ববিতা গগৈ
মানুহজনীয়ে ৰাতিপুৱাৰ পৰা লৌৰা ধপৰা কৰি ফুৰিছে।ৰাতিপুৱাৰ পৰা নহয় আগদিনাৰ পৰাই। কি কি ৰান্ধিব তাৰে এখন দীঘল লিষ্ট বনাই খোৱা বস্তু বজাৰ কৰা ।কেকৰ অৰ্ডাৰ দিয়া। অফিচৰ পৰা আহি সময়েই নাটেগৈ।তথাপি আবেলি ওলাই যায় বজাৰ কৰিবলৈ।এইবাৰ জন্মদিনটো দেওবাৰে পৰিল বাবেহে তত পাইছে তাই।
মাক দেউতাকে লগত নিজৰ ল‘ৰা ছোৱালীবোৰ লৈ আহিব।সৰু সৰু ল‘ৰা ছোৱালী সিহঁতে উপহাৰ পালে ভালে পাই।সিহঁতৰ বাবে ৰং বিৰঙি উপহাৰ কিনি ৰঙীন কাগজেৰে বান্ধি পেলোৱা আদি ঢেৰ কাম।
অকলেই পুৱতীয়ে কৰিবলৈ চেষ্টা কৰে এই বিশেষ দিনটোৰ আয়োজন।
আজি জন্মদিন। ৰাতিপুৱা শুই উঠিয়েই মূৰ গা তিয়াই গোসাই সেৱা কৰি ওচৰৰ মন্দিৰলৈ যায় শৰাই এভাগ দিয়াৰ উদ্দেশ্যে।
পুৰোহিতে মন্ত্ৰ মাতে ।নামটো সোধে
:কি নাম? পুৱতি
পুৱতি কাশ্যপ
:তোমাৰ হৈ শৰাই দিছা?
:নহয় মোৰ স্বামীৰ হৈ
:নাম কোৱা
:চাণক্য চৌধুৰী
পুৰোহিতে মন্ত্ৰোচ্চাৰণ কৰে। হঠাৎ পুৰোহিতে তাইৰ মূৰত হাত থৈ কয় দীৰ্ঘজিৱী হওক তোমাৰ স্বামী।তাই চকু মুদি একান্তক চিত্তে প্ৰাৰ্থনা কৰে চাণক্যৰ বাবে।
দীৰ্ঘজিৱী হওক তোমাৰ স্বামী । তাইৰ কাণত , তাইৰ বুকুত আৰু গোটেই মন্দিৰৰ বেৰবোৰত গুঞ্জৰিত হৈ পৰে শব্দ কেইটা।
কপালত চন্দনৰ ফোঁট দিয়ে পুৰোহিতে । তাই কাজলি পাতি নিৰ্মালি গ্ৰহণ কৰি ঘৰলৈ উভতি আহে । ঘৰলৈ অহাৰ পাছতো তাইৰ বুকুত আৰু কাণত সেই শব্দ কেইটাও বাজি থাকে দীৰ্ঘজিৱী হওক তোমাৰ স্বামী।
এইবোৰ কথাকেই ভাৱি থাকিলে নহ‘ব বহুত কাম আছে।কিমান অতিথি নিমন্ত্ৰণ কৰিছে তাই। অথচ নিজেই সকলো কৰিম বুলি ভাবি ল‘লে। মন্দিৰলৈ যোৱা কাপোৰ সলাই ট্ৰাওজাৰ আৰু পাতল চুৱেটাৰ এটা পিন্ধি ল‘লে ।ফাগুন মাহ ফেৰফেৰিয়া বতাহ মাৰি আছে।ঠাণ্ডা এতিয়াও কমাই নাই।
তেনেতে পুৱতিৰ সহায়িকা মালা আহি পায়হি। মালাই আহিয়েই মটৰ গোচোৱা , আলুৰ বাকলি গুচোৱা আদিবোৰ খৰ গতিত কৰি যায়। তাইও ৰৈ নাথাকে চুৱেতাৰৰ হাত কোঁচাই এটা এটাকৈ খুব হেঁপাহেৰে কামবোৰ কৰি যায়।
তথাপি তথাপি তাৰ মাজতে তাই খালি খালি অনুভৱ কৰে।এই দিনটো তাই যিমান উচাহেৰে আয়োজন কৰে সিমান গোটেই দিনটো বুকুত এক বিষ কঢ়িয়াই ফুৰে।
মালাই সৰিয়হ বাতিছে। তাই পনীৰ কাটিছে। ইমান আয়োজন দুজনী মানুহে অকলে কৰা কি সহজ কথা।তথাপি কৰে। হেঁপাহ আৰু আগ্ৰহেৰে কৰা কাম যিমানেই কষ্টকৰ নহওঁক কামটো হৈ উঠেই।
সৰিয়হ দি মাছ ভাপত দিয়া, , তিল দিয়া কুকুৰাৰ মাংস , লুচি , পোলাও, গুৰেৰে ৰন্ধা পায়স।সকলো চাণক্যই খাই ভালপোৱা খাদ্যই ৰান্ধিছে পুৱতিয়ে।
কামবোৰ কৰি যোৱাৰ ফাঁকে ফাঁকে তাই ভাবে কিমান যে খাদ্য ৰসিক আছিল ল‘ৰাটো। এতিয়া তাই এইবোৰ আয়োজন কৰা দেখি কলেহেঁতেন –
পুৱতি এই বয়সতনো এইবোৰ কি কৰিছা বুঢ়াই হ‘লোঁহি। এতিয়াও আমাৰ জন্মদিন পতাৰ বয়স আছেনে? তাই জোৰ কৰি তাৰ জন্মদিন পাতিছিল অনুষ্টুপিয়াকৈ হ‘লেও। সেই কামটোকে আজি তাই সি নোহোৱাৰ পাঁচবছৰেও কৰি আহিছে।
সময়ত আলহী আহে । পুৱতিয়ে সকলোৰে মাজে মাজে ঘূৰি অতিথিৰ আপ্যায়ন কৰে।
যিসকল আলহী তাইৰ নিমন্ত্ৰণ কৰিছে গোটেইবোৰ তাইৰ নিকটম। একেবাৰে কাষৰ। তাইৰ বিপদৰ সময়ত তাইৰ অনবৰতে কাষত থকা মানুহ। প্ৰায় গোটেইবোৰেই ল‘ৰা ছোৱালী লৈ আহিছে।
চাণক্য বুলি লিখা কেকটো কাটিবৰ পৰত উলিয়াই আনে মালাই।
কেকটো কাটি অকণমানি কেইটাক খুৱাই দিয়ে তাই।
তাই হঠাৎ উচুপি উঠে। সকলো আছে সকলো আয়োজন কৰা হৈছে কেৱল চাণক্যৰ বাবেই।মাথোঁ চাণক্য সিহঁতৰ মাজত নাই।
তাইক ৰিতিমালাই সাৱটি ধৰে। একেবোৰ কথা ভাবি নাথাকিবিচোন পুৱতি। আজিৰ দিনটোত অন্ততঃ।
সকলোৱে ভাবে স্বামীৰ প্ৰতি কিমান প্ৰেম থাকিলে মানুহে মৃত স্বামীৰ নামত জন্মদিন পাতিব পাৰে। কিমান শ্ৰদ্ধা থাকিলে প্ৰতিপল স্বামীক সুঁৱৰিব পাৰে। এক আচৰিত শক্তিৰ অধিকাৰী পুৱতি।
ফাগুনৰ বতৰ । ঠাণ্ডা বতাহ এজাকে কঁপাই যায় সৰ্বশৰীৰ।
সকলো আলহী ঘৰা ঘৰি যায়। মালাও যায়গৈ।
আগফালে বাৰণ্ডাত অকলে পুৱতি। কাণত হেডফোন লগাই ভূপেন হাজৰিকাৰ গান লগাই লয় ।
বাজি থাকে
ৰুনুক জুনুক সৰাপাতত নিয়ৰ সৰি পৰে
গালে মুখে নিয়ৰ সানি ধেমালিখন কৰে
পাঁচবছৰ কম সময় নে?এই পাঁচবছৰে তাই মাথোঁ শূণ্য এটা সাৱতিয়েই পৰ কৰিলে। মানুহ নাই বুলিয়েই কাষৰ পৰা নোহোৱা হৈ যাব পাৰেনে? কিয় কিয় ৰৱ নোৱাৰে বৃদ্ধৱস্থালৈকে কাষত।ইমান লৰালৰিনে বেমাৰ এটাৰ অজুহাতত আঁতৰি যোৱাৰ।যুঁজিছিল তাই । বহুত যুঁজিছিল। সময়ৰ লগত হাৰি গ‘ল পুৱতি।
ঠিক সাত আঠ বছৰৰ আগৰ কথা আছিল। চাণক্যৰ গা বেয়া হৈ থাকে । বহুবাৰ ডাক্টৰক দেখুৱাইও ভাল পোৱা নাছিল। জ্বৰ উঠি উঠি থাকে। তিনিমাহ মান জ্বৰত ভোগাৰ পাছত তাই ভাৱিলে যে লৈ যোৱা যাৱক কলকাতালৈকে।
মনত পৰে তাইৰ সেই দিনটোৰ কথা। বায়োপ‘চিৰ ৰিপ‘ৰ্ট দিয়াৰ কথা আছিল। তাই পানী এটোপালো খাব পৰা নাছিল সেইদিনা। ৰিপ‘ৰ্ট লৈহে খাব । ভগৱানক কৰযোৰে প্ৰাৰ্থনা কৰিছিল একো বেয়া নহওঁক।
দিনটোৰ অন্তত ৰিপ‘ৰ্ট আহিছিল। সন্ধ্যা সোমাইছিল ডাক্তৰৰ ওচৰত দুয়োটা। ৰিপ‘ৰ্ট চাই ঘোষণা কৰিছিল চাণক্যৰ ব্লাড কেঞ্চাৰ ফৰ্থ ষ্টেজ হোৱাৰ কথা।তাইৰ এনে লাগিছিল যেন তাই তাতেই বাগৰি পৰিব। এনে লাগিছিল যেন চিকিৎসক জনে কৈ উঠিব ধেত এইয়া মই এনেইহে কৈছিলোঁ। এইবোৰ সব। মিছা। একোয়েইটো হোৱা নাই।চিন্তাৰ বিষয় একোৱেই নাই।
ধুমুহাত বিধ্বস্ত মানুহৰ দৰে ওলাই আহিছিল তাই। চাণক্য সম্পূৰ্ণ শান্ত হৈ আছিল। চাণক্যইহে তাইক চম্ভালি লৈছিল। হোটেলৰ কোঠাত আহি গাৰুত মুখ গুজি চিঞৰি চিঞৰি কান্দিছিল। গোটেই ৰাতি বাউলী হৈ কান্দিছিল মাথোঁ তাই।
সেই দিনাৰ পৰাই তাই এজনী বেলেগ নাৰীলৈ ৰূপান্তৰ হৈছিল। তাই থানি লৈছিল যে চাণক্যক কোনোৱেই তাইৰ পৰা কাঢ়ি নিব নোৱাৰে। চিকিৎসা আৰম্ভ হৈছিল চাণক্যৰ। বহুকেইটা কেম‘ লোৱাৰ পাছত বৰ দুৰ্বল হৈ পৰিছিল।
সিহঁত অসমলৈ ঘূৰি আহিছিল। অলপমান সুস্থ হৈছিল সি।তাৰ পাছৰ বছৰ হঠাৎ তাৰ আকৌ গা বেয়া হৈছিল। লৈ গৈছিল কলকাতালৈ তাই। তিনিমাহ ভৰ্তি হৈ আছিল হস্পিটেলত। চাণক্যৰ অৱস্থা বেয়ালৈ গৈছিল।ডাক্তৰে কৈছিল এইয়া তাৰ লাষ্ট ষ্টেজ।
তথাপিটো হাৰ মনা নাছিল তাই। তাৰ প্ৰিয় কিতাপৰ শাৰী পঢ়ি শুনোৱাইছিল পুৱতিয়ে। প্ৰিয় গান শুনোৱাইছিল। অনবৰতে কাষতেই আছিল তাই। শিশু এটাক যত্ন লোৱাৰ দৰে লৈছিল। একো খাব নোৱাৰা হৈ আহিছিল সি।তথাপি তাই এচামুচ এচামুচ কৈ যত্নেৰে খুৱাইছিল কিবা অকণমান।
সি কৈছিল তাইক–
পুৱতি ইমান কষ্ট নকৰিবা মোৰ লগত পাছত তুমিয়েই কষ্ট পাবা।তোমাৰ জীৱনত আগবাঢ়ি যাবলৈ অসুবিধা হ‘ব। মই আৰু বেছিদিন নাথাকোঁ জানো মই।শক্তি নোহোৱা হৈ আহিছে গাত।মিছাতেই তোমাৰ কষ্ট হৈছে।
চুপ কি কথা কৈছা এইবোৰ।তুমি ভাল হ‘বই লাগিব।নিদিওঁ তোমাক মোৰ পৰা আঁতৰি যাবলৈ।নোৱাৰোঁ মই অকলে থাকিব । খঙত কৈছিল তাই কথা কেইটা।
তাই এনেদৰে ভাৱি লৈছিল যে এই সকলোবোৰ মিছা। চাণক্য ভাল হ‘বই।
তাইৰ এতিয়া ভাৱি হাঁহি উঠিছে। তাই অকলশৰে থাকিব নোৱাৰোঁ বুলি কৈছিল। এতিয়াচোন অকলেই পাঁচ বছৰ পাৰ কৰিলে।
চাণক্য তাইৰ কাষৰ পৰা নাইকিয়া হৈ গুচি গৈছিল।চাণক্যৰ মৃতদেহ লৈ অসম ওলাইছিলহি । জোৰ কৰিমোহাৰি পেলোৱা হৈছিল তাইৰ সেন্দুৰ। পুৱতি এজনী শিলৰ নাৰীলৈ ৰূপান্তৰ হৈছিল। এটোপালো চকু পানী ওলোৱা নাছিল। মাথোঁ শুকান চকু দুটাৰে নিজৰ কোঠাৰ মজিয়াত বহি চাণক্যৰ চোলা এটা সাৱতি গোটেই ৰাতি বহি পাৰ কৰি দিছিল। কোনেও তাইক সেই ঠাইৰ পৰা লৰচৰ কৰাব পৰা নাছিল।
চাণক্য নিজৰ জন্মদিনটোতেই মৃত্যু হৈছিল। চাণক্য নোহোৱা হোৱাৰ এবছৰৰ দিনা শ্ৰাদ্ধ কৰাৰ নিশাৰ কথা আছিল সেইদিনা। সকলো ভাগৰত শুই পৰিছিল। তাই নিজৰ কোঠাৰ ড্ৰেচিঙৰ সন্মুখত। তাই মনে মনে কিনি আনি লুকুৱাই থোৱা সেন্দুৰৰ তেমাটো উলিয়াই আনি লৈ বহুপৰ নিজৰ মুখখন নিজৰ উকা সেওঁতাটো চাইছিল।
বুকুখন ঢপ ঢপাই উঠিছিল পুৱতিৰ । হঠাৎ টেমাটো খুলি এমুঠি সেন্দুৰ বুঢ়া আঙুলি আৰু অনামিকা আঙুলিৰে বুলাই লৈছিল সেওঁতাত। বৰ দীঘলকৈ।
ৰাতিপুৱা শুই উঠি পুৱতিৰ মাকে তাইক সেন্দুৰেৰে স‘তে দেখি হুলস্থুল লগাই দিছিল।
অই মাজনী এইবোৰ তই কি কৰিছ ? পাগল হলি নেকি? সমাজে কি বুলি ক‘ব ।মোহাৰ এতিয়াই মোহাৰি পেলা।শেষ কৰিলি তই সব শেষ কৰিলি।
মাকে চাদৰৰ আগটো আনি মোহাৰি দিবলৈ লওঁতেই তাই মাকৰ হাতত থাপ মাৰি ধৰি ৰখাই দিছিল।
:ল‘ম মই সেন্দুৰ সদায়েই ল‘ম। মোৰ কথা।
আৰু বহুত কিবা কিবি কৈ পেলাইছিল তাই।পৰিয়ালৰ সকলো মানুহে সেইদিনাৰ পৰা তাইক বেয়া পাবলৈ লৈছিল।বেয়া ছোৱালী, পুৱতি বেয়া ছোৱালী, গুৰু গোঁসাই নমনা ছোৱালী সমাজৰ নিয়ম উলঙ্ঘন কৰিছে।
সকলো আঁতৰি গৈছিল তাইৰ পৰা। কিন্তু এনে লাগিছিল যেন তাইৰ কাষত যদিও চাণক্য সোঁশৰীৰে নাই তথাপিও যেন কাষতেই আছে। সেইদিনাৰ পৰা তাই দীঘলকৈ সেন্দুৰেৰে ৰঙা কৰি আহিছে সেওঁতা ।
চাণক্যৰ মৃত্যু আৰু জন্মদিন একেদিনাই।সেয়ে তাই তাৰ জন্মদিন পাতে। জন্মদিনৰ দিনা নিজকে সি ভালপোৱা ৰঙৰ শাৰী পিন্ধি দীঘলকৈ সেন্দুৰ লৈ নিজকে সজাই ৰাখে।তাই অনুভৱ কৰে চাণক্য যেন তাইৰ কাষে কাষেই আছে।
আজিও পিন্ধিছিল তাই পাতল নীলা ৰঙৰ শাৰী এখন। অয়নাই কৈছিল পুৱতি বৰ ধুনীয়া লাগিছে তোমাক ।সুখী হৈছিল তাই।
বাহিৰত বতাহৰ হো হোৱনি। কথাবোৰ ভাৱি ভাৱি বাহিৰতেই বহি আছে তাই। কেইটামান শুকান পাত সৰি পৰে বাহিৰত। তাই এনে লাগে যেন এইয়া চাণক্যৰ উপস্থিতিৰ উমান। বাহিৰত সৰাপাতৰ ৰুনজুন। পুৱতিয়ে অনুভৱ কৰে তাইৰ কাষতেই আছে চাণক্য একেবাৰে কাষত।
ফোন:৯৮৬৪২-৪১৪২০
Comments are closed, but trackbacks and pingbacks are open.