ববিতা কলিতা
“উদ্গলিতদৰ্ভকৱলা মৃগ:পৰিত্যক্ত নৰ্তনা ময়ুৰা:।
অপসৃতপান্ডুপত্ৰা মুঞ্চন্ত্যশ্ৰুণীৱ লতা:।”
মৃগই চৰ্বিত তৃণ দিছে উলিয়াই
নাচিবলৈ এৰিছে নৰ্তকী ম’ৰাই
চকুৰ লোতকৰ দৰে দিছেহি খহাই
পীতপত্ৰ বিৰহিনী লতিকাই
অধ্যয়নকক্ষত বহি তগৰে তৰ্জমা কৰি চালে নাট্যশ্ৰেষ্ঠ “অভিজ্ঞান্ শকুন্তলম”-ৰ এটি শ্লোক।এই শেষ ৰাতি তগৰে মহাকবিৰ সৃষ্টিক যেন পুনৰাৱিষ্কাৰ কৰিলে।
কি ৰচিলা হেৰা মহাকবি!প্ৰকৃতিৰাণীৰ জীয়া মৰমক পিঠি দি কিয় পঠিয়ালা শকুন্তলাক প্ৰতাৰকৰ পাষাণ কাৰেঙলৈ?
পাণ্ডিত্যৰ চৰম নিদৰ্শন জগতত যুগমীয়া কৰি তুমি তোমাৰ কাপ সামৰিলা।উভতি চাবলৈ ৰৈ নাথাকিলা।কিন্তু শকুন্তলা থাকি গ’ল শতিকা জিনি সেই একেই ৱেশত।একেই যন্ত্ৰণাৰ দেশ।নিতৌ নতুন নাম লৈ।
এৰা!নাথাকি ক’ত পাৰে?প্ৰণয়ৰ শেষ নাই;শেষ নাই প্ৰতাৰণাৰ।সেয়ে শেষ নাই বিৰহৰ।শেষ নাই যন্ত্ৰণাৰ।যেন আজিও দুৰ্বাসাৰ অভিশাপেৰে শাপিত হেজাৰ শকুন্তলা।শাৰীৰিক উত্তেজনাই শাম কটাৰ পিছত শকুন্তলাক আজিও পাহৰে মতলবী দুষ্যন্তই!
“অহো মধুমাসাং দৰ্শনম্”
আলোকসামান্যা ৰূপৰ গৰাকিনী শকুন্তলা কিয় প্ৰণয়ৰ শেষত পৰি ৰ’ল পূজাৰ বাহি ফুল হৈ?কেৱল দুৰ্বাসাৰ শাপৰ আছিল জানো ইমান শক্তি?
তগৰৰ শকুন্তলালৈ মায়া উপজিল।শকুন্তলাৰ দৰে তগৰৰ বুকুতো উল্কাপিণ্ড হৈ জ্বলিছিল একেই বেজাৰৰ জুই।ভমক ভমককৈ।
ৰাতিৰ তৃতীয় প্ৰহৰ আৰম্ভ হৈছিল।ক্লান্ত চকুহালেৰে তগৰে মন কৰিলে তাই মেলি থোৱা পুথিখনে গা লৰাইছে।ডেৰহাজাৰ বছৰ পুৰণি পুথিখনৰ কঁপি উঠা পাত এখিলাৰপৰা মৰহা ফুল এপাহ তললৈ সৰি পৰিছে।
তগৰ?
নে দুষ্যন্তৰ বিৰহত সৰি পৰিছে শকুন্তলাৰ দেহৰ বনপুষ্পৰ অলংকাৰ এধাৰি?
তগৰে কিতাপৰ মদৰুৱা পৃষ্ঠাবোৰত বিচাৰি চালে শকুন্তলাক।দুষ্যন্তক হস্তিনাপুৰলৈ বিচাৰি যোৱা শকুন্তলাৰ শুভ্ৰবসন ব্যৰ্থ যাত্ৰাই মলিয়ন কৰিছিল।চকুলোৱে বনকুৱঁৰী শকুন্তলাৰ ৰূপকান্তি উটুৱাই নিছিল!স্ফীত গৰ্ভই শকুন্তলাৰ প্ৰাণচঞ্চলা গতিক মন্হৰ কৰিছিল।
ধ্যান আৰু যোগে ঋষি দুৰ্বাসাৰ ৰিপু জয় কৰিব নোৱাৰিলে?ক্ৰোধৰ বলি সৈ সামান্য অপৰাধতে শাপিত কৰিলে তেওঁ বিৰহিনী শকুন্তলাক?শকুন্তলাই যাৰ চিন্তাত মত্ত হৈ গুৰুক আপ্যায়ন কৰিবলৈ পাহৰিলে, সেইজন ব্যক্তিয়ে সময়ত পাহৰি যাব শকুন্তলাক!
“আ!অতিথিপৰিভাবিনি-
বিচিন্তয়ন্তী যমনন্যমানসা তপোধনং ন বেৎসি মামুপস্হিতম্।
স্মৰিষ্যত্বি ত্বাং ন স বোধিতোঅপি সন্ কথাং প্ৰমত্ত প্ৰথমং কৃতামিব ।।”
দুৰ্বাসাৰ অভিশাপ ফলিয়ালে।নহ’লে কিয় হেৰাল দুষ্যন্তই দিয়া আঙুঠিটো?মাছে খালে?মাছমৰীয়াই পালে?এতিয়া তাইৰ আঙুলি সুদা।হাত সুদা!স্বীকৃতিবিহীন প্ৰেমৰ বিনিময়ত তিৰস্কাৰ আৰু লাঞ্ছনাৰ বাহিৰে একোৱেইতো নিদিয়ে আমাৰ সমাজখনে।
সময় সলনি হ’লেও নাৰীৰ কাহিনীবোৰ সদায় একেদৰেই থাকি যায়।আঙুঠি অবিহনে কোনো দুষ্যন্তই হেৰোৱা অভিজ্ঞান ওভতাই নাপায়।
হঠাতে মন কৰিলে তগৰে শকুন্তলাৰ হেৰোৱা আঙুঠিটো তাইৰ অনামিকা আঙুলিত জিলিকিছে।ৰজা দুষ্যন্তৰ নামটো নাহৰৰ নাম হৈ পৰিছে।মাছে খোৱা নাই তাইৰ হাতৰ আঙুঠিটো।মাছমৰীয়াইও পোৱা নাই তাইৰ আঙুঠিটো।দুৰ্বাসাৰ দ্বাৰাও শাপিত হোৱা নাই তাই।অথচ তাইৰ নাহৰ তাইলৈ উভতি অহা নাই।
তগৰৰ মনৰ যন্ত্ৰণাই সকলোকে দহিছে।তগৰৰ পিতৃ হঠাৎ যেন ঋষি কন্ব হৈ পৰিছে।কন্যাদায়গ্ৰস্ত মানুহজনে ধান নাপাই পতানকে ধৰিছে।
“অৰ্থো হি কন্যা পৰকীয় এব
তামদ্য সংপেষ্য পৰিগ্ৰহিতু:
জাতো মমায়ং বিষদ:প্ৰকামং
প্ৰত্যোৰ্পিতন্যাস ইবান্তৰাত্মা॥”
কন্বৰ দৰে তগৰৰ দেউতাকেও কন্যাদান কৰি ঋুণমুক্ত হ’ব বিচাৰিছিল।বদনামী ছোৱালী এজনীক গ্ৰহণ কৰিব বিচৰা সাহসী ডেকাজনক জোঁৱাই হিচাবে বুকুত সাৱটি ল’ব বিচাৰিছিল।
কিন্তু তগৰ জানো শকুন্তলাৰ হাতৰ খহি পৰা এধাৰি পুষ্পালংকাৰ!তগৰ এটা জীৱনৰ নাম আৰু জীৱনৰ সৈতে আপোচ কিহৰ?
দেউতাকে ক’লেও সৌৰভৰ সৈতে বিয়াত নবহে তগৰ।জীয়াই থাকিবলৈ পুৰুষ এজন লাগিবই বুলি জানো কথা আছে।বাধ্যবাধকতাবোৰ মানুহৰ নিজা সৃষ্টি।জীৱনত পুৰুষৰ প্ৰয়োজন হ’লে সেয়া হৃদয়ৰ তাগিদাত হওক।শৰীৰৰ তাগিদাত হওক।কিন্তু সমাজৰ তাগিদাত নহওক।নাহৰৰ সৈতে তাইৰ প্ৰেম সমাজৰ তাগিদাত হোৱা নাছিল।সেয়া তাইৰ নিজাপী সিদ্ধান্ত আছিল।সেয়ে সেই প্ৰেমে দিয়া প্ৰতাৰণাৰ আঘাতো তাইৰ নিজা।কাৰো সৈতে সেই আঘাতৰ ভাগ-বটোৱাৰা নহয়।
সিদ্ধান্তলৈ আহিলে মনৰ অস্হিৰতাবোৰে শাম কাটে।তগৰো শান্ত হ’ল।
তগৰে তাইৰ স্ফীত উদৰটোত হাত এখন থৈ অনুভৱ কৰিবৰ চেষ্টা কৰে এটি জীৱনৰ স্পন্দন।জীৱন জীয়াবলৈ বহু সময়ত সৰু সৰু স্পন্দনবোৰেই যথেষ্ট হৈ পৰে।
“বুজিবৰ চেষ্টা কৰা তগৰ।তোমাৰ সন্তানটিক সমাজে এদিন জাৰজ বুলিব।সময় থাকোতেই নিজৰ ভুল শুধৰাই লোৱা।খহাই পেলোৱা তোমাৰ গৰ্ভৰ লালিত মাংসপিণ্ডটো।জীৱনত আগুৱাই যোৱা।”
তগৰৰ মাকে তগৰক বুজাবৰ চেষ্টা কৰে।মাকক কেতিয়াবা তগৰৰ শকুন্তলাৰ সখীয়েক প্ৰিয়ম্বদা যেন লাগে।কেতিয়াবা অনুসূয়া যেন লাগে।মাক তাইৰ সুখৰ দিনৰ লগৰী।দুখৰ দিনৰ সাহ।তাই মাকৰ কোলাত মূৰ থৈ কৈ উঠে-
“ভ্ৰূণ এটা হত্যা কৰা সহজ মা।জীৱ এটাক জীয়াই ৰখাহে টান।পিছে টান কামবোৰেহে আমাৰ জীৱনক গতি দিয়ে।খোজতকৈ উজুতিয়ে আমাক সাবধান হোৱাৰ পাঠ বেছিকৈ শিকায়।জীৱনক গতি দিবলৈও কঠিন সময়বোৰ অতিক্ৰম কৰিবলৈ শিকিব লাগে মা।”
তগৰৰ উত্তৰ পাই মাক উচাৎ মাৰি তাইৰ কাষৰপৰা আঁতৰি যায়।
কোনেনো ভাবিছিল ৰাজনৈতিক আকাংক্ষাই নাহৰক এনেদৰে সলনি কৰিব!তগৰক আঙুঠি পিন্ধাই শেষ মুহূৰ্তত তাইক বিয়া কৰাবলৈ অমান্তি হ’ব!
সংগঠনৰ নীতি এয়া।বিয়া পাতি সন্তানৰ পিতৃ হ’লে তাৰ ছাত্ৰনেতা হৈ থকাৰ যোগ্যতা হেৰাই যাব।নিজৰ ৰাজনৈতিক আকাংক্ষা চৰিতাৰ্থ নোহোৱাৰ আশংকা কৰিয়ে তগৰক সি এনে অৱস্হাত এৰি গ’ল।সিও ভাবিলে হয়তো-“গতিয়েই জীৱন!”
“মুভ অন তগৰ।সন্তানটি খহাই পেলোৱা।এইবাৰ সভাপতি পদৰ বাবে মোকেই সকলোৱে প্ৰথম পছন্দত ৰাখিছে।এবাৰ নিৰ্বাচনটো হৈ যাবলৈ দিয়াচোন।সন্তান পাছতো ধাৰণ কৰিব পাৰিবা।” নাহৰে তগৰক সৈমান কৰিবৰ চেষ্টা কৰিছিল।
নাহৰৰ কথা শুনি তগৰ নিশ্চুপ হৈ পৰিছিল।নাহৰে পিন্ধোৱা আঙুঠিটো লিৰিকি-বিদাৰি তাই একে ঠাইতে ৰৈ আছিল।মুভ অন কৰাটো সহজ নাছিল তাইৰ বাবে।সম্ভোগৰ সুখে জানো অকল নাহৰক তৃপ্ত কৰিছিল?তাই নিজেও ইয়াৰ সমানেই অংশীদাৰ নহৈছিল জানো?নাহৰে লুণীয়া মৰমবোৰেৰে তাইক ভৰাই পেলোৱাৰ সময়ত চৰম তৃপ্তিত নিমীলিত হৈ পৰা নাছিল জানো তাইৰ চকুহাল!
তেন্তে?
তাইৰ গৰ্ভত লালিত হোৱা জীৱনটোৰ দায়িত্ব কেৱল নাহৰেই কিয় ল’ব?ভ্ৰূণহত্যাৰ পাপৰ ভাগেই বা নাহৰে অকলে কিয় ল’ব?তগৰেও সেই পাপৰ সমভাগ কঢ়িয়াই ফুৰিব লাগিব আজীৱন।পিছে অপৰাধী মন এটা কঢ়িয়াই ফুৰাতকৈ সমাজে দিয়া উপনামবোৰ কঢ়িয়াই ফুৰিবলৈ তগৰে বেছি ভাল পালে।শকুন্তলাৰ দৰেই তাই সাহসেৰে জন্ম দিব সৰ্বদমনক।অথবা অন্য এক শকুন্তলাক।যি শকুন্তলাই সন্তানৰ পৰিচয় পতিগৃহত বিচাৰি গৈ নিজক লাঞ্ছিত নকৰে।
শেষৰাতি পঢ়া টেবুলতে শুই পৰিছিল তগৰ।পিছে হঠাতে তাইৰ উশাহবোৰ ঘন হৈ পৰিছিল।সমাজৰ দৃষ্টিত অনাকাংক্ষিত মাতৃ হোৱা বাবেই তগৰে গৰ্ভাৱস্হাত অলপ যত্ন, অলপ মৰম দাবী কৰিব পৰা নাছিল।
“কিয় জীৱনৰ লগত খেলা কৰিছা তগৰ?আজকালি ডাক্তৰৰ সহায় নল’লে সন্তান প্ৰসৱ কৰিব নোৱাৰি।বেছিভাগ সন্তানসম্ভৱাই এতিয়া প্ৰাকৃতিক নিয়মমতে সন্তান জন্ম দিবলৈ এৰিছে।চিজাৰিয়ান বেবীৰে ভৰি পৰিছে চৌপাশ।তুমি কিদৰে জন্ম দিবা তোমাৰ সন্তানটি?”
সম্ভাৱ্য বিপদৰ কথা ভাবি তগৰৰ মাকে হাহাকাৰ কৰি উঠিছিল।
“তুমি জানো মোক স্বাভাৱিকভাৱে জন্ম দিয়া নাছিলা?শকুন্তলাই জানো সৰ্বদমনক স্বাভাৱিকভাৱে জন্ম দিয়া নাছিল?মইও পাৰিম মা।”তগৰে মন বান্ধিছিল।
শেহৰাতি পেটটো তীব্ৰভাৱে খামোচ মাৰি ধৰাত সাৰ পাই উঠিছিল তগৰ।পৃথিৱীখন তেতিয়া শুই পৰিছিল।বাহিৰত তেতিয়াও জ্বলি আছিল অক্লান্ত ষ্ট্ৰীট লাইটবোৰ।খিৰিকীৰ চিঁচাত নিয়ৰে কিবা নুবুজা ছবি আঁকিছিল।দুই এক বাটৰুৱা কুকুৰে ভৌঁ ভৌঁ কৰি নিজৰ অস্বিত্ব জাহিৰ কৰিছিল।
তগৰে পঢ়া টেবুলত থোৱা পানীৰ জাৰটোৰপৰা এগিলাচ পানী বাকি লৈ ঘটঘটকৈ পী খালে।জ্বলি থকা টেবুল লাইটটোৰ পোহৰ চকা-মকাকৈ পৰি আছিল তাই তৰ্জমা কৰা শ্লোকবোৰত।
সেয়া চতুৰ্থ অংকত শকুন্তলাই গৌতমী,শাৰদ্বত আৰু শাৰ্ঙ্গৰৱৰ সৈতে শকুম্তলাৰ পতিগৃহ যাত্ৰাৰ ছবিখন আপোন ভাষাত অংকন কৰিছে।
পঞ্চম অংকত দুষ্যন্তৰ হস্তিনাপুৰৰ ৰাজ দৰবাৰত প্ৰত্যাখ্যাতা হৈছে শকুন্তলা।দুৰ্বাসাৰ শাপেৰে শাপিত দুষ্যন্তৰ অভিজ্ঞান উভতি নাহিল।শকুন্তলাই দিব নোৱাৰিলে তাইৰ গৰ্ভস্হ সন্তানটোৰ পিতৃৰ প্ৰমাণ।
কিন্তু সময় সকলো প্ৰমাণৰ উৰ্ধত।কালত অনুশোচনাৰ জুয়ে তাপি যায় দুষ্যন্তক।
“মাছমৰীয়াৰ হাতত শকুন্তলাৰ হেৰোৱা আঙুঠিটো ঘূৰাই পোৱা গৈছে।” ৰজাৰ সৈনিকে ক’লে।
“কিন্তু শকুন্তলা ক’লৈ গ’ল?”
দুষ্যন্তৰ তাপিত হৃদয়ে হাহাকাৰ কৰি উঠিলে।
কি অদৃশ্য জ্যোতিয়ে তুলি লৈ গ’ল শকুন্তলাক হিমকুট পৰ্বতলৈ!
লাহে লাহে গৰ্ভত উদয় হোৱা বিষটো তগৰৰ বুকুলৈ উজাই আহিল।বিষে কুঁজা কৰি আনিলে তাইক।
টেবুল লাইটটো নুমুৱাই দি তাই বহি পৰিল চেঁচা মজিয়াখনত।
এন্ধাৰ আৰু শীতল কোঠাটোত চেপা খাই ৰৈছিল প্ৰসৱৰ প্ৰাণকাতৰ যন্ত্ৰণাবোৰ।চেপি ৰখা অৰ্তনাদবোৰ তেজৰ ফোঁৱাৰা হৈ মসৃণ মজিয়াখনেৰে বৈ আহিছিল।জন্ম হৈছিল সৰ্বদমনৰ।
কন্বমুনি অসহায় হৈ পায়চাৰি কৰিছিল শোৱনিকোঠাত।ডাক্তৰ মাতিলে প্ৰশ্ন উঠিব কেঁচুৱাটিৰ পিতৃ পৰিচয়ক লৈ।গন্ধৰ্ব বিবাহৰ বৈধতাক লৈ।কণ্ঠৰুদ্ধ হৈ পৰিছিল তগৰৰ পিতৃ।
“কণ্ঠ:স্তম্ভিতবাষ্পবৃত্তি কলুবশ্ৰিশ জণ্ড দৰ্শনম।”
কিন্তু মাকবোৰ যে নদীৰ দৰে!মাতৃহৃদয় নৈ হৈ অহৰহ বৈ ৰয় আমাৰ সত্তাক সঞ্জীৱিত কৰি।তগৰৰ মাকেও তাইৰ চিৎকাৰ শুনি অধ্যয়নকক্ষলৈ উধাতু খাই সোমাই আহিল।
ঘিটমিট এন্ধাৰ ফালি ভাহি আহিছিল সদ্যজাতৰ ক্ৰন্দন।
তেওঁ আন্ধাৰে-মুন্ধাৰে খেপিয়াই গৈ গৈ লাইটৰ চুইছটো অন কৰি দিলে।কোঠাটো নিমিষতে ফটফটীয়া হৈ পৰিল।আন্ধাৰে লুকুৱাই থোৱা দৃশ্যবোৰ পোহৰত কি ভয়ংকৰ ৰূপত ধৰা দিয়েহি!
এৰা!পোহৰতকৈ এন্ধাৰেই ভাল।
তেজৰ নৈ এখনত ওপঙি আছিল তগৰৰ নিঠৰ দেহটো।
তগৰ!
তগৰ!
তগৰৰ মাত এষাৰ পাবলৈ অস্হিৰ হৈ পৰিছিল মাকজনী।
কেঁচুৱাটো কোলাত তুলি লৈ তগৰৰ মাকে তাইৰ বুকুখন চুই চাইছিল।নীৰৱ হৈ পৰিছিল তাইৰ বুকুখনি।নিয়তিৰ বজ্ৰাঘাতত যুগৰ কথাবোৰ যেন পুৰি ছাই হৈ গৈছিল।
তাইৰ বুকুৰ অৱশিষ্ট স্পন্দনবোৰ কেঁচুৱাটিৰ বুকুত ধিপিক ধিপিককৈ বাজিছিল।
ৰাতি পুৱাইছিল।নামঘৰত ভকতে পুৱাৰ গীত জুৰিছিল। ভকতৰ সুৰটো সিদিনা কাৰোবাৰ ক্ৰন্দন যেন লাগিছিল।তগৰৰ নিথৰ শৰীৰটোৰ কাষতে লেপেটা কাঢ়ি বহি ৰৈছিল নাহৰ।মৃত মানুহে কাৰো ওপৰত অভিমান নকৰে।কাকো আঘাত নকৰে।দাবী নকৰে নিজৰ প্ৰাপ্য অধিকাৰৰ।মৃত মানুহৰ ওচৰত আমি বৰ নিৰাপদ।
সভাপতিৰ নিৰ্বাচনত মুখঠেকেচা খোৱা নাহৰ ডি এন এ পৰীক্ষাটো হাৰি গৈছিল।সি তগৰৰ সন্তানটি তাৰ নহয় বুলি বিবৃতি দি ফুৰা কথাবোৰ মিছা বুলি প্ৰমাণিত হৈছিল।আৰম্ভ নৌহওঁতেই শেষ হৈ গৈছিল তাৰ ৰাজনৈতিক কেৰিয়াৰ।
নাহৰ ৰৈ আছিল তগৰৰ চিতা জুইকুৰাৰ সন্মুখত।অনুশোচনাৰ জুই একুৰা তাৰ বুকুতো জ্বলিছিল।এদিনীয়া কেঁচুৱাটিৰ কান্দোনবোৰ একোপাট শাণিত শেল হৈ তাৰ বুকু ভেদিছিল।
“প্ৰায়শ্চিতৰ কিবা উপায় আছে জানো?”নাহৰে হাতযোৰ কৰি থিয় হৈছিল তগৰৰ মাক-দেউতাকৰ সন্মুখত।
নাহৰৰ প্ৰশ্নৰ কি উত্তৰ দিব তগৰৰ মাক-দেউতাকে ভাবি পোৱা নাছিল।হয়তো তগৰেও ভাবি নাপালেহেঁতেন।
তগৰৰ নিচিনাকৈয়ে বনৰীয়া শকুন্তলাইও কেৱল প্ৰেম বুজি পাইছিল।সমাজ বুজা নাছিল।প্ৰতাৰণা বুজা নাছিল।
প্ৰতিদান নিবিচৰাকৈয়ে বনৰ গছ-লতিকাবোৰক নিতৌ পানী দি জীপাল কৰিছিল শকুন্তলাই।পশু-পক্ষীসবক নিতৌ আহাৰ খুৱাই তৃপ্ত কৰিছিল।আঘাত পায় বুলি অলংকাৰ সাজিবলৈও জীয়া ফুল এপাহ ছিঙা নাছিল শকুন্তলাই।আনকি প্ৰকৃতিকন্যা শকুন্তলাই বিচৰা নাছিল কাহানিও পিতৃ-মাতৃৰ পৰিচয়।অথচ সমাজৰ ভয়ত শকুন্তলাই বিচাৰি ওলাল দুষ্যন্তক!
কেৱল সমাজিকতা ৰক্ষাৰ নিমিত্তে কন্বমুনিয়ে শকুন্তলাক লতাগৃহৰপৰা কংক্ৰিটৰ ৰাজমহললৈ পঠিয়াই দিলে।আচৰিত!আমাৰ চিন্তা-কৰ্মবোৰ সমাজৰ নিৰ্দেশত চলে!
সন্ধিয়া লাগিছিল।তগৰৰ অধ্যয়নকক্ষত মাটিচাকি এগছি জ্বলিছিল।এটি উত্তৰৰ বাবে ৰৈ আছিল নাহৰ।কিন্তু উত্তৰ দিবলৈ তাত তগৰ নাছিল।আছিল মাথোন তগৰে তৰ্জমা কৰা পৃষ্ঠাবোৰ!পঢ়া মেজখনত মেল খাই পৰি আছিল মহাকবি কালিদাসৰ ‘অভিজ্ঞানম্ শকুন্তলা’খন।
কিন্তু ষষ্ঠ অংকলৈকে ভাঙনি কৰি তগৰ ৰৈ গৈছিল।তাইৰ ক্লান্ত দেহাটো পঢ়া মেজতে ঢলি পৰিছিল।লিখিব পৰা নাছিল তাই সপ্তম অধ্যায়টো।যিটো অধ্যায়ত মহাকবিয়ে শকুন্তলা আৰু দুষ্যন্তৰ পুনৰ্মিলন দেখুৱাইছে।সৰ্বদমনক পিতৃৰ পৰিচয় প্ৰদান কৰোৱাইছে।নাটকখনৰ এটি ইতিবাচক সামৰণিলৈ আগুৱাই লৈ গৈছে।ঠিক সেইটো অধ্যায় লিখিবলৈ থাকি গ’ল তগৰৰ।
“কি নক’লে তগৰে?”
মেজত পৰি থকা খেলিমেলি কাগজবোৰত তগৰৰ মাকে উত্তৰ খেপিয়াবলৈ ধৰিলে।প্ৰতাৰক নাহৰক দিব জানো তেওঁ তগৰৰ জীৱনৰ বিনিময়ত লাভ কৰা সন্তানটি?
পিছে উত্তৰৰ বাবে বেছিপৰ ৰ’বলগীয়া নহ’ল তেওঁৰ।খেলিমেলি পৃষ্ঠাবোৰ চপাবলৈ লওঁতেই তেওঁৰ হাতত লাগি আহিল কঠিন কিবা এটা।
“কি বাৰু?”
এটি আঙুঠি!
তগৰে মেজত খুলি থোৱা আঙুঠিটোৱে কৈ গৈছিল তাই নোকোৱা বহু কথা।তগৰৰ মাকে শুনিছিল সেই কথা।শুনিছিল বাবেই তেওঁ নাহৰৰ কোলাত থকা কেঁচুৱাটো নিজৰ কোলালৈ লৈ আহিছিল আৰু নাহৰৰ শূন্য হৈ পৰা হাতখনত গুজি দিছিল তগৰে খহাই থোৱা হীৰাখচিত আঙুঠিটো।
শেহৰাতি নাহৰে আঙুঠিটো হাতৰ তলুৱাত লৈ লুটিয়াই বগৰাই চাইছিো।কিন্তু কেউপিনৰপৰাই আঙুঠিটো কেৱল শূন্য এটাৰ দৰেহে দেখিছিল।
লাহে লাহে সেই সৰু শূন্যটিয়েই বৃহদাকাৰ ধাৰণ কৰি নাহৰৰ চৌপাশ আৱৰি ধৰিলে।
ফোন – ৯১০১৭৫২৯৪২
Comments are closed, but trackbacks and pingbacks are open.