দুৱাৰবোৰ খুলি অতীতৰ বুকুলৈ দেউতাক ঈশ্বৰ বৰুৱা সোমাই যাব আৰু মাজনীয়ে তেওঁৰ একান্ত বাধ্য ছাত্ৰৰ দৰে শুনিব লাগিব তেওঁৰ শৈশৱ, যৌৱন অথবা বৰ্তমানৰ মানে বৃদ্ধাৱস্থাৰ অলেখ কাহিনী।

মাজনীলৈ এনেধৰণৰ ফোন অহাৰ কোনো নিৰ্দিষ্ট সময় নাথাকে । যি কোনো সময়তে ঘটিব পাৰে এই ঘটনা। ৰাতিপুৱা আঠটাত বজাতো আহিব পাৰে ।দুপৰীয়া বাৰ বজাতো আহিব পাৰে নাইবা আহিব পাৰে ৰাতিৰ দহ বজাতো । এইখিনি সময়ৰ ব্যস্ততা বুজিব নোৱাৰাকৈ সৰল মাজনীৰ দেউতাক ঈশ্বৰ বৰুৱা। ল’ৰা – ছোৱালীৰ লগতে ঘৰৰ সমস্ত জঞ্জাল মাৰি দহ কিলোমিটাৰৰ দূৰৰ স্কুলখনলৈ বুলি ৰাতিপুৱা আঠ বাজি ত্ৰিশ মিনিটতে ওলাই যোৱাৰ সুখ(!) কণ কিমান মধুৰ সেই কথাৰ ভূ পোৱাতো দূৰৈৰে কথা কল্পনাও কৰিব নোৱাৰে মাজনীৰ দেউতাকে। মাজনীৰ দেউতাক আছিল আৰু হৈ থাকিল বেলেগ এখন পৃথিৱীৰ ঈশ্বৰ। যিখন পৃথিৱীত আছিল কেৱল ঈশ্বৰ বৰুৱা আৰু তেওঁক কেন্দ্ৰ কৰি চলা এখন পৃথিৱী।

——————————————-

তুমি দেউতাক কিয় একোকেই নুখুজিলা ? আনকি তোমাৰ প্ৰাপ্যখিনিও– মাজনীয়ে প্ৰায়ে মাকক কৰা এটা প্ৰশ্ন আছিল এইটো।আনদিনাৰ দৰেই মুখত মিঠা হাঁহিটো লৈয়েই মাকে কৈছিলে , তহঁতি কি বুজিবি দেউতাৰৰ মনৰ কথা।মাটিৰ মানুহ সেইজন।মানুহজন বেলেগ ধাতুৰে গঢ়া অ’ মাজনী বেলেগ ধাতুৰে গঢ়া ।তেখেতক সম্ভালিবলৈকে , তহঁতক মানুহ কৰিবলৈকে ঈশ্বৰে মোক গঢ়িলে অ’ মাজনী।মই মোৰ কৰ্তব্য পৰম নিষ্ঠাৰে পালন কৰিছো ।চাবি ,ঈশ্বৰে ইয়াৰ ফল তহঁতক দিব ।ঈশ্বৰ এদিন সুপ্ৰসন্ন হ’বই!

কোনজন ঈশ্বৰৰ কথা কৈছা মা ? তোমাৰ নে আমাৰ জন– ইমান গভীৰ বিষয়ত এটাৰ মাজতো জোকাইছিলে মাকক।

সেইজন মোৰো ঈশ্বৰ। তহঁতৰো ঈশ্বৰ।সকলোৰে ঈশ্বৰ।

তোমাৰ ঈশ্বৰতো হয়েই ।মানে দেউতা তোমাৰ পতি মানে পৰম ঈশ্বৰ। আমাৰ দেউতা অৰ্থাৎ দেউতা ঈশ্বৰ। সেইয়া বাৰু বুজিলো ।কিন্ত সকলোৰে ঈশ্বৰ কেনেদৰে হ’ল আকৌ? আৰু মা, দেউতা যদি মাটিৰ মানুহ, তেন্তে তুমি কৰি কৰি থকা কাম বোৰ কাম নহয় !! দেউতাক লৈ লিখা গান ।মাটিৰ মানুহৰ গান.. ন, মা!!

সকলোৰে ঈশ্বৰ কেনেদৰে হ’ল সেইয়া তই সময়ত নিজে -নিজেই বুজি পাবি মাজনী ! মাজনী তয়েই চোন কৈছিলি যে সন্তানে মাকৰ গৰ্ভত স্থিতি লয় যদিও সন্তানৰ পিতৃপক্ষৰ জিন অধিক শক্তিশালী ।মোৰ বিশ্বাস দেউতাৰ এই গুণবোৰে এদিন তহঁতৰ ভিতৰতো পোখা মেলিব।ফলে- ফুলে জাতিষ্কাৰ হৈ গছ হ’ব, যাৰ ছাঁত জিৰাব হাজাৰ শ্ৰান্ত পথিকে।ঈশ্বৰে মোৰ কথা শুনিব মাজনী।মোৰ কথা শুনিব ঈশ্বৰে।

তোমাৰ কথা শুনাৰ আগতে যদি ঈশ্বৰে আমাৰ কথা শুনে , তেতিয়া কি হ’ব মা?

তহঁতৰ কথা।তহঁতৰ কথা কেতিয়াও নুশুনে মাজনী।পৃথিৱীলৈ সকলো আহে আৰু আহিয়েই আছে।’আহিছে মানুহ, গৈছে মানুহ ,মানুহ মায়াপী জীৱ’ বুলি চোন কবিয়েও কৈছে।কিন্তু এই অহা- যোৱাৰ মাজত সেইজনৰ জন্মই সাৰ্থক হয় যিজনে দেশৰ কাৰণে , দহৰ কাৰণে কিবা এটা কৰিব পাৰিছে।আৰু এই সেন্দূৰকণ মোৰ গৌৰৱ মাজনী। শুন মাজনী, প্ৰতি গৰাকী নাৰীয়ে যদি সেন্দূৰৰ মূল্য বুজে তেন্তে প্ৰতিখন ঘৰেই হৈ পৰিব একো- একোটা দেৱালয়।

অকল নাৰীগৰাকীয়েই সেন্দূৰকণৰ মূল্য বুজিলেই হ’ব নেকি মা!! পুৰুষজনেও অনুভৱ কৰা উচিত ‘এক চুটকী সিন্দূৰ’ৰ মহত্ব। নহয় জানো মা?

এইখন পুৰুষ প্ৰধান সমাজ মাজনী। আমি বিয়া হৈ যাওঁ ।আমি বিয়া কৰাই নানো নহয়।আমাক হে লৈ যায় বিয়া কৰায়। গতিকে বিয়াৰ পাছত স্বামীৰ ঘৰখনেই নাৰীৰ নিজৰ ঘৰ।

আৰু যিখন ঘৰত জন্মৰ পৰা জীৱনৰ বিশৰ পৰা ত্ৰিশ বছৰ পাৰ কৰে সেইখন পৰৰ ঘৰ হৈ পৰে ন মা। তাৰমানে মই তোমালোকৰ ঘৰৰ নহয় , পৰৰ ঘৰৰ ন মা।

নহয় মাজনী , কথাবোৰ তেনেকুৱা হৈয়ো তেনেকুৱা নহয় ।শুন, মহাকবি কালিদাসে পিতৃত্বৰ যি চৰিত্ৰ শকুন্তলা নাটকত অঙ্কণ কৰিছে সেই পিতৃ কণ্ব পালিতা কন্যা শকুন্তলাৰ বিবাহতেই ইমান আবেগ বিহ্বল হৈ পৰিছিলে ।তেনেস্থলত জন্মৰ পৰা গু- মূত ধুৱাই ডাঙৰ-দীঘল কৰা ছোৱালীজনীক যেতিয়া বেলেগৰ হাতত গতাব লগীয়া হয় তেতিয়া কেনে অনুভৱ হয় সেই কথা অনুধাৱন কৰিব পাৰে কন্যা সন্তানৰ পিতৃ- মাতৃয়ে হে ।ছোৱালীজনীৰ জন্মৰ লগে- লগে সেই দুখেই হয়তো কন্দুৱাই মাক- দেউতাক। আৰু আনৰ ধনৰ কথাটো।প্ৰতিজনী ছোৱালীয়েই আনৰ ধন।’অৰ্থো হি কন্যা পৰকীয়া এৱ’ — বুলি মহাকবি কালিদাসে কৈয়ে গৈছে নহয় ।ধনৰ দৰে কন্যাও আনৰ।নিজৰ ঘৰখনকতো প্ৰতিজনী ছোৱালীয়েই ভালপায়।আনৰ ঘৰ এখনক আপোন কৰি , ঘৰখনৰ লখিমী বোৱাৰী তথা সুসন্তানৰ মাতৃ হৈ উন্নতি সাধিব পৰাটোহে মূল কথা মাজনী।তাতেই নিহিত হৈ আছে নাৰী জীৱনৰ গৌৰৱ আৰু গৰিমা, মাজনী।

অ’ মা এতিয়া আৰু শকুন্তলা নাটকৰ চতুৰ্থ অঙ্কৰ —– ” শুশ্ৰূষস্ব গুৰুন্কুৰু …”শ্লোকটো নুশুনাবা দেই।

অ’ মাজনী মোৰ মুখৰ শ্লোকটো তই ইমান ধুনীয়া উচ্চাৰণ সহ গালি।বহুত ধুনীয়া হৈছে।মই কৈছিলো নহয় পিতৃপক্ষৰ গুণবোৰ বেছি সবল হৈ পৰে।চা , এতিয়া তোৰ গাত দেউতাৰৰ তেজ আছে নে নাই!!! পাৰিবি মাজনী তয়ো পাৰিবি । আৰু ঘৰখন আকোঁৱালি ল’ব তয়ো পাৰিবি ।আৰু দেশৰ হকে, দহৰ হকে হাঁহি – হাঁহি কিবা এটা কৰিব পৰাটোহে আচল কথা মাজনী। পাৰিবি তই পাৰিবি।আৰু শুন , তেতিয়া তই তোৰ নতুন ঘৰখনত ইমান ব্যস্ত হৈ পৰিবি যে আমালৈ মনত পেলাবলৈকে সময় নোলাব তোৰ….।

———————-

মাকৰ কথাবোৰে সদায়ে আমনি কৰে মাজনীক। সঁচাই, এতিয়া চোন দেউতাকৰ ফোনটোৰ বাবেও আহৰি নাই তাইৰ। অথচ কিমান আগ্ৰহেৰে ফোন কৰে দেউতাকে। কেৱল এজন শ্ৰোতা বিচাৰে।এসময়ত প্ৰতিখন সভাৰ মুখ্য বক্তা , নিৰ্দিষ্ট বক্তা ৰূপে আসন শুৱনি কৰা ঈশ্বৰ বৰুৱাৰ কথা শুনিবলৈ এতিয়া শ্ৰোতাৰ অভাৱ। কি যে এক পৰিতাপৰ কথা!!! কিমান কথা আছে চাগে তেওঁৰ ওচৰত, প্ৰতিক্ষণতে ক’বলৈ ।কিন্ত তাই থাকে হাজাৰ কিলোমিটাৰ দূৰত। যাওঁ বুলি যোৱাটো দূৰৰে কথা কৰো বুলি ফোন এটাও কৰিব নোৱাৰে তাই। ইটোৰ পাছত সিটো লেঠাৰি নিছিগা কাম। বহুত চেষ্টা কৰে তাই অকণমান সময় উলিয়াই দেউতাকৰ মনৰ কথাবোৰ নীৰলে শুনাৰ ।পিছে… ঘৰত কণমানি দুটাৰ পৰা নোৱাৰে আৰু স্কুলত নোৱাৰে ইটোৰ পিছত সিটো ক্লাচ আৰু কামৰ বাবে। ঘড়ীৰ দৰে হৈ পৰিছে চোন তাই। হিচাপ কৰি- কৰি খৰছ কৰীব লাগে চোন বাকী থকা সময়কণ, তাই তাইৰ পৃথিৱীত…..।

—————-

মাজনী তই শুনি আছনে — দেউতাকৰ মাতত হে মাজনী বাস্তৱলৈ ঘূৰি আহিল । ইমান দেৰি তেন্তে কি কৈ আছিল দেউতাকে ।তাইৰ বেয়া লাগিল ‘কি কৈছিলে’ বুলি সুধিবলৈ।অনুমানতে মাজনীয়ে সুধিলে– আপুনি ওড়িয়া সাহিত্যৰ বিষয়ে লিখা কিতাপখনলৈ বৰ আগ্ৰহেৰে বাট চাই আছো দেউতা।বৰ ভাল কাম এটা হ’ব এইখন কিতাপ হ’লে।

মাজনীৰ কথাত ঈশ্বৰ বৰুৱা বৰ আনন্দিত হ’ল। তেওঁৰ মাতৰ জোৰ বাঢ়িল। বুজিছ মাজনী , যিটো চুবুৰীত মই আছো তাত কেৱল শাক খোৱা ভাত খোৱাৰ কথা আলোচনা হয়। কি কৰিছে, ভাত খালে নে — ইমানেই ।তাৰ বাহিৰে কোনেও নোসোধে কি লিখিছে বা পঢ়িছে বুলি ।কাৰো সময় নাই। আগ্ৰহ নাই। এখন ভোগবাদী পৃথিৱীৰ বাসিন্দা এতিয়া সকলো। আমনি লাগিছে আৰু মাজনী….।জানো ঈশ্বৰে কেতিয়া চকু মেলি চায়?? লগৰবোৰতো গ’লেই ।জানো মই কেতিয়া যাব পাৰো??

মাজনীৰ বুকুখন বিষাই গ’ল।দেউতাকৰ কথাৰ অৰ্থ বুজিও নুবুজাৰ দৰে তাই ক’লে–অ’ দেউতা, আপুনি চকু মেলি চোৱা নাই নেকি ? বেলেগলৈ চাব নালাগে ।অকণমান মোলৈকে চাওঁক চোন।এতিয়া নটা বাজিছে। আপোনাৰ লগত কথা পাতিয়েই ভাতকেইটা ৰান্ধিলো।ইহঁত দুটাক এতিয়াই খুৱাই নল’লে দুয়োটা নোখোৱাকৈয়ে শুই থাকিব। আজি আপুনি ক’ত- ক’ত গ’ল , কি- কি লিখিলে , সকলো কথা পাতিম।আৰু মাত্ৰ আধা ঘন্টাৰ পাছতে ফোন কৰিব দেই দেউতা।

মাজনীয়ে অনুভৱ কৰিলে তাইৰ কথাত দেউতাকে অলপ দুখ পাইছে। যি দুখ নিজৰ পুত্ৰ সন্তান- বোৱাৰীৰ পৰা পাইছে সেই দুখ তাই পাতলাব নোৱাৰে ।কিন্তু যিমান পাৰে সিমান চেষ্টা কৰে ফোনতেই দেউতাকক অকণ সংগ সুখ দিয়াৰ ।পিছে তায়ো সীমিত হৈ পৰে …।নিৰুপায় তায়ো নিৰুপায়।

—————-

লৰালৰিকৈ কামকেইটা কৰি আজিকালি মাজনীয়ে প্ৰতিদিনে বাট চাই দেউতাকৰ ফোনলৈ।যদি নিৰ্দ্ধাৰিত সময়ত ফোনটো নাহে তেনে হাহাকাৰ কৰি উঠে মাজনীৰ বুকুখনে ।

মাজনীয়ো নিজেও ফোন কৰিব পাৰে কিন্তু তাই বাট চাই দেউতাকে তাইলৈ মনত পেলোৱাৰ ক্ষণলৈ। ল’ৰালিত দেউতাকৰ কোলাত উঠাৰ হেঁপাহকণ যেন এতিয়া তাই পূৰাই ল’ব দেউতাকৰ ফোনটোৰ মাজত। সঁচাই ছোৱালীবোৰে কিয় বাৰু ইমান ভালপায় মাক- দেউতাকক। আনৰ ঘৰলৈ ওলাই অহাৰ বাবেই!! কেৱল সেইবাবেই নে?? দূৰত থকাৰ বাবে , যাওঁ বুলিও যাব নোৱাৰা কৰো বুলিও কৰিব নোৱাৰা কামবোৰৰ বাবেও। হয়তো, হয়তো, হয়তো। নহ’লে একেই পেটৰ পৰা জন্ম হোৱা ল’ৰাবোৰে কেনেকৈ নুশুনাকৈ থাকিব পাৰে বৃদ্ধ পিতৃ- মাতৃৰ বুকুৰ স্পন্দন!!!!!!!

————–

শুন মাজনী, তেতিয়া মই পি. ইউৰ ছাত্ৰ। দিনত টিউচন কৰি ৰাতি নাইট কলেজত পঢ়ো।যিখন গাঁৱত জন্মিলো সেইখন গাঁৱৰ বাবে , মোক জন্ম দিয়া আই- বোপাইৰ পৰিশোধ কৰিব নোৱাৰা ঋণৰ বাবে মোৰ কিবা এটা কৰাৰ বৰ মন আছিল , সৰুৰে পৰাই। সেয়ে পি.ইউ. পঢ়ি থাকোতে মনত খেলালে আমাৰ গাঁৱত এটা ডাকঘৰ নথকাৰ কথাটোৰ কিবা এটা কৰাৰ কথাটো।চিঠি এখন পঠিয়াবলৈ দহ মাইল খোজ কাঢ়ি যাব লাগে তহঁতৰ ককাৰ- – সদায়ে কোৱা কথাখিনি আকৌ আৰম্ভ কৰিলে ঈশ্বৰ বৰুৱাই মাজনীৰ আগত। মাজনীয়ে ও সেইয়া প্ৰথম শুনাৰ দৰে শুনি যায় দেউতাকৰ কথাবোৰ। অ’ মই কি কৈ আছিলো।বাৰু শুন ।তোৰ ককাৰ আছিল লেখা – মেলা জনা মানুহ। গাঁৱৰ সকলো চিঠি – পত্ৰ লিখাৰ লগতে ডাকঘৰত গৈ প’ষ্টো কৰিছিলে গৈ তোৰ ককাৰেই।বিনিময়ত। বিনিময়ত কাৰো পৰা তামোল এখনো খোৱা নাছিল অ’ মাজনী।সেই পিতৃৰ সন্তান হৈ মই বাৰু কেনেকৈ বহি থাকো হাত সাৱটি!সেয়ে মৰসাহ কৰি তেতিয়াৰ ৰাজধানী শ্বিলঙলৈ গৈ আবেদন কৰিলো গৈ। অহা- যোৱাৰ খৰছ টিউচনৰ ধনৰ(!)। মোৰ বয়স আৰু সাহস দেখি অফিচাৰজন সন্তুষ্ট হ’ল ।এখন ভিতৰুৱা গাঁৱৰ পৰা ওলাই গৈ ইংৰাজীতে যেতিয়া মই তামিলনাডুৰ অফিচাৰজনক বুজাই ক’লো তেখেত তেতিয়া বৰ প্ৰসন্ন হ’ল আৰু আমাৰ গাঁৱে লাভ কৰিলে এটা ডাকঘৰ। দহ মাইলটোক দহ খোজ কৰিবলৈ ঈশ্বৰক কৰা খাটনি শুনিলে অ’ মাজনী শুনিলে ঈশ্বৰে!!

দেউতা আপুনি চোন নিজেই ঈশ্বৰ!!নুশুনিব কিয় ??

ধ্যেৎ এইজনী , ধেমালি কৰি থাক। মই ঈশ্বৰ নহয় অ’ মাজনী ।মোৰ পিতৃপ্ৰদত্ত নাম হে ঈশ্বৰ।

নহয় দেউতা আপুনি ঈশ্বৰেই। আপুনি মাৰ ঈশ্বৰ, মোৰ ঈশ্বৰ। দেখিলে দুটা ভোট পালেই দেখোন ।আৰু বহুতৰেই ঈশ্বৰ।আৰু বাকীবোৰ কথা পাহৰি যাওঁক দেউতা । মনত ৰাখক কেৱল আপোনাৰ কথাবোৰ, কামবোৰ।মাৰ প্ৰাৰ্থনাবোৰ। বাৰু দেউতা , আপুনি পতা স্কুলখনৰ কথা কওঁক চোন। কেনেকৈ আপুনি গাঁৱৰ অলিয়ে – গলিয়ে ঘূৰি ফুৰা খোজবোৰক পঢ়াশালি মুৱা কৰিছিলে? কেনেকৈ, কাৰ পৰা স্কুল পাতিবৰ বাবে মাটিখিনি পাইছিলে ? কেনেকৈ মাত্ৰ একৈশ বছৰ বয়সতে গাঁৱত স্কুল পাতি অসাধ্য সাধন কৰিছিলে। কওঁক চোন দেউতা কওঁক। আৰু দেউতা , স্কুল পাতিবলৈ ঘৰে- ঘৰে হুচৰি মাৰি – মাৰি পইচা গোটাই থাকোতেই মাক লগ পাইছিলে ন। বাৰু কওঁক চোন মাক দেখি কোন ফাঁকি বিহুনাম গাইছিল আৰু কি- কি লিখিছিলে চিঠিত??

মাজনীয়ে জানে এইবোৰ কথা মুকলিকৈ পাতিবলৈ ভাল নাপায় দেউতাকে ।তথাপিও তাই জোকাই দেউতাকক।অকণমান হাঁহে যদি মানুহজনে। কেয়াৰ টেকাৰে ৰান্ধি দিয়া চাহ-ভাত খাই- খাই মানুহজন শুকাই যাবলৈ ধৰিছে ভিতৰি- ভিতৰি। তাই লৈ আনিব খোজে দেউতাকক তাইৰ লগলৈ। নাহে, আহিব নোৱাৰে দেউতাক।

নিজৰ ঘৰখন এৰি ,গাওঁখন এৰি।আৰু মাৰ স্মৃতিবোৰ এৰি…..।

আজি নকওঁ দে মাজনী । কালিলৈ ক’ম। কালিলৈ ক’ম দেই ।আজি বৰ ভাগৰ লাগিছে অ’ মাজনী।

আপোনাৰো ভাগৰ লাগানে দেউতা।বাৰু হ’ব দিয়ক ।আজি চাগে খোজ কাঢ়িবলৈ নগ’ল ন দেউতা। ৰ’ব মই সুধিম আজি শ্যামলী বাইদেউক!

বাৰু বাৰু হ’ব দে কালিলৈ যাম খোজ কাঢ়িবলৈ ।আৰু একো নুসুধিবি শ্যামলীক। দুটা টকাৰ বিনিময়ত হ’লেও আছে যে মোৰ লগত।আৰু শ্যামলী নহ’লে চোন মই ভোকতে…..!

  দেউতা……! মাজনীৰ চকুয়ে বৈ আহিল তাইৰ দুখবোৰ। জন্মদাতৃ পিতৃৰ বৃদ্ধাৱস্থা অথচ তাই কৰিব পৰা নাই একোৱেই ।

———–

জাননে মাজনী পুৰুৰ কথা।পিতৃ যযাতিক নিজৰ যৌৱন দি দিছিল। তহঁতি একোকে দিব নোৱাৰিবিহঁত নে তহঁতৰ দেৱতুল্য দেউতাৰক— মাকৰ কথাষাৰ বাজি উঠিল মাজনীৰ বুকুত।তাই সংকল্প ল’লে তাই হ’ব ঈশ্বৰৰ পৃথিৱী। এসময়ত তুমি ঈশ্বৰৰ পৃথিৱী আছিলা মা। সংসাৰৰ সকলো দুখ- কষ্ট মূৰ পাতি লৈ দেউতাক আগবঢ়াই দিলা সমাজলৈ। দেউতাই কৰি গ’ল ইটোৰ পিছত সিটো সমাজৰ হকে কাম।আজি মই কথা দিলো মা আজিৰে পৰা মই হ’ম দেউতা ঈশ্বৰৰ পৃথিৱী। দেউতাক মই মোৰ লগলে লৈ আনিমেই আৰু আনিব নোৱাৰিলে মই টেন্সফাৰ লৈ দেউতাৰ ওচৰলৈ গুচি যাম মা। আৰু মই আগবঢ়াই দিম মোক সমাজলৈ। প্ৰতিজনী জীয়াৰীয়েই খোজ থ’ব মোৰ পথত। মই জানো মা তুমি মোক সাহস দি থাকিবা , দুয়োখন ঘৰকে সমান্তৰাল ভাৱে আগুৱাই লৈ যাবলৈ!! মই পাৰিম নে মা ঈশ্বৰৰ পৃথিৱী হ’ৱ মাটিৰ মানুহৰগান নতুনকৈ লিখিব!!! কোৱা মা কোৱা??? মাজনীয়ে আওঁৰালে মাকৰ মুখৰ শ্লোকটি—

 “শুশ্ৰূষস্ব গুৰুন্কুৰু প্ৰিয়সখীবৃত্তিং সপত্নীজনে,

ভৰ্তুবিৰ্প্ৰকৃত্যাপি ৰোষণতয়া মা স্ম প্ৰতীপং গমঃ।

ভূয়িষ্ঠং ভৱ দক্ষিণা পৰিজনে ভাগ্যেস্বনুৎসেকিনী,

যান্ত্যেৱং গৃহিনীপদং যুৱতয়োঃ

বামাঃ কুলস্যাধয়োঃ।।

অৰ্থতো, অৰ্থতো ইতিমধ্য হৃদয়ঙ্গম কৰি উঠিছে মাজনীয়ে …..। মাত্ৰ ‘সপত্নীজনে’ শব্দটোৰ …! অ’ তাই তাইৰ সীমাবদ্ধতাকেই ল’ব ‘সপত্নী’ অৰ্থাৎ সতিনী বুলি..আৰু সেই সীমাবদ্ধতাক দূৰ কৰি তাই লিখি যাব মাটিৰ মানুহৰ নতুন গান…..!!!

You might also like

Comments are closed, but trackbacks and pingbacks are open.