দাৰ্জিলিঙৰ ড্ৰেবিনা

78

প্ৰীতিৰেখা দাস

শেষ উকিটো মাৰি নিউ জলপাইগুৰি ষ্টেচনত ট্ৰেইনখন ৰৈ গ’ল। অংশুমানে শীত তাপ নিয়ন্ত্ৰিত ডবাটোৰ খিৰিকিৰ পৰ্দাখনৰ ফাঁকেৰে বাহিৰলৈ চালে। আঃ কিমান বছৰৰ পিছত যে দেখিলে আকৌ এই ষ্টেচনটো। কিমান বছৰ? কিমান বছৰ বাৰু? সুদীৰ্ঘ বিছ বছৰ পিছত অংশুমান পুনৰ ট্ৰেইনত দাৰ্জিলিঙলৈ আহিছে । এনেকুৱা নহয় যে এই বিছ বছৰত সি অসমৰ পৰা বাহিৰলৈ যোৱা নাই। গৈছে। ব্যৱসায়ৰ কামত দেশ বিদেশ ঘুৰি ফুৰিছে সি। যোৱা মাহত কানাডাৰ পৰা ঘূৰি আহিছে। কিন্তু আজিকালি মনটোৱে তাক প্ৰায়ে এবাৰ দাৰ্জিলিঙলৈ আহিবলৈ কাতৰ কৰি তুলিছে। অস্থিৰ হৈ পৰে সি সেই ঠাইলৈ পুনৰ উভতি আহিবলৈ য’ত পাৰ কৰিছিল সি তাৰ শৈশৱ যৌৱনৰ বহুতো ভাল লগা সময়। গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি লৈ ৰেলৰ এই যাত্ৰাটোত সি জানো এজন চল্লিশ বছৰীয়া মানুহ হৈ আছিল। কিয় জানো নিজকে তাহানিৰ সেই সৰু অংশুমান যেন লাগিছিল। পাখি লগা কাড়ৰ দৰে কেনেকৈ যেন পাৰ হৈ গ’ল সময়বোৰ । আজি স্মৃতিবোৰে তাক বাৰে বাৰে কৰি তুলিছে নষ্টালজিক।

:  টি… টি… লেমন টি… মছলা টি… চাহাব চাই লেংগে?

খিৰিকী মুখত থিয় হোৱা চাহ বেপাৰীটোৰ মাতত তন্ময়তা ভাগিল অংশুমানৰ। লগে লগে বেগটো হাতত লৈ ট্ৰেইনৰ পৰা নামিল আহিল সি। ঘড়ীটোলৈ চালে । ৰাতি তিনি বাজি গৈছে। আগতে বুক কৰি থোৱা গাড়ী আহি পাব এতিয়া তাক দাৰ্জিলিঙলৈ নিবলৈ। তেনেতে তাৰ ম’বাইলটো বাজি উঠিল–

:  চাহাব মোক আৰু ষ্টেচন পাবলৈ দহ মিনিট সময় লাগিব। ক্ষমা কৰিব অলপ দেৰি হৈ গ’ল।– ভঙা ভঙা হিন্দীতে ক’লে ড্ৰাইভাৰ জনে।

:  কোনো কথা নাই তুমি লাহে লাহে আহি থাকা। মই আছোঁ ইয়াতে।

ফোনটো থৈ অংশুমান প্লেটফৰ্মত থকা ষ্টিলৰ বেঞ্চ এখনত বহি পৰিল। হাতে হাতে বেগ লৈ অলেখ মানুহ প্লেটফৰ্মত দৌৰা দৌৰি কৰি ফুৰিছে। কোনোবাই যদি ট্ৰেইনৰ পৰা নামিছে, কাৰোবাৰ হয়টো ট্ৰেইন আছে। কোনোবাই মুখত মিচিকিয়া হাঁহিৰে পৰিয়ালৰ কাৰোবাক ঘৰলৈ নিবলৈ আহিছে আৰু কোনোবাই অশ্ৰুসিক্ত নয়নে আপোনজনক বিদায় জনাবলৈ আহিছে। কতো মানুহ, কতো কাহিনী। সি জানে তাৰ বাবে আজি আৰু কোনো কতো ৰৈ থকা নাই। কিন্তু এদিন তাক বিদায় জনাবলৈ কোনোবা আহিছিল। আৰু কৈছিল.. ‘তুমি উভতি আহিবা অংশুমান মই ৰৈ থাকিম তোমালৈ।‘

এজাক ফিৰফিৰিয়া বতাহে চুই গ’ল অংশুমানক। চাহ একাপ খাবৰ মন গ’ল তাৰ। তেতিয়াও তাৰ ফালে চাই ৰৈ থকা চাহ বেপাৰী টোক মাতিলে সি।

:  একাপ মছলা চাহ ।

ধোঁৱা উৰি থকা একাপ গৰম চাহ আগুৱাই দিলে তাৰ ফালে। পইছা দি সি চাহত সোহা দিলে। আঃ তৃপ্তিকৰ একাপ চাহ। সঁচাকৈ একাপ চাহে বহু সময়ত আমাৰ দেহ মন সতেজ কৰি তুলিব পাৰে। হয়। সি খুবেই চাহ প্ৰিয়। তাৰ শৰীৰ, মনৰ সকলো ভাগৰ একাপ সুন্দৰ চাহে নিমিষতে নাইকীয়া কৰি পেলায় । এনেকুৱা একাপ চাহৰ বাবে এদিন সি কাৰোবাক কৈছিল—‘তুমি ইমান ধুনীয়াকৈ চাহ বনাব পাৰা। তোমাৰ হাতত যাদু আছে। ঠিক সেই মুহূৰ্ততে তাৰ মবাইল ফোনটো আকৌ বাজি উঠিল। খৰধৰকৈ চাহ কাপ শেষ কৰি সি ষ্টেছনৰ মূল গেটেৰে বাহিৰলৈ ওলাই আহিল। বাহিৰত অংশুমানক দাৰ্জিলিঙলৈ নিবলৈ বগা ৰঙৰ ইনভাখন লৈ ৰৈ আছিল ড্ৰাইভাৰ বিৰু। অংশুমানৰ যেতিয়া চকু মেল খাই তেতিয়া পুৱা এঘাৰটা বাজিছিল। বিছনাৰ পৰা উঠি সি খিৰিকীত থকা দীঘল সোণালী ৰঙৰ পৰ্দাখন কোঁচাই দিলে। দাৰ্জিলিঙৰ এটি সুন্দৰ পুৱা। দূৰত সৌৱা শুভ্ৰ পাহাৰ। কণ কনকৈ সৰি আছে বৰফ। বৰফে বগা কৰি থোৱা সেউজীয়া পাইন গছ। দাৰ্জিলিঙত এই মাহত খুউৱ বৰফ পৰে। নাই নাই এনেকৈ হোটেলৰ কোঠাত সোমাই থাকিব নোৱাৰি। ইণ্টাৰকমত চাহ একাপৰ অৰ্ডাৰ কৰি অংশুমান বাথৰুমত সোমাল।

পৰ্বতীয়া একা বেকাঁ পথটোৰে অংশুমান খোজ কাঢ়ি থাকিল। কণ কণ কৈ সৰি থকা বৰফৰ কণাবোৰে তাৰ দীঘল হালধীয়া ৰঙৰ জেকেটটো সেমেকাই পেলালে। দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে যেন সোমাই পৰিব হিম। খোজ কাঢ়ি কাঢ়ি অলপ ভাগৰ অনুভৱ কৰিছে সি। তাৰ চাহ একাপ খাবৰ মন গ’ল। সি ইফালে সিফালে চালে। সৌৱা তিস্তা নদীৰ পাৰে পাৰে কাঠৰ সৰু সৰু ৰং বিৰঙৰ অলেখ হোটেল।সি নামি গ’ল তিস্তা নদীৰ পাৰলৈ । ডাঙৰ ডাঙৰ কলা ৰঙৰ শিলবোৰত গাখীৰৰ দৰে বগা পানীবোৰে ঢৌ তুলি তুলি বৈ আছিল। আঃ কি অপূৰ্ব দৃশ্য। নিজ চকুৰে নেদেখিলে যে অনুধাৱন কৰিব নোৱাৰি এই নান্দনিক সৌন্দৰ্য। সি আগুৱাই গ’ল ধুনীয়া ধুনীয়া ফুল গছৰে সজাই ৰখা হোটেল এখনলৈ। বগা নেটৰ পৰ্দা ঠেলি সোমাই গ’ল অংশুমান ভিতৰলৈ। মিছিকিয়া হাঁহি এটাৰে তাক সম্ভাসন জনালে ৰিছিপছনত বহি থকা ছোৱালী জনীয়ে।

:  নমস্কাৰ ছাৰ। স্বাগতম।

:  একাপ চাহ…

:  নিশ্চয় ছাৰ। লগত আৰু কিবা?

ভোক লাগিছিল অংশুমানৰ।

:  ৰুটি তৰকাৰী আছে যদি এক প্লেট দিব পাৰে।

:  ঠিক আছে ছাৰ আপুনি মাত্ৰ অলপ সময় অপেক্ষা কৰক। আপুনি ভিতৰতো বহিব পাৰে। নাইবা বিচাৰিলে বাহিৰতো বহিব পাৰে।

:  হয়। মই বাহিৰতে বহিম বাৰু।

:  দিনটো শুভ হওঁক ছাৰ ।

ধন্যবাদ জনালে সি। তেতিয়াহে সি ছোৱালীজনী ভালকৈ লক্ষ্য কৰিলে। ওঠৰ উনৈশ বছৰীয়া এজনী সৰু ছোৱালী। সপ্ৰতিভ মুখ। সুন্দৰ ঘূৰণীয়া এহালি চকু। চুলিবোৰ ঘন কেঁকোৰা। ৰঙা চোৱেটাৰটোৰে তাইক বেচ মৰম লাগিছে ।

অংশুমান চিৰিৰে নামি গ’ল তললৈ। তলত ডাঙৰ নীলা ছাতি এটাৰ তলত দুখন চকী আৰু মেজ পাৰি থোৱা আছে। তাতে বহি পৰিল সি। নিচেই কাষেৰে কুলু কুলু স্বৰেৰে বৈ আছে তিস্তা নৈখন। চৌপাশে বৰফ কণা সিঁচৰতি হৈ বৈ আছে শীতল বতাহ। ক’ৰবাৰ পৰা বৈ আহিছে বনৰীয়া ফুলৰ সুৱাস। দীঘলকৈ উশাহ ল’লে অংশুমানে। আঃ সকলো একেই আছে। একেই আছে বৰফ সনা পাইন গছ। শাৰী শাৰী সুউচ্চ শুভ্ৰ পৰ্বত। জিৰ জিৰকৈ সুৰৰ লহৰ তুলি বৈ থকা তিস্তা নদী। নাই। নাই আজি মাত্ৰ তাৰ হাতৰ মুঠিত পদুম ফুলৰ ঠাৰিৰ দৰে সেই হাতখন । যি হাত আছিল ড্ৰেবিনাৰ। হয়। দাৰ্জিলিঙৰ ড্ৰেবিনা। বুকু ভৰি সৰি পৰিল তাৰ এক সুদীৰ্ঘ নিশ্বাস। ক’ত আছে বাৰু তাই এতিয়া? জীৰ জীৰকৈ বৈ আহিল বুকুলৈ এজাক স্মৃতিৰ বতাহ। উৰুৱাই লৈ যায় মূহুৰ্ততে তাৰ মনটো সেই সোণসেৰীয়া অতীতলৈ।

সাত বছৰ বয়স তেতিয়া তাৰ। চৌপাশৰ পৃথিৱীখন ভাল পাবলৈ লোৱাৰ বয়স। তেনেকুৱা দিনবোৰতে সি বুজিবলৈ লৈছিল মাক-দেউতাকৰ লাহে লাহে তিক্ত হ’বলৈ ধৰা সম্পৰ্কটোৰ কথা। ব্যৱসায়ৰ কামত মাকক সময় দিব নোৱাৰাৰ অজুহাতত প্ৰায়ে মাক-দেউতাকৰ কাজিয়া আৰম্ভ হয়। প্ৰচণ্ড চিঞৰ বাখৰত সি কোঠাৰ এচুকত বহি ভয়ত কান্দি থাকে। তেনেকুৱাতে সি এদিন গম পাইছিল যে মাক-দেউতাকৰ ডিভোৰ্চ হ’ব। তাক সোধা হ’ল সি কাৰ লগত থাকিব বিচাৰিব। কাৰ লগত? গোটেই ৰাতি তাক বুকুত সাৱটি শুই থকা মাকক এৰি সি কেনেকৈ থাকিব? কেনেকৈ থাকিব তাক মৰমৰ উমেৰে আবৰি ৰখা দেউতাকক এৰি? তাক যে দুয়োজনৰে প্ৰয়োজন। মাক-দেউতাকৰ স্নেহৰ পৰশত আজীৱন উমলি থাকিব খোজে সি।কাকো এৰি জীৱন কটোৱা সম্ভৱ নহয় তাৰ বাবে। কাকো যে এৰি থাকিব নোৱাৰে সি। নিজৰ সুখৰ বাবে ডিভোৰ্চ লৈ একো একোখন সংসাৰ ভাঙি পেলোৱা মাক-দেউতাকবোৰে বাৰু অনুভৱ কৰিব পাৰে নে সন্তানৰ মানসিক যন্ত্ৰণা। সিহঁতে যে কিমান কষ্টৰে এৰিব লগা হয় কোনোবা এজনক। মাক-দেউতাকৰ ডিভোৰ্চ হোৱা সন্তানবোৰে সকলোৰে অলক্ষিতে কি যে এক পাহাৰসম বেদনা বুকুত লৈ পাৰ কৰিব লগা হয় জীৱন। হয় তাৰ ক্ষেত্ৰতো সেয়াই হৈছিল। বাপেকক ডিভোৰ্চ দি অন্য এজন পুৰুষৰ সৈতে পুনৰ বিয়াত বহিছিল মাক। আন এজন পুৰুষক  নিজৰ মাকে স্বামী বুলি মানি ল’লেও সি যে দেউতাক বুলি কাহানিও মানি ল’ব নোৱাৰে। সেয়েহে মাকৰ সৈতে যাব নোৱাৰিলে সি। দেউতাকৰ স’তে থাকি গ’ল। বহুদিন আন্ধাৰত বহি দেউতাকক উচুপি থকা দেখিছে সি। মাকৰ প্রতি এক নাম নজনা অভিমান আৰু ক্ষোভত ভৰি পৰে তাৰ সৰু বুকুখন। ব্যৱসায়ৰ কামত প্ৰায়ে দেশৰ বাহিৰলৈ যাব লগাৰ বাবে দেউতাকে অংশুমানক দাৰ্জিলিঙৰ বৰ্ডিং স্কুল এখনত থৈ দিছিল। যি সময়ত তাৰ প্ৰয়োজন আছিল মাক দেউতাকৰ বুকৰ উমৰ, সেই সময়তেই কণমানি অংশুমানে অকলশৰে পাৰ কৰিবলগা হৈছিল জীৱন। হোষ্টেলৰ দুখলপীয়া বিছনাখনৰ ওপৰ খলপত শুই ৰাতি ৰাতি অংশুমানে উচুপি উচূপি কান্দিছিল।

সকলোৱে অলপ এৰা ধৰাৰে সম্পৰ্কবোৰ বজাই ৰাখিবলৈ চেষ্টা কৰা হ’লে, অলপ বুজাবুজিৰে ভাঙিবলৈ ধৰা সম্পৰ্কটোক ধৰি ৰাখিবলৈ যত্ন কৰা হ’লে, বিবাহ বিচ্ছেদৰ কথা মনলৈ ননা হ’লে কোনো সন্তান মাক-দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ এটি বিষদায়ক জীৱন কটাব লগা নহ’লহেঁতেন । পাৰাপাৰহীন দুখ, ৰিক্ততা আৰু উদাসীনতাৰে ভৰি থাকিছিল তাৰ শৈশৱৰ দিনবোৰ। মাজে মাজে দেউতাক আহে বৰ্ডিং স্কুললৈ। তাৰ খবৰ ল’বলৈ। অংশুমানৰ সৈতে এদিন বা দুদিন কটাই গুচি যায় তেওঁ। মাকে মাজে মাজে ফোন কৰে তালৈ। মাতটো শুনিলেই সি কাটি দিয়ে ফোনটো। দেউতাকৰ ব্যস্ততাৰ অজুহাত দেখুৱাই যি তাক এৰি গৈছিল থুনুকা বয়সতে তাক নিথৰুৱা কৰি সেই মানুহজনীৰ সৈতে আৰু কি কথা পাতিব সি?  দেউতাকৰ প্ৰতি তাৰ মনত সমবেদনা আছে। আৰু মাকৰ প্ৰতি বিদ্বেষ।

সেইটো আছিল তাৰ একৈশ বছৰীয়া জন্মদিন। দেউতাকে গীটাৰ এখন উপহাৰ দিয়ে তাক। লাহে লাহে গীটাৰখনৰ সৈতে গঢ়ি উঠে তাৰ গভীৰ সম্পৰ্ক। গীটাৰ বজাই বজাই সি পাহৰি যায় তাৰ মনৰ সকলো বিষাদ। কলেজখনৰ বাৰ্ষিক অধিবেশনত সি গীটাৰ বজাইছিল। একে কলেজৰ ছোৱালী এজনীয়ে গান গাইছিল। আঃ কি সুন্দৰ কণ্ঠ। কণ্ঠৰে যেন মৌ সৰিছে। মন্ত্ৰমুগ্ধ হৈ পৰিছিল সি। ড্ৰেবিনা… ড্ৰেবিনা চেত্ৰী নাম তাইৰ। কোনো ছোৱালীৰ চকুলৈ পোনপটীয়াকৈ নোচোৱা অংশুমানে আৰ চকুৰে বাৰে বাৰে চাইছিল ড্ৰেবিনাৰ চকুলৈ। আঃ কি আছে ছোৱালীজনীৰ গভীৰ দুচকত। যেন হেৰাই যাব সি তাইৰ চকুৰ গভীৰতাত।

দুয়ো খুউৱ কম দিনৰ ভিতৰতে ভাল বন্ধু হৈ পৰিল। কলেজ বন্ধৰ দিনবোৰত দুয়োটা একেলগে ফুৰিবলৈ যায়। ৰপে, বাৰ্বতে ৰক গাৰ্ডেন, জাপানিজ পিচ পকোৰা, চিংহালিলা নেচনেল পাৰ্ক। গোটেই দিনটো ঘূৰি ফুৰে দুয়ো। একেলগে গান গায়। হাঁহে। খুউব আপোন আপোন লাগে তাইক। যেন তাইৰ সমুখত উজাৰি দিব তাৰ মনৰ সমষ্ট বিষাদ। এদিন কৈ পেলাইছিল তাইক তাৰ জীৱনৰ কথাবোৰ। মাকৰ সৈতে তাৰ সম্পৰ্কৰ কথা শুনি তাই বুজাইছিল তাক সন্তানৰ জীৱনত মাকৰ অভাৱ কি। মাকৰ ঠাই জীৱনত কোনেও পূৰাব নোৱাৰে। চাৰি বছৰ বয়সতে কাঠমাণ্ডুৰ পৰা আহি থাকোঁতে তাই মটৰ দুৰ্ঘটনা এটাত তাই মাক-দেউতাকক হেৰুৱাই পেলায়। এতিয়াও দেউতাক আৰু মাকৰ সান্নিধ্যৰ বাবে কাতৰ হৈ থাকে তাই। ‘অংশুমান তোমাৰ মা বুলি মাতিবলৈ যে মা আছে। তেওঁক তোমাৰ পৰা আঁতৰাই নাৰাখিবা।‘ কৈছিল তাই। তাইৰ কথা শুনি

প্ৰথমবাৰৰ বাবে সি মাকক ফোন কৰিছিল।

:  মা, কেনে আছা তুমি ?

অত বছৰৰ পিছত তাৰ মাত শুনি ফোনৰ সিটো পাৰে মাকে হুক হুকাই কান্দিছিল। মাকৰ হিয়া ভঙা কান্দোনে ধুই নিছিল তাৰ বুকুৰ সকলো অভিমান, বিদ্বেষ।

ড্ৰেবিনাক লগ পোৱাৰ পিছৰে পৰা জীৱনটোক ভাল পাবলৈ ধৰিলে সি। সুন্দৰ হৈ পৰিল তাৰ চৌপাশৰ পৃথিৱী। তাইৰ সৈতে পাৰ কৰা সময় বোৰ মোহনীয় হৈ পৰিল তাৰ। সুখী সুখী ভাৱ এটাই ঢৌ খেলি থাকে তাৰ বুকুত। সঁচাকৈ নাৰীৰ মাজত ঈশ্বৰ প্ৰদত্ত এনে এক শক্তি থাকে যি সলাই পেলাব পাৰে পুৰুষৰ জীৱন। ড্ৰেবিনাইও তাইৰ মৰম আৰু ভাল লগাৰে ভৰাই তুলিছিল তাৰ ৰিক্ত হিয়া। ফুলাই তুলিছিল হাজাৰ পাহ অনুৰাগৰ সূৰুযমুখি। সেয়া আছিল তাৰ কলেজৰ শেষৰটো বছৰ। পৰীক্ষা দিয়াৰ পিছতে হাইডৰাবাদৰ আই টি কোম্পানী এটাই তাক চাকৰি এটা অফাৰ কৰে। আৰু ড্ৰেবিনা ঘৰলৈ যাব ওলাইছিল। দাৰ্জিলিং চহৰৰ পৰা অলপ আঁতৰত টিনচুলে নামৰ পাহাৰী গাঁও এখনত ঘৰ তাইৰ। ককাক আইতাকৰ স’তে থাকে তাই।

ঃ অংশুমান নাজানো তোমাক আৰু কেতিয়া লগ পাম। তুমি এবাৰ মোৰ সৈতে আমাৰ ঘৰলৈ যাবানে? মোৰ ককা আৰু আইতাক লগ পালে তুমি বৰ ভাল পাবা। তোমাৰ কথা কৈছোঁ মই। ব’লানা আমাৰ গাঁওখন এবাৰ ফুৰি অহিবা।

মৰমৰ বান্ধবীৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰিলে সি। গৈছিল ড্ৰেবিনাৰ সৈতে তাইৰ গাওঁলৈ। ভূ পৃষ্ঠৰ পৰা পাঁচ হাজাৰ আঠশ ফুট ওপৰত থকা এখন পাহাৰীয়া গাঁও। টিনচুলে গাঁওখন জুৰি ঘণ সেউজীয়া চাহ বাগান।শাৰী শাৰী কমলা টেঙাৰ গছ। ৰং বিৰঙৰ অলেখ ফুলৰ পোহাৰ। কাষেৰে বৈ আছে অকোৱা পকোৱা কৈ তিস্তা নদী। ওপৰৰ পৰা চালে এনে লাগে যেন সৰ্পিল গতিৰে বৈ আছে নৈ খন। সিহঁত যেতিয়া ড্ৰেবিনাৰ ঘৰ পাইছিল তেতিয়া আবেলি তিনি বাজিছিল। চোতালত আইতাকে বগা ৰঙৰ কিবা বস্তু এবিধ ৰ’দত দিয়াৰ পৰা খৰাহি এটাত সামৰি আছিল।

অসমীয়া পৰম্পৰা অনুসৰি সি আইতাকৰ কাষলৈ গৈ ভৰি চুই সেৱা কৰিছিল। সাদৰি মানুহজনীয়ে মৰমেৰে তাৰ মূৰত হাত বুলাই দিছিল।

:  এইয়া কি আইতা?

ঃ সুৰ্ফি। লোৱা খাই চোৱা।

সি খাইছিল।

:  আঃ ইমান টান। — ড্ৰেবিনাই খিলখিলাই হাহিছিল।

এয়া সূৰ্ফি। গাখীৰ ৰ’দত শুকুৱাই টান কৰি বৰফি আকাৰত সৰু সৰু কৈ কাটি আকৌ ৰ’দত শুকুৱাই সংৰক্ষণ কৰি ৰখা হয়। এবাৰতে কামুৰি খাই পেলাব নোৱাৰি। ছুপাৰিৰ দৰে মুখত লৈ থাকিব পাৰি। মুখখন ভাল লাগি থাকে।

কি এয়া গাখীৰ?

বগা ৰঙৰ শিলৰ দৰে টান সৰু টুকুৰাটো ৰ’ লাগি চাই থাকে সি।

ৰাতিলৈ আইতাকে তাৰ বাবে ম’ম’ বনাইছিল। লগত এবিধ জ্বলা চাটনি। নেপালী মানুহৰ প্ৰিয়  খাদ্য ।মনটো বহুত ভাল লাগিছিল অংশুমানৰ। ম’ম’ৰ বাবে নহয়। ককাক আইতাকৰ মৰম আৰু আদৰত। পিছদিনা ড্ৰেবিনাই তাক তাইৰ গাঁও ফুৰাবলৈ নিছিল। তাৰ হাতত ধৰি ইফালে-সিফালে তাই দেখুৱাইছিল যেন এখন সৰগীয় ঠাই। বগা ৰঙৰ দীঘল ফ্রক এটা পিন্ধি থকা ড্ৰেবিনা নামৰ জাপানী পুতলাটোক কিয় জানো সাৱটি ধৰি চুমা এটা খাই দিবৰ মন গৈছিল তাৰ। কিন্তু তাই যে তাৰ প্ৰেমিকা নহয়।বান্ধবী। কিন্তু ড্ৰেবিনাৰ প্ৰতি বন্ধুত্বকৈও বেছি কিবা এটা অনুভৱ কৰে সি। তাই কাষত থাকিলে সুখত ভৰি থাকে বুকু। পাহাৰী পখিলা এটি হৈ ৰঙত উৰি ফুৰিছিল তাই। কিবা এক আনন্দত চিঞৰি চিঞৰি গান গাবৰ মন গৈছিল তাৰ।

গাইছিল। সি নহয় ড্ৰেবিনাই গাইছিল। এটি নেপালি গান।

মেৰে চুবহ ভি তুই ও এ

মেৰে তুই ও শ্যাম এ

ইচ জুবা পে এক হি নাম

বহ তেৰা নাম।।

গানটোৰ কথা খিনি ভালকৈ বুজি নাপালেও সুৰটোয়ে মোহাছন্ন কৰিছিল তাক। গানটোৰ কথাখিনি কি সুধিছিল সি। বুজাই দিছিল তাই।

:  সঁচাকৈ কৈছা ড্ৰেবিনা? মইয়ে নে তোমাৰ পুৱা গধূলি?

সি জোকাইছিল তাইক। লাজত ৰক্তিম হৈ পৰিছিল জাপানী পুতলাটোৰ বগা গালদুখন।

:  ড্ৰেবিনা, কোৱা না ভাল পোৱা মোক ?হঠাতে তাইক সুধিছিল সি। তাৰ প্ৰশ্নত যেন লাজত মুচকছ হে যাব জাপানী পুতলা। লাজ লাজকৈয়ে মুৰ দুপিয়াইছিল তাই। সি আলফুলে তাইৰ পদুমৰ ঠাৰি যেন হাতখনত চুমা এটা খাই কৈছিল—

:  মইও ভাল পাওঁ তোমাক ড্ৰেবিনা …বহুত। তুমি কাষত থাকিলে মই সুখী হৈ থাকোঁ। তুমি জানানে তুমি মোৰ জীৱনলৈ অহাৰ পিছৰে পৰা মোৰ পৃথিৱীখন সলনি হৈ পৰিছে। দুখবোৰ সুখ। আন্ধাৰবোৰ পোহৰ। তুমি অবিহনেই মই আধৰুৱা ড্ৰেবিনা। কোৱা থাকিবানে সদায় মোৰেই হয়।

তাৰ ওঠযুৰিত এটি চুমা আঁকি দি কানৰ কাষত লাহেকৈ কৈছিল তাই—

:  মই সদায়ে তোমাৰ অংশুমান। ভালপাওঁ তোমাক বহুত।

সি কাষতে গছ ভৰি ফুলি থকা চম্পা ফুল এজোপাৰ পৰা এপাহি চম্পা ফুল চিঙি তাইৰ চুলিত গুজি দিছিল। আৰু আঁকি দিছিল কপালত মৰমৰ এটি গভীৰ চুমা।

ঠিক সেই মুহূৰ্ততে এজাক বৰষুণ পৰিছিল। দুয়ো কিৰিলি পাৰি বৰষুণত তিতিছিল। দাৰ্জিলিঙৰ আকাশ বতাহ মুখৰিত কৰি এহাল প্ৰেমিক প্ৰেমিকাই একেলগে গীত জুৰিছিল—

মেৰে চুবহ ভী টুই ও এ…. তুই ও শাম …

বৰষুণত তিতাৰ বাবে নেকি ৰাতিলৈ তাৰ জ্বৰ উঠিছিল। লগতে চৰ্দি। কম্বল এখন তাৰ গাত জাপি দি ড্ৰেবিনাই তাৰ বাবে একাপ গৰম চাহ বনাই আনিছিল। ধোঁৱা উৰি থকা চাহ কাপত সোহা দি কৈ উঠিছিল সি—

:  আঃ ইমান ধুনীয়াকৈ চাহ বনাব পাৰা তুমি? সঁচাকৈ তোমাৰ হাতত যাদু আছে ড্ৰেবিনা।

তাইৰ গুলপীয়া ৰঙৰ ওঠৰ পৰা সৰি পৰে এটি সলাজ হাঁহি। সেই নিশা সিহঁতে বহুত কথা পাতে। তাইৰ কোমল হাতৰ আঙুলিৰে অংশুমানৰ মূৰটো চুই আছিল। জোনাকৰ ৰাতি আছিল সেইটো। খিৰিকিৰে সোমাই আহে এখিৰিকি জোনাক। জোনাকৰ মায়াময় পোহৰত ড্ৰেবিনাক তাৰ আকাশৰ পৰা নামি অহা এজনী পৰী যেন লাগিছিল। তাইৰ আঙুলিৰ পৰশত সি মোহবিষ্ট হৈ পৰিছিল । হঠাতে তাইক কাষ চপাই আনে সি। আৰু তাইৰ ওঠত গুজি দিয়ে এটি আলফুল চুমা। কুচি মুছি সোমাই পৰে তাই তাৰ বুকুৰ মাজত। মায়াময় জোনাকী নিশাটোত একাত্ম হৈ পৰে প্ৰেমৰ মোহনাত দুটি প্ৰেমিক চৰাই।

পিছদিনা অংশুমান উভতিছিল দাৰ্জিলিঙৰ পৰা গুৱাহাটী। গুৱাহাটীৰ পৰা মাক-দেউতাকক এবাৰ দেখা কৰি চাকৰিত জইন কৰিবলৈ হাইডাৰাবাদ।

তাক বিদায় জনাবলৈ আহিছিল ড্ৰেবিনা। তাইৰ সজল দুচকুয়ে তাৰ বুকুখনো বিষাই তুলিছিল। আসন্ন বিচ্ছেদৰ কল্পনাত তাৰ বুকুত সোমাই উচুপি উচুপি কৈছিল তাই, অংশুমান তুমি আহিবানে মই তোমালৈ বাট চাম।

সি তাইৰ কপালত চুমা এটা আঁকি দি তাৰ ডিঙিত পিন্ধি থকা সোণৰ চেইন ডাল খুলি তাইৰ ডিঙিত পিন্ধাই দি কৈছিল—ঃ তুমি নিজকে কাহনিও অকলশৰীয়া বুলি নাভাবিবা ড্ৰেবিনা। মই আছো সদায়ে তোমাৰ লগত।

অংশুমান গুছি গৈছিল। কিন্তু নোৱাৰিলে সি আকৌ উভতি আহিব নোৱাৰিলে ড্ৰেবিনাৰ কাষলৈ। হাইডৰাবাদত এবছৰ কটাই সি গুচি গৈছিল  অষ্ট্ৰেলিয়া। নতুন দেশ নতুন চাকৰি ,নতুন নতুন বন্ধু বান্ধবীৰ আবেষ্টনিত লাহে লাহে ধূসৰ হৈ পৰে তাৰ মনৰ পৰা ড্ৰেবিনাৰ ছবি। ব্যস্ততাৰ মাজত বছৰ বোৰ পাৰ হৈ থাকে। তাৰ মাজতে তাৰ লগত একেলগে কাম কৰা অনন্যাৰ সৈতে অন্তৰংগতা গঢ়ি উঠে। দুয়ো বিবাহ পাশত আৱদ্ধ হয়। তেনেকুৱা দিনতে এদিন সি খবৰ পায় দেউতাক আৰু এই সংসাৰত নাই। তেঁওৰ বৃহৎ ব্যৱসায় চম্ভালিবলৈ তাৰ বাহিৰে যে কোনো নাই। অনন্যাক লগত লৈ পুনৰ অসমলৈ উভতি আহিব লগাত পৰে। আৰম্ভ হয় নতুন কৰ্ম জীৱন। সিহঁতৰ জীৱনলৈ এটি পুত্ৰ সন্তান আহে। নাম ৰাখে ৰুদ্ৰাক্ষ । দিন মাহ বছৰ বাগৰি থাকে। ৰুদ্ৰাক্ষ ডাঙৰ হৈ  ইউৰোপ ইউনিভাৰ্ছিটি লৈ পঢ়িবলৈ গুচি যায়। পত্নী অনন্যা নিজৰ ভাল লগা কামবোৰৰ মাজত ব্যস্ত হৈ পৰে। লাহে লাহে নিসংগ হৈ পৰে অংশুমান। বাৰে বাৰে তাৰ দাৰ্জিলিঙৰ দিনবোৰ মনত পৰিবলৈ আৰম্ভ কৰে। মনলৈ আহে ড্ৰেবিনাৰ কথাও।কি কৰি আছে এতিয়া তাই ? বিয়া বাৰু পাতি লৰা ছোৱালীৰ মাক হল চাগে। তথাপি এবাৰ তাইক চাবলৈ সুউৱ মন গল তাৰ। কেনেকুৱা দেখা হৈছে জাপানী পুতলা। তাক দেখিলে এতিয়া বাৰু চিনি পাবনে তাই? মন গল তাৰ আকৌ উভতি যাবলৈ সেই চহৰখনলৈ , যত পাৰ কৰিছিল সি তাৰ শৈশব, কৈশৰ যৌৱনৰ বহুত ভাল লগা সময়।যি চহৰৰ নাম দাৰ্জিলিং। যত আছে ড্ৰেবিনা। দাৰ্জিলিঙৰ ড্ৰেবিনা। ইমান বছৰে কাম বনত ইমানে নিমগ্ন হৈ থাকিল যে একো ভাবিবৰ সময় পোৱা নাছিল। আহি আহি এতিয়া চল্লিছৰ দেওনা পালে। জীৱন শেষ হবলৈ আৰু কিমান বছৰ বাকী। তাৰ দৰে জীৱনৰ এই মধ্য বয়সত সকলো পুৰুষে চাগে অতীত ৰোমন্থন কৰে। এৰি অহা দিনৰ ভাল লগা সময়, ভাল লগা মানুহ বোৰৰ বাবে কাতৰ হৈ পৰে। বুকুৰ মাজত সকলোৰে অলক্ষিতে গোপন কৰি ৰখা কিছুমান স্মৃতি সুঁৱৰি নষ্টালজিক হৈ পৰে সকলো পুৰুষ। পত্নী সন্তানক কব নোৱাৰা বহু কথায়ে যে এখন অদৃশ্য কিতাপ হৈ মনৰ মাজত সোমাই থাকে। কোনোবা নিজানত গৈ যেন পঢ়ি পেলাব কিতাপখনৰ প্ৰতিটো পৃষ্ঠা। তাৰো মন গৈছে এবাৰ তাৰ প্ৰিয় চহৰ খনলৈ উভতি যাবলৈ। সি ঠিৰাং কৰিলে সি যাব । কেইটামান দিন সি সেই ধুনীয়া চহৰখনত কটাই আহিব। পত্নী অনন্যাই বাধা নিদিলে তাক মাথোঁ কলে যোৱা বাৰু মাত্ৰ ফোন কৰি থাকিবা।

ছাৰ…. ছাৰ…

উচপ খাই ঘুৰি চালে সি। সমুখত ৰিছিপচনত বহি থকা ছোৱালীজনী ।

ছাৰ আপুনি সেই ৰাতি পুৱাৰ পৰায়ে ইয়াতে বহি আছে। এতিয়া আন্ধাৰ হল ছাৰ।

কি আন্ধাৰ হল?

অংশুমানে চৌপাশে চালে।

হয় ছাৰ ।ইয়াত আৰু বহি থকাটো ভাল নহব। বৰফ বেছিকৈ পৰিব ধৰিছে ইতিমধ্যে। ভিতৰলৈ বলক ছাৰ। মোৰ হোটেল বন্ধ কৰাৰ সময় হল।

তাইৰ পিছে পিছে অংশুমান হোটেলৰ ভিতৰলৈ আহিল।

লৰা এজনে জুইৰ চৌকা এটা আনি তাৰ কাষত থলে।

বহুত ঠাণ্ডা পৰিছে আজি চাহ একাপ খাব নেকি ছাৰ? ছোৱালীজনী য়ে সোধে তাক। হয় হয় খাম হাত দুখন জুইত সেকি সেকি কৈ উঠে সি। তাই লৰাজনাক চাহ একাপ দিবলৈ কৈ নিজৰ কামত ধৰে।

গোটেই দিনটো সি তেন্তে ড্ৰেবিনাৰ কথা ভাবি  পাৰ কৰিলে? সি নজনাকৈয়ে তাই তাৰ বুকুৰ ইমান গভীৰত সোমাই আছিল ? আ ড্ৰেবিনা… মোৰ জাপানী পুতলাটো…!

:  ক’ত.. ক’ত তুমি? বৰ মন গৈছে এবাৰ তোমাক চাবলৈ।

ঃ ছাৰ …আপুনি ঠিকেই আছে ?

*********************

কেতিয়া যে চাহ একাপ লৈ তাৰ কাষত লৰা জন আৰু ছোৱালজনী ৰৈ আছিল সি গম পোৱা নাছিল।

 আছো আছো ঠিকেই আছো মই। মাথো অলপ পুৰনি দিনৰ কথা মনত পৰি গৈছিল।

হয় ছাৰ পুৰনি কথাই মানুহক বহুত কষ্ট দিয়ে। স্মৃতিবোৰে যে অসহাই কৰি তোলে।

লৰাজনৰ হাতৰ পৰা চাহ কাপ লৈ অংশুমানে ছোৱালী জনীৰ মুখলৈ চালে আৰু পঢ়িবলৈ যত্ন কৰিলে প্ৰানোচ্ছল, হাঁহি মুখিয়া ছোৱালীজনীৰ মনৰ মাজতো কিবা দুঃখ আছে নেকি….

নাই একো ধৰিব নোৱাৰিলে সি।

ছাৰ আপুনি ইয়ালৈ ফুৰিব আহিছে নেকি আন্তৰিকতাৰে সোধে তাই ।

হয় ফুৰিব আহিছো। আৰু দুদিনমান থাকিম।

এতিয়া কত আছে ?

সি থকা হোটেল খনৰ নামটো কলে ।

ছাৰ তালৈকে আপুনি ইয়াৰ পৰা খোজ কাঢ়ি গলে বিছমিনিট মান সময় লাগিব।

তাতে তুষাৰপাত হৈ আছে। আপোনাক এই দাদা জনে গাড়ীৰে হোটেলত থৈ আহিব বাৰু ।

বহুত বহুত ধন্যবাদ দেই। কি নাম তোমাৰ? ইয়াত জব কৰা নেকি?

ৰুবিনা.. ৰুবিনা চেত্ৰী ছাৰ। জব নকৰোঁ। এইখন মোৰেই হোটেল ছাৰ। সৰুকৈ আৰম্ভ কৰিছো।

বাহ বহুত ভাল কথা। জানি ভাল লাগিল ৰুবিনা আগুৱাই যোৱা । ৰুবিনাক মাত লগাই অংশুমান আহি গাড়ীত বহিল।

গোটেই পথচোৱা অংশুমানে ৰুবিনাৰ কথায়ে ভাৱি আহিল। কি আত্মবিশ্বাস …কি সাৱলীল ব্যৱহাৰ এই সৰু ছোৱালী জনীৰ। হঠাতে লাৰাজনক সুধিলে সি

তুমি ৰুবিনাৰ সৈতে কাম কৰা? নে তাই তোমাৰ ভন্টি হয়?

ভন্তিৰ নিচিনা ছাৰ। নিজৰ ভন্টি নহয়। তাইৰ পৰিয়ালত কোনো নাই। দুবছৰ হল অসুখ হৈ মাক ঢুকাল। জীয়াই থাকিবলৈ কিবা এটা কৰি খাবতো লাগিব। পঢ়া বাদ দি ৰুবিনাই হোটেল খন আৰম্ভ কৰিছে। আমাৰ দুৰ সম্পৰ্কীয় হয় । সময় পালে মাজে মাজে আহি মই অলপ সহায় কৰি দিও তাইক। বৰ দুখৰ কাহিনী। এই পৃথিৱীত আপোন বুলিবলৈ কোনো নাই তাইৰ। এছাতি বিষাদে চুই গল অংশুমানৰ বুকুখন। মুখত মিঠা হাঁহি এটি লৈ সুন্দৰকৈ গ্ৰাহকক আপ্যায়ন কৰি থকা ছোৱালজনীক দেখিলে ধৰিব নোৱাৰি তাইৰ বুকুত যে বলি আছে এজাক দুখৰ ধুমুহা।

কব নোৱাৰাকৈয়ে ৰুবিনা নামৰ ছোৱালীজনী লৈ তাৰ হৃদয়ত এক অহৈতুক প্ৰীতি জাগি উঠিল।

দাৰ্জিলিঙৰ এটি ফৰকাল পুৱা। পূব দিশৰ পৰা সূৰ্যৰ ৰঙা পোহৰে ৰাঙলী আভা বিকিৰিত কৰি তুলিছে চৌপাশ । অংশুমান পুৱাতেই ৰুবিনাৰ হোটেল ওলাল। তাই নিজৰ ইষ্ট দেৱতাক ধূপ জ্বলাই আছিল তেতিয়া। অংশুমানক দেখি সাদৰ সম্ভাসন জনালে তাই। ৰুবিনা আজি মই তোমাৰ হোটেলতে ব্ৰেকফ্ৰাষ্ট কৰিম বুলি ভাবিছোঁ। বৰ ভোক লাগিছে। হোটেলটো আজি মই একো খাই অহা নাই।

হয় নেকি ছাৰ? মই এতিয়াই আপোনাৰ কাৰণে ভাল ব্ৰেকফ্ৰাষ্ট এটা বনাবলৈ কও বাৰু। তাৰ আগতে মই নিজে আপোনাৰ কাৰণে চাহ একাপ বনাম। আপুনি আপোনাৰ প্ৰিয় ঠাই খিনিতে বহক গৈ ছাৰ। সি চিৰিৰে তললৈ নামি গল আগদিনা বহা তিস্তা নদীৰ পাৰলৈ। শিলে শিলে ঠেকা খাই পানী বোৰে খেলি আছিল সুৰৰ মাধুৰ্য তুলি। পুৱাৰ সুৰুযৰ সোণালী ৰেঙনিয়ে জিলমিলাই তুলিছিল পানী বোৰ ।।এক অপূৰ্ব দৃশ্য। দূৰ দিগন্ত ব্যাপী সেউজীয়া পাহাৰ। বৰফ সনা ৰিব ৰিৱ বতাহ। শাৰী শাৰী পাইন গছ। সুললিত তিস্তা নৈ। পৃথিৱী খন সঁচাকৈ বহুত সুন্দৰ।

ছাৰ চাহ…

সৰু ট্ৰে এখনত ধোঁৱা ওলাই থকা দুকাপ গৰম চাহ লৈ তাৰ কাষত আহি থিয় হল ৰুবিনা । বগা ৰঙৰ জিনছ পেণ্ট এটা আৰু আকাশী নীলা ছুয়েটাৰ এটা পিন্ধি আছে তাই। কেঁকোৰা চুলি খিনি ওখকৈ ৰাবাৰ ব্ৰেণ্ড এডালেৰে বান্ধি থৈছে। তাই তালৈ চাহ কাপ আগবঢ়াই দি নিজেও চকী খন টানি বহিল।

মইও সময় পোৱা নাছিলো ছাৰ। ভাবিলো আপোনাৰ সৈতে ইয়াতে বহি পুৱাৰ চাহ কাপ খাও।

ঠিকে ৰুবিনা প্ৰকৃতিৰ কোলাত বহি একাপ চাহ খোৱাৰ মাদকতা যে বেলেগ। তোমাক ধন্যবাদ ৰুবিনা।

অংশুমানে চাহত সোহা দিলে।

চমকি উঠিল সি।

আ এইকাপ চাহৰ সোৱাদ কেনেকৈ পাহৰিব সি।শেষবাৰৰ বাবে ড্ৰেবিনাৰ হাতেৰে খাইছিল।

উচ্ পিচাই উঠে সি।

কি হল ছাৰ ভাল লগা নাই?

নাই নাই বহুত ভাল হৈছে।

হয় ছাৰ মোৰ সুউৱ প্ৰিয়  এইকাপ চাহ। আদা নহয় ঠিক আদাৰ দৰে এবিধ বস্তু দিয়া হয় চাহ কাপত। পাহাৰত পোৱা যায়। আমাৰ কিছুমান নেপালী মানুহে খেতিও কৰে ইয়াৰ। চাহত দিলে বৰ সোৱাদ হয় চাহ কাপ।

হয় সঁচাকৈ সোৱাদযুক্ত চাহ ৰুবিনা।

ধন্যবাদ ছাৰ

ছাৰ আপোনাক কথা এটা সুধিম বেয়া পাৱ নেকি?

নাই নাই সুধিব পাৰা ।

ছাৰ যোৱা কালি মই লক্ষ কৰিছো আপুনি ইয়াতে গোটেই দিনটো বহি কিবা ভাৱত বিভোৰ হৈ আছিল। হাড় কপোৱা ঠাণ্ডাইও আপোনাক তলাব পৰা নাছিল। সকলো ঠিকে আছেনে ছাৰ?

ৰুবিনাৰ আন্তৰিকতা পূৰ্ণ প্ৰশ্ন ই অংশুমানক আবেগিক কৰি তুলিলে। হুমুনিয়াহ এটা কাঢ়ি কলে সি

এৰি অহা দিনৰ কিছু স্মৃতি ৰোমন্থন কৰি আছিলো ।

বৰ সুন্দৰ আছিল সেই দিনবোৰ

বৰ সুন্দৰ। তুমি জানা মই ইয়াতে পঢ়া শুনা কৰিছিলোঁ। জীৱনৰ বহুত ভাল লগা সময় দাৰ্জিলিংতে পাৰ কৰিছো । সেই দিনবোৰৰ স্মৃতি সোঁৱৰীয়েই আকৌ ঢপলিয়াই আহিছো মই।

হয় ছাৰ আপুনি ঠিকেই কৈছে স্মৃতি বোৰে যে মানুহক কাতৰ কৰি তোলে। অসহনীয় বৰ অসহনীয় ছাৰ স্মৃতি বোৰ বুকুত সাৱটি ধৰি ৰখা। কৈ কৈ ভাবুক হৈ পৰা ছোৱালী জনীৰ মুখলৈ একেথৰে চাই থাকিল অংশুমানে। হঠাতে সুধি পেলালে সি তোমাৰ জীৱনটো এনেকুৱা কিবা স্মৃতি আছে নেকি ৰুবিনা ? যি তোমাক কষ্ট দি আছে ?

মোৰ নহয় ছাৰ মোৰ মাৰ। স্মৃতি বোৰ বুকুত বান্ধি তেওঁ গুছি গল পৃথিবীৰ পৰা। মই জনা হোৱাৰ পৰা দেখিছো কাৰোবাৰ স্মৃতি সোঁৱৰি মায়ে ৰাতি ৰাতি উচুপি কান্দে। কাৰোবালৈ বাট চাই চাই তেওঁ পাৰ কৰিছিল বছৰৰ পিছত বছৰ। সুউৱ গভীৰ ভাৱে তেওঁ ভাল পাইছিল কাৰোবাক। কিন্তু তেঁওৰ প্ৰেমিক আৰু উভতি নাহিল তেঁওৰ কাষলৈ। তেওঁ লোকৰ প্ৰেমৰ সাক্ষী হিচাপে মই জন্ম পাইছিলো। চাহ কোম্পানী এটাত চাকৰি কৰি মায়ে মোক ডাঙৰ কৰে। কলেজত নাম লগায় দিয়ে। হঠাতে এদিন মোক কলে বুকুখন বৰকৈ বিষাইছে । উশাহ লোৱাত কষ্ট পাইছে। হস্পিটেল গৈ নাপালে তেওঁ।  মা মোক এৰি গুছি গল ।ইমান দুঃখ বুকুত সামৰি সামৰি মানুহ জীয়াই থাকিব কেনেকৈ ছাৰ। টিনচুলে নামৰ ঠাই এখনত আমাৰ ঘৰ। মাৰ মৃত্যুৰ পিছত ঘৰখনত অকলে থকাটো মোৰ সম্ভৱ নাছিল। দূৰ সম্পৰ্কীয় মামা এজনৰ সহযোগত ইয়ালৈ গুছি আহি হোটেল খন আৰম্ভ কৰো।

টিনচুলেৰ নাম শুনি অস্থিৰ হৈ পৰে সি। টিন চুলেত যে ড্ৰেবিনাৰ ঘৰ। সেই জাপানী পুতলাটোৰ।

টিনচুলে.

টিনচুলে .. বিৰবিৰাই থাকে সি

কি হল ছাৰ?আপুনি চিনি পায় নেকি ?গৈছিল কেতিয়াবা ? কোনোবা চিনাকি মানুহ আছে নেকি টিনচুলে গাওঁত ?

চিনাকী নহয় ৰুবিনা তাত মোৰ আপোন কাৰোবাৰ ঘৰ। যাৰ স্মৃতি সুঁৱৰি মই পুনৰ দাৰ্জিলিঙ আহিছো। তালৈকে যাব ওলাইছো আজি।

হঠাৎ অংশুমানৰ চকুত পৰে ৰুবিনাই ডিঙিত পিন্ধি থকা সোণৰ চেইন ডালত । যত উলমি আছে শিৱৰ এটি সৰু লকেত।

ৰুবিনা তুমি এই চেইনডাল কত পালা ?এই চেইনডাল মই মোৰ ড্ৰেবিনাক দিছিলো ।

ছাৰ এই চেইনডাল মোক মোৰ মাযে দিছে। হঠাৎ কিবা এটা মনত পৰি তাই কৈ উঠে

কিন্তু ছাৰ আপুনি মোৰ মাৰ নামটো কেনেকৈ জানে।

কি ড্ৰেবিনা তোমাৰ মাৰ নাম?

অস ন। মূহুৰ্তত সকলো কথা স্পষ্ট হৈ পৰে তাৰ মনত

দুহাতেৰে মুৰৰ চুলিবোৰ সামুচি সি ইফালে সিফালে উদভান্তৰ দৰে খোজ কাৰি ফুৰে।

ৰুবিনাই তলমুৰকৈ উচুপি থাকে। হঠাতে তাৰ সমুখলৈ আহি থিয় হৈ সোধে তাক। এতিয়া …এতিয়া কিয় আহিছে মিষ্টাৰ অংশুমান বৰুৱা?কি বিচাৰি আহিছে ইমান বছৰৰ পিছত? কিমান কষ্ট পাই পাই মা মৰি গল।

মই বিশ্বাস কৰিব পৰা নাই মোৰ ড্ৰেবিনা যে এই পৃথিৱীত নাই এইয়া কি  হৈ গল।মোৰ ভূল হৈ গল ৰুবিনা। বহুত ডাঙৰ ভুল।মই সঁচাকৈ একো নাজানিছিলোঁ। এতিয়া যে মই নিজকে ক্ষমা কৰিব নোৱাৰিম।

আপুনি জানে এজনী ছোৱালীৰ বাবে গৰ্ভ ধাৰণ কৰি সন্তান জন্ম দিয়া কিমান কঠিন কাম। আপুনি যে মিছা আশা সপোন দেখুৱাই মাক এৰি থৈ যায়। কিন্তু মায়ে জীৱনৰ শেষ দিনটোলৈ বাট চাই থাকিল আপোনালৈ। মোক তেঁওৰ ডিঙিৰ পৰা খুলি এই চেইন ডাল পিন্ধাই দি কৈছিল তেওঁ আহিব মই জানো তেওঁ এদিন হলেও মোক বিচাৰি আহিব। মাজনি যদি তেওঁ আহে তেওঁক এই চেইন ডাল দেখুৱাই দিবি । সকলো বুজি পাব তেওঁ। আৰু তেওঁ গুচি গৈছিল পৃথিবীৰ পৰা। হুক হুকাই কান্দি দিছিল ৰুবিনাই ।

সি তাইৰ মূৰটো বুকুত সাৱটি হাত ফুৰাই দিয়ে। আৰু বিৰবিৰাই কৈ উঠে ড্ৰেবিনা ড্ৰেবিনা মোক ক্ষমা কৰা। বৰ ডাঙৰ ভুল হৈ গল মোৰ অজানিতে মই তোমাৰ প্ৰতি বহুত অন্যয় কৰিলো। মোক ক্ষমা কৰা তুমি। মই সঁচাকৈ নাজানিছিলোঁ আমাৰ যে পৰীৰ দৰে এজনী ছোৱালী আছে। বহুত দেৰি কৰিলো মই তোমাৰ কাষলৈ আহিবলৈ। জানো মোক অভিমান কৰি তুমি গুছি গলা। কথা দিছো মই আমাৰ ছোৱালী জনীক কেতিযাওঁ অকলশৰীয়া হব নিদিও।।

মা ৰুবিনা আৰু নাকান্দিবা চোৱা তোমাৰ দেউতা আছে। তুমি অনাথ নহয় তোমাৰ দেউতা আছে এই পৃথিৱীত। মোক ক্ষমা কৰা মাজনি মোক ক্ষমা কৰা ।

 কান্দি কান্দি আঠুকাৰি বহি পৰে সি। নীৰৱ হৈ পৰে যেন সৰব হৈ থকা তিস্তা নৈও ।

 এইবাৰ

আঁঠু কাৰি বহি পৰে ৰুবিনাই ও। চকুপানী মচি দিয়ে দেউতাকৰ।

নাকান্দিবা দেউতা। তুমি এনেকৈ কন্দা দেখিলে মায়ে বৰ কষ্ট পাব।  তেওঁ যে আকাশৰ পৰা চাই আছে।

অংশুমানে মূৰ তুলি আকাশলৈ চালে। হয় সৌৱা মেঘৰ মাজৰ পৰা ড্ৰেবিনাই আকুল দুচকুৰে চাই আছে তালৈ।

মোলৈ বাট চাবা দেই ড্ৰেবিনা। মইযো গৈ আছো সোনকালে মেঘৰ দেশলৈ …তোমাৰ কাষলৈ।

ফোনঃ ৮১০৫২৫২৩৫০

You might also like

Comments are closed, but trackbacks and pingbacks are open.