প্রভাত গোস্বামী
অফিচৰ কৰিডৰত ৰূপমে মেনেজাৰৰ ব্যক্তিগত সহায়িকা নেইনাক লগ পালে ৷ আনদিনা হলে তাই ধুনীয়াকৈ হাঁহি গুডমর্নিংকৈ আঁতৰি গলহেঁতেন, কিন্তু সেইদিনা ৰৈ গল ৷ ৰূপমক তাই বেচ সমীহ কৰে ৷ মেনেজাৰৰ ব্যক্তিগত সহকাৰী হিচাপে তাইৰ বেচ গর্ব, কাকো গুৰুত্বই নিদিয়ে, কিন্তু ৰূপমক দিয়ে ৷ তাৰ কাৰণো নথকা নহয় ৷ মেনেজাৰ বেনার্জীৰ কোনোবা দিনা প্রমোচন হৈ গলে বা বেলেগ কোম্পানীলৈ গলে ৰূপমেই মেনেজাৰৰ চকীখনত বহাৰ সম্ভাৱনাই বেছি ৷ তেতিয়া নেইনাৰ ওপৰৱালা হব ৰূপম ৷
- ছাৰ, কালি আপুনি অহা নাছিল হুলস্থূল লগাই আছে বছে ৷
আপোনাক জনাই থলোঁ ছাৰ ৷ মোৰ কথা নকব প্লীজ ৷
- থেংক ইউ নেইনা ৷
গম পাইছে ৰূপমে ৷ কালি অফিচলৈ নহা বাবে মেনেজাৰ বেনার্জী নিশ্চয় দপ্দপাই আছে ৷ আচলতে সি ছুটী লব লগা হলে, আগতেই মেনেজাৰক জনোৱাটো কর্তব্য ৷ ছুটী অৱশ্যে মেনেজাৰে নিদিয়ে সেইটো বিভাগ বেলেগ মানৱ সম্পদ বিভাগ ৷ তেওঁলোকৰ হাতত হিচাপটো থাকে৷ ছুটী থাকিলে পাব, নহলে নাপায় ৷ বেনার্জীৰ খং উঠাটো আচৰিত নহয় ৷ প্রকৃততে কালি ৰূপমে খটি কৰিব নালাগিছিল সাংঘাতিক কিবা এটা বিপদ নহলে ৷ অসুখ–বিসুখ হলেও অফিচলৈ নাহিলেও অনলাইন থাকিব লাগিছিল ৷ কিন্তু কালি ৰূপমে হঠাৎ মেইল কৰিলে মেনেজাৰ আৰু মানৱ সম্পদ বিভাগলৈ ৷ তাৰ পিছত মবাইল কেউটা বন্ধ কৰি দিলে ৷ জানে সি এনেকুৱা কৰাটো উচিত হোৱা নাই তাৰ বাবে, কিন্তু উপায় নাছিল তাৰ ৷
সি নিজৰ চেম্বাৰলৈ নগৈ মেনেজাৰৰ ৰুমৰ ফালে গল ৷ মেনেজাৰ বেনার্জী কামত ব্যস্ত আছিল ৷ তাক দেখিও কোনো গুৰুত্ব নিদিলে ৷ সি বুজিলে তেওঁৰ খং উঠি আছে বুলি ৷
গুডমর্নিং ছাৰ ৷
- মর্নিং
নিজেই বহিল ৰূপম চকী এখনত ৷
- গোস্বামী ৷ আপুনি কালি নাহিল, মবাইল অফ, ইপিনে কালি কিমান ইম্পর্টেণ্ট মিটিং আছিল আপুনি জানে
- হয় ছাৰ জানো ৷
- কালি সেই মিটিংখনৰ অকণমান খেলিমেলিৰ বাবে আমাৰ কোম্পানীৰ কোটি কোটি টকা লোকচান হব পাৰে সেইটোও জানে
- হয় ছাৰ জানো ৷
- আপুনি কোনোবা নতুন কোম্পানীত জইন কৰিম বুলি ভবা নাইতো, আমাৰ কোনোবা প্রতিদ্বন্দ্বী কোম্পানী
ৰৈ গল ৰূপম ৷ তাৰ মানে সি কোম্পানীক বিশ্বাসঘাতকতা কৰি আন কোম্পানীৰ হকে কাম কৰা বুলি সন্দেহ কৰিছে বেনার্জীয়ে ৷
- তেনেকুৱা দুর্মতি মোৰ কোনোদিনেই নহওক ৷ অন্য কোনো কোম্পানীৰ অফাৰ মোৰ হাতত নাই ছাৰ ৷
কিছু সময় মনে মনে ৰল বেনার্জী, তাৰ পিছত বেছ উষ্মাৰে কলে
- সঁচাকৈয়ে মই আচৰিত হৈছোঁ আপুনি কেনেকৈ ইমান দায়িত্বজ্ঞানহীন হব পাৰে কেনেকৈ কি এনে জৰুৰী ওলাল যে আপুনি মিটিংথন এভইড কৰিলে ৷ যদি মই ওপৰত ৰিপর্ট কৰো আপোনাৰ ওপৰত একচন হব পাৰে ৷
- জানো ছাৰ ৷
- তথাপি আপুনি কিয় নাহিল কিয়
- মোৰ দেউতাৰ বাবে ৷
- আপোনাৰ দেউতা অসুস্থ কোৱা নাই কিয়
- নহয় ছাৰ, সম্পূর্ণ সুস্থ ৷
- কি
এইবাৰ আকৌ খং উঠিল বেনার্জীৰ ৷
- মই আপোনাক ডিমাণ্ড কৰিছোঁ, মোক কওক কিয় আপুনি কালি ইচ্ছা কৰি এভইড কৰিলে ৷ মই ৰিপর্ট কৰিব লাগিব ৷
এটা হুমুনিয়াহ কাঢ়িলে ৰূপমে ৷ তাৰ পিছত কলে ৷
- মিছা কথা মই নকওঁ ৷ কব পাৰিলোঁহেঁতেন ৷ মোৰ বার্থডে ৷ মিছেছৰ বার্থডে বা কিবা ৷ কিন্তু নকওঁ ৷ সঁচা কথা হল কালি দিনটো মই দেউতাৰ লগত কটালোঁ সাগৰৰ পাৰত ৷
- সাগৰৰ পাৰত
লাহে লাহে মেনেজাৰ বেনার্জীক কলে ৰূপমে তেওঁৰ জীৱনৰ কথা ৷ মাত্র ছবছৰ বয়স ৰূপমৰ ৷ দুদিনৰ ৰত মাক ঢুকাই থাকিল ৷ এখন সৰু সুন্দৰ সংসাৰ আছিল তেওঁলোকৰ ৷ দেউতাকৰ চাকৰি আছিল, চৰকাৰী চাকৰি ৷ ডাঙৰ চাকৰিও নহয়, মাত্র কেৰাণীৰ চাকৰি ৷ দেউতাকে পুৱাৰে পৰা ৰূপমক খুৱাই–বুৱাই স্কুলত থৈ আহে ৷ ছুটীৰ পিছত অফিচলৈ লৈ আনে ৷ তাৰ পিছত ঘৰ ৷ বিয়া কৰাব পাৰিলেহেঁতেন, নকৰালে মাত্র ৰূপমে কষ্ট পাব বুলি ৷ পঢ়াই–শুনাই মানুহ কৰিলে ৷ চাকৰি কৰিলে ৰূপমে বিয়া কৰালে ৷ বোম্বেত চাকৰি কৰি ফ্লেটটো কিনিলে ৷ দেউতাক যোৰহাটৰ ঘৰতে থাকিল ৷ কিমানবাৰ ৰূপমে দেউতাকক কৈছে বোম্বেত আহি থকাৰ কথা, নাহে দেউতাক ৷ ঘৰতেই নিজে ৰান্ধি খায় ৷ বোৱাৰীয়েক পিংকিৰ লগতো সম্পর্ক ভাল দেউতাকৰ ৷ মাজতে ৰূপমৰ এজনী ছোৱালী জন্ম হল ৷ এবছৰ হোৱা নাই ৷ দেউতাক মাজে মাজে বোম্বেলৈ আহে, এসপ্তাহমান থাকে আকৌ যোৰহাট ৷ কোনো কথাত আপত্তি নাই, অভিমান নাই ৷ বোম্বেত থকাৰ কথা কলে কয় ৷
- তহঁতৰ জীৱনশৈলী বেলেগ, মোৰ বেলেগ ৷ গতিকে মোক জোৰ নকৰিবি ৷ জোৰ নকৰে ৰূপমে ৷ সমগ্র জীৱনটো নিজৰ মতে চলিলে, এতিয়া জোৰকৈ একো জাপি দিব নিবিচাৰে ৰূপমে ৷
দেউতাক আগতে অহাৰ দৰে হঠাৎ আহি ওলালহি ৷ নাতিনীজনীক লগ পাবৰ মন গল বোলে ৷ বোৱাৰীয়ে ইটো ৰান্ধিছে, সিটো দিছে, চলি আছে ৷ হঠাৎ নিশা ৰূপম অফিচৰ পৰা অহাৰ পিছত কলে ।
- পোনা, তই বাৰু কাইলৈ দিনটো মোক দিব পাৰিবিনে
- কিয় দেউতা কোৱাচোন
- সাগৰৰ পাৰলৈ যাম ৷ তই আৰু মই ৷ গোটেই দিনটো ৷ মাত্র এটা দিন ৷
ৰূপমৰ মনত পৰিল আগৰ কথা ৷ দেউতাকে প্রায়ে দুবছৰ মানৰ মূৰে মূৰে তাক ফুৰাবলৈ আনে ৷ সাগৰৰ পাৰলৈ ৷ এবাৰ যদি বোম্বে আকৌ আন এবাৰ দীঘা ৷ সাগৰৰ পাৰত দিনটো কটায় ৰূপম আৰু দেউতাকে৷ ৰূপমে সাগৰৰ বালিত শামুকৰ খোলা বিচাৰে ৷ দেউতাকে সাজে বালিঘৰ ৷ বহুত দেৰি সাগৰৰ বুকুলৈ চাই থাকে ৷ প্রায়েই দেউতাকে সৰুতে কয়, চা পোনা, এইখন সাগৰৰ দৰে এখন সাগৰ সকলো মানুহৰ হূদয়ত আছে, কেতিয়াবা ধুমুহা আহে ৷ কেতিয়াবা জোৱাৰ কেতিয়াবা ভাটা ৷ বহুত কিবাকিবি উটি আহে৷ জাহাজ আহে যায় ৷ ঢৌ উঠে, ঢৌ নামে ৷ এই ঢৌবোৰ আৱেগৰ ঢৌ ৷ আৱেগে সম্পর্ক গেে, সম্পর্ক ভাঙে ৷ গতিকে আৱেগক অৱজ্ঞা নকৰিবি ৷ নিজৰো লোকৰো ৷
গভীৰ মনোযোগেৰে বেনার্জীয়ে শুনি আছিল ৰূপমৰ কথা ৷
- ছাৰ, যি দেউতাই মোৰ বাবে জীৱনটো দিলে, যৌৱন দিলে, দিলে অতীত আৰু বর্তমান, সেইজন দেউতাক মই এটা দিন কিয় নিদিম কওক ৷ দেউতাক মই কব পাৰিলোঁহেঁতেন বেলেগ এটা দিনৰ কথা, নকলোঁ ৷ কাৰণ দেউতাৰ হূদয়ৰ সাগৰখনৰ ঢৌ মই চিনি পাওঁ ৷ দেউতাৰ বাবে দিয়া এটা দিনৰ মই যিকোনো মূল্য দিবলৈ সাজু আছোঁ ছাৰ, যিকোনো মূল্য ৷
মেনেজাৰ বেনার্জী কিছু সময় মনে মনে ৰল৷ নিজৰ চকুৰ চছমাযোৰ খুলিলে ৷ ৰুমালখন উলিয়াই নিজৰ চকুৰ গুৰি দুটা মচিলে ৷ এটা দীঘল হুমুনিয়াহ কাঢ়িলে আৰু কলে ।
- ঠিকেই গোস্বামী, মানুহৰ হূদয়তো এখন সাগৰ থাকে ৷ বিশাল, গভীৰ সাগৰ ৷ তাতো ঢৌ উঠে ৷ জোৱাৰ আহে ভাটাও ৷ বহুত ডাঙৰ কথা এটা শিকালে আপুনি ৷ মই অহা মাহত ছুটী লম, এমাহ ৷ কলিকতালৈ যাম ৷ তাত মোৰ মা থাকে অকলে ৷ মাৰ লগত গৈ থাকিম, আগৰ দৰে চোতালৰ মাটিৰ মজিয়াত পাটিৰ ওপৰত বহি মাৰ মুখৰ সাধু শুনিম ৷
দুয়ো বাস্তৱ পৃথিৱীখন পাহৰি কিছুসময় মনে মনে বহি ৰল ৷ দুয়োৰে হূদয়ৰ সাগৰত তেতিয়া ঢৌ উঠিছিল ৷
ফোনঃ ৯৪৩৫১–৪৯০৭৭