বর্ণালী কটকী ওজা
ভাৰতীয় চলচিচত্র জগতৰ এটি উজ্জ্বল নক্ষত্র অসমপুত্র প্রমথেশ বৰুৱা ৷ প্রমথেশ বৰুৱাৰ জীৱনৰ শ্রেষ্ঠতম কৃতিত্ব হল চলচিচত্রৰ মাধ্যমেৰে তেওঁ আধুনিক যুগৰ ভেটি সুদৃ কৰিছিল ৷ চলচিচত্রৰ ইতিহাস, বিকাশ, আংগিক, কলা–কৌশল ইত্যাদিৰ ন ন উদ্ভাৱনেৰে যোগাইছিল চলচিত্র শিল্পলৈ অনবদ্য বৰঙণি ৷ আধুনিক ভাৰতীয় চলচিচত্র জগতৰ কিংবদন্তি প্রমথেশ বৰুৱাৰ জীৱনৰ ব্যাপ্তি আৰু পৰিধি ইমানেই বিশাল যে এটা মাত্র লেখাত সামৰিব পৰাটো ধৃষ্টতা মাথোন ৷ তৎসত্ত্বেও ভাৰতীয় চলচিত্রৰ সর্বকালৰ শ্রেষ্ঠ ৰূপকাৰজনৰ বিষয়ে সামৰাৰ উদ্দেশ্যে এই লেখা প্রস্তুত কৰা হৈছে ৷
বংশ পৰম্পৰাঃ লেখক নগেন্দ্র নাথ বসুৱে গৌৰীপুৰৰ জমিদাৰ পৰিয়ালৰ ইতিবৃত্ত এখন গ্রন্থত তথ্যসহকাৰে উল্লেখ কৰিছে ৷ সেই অনুসৰি জনা যায় যে কাশ্যপ গোত্রৰ গোবিন্দগিৰি ভূঞাৰ বংশধৰ আছিল গৌৰীপুৰৰ জমিদাৰ প্রমথেশ বৰুৱাৰ পিতৃ ৰাজা প্রভাত চন্দ্র বৰুৱা ৷ প্রভাত চন্দ্র বৰুৱা গোবিন্দগিৰি ভূঞাৰ বংশৰ প্রতাপ চন্দ্র বৰুৱাৰ তোলনীয়া পুত্র ৷ এইজন তোলনীয়া পুত্র প্রভাত চন্দ্র বৰুৱাৰ প্রতিভা আৰু ব্যক্তিত্ব অসাধাৰণ আছিল ৷ প্রতাপ চন্দ্র বৰুৱা এজন বিদ্যোৎসাহী ৰজা আছিল ৷ গৌৰীপুৰত তেওঁ এখন মধ্য ইংৰাজী স্কুল স্থাপন কৰিছিল ৷ স্থাপন কৰিছিল এখন দাতব্য চিকিৎসালয় ৷ ১৮৬৯ চনত গোৱালপাৰাৰ পৰা ধুবুৰীলৈ জিলা সদৰ আনিবৰ বাবে সেই অঞ্চলটো তেওঁ দান হিচাপে আগবঢ়াইছিল ৷ ১৮৬৫ চনত ব্রিটিছ চৰকাৰে প্রতাপ চন্দ্র বৰুৱাক ৰায়বাহাদুৰ উপাধি প্রদান কৰিছিল ৷ মোগল সম্রাটৰ পৰা পাইছিল ৰজা উপাধি ৷ এইগৰাকী প্রজাহিতৈষী বিদ্বান ব্যক্তি অপুত্রক আছিল বাবে এগৰাকী উচ্চখাপৰ ব্যক্তি ৰাজকিশোৰ বৰুৱা আছিল ঘৰিয়ালডাংগা নামৰ ঠাইৰ বাসিন্দা ৷ শতিকাজোৰা ঐতিহ্যসম্পন্ন এটি পৰিয়ালৰ সান্নিধ্য আৰু পাৰিপার্শ্বিকতাই প্রভাত চন্দ্রৰ দৰেই সমাজপ্রিয়, পৰহিতৈষী, বিদ্যোৎসাহী আৰু উদাৰ মনৰ ব্যক্তি হিচাপে ৷ প্রভাত চন্দ্রই গৌৰীপুৰত পিতৃৰ নামত হাইস্কুল স্থাপন কৰা, নাৰী শিক্ষাৰ দিশত চিন্তা কৰা, সমবায় বেংক স্থাপন কৰা, সুচল ৰাস্তা–ঘাট নির্মাণ কৰোৱা, সাহিত্য চর্চাৰ বিকাশৰ বাবে গৌৰীপুৰত উত্তৰবংগ সাহিত্য পৰিষদৰ অধিৱেশন অনুষ্ঠিত কৰোৱা, পুথিভঁৰাল আদি স্থাপন কৰোৱা ইত্যাদি অনেক উন্নয়নমূলক কাম কৰি দৃষ্টান্ত দেখুৱাইছিল গৌৰীপুৰৰ জমিদাৰীৰ দায়িত্ব গ্রহণ কৰিয়েই ৷
বহুদিনলৈ সন্তানহীন হৈ থকা প্রভাত চন্দ্র আৰু তেওঁৰ পত্নী সৰোজবালাই আগ্রাৰ এজন সাধু বাবাৰ পৰা আশীর্বাদপ্রাপ্ত হৈছিল আৰু সর্বগুণসম্পন্ন এটি পুত্র সন্তান জন্ম দি বংশৰ নাম উজলাব বুলি ভৱিষ্যদ্বাণী কৰিছিল ৷ সেই ভৱিষ্যদ্বাণীয়ে সাকাৰ ৰূপ লৈছিল সেই বছৰৰে অর্থাৎ ১৯০৩ চনৰ ১০ অক্টোবৰৰ নিশা ১২ বজাত, জন্ম হৈছিল প্রমথেশ বৰুৱাৰ ৷ সেইদিনা শনিবাৰ আছিল ৷ পৰম্পৰাগতভাৱে গৌৰীপুৰৰ জমিদাৰ হিচাপে ৰাজকীয় পৰিৱেশত ডাঙৰ–দীঘল হোৱা প্রমথেশ ওৰফে সকলোৰে নয়নৰ মণি মণিয়ে শৈশৱৰে পৰা কলা–সংসৃক্তিৰ উত্তৰ সাধক হিচাপে নিজৰ প্রতিভাৰ পৰিচয় দিছিল ৷ ৰাজপৰিয়ালৰ ৰীতি অনুসৰি লিখা–পঢ়াৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্রতে পাৰদর্শী হবলৈ শিক্ষা দিয়া হৈছিল ৷
গৌৰীপুৰৰ ৰাজপৰিয়ালৰ প্রচলিত ৰীতি অনুযায়ী লিখা–পঢ়া শিকাৰ আগতেই শিকিব লাগিছিল বন্দুক চালনা ৷ কাৰণ ৰজাৰ বংশধৰে চাকৰি কৰি ভাত মোকলোৱাৰ প্রয়োজন কত ! মাত্র নামটো চহী কৰিবলৈ শিকি লাগতিয়াল বিদ্যাখিনি অর্জন কৰিলেই যথেষ্ট ৷ গতিকে শত্ৰুক বন্দুকেৰেহে যদি পৰাস্ত কৰিব পাৰি কলমৰ কি কাম অৱশ্যে দূৰদর্শী ৰাজা প্রভাত চন্দ্র বৰুৱাৰ শিক্ষাৰ প্রতি ধাউতি থকা গুণে ঘৰতে পঢ়া–শুনাৰ ব্যৱস্থা কৰি দিছিল স্কুললৈ নোযোৱাকৈয়ে ৷ আশুতোষ বন্দোপাধ্যায়ে ফলি–পুথি লোৱাৰ আগেয়ে সৰস্বতী বন্দনা গোৱাই পুৱা আৰু আবেলি প্রমথেশক পেোৱাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল ৷ চিকাৰৰ প্রশিক্ষণো দিয়া হৈছিল মণিক ৷ হাতীৰ পিঠিত উঠি বাঘ কেনেকৈ চিকাৰ কৰে, ঘোঁৰাত উঠি কেনেকৈ লক্ষ্য ভেদ কৰে এই সকলো শিকিছিল ৷ সমান্তৰালভাৱে সংগীত শিক্ষা গ্রহণ কৰিছিল বাৰাণসীৰ পৰা অহা এজন ওস্তাদৰ পৰা ৷ শাস্ত্রীয় সংগীতৰ উপৰি ৰবীন্দ্র সংগীত, আধুনিক সংগীতৰ শিক্ষাও গ্রহণ কৰিছিল শিশু প্রমথেশে ৷ তাৰ ফলস্বৰূপে মাত্র বাৰ বছৰ বয়সতে প্রমথেশে ৰয়েল বেংগল টাইগাৰ এটা চিকাৰ কৰিছিল ৷ তাৰ পিছত তেওঁ ৫২টা ৰয়েল বেংগল টাইগাৰৰ উপৰি চিতাবাঘ, ভালুক, বনৰীয়া মহ, পহু, গঁড় আৰু অসংখ্য পক্ষী নিধন কৰাৰ কথাও জনা যায় ৷ পিছলৈ অৱশ্যে তেওঁ সম্পূর্ণভাৱে চিকাৰৰ পৰা আঁতৰি অহাৰ উপৰি স্বাচ্ছন্দ্যপূর্ণ ৰাজকীয় জীৱনো ত্যাগ কৰিছিল ৷ এই সন্দর্ভত তেওঁৰ ভাতৃ প্রকৃতিশ চন্দ্র বৰুৱাই লোকসংগীতৰ সম্রাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ পিতৃ উল্লেখ কৰিছে, দাদা প্রমথেশ বৰুৱাই বাঘ–ভালুক শ্বুটিং বাদ দি চলচিচত্র জীৱনৰ শ্বুটিঙত ধৰিলে ৷ গতিকে ৭৫০ বর্গমাইলৰ বিশাল গৌৰীপুৰ ৰাজ ইষ্টেট চোৱা–চিতাৰ ভাৰ মোৰ ওপৰত পৰিল ৷
গৌৰীপুৰত গৃহশিক্ষা গ্রহণৰ পিছত প্রমথেশক পঠিওৱা হৈছিল কলিকতালৈ ৷ কলিকতাৰ হেয়াৰ স্কুলত নৱম শ্রেণীত নামভর্তি কৰাৰ সময়ৰে পৰা তেওঁ নাটকৰ প্রতি আকৃষ্ট হয় ৷ তাৰে পৰাই মেড্রিকৰ ডেওনা পাৰ হৈ কলিকতাৰ প্রেছিডেন্সী কলেজত ভর্তি হয় ৷ পঢ়া–শুনাৰ সমান্তৰালকৈ কলিকতাৰ সাংসৃক্তিক পৰিৱেশেও তেওঁৰ জীৱনত অভাৱনীয় প্রভাৱ পেলাইছিল ৷ প্রেছিডেন্সী কলেজৰ পৰা পদার্থ বিজ্ঞানত সন্মানসহ স্নাতক উত্তীর্ণ হোৱালৈকে প্রমথেশে নাটকত একাণপতীয়াকৈ লাগিব পৰা নাছিল ৷ তাৰ পিছতহে তেওঁ নাটক পৰিচালনা, অভিনয়, আলোকসম্পাত, গীতৰ সুৰ সংযোজনাৰ কামত ব্রতী হৈছিল ৷
নাট্য যাত্রাঃ কলিকতাৰ মঞ্চনাটৰ উৎকৃষ্ট পৰিৱেশে ডেকা প্রমথেশক বাৰুকৈয়ে আকর্ষিত কৰিছিল ৷ তেতিয়া কলিকতাৰ বিভিন্ন মঞ্চত ইংৰাজী নাটকৰ বাংলা অনুবাদ চলিছিল ৷ বিশেষকৈ অর্ধেন্দু শেখৰ, গিৰীশচন্দ্রই স্থাপন কৰা নাট্য পৰিৱেশনৰ সৌধে তেওঁক আকর্ষণ কৰিছিল আৰু অভিনেতা শিশিৰ ভাদুৰীৰ অভিনয়ৰ দ্বাৰা বিশেষভাৱে প্রভাৱিত হৈছিল ৷ সেই সময়ত কলিকতাক কেন্দ্র কৰি গঢ় লোৱা ইংৰাজী শিক্ষাৰে শিক্ষিত সমাজ আৰু আৰু বিশ্বকবিৰ জোডাসাকোৰ ঠাকুৰ পৰিয়ালে গঢ়ি তোলা সাংসৃক্তিক পৰিৱেশ অন্যান্যৰ দৰে প্রমথেশৰো আকর্ষণৰ আন এক কেন্দ্রবিন্দু আছিল ৷ কলিকতাৰ নাট্যমঞ্চৰ অনুপ্রেৰণাৰে গৌৰীপুৰত তেওঁ স্থাপন কৰিছিল ইউনাইটেড ক্লাব নামৰ এক নাট্যসংস্থা ৷ বাল্যবন্ধু কামাখ্যাপ্রসাদ ৰায়, ৰবীন্দ্র নাৰায়ণ অধিকাৰী, বিভূতি চক্রৱর্তী, প্রফুল্ল দাসগুপ্ত আদি আছিল নাট্য চর্চাৰ সাৰথি ৷ ১৯১৯ চনৰ পৰা ১৯২৪ চনমানলৈকে গৌৰীপুৰত নিয়মিতভাৱে বছৰত সাধাৰণতে তিনিখনমানকৈ নাটক মঞ্চস্থ হৈছিল ৷ পিছলৈ ইউনাইটেড ক্লাবৰ হৈ তেওঁ সেই সময়ৰ বিখ্যাত নাটকবোৰ মঞ্চস্থ কৰোৱাইছিল ৷ প্রায়বোৰ নাটকৰে নায়কৰ চৰিত্রত অভিনয় কৰাৰ উপৰি পৰিচালনাও তেৱেঁই কৰিছিল ৷ কিছুসংখ্যক নাটকত তেওঁ নাৰী চৰিত্রতো যথাযথ অভিনয় কৰিছিল ৷ এনে নাটকসমূহৰ ভিতৰত কিছুসংখ্যক বছা বছা বাংলা নাটক আছিল খাসদখল, চন্দ্রগুপ্ত, ষোডশী, ইৰানেৰ ৰাণী, সমাজ, দুর্গাদাস, বিৰাজ বৌ, ফেলাৰামেৰ স্বাদেশিকতা, ফুলশৰ, সিংহল বিজয়, নুৰজাহান, প্রফুন্ন, বংগনাৰী, বিবাহ–বিভ্রাট, কিন্নৰী ইত্যাদি অনেক ৷
চলচিচত্র যাত্রাৰ সূচনাঃ ১৯২৬ চনত প্রমথেশ বৰুৱা প্রথমবাৰৰ বাবে বিলাতলৈ যায় ৷ বিলাতৰ পৰা উলটি আহি প্রমথেশে জমিদাৰীৰ দায়িত্ব লৈ দুখীয়া ৰায়তসকলৰ বাবে ৰাজহ আদায়ৰ ক্ষেত্রত কঠোৰতা দেখুওৱাৰ বাবে আপত্তি কৰিছিল ৷ তেওঁৰ বিচক্ষণতা আৰু অনেক প্রজাহিতৈষী কামবোৰে তেওঁৰ বিচক্ষণতাৰ পৰিচয় দিছিল ৷ কিন্তু তেওঁ জমিদাৰী চলোৱাত ব্যর্থ হৈ ভাতৃ প্রকৃতিশ চন্দ্র বৰুৱা লালজীক জমিদাৰীৰ দায়িত্ব দি সম্পূর্ণভাৱে চলচিচত্র নির্মাণ আৰু অভিনয় জগতত প্রৱেশ কৰে৷ ফণী তালুকদাৰৰ প্রমথেশ বৰুৱা শীর্ষক গ্রন্থখনত উল্লেখ থকা অনুসৰি এবাৰ তেওঁ ১৯৩০ চনত লণ্ডনলৈ গৈছিল চিকিৎসাজনিত কাৰণত ৷ লণ্ডনতে তেওঁ লগ পাইছিল কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰক ৷ কবিগুৰুৱে তেওঁক চলচিচত্র সম্পর্কীয় প্রশিক্ষণত পৰিচয়পত্র দি পৰোক্ষভাৱে সহায় কৰিছিল ৷ সেই অনুসৰি তেওঁ পেৰিছৰ বিখ্যাত ফক্স ষ্টুডিত চলচিত্রৰ আলোকসম্পাতৰ প্রশিক্ষণ লৈছিল আৰু সেই সূত্রেই ভাৰতীয় চলচিচত্রত তাৰ প্রয়োগ কৰিব পাৰিছিল ৷
বিশেষ কাৰণত প্রমথেশ বৰুৱাই ৰাজনীতিত যোগ দিব লগা হৈছিল ৷ তেতিয়াৰ অসমৰ ব্রিটিছ গৱর্নৰ ছাৰ লৰী হেমণ্ডে বৰুৱাক মন্ত্রিত্বৰ পদো যাচিছিল যদিও ৰাজনৈতিক আৱর্তৰ পৰা সম্পূর্ণভাৱে আঁতৰি আহি চলচিচত্র নির্মাণৰ কামতহে নিমগ্ণ হৈছিল ৷ এই সন্দর্ভত তেওঁ কৈছিল মই ৰাজনীতিৰ পৰা কলাৰ জগতলৈ আঁতৰি গলো আৰু মোৰ প্রদেশৰ সীমা অসমৰ পৰা বিস্তৃত অঞ্চললৈ স্থানান্তৰ কৰিলোঁ ৷
প্রমথেশ বৰুৱা চলচিচত্রৰ লগত জডিত হয় ১৯২৬ চনৰ পৰা ৷ অন্তৰংগ কলাপ্রীতি আৰু গৌৰীপুৰৰ ৰাজপৰিয়ালৰ ঐশ্বর্য–বিভূতিৰ অধিকাৰী প্রমথেশ বৰুৱাক তেতিয়াৰ বংগৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্রবীণ চিত্র নির্মাতা ধীৰেন্দ্রনাথ গাংগুলী অর্থাৎ ডিজিয়ে চলচিচত্র জগতলৈ আদৰণি জনাইছিল ৷
১৯৩০ চনত তেওঁ বৰুৱা ফিল্ম ইউনিট প্রতিষ্ঠা কৰিছিল কলিকতাৰ বালিগঞ্জত থকা তেওঁৰ বাসভৱনৰ চৌহদতে৷ তাৰ আগতে তেওঁ ব্রিটিছ ডমিনিয়ন ফিল্মছ লিমিটেডে নির্মাণ কৰা কেইখনমান নির্বাক বাংলা চলচিচত্রত পৰিচালক আৰু প্রযোজক হিচাপে জড়িত হৈছিল ৷ তাৰে পঞ্চশৰ আৰু টাকায় কি না হয় ছবি দুখনত তেওঁ অভিনয়ো কৰিছিল ৷ বৰুৱা ফিল্ম ইউনিটৰ পৰা প্রথম অপৰাধী নামৰ নির্বাক ছবিখন নির্মাণ হৈছিল ৷ বৰুৱাৰ সম্পূর্ণ নিজস্ব প্রযোজনাত নির্মাণ কৰা অপৰাধীত অভিনয়ো কৰিছিল ৷ বৰুৱা ফিল্মৰ দ্বিতীয় ছবি আছিল একদা ৷ একদাৰ কাহিনী, চিত্রনাট্য আছিল তেওঁৰ নিজা, ইয়াত তেওঁ অভিনয়ো কৰিছিল ৷ তৃতীয়খন ছবি নিশিৰ ডাক৷ এই ছবিসমূহত কৃত্রিম আলোকসম্পাত, ৰূপসজ্জা আৰু অভিনয় শৈলীৰ দিশত তেওঁ যথেষ্ট গুৰুত্ব দিছিল ৷ নিশিৰ ডাক ১৯৪০ চনত অভিনৱ নামেৰে মুক্তি পাইছিল, কাৰণ তেতিয়া সবাক চলচিচত্র নির্মাণ আৰম্ভ হৈছিল আৰু এইখন ছবিৰ কাম আধৰুৱা হৈ থাকি গৈছিল ৷ বৰুৱা ফিল্ম ইউনিটেও দুখন সবাক ছবি নির্মাণৰ দিশত অগ্রসৰ হৈছিল ৷ যদিও আর্থিক দিশত বিফল হৈ বৰুৱা ষ্টুডিই মৃত্যুমুখলৈহে গতি কৰিছিল ৷ বহুতো পৰিকল্পনা আধৰুৱাকৈ আদবাটতে থমকি ৰব লগা হৈছিল ৷ অৱশেষত প্রমথেশ বৰুৱাই ১৯৩৩ চনত নিউ থিয়েটার্ছত অন্তর্ভুক্ত হৈ প্রথমখন সবাক ছবি ৰূপলেখা নির্মাণেৰে পৰিচালক হিচাপে আন এক নতুন যাত্রাৰ সূচনা কৰিলে৷ পৰৱর্তী কালত অভিনেতা, পৰিচালক আৰু এগৰাকী সুনিপুণ কাৰিকৰী শিল্পী ৰূপত তেওঁৰ প্রতিভা জগত বিখ্যাত হৈ উঠিছিল ৷ ক্রমে ৰূপলেখা, দেৱদাস, গৃহদাহ, মায়া, মুক্তি, অধিকাৰ আৰু ৰজত জয়ন্তী আদি সবাক ছবিকেইখন ১৯৩৪ চনৰ পৰা ১৯৩৯ চনলৈকে প্রমথেশ বৰুৱাই নিউ থিয়েটার্ছৰ হৈ পৰিচালনা কৰিছিল ৷
দেৱদাসঃ কথাছবিসমূহৰ ভিতৰত দেৱদাস আছিল তেওঁৰ জীৱনৰ কীর্তিস্তম্ভ ৷ দেৱদাস নামৰ এটা কাল্পনিক চৰিত্রক কিংবদন্তিত পৰিণত কৰি থৈ তেওঁ নিজেও কিংবদন্তি শিল্পীত পৰিণত হৈছিল ভাৰতৰ চলচিচত্র ইতিহাসত ৷ চলচিচত্রপ্রেমীসক কব খোজে প্রমথেশ বৰুৱা আৰু দেৱদাস এই দুটা নাম যেন সমার্থক৷ কাৰণ পৰিচালনাৰ উপৰি নাম ভূমিকাত তেৱেঁই অভিনয় কৰিছিল ৷ বাংলা সাহিত্যৰ অমৰ সাহিত্যিক শৰৎ চন্দ্র চট্টোপাধ্যায়ে দেৱদাস সন্দর্ভত প্রমথেশক কৈছিল, তুমি মোৰ মাটিৰ পুতলাত প্রাণ প্রতিষ্ঠা কৰিলা ৷ শৰৎ চন্দ্র চট্টোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত প্রমথেশে নিজেই চিত্রনাট্য ৰচনা কৰিছিল ৷ ছবিখনত তেওঁৰ পত্নী যমুনা দেৱীয়ে মূল নাৰী চৰিত্র পার্বতীৰ ভূমিকাত অভিনয় কৰিছিল ৷ দেৱদাস ১৯৩৫ চনৰ ৩০ মার্চত কলিকতাৰ চিত্রা প্রেক্ষাগৃহত মুক্তি লাভ কৰিছিল ৷
বাস্তৱ জীৱনত প্রমথেশঃ চেলুলয়ডৰ বাহিৰৰ বাস্তৱ জীৱনত জীৱন্ত কিংবদন্তি শিল্পীগৰাকী আছিল অতিশয় স্পর্শকাতৰ আৰু মৰমিয়াল অন্তৰৰ ৷ তেওঁলোকৰ পৰিয়ালৰ পাৰম্পৰিক চিকাৰ অভিযানত প্রমথেশে হিংস্র জন্তুকো বিনাকাৰণত পিছফালৰ পৰা গুলী কৰা নাছিল, অথচ চিকাৰ অভিযানত তেওঁ সিদ্ধহস্ত আছিল ৷ মানুহজনৰ মনটো যে কিমান সুন্দৰ আছিল সেই বিষয়ে খ্যাতনামা প্রযোজক আৰু পৰিচালক ফণী মজুমদাৰে লিখিছিল, মানুহৰ প্রতি প্রমথেশ বৰুৱাৰ আছিল গভীৰ ভালপোৱা আৰু দৰদ ৷ তেওঁ বিশ্বাস কৰিছিল মানৱতাই সর্বোচ্চ সত্য৷ এই কথা বিশেষভাৱে কব পাৰি যে বৰুৱাৰ অৱদানসমূহ মানৱতাৰ অনুভূতিৰে আছিল পৰিপূণ আৰু তেওঁৰ সৃষ্ট চৰিত্রবোৰে সেয়ে বাস্তৱ চৰিত্রৰ ৰূপ গ্রহণ কৰিছিল ৷
মানুহৰ জীৱনটো এটা লুকাভাকু খেলৰ দৰে, যিটো কামক শুদ্ধ বুলি ভাবি কৰা হয় সিয়েই আকৌ এসময়ত ভুলত পৰিণত হয়, তাৰ পিছত পুনৰ নতুন এটাত ধৰা হয় এনেকৈ চলি থকা জীৱনত কোনটো সত্য তাক জনাৰ উপায় নাথাকে ৷ তথাপি মানুহে কত কি ভাবে– মই এনে হম, সেইটো কৰিম, সেইটো সত্য, এইটো মিছা এই ধৰণৰ কত কি! কি যে আষ্চর্য ৷ জীৱন বিষয়ক তেওঁৰ উপলব্ধিবোৰৰ গভীৰতা কিমান আছিল আৰু এটা মাত্র উদাহৰণেই যথেষ্ট জীৱনৰ সকলোখিনিকে মোৰ কামতেই উছর্গা কৰিছোঁ, তাতেই মোৰ সুখ, তাতেই শান্তি৷ সৃজনৰ আনন্দ সার্থক হলে তাতকৈ বোধকৰো মানুহৰ অহংকাৰ কৰিবলগীয়া, আনন্দ পাবলগীয়া একো নাই ৷ প্রথমে শৰীৰ আৰু মনৰ ভাৱনা দুয়োটাকে কৰিছিলোঁ ৷ এতিয়া কোনোটোৰ বিষয়েই আৰু নেভাবো এতিয়া কেৱল কামৰ কথাহে ভাবোঁ৷ যিদিনা আৰু কাম মানে এই ফিল্ম আর্টৰ কাম আৰু নেথাকিব সেইদিনা বোধহয় ময়ো নেথাকিম ৷
বিভিন্নজনৰ দৃষ্টিত প্রমথেশ বৰুৱাঃ ৰূপকথাৰ নায়ক প্রমথেশ বৰুৱাৰ সন্দর্ভত বিভিন্নজন প্রখ্যাত লোকে বিভিন্ন মতামত ব্যক্ত কৰিছে ৷ উদাহৰণস্বৰূপে চলচিচত্র নির্মাতা জাহ্ণ বৰুৱাই কৈছিল, প্রমথেশ বৰুৱা ভাৰতীয় চলচিচত্রৰ ড্রেণ্ড ছেটাৰ, এটা নতুন ধাৰাৰ প্রৱর্তক ৷ তেখেতে পেৰিছত চিনেমাটোগ্রাফী শিকিছিল ৷ পেৰিছৰ পৰা উভতি আহোঁতে বিভিন্ন ধৰণৰ লাইট কিনি আনিছিল ৷ ভাৰতীয় চিনেমাত প্রথমবাৰৰ বাবে কৃত্রিম লাইটৰ ব্যৱহাৰ কৰা মানুহজনেই আছিল প্রমথেশ বৰুৱা ৷ তাৰ আগলৈকে ভাৰতত নির্মিত সকলো চিনেমাতে কেৱল ছানলাইট ৰিফ্লেক্টৰহে ব্যৱহাৰ কৰা হৈছিল ৷ ইয়াৰ মাজতো তেওঁৰ সৃষ্টিশীল প্রতিভা সকলোৱে দেখা পালে ৷ দেৱদাস ভাৰতীয় চিনেমাৰ এটা ডাঙৰ জাপ ভাৰতীয় চিনেমাৰ এটা ডাঙৰ জাপ ৷ এইখন চিনেমা চাই মানুহ অবাক হৈ গল ৷ কি অপূর্ব কাহিনী কথন ছবিখনৰ জনপ্রিয়তা এনে এক শিখৰলৈ গুচি গল যে ইয়াৰ চৰিত্রবোৰ দেৱদাস, চন্দ্রমুখী, পাৰো এইবোৰ নাম সকলোৰে মুখে মুখে উচ্চাৰিত হবলৈ ধৰিলে ৷ এইবোৰ চৰিত্র যেন ঘৰে ঘৰে আইকনিক ফিগাৰ হৈ পৰিল ৷ কোনোবা ব্যর্থ প্রেমিকক বুজাবলৈ মানুহে কবলৈ ধৰিলে ই দেখোন দেৱদাস হৈ গ ! এয়া এক বিৰল উদাহৰণ ৷ অনন্য অভিজ্ঞতা ৷ ঋত্বিক ঘটকে কৈছিল, মোৰ বাবে প্রমথেশ বৰুৱাই হল আজিপর্যন্ত ভাৰতবর্ষৰ শ্রেষ্ঠ পৰিচালক ৷ চলচিচত্র সমালোচক চিদানন্দ দাসগুপ্তই কৈছিল, চলচিচত্র জগতৰ কোনো ব্যক্তিয়ে নিজৰ ব্যক্তিগত ঘৰুৱা জীৱন আৰু তেওঁ নির্মাণ কৰা কথাছবি তথা তেওঁ অভিনয় কৰা চৰিত্রবোৰৰ মাজত ইমান বেছি একাত্মবোধ গঢ়ি তোলা নাই ৷ প্রমথেশ বৰুৱাৰ কথাছবিবোৰ বস্তুনিষ্ঠ সংগ্রহ বা অন্যৰ ৰচনাৰ ব্যাখ্যা নহয়, সেইবোৰ গভীৰভাৱে ব্যক্তিনিষ্ঠ ৷
ডঃ বীৰেন্দ্রনাথ দত্তই উল্লেখ কৰিছে, অভিনয়ৰ প্রতি প্রমথেশৰ দুর্বলতা আছিল চিৰকলীয়া, আৰু আচলতে অভিনয়েই আছিল তেওঁৰ বৈশিষ্ট্যৰ প্রাণ৷ সঁচা কথা, চিনেমাৰ এনে এটা দিশ নাছিল যিটোত প্রমথেশৰ গভীৰ জ্ঞান আৰু অভিজ্ঞতা নাছিল ৷ ফটোগ্রাফী, চিত্রনাট্য ৰচনা, সম্পাদনা, ৰেকর্ডিং প্রত্যেকটো কামেই তেওঁ নিখুঁতভাৱে জানিছিল, পৰিচালনাতো তেওঁ প্রায় অপ্রতিদ্বন্দ্বী আছিল ৷
প্রমথেশ বৰুৱাৰ জীৱনীকাৰ ফণী তালুকদাৰৰ এষাৰ মন্তব্য প্রণিধানযোগ্য, একে বছৰতে জন্মগ্রহণ কৰা আৰু একে বয়সতে মৃত্যু বৰণ কৰা আন এগৰাকী প্রতিভাৱান অসম সন্তানৰ জীৱন সংগ্রামৰ লগত প্রমথেশ বৰুৱাৰ বহু কথাত মিল আছিল, অৱশ্যে বহু বিষয়ত অমিলো আছিল ৷ সেইগৰাকী ব্যক্তি আছিল ৰূপকোঁৱৰ আখ্যাৰে বিভূষিত জ্যোতিপ্রসাদ আগৰৱালা ৷ গৌৰীপুৰ আৰু তেজপুৰ৷ অসমৰ ভিতৰতে ইতিহাসপ্রসিদ্ধ দুটি অঞ্চলৰ কেন্দ্রস্থল ৷ তেজপুৰক কেন্দ্র কৰি উজনিৰ তামোলবাৰী চাহ বাগিচাত ওপজা মুক্তিযোদ্ধা, কবি, গীতিকাৰ, শিল্পী আৰু অসমীয়া চলচিচত্রৰ জনক জ্যোতিপ্রসাদেও জাতি–বর্ণ–ধর্ম নির্বিশেষে অসমৰ সমগ্র জনতাৰ প্রাণ জয় কৰিছিল ৷ একে সময়তে গৌৰীপুৰত জন্মগ্রহণ কৰি বংগদেশৰ কলিকতাক কর্মস্থান ৰূপে গ্রহণ কৰা প্রমথেশেও শিল্পপ্রেমী আবাল–বৃদ্ধ জনসাধাৰণৰ চিত্ত জয় কৰিছিল ৷ গীত–বাদ্য–ভিনয়ত পার্গত দুয়োগৰাকী চলচিচত্র নির্মাতাই ইউৰোপত মাধ্যমটো সম্পর্কে জ্ঞান আহৰণ কৰিছিল আৰু একে বছৰতে ১৯৩৫ চনত জ্যোতিপ্রসাদৰ অমৰ সৃষ্টি সতী জয়মতী আৰু প্রমথেশৰ শ্রেষ্ঠ কীর্তি দেৱদাস কথাছবি ৰূপে মুক্তি পাইছিল ৷ জ্যোতিপ্রসাদে ভোলাগুৰি চাহ বাগিচাত চিত্রবন নামৰ অস্থায়ী ষ্টুডি নির্মাণ কৰি আৰু প্রমথেশে নিজৰ বাসভৱনৰ লগতে বৰুৱা ষ্টুডি স্থাপন কৰি চলচিচত্র নির্মাণত অবিস্মৰণীয় অধ্যায়ৰ পাতনি মেলাৰ প্রচেষ্টাও মন কৰিবলগীয়া ৷
ৰূপলেখা কথাছবিৰ জৰিয়তে ভাৰতীয় চিনেমাত প্রথমবাৰৰ বাবে ফ্লেছবেক পদ্ধতিৰ প্রয়োগ কৰিছিল প্রমথেশ বৰুৱাই৷ বহিঃদৃশ্য গ্রহণৰ ক্ষেত্রতো তেওঁক পথ প্রদর্শক বুলিব পাৰি ৷ মুক্তিৰ প্রায়ভাগ দৃশ্যগ্রহণ প্রাকৃতিক পটভূমিত কৰা হৈছিল ৷ বুদ্ধিদীপ্ত আৰু গভীৰ সংলাপত তেওঁ অধিক গুৰুত্ব দিয়াৰ বাবে ছবিৰ সংলাপসমূহ নিজেই লিখিছিল ৷
প্রমথেশে গান বৰ ভাল পাইছিল৷ কণ্ঠ শুৱলা আছিল যদিও হাঁপানি ৰোগে গান গোৱাত বাধা জন্মাইছিল ৷ গানৰ ভক্ত হোৱাৰ সূত্রে হয়তো তেওঁৰ নির্মিত ছবিসমূহত গানৰ অধিক প্রয়োগ হৈছিল৷ ৰবীন্দ্র সংগীতক তেৱেঁই প্রথমবাৰৰ বাবে কথাছবিত প্রয়োগ কৰিছিল আৰু তেতিয়াৰে পৰা অন্যান্য পৰিচালকসকলেও ৰবীন্দ্র গীতিক কথাছবিত প্রয়োগ কৰিবলৈ লৈছিল ৷
দেশপ্রেমী প্রমথেশঃ ভাৰতীয় চলচিচত্র জগতৰ জীৱন্ত কিংবদন্তিজনক লৈ এক বিতর্কিত আলোচনা হৈছিল অসমবাসীৰ মাজত৷ তেওঁ অসমবাসীৰ প্রতি উদাসীন, অসমবিৰোধী প্রমথেশ বৰুৱা ইত্যাদি আলোচনাবোৰে তেওঁৰ অন্তৰত আঘাত দিছিল ৷ তাৰ উত্তৰত তেওঁ কৈছিলমই ৰাজনীতিৰ পৰা কলাৰ জগতলৈ আঁতৰি গলোঁ আৰু মোৰ প্রদেশৰ সীমা অসমৰ পৰা বিস্তৃততৰ অঞ্চললৈ স্থানান্তৰ কৰিলোঁ ৷ তাৰ দ্বাৰা মই যদি কিবা অপৰাধ কৰিছোঁ, তেন্তে মই অপৰাধী ৷ মই মোৰ গাঁৱৰ ঘৰখনক ভাল পাওঁ, মই অসমক ভাল পাওঁ ৷ মোৰ মাজত যদি কিবা গৌৰৱ কৰিবলগীয়া কিবা আছে তেন্তে সেই সকলোখিনি অসমৰ কাৰণেই হৈছে ৷ অৱশ্যে অসমৰ বাবে কাম কৰাৰ উদ্যোগ লৈও সেয়া সময়ত কৰিব নোৱাৰিলে ৷ অসমত জন্মগ্রহণ কৰা প্রমথেশ বৰুৱা বংগদেশ, বোম্বে, লাহোৰ আদিত তেওঁ আসাম কা পি চি বৰুৱা, বৰুৱা চাহেব, আসাম কা ৰাজকুমাৰ বুলি বিখ্যাত আছিল ৷
পাৰিবাৰিক জীৱনত প্রমথেশঃ ১৯২১ চনত মাধুৰীলতাৰ সৈতে প্রমথেশৰ বিবাহ সম্পন্ন হয় ৷ তেতিয়া তেওঁৰ বয়স আছিল মাত্র ১৮ বছৰ ৷ ১৯২৫ চনত মাতৃ সৰোজবালা দেৱীৰ মৃত্যু হয় ৷ ১৯২৬ চনত প্রমথেশ প্রথমবাৰৰ বাবে বিলাতলৈ যায় ৷ তেওঁ জীৱনকালত এঘাৰবাৰ বিলাতলৈ গৈছিল ৷ ১৯৫১ চনত শেষবাৰৰ বাবে চিকিৎসাজনিত কাৰণত বিলাতলৈ গৈছিল ৷ তেওঁ কিছুমান ব্যক্তিগত কথা অকপটে স্বীকাৰ কৰি থৈ গৈছে ৷ সৎ হূদয়ৱানজনেহে হয়তো এনেকৈ কব পাৰে মই ঘোষণা কৰোঁ যে মই তিনিবাৰ বিয়া কৰাইছোঁ ৷ মোৰ দুটি পুত্র যথাক্রমে অলকেশ চন্দ্র বৰুৱা আৰু শ্যামলেশ চন্দ্র বৰুৱা মোৰ প্রথমা পত্নী মাধুৰীলতা বৰুৱাৰ গর্ভজাত আৰু তেওঁলোকে বর্তমান মাকৰ লগত ১৪নং বালিগঞ্জ চার্কুলাৰ ৰোড, কলিকতাত বাস কৰি আছে ৷ মোৰ দ্বিতীয়া পত্নী অমলাবালা বৰুৱাৰ মৃত্যু হৈছে ৷ মোৰ উক্ত দ্বিতীয়া পত্নীৰ গর্ভজাত এজন পুত্র আছে অৰূপ কুমাৰ বৰুৱা ৷ বর্তমানে মোৰ তৃতীয়া পত্নী তথা সুবিখ্যাত চলচিচত্র অভিনেত্রী যমুনা বৰুৱাৰ গর্ভজাত তিনিজন পুত্র আছে ৷ তেওঁলোক ক্রমে দেৱকুমাৰ বৰুৱা, ৰজত কুমাৰ বৰুৱা আৰু প্রসূন কুমাৰ বৰুৱা ৷ ১৫ মার্চত তেওঁৰ স্বাক্ষৰিত উইলখনৰ এঠাইত উল্লেখ কৰিছে উক্ত কথাখিনি উইলখনত তেওঁৰ যাৱতীয় সা–সম্পত্তিৰ সকলোখিনি উত্তৰাধিকাৰীসকলৰ মাজত ভগাই দিছে ৷ তেওঁৰে সৰযুবালা নামৰ আন এগৰাকী অবৈধ পত্নী আৰু তেওঁৰ একমাত্র পুত্রৰ নামতো একাংশ ধন দিয়াৰ উল্লেখ আছে ৷
এগৰাকী সফল চিত্রনির্মাতাৰ আঁৰত থাকিব লগা সমস্ত গুণৰাজি তেওঁৰ গাত আছিল ৷ হয়তো বাস্তৱধর্মী চিন্তা, সামাজিক দায়বদ্ধতা, সাৱলীল অভিনয় ইত্যাদি দিশত তেওঁৰ পৰিপক্বতা আৰু পাৰদর্শিতা আছিল বাবেই তেওঁ আপোচ কৰা নাছিল ৷ অকল প্রয়োগ শিল্প তথা কাৰিকৰী দিশৰ ক্ষেত্রতেই নহয়, ভাৰতীয় চিত্র জগতৰ সকলো ক্ষেত্রতে বিশেষ গুণেৰে তেওঁ এক বিৰাট নেতৃত্ব দি গৈছে৷ বিশেষ প্রতিভা নথকা বহুতো অভিনেতা বা অভিনেত্রীৰ হতুৱায়ো তেওঁ অনেক চিৰস্মৰণীয় চলচিচত্র নির্মাণ কৰি গৈছে ৷ ফণী মজুমদাৰ গুৱাহাটীৰ এখন সভাত সভাপতিৰ ভাষণত প্রমথেশ বৰুৱাই চলচিচত্র সম্পর্কত বিশেষ উল্লেখযোগ্য কথা কেইটামান কৈছিল, আপোনালোকৰ বাবে চিনেমা হল দুঘণ্টাৰ চিত্ত বিনোদন৷ আমাৰ বাবে চিনেমা হল, এই বৃত্তিত থকা হেজাৰ–বিজাৰ লোকৰ ভাত–পানী৷ সাংসৃক্তিক আৰু কলাসুলভ ক্ষেত্রত চিনেমা ভাৱ প্রকাশৰ এটা ডাঙৰ মাধ্যম আৰু বোলছবিক সেই পর্যায়ত উপনীত কৰাবলৈ আমি যি চেষ্টা কৰিছোঁ, যি পর্যায়ৰ কাৰণে ই বাস্তৱিকতেই উপযুক্ত, তাৰ প্রতি মই আপোনালোকৰ সহানুভূতি কামনা কৰিলোঁ ৷ তেওঁ উপলব্ধি কৰিছিল যে বিদেশত ভাৰতীয় কথাছবিৰ যথেষ্ট চাহিদা আছে ৷ সেয়ে ইণ্ডিয়ান ফিল্ম ছচাইটীৰ মনোনীত হৈ আহবায়ক হৈছিল ৷ দ্য ব্রিটিছ চিনেমাটোগ্রাফ ছচাইটীৰো সদস্য হোৱা তেৱেঁই আছিল প্রথম ভাৰতীয়৷ ব্রিটিছ ব্রডকাষ্টিং কর্পৰেচন অর্থাৎ বিবিচিৰ যোগেদি আগবেোৱা ভাষণ, লণ্ডনৰ বিখ্যাত কিংছৱে হলত সাংসৃক্তিক অনুষ্ঠানৰ পৰিচালনা ইত্যাদিৰ পৰা বুজিব পৰা যায় যে ৰূপকথাৰ নায়কজন দেশীয় কৃষ্টি আৰু সভ্যতাক বিদেশতো প্রচাৰ আৰু প্রসাৰ ঘটোৱা এগৰাকী নিষ্ঠাৱান সংসৃক্তিৰ পূজাৰী আছিল ৷
পৰিয়ালকেন্দ্রিক সংঘাত, শাৰীৰিক অসুস্থতাই ক্রমে জুৰুলা কৰিছিল প্রমথেশ বৰুৱাক ৷ অৱশেষত ১৯৫১ চনৰ ২৯ নৱেম্বৰ বৃহস্পতিবাৰে মাত্র ৪৮ বছৰ বয়সতে কৰুণ মৃত্যুক সাবটি লব লগা হল প্রমথেশ বৰুৱা নামৰ দুৰন্ত মানুহজনে ৷ কালে মচিব নোৱাৰা এক ইতিহাস ৰচি থৈ যোৱা এই যুগস্রষ্টা ব্যক্তিগৰাকী দেশবাসীৰ ওচৰত চিৰস্মৰণীয় হৈ থাকক ৷
প্রমথেশ বৰুৱাই নির্মাণ কৰা সবাক ছবিসমূহ হল বাংলা (১৯৮৩) ৰূপলেখা, মোহববত কী আঁসু, অৱশেষে, দেৱদাস হিন্দী, দেৱদাস বাংলা, গৃহদাহ, মায়া, মুক্তি, অধিকাৰ, শাপমুক্তি, মায়েৰ প্রাণ, উত্তৰায়ণ, শেষ উত্তৰ, জবাব, ৰাণী, চাঁদেৰ কলংক, সুবহ–শ্যাম, আমিৰী, অভিনয়, ইৰান কী একৰাত, মায়াকানন, ৰজত জয়ন্তী অসম্পূর্ণ, পেহছান, অগ্রগামী, অভিমান এই ছবিসমূহৰ ১১খন ছবি প্রযোজনা কৰিছিল দ্য নিউ থিয়েটার্ছ লিমিটেডে
ফোনঃ ৯১০১৪-৩৯৭৮৩
Comments are closed, but trackbacks and pingbacks are open.