মূলঃ সমৰেশ মজুমদাৰ
ভাবানুবাদঃ ডঃ বৃষ্টি কলিতা
এটা দিন পাৰ হৈ যোৱা মানেই প্রতিমাৰ নিজলৈকে ভয় বেছিকৈ জাগি উঠা ৷ এটা চৰকাৰী আৱাসৰ অকলশৰীয়া বাসিন্দা তাই ৷ পাৰ হৈ যোৱা দিনবোৰৰ কোনো হিচাপ নাথাকে তাইৰ ৷ সময়ৰ জোখ–মাখ ৰাখিবলৈ তাইৰনো আহৰি কত পুৱা বিছনাৰ পৰা উঠি দৌৰাদৌৰিকৈ ৰন্ধা–ববা কৰি হয় মানে অফিচলৈ যাবৰ হয়েই ৷ দিনৰ দিনটো অফিচৰ ফাইলৰ মাজত মূৰ গুঁজি থাকোঁতেই কেতিয়ানো সন্ধিয়া হয় তাই গমেই নাপায় ৷ আকৌ লৰালৰিকৈ ঘৰলৈ আহি মুখ–হাত ধুই টিভিটো অন কৰে মানে যতমানে পৃথিৱীৰ ভাগৰে তাইক হেঁচা মাৰি ধৰে ৷ প্রতিটো দিন পাৰ হয় একেই দৈনন্দিন ব্যস্ততাৰে কিন্তু যেতিয়া মনলৈ আহে অৱসৰৰ সময়ৰ কথা ভীষণ চিন্তিত হৈ পৰে তাই৷ বয়সৰ দোহাই দি এদিন তাই চৰকাৰী কামৰ পৰা আঁতৰি আহিব লাগিব ৷ তাৰ পাছৰ সময়বোৰ কেনেকৈ পাৰ কৰিব তাই ভাবিলেই প্রতিমাৰ মনত বুজাব নোৱাৰা এক আশংকাই গা কৰি উঠে ৷ এতিয়া অকণমান অসুস্থ হলেই সহকর্মীবোৰে ওচৰলৈ আহি তাইৰ খবৰ লোৱাৰ লগতে ইটো–সিটো কৰি দিয়ে ৷ তাই কিছু সকাহ পায় ৷ অৱসৰৰ পিছত তাইৰ ওচৰলৈ আহিবলৈ হয়তো কাৰো সময় নহব ৷ এই কথা তাই নিজেও দেখিছে ৷ তাইৰ লগতে একেটা অফিচত কাম কৰি অৱসৰ লোৱা কর্মচাৰীৰ কোনেও খবৰ নাৰাখে ৷ একেটা ভয়ে তাইকো খেদি ফুৰে৷ সময়বোৰ বাগৰি যোৱা মানেই সেই ভয়টোৱে তাইক বিব্রত কৰি তোলে ৷ অথচ তাইক দেখিলেই মহিলা সহকর্মীবোৰে প্রায়েই মন্তব্য দিয়ে তোমাক দেখিলেতো বয়সে পঞ্চাশৰ ঘৰ পাৰ কৰা যেন নালাগেই নতুনকৈ যোগদান কৰা নন্দিনী নামৰ ছোৱালীজনীও বেছ সপ্রতিভ ৷ তাইতো সেইদিনা ঘপকৈ কৈয়েই দিলেঃ হয় দেই প্রতিমা বাইদেউ, তুমিতো বিয়া পাতিব বিচাৰিলে এতিয়াও তোমাৰ বাবে ঢেৰ লৰা ওলাব
এক দীঘলীয়া সময়জুৰি যিসকলে তাইৰ সতে এক বন্ধুত্বসুলভ সম্পর্ক ৰক্ষা কৰি আহিছে, সেইসকলে তাইৰ লগতে সুমিতৰ কথাও বেছ ভালকৈ জানে ৷ বিয়াৰ মাত্র দুবছৰ পাছতেই মটৰচাইকেল এক্সিডেণ্ঢত সুমিতৰ মৃত্যু হৈছিল ৷ এয়া প্রায়শত্রিশ বছৰৰ আগৰ কথা ৷ এতিয়ালৈ সুমিতৰ মুখখন প্রায় অস্পষ্ট হৈ পৰাৰ দৰেই ৷ ত্রিশ বছৰৰ আগৰ কথাবোৰ এতিয়া সকলোৱে পাহৰণিৰ গর্ভলৈ ঠেলি দিয়াৰ দৰেই ৷ সুমিত নাইকিয়া হৈ যোৱাৰ পাছৰ কেইবাবছৰলৈ তাইলৈ একাধিক প্রস্তাৱ আহিছিল ৷ তাই মান্তি নহল ৷ সুমিতৰ স্মৃতিবোৰ সেই সময়ত খুবেই সজীৱ মচি পেলোৱাৰ কথা তাই ভাবিবই পৰা নাছিল ৷ সুশীলা বাইদেৱে হয়তো কিবা ভাবিয়েই তাইক কৈছিল সুমিতৰ স্মৃতি সাবটি কিমান দিন জী থাকিবা জী থাকিবলৈ এখন প্রত্যয়ভৰা হাতৰ অধিকাৰীৰ খুবেই প্রয়োজন ৷ বিশেষকৈ জীৱনৰ শেষ সময়ছোৱাত ৷
তাই হাহি হঁাহিয়েই উত্তৰ দিছিল তেতিয়ালৈ জী নাথাকিমেই হয়তো ইতিমধ্যে পঞ্চাশ বছৰ অতিক্রম কৰাৰ পিছতো তাই সুস্থ শৰীৰেৰে একো অসুবিধা অনুভৱ নকৰাকৈ সময়বোৰ নিজৰ সতে ধুনীয়াকৈ পাৰ কৰি গৈ আছে৷ ষাঠিৰ পিছত এনেকৈয়ে যাবনে সময়বোৰ নিজকে সংগোপনে সোধে তাই৷
ত্রিশ বছৰ আগতে তাই লগ পোৱা অবিবাহিত পুৰুষ সহকর্মীবোৰৰ গাত এতিয়া বয়সৰ আঁচোৰ৷ সকলো বিবাহিত৷ কাৰোবাৰ হয়তো লৰা–ছোৱালীয়েও সংসাৰ আৰম্ভ কৰিছে ৷ কোনো কোনোৱে নাতি–নাতিনীৰো মুখ দেখিছে ৷ এইবোৰৰে দুই–তিনিজনে অবিবাহিত অৱস্থাতেই তাইৰ সতে অন্তৰংগতা গঢ়ি তুলিব বিচাৰিছিল ৷ কেতিয়াবা সিহঁতবোৰলৈ চাই তাই ভাবে, সন্মতি নিদি তাই ভালেই কৰিলে ৷ ইমান বিষণ্ণতাৰে ভৰি থকা মুখবোৰ ভাল নালাগে তাইৰ ৷
অৱসৰলৈ এবছৰ বাকী থকা অৱস্থাত এদিনাখন অফিচত হঠাৎ নন্দিনী তাইৰ ওচৰলৈ আহিল কথা আছে আপোনাৰ সৈতে ৷
- কোৱা
- আগতে ভালকৈ কথাখিনি শুনি লোৱা খং নকৰাকৈ ৷
- খং কৰিবলগা কথা হলেতো কৰিমেই ৷
- মোৰ মন গল বাবেই কৰিলোঁ ৷ অন্য একো নাই ৷
- কি কৰিছা
- তোমাৰ বায়ডাটা দিছেছা ৷
- কি কিয় ইমান ডাঙৰ কাম এটা কৰিলা
- মন গল৷ চাওচোন, কেনে পাওঁ
- ঠিকনা দিছা
- নাই নাই ৷ মোৰ ওচৰত এটা পুৰণা মবাইল ফোন আছিল ৷ সেই নম্বৰটো ব্যৱহাৰ কৰা নহয়েই ৷ কোনেও নাজানে৷ এতিয়া সেই নম্বৰটোকে দিছেছা ৷ এইটো ৰাখা এতিয়া তোমাৰ লগতে৷ ফোন আহিলে কথা পাতিবা ৷
ফোনটো টেবুলত থৈ নন্দিনী যাবলৈ ওলাল ৷
- মই এইবোৰ কৰিব নোৱাৰোঁ ৷ লৈ যোৱা তোমাৰ ফোন ৷
- অহ লোৱাচোন এতিয়া৷ ফোন আহিলে মন গলে কথা পাতিবা মন নগলে নালাগে ৷
এইবুলি কৈ নন্দিনী আঁতৰি গল প্রতিমাৰ ওচৰৰ পৰা ৷
সেইদিনা অফিচৰ পৰা ঘৰলৈ ঘূৰি আহোতে তাই ইচ্ছাকৃতভাৱে এখন চাইবাৰ কেফেত সোমাল ৷ অফিচিয়েল কাম–কাজৰ খাতিৰত তাই বেছ কিছু নহলেও অলপ–চৰপ কম্পিউটাৰৰ জ্ঞান আয়ত্ত কৰি লৈছে ৷ তাই লাহেকৈ মেইড ফৰ ইচ্ আদাৰ ডট্ কম্ত গৈ বিজ্ঞাপনটো খুলি চালে ৷
দেখনিয়াৰ, সুগগী চাকৰিয়াল এগৰাকী পঞ্চাশোধর্বৰ মহিলাৰ বাবে উপযুক্ত জীৱনসংগী বিচাৰিছেছা ৷
তলত নন্দিনীয়ে তাইৰ হাতত গুঁজি দিয়া মবাইল ফোনৰ নম্বৰটো ৷
ঘৰলৈ উভতি গৈ তাই অলসভাৱে বিছনাত শৰীৰটো এৰি দিলে ৷ চকুহাল বন্ধ কৰি তাই নন্দিনীৰ কথাকে ভাবিলে আকৌ এবাৰ ৷ নন্দিনীয়ে এইটো ভাল কাম নকৰিলে ৷ তাইতকৈ বয়সত যথেষ্ট সৰু লৰা–ছোৱালীবোৰে এইবোৰ দেখিলে কি কব বাৰু মনতে ভাবিব চাগে, বুুীৰ আকৌ এই বয়সত কি বিয়াৰ চখ লাগিল সেয়া নহলেও হয়তো কোনো আপদীয়া বুুা আগুৱাই আহিব অযথা প্রস্তাৱ লৈ ৷
কথাবোৰ ভাবি অসহায় অনুভৱ কৰিলে যদিও সেইদিনা কোনো ধৰণৰ ফোন তাইলৈ নাহিল ৷ পিছদিনা অফিচ আহি পোৱাৰ লগে লগে নন্দিনী দৌৰ মাৰি তাইৰ ওচৰলৈ আহিল আৰু মৃদু স্বৰেৰে সুধিলে কোনোবাই ফোন কৰিছিলনে
মুখেৰে কোনো শব্দ নকৰাকৈ প্রতিমাই মূৰটো সামান্য লৰালে ৷ প্রতিমাৰ পৰা তেনে এটা উত্তৰ পাই নন্দিনী হতাশ হল ৷ তাইৰ মুখখনত নিৰাশাৰ ভাৱ এটা প্রকট হৈ উঠিল ৷
ঠিক সেইদিনাই দুপৰীয়া সময়ত আচম্বিতে ঘটনাটো ঘটিল ৷ অফিচৰ মুৰববীৰ সতে মিটিং থকা চলি থকা অৱস্থাতেই অচিনাকি ৰিংটোন এটা বাজি উঠিল ৷ তাইৰ নিজৰ ফোনৰ ৰিংটোন তাইৰ বাবে চিনাকি ৷ কিন্তু যিটো ফোনৰ ৰিংটোন তাইৰ বেগত বাজিছে সেয়া আগতে শুনা তাইৰ মনত নপৰে ৷ হয়তো মেইড ফৰ ইচ্ আডাৰ ডট কমত কোনোবাই নম্বৰটো পাই তাইলৈ ফোন কৰিছে ৷ ইমানবোৰ মানুহৰ সন্মুখত এতিয়া কেনেকৈ কথা পতা যায় বাৰু ভাবি থাকোঁতেই ৰিংটোনটো বাজি বাজি নাইকিয়া হল ৷ তাই লগে লগে ফোনৰ ছুইচটো অফ কৰি দিলে ৷
গোটেই দিনটো প্রতিমাই ফোনটো অফ কৰি ৰাখিলে ৷ সন্ধিয়া ঘৰলৈ আহি গা–পা ধুই ফোনৰ ছুইচটো আকৌ এবাৰ অন কৰিলে ৷ তেনে সময়তে পুনৰ ৰিংটোনটো বাজি উঠিল ৷ খপজপকৈ হাতত মবাইলটো লৈ তাই বুকুৰ সমস্ত সাহস থূপাই প্রায় চিঞৰি কোৱাৰ দৰে কলে হেল্লো
নমস্কাৰ মোৰ নাম সত্যব্রত চৌধুৰী ৷ মেড ফৰ ইচ্ আদাৰত আপোনাৰ নম্বৰটো পোৱা বাবে মই ফোন কৰিলোঁ ৷ আপোনাৰ অসুবিধা নহলে মই অকণমান কথা পাতিব পাৰোঁনে বাৰু
হয় কৈ আছোঁ ৷ প্রতিমাই যিমান পাৰে মানসিক শক্তি গোটাবলগা হল এই বাক্যটো কবৰ বাবে ৷
- মই হায়দৰাবাদৰ বাসিন্দা৷ ইংৰাজী সাহিত্যত অধ্যাপনা কৰিছিলোঁ ৷ বর্তমান অৱসৰৰ সময় অতিবাহিত কৰি আছোঁ ৷
- ময়ো এটা বিভাগৰ চৰকাৰী কর্মচাৰী৷ অহা বছৰলৈ অৱসৰ লম৷
- বিশ বছৰ পূর্বে মোৰ পত্নীৰ বিয়োগে মোক তেনেই অকলশৰীয়া কৰিলে৷ একমাত্র পুত্র–বোৱাৰী কানাডাৰ বাসিন্দা ৷
পুত্রই বহুবাৰ অনুৰোধ কৰিছে মোক তালৈ গুচি যাবৰ বাবে, মইহে অকণমানো আগ্রহী নহয় ৷ জীৱনৰ শেষ সময়ছোৱা ইয়াতে কটাবৰ বাবেহে আগ্রহী মই ৷
- ময়ো তেনেই অকলশৰীয়া৷ বিয়াৰ ঠিক পিছতেই মটৰ দুর্ঘটনাত জীৱনসংগীয়ে প্রাণ হেৰুৱালে ৷ ভৱিষ্যতে কাৰোবাক বুকুৰ মাজত সাবটি সন্তানৰ স্নেহ দিবলৈও সেই সুবিধাকণ ভগৱানে নিদিলে ৷
- আপোনাৰ নামটো জনাব পাৰে যদি মই শুনিবলৈ আগ্রহী ৷
- প্রতিমা কোনো সংকোচ নকৰাকৈ তাই সোধাৰ লগে লগে উত্তৰটো দিলে৷
- অশেষ ধন্যবাদ৷ মই হয়তো পুনৰ আপোনালৈ ফোন কৰিম৷ আশা কৰিম আপুনি মোৰ ফোনত বিৰক্তি অনুভৱ নকৰিব৷
নিশ্চয় প্রতিমাই এইবুলি ফোনৰ সংযোগ বিচ্ছিন্ন কৰি দি দীঘলকৈ এটা উশাহ ললে ৷
দুকোঠলীয়া সৰু ঘৰটোৰ নিজৰ শোৱা বিছনাখনত তাই অলস দেহটো এৰি দিলে ৷ চকুহাল মুদ খোৱাৰ লগে লগে তাইৰ কিছুপৰ আগৰ ভদ্রলোকজনৰ সতে হোৱা কথোপকথনখিনি মনলৈ আহিল ৷ অৱসৰ ললেও তেখেতৰ মাত–কথাত যেন অকণো জড়তা নাই ৷ এক তেজস্বী কণ্ঠৰ গৰাকী সেই ভদ্রলোক ৷ প্রতিটো কথাতে শালীনতা বিদ্যমান ৷
নিশা ১০ মান বজাত প্রতিমাৰ মবাইল ফোনত আকৌ এবাৰ সংকেত বাজি উঠিল ৷ ফোনটো হাতত লৈ কাণৰ ওচৰলৈ নিয়াৰ লগে লগে সিটো মূৰৰ পৰা এক অচিনাকি পুৰুষ কণ্ঠ ভাহি আহিলঃ
নমস্কাৰ খুব সম্ভৱ বিজ্ঞাপনটো আপুনিয়েই দিছিল ৷
হয় প্রতিমাই কওঁ নকওঁকৈ কলে ৷
ধন্যবাদ মই বিবাহ বিচ্ছেদিত ৷ বয়স সত্তৰৰ ওচৰা–উচৰি ৷ লৰা–ছোৱালী আছে কিন্তু সকলো বিদেশত নিজৰ নিজৰ জীৱন জী আছে সকলোৱে ৷ সকলো মোৰ পৰা আঁতৰত৷ ময়ো বিচাৰোঁ অলপ নিজক বুজিব বিচাৰি চাব নিজকে আপোনাৰ মতামত জানিলে কথাবোৰ ভাবিবলৈ মোৰ অলপ সুবিধা হব ৷
নিজক একেষাৰতে উদঙাই দিয়া মানুহজনৰ কথাবোৰ শুনি প্রতিমাৰ অকণো ভাল নালাগিল ৷ কি ভাবি জানো তাই ফোনটো অফ কৰি দিলে ৷
পিছদিনা অফিচ বন্ধ ৷ দিনটো আচহুৱা যেন লগা কথাবোৰ ভাবি ভাবিয়েই তাই সময়বোৰ পাৰ কৰিলে৷ গধূলিলৈকে কেইবাটাও ফোনকল আহিল ৷ খুব সৌজন্যতাৰে তাই প্রতিটো ফোনকল ৰিচিভ কৰি নামমাত্র মত বিনিময় কৰিলে ৷ কিন্তু প্রতিজন ব্যক্তিৰেই যেন মানসিকতা ভিন্ন ৷ কোনোবাই যদি তাইক লগ পাব বিচাৰিছে, কোনোবাই আকৌ তাইৰ ফটো বিচাৰিছে ৷ প্রতীক্ষাৰ যেন অকণো সময় নাই ৷ এজনে আনজনক বুজি চোৱাৰো অৱকাশ নাই ৷ কথাবোৰে তাইক আমনি কৰিলে ৷
দুপৰলৈ প্রতিমাই ফোনটো অফ কৰি দিলে ৷ একো কথা পাতিবলৈ মন নগল আৰু ৷
পিছদিনা অফিচ গৈ পোৱাৰ লগে লগে নন্দিনী একপ্রকাৰ দৌৰি অহাদি তাইৰ ওচৰলৈ আহিল
ফোন আহিছিলনে প্রতিমাৰ কপালত যেন সমস্ত বিৰক্তি একেলগে থূপ খালে ৷ তাই খং আৰু বিৰক্তি মিহলি কণ্ঠেৰে নন্দিনীলৈ ফোনটো আগববাই দিলেঃ
এই ফোনটোৱে মোক পগলা কৰিব ৷ ইমান যাতনা নোৱাৰোঁ মই ৷ তুমিয়েই ৰাখা ৷
কিন্তু কিয়
বয়সে আঁচোৰ পেলোৱা মানুহবোৰৰ মুখৰ মাত শুনিয়েই সিহঁতৰ মানসিকতা মই বেছ বুজিব পাৰিছোঁ ৷
কোনেও আন্তৰিকতাৰে এষাৰ কথা কোৱা নাইনে
নাই শব্দটো কৈ যেন প্রতিমা ক্ষন্তেক ৰৈ গল কিবা এটা হয়তো মনত পৰিল ৷
কৈছিল এজনে ৷ খুবেই বেছি আন্তৰিকতাৰে ৷ মানুহজনৰ কণ্ঠই কয় তেওঁ এগৰাকী খুবেই ভদ্র আৰু মার্জিত লোক ৷
তেন্তে তেখেতৰ সতে কথা পতাত আপত্তি কি আৰু অলপ বুজি লোৱাত একোতো অসুবিধা নাই !
লৰালৰিকৈ নন্দিনীয়ে মবাইল নম্বৰটো বিচৰাত লাগিল ৷ কিন্তু প্রতিমাই কোৱা নম্বৰটো দেখি তাই যেন চকিত হৈ উঠিল ৷ এয়া জানো সঁচা
তাৰমানে নম্বৰটো তুমি চিনি পোৱা আচৰিত হৈছা যে
চিনি পাওঁ মাে ! এইটো মোৰ ডাঙৰ মামাৰ নম্বৰ ৷ মামী ঢুকোৱাৰ পিছত সকলোৱে পুনৰ বিয়া পাতিবলৈ মামাক বহুতো বুজাইছিল ৷ কিন্তু মামা ৰাজি হোৱা নাছিল ৷ এতিয়া যদি মামাই বিচাৰিছে বুলি গম পায় মাহঁত যে কিমান সুখী হ ! মই এতিয়াই মালৈ আপোনাৰ নম্বৰটো পঠিয়াই দিওঁ ৷
মনৰ আনন্দতে নন্দিনী প্রতিমাক তাতে এৰি দৌৰি ওলাই গল ৷ একো বুজিব নোৱাৰাৰ দৰে প্রতিমা নিথৰ হৈ বহি ৰল ৷ তেনেকৈ বহি থাকোঁতেই কোন সময়ত জানো মবাইলটোৱে পুনৰ সংকেত দিলে বেগৰ পৰা মবাইলটো উলিয়াই চালে নম্বৰটো জিলিকি উঠিছে সত্যব্রত চৌধুৰী
নিচালগা মানুহৰ দৰে হাত দুখনে একো নজনাকৈয়ে যেন নম্বৰটো মবাইলত ছেভ কৰি ৰাখিলে
ফোনঃ ৮৮৭৬২-৫৬৬৩৭
Comments are closed, but trackbacks and pingbacks are open.