গল্প : ৰাগ-বসন্ত

53

ববিতা কলিতা

ঘৰখন এতিয়া নিমাওমাও।নীলাঞ্জনা দেৱী এতিয়া নিজঞ্জাল।নিজগৰী সময় এখিনি বিচাৰি ওৰে জীৱন হাবাথুৰি খোৱা মানুহজনী এতিয়া সময়ৰ পাহাৰত খুন্দা  খাই ভূ-তললৈ সৰি সৰি পৰে।কোনে বুটলিব তেওঁক?বুটলিব লগাকৈ তেওঁ আজিও সমৃদ্ধনে?নিজৰ বাবেই নিতৌ অচিনাকি হৈ গৈ থকা মানুহজনীক কোনে বিচাৰি আনি দিব?কোন আছেনো তেওঁৰ?

কোন নাইনো তেওঁৰ?ল’ৰা-বোৱাৰী,জী-জোঁৱাই সকলো আছে তেওঁৰ।মানুহজন নাই যদিও তেওঁ ঘৈণীয়েকৰ বাবে পাৰ্যমানে কৰি থৈ গৈছে।প্ৰাচুৰ্যৰে ৰমৰমীয়া নিলাঞ্জনা দেৱীৰ ঘৰ।সমুদ্ৰমন্হনত ওলোৱা লক্ষ্মী দেৱী যেন পোনে পোনে নীলাঞ্জনা দেৱীৰ ঘৰতহে সোমাল!কেৱল দেৱী লক্ষ্মীয়েই নে?আই সৰস্বতী জানো নাহিল লগত?নীলাঞ্জনা দেৱীৰ কণ্ঠই শুনিবা নে বীণা বাদনেই শুনিবা?স্ব-প্ৰতিভাৰে ভাস্বৰ নীলাঞ্জনা দেৱীৰ অনুৰাগীৰ সংখ্যাও  জানো কম আছিল!

এৰা!কথাবোৰ গৈ গৈ এটা মাত্ৰ শব্দত উজুটি খাই পৰে।

আছিল!

এতিয়া নীলাঞ্জনা দেৱীৰ মাত কঁপে।হাতো কঁপে।তেওঁ সৰগৰ দেৱীৰ দৰে চিৰযৌৱনা হৈ থাকিব নোৱাৰিলে।সাধাৰণ মানুহৰ দৰেই তেওঁ  বৃদ্ধা হৈ পৰিল।তেওঁৰ চিঁচাৰ দৰে জলমল দেহত এতিয়া বয়সৰ অজস্ৰ ফাঁট।তেওঁ  যেন এতিয়া পূজাৰ শেষত দলিয়াই পেলোৱা চূৰ্চুময় এটি সৌন্দৰ্যৰ মূৰ্ত্তি।এলাগী।

ধুনীয়া মানুহবোৰৰ বৃদ্ধা হোৱাৰ অধিকাৰ নাথাকে?প্ৰতিভাশালী মানুহবোৰৰ প্ৰতিভাই নামানিব প্ৰাকৃতিক নিয়ম?সৃষ্টিশীলতা আৰু উৰ্বৰতাৰ নাথাকিব বয়স?

কোনে আঁৰি দিয়ে চৰ্তৰ নেদেখা ফলকবোৰ?যি ফলকে আঁৰ কৰি থয় মানুহৰ ভিতৰৰ মানুহবোৰক।

নীলাঞ্জলা দেৱীৰ বাহিৰৰ মানুহজনী অসাৰ হৈ অহাৰ সময়তে সাৰ পাই উঠে তেওঁৰ ভিতৰৰ মানুহজনী।বিচৰণ কৰে তেওঁ সেইখন পৃথিৱীত যিখন পৃথিৱীক তেওঁ সদায়েই অদেখা কৰি থাকিল।থাকিবলগীয়া হ’ল।

-মম,হোৱাই ড’ণ্ট ইউ ষ্টে উইথ আচ?

বীৰে ফোন কৰিলেই সোধে তেওঁক।মাক অকলে থকা বাবে সি হয়তো কিবা অপৰাধবোধত ভোগে!কিন্তু চাকৰি বাদ দি সি উভতিও আহিব নোৱাৰে।আনকি তেওঁ নিজেও নিবিচাৰে বীৰে তেওঁৰ বাবে নিজৰ পছন্দৰ চাকৰি এৰি উভতি আহক।সি সেইখন চহৰত থাকিলে তাৰ পত্নীৰ সৈতে যোগাযোগো সহজ হৈ পৰে।

আৰু ৰিয়া?ৰিয়াইতো বিচৰাই নাছিল এন আৰ আই ল’ৰাৰ সৈতে বিয়া পাতিবলৈ।এৰা!ভাৰ্গৱৰ প্ৰেমত পৰিবৰ সময়ত সি এন আৰ আই আছিল জানো?কিন্তু জীৱনে আনি দিয়া সুযোগটো ভাৰ্গৱে হেৰুৱাব বিচৰা নাছিল।ৰিয়াইও ভাৰ্গৱক হেৰুৱাব বিচৰা নাছিল।

-পৃথিৱীখন এতিয়া সৰু হৈ পৰিছে নহয় ৰিয়া।অষ্ট্ৰেলিয়ানো কিমান দূৰ?ফ্লাইটেৰে গ’লে দহহেজাৰ চাৰিশ চব্বিশ কিলোমিটাৰহে!

নীলাঞ্জনা দেৱীয়ে কথাষাৰেৰে যেন নিজকহে নিচুকাই থৈছিল।

মাকৰ বুকুত পৰি উচুপি উঠিছিল ৰিয়া।

নীলাঞ্জনা দেৱীয়েও সেই মুহূৰ্তত উচুপিবলৈ কাৰোবাৰ বুকু এখন বিচাৰি হাহাকাৰ কৰি উঠিছিল।তেওঁক এমা-ডিমা সন্তানদুটিৰ সৈতে এৰি দ্বিতীয় বিবাহত আৱদ্ধ হোৱাৰ লগে লগে নিজৰ মানুহজনৰ বুকুখন তেওঁৰ বাবে অচিনাকি হৈ পৰিছিল।অথচ বিবাহ বিচ্ছেদৰ পাছত দুই সন্তানক মানুহ কৰাৰ দায়িত্বই তেওঁক দুৰ্বল হ’বলৈও অনুমতি দিয়া নাছিল।

কিন্তু তেওঁক এতিয়া পৃথিৱীৰ সমস্ত ক্লান্তিয়ে আগুৰি ধৰিছে।নিজঞ্জাল হোৱাৰো ভাগৰ থাকে!নিঃসংগ সময়বোৰ গধুৰ শিল এছটা হৈ তেওঁৰ বুকুখনত পৰি ৰৈছে।আৰু নোপোৱাৰ হিচাপবোৰ?

এইটো বয়সত কিবা অৰ্থ আছে জানো পোৱা-নোপোৱাৰ হিচাপৰ?আঙুলি ফাঁকেৰে সৰি পৰা সময়বোৰ ক’ত হেৰাই যায়?কিয় বন্ধ হৈ যায় উভতি যোৱাৰ বাট?

ভাবনাই আঁত হেৰুৱাবলৈ লোৱাত নীলাঞ্জনা দেৱী সচকিত হৈ পৰে।

আহ!তেওঁৰ চিন্তাবোৰ শব্দৰ বুৰবুৰণি হৈ পৰিছে।তেওঁ অজানিতে নিজৰ স’তে কথা পাতিবলৈ লৈছে!এয়া আত্মবিলাপ!

-মই কিমান ক’ম তোমাক মম?মোৰ ওচৰলৈ আহি যোৱা।একাকীত্বই বহু মানসিক সমস্যাৰ সৃষ্টি কৰে।ডিপ্ৰেশ্যন,এংজাইটি,ডাইমেনশ্যিয়া…।

বীৰক কথাবোৰ কোৱাৰ পাছত সি মাকক পুনৰ তাৰ ওচৰলৈকে যোৱাৰ কথাই কৈছিল।নীলাঞ্জনা দেৱীয়ে একোবাৰ বীৰৰ ওচৰলৈকে যোৱাৰ কথা নভবাও নহয়।কিন্তু তাৰ জানো নিজলৈ সময় আছে?বহুজাতিক কোম্পানী এটাৰ চি.এফ.অ. সি।জীৱনতকৈ বেছি জীৱিকাক সময় দিয়া মানুহ সি।

এ.চি  কাৰ,এ.চি.ঘৰ,এ.চি অফিচৰ মাজত চ্যুট-টাই পিন্ধি দৌৰি থকা মানুহবোৰৰ জানো কঁপালৰ ঘাম নসৰে?সৰে।কিন্তু মাটিত পৰাৰ আগতে সিহঁতৰ ঘামবোৰ ভাপ হৈ উৰি যায় শূন্যত।তেওঁলোকে নিজেও নজনাকৈ।কাম আৰু পৰিয়ালৰ মাজত তেওঁলোকে যিকোনো এটাক চয়ন কৰিবলৈ বাধ্য হয়।ধন আৰু সুখৰ ক্ষত্ৰতো একেই কথা।নাই নাই।বীৰক আৰু আমনি দিব নোৱাৰি।

আচলতে নীলাঞ্জনা দেৱীয়ে যি বিচাৰিছে,সেয়া যেন কাৰো ওচৰতেই নাই।এছোৱা সৰি পৰা সময়!সেই সময়খিনি তেওঁ পুনৰ নিজৰ কৰিব বিচাৰে।সেই সময়খিনিত তেওঁ পুনৰ জী উঠিব বিচাৰে।

কোনে ওভোতাই দিব তেওঁক সময়বোৰ?স্মৃতিয়ে ঢুকি পোৱালৈকে মনত পেলাই যায় তেওঁ।

আহ!মনত নপৰে মানুহবোৰৰ নাম।চেহেৰাবোৰ মনত আছে।মুহূৰ্তবোৰ মনত আছে।অথচ নামবোৰ মনলৈ নাহে।

কুশ্বন থকা চকীখনত বহি তেওঁ ফোনবুক স্ক্ৰল কৰি যায়।অবিনাশ,অচিন্ত,অৰ্চনা…অৰিন্দম।

অৰিন্দম!

কলেজত থাকোঁতে প্ৰেমিক পখী বুলি জোকাইছিল সিহঁতে অৰিন্দমক।শব্দৰ যাদুকৰ অৰিন্দমৰ বুকুৱেদি অহৰহ বৈ থাকিছিল প্ৰেমৰ মন্দাকিনী।

অৰিন্দম নামটোত থমকিলেও নীলাঞ্জনা দেৱীয়ে অন্য এটা নম্বৰহে ডায়েল কৰিলে।মধুমিতা বৈশ্য।তেওঁৰ একালৰ প্ৰিয় বান্ধৱী মধুমিতা।তেওঁলোকৰ মাজত কথা আৰম্ভ হ’লে যে শেষেই নহৈছিল।পিছে,পো-বোৱাৰীয়ে দিয়া জ্বলা-কলা আৰু এসোপা বেমাৰ-আজাৰৰ কথা কৈ মধুমিতাই ফোন সামৰিলে।যেনি-তেনি চাৰি-পাঁচটামান ফোন কৰাৰ পাছত আকৌ একেই নিঃসংগতাই আগুৰি ধৰিলে নীলাঞ্জনা দেৱীক।

একেইবোৰ সমস্যা।একেইবোৰ কথা।এবাৰ কথা পাতিলে দ্বিতীয় দিনলৈ একো নতুনত্ব নথকা কথাবোৰে আমুৱাই গ’ল তেওঁক।ইমান চমু মানুহৰ কাহিনী!ইমান সাধাৰণ মানুহৰ জীৱন!অথচ নিজক গঢ়িবলৈ মানুহে আজীৱন কি যে অহোপুৰুষাৰ্থ কৰি যায়!

“সাধনা কৰা নীলা।সাধনাই মানুহক সম্পূৰ্ণ কৰে।”দেউতাকে বীণাখন তেওঁৰ হাতত তুলি দি কৈছিল।

হেৰাই গৈছিল নীলা সুৰ আৰু সংগীতৰ সাধনাত।

যি সাধনা আছিল প্ৰেমতকৈ গভীৰ!

অপাৰ্থিৱ।

ইন্দ্ৰিয়াতীত।

অৰিন্দমৰ বুকুত খেলি থকা নীলা নদীখনে সেয়ে কাষেৰে পাৰ হৈ গৈও চুব পৰা নাছিল নীলাঞ্জনাক।

“এখেত অৱিনাশ ভান্দেৰকাৰ।মুম্বাইৰ প্ৰতিষ্ঠিত সংগীতকাৰ।তোমাৰ কণ্ঠই তেখেতক অসমলৈ টানি আনিছে নীলা।তোমাৰ সপোনক ডেউকা  দিব পাৰিব অবিনাশে।তুমি না নকৰিবা আই।”

নীলাঞ্জনাৰ দেউতাকে জোৰ দিছিল।দেউতাকৰ কথাৰ অনুগত হৈ তেওঁ অৱিনাশৰ সৈতে মুম্বাইলৈ উৰা মাৰিছিল।

দুয়ো একেলগে কাম কৰিছিল।জীৱনলৈ নাম আৰু যশস্যা সকলো আহিছিল।কিন্তু বুজাবুজিৰ সম্পৰ্ক এটা এদিন অন্য এক বুজাবুজিয়ে শেষ কৰিছিল।তেওঁলোকৰ বিবাহ-বিচ্ছেদ ঘটিছিল।আচলতে প্ৰেমৰ বাবে যিদৰে কোনো আনুষ্ঠানিকতাৰ প্ৰয়োজন নাই,বিচ্ছেদৰ বাবেও কোনো আনুষ্ঠানিকতাৰ প্ৰয়োজন নাই।কেৱল অৱিনাশৰ নতুন জীৱনটো আৰম্ভ কৰাত সহায়ক হওক বুলিয়ে তেওঁ বিবাহ-বিচ্ছেদৰ কাগজখিলাত চহী কৰিছিল।

কথাবোৰ ভাবি থাকোঁতেই মেজত থকা মোবাইল ফোনটো বাজি উঠিল।

“পৰজনমৰ শুভলগনত…”

তেওঁৰ প্ৰিয় গীতৰ কলিটো ৰিংটন হৈ বাজি থাকিল।অসম্পূৰ্ণ গীতৰ কলিটো নীলাঞ্জনা দেৱীৰ বুকুত ঘূৰা-ঘূৰি কৰি থাকিল।

পিছে গীতৰ কলিটোত হেৰাই থাকোঁতেই ফোনটো কাটি গ’ল।

কলবেক কৰি চালে তেওঁ।

-আপুনি ডায়েল কৰা নম্বৰটো এতিয়া সংযোগ সীমাৰ বাহিৰত আছে।

কোন আছে সংযোগ সীমাৰ বাহিৰত?অৰিন্দম?বুকুত বৈ থাকিছিল যাৰ প্ৰেমৰ মন্দাকিনী?নে অন্য কোনোবা?

কি নাম আছিল তাৰ?

নিজৰ মাজতে হেৰাই থকা খেয়ালি ল’ৰাটো।কবিতা পাগল ল’ৰাটো।তাৰ মুখখন আজিও নীলাঞ্জনা দেৱীৰ স্পষ্টকৈ মনত আছে।আনকি সি প্ৰায়ে পিন্ধা আকাশৰঙী চাৰ্টটোও মনত আছে।হাঁহিলে ওলাই থকা বেৰীয়া দাঁতটো।চেলাউৰিৰ ওপৰত থকা সৰু কাটটো।সকলো মনত আছে।অথচ নামটো মনত নাই।ভালপোৱা মানুহৰ নামো জানো কোনোবাই পাহৰে!

নিজৰ ওপৰতে খং উঠি আহিল থৰক বৰক মানুহজনীৰ।

এনেতে তেওঁৰ হাতৰ মুঠিত থকা ফোনটো পুনৰ বাজি উঠিল।

পৰজনমৰ…

-কোন?

-হেই নীলা,মই জীৱনে কৈছোঁ।

-জীৱন জীৱন…।মই ঠিক মনত পেলাব পৰা নাই।

-স্বাভাৱিক।তোমাৰ আমালৈ মনত নপৰাটোৱে স্বাভাৱিক।নিজৰ এটা পৰিচয় গঢ়া সংগ্ৰামত ব্যস্ত আছিলা তুমি।সফল হোৱাৰ পাছত সেই সফলতাখিনি ধৰি ৰখাৰ প্ৰতিযোগিতাত হেৰাই আছিলা তুমি।কিন্তু তোমাৰ অলক্ষিতে তোমাৰ কাষে-পাঁজৰে ৰৈ আছিলোঁ মই।

-অহ।ক্ষমা কৰিব।মই একেবাৰেই মন কৰা নাছিলোঁ।

নীলাঞ্জনা দেৱীৰ মাতত অনুশোচনাৰ সুৰ এটা লাগি আছিল।

-এন চি কলনিৰ দুই নম্বৰ গলিৰ তৃতীয় ঘৰটোৱে তোমাৰ ঘৰ নাছিল জানো?

-হয়।

-তোমাৰ ঘৰটোৰ বাঁওফালে থকা মুকলি পথাৰখনত যে এজাক শিশু উমলি থাকিছিল!

-হুম।তেতিয়া মই ৰেৱাজত ব্যস্ত আছিলোঁ।পুৱা-গধূলি ৰেৱাজ নকৰিলে দেউতাৰ বৰ খং উঠিছিল।এইটো ঠিক,মোৰ কণমানি মনটি এটি সুৰ হৈ উৰা মাৰিছিল মুকলি পথাৰখনলৈ।সা ৰে গা মা পা-ৰ সুৰবদ্ধ তানবোৰৰ সলনি পথাৰত উমলি থকা শিশুজাকৰ বেসুৰা কলৰৱবোৰে মোক বেছিকৈ টানি ধৰিছিল।

-মনত আছেনে?হাইস্কুলত তুমি যে ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ’-ৰ পুৰস্কাৰটো পাইছিলা!আমাৰ বৰ ঈৰ্ষা হৈছিল তোমালৈ।তোমাৰ লগৰ মধুমিতা,অৰ্চনাহঁতে তুমি নুশুনাকৈয়ে কৈছিল, “ঈশ্বৰে ৰূপ-সৌন্দৰ্য,বিদ্যা-বুদ্ধি,সুৰ-সংগীত সকলো নীলাকহে দিবলৈ পালে!”

-এৰা!ঈশ্বৰেনো কাক কি দিয়ে?আমি নিজেই নিজৰ  বাট কাটিব লাগে।সেই বাট কটা কামটো দশৰথ মাঝিৰ পাহাৰ কটা কামটোতকৈ কোনো গুণে কম নাছিল।সিদ্ধি প্ৰাপ্তিৰ বাবে কঠোৰ তপস্যাৰ দৰকাৰ।মই সেই তপস্যা কৰিছিলোঁ।মোৰ বয়সৰ ছোৱালীয়ে যেতিয়া প্ৰেম কৰিছিল,সপোন দেখিছিল,মই তেতিয়া তপস্যা কৰিছিলোঁ।

-এৰা!এতিয়া পিছে?

-নাই।নাই।এতিয়া এৰি দিলোঁ সকলো।বয়স।পৰিস্হিতি।দায়িত্ব।সকলোৱে মিলি এৰুৱাই দিলে সংগীতৰ সাধনাক।

-তপস্বী এগৰাকীয়ে সাধাৰণ মানুহৰ দৰে সৰু সৰু বাধা বিঘিনিত ভাগি নপৰে।তেওঁ মৰি মৰি জী উঠে।নতুনকৈ।ফিনিক্স পখী হৈ।

-এতিয়া সময় আছে জানো?

-যেতিয়ালৈকে জীৱন আছে,সময় আছে নীলা।

-জীৱন!জীৱন!

নীলাঞ্জনা দেৱীয়ে বিৰবিৰায়।

-আজিলৈ সামৰিছোঁ নীল‍া।তুমি পুনৰ নিজক বিচাৰি পালে মই সুখী হ’ম।

ফোনটো কাটি দিলে নিজকে “জীৱন” বুলি পৰিচয় দিয়া মানুহজনে।

এপলক নীৰৱে থাকি নীলাঞ্জনা দেৱী আৰামী চকীখনৰপৰা লাহে লাহে উঠি আহিল।তেওঁ সংগীত সাধনাৰ আটোম-টোকাৰিকৈ সজোৱা কোঠালিটোলৈ এখুজি-দুখুজিকৈ আগবাঢ়ি গ’ল।কোঠালিটো আন্ধাৰ হৈ আছিল!মকৰাজাল আৰু ধূলিয়ে আচ্ছাদিত কৰি ৰাখিছিল প্ৰতিবিধ বাদ্যযন্ত্ৰ।আচবাব।

নীলাঞ্জনা দেৱীক অতদিনে বন্ধ হৈ থকা কোঠালিটোলৈ আগুৱাই যোৱা দেখি সহায়কাৰী মহিলা ৰেখা লৰি আহিল।

-মেডাম জী,মলা খলি চাফ কৰাইচি আহে কা?

-নালাগে ৰেখা।এইটো কোঠালি মই নিজেই চাফা কৰিম।নিতৌ কৰিম।

ৰেখাই তেওঁক কিবা সহায় লাগিলে মাতিবলৈ কৈ তাৰপৰা আঁতৰি গ’ল।

নীলাঞ্জনা দেৱীয়ে লাহে লাহে চাফা কৰি গ’ল সকলো।হাৰমণিয়ম,তবলা,তানপুৰা আৰু বীণা…।কোঠালিটো যিমানেই পৰিষ্কাৰ হৈ আহিল,তেওঁৰ মনটোও সিমানেই ফৰকাল হৈ পৰিল।

অলপ আগতে কথা পতা নম্বৰটোত পুনৰ ডায়েল কৰিলে তেওঁ।

সুললিত কণ্ঠ এটাই পুনৰ নম্বৰটো সংযোগ সীমাৰ বাহিৰত থকা বুলি ক’লে ।

পিছে সেই এটা মাত্ৰ ফোনকলৰ পাছত নীলাঞ্জনা দেৱীৰ নিজৰ সৈতে সংযোগ স্হাপন হ’বলৈ ধৰিছিল।

-মই পাৰিম জানো ৰেখা?হাতখনচোন কঁপি থাকিবলৈ লৈছে।

-তুমহি তে কৰু চকতা মেডাম জী।জৰুৰ কৰু চকতা।

ৰেখাই কৈছিল সিহঁতে ৰেডিঅ’ত নীলাঞ্জনা দেৱীৰ গান আহিলে চব কাম বাদ দি বহি গৈছিল।ষ্টেইজ শ্ব’বোৰত তেওঁ বীণাখন লৈ বহিলে সাক্ষাৎ সৰস্বতী মা বহি থকা যেন দেখিছিল।

ৰেখাই উৎসাহ দিয়ে তেওঁক।

নীলাঞ্জনা দেৱীয়ে বীণাখন হাতত তুলি লয়।অলপ জঠৰতা আহিছে।কিন্তু তেওঁ পাহৰি যোৱা নাই একোৱেই।আমি আমাৰ প্ৰিয় কামবোৰ অৱহেলা কৰিব পাৰোঁ।কিন্তু পাহৰিব নোৱাৰোঁ।

-ৰেখা,মেজৰপৰা ফোনটো লৈ আহচোন।

ৰেখাই লৰ মাৰি গৈ মোবাইল ফোনটো আনি নীলাঞ্জনা দেৱীৰ হাতত তুলি দিলে।

-হেল্ল’।হেল্ল’…।

নীলাঞ্জনা দেৱীয়ে ফোন ডায়েল কৰিয়ে সিটো মূৰৰ প্ৰতিক্ৰিয়া জানিবলৈ ব্যগ্ৰ হৈ পৰিল।

-কোৱা নীলা।

-জীৱন!

-মই শুনি আছোঁ নীলা।কৈ যোৱা।

-মই আপোনাৰ নম্বৰটো কেইবাদিনো ডায়েল কৰিছিলোঁ ।

-আহ হা।তুমি মোক আপুনি বুলিছা?

-বাৰু।নোবোলো আপুনি।তুমিয়েই বুলিম।

নীলাঞ্জনা দেৱীয়ে হাঁহি এটা মাৰি ক’লে।

-এতিয়া কোৱাচোন,তুমি মোক কিয় ফোন কৰিছিলা?

-আপোনাক ধন্যবাদ দিবলৈ।অহ চ’ৰী।তোমাক।

-কিয়?কি দোষ কৰিলোঁ মই।

জীৱনে ৰগৰ কৰিলে।

-মোক বিচাৰি দিয়াৰ দোষ।

নীলাঞ্জনা দেৱীয়ে গভীৰ আৱেগেৰে ক’লে।

-হাঃহাঃহাঃ।ধন্যবাদ নালাগে নীলা।মাত্ৰ তুমি মোক এটি বসন্ত ৰাগ গাই শুনাবা।ছ্যোটাখেয়াল।

-জীৱনলৈ শৰৎ নামিছে।মেপলৰ হালধীয়া পাতবোৰৰ দৰে সময়বোৰ যেনি-তেনি খহি পৰিছে।আৰু তুমি মোক বসন্ত ৰাগ গাবলৈ কৈছা!

-কোনে কৈছে তোমাক জীৱনলৈ শৰৎ নমা বুলি?তোমাৰ চুলিৰ ৰূপোৱালী ৰংবোৰে?গালৰ বলিৰেখাবোৰে?কঁপি থকা হাতখনে?নে তোমাৰ সেই মেন’পজটোৱে?মন সময়তকৈ বেগীয়েই নহয় নীলা,সময়তকৈ উৰ্ধতো।ঋতুৰ নিয়ম মনে নামানে।মনটোক সেউজীয়া কৰি ৰাখা।আমাজনৰ বৰ্ষাৰণ্যৰ দৰে।ডাঠ সেউজীয়া।সৰাপাতে যাৰ ৰং কমাব নোৱাৰে।

কিছুপৰ থমকি ৰয় মানুহজনী।তেওঁ শুনিব বিচৰা কথাবোৰেই কয়চোন অদেখা মানুহজনে।

-জীৱন,তুমি মোৰ কথা ইমানখিনি জানা।অথচ তোমাৰ কথা মোক একোৱেই কোৱা নাই।মই জানিব বিচাৰোঁ তোমাক।কোন তুমি?

-মোক জানিবৰ চেষ্টা নকৰিবা নীলা।কেৱল মোৰ স’তে থাকা।বিশ্বাস কৰা,মই তোমাক অৱিনাশৰ দৰে মাজবাটতে এৰি থৈ নাযাওঁ।

অৱিনাশৰ কথা মনলৈ অহাত বিষণ্ণ হৈ পৰে নীলাঞ্জনা।কিমান স্বাৰ্থপৰ মানুহবোৰ!কিদৰে নিজৰ কামত অহালৈকে আমাক ব্যৱহাৰ কৰে।কাম হাছিল হোৱাৰ পাছত উভতিও নাচায়।

-হেই নীলা,এতিয়া আৰু অৱিনাশৰ কথা ভাবি নিজক কষ্ট দিব নালাগে।তেওঁ তোমাৰ বাবে কেতিয়াও অপৰিহাৰ্য নাছিল।আনকি ৰিয়া আৰু বীৰো তোমাৰ বাবে অপৰিহাৰ্য নহয়।এই কথা তুমি নিজেই প্ৰমাণ কৰিছা।

-মই নিজে জানো নিজৰ বাবে অপৰিহাৰ্য?

নীলাঞ্জনাৰ মুখেৰে শ্লেষ হৈ ওলাই আহে কথাষাৰ।

-হুম।অন্ততঃ যেতিয়ালৈকে মই তোমাৰ স’তে আছোঁ।

জীৱনৰ কথাত বুকুখন কঁপি উঠে নীলাঞ্জনা দেৱীৰ।অৰিন্দমৰ কথা শুনিলেও বুকুখনত একেই কঁপনি উঠিছিল।কিন্তু তেতিয়াতো তেওঁ ষোড়শী আছিল!জীৱনে কোৱাৰ দৰে মন সঁচাকৈয়ে সময়ৰ উৰ্ধত নেকি?

-কি ভাবিছা নীলা?

-নাই।একো ভবা নাই।

-নীলা,কেনেবাকৈ তুমি মোৰ প্ৰেমত পৰা নাইতো?

উফ!কি কয় এই অলিয়া-বলিয়া মানুহজনে?নীলাঞ্জনা দেৱীয়ে সংযোগ কাটি দিয়ে।

শোৱনি কোঠাৰ বিশাল আইনাখনত নিজকে খুঁটি খুঁটি চায় নীলাঞ্জনা দেৱীয়ে।ক’ত ৰৈ যায় সময়?ৰূপ-সৌন্দৰ্য,যৌৱন,শক্তি সকলো শুহি নিয়া সময়বোৰে ক’ত সামৰি থয় আমাৰ ভিতৰৰ অৱশেষখিনিক?

একোটা স্পন্দনত!

নাম যাৰ জীৱন?যি জীৱনৰ প্ৰেমত পৰি থাকোঁ আমি আমৃত্যু?আজীৱন?

কিবা অদ্ভুত শক্তিয়ে যেন টানি আনে নীলাঞ্জনা দেৱীক চেণ্টাৰ টেবুলখনৰ কাষলৈ।চোফাত দলিয়াই থোৱা ফোনটো তেওঁ হাতত তুলি লয় আৰু ডায়েল কৰে শেহতীয়া নম্বৰটো।

সংযোগ সীমাৰ বাহিৰত!

উফ্।জীৱন!কিমাননো সংযোগ সীমাৰ বাহিৰত থাকা?কেতিয়াবাতো বিচাৰিলেই ধৰা দিব লাগে!

জীৱন!

-ভালপাওঁ মই তোমাক।বহুত ভাল পাওঁ।কাবৌ কৰিছোঁ।এবাৰ আহি ধৰা দিয়া।

বীৰ আৰু ৰিয়া লৰি-ঢাপৰি ঘৰলৈকে আহিছে।যোৱা সপ্তাহটোত মাকক হেজাৰবাৰ ফোন কৰাৰ পাছতো তেওঁ ফোন ৰিছিভ কৰা নাই।কিছুদিন আগতে ৰেখাই কৈছিল মেডামে কোনোবা অপৰিচিত নম্বৰ এটাৰ পৰা কল কৰা বুলি ভাবে।ফোনত কাৰোবাৰ স’তে অনৰ্গল কথাও পাতি থাকে।হাঁহে।থমকে।শিশুৰ দৰে ঠেহ পাতে। সদ্যযৌৱনাৰ দৰে লাজ কৰে।

মাক ভালে আছেতো!ধনৰ লোভত মাকক কোনোবা দুবৃত্তই লক্ষ্য কৰি লোৱা নাইতো!অকলশৰীয়া মহিলাসকল এতিয়া দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰিছে।

মাক ভালে আছেনে?নে খবৰ কাকতত দেখা মৃতদেহবোৰৰ দৰেই কংকালসাৰ,দুৰ্গন্ধময় হৈ কৰবাত পৰি আছে মাক!

পিছে ৰিয়া আৰু বীৰে ঘৰত সোমায়েই মন কৰিলে সিহঁতৰ ঘৰটো আগতকৈ পোহৰ হৈ পৰিছে।নৈশব্দই চেপি অনা ঘৰখন সুৰ আৰু শব্দই মুখৰিত কৰিছে।দেউতাক আঁতৰি যোৱাৰ পাছত তলা মাৰি থোৱা মাকৰ সংগীত সাধনাৰ কোঠালিটো এতিয়া খোলা।ফুলদানিবোৰত ৰং-বিৰঙৰ সতেজ ফুলৰ থোপা।পৰ্দাবোৰ নতুন।সৰিয়হফুলীয়া।আচবাববোৰ চিকুণ।নতুনকৈ পলিচ কৰোৱা।

সকলোতকৈ ডাঙৰ কথা বহু বছৰৰ মূৰত সিহঁতে মাকক পৰিশীলিত ৰূপত দেখিছে।শুভ্ৰ শাৰী।উন্মুক্ত অথচ সুন্দৰকৈ ফণিওৱা একোচা দীঘল চুলি।মাকে তেওঁৰ কঁপি থকা মাতটোৰে প্ৰাণঢালি গাবলৈ চেষ্টা কৰিছে ৰাগ-বসন্ত।

আয়ি ঋতু ব..সন্ত…মোৰি

আয়ি ঋতু ব..সন্ত… মোৰি

সৱ সখীয়ন ভাগ ৰচাই…

হেৰাই গৈছিল নীলাঞ্জনা দেৱী নে নিজক ঘূৰাই পাইছিল?

বীৰ আৰু ৰিয়াই আত্মবিভোৰ মাকক মাত লগাবলৈ সাহ নকৰিলে।

বীৰে মেজত পৰি থকা মাকৰ মোবাইল ফোনটো হাতত তুলি ল’লে।কোনে ইমানকৈ ফোন কৰে মাকক?ৰিচেণ্ট কল পৰীক্ষা কৰি চালে সি।দেখাও পালে।মাকৰ ডায়েল লিষ্টত আছিল এটাই মাত্ৰ নম্বৰ।

এটা অস্তিত্বহীন নম্বৰ!

বীৰে লৰালৰিকৈ নিজৰ ফোনটো হাতত তুলি ল’লে।

-কি কৰিছা দাদা?

ৰিয়াই মাত লগালে।

-ডাক্তৰক ফোন কৰোঁ ৰিয়া।দেখিছানে মাৰ অৱস্হাটো।

-দেখিছোঁ।মাক এইটো অৱস্হাত দেখিবলৈ পোৱাটো আমাৰ কত দিনৰ যে সপোন আছিল!

-কি বলকিছা?তেওঁ ভ্ৰমত জী আছে।

-আমি সকলোৱে ভ্ৰমত জী আছোঁ দাদা।তুমি,মই,বৌ,ভাৰ্গৱ সকলোৱে।

-এতিয়া পিছে?

-কিছুদিন জী ল’বলৈ দিয়া মাক।বহুদিনৰ মূৰত তেওঁ ৰাগ-বসন্ত গুণগুণাইছে।গাবলৈ দিয়া তেওঁক ভূপালী,ভৈৰৱ,পূৰ্বী,বাহাৰ…সকলো।

-ৰেখা টাই,তুমি পাৰিবা জানো চম্ভালিব?

বীৰে ৰেখাক মাতি আনি সুধিলে।

-মেডাম জী একতিচ স্বতঃবৰ নিয়ন্ত্ৰণ থেৱতে।

ৰেখাই কৈছিল কিদৰে মেডামে নিজক চম্ভালিবলৈ শিকিছে।

-তথাপি কিবা অস্বাভাৱিক দেখা পালে কল কৰি দিবা।

ৰেখাই মূৰ দুপিয়ালে।

বীৰ আৰু ৰিয়াই মাকক মাত নলগোৱাকৈয়ে আঁতৰি গ’ল।

ৰেখাই লক্ষ্য কৰি থাকিল মেডামৰ আচৰণত কিবা আস্বাভৱিকতা দেখে নেকি?

দেখে তাই।তাইৰ মেডামে ফোনত নিতৌ কোনোবা জীৱনৰ সৈতে কথা পাতে।তেওঁৰ সৈতে হাঁহে।কান্দে।ঠেহ পাতে।খং-অভিমান কৰে।

কেতিয়াবা মেডামজী বেছি বিষণ্ণ হৈ পৰা দেখিলে ৰেখাই বন্ধ হৈ থকা ফোনটোকে হাতত তুলি লৈ চিঞৰ ধৰে-

-মেডামজী,তুমচা ফোন।

ৰেখাই কথাবোৰ বীৰক নজনায়।লাহে লাহে ৰেখাইও বুজি পোৱা হৈ আহিছে জীৱনৰ ৰাগবোৰ।

নীলাঞ্জনা দেৱীয়ে ফোনটো থৈয়েই ৰেখাক হাতত ধৰি টানি নিয়াদি লৈ যায় তেওঁৰ সংগীত সাধনাৰ কোঠাটোলৈ আৰু প্ৰাণঢালি গাই শুনায় ইটোৰ পাছত সিটো ৰাগ।

-ৰেখা,মেঘমল্লাৰ শুনিবি?

নীলাঞ্জনা দেৱীয়ে সোধে।

-মি এইকেন।শুনিমতো।

ৰেখাই নীলাঞ্জনা দেৱীৰ কাষতে বহি ৰয়।

-চাৱন কী বদৰা আয়ি

এত ঘোৰ ঘোৰ ঘন

উমড় ঘুমড় কৰ বৰচে

জোৰ জোৰ চোন ৰি…

নীলাঞ্জনা দেৱীৰ সুৰৰ ঢৌত খিৰিকীৰ ৰেছমী পৰ্দাবোৰ কঁপি উঠে।নীড়মুখী চাতক চৰাই এটিয়ে পাখি কোবাই আকাশলৈ উৰা মাৰি গুছি যায়।বাৰিধি হৈ বাঢ়ি আহে অবাৰিত সজল মেঘবোৰ।

এজাক বলিয়া বৰষুণৰ বাবে খিৰিকী মুখত আকুলতাৰে বাট চাই ৰয় চুলিত ৰূপোৱালী ৰং ধৰা নাৰীমূৰ্তি দুটিয়ে।

ফোন-৯১০১৭৫২৯৪২

You might also like

Comments are closed, but trackbacks and pingbacks are open.