গল্প : সিদ্ধাংগনা

12

ৰীতা দেৱী

কক কক কুকুৰাজনীৰ ডাকত সাৰ পাই উঠিল আইধানু। এইকেইজনীৰ উৎপাতত অকমান দেৰিকৈ শো বুলিও শুব নোৱাৰি। বেচি উৎপাত কৰিলে মাক- দেউতাকৰ অসুবিধা হ’ব বুলি উঠি আহিল বিচনাৰ পৰা। কুকুৰাৰ গড়ালটোৰ দুৱাৰখন খুলি দিলে। কক ককাই গোটেইকেইজনী বাহিৰলৈ ঢপলিয়ালে। এইবাৰ আইধানু হাঁহৰ গড়ালটোৰ ওচৰ চাপিল। মতা হাঁহ দুটাই নিজৰ ভিতৰতে যুঁজ বাগৰ আৰম্ভ কৰি দিছে। মাইকী হাঁহকেইটাই গড়ালটোৰ চুকটোত চেপেতা লাগি বহি আছে। মনৰ ভিতৰত অদ্ভুত খং এটা উঠি আহিল আইধানুৰ। মানুহেই বোলা জন্তুয়েই বোলা সকলোৰে একেই স্বভাব । স্ত্ৰী লিঙ্গৰ প্ৰতিটোকে নিজৰ সম্পত্তি বুলি ভবা । চিকৌ কটা , নিধকৰ জাত , এনেকৈয়ে মৰিবি তহঁত ।

এটা এটাকৈ হাঁহ কেইটা বহিৰলৈ উলিয়াই দিলে। মাইকী হাঁহকেইটাই দীঘলকৈ থিয় হৈ এবাৰ উসাহ টানি ডেউকা দুখন কোবাই ভিৰাই লৰ দিলে । দিনটোৰ কামৰ বাবে যেন গাটো টঙাই ল’লে। মতা হাঁহ কেইটাই ধীৰ-স্হিৰ ভাবত এখোজ-দুখোজকৈ আগবাঢ়িল। মাতম্বৰী ভাবত। কামৰ বিশেষ চিন্তা নাই সিহঁতৰ। মতগজ ডেকা সিহঁত । মাথো খোজ-কাটল দৃঢ় হ’ব লাগে। যাতে সকলোৱে সমিহ কৰে। আইধানুৰ মনত খেলালে, মানুহ আৰু পশুৰ বিশেষ পাৰ্থক্য  নাই ।

গৰু কেইটাই হেম্বেলিয়াইছে। খেতি উঠিছে। এইকেইটা দিন সিহঁতৰ কিছু আৰাম। সেয়ে অলপ আদৰ বিচাৰে গৰাকীৰ পৰা। গম পাইছে আইধানু উঠা। উলিয়াই নিব লাগে সিহঁতকো। মাতিছে আইধানুক। পুহৰ সেমেকা দীঘল ৰাতিটো উৰুখা গোহালি ঘৰটোত নিয়ৰত তিতি-বুৰি পাৰ কৰিলে। এতিয়া ন-সৰুযৰ প্ৰথমজাক ৰ’দত সেক ল’ব বিচাৰিছে গৰুকেইটাই। দুই- এডাল ঘাহ-বনৰো জুতি ল’ব। গৰু কেইটা মানে , খীৰঁতী গাই দুজনী পোৱালি দুটাৰ সৈতে । আৰু বলদ দুটা। ৰঙী-বগী। তাইৰ সুখ-দুখৰ লগৰী । ঘৰখনক আৰ্থিক ভাবে সকাহ দিয়া দুটি প্ৰাণী ।

এৰা এই প্ৰাণী দুটাই তিনিটা প্ৰাণ বচাই ৰাখিছে । মাক-দেউতাক আৰু তাইক । বি এ পাছ কৰি আইধানুই কতো এটা চৰকাৰী চাকৰী গোটাব নোৱাৰিলে । দাদাক দুজন বিয়া পাতি ঘৰ এৰি গুচি গ’ল । একো ডাঙৰ কথা নহয় যোৱাতো । নিজৰ সংসাৰ তৰিব লাগে সকলোৱে । কিন্ত নিজাকৈ এখন ঘৰ পাতিলে বুলিয়েই জন্ম দিয়া মাক-দেউতাকক জানো পাহৰিব লাগে !  দুটা পেট ভৰিলে আৰু দুটা পেটৰ যোগাৰ নহ’বনে ! বয়স ভাটি দিলে কিয় ল’ৰা-বোৱাৰী মাক-দেউতাকক বোজা বুলি ভাবে। কিয় বাৰ্ধক্যক ঘিণ কৰে। কিয় পাহৰি যায় এদিন নিজেও বাৰ্ধক্যলৈ গতি কৰিব !

আইধানুই বুজি নাপাই আনৰ মানসিকতা। তাই বুজে মাক-দেউতাকৰ মনৰ কষ্ট । দেহৰ কষ্ট। কলিজাৰ কঁপনি। ল’ৰাই বংশ ৰক্ষা কৰিব। মৰিলে মুখৰ ছাই গুচাব। সেই আশাৰে কদমতলৰ লাৰুৱা গোপালক কলৰ ঠোকা আগবঢ়াই, দোনাবাৰীৰ নেউলা ওজাৰ পৰা তাবিজ , মাদলি গাত আৰি ল’ৰা দুজনক আদৰিলে। ভালৰো ভালখিনি সিহঁত দুটালৈ যাচে। উঠি অহা ল’ৰা খাওকচোন । তেজগোৰা হৈ বাঢ়ক। ভবিষ্যতলৈ কৰ্মঠ হ’লে সমাজত সুন্দৰ কৈ শুৱাই পৰিব । ল’ৰা মানুহ কামে-কাজে সভা শুৱনী হ’ব লাগে। তাকে জানে মাক-দেঊতাকে। সেইমতে ল’ৰা তুলিলে। আৰু আজি সেই ল’ৰা দুজনে  নিলগে নিলগে ফুৰে। জানোচা বাৰ্ধক্যৰ লেতেৰাই সিহঁতকো লেতেৰা কৰে। বয়সৰ বিষ-কোপে সিহঁতকো জৰ্জৰিত কৰে । কিজানি উপাৰ্জনৰ অৰ্ধেকাংশ খাই অঁটায় ।

নাছিল, আইধানু মাক-দেউতাকৰ আশাৰ ফল নাছিল। ভঙুৰা শিব গোঁসাইৰো আশীৰ্বাদ বিছৰা নাছিল মাক-বাপেকে আইধানুৰ বাবে। অনাহুত ফচল আছিল আইধানু মাক-দেউতাকৰ। আদ বয়সৰ জৈবিক তাড়ানাৰ অনাকাংক্ষিত বীজ । আশিক্ষিত মাক-দেউতাকে জনা নাছিল বীজ পচাই পেলোৱা নিয়ম। জনা হ’লে তাই এই পৃথিবীৰ পোহৰ নেদেখিলেহেতেন। নাই, আইধানুৰ সেই লৈ আক্ষেপ নাই । অবশ্যে মাক-দেউতাকে তাইক আদৰ নকৰিলেওঁ , দেখ দেখকৈ অনাদৰ ওঁ কৰা নাই। ঘৰত যি আছে তাৰে এভাগ তায়ো পাইছে। অ ‘ তাই যেনিবা দাদাকহতৰ এৰেহাখিনিকে সাদৰেৰে খাইছিল। সিহতৰ সৰু হৈ পৰা ফিচিকা কাপোৰ কেইডোখৰ তাইৰ গাত খাপ খাই পৰে । মাতৰ তিতিখিনিও তাই সৰুৰে পৰাই সুন্দৰ কৈ গিলিব শিকিছিল। নাই , আইধানুৰ বিশেষ  অসুবিধা হোৱা নাছিল।

পিছে আজি দুদিনমানৰ পৰা আইধানুৰ এটা বিশেষ অসুবিধা হৈছে। অসুবিধাটোই তাইক কামৰ ফাকে ফাকে কষ্ট দিছে । আইধানু কামক‌ ভয় কৰা ছোৱালী নহয়। সৰুৰে পৰা ঘৰৰ কাম-বনসোপাকে আজুৰি ল’লে । মাকেও দেখোন ঘৰখনৰ সোপাকে কাম তাইলৈ ঠেলিলে । আৰু দাদাকহতৰ এৰেহা খাই ডাঙৰ হ’লেও বল শক্তিখিনি দেখোন তাইৰ দেহলৈ হে আহিল । নাছিল, মাকে বা দেউতাকে তাইৰ পঢ়াক লৈ মুৰ ঘমোৱা নাছিল । তায়ো বৰ একাচেকা আছিল সেই ক্ষেত্ৰত । সমানে তাল মিলাই গৈছিল । পুৰণা কিতাপ পঢ়ি তাই শ্ৰেণী বাগৰি গৈ আছিল। পঢ়াৰ খৰচৰ কথা দেউতাকহতৰ চিন্তাৰ বিষয় নাছিল । মাক-দেউতাকে পৰাখিনি দাদাক দুজনৰ বাবেই কৰিছিল । পঢ়ি-শুনি ডাঙৰ মানুহ হ’লে সময়ত তেওঁলোকক চাব । এই আশা আছিল মাক-দেউতাকৰ। আইধানুই পঢ়ি কি কৰিব ! আনৰ ঘৰলৈ গুচি যাব। আৰু সন্তান তুলি ঘৰ চলাবলৈ পঢ়াৰ দৰকাৰ নাই নহয়। এয়াই মাক-দেউতাকৰ ভাষ্য। গতিকে তাই নিজে উলিয়াই লৈছিল পঢ়াৰ খৰচ। হাত দুখনে সহায় কৰিছিল তাইক এইক্ষেত্ৰত। লগতে মনটোক সদায় দৃঢ় কৰি ৰাখিছিল। শেষ নিশা দুঘন্টা কিতাপ পঢ়ি সামৰিছিল। এঘন্টা নিজৰ ঘৰত , এঘন্টা আনৰ ঘৰত কাম কৰিছিল। এনেকৈ মিলাই লৈছিল আবেলি ওঁ । ওলাই গৈছিল পঢ়াৰ খৰচ। ঘৰতো ডকা-হকা খাব লগা হোৱা নাছিল। কষ্ট কৰি নিজৰ মগজেৰে বি এ পাছ কৰি পঢ়াৰ যবনিকা পেলালে। কাৰন দাদাক দুজন ঘৰ এৰি ওলাই যোৱাত সমস্ত দায়িত্ব আইধানুৰ ওপৰত পৰিল । চাৰকাৰী চাকৰি পাম বুলি কেইদিন মান অফিচবোৰলৈ প্ৰমান পত্ৰ সমুহ লৈ বতাহীজনী হৈ ঘুৰি ফুৰিলে। সময়ত যেতিয়া অহা-যোৱা পদুলিটোৰ ঘাহ-বন সোপাকে মৰহিল তাইৰ চাকৰি কৰা মনটোও  ফেচেকিল। তাতে আকৌ অফিচৰ বৰ মুৰীয়া একোজনৰ যিহে দেহা পুৰি যোৱা চাৱনি , মগজ গৰম কৰি দিয়া কথা। বাদ দিলে সিমানতে তাই চাকৰিৰ আশা। প্ৰাইভেট চাকৰি নকৰে আইধানুই। প্ৰাইভেট চাকৰিৰ নামত কৰা কষ্টখিনি তাই ঘৰত কৰিব। নিজৰ কষ্ট । গোট গোট নিজৰ পইছা । আনৰ ঘৰত কটনা কাটি সাঁচি ৰখা পাইছা কেইতাৰে বলদ দুটা কিনি আনৰ মাটিত খেতি আৰম্ভ কৰি দিলে । মন কৰিলে চন  কষ্ট কৰিলে চাৰি বিঘা মাটিয়েও কম ফচল নিদিয়ে । দুভাগ কৰিলেও বছৰটোলৈ তত মৰে। যি কেইটা হে খাৱৰীয়া। মাথো বেমাৰী দেহ দুটাত দৰবৰ নামত হে পইছা কিছু লাগে । কৰিছে , তাৰো দিহা কৰিছে। দুজনি গাই গৰু ওঁ কিনি লৈছে । গা টঙাবলৈ গাখীৰ কণ মাক-দেউতাকক খুৱাই বাকী কণ বেচি চলি যায় সুন্দৰ কৈ। সেয়ে আইধানুই কষ্ট কৰে। মাক -দেউতাকৰ সোঁৱে-বাওেঁ থাকে। সুখত থাকে। সাহসত থাকে ।

কষ্ট দিয়ে আন মানুহে। বিয়াৰ প্ৰস্তাব লৈ আহি। আইধানুৰ বিয়া হোৱা নাই চিন্তাত তেওঁলোকৰ তত নাই। আইধানু ল’ৰা বিদ্বেষী নহয়। জীৱনত বিয়া নকৰাও বুলি শপত খোৱাও নাই। কিন্তু তাইৰ বিয়াৰ সিদ্ধান্ত আনে কিয় ল’ব! তাইৰ মগজ ঘোলা হোৱা নাই নহয় এতিয়াও। ৰংটো কিছু কম হ’ল বুলিয়েই, জোখতকৈ কিছু চাপৰ হ’ল বুলিয়েই তাই আনৰ ফৰ্মুটি হ’ব নেকি ! সুস্হ চিন্তা কৰিব পৰা শক্তি এতিয়াও তাইৰ আছে । তাই যে মতা মানুহৰ দৰে কাম কৰি মাক-দেউতাকক আপদাল কৰি আহুকাল নোহোৱাকৈ চলি আছে। তাতেই এচাম এলেহুৱাৰ খজুৱতি উঠে। তেওঁলোকৰ মনোভাব , ছোৱালী মানুহ বুকু ফিন্দাই নুফুৰে। চকু তল কৰি খোজ কাঢ়িব লাগে। হালি খোজ কাঢ়িব লাগে। আইধানুই বুজে, তেহে হলা গছত কুঠাৰ মাৰিব পাৰে।

পিছে তাইৰ বৰ্তমানৰ  আসুবিধাটো অলপ বেলেগ । সিদ্ধান্ত ল’বলৈ মনক আয়ত্তত আনিব পৰা নাই। এসময়ত তাইৰো যে কোনোবা ল’ৰাৰ লগত মন খোৱা নাছিল এনে নহয়। লাগিছিল তাইৰো কাৰোবাক ভাল । মনৰ ওচৰো চাপিছিল তাইৰ । পিছে তাই মনক কাবু কৰি ৰাখিছিল। উপযুক্ত সময় নাছিল সেয়া। বুকুৰ গুপুত মৰম দিয়া-নিয়া ল’ৰালিৰ খেল নহয়। উতনুৱা মখাই আকৌ হৃদয়খনোঁ খেলৰ আহিলা হিচাপে হে লয় । মন গ’লেই থনথনাই ভাগি থৈ যাব পাৰে ।

সেইবাবে গাভৰুক কিনিব খোজা উতনুৱা সোপাৰ পৰা সাত হাত দুৰৈত আছিল তাই। নিজক বচাই ৰাখিছিল সদায় । কিন্তু এটা সময় চাগে সকলোৰে জীৱনলৈ আছে। বুকুত প্ৰেমৰ সপ্ত সুৰ তোলা বাঁহীৰ মাত শুনা । শুনিছিল তায়ো মাজ নিশা বাঁহীৰ সুমধুৰ সুৰ । উতলা কৰিছিল দেহ মন। হৃদয়খন কৰবাত থাপিব মন গৈছিল। কিন্তু তেনে কৰিবলৈ পাব জানোঁ এখন পবিত্ৰ  হৃদয় প্ৰেমেৰে সিক্ত । আইধানুৰ মনে কৈছিল বাঁহীৰ সুৰে মন উতলা কৰা জনে হ’ব উপযুক্ত পুৰুষ । বিচাৰিছিল শুদ্ধ মনেৰে সেইজনাক। পাইছিলোঁ বিচাৰি । ভাল লাগিছিল। অবশ্যে সময় লৈছিল দুয়ো । অবশেষত মনত মন থাপিছিল দুয়ো । দৈহিক সৌন্দৰ্য্যক গুৰুত্ব নিদি মনৰ সৌন্দৰ্য্য বিচাৰিছিল বাঁহীৰ গৰাকী । সন্মান দিছিল আইধানুৰ চিন্তা চৰ্চ্চাক । মান দিছিল তাইৰ কৰ্ম পদ্ধতিক। যিবোৰৰ বাবে আইধানু আনৰ হাঁহিয়াতৰ পাত্ৰ আছিল । সুখী হৈছিল আইধানু মনে বিচৰাজনক পাই। এটা সময়ত দুখন হৃদয় এক কৰিবলৈ যো-জা চলাওঁতে বিপদে চোঁ মাৰি আহিছিল। কথা লগাইছিল গাওঁৰ মানুহে বাঁহীৰ গৰাকীৰ মাক-দেউতাকক । ছোৱালীৰ গুণ নাই সেইজনীৰ গাত । তেনেই ডংডঙীয়া মতা এটা। গাৰ ৰং কাউৰীৰ লেখীয়া । তেনে ছোৱালীক বোৱাৰী কৰা যায় জানো ! নাই নাই তেওঁলোকৰ একেটি ল’ৰা । বোৱাৰীজনী লয়লাসী, গুণী , সুন্দৰী হ’ব লাগিব। এয়া আছিল বাঁহীৰ গৰাকীৰ মাক-দেউতাকৰ কথা ।

বাঁহীৰ গৰাকী কৈছিল , গুচি যাওঁ ব’লা । ঘৰ আমি হে পাতিম। নাই , আইধানু উতনুৱা হোৱা নাছিল। গহীন হৈছিল। মাক-দেউতাকৰ আশীৰ্বাদ অবিহনে ঘৰ পতা নাযায় । লাহেকৈ বাঁহীৰ গৰাকীৰ ওচৰৰ পৰা আতৰি আহিছিল ।

তাৰ পিছত আৰু কোনো উপযাচি অহা নাছিল তাইক বিয়া পাতিবলৈ। আইধানু ওঁ বেলেগ কৈ একো চিন্তা নকৰিলে নিজক লৈ।

চল্লিছোৰ্ধ আইধানুৰ পিছে আজি আকৌ এটা বিশেষ অসুবিধা হৈছে। দুবিধাত পৰিছে তাই। কি সিদ্ধান্ত ল’ব ভাবি পোৱা নাই । হা ক’ব নে না ক’ব। একেবাৰতে  না ক’বৰেই মন যায়। পিছে ৰৈ যায় না ক’বলৈ । বয়োজ্যেষ্ঠ মানুহ হালে আজি হাত আগবঢ়াইছে তাইলৈ । এই হাত অসহায়তাৰ, অক্ষমতাৰ। আশাৰে চাইছে দুহাত সাবতি ধৰে নেকি। অপেক্ষা কৰিছে আকুলতাৰে । অলপ সহাৰি পায় নেকি !

আইধানুই ঠিক বুজিছে, এই আশা, অপেক্ষা কেবল তেওঁলোকৰ বাৰ্ধক্যৰ বোজাতো ববৰ বাবে হে। সিহতৰ প্ৰেমক সন্মান জনাই এই অহ্বান কৰা নাই। নিজৰ ল’ৰাৰ ভবিষ্যতৰ কথা ওঁ  চিন্তা কৰা নাই । কৰিলে ইমান দেৰি নকৰিলেহেতেন । আপোন চিন্তাত আদৰিবলৈ আহিছে। বোৱাৰী নাম দি। এই নামৰ আৰত তেওঁলোকৰ মৃত্যুৰ আগ মুহূৰ্ত্তলৈ দায়িত্ব সঁপিবলৈ। নাহাঁহো বুলিওঁ আইধানুৰ ওঠৰ ফাকেৰে হাঁহি এটাই ঢৌ খেলাই গ’ল। মানুহ ইমান স্বাৰ্থপৰ! পেটৰ সন্তানকো দেউ দি পাৰ হয় ।

আইধানুৰ মাক-দেউতাকৰো বয়স হৈছে। এতিয়া এৰি গৈ দায়িত্বৰ নামত সেন্দুৰ পিন্ধাৰ কথা নাহে। আনহাতে বাঁহীৰ গৰাকীৰ মাক-দেউককো আলৈ-অথানি হ’ব দিব নোৱাৰে আইধানুই। একেলগে মৃত্যু মুখী চাৰিজন মানুহক লগত ৰাখি তাই দায়িত্ব পালন কৰিব। কপালত ৰঙা ৰেঘা টানি বাধ্যবাধকতাৰ মাজত নহয় । সহৃদয়তাৰে নিজৰ বিবেকক প্ৰাধান্য দি কাম কৰিব । সুখী হ’ব নিজে তেনেকৈ । লগতে আন চাৰিজন বয়োজ্যেষ্ঠক সুখী কৰিবলৈ‌ যত্ন কৰিব ।

ভগবানৰ পৰা তাই কোনো দিনে একো বিচৰা নাই । তেওঁক পাবৰ বাবে আজি পৰ্যন্ত তাই কোনো দিন তপস্যাত ওঁ বহা নাই । ভগবান আছে বুলিও তাইৰ মনে নকলেও‌ কিন্তু কিবা‌ অজানা শক্তিক বিশ্বাস কৰে । শিলৰ মূৰ্ত্তি মানুহৰ দুখ-কষ্ট লাঘব কৰিব বুলি তাইৰ মনে নধৰিলেও অজানা শক্তিৰ ওচৰত দুহাত যোৰ কৰে । তাৰ উপৰিও হাত দুখনেই মানুহৰ প্ৰধান সম্পদ বুলি তাই ভাবে । দেহে মনে দুই হাত লগালে সকলো অসম্ভব সম্ভব কৰিব পাৰি । পিতলকো সোণলৈ ৰূপান্তৰ কৰিব পাৰি । আইধানুই বুজে কৰ্মই ধৰ্ম । ভাল কাম কৰি ,দহৰ দুখ লাঘব কৰি নিজেই নিজৰ মনত ভগবান হ’ব পাৰি । গতিকে তাইৰ

বহল হৃদয়খন আৰু কিছু বহলাই ল’ব । বিবেকক প্ৰাধান্য দিব । সততাৰে শুদ্ধ পথেৰে অগ্ৰসৰ হ’ব ।  মানবতাৰ পাঠৰে সিক্ত মন লৈ বাৰ্ধক্যৰ যন্ত্ৰণা লাঘব কৰিব ।

 কেতিয়াবা নিজৰ সিদ্ধান্ত বেচিজিল বুলি অনুভব হয় । সিদ্ধান্ত বেচিজিল হ’লে জীৱনলৈ বিজুলী গাজনিৰে ধুমুহা আহে । কিন্তু আইধানুই আজি লোৱা  সিদ্ধান্তত সেই ভয় নাই । সৰুতে প্ৰকৃতিৰ পৰা লোৱা মানবতাৰ প্ৰথম পাঠ  আজিৰ পৰাই প্ৰয়োগ কৰিব । মানব ধৰ্মৰে আইধানু সিদ্ধাংগনাৰ ৰূপ ল’ব ।

ফোনঃ ৮৬৩৮৪৮২৯৭৪

You might also like

Comments are closed, but trackbacks and pingbacks are open.