ইন্দুনিভা বৰা
মালতীৰ মাহেকীয়া নোহোৱা পষেকেই পাৰ হ’ল। তাই বিয়া হৈ অহা তিনি মাহ হৈছেহে মাথোঁ।গাত বাৰু লেথা লাগিলেই নেকি? শাহুৱেকে তাইক এবাৰ ডাক্তৰৰ ওচৰৰ পৰা আহিবলৈ কৈ আছে। কিন্তু লাজে ভয়ে বেৰি ধৰাত তাই ইটো সিটো কৈ ডাক্তৰৰ ওচৰলৈ যোৱা নাই।মালতী ঘৰৰ ডাঙৰ ছোৱালী।তাইৰ তলত ভণীয়েক দুজনী আছে। সেয়ে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়াৰ পাছতেই তাইক ঘৰৰ পৰা বিয়া দি ওলিয়াই পথালে।হৰেণ তাইতকৈ দহ বছৰ মান ডাঙৰ। দূৰ সম্পৰ্কীয় খুৰাক এজনে ল’ৰাঘৰক দেখুৱাই দিয়াত তাইৰ মাক-দেউতাকেও একো আপত্তি নকৰাকৈ অনুস্থূপিয়াকৈ বিয়াখন পাতিলে। দেউতাকে তাইক সাৱটি বহুত কান্দিলে। দেউতাকৰ সেই কান্দোনৰ বিননিত তাই দেউতাকৰ মনৰ সকলো কথাই বুজি পালে। তাইৰ মাক-দেউতাকৰ প্ৰতি কোনো আক্ষেপ নাই। তিনিজনী ছোৱালীৰ ভৱিষ্যতৰ কথা ভাৱিয়ে মাক-দেউতাকে তাইক সোনকালে বিয়া দিব লগা হ’ল। তাইৰ বিয়া হোৱাৰ মন নাছিল যদিও ঘৰখনৰ কথা ভাৱিয়ে মালতীয়ে এবাৰো প্ৰতিবাদ নকৰিলে।দেউতাকে ল’ৰা নাই বুলি কোনো দিন দুখ কৰা তাই দেখা নাপালে। কিন্তু টকা-পইছাৰ অভাৱী ঘৰখনে তিনিজনীকৈ ছোৱালীক উচ্চ শিক্ষা দিবলৈও অপাৰগ। গতিকে ভাল জোঁৱাই এজন পাই মালতীৰ মাক-দেউতাকো সুখী হ’ল। মাক-দেউতাকৰ কথা ভাবি মালতীৰ চকুপানী বৈ আহিছিল। গিৰিয়েকে মাত লগোৱাতহে তাই বাস্তৱলৈ ঘূৰি আহিল।
“কিয়নো কন্দা কটাখন কৰি আছা? গা বেয়া লাগিছে যদি অলপ শুই লোৱা।মায়ে তোমাক ডাক্তৰৰ ওচৰৰ পৰা আনিবলৈ কৈয়ে আছে, ব’লা গৈ আহোঁ নহ’লে।”
লৰা-লৰিকৈ চাদৰৰ আচলেৰে চকুৰ পানীখিনি মচি মালতীয়ে ক’লে –
“গা বেয়া লগা নাই, মনটোহে অলপ বেয়া। আজি নাযাওঁ কালিলৈ আগবেলাতে যাম।”
ঠিক আছে তেতিয়াহ’লে বুলি হৰেণ হিচাপৰ বহীখন লৈ আকৌ দোকানলৈ গ’ল। মালতীৰ গিৰিয়েক হৰেণে মালতীক খুউব মৰম কৰে। দোকানত ব্যস্ত হৈ থাকে যদিও কামৰ মাজে মাজে দুই এবাৰ আহি তাইক চাই যায়হি।
মালতীৰ গিৰিয়েকে অযথা বেছি কথা নাপাতে। গতিকে তাইৰ মনৰ কথাখিনি ৰাতি ভালকৈ আলোচনা কৰিব লাগিব। বিয়াৰ পাছত এই তিনিমাহতে মানুহজনক তাই সম্পূৰ্ণকৈ জানি-বুজি হোৱাই নাই গতিকে এনেকুৱা কথাবোৰ সহজকৈ আলোচনা কৰিব পাৰিবনে তাই? মানুহজনৰ মনৰ ভাৱ কেনেকুৱাবা হ’ব?মালতীৰ মুঠতে এশ এবুৰি চিন্তা। বোৱাৰী হৈ আহি শাহুয়েকক কামত হাত উজান দিছিলহে, এতিয়া যদি বন্দী হৈ যায় তেনেহ’লে শাহুৱেকে জানো ভালপাব? তাইৰো মনটো বেয়া লাগি থাকিব। যি হ’লেও আজি ৰাতি গিৰিয়েকৰ লগত কথাটো পাতিব লাগিব। সন্ধিয়াৰ ধূপ -চাকি জ্বলাই মালতী শাহুৱেকৰ লগত ৰন্ধা-বঢ়াত লাগিল।
দোকান সামৰি গা-পা ধুই হৰেণ ডাইনিং টেবুলতে বহি পাপনৰ গান শুনি আছে। মাজে মাজে দুই এটা কলি গুণগুণাইও আছে। মালতীয়ে চাহ একাপ দিবলৈ আহি দেখিছে হৰেণ গান শুনি একেবাৰে মন্ত্ৰমুগ্ধ হৈ আছে-
“হাঁহি এটি পিন্ধি লোৱা অনেক হাঁহি বিয়পিব, ভাঙি-পাতি খুলি কোৱা মনৰ দ্বিধা আঁতৰিব।”
গানৰ কলিটো শুনি মালতীৰো মনতো ফৰকাল হৈ পৰিল। মালতীৰ এনেকুৱা লাগিল যেন পাপনে তাইৰ কাৰণেই গানটো গাইছে। গাত হেঁচুকি দিয়াতহে হৰেণে চাহ কাপ হাতপাতি ল’লে। সলাজ হাঁহি এটা মাৰি ভাত ৰন্ধা কিমান আগবাঢ়িছে খবৰ লʼবলৈ নাপাহৰিলে। হৰেণে বেছি কথা নক’লেও তাইৰ সুবিধা অসুবিধাৰ পাৰ্যমানে খবৰ ৰাখে।মুখ ফুটাই কিছুমান কথা নক’লেও অনুভৱ কৰিব পাৰে।আন আন ছোৱালীৰ দৰে মালতীৰো কলেজলৈ যাবলৈ মন আছিল। কোনোবা ধুনীয়া ডেকা এটাৰ প্ৰেমত পৰিবলৈ মন আছিল। মন আছিল প্ৰিয়জনৰ বুকুত সোমাই সুখ-দুখৰ কথা পাতি জীৱনটো প্ৰেমময় কৰি তুলিবলৈ। বিয়াৰ আগত প্ৰেম নাহিল মালতীৰ জীৱনলৈ। এতিয়া কিন্তু প্ৰেম নাই বুলি তাই ক’ব নোৱাৰে। মানুহজনক অলপ সময় নেদেখিলে দেখোন তাইৰ মনটো বেয়া লাগে। হৰেণে তাইক ধুনীয়া লাগিছে বুলি ক’লে তাইৰ হাঁহিত অলেখ অলকানন্দা ফুলে। তাই নিবিচৰাকৈ কেতিয়াবা লিপিষ্টিক এটা, কেতিয়াবা কাজল এডাল আনি দিলেই তাইৰ মনটো কৃতজ্ঞতাৰে ভৰি উঠে। ৰাতি ভয় লাগিলে মোক জগাই দিবা বুলি যেতিয়া কয় মানুহজনক দেউতাকযেনো লাগে।দালিত নিমখ নহ’লেও একো এষাৰ নোকোৱাকৈ ভাতসাঁজ খালে তাইৰ নিজকে ভাগ্যৱতী যেন লাগে। বিয়াৰ পাছত ঘৰলৈ মনত পৰিছে চাগে ব’লা থৈ আহো, দুদিন থাকি আহিবা বুলি কৈ চাৰিদিন পাছত আনিবলৈ গ’লে মালতীৰ অভাৱ-অভিযোগ দিবলৈ একো সুৰুঙা নাথাকে। মানুহজনে বুকুলৈ চপাই আনি শুলে গোটেই পৃথিৱীৰ কথা পাহৰি আলফুলকৈ গভীৰ টোপনি আহে। বিয়াৰ পাছতো প্ৰেম হয় বুলি মালতীয়ে কোৱা শুনিছিল, হয়তো এয়াই মালতীৰ প্ৰেমৰ আৰম্ভণি। শাহুৱেকে ভাত বাঢ়ি দুয়োটাকে মজিয়ালৈ মাতিলে। মালতীয়ে ধুই থকা বাচনবোৰ ৰেগত ভালকৈ থৈ ভাতৰ পাতত বহিলহি। দুই গৰাহ মান খাওঁতেই তাইৰ বমি বমি ভাৱ হোৱাত মালতীয়ে আৰু ভাত খাব নোৱাৰিলে। মালতীৰ অৱস্থা দেখি শাহুৱেকে ভোৰভোৰাই উঠিল। ডাক্তৰক দেখুৱাই আহিবলৈ কৈ আছোঁ কথা শুনিলেহে ইহঁতে। হৰেণে পুৱাই যোৱাৰ সিদ্ধান্ত ল’লে।
হৰেণে পাকঘৰ সামৰাত মাকক সহায় কৰি দি ৰুমলৈ আহিল। মালতী হৰেণ অহালৈ অপেক্ষা কৰি বিছনাখনতে বাগৰি আছিল। ইমান সোনকালে পাৰিব জানো তাই মাক হ’বলৈ? মালতীয়ে কি কওঁ, কেনেকৈ কওঁ ভাৱি থাকোতেই হৰেণে আৰম্ভ কৰিলে- তুমি সন্তান সম্ভাৱা হৈছোঁ বুলি ভাবিছা কাৰণেই চাগে ডাক্তৰৰ ওচৰলৈ যাবলৈ ভয় কৰিছা।হয়তো তুমি মাক হ’বলৈ নিজকে প্ৰস্তুত কৰিব পৰা নাই। তুমি মাহেকীয়া নোহোৱাৰ আন কাৰণো থাকিব পাৰে। ডাক্তৰক দেখুৱালেহে আমি সকলো কথা জানিম। যদি তোমাৰ গৰ্ভত আমাৰ আহিবলগা সন্তানে স্থিতি লৈছে তেনেহ’লে আমি এই সন্তানক সুস্থ-সবলকৈ পৃথিৱীলৈ আনিবলৈ এতিয়াৰ পৰাই সযত্নে থাকিব লাগিব। আমাৰ আহিবলগীয়া সন্তানৰ ভৱিষ্যতৰ কাৰণে আমি দায়িত্বশীল হ’ব লাগিব।
হৰেণৰ কথা শুনি মালতী লাজত ৰঙা-চিঙা পৰি গ’ল।মালতীৰ লাজ দেখি হৰেণে তাইক সাৱটি লৈ বুজালে। লাজ বা ভয় কিয় কৰিব লাগেনো? যদি তুমি সঁচাই সন্তান সম্ভাৱা হৈছা, সেয়া ঈশ্বৰ প্ৰদত্ত। আজিৰ পৃথিৱীত বহু মানুহেই সন্তান প্ৰাপ্তিৰ বাবে মঠ-মন্দিৰ, ডাক্তৰৰ চেম্বাৰে চেম্বাৰে ঘূৰিছে। বহুলোকে বহু চেষ্টা কৰিও সন্তানৰ মুখ দেখা নাই। তেনেস্থলত আমাক ভগৱানে এয়া কৃপা কৰিছে বুলি ভাৱা। বিয়াৰ পাছত এইবোৰ কথা তেনেই স্বাভাৱিক,অতি সাধাৰণ।যেতিয়া তুমি মাক হ’বা, তেতিয়া মই হ’ম সকলোতকৈ সুখী দেউতাক। আমাৰ মা হ’ব পৃথিৱীৰ সকলোতকৈ সুখী আইতাক।তুমি আমাৰ ঘৰখনক যি আনন্দ দিবা, যি সুখ দিবা সেইয়া একোৰে জুখিব নোৱাৰিম, একোৰে তুলনা নহ’ব।আমাৰ সংসাৰখন তেতিয়া সম্পূৰ্ণ হ’ব।এতিয়া শুৱলৈ যত্ন কৰা সোণজনী।বেছিকৈ একো নাভাৱিবা। চিন্তাই মানুহৰ শৰীৰ, মন সকলোতে প্ৰভাৱ পেলাই। মালতীৰ চুলিত হাত ফুৰাই ফুৰাই হৰেণ টোপনিৰ কোলাত ঢলি পৰিল।
বহু চেষ্টা কৰিও মালতীৰ টোপনি অহা নাই, হৰেণৰ কথা কেইটাই মালতীক যথেষ্ট সাহস দিছে। হৰেণে বেছি মৰম লাগিলে তাইক সোণজনী বুলি মাতে। হৰেণৰ মৰমবোৰত তাই সঁচাকৈ সুখী। কিন্তু মনৰ পৰা নিজকে পাৰিছেনে তাই মাকৰ শাৰীলৈ উন্নিত কৰিব ? পত্নী আৰু বোৱাৰী হোৱাৰ আখৰা কৰিছিলহে আকৌ মাক হোৱাৰ আখৰাত নামিব লাগিব। ভাল জী হ’বলৈ বিয়াত বহিলে, ভাল পত্নী আৰু ভাল বোৱাৰী হ’বলৈ সংযত আচৰণ, নিয়ম-নীতি শিকিলে। এতিয়াৰ পৰা মাক হ’বলৈ নিজকে প্ৰস্তুত কৰিব লাগিব। পাৰিবনে বাৰু তাই? তাইৰ কোলাত আহি সন্তানটোৱে সকলোতকৈ নিৰাপদ ঠাইখন পাবনে? কথাবোৰ ভাৱি ভাৱি হাতেৰে পেটটো এবাৰ চুই চালে। আকৌ এবাৰ মোহাৰি মৰম কৰিবলৈ মন গ’ল দেখোন তাইৰ। মাক হ’ম বুলি ভৱাৰ লগে লগে তাইৰ দুচকু সেমেকি উঠিল।কি আচৰিত ! অকনমান আগলৈকে যিটো সত্য তাই মানি ল’বলৈ অস্বীকাৰ কৰিছিল, মাত্ৰ এবাৰ সন্তানৰ কল্পনাতে তাইৰ দুচকু ভৰি আহিল। মমতা সঁচাকৈ অদ্ভূত! তাইৰ গৰ্ভত অংকুৰণ হোৱা গজালিটোক তাই নিশ্চয় পৃথিৱীলৈ আনিব।কণমানি হাত-ভৰি, কোমল স্পৰ্শ,থুনুক-থানাক মাত, কথাবোৰে মালতীক ভাৱবিভোৰ কৰি তুলিলে।চকুৰ আগত ভাঁহি উঠিল এখন শিশুৰ মুখ, কাণত বাজি উঠিল শিশুৰ কোমল মাত মা,মা। মালতী হৰেণৰ লগত পুৱা ডাক্তৰৰ ওচৰলৈ ৰাওনা হ’ল। অট’খনতো হৰেণৰ প্ৰিয় শিল্পী পাপনৰ গান এটি বাজি আছিল- “হাতে হাত ধৰি আজি বহু দূৰ আহি পালোঁ,
বাৰ্তালাপ কিনো কৰোঁ
নোকোৱাকৈয়ে বুজোঁ..।”
মালতীয়ে নোকোৱাকৈয়ে হৰেণেও সকলো কথাই বুজি পায়।আগৰ জন্মৰ পূণ্যৰ ফলতে হয়তো মালতীয়ে হৰেণক স্বামী হিচাপে পালে।কিবা এটা আপাহত মালতীয়ে হৰেণৰ হাতখন খামুচি ধৰিলে। হৰেণেও হাতৰ মুঠিটো টান কৰি মালতীক যেন বহু কথাৰ আশ্বাস দিলে। অট’ৰ পৰা নামি মালতী চুচুক-চামাককৈ ডাক্তৰৰ চেম্বাৰলৈ সোমাই গ’ল।
©ইন্দুনিভা বৰা
Comments are closed, but trackbacks and pingbacks are open.