গল্প : পানীৰ মানুহ

12

ববিতা কলিতা

চিৰন্তন গতিত জলচক্ৰ ঘূৰিছে।মাটিৰ মায়া এৰি আকাশলৈ উৰি যোৱা জলকণাবোৰ বৰষুণ হৈ পুনৰ মাটিলৈকে নামি আহিছে।নিচলা মাটিবোৰেও নিজৰ বুকু খহাই ৰাতিতেই সাগৰ হৈ পৰিছে।পাৰভঙা পানীৰ সোঁতত পানীমেটেকাৰ দৰে উটি আহিছে সৰু-ডাঙৰ বহু মানুহৰ মূৰ।

ৰংবৰে চাই ৰৈছে বছৰি সাগৰ হৈ পৰা নৈখনলৈ।তাৰ চকুৰ সন্মুখতে ৰংহীন পানীবোৰে ঘনে ঘনে ৰং সলাইছে।কেতিয়াবা ই মাটিৰঙী হৈ পৰিছে।কেতিয়াবা হৈ পৰিছে তেজৰঙী!ৰংবৰৰ স্মৃতিৰ আকাশখনত বিজুলী ৰেখা এডালৰ দৰেই ক্ষণিকৰ বাবে ভুমুকিয়াই পুনৰ নোহোৱা হৈ পৰিছে তিৰাশীৰ অভিশপ্ত দিনটোত ৰঙা হৈ পৰা কিলিং নৈখন।প্ৰাণকাতৰ আৰ্তনাদবোৰ বতাহত ঢৌ তুলি তুলি হেৰাই গৈছে কোনোবা দূৰণিত ।

ৰংবৰ ভাবৰাজ্যৰপৰা উভতি অহাৰ আগতেই মানুহৰ মূৰকেইটা উটি আহি পাৰত লাগিল।লগে লগে পাৰত জুম বান্ধি থকা সহায়কাৰীৰ দলটো তৎপৰ হৈ পৰিল।পানীৰ বাটেৰে আহি পানীকে জীৱন কৰা মানুহবোৰক আজি পানীয়ে খেদিছে।মাটি-ভেটি বানত উটি যোৱা মানুহবোৰে অকণ আশ্ৰয় বিচাৰি পাৰলৈ ঢপলিয়াই আহিছে।

কিন্তু কিমান দিনলৈ এইচাম মানুহে আশ্ৰিতৰ জীৱন যাপন কৰিব?পানী নামি নোযোৱালৈকে?বৰষুণ কমি নহালৈকে?আশ্ৰিতৰ আকাশ জানো কাহানিবা ফৰকাল হয়?এইচাম মানুহৰ মূৰত সদায়েই ওলমি ৰয় অনিশ্চয়তাৰ একোচপৰা ক’লা ডাৱৰ।ভাত-কাপোৰৰ অনিশ্চয়তাৰপৰা জীৱন-মৃত্যুৰ অনিশ্চয়তালৈ।পৰিচয়ৰ অনিশ্চয়তাৰপৰা অধিকাৰ আৰু ন্যায়ৰ অনিশ্চয়তালৈকে।

ৰংবৰে মন কৰিছে সদায় নিজৰ মাজত দন-খৰিয়াল,কটা-মৰা কৰি থাকিলেও বিপদৰ দিনত গাঁৱখনৰ মানুহবোৰ বনৰীয়া কাউৰীজাকৰ দৰেই একলগ হৈ পৰে।আজিও পানীয়ে খেদা মানুহবোৰে অৱশিষ্ট লামলাকটুখিনি সামৰি দল বান্ধি অলপ ওখ মাটি বিচাৰি আহিছে।বাঢ়নী পানীৰ বাটেৰে আহি থকা মানুহজাকৰ মূৰকেইটাহে দূৰৈৰপৰা দেখা পোৱাকৈ ওলাই আছে।দৃশ্যটোৱে ৰংবৰৰ বুকুখন কঁপাই গৈছে।

বুকু নে কি জানো তাৰ এইখন ?তাহানিতে খুকুৰিৰে দুছেৱ কৰা তাৰ এখুদমান বুকুখন!আজিও তাৰে এটা ফাল অতীতৰ এন্ধাৰত মুখ গুজি পৰি থাকে আৰু আনটো ফালে বৰ্তমানৰ সৈতে যুঁজ বাগৰ কৰে।মৃত্যুৰ ফৰমান হৈ সোঁ-সোৱাই উৰি অহা বিহলগা কাঁড়বোৰে খুচি-বিন্ধি তাক শান্তিপৰ্বৰ ভীষ্ম কৰি তোলে।

বেজাৰৰ ভৰত ৰংবৰে তাৰ চকুদুটা মুদি দিয়ে।কিন্তু কিছু পৰলৈকেহে।তাৰ চৌপাশ বন্যাৰ্তৰ হাই-উৰুমিৰে মুখৰ হৈ পৰে।চকু মেলি চায় সি পানীয়ে ভঙা মানুহবোৰৰ বিলৈ-বিপত্তিবোৰ।অলপ খাদ্য,অলপ আশ্ৰয়ৰ বাবে সিহঁতে হেতা-ওপৰা লগাইছে।ইজনক ঠেলি সিজনে আগুৱাই গৈছে।এইখন খেলত সিহঁত যেন অভ্যস্ত হৈ পৰিছে।কেৱল মুনিহ-তিৰোতাই নহয়,নাঙঠ-পিঙঠ পেন্দুকণাবোৰেও জনা হৈছে হাত নেমেলিলে সিহঁতৰ পেট নভৰে।

ৰংবৰে ভাবি নাপায় কিয় সিহঁতে পালন কৰিব নোৱাৰাকৈ ইমানবোৰ সন্তান জন্ম দিয়ে?দিনজোৰা শ্ৰমৰ অন্তত ক্ষন্তেকীয়া দেহাৰ গৰম পাতলাবলৈকে সিহঁতে এটিৰ পাছত আনটি সন্তান ধৰালৈ আনে আৰু তুলি দিয়ে দুৰ্ভাগ্যৰ কোলাত!নে কেতবোৰ নেতাই আশংকা কৰাৰ দৰেই ইহঁতৰ জনসংখ্যা বৃদ্ধি কোনো ৰাজনৈতিক এজেণ্ডাৰ ফলশ্ৰুতি?

পুষ্টিহীন শিশুকেইটিলৈ চাই ৰংবৰে খৰধৰকৈ ৰিলিফৰ বাবে অনা সামগ্ৰীসমূহ স্বেচ্ছাসেৱীৰ দলটোলৈ আগুৱাই দিয়ে।তাৰ মনত পৰে সি বছৰি অংশ লৈ অহা জোনবিলৰ মেলাখনলৈ।জোনবিলৰ দৰে নহয় পিছে এইখন মেলা।এইখন আৰ্তজনৰ মেলা।ইয়াত বিনিময় নচলে।মানবতাই কেতিয়াও বিনিময় নিবিচাৰে।তথাপি মনৰ কোনোবাখিনিত প্ৰশ্ন জাগে এইসকল মানুহ সদায়েই কিয় আনৰ উদৰতা আৰু সহানুভূতিৰ মুখাপেক্ষী হৈ ৰ’বলগীয়া হয়?সিহঁতৰ শ্ৰম আৰু সংগ্ৰামবোৰে কিয় কাহানিও নাপায় যথোচিত মূল্য অথবা সামাজিক স্বীকৃতি?দেশহীন,জাতিহীন এই মানুহবোৰৰ যন্ত্ৰণাৰ শেষ ক’ত?

মৃত্যুত!

এৰা,মৃত্যুৱেইতো সকলো যন্ত্ৰণাৰ শেষ উপাচাৰ।তেন্তে?

ৰংবৰ ৰৈ যায়।যি মানুহৰ জীৱন সহজ নহয়,তাৰ মৃত্যুও সহজ নহয়।আজিও তাৰ স্পষ্টকৈ মনত আছে সেই ভয়াবহ দিনটোৰ কথা।বুজি উঠিছিল সিদিনা সি সকলো এন্ধাৰ নিশাৰ একোটি হেঙুলী পুৱা নাথাকে।

সিদিনা পুৱাৰ সূৰ্যটোৱে নেলীৰ মানুহবোৰলৈ আশাৰ বাতৰি কঢ়িয়াই অনা নাছিল।আনিছিল মৃত্যুৰ বিভীষিকা।কাৰ নিৰ্দেশত সিদিনা মৃত্যুই নাচিছিল?কোনেও জনা নাছিল।কেৱল চকুৰ সন্মুখতে ঢলি পৰিছিল জীৱনবোৰ তেজৰ দোঙাত।ৰাজনৈতিক সিদ্ধান্ত এটাৰ মূল্য দিবলগীয়া হৈছিল হেজাৰ হেজাৰ নীৰিহ জনতাই।

“অবৈধভাৱে অহা মানুহ নিৰীহ হ’ব নোৱাৰে।সিহঁত আহিছেই আগ্ৰাসী ৰূপ লৈ থলুৱা ভাষা-সংস্কৃতিক ধ্বংস কৰিবলৈ।সিহঁত আহিছে এক বিৰাট ৰাজনৈতিক চক্ৰান্তৰ অংশীদাৰ হৈ।সিহঁত আহিছে জনবলেৰে ক্ষমতা দখল কৰাৰ ব্লু-প্ৰিণ্ট লগত লৈ।”

জাতি বচাবলৈ অহা নেতাবোৰে অবৈধ নাগৰিকৰ কথা কৈ হত্যাক বৈধতা দিবৰ চেষ্টা কৰিছিল।তেওঁলোকৰ বাবে নিশাৰ আন্ধাৰত তাঁৰকাটা পাৰ হৈ অহা মানুহবোৰ অবৈধ আছিল।অথচ দিনৰ পোহৰত তেনে লোকক ডেগাৰেৰে ফালি-চিৰি পেলোৱাটো,গুলীৰে থকা-সৰকা কৰাটো,কাঁড়েৰে শেলি পেলোৱাটো বৈধ আছিল!

ৰংবৰৰ বুকুখন সিদিনা কোনে দুছেৱ কৰিছিল?সি দেখিছিল সিদিনা সেইজন মানুহক।চিনাকি মানুহৰ আচিনাকি ৰূপবোৰ কাহানিও পাহৰা নাযায়।পাহৰা নাই ৰংবৰেও।

ৰংবৰ সিদিনা পুৱাতেই জাহিৰৰ ঘৰলৈ গৈছিল।জাহিৰে আগদিনাই টোপ গোটাই থৈছিল।সিহঁত দুয়ো মিলি বৰশী টোপাই দোঙাত মাছ ধৰাৰ কথা আছিল।

“কোনে প্ৰথমে বৰশী বাব?”

পথাৰখন পোৱাৰ পাছত দুয়োৰে মাজত অৰিয়াঅৰি এখন লাগিল।অৰিয়াঅৰিৰপৰা দবৰা-দবৰি এখন লাগি দুয়ো পথাৰৰ বোকাৰে লুতুৰি-পুতুৰি হৈ পৰিল।

“বৰশী মোৰ।গতিকে মইহে প্ৰথমতে ব‍াম।”ৰংবৰে দাবী কৰিলে।

“টুপ নাথাকলে মাছ কিবা মাৰবা?টুপ আমাৰ।এললাইগ পইলা মাছ আগে আমিই মাৰাম।”জাহিৰেও জেদ পাতি ধৰিলে।

দুটি কিশোৰৰ খলৰ কিবা এটা ফয়চালা হোৱাৰ আগতেই জাহিৰহঁতৰ গাঁৱৰ ঘৰবোৰ জুইৰ শিখা আৰু ক’লা ধোঁৱা হৈ আকাশলৈ উৰি যাবলৈ ধৰিলে।

জাহিৰে টোপ বান্ধি লোৱা কঁচুপাতৰ টোপোলাটো দলিয়াই ঘৰমুখে প্ৰাণেপণে দৌৰ দিবলৈ ধৰিলে।পিছে পিছে দৌৰি থাকিল ৰংবৰ।হাতৰ বৰশীডালৰ বাবে সি জাহিৰৰ সমানে দৌৰিব নোৱাৰি পাছ পৰি ৰ’ল।

“অংবৰ।তুমি তোমাৰ গাঁও গুইৰা যাওগা।”

জাহিৰে তাৰ সন্মুখত হাতত অস্ত্ৰ লৈ দৌৰি অহা বলিয়া মানুহৰ জাকটো দেখা পাই চিঞৰি উঠিল।

“মই অকলে কিয় উভতি যাম?তইও আহ মোৰ লগত।”ৰংবৰে ফোঁপাই ফোঁপাই কৈ গ’ল।

“তুমি যাওগা ভাই।বাৰীত আম্মা-আব্বা কেওই নাই।ছোট বৈইনটা এহলা আছে।তাৰা সেৰে মাইৰা হালব।”জাহিৰে দৌৰ বন্ধ নকৰিলে।

জাহিৰৰ সৰু ভনীয়েকজনী উপজিবৰ ছমাহেই হোৱা নাই।মাক-দেউতাকে তাইক অকলে এৰি যাব লাগেনে?

ৰংবৰৰ জাহিৰৰ মাক-দেউতাকলৈ খং উঠি আহিছিল।পিছে জাহিৰে বুজাই কোৱাত তাৰ খং আঁতৰিল।মাক-দেউতাকে জাহিৰক কৈ আহিছিল তাইক চাবলৈ।সি বৰশী বোৱাৰ লোভত শুই থকা ভনীয়েকজনীক পাটীতে এৰি ৰংবৰৰ লগত ওলাই আহিল।এতিয়া যে সিহঁতৰ ঘৰটো জ্বলি উঠিছে!তাই আছে জানো ভালে?নিজৰ প্ৰাণৰ মমতাতকৈ ভনীয়েকৰ চিন্তাই বলিয়া কৰিলে জাহিৰক।

পথাৰৰ মাজেৰে উৰাই-ঘুৰাই দৌৰি থকা জাহিৰ হঠাৎ কৰ্ফাল খাই পৰিল।ৰংবৰে তাৰ কাষ পোৱালৈকে সি মাটিতেই লেটি লৈ পৰি আছিল।

“জাহিৰ।ঐ জাহিৰ, উঠ।”

ৰংবৰে জাহিৰক উঠাবলৈ গৈ দেখা পাইছিল তাৰ বুকু ভেদি গৈছিল এডাল বিহলগা কাঁড়।মৰা মাছৰ দৰে মেল খাই ৰৈছিল তাৰ পোহৰহীন চকুহাল।

কোনে মাৰিছে মানুহবোৰক?কিয় মাৰিছে?

উত্তৰৰ সলনি শুনিছিল সি কেৱল প্ৰাণৰ মমতাত দৌৰি থকা মানুহবোৰৰ চিৎকাৰ,বিলাপ আৰু আৰ্তনাদবোৰ।

সি কোনপিনে দৌৰিব টলকিব নোৱাৰা হ’ল।দুৰ্বৃত্তই চৌপাশৰপৰাই আক্ৰমণ কৰিছে।যেনি দৌৰিছে তেনিয়ে উজুটি খাইছে সি একোজন মৃত অথবা অৰ্ধমৃত মানুহৰ গাত লাগি।

কিবা ভাবি সি জাহিৰৰ ঘৰৰ পিনেই দৌৰিবলৈ ধৰিলে।তাৰ ভনীয়েকজনী যে অকলে আছে!

পোৰা মঙহ আৰু কেঁচা তেজৰ গোন্ধ বতাহত বিয়পি পৰিছিল।ৰংবৰে ওকিয়াই ওকিয়াই জাহিৰৰ ঘৰৰ ফালে আগুৱাই গ’ল।কিন্তু ঘৰবোৰ তেতিয়ালৈ চিনিব নোৱাৰা হৈ পৰিছিল।পুৰি ছাই হোৱা ঘৰবোৰত আধা পোৰা আচবাববোৰ কেঁচা মজিয়াৰ অ’ত-ত’ত লাং খাই পৰি আছিল।ছাই আৰু ধোঁৱাৰ মাজত বিচাৰি থাকিল সি জাহিৰৰ কণমানি ভনীয়েকজনীক।

ৰংবৰ ধ্বংসস্তূপৰ মাজে মাজে ঘুৰ্মুটিয়াই থাকোঁতে কোনোবা টলকত মুখ বন্ধা মানুহৰ দল এটা তাৰ সন্মুখত আহি ৰ’লহি।সি দৌৰিবলৈ লওঁতেই দুজন মানুহে তাক গোবা মাৰি ধৰিলে আৰু এজনে তাৰ বুকুৱেদি চোঁচৰাই নিলে ডেগাৰ এখন।

এইখন ডেগাৰ সি চিনি পায়।যোৱাবছৰ জোনবিল মেলাৰপৰা সি তাৰ বাপেকৰ সৈতে গৈ ডেগাৰখন ‘টাগলা’ এসাজৰ বিনিময়ত কিনি আনিছিল।ডেগাৰৰ মুঠিটোত সি কটাৰীৰে কাটি কাটি তাৰ নামটো লিখি থৈছিল।সি ডেগাৰ ধৰা হাতখনো চিনি পালে।মাথোন সি চিনি নাপালে ৰাতিতেই সলনি হোৱা তাৰ সহজ-সৰল বাপেকটোক।বাপেকেও হয়তো চিনি নাপালে বোকাৰ আঁৰত লুকাই থকা তেওঁৰ নিজৰেই পুতেক ৰংবৰক।

“আমাৰ জাতিটো ভয়ংকৰ সংকটত পৰিছে।আইৰ মুখৰ ভাষাটো বিপদত পৰিছে।থলুৱাই নিজৰ মাটি ভেটি সকলো হেৰুৱাবলৈ ধৰিছে।পথাৰবোৰ এতিয়া বিদেশীৰ দখলত।বজাৰবোৰো বিদেশীৰ দখলত।ধনবল আৰু জনবলেৰে বিদেশীয়ে ৰজা হ’লে আমালৈ কি থাকিব?আমাৰ ভৱিষ্যৎ প্ৰজন্মই নিজৰ মাটিতেই বিদেশীৰ গোলামী কৰিব?

জাগিবৰ হ’ল বন্ধু।জাগিবৰ হ’ল।ভূমিপুত্ৰই নিজ মাতৃভূমিক সেৱা নকৰিলে কোনে কৰিব?মুখৰ কথাৰে কাম নিসিজে আৰু ভাইহঁত।চৰকাৰখনে ভোটৰ স্বাৰ্থত বিদেশীক নাগৰিক কৰি লৈছে।আমাৰ সকলো আবেদন ভৰিৰে মোহাৰি পেলাইছে।সাম,দামেৰে কাম নিসিজে আৰু।দ্বন্দ্ব লাগে।অস্ত্ৰ লাগে।বিদেশী খেদিব লাগে।দুখুনী অসমী আইক বুকুৰ তেজ দি বচাব লাগে।জয় আই অসম।”

“জয় আই অসম।”

নেতাৰ আহ্বানৰ সঁহাৰিত কঁপি উঠিছিল আকাশ-বতাহ।

নেতাই কৰা মেলবোৰৰ অৰ্থ এয়াই আছিল?ৰংবৰে নিজেও বিদেশী খেদা পিকেটিংবোৰত প্লে-কাৰ্ড লৈ দূৰ-দূৰান্তৰলৈ খোজ কাঢ়ি গৈছিল।তাৰ সৈতে জাহিৰো গৈছিল।সিহঁতে নাজানিছিল বিদেশী মানে কোন।সিহঁতে নাজানিছিল কাক খেদিবলৈ সিহঁতে শ্লোগান দি ফুৰিছে।কি ঠিক,ৰংবৰৰ বাপেকেও এই হত্যাযজ্ঞক অন্য দৃষ্টিৰে চাইছিল।শব্দ সলনি কৰি কৰি সলাই পেলোৱা হৈছিল জীৱন আৰু মৃত্যুৰ অৰ্থ।হত্যা পাপ।অথচ সংগ্ৰাম হৈছে অস্তিত্বৰ হকে কৰা যুঁজ।

যুঁজি আছে মানুহবোৰে।অহৰহ।

বানৰ বাবে সাজি উলিওৱা অস্হায়ী শিবিৰবোৰলৈ চাইছিল ৰংবৰে।দুকুৰি বছৰ আগতেও সজা হৈছিল এনে শিবিৰ।এমুঠি অন্নৰ বাবে কৰা হাহাকাৰবোৰ সি নিজ চকুৰে দেখিছিল।ইন্দিৰা গান্ধীক চাবলৈ ভোকাৰ্ত আৰু বেদনাৰ্ত মানুহবোৰে শিবিৰৰ সন্মুখত জুম বান্ধিছিল।দেশৰ প্ৰধানমন্ত্ৰীক দেখা পাই তেওঁলোকে মুহূৰ্তৰ বাবে নিজৰ বেজাৰবোৰ পাহৰি গৈছিল।তেওঁলোকে নাজানিছিল তেওঁলোকৰ অৱস্হাৰ বাবে দায়ী এনে বৰ বৰ নেতাসকলে লোৱা একোটা ৰাজনৈতিক সিদ্ধান্ত।দল-সংগঠনৰ নেতাৰ কিছু প্ৰৰোচনা।জনসাধাৰণৰ দুৰ্বল মনৰ কিছু শংকা।

সমস্যাবোৰৰ সমাধান জনতাৰ হাতত এৰি দিয়াৰ নামেই হৈছে অৰাজকতা।যি অৰজকতাৰ বলি হয় দেশৰ দুয়োপাৰৰ মানুহ।এপিনেদি দেশ এৰিবলগীয়া হোৱা মানুহবোৰক জীৱন আৰু জীৱিকাৰ আশ্বাস দিব নোৱাৰা তেওঁলোকৰ নিজ দেশৰ প্ৰশাসন আৰু আনপিনেদি অবৈধ অনুপ্ৰৱেশ ৰোধ কৰি থলুৱা মানুহক আস্বস্ত কৰিব নোৱাৰা অন্য এক সুবিধাবাদী প্ৰশাসন।এই দুটা পক্ষৰ চেপাত পিষ্ট হয় হেজাৰ হেজাৰ অসহায় মানুহ।কেৱল মানুহেই নে?ৰাজনীতিৰ পিহনাত পিষ্ট হয় মানুহক মানুহ কৰি তোলা সেই পুৰাতন মূল্যবোধবোৰ।প্ৰেম,বিশ্বাস, মানবতা আৰু উদাৰতা!

ৰংবৰে চাই ৰয় তম্বুৰে সজা বাওনা ঘৰবোৰ।এই শিবিৰবোৰ যেন মানুহৰ বিচাৰ-বুদ্ধি আৰু বিবেকৰ ব্যৰ্থতাৰ প্ৰতীক!

তেনে শিবিৰ এটাতেই পৰি আছিল সি কেইবাটাও দিন।কেইবাটিও ৰাতি।বুকৰ ক্ষতত মলম সানি দিছিল তাক কোনোবাই।শুকান ওঁঠখন পানীৰে তিয়াই দিছিল কোনোবাই।

সি চকু মেলিবৰ দিনা দেখিছিল তাৰ মূৰটো জাহিৰৰ মাকৰ কোলাত আছিল।অ’ত-ত’ত বেণ্ডেজ মৰা মানুহজনীক প্ৰথমতে সি চিনিব পৰা নাছিল।তেওঁ নিজে ৰংবৰক বুকুত সাৱটি লৈ কান্দিবৰ দিনাহে বুজিছিল সি এয়াচোন জেৰিনা চাচী।তেওঁ সুধি আছিল ৰংবৰক জাহিৰৰ কথা।আছে নেকি সি কৰবাত?জেৰিণা চাচীৰ প্ৰশ্নবোৰ শেষ হোৱাৰ পাছতে ৰংবৰে তাৰ কণমানি বুকুখনত তীব্ৰ বিষ অনুভৱ কৰিছিল।বাহিৰা ঘাঁডোখৰৰ বাবে নে তাৰ ভিতৰতো কিবা খহিছিল সি বুজা নাছিল।

জাহিৰৰ মাকে শিবিৰত থকালৈকে ৰংবৰক যত্ন কৰি গৈছিল।তেওঁৰ ভাগৰ ভাতমুঠিও ৰংবৰকে খুৱাইছিল।নিজৰে ঠিকনা নোহোৱা মানুহজনীৰ ৰংবৰক দিবলৈ মমতাৰ বাহিৰে একোৱেইতো নাছিল।

কিন্তু এদিন আহি ওলাল ৰংবৰৰ বাপেকে তাক বিচাৰি।তালৈ আগবঢ়াই দিয়া বাপেকৰ হাতখনলৈ সি একেথিৰে চাই আছিল।মানুহজনৰ হাতখন যেন হঠাৎ ৰঙা হৈ পৰিছিল।আঙুলি মূৰেৰে টোপাটোপে কেঁচা তেজ সৰিছিল।

“মই নাযাওঁ ঘৰলৈ।”চিঞৰি উঠিছিল ৰংবৰ।

ৰংবৰৰ বাপেকটোৱে তাক বহুত বুজালে।তাৰ মাকজনীয়ে তাৰ নহ’বলগীয়া কিবা এটা হোৱা বুলি ভাবি বেজাৰতে ভাত-পানী এৰিছে বুলি ক’লে।জাহিৰৰ মাকৰ মুখখনৰ সৈতে ৰংবৰে তাৰ নিজৰ মাকৰ মুখখন একে হৈ যোৱা যেন পালে।বেজাৰৰ ৰং চাগৈ তেজৰ দৰেই।একে।

জাহিৰৰ সৈতে হৈ গ’ল নহ’বলগীয়া কিবা এটা।জাহিৰৰ এমুঠিমান ভনীয়েকজনীৰ সৈতেও হৈ গ’ল নহ’বলগীয়া কিবা এটা।জাহিৰৰ মাকজনীয়ে সেই বেজাৰ সহিছে।শৰীৰৰ ঘাঁবোৰৰ সৈতে নুশুকোৱা বেজাৰবোৰ তেওঁ কোনেও নেদেখাকৈ লুকুৱাই ৰাখিছে।

“অংবৰ, তুমি তোমাৰ বাবাৰ চাথে বাহেৰ লাগে যাওগা।যাওগা বাবা।এইডাটো আৰ মানুষ থাকাৰ যাইগা না।”জেৰিণাই ৰংবৰৰ গাল-মুখ মোহাৰি কৈছিল তাক।

“এয়া মানুহ থকাৰ ঠাই নহয়।”

ৰংবৰে জাহিৰৰ মাকে কোৱা কথাষাৰ বাৰে বাৰে মনতে আওৰাইছিল।মানুহ থকাৰ ঠাই নহয় যদি কিদৰে আছে ইয়াত ইমানবোৰ মানুহ?তেওঁলোকে নিজক মানুহ বুলি ভাবিবলৈ এৰিছে?

ৰংবৰক তাৰ বাপেকে জোৰকৈ লৈ যায় শিবিৰৰপৰা।জেৰিণাই ৰংবৰক নেদেখা হোৱালৈ চাই ৰয় তাক চলচলীয়া চকুহালেৰে।

জেৰিণাৰ সেই চকুহাল ৰংবৰৰ বাপেকেও দেখিছিল।শিবিৰৰ মানুহবোৰৰ বুকু ফাটি ওলোৱা বিলাপবোৰ ৰংবৰৰ বাপেকেও শুনিছিল।ৰংবৰৰ বুকুৰ ক্ষতডোখৰ তেওঁ নিজ হাতেৰে কেইবাদিনো চুই চাইছিল।

লাহে লাহে মানুহজনে নিজানত জুপুকা লাগি থাকিবলৈ লৈছিল।তেওঁৰ কথাবোৰ অসংলগ্ন হৈ পৰিছিল।মাতবোৰ অস্ফুট বিৰবিৰণি হৈ পৰিছিল।নিজক বচাবলৈ চাগৈ মানুহজনৰ নিজক হেৰুওৱাটো জৰুৰী আছিল।কথাবোৰ পাহৰি যোৱাটো জৰুৰী আছিল।

ৰংবৰেও পাহৰিব বিচাৰে সকলো।জীয়াই থাকিবলৈ হ’লে বহু কথাই পাহৰি থাকিব পাৰিব লাগে।

ৰংবৰ বাস্তৱলৈ উভতি আহিছিল।তাৰ বাস্তৱ হ’ল সি এতিয়া এগৰাকী মানবাধিকাৰ কৰ্মী।সকলো বিভেদ আৰু বৈষম্যৰ উৰ্ধত মানুহক মানুহ হিচাবেই তেওঁলোকৰ প্ৰাপ্যখিনি আদায় দিবলৈ কাম কৰিছে সি।সিহঁতৰ দলটোৱে বন্যাৰ্তৰ অৱস্হাৰ বুজ লৈছে।শিবিৰবোৰ চাই ফুৰিছে।

অস্হায়ী শিবিৰবোৰত তেতিয়া ধোঁৱা উৰিছিল।পেটৰ জুইৰ ধোঁৱা!

মানুহবোৰ অলপ থানথিত লগাত ৰংবৰ আঁতৰি আহিল শিবিৰটোৰপৰা।পথৰুৱা বাটটোৰে খোজ কাঢ়ি আহি থাকোঁতে দেখা পালে ৰংবৰে বৰষুণ শাম কটাত খাটি খোৱা মানুহবোৰে কামে কামে ধৰিছে।একালত তেজেৰে ৰঙা হোৱা মাটিবোৰ সময়ৰ বৰষুণে ধুই নিছে।তাত এতিয়া উভয় ধৰ্মৰ লোকে খেতি-বাতি কৰে।বৰতত সকলোৱে একেলগে হাঁহি-ধেমালি কৰে।বিপদৰ সময়ত ইজনে-সিজনক তুলি ধৰে।শান্তি-সম্প্ৰীতি থকা ঠাইত সুখবোৰ ফুল হৈ ফুলে।সমৃদ্ধিবোৰ পাৰ ভাঙি আহে।

ৰাজনৈতিক সদিচ্ছাৰ অভাৱত তাহানিৰ সমস্যাবোৰ আজিও একেদৰেই আছে।কিন্তু ইয়াৰ সমাধান হত্যা নহয় বুলি এতিয়া যেন সকলোৱে বুজি উঠিছে।

বহুদিনৰ মূৰকত আকাশলৈ মূৰ তুলি চালে ৰংবৰে।আকাশখন ক্ৰমাৎ ফৰকাল হৈ আহিছে।পোহৰমুখী মেঘ এচপৰাই ৰ’দৰ বাতৰি বিলাইছে।তিল কপৌ এহালি ভুৰুংকৈ ৰংবৰৰ চকুৰ আগেদি উৰা মাৰি পছিমলৈ গুছি গ’ল।

ৰংবৰৰ বুকুখনো কপৌহালৰ দৰেই পাতল হৈ পৰিল।পথৰুৱা বাটটোৰে সুহুৰিয়াই সুহুৰিয়াই সি বানে গৰকা গাঁৱখন পাৰ হৈ নিজৰ গাঁৱখনলৈ উভতি আহিল।

ফোন – ৯১০১৭৫২৯৪২

You might also like

Comments are closed, but trackbacks and pingbacks are open.