তৰালি ঘৰফলীয়া
ছোৱালীজনী জাপৰী৷ গাঁৱত তাইক সেই নামেৰেই জানে সকলোৱে৷ জপৰা চুলিকোছা মেলি ভৰ দুপৰীয়া বৰ আমজোপাৰ তলত ৰৈ থকা ছোৱালীজনীক দেখিলে সৰু লৰা–ছোৱালীমখাই ভয় খাই মৰে ৷ অনবৰতে পেনপেনাই থকা পেনেৰীয়া কেঁচুৱাটোক লৈ মাকহঁতেও দূৰৰ পৰা আঙুলিয়াই দেখুৱায়
ঐ, চা চা ৷ সেইজনী জাপৰী বাই ৷ মনে মনে থাকিলে থাক ৷ নহলে থপিয়াই নিবহি গম পাবি ৷
জাপৰীয়ে গম পায় কিছু সময়লৈ কেঁচুৱাটোৰ কান্দোন বন্ধ হৈছে ৷ হওক তেও মাকজনীয়ে অকণমান সকাহ পাইছে ৷ তাই লাহে লাহে আঁতৰি যায় ৷ ৰৈ থকাৰ নাম জানো জীৱন ৰৈ থাকিব পৰা হে ! এৰা, কিনো ক্ষতি হলহেঁতেন খন্তেকলৈ ৰৈ যোৱা হলে সময়বোৰ জাপৰীয়ে ভাবে ৷ ভবাৰ বাহিৰে কিনো কৰিব পাৰে তাই তাহানিৰ কথাবোৰ এটোপোলা কৰি বান্ধি লৈ বুকুখন গধুৰ কৰিব পাৰে মাত্র ৷
এইখন তাইৰ আপোন গাঁও ৷ এই যে বাটৰ কাষৰ আমজোপা, এইজোপাৰ তলতে ৰাণী, দীপালী, মীনাহঁতৰ লগত ধূলি–বালি খেলি ডাঙৰ হৈছিল তাই ৷ ঠাল–ঠেঙুলিৰে বৰ এজোপা হৈ বাঢ়ি অহাৰ বাবে মানুহবোৰৰ মুখত বৰ আম হৈ পৰিছিল গছজোপাৰ নাম ৷ গুটি লগাৰ দিনত আটাহখনে তলতে বহি আম চকলিয়াই খাইছিল ৷ লৰা–বুুা সকলোৰে বাবে যেন আমতলখন আছিল অঘোষিত আড্ডাস্থলী ৷ কোনোবা দুটামানে তাতে বাঁহৰ চাং এখনো সাজিছিল ৷ মতা মানুহকেইটা আঁতৰ হলেই চুচুক–চামাককৈ এজনী, দুজনী মাহকী মানুহ গোট খাইছিলহি তাত ৷ লগে লগে জাপৰীহঁতো আহিছিল মাকহঁতৰ চাদৰত ধৰি ৷ ঘৰৰ কাম পেলাই কতনো আড্ডা পিটিব পাৰে মাইকীমখাই ৷ কিছু সময়ৰ পিছত তেওঁলোক গৈছিলগৈ ৷ ৰৈ গৈছিল জাপৰীহঁত ৷ নাৰিকলৰ কোৰোকাত ভাত ৰান্ধি কোনোবাজনী যদি মাক হৈছিল, আন এজনী আকৌ হৈছিল গাভৰু জীয়েক ৷ জাপৰীয়ে খুব কম কথা কৈছিল ৷ সেয়ে ৰাণীহঁতে যি বিচাৰে, সেয়াই হৈছিল তাই ৷ প্রতিবাদৰ ভাষা তাইৰ ওঁঠত নাছিল ৷ থকা হলে
জাপৰী উপনামেৰে পৰিচিত হবলগীয়া নহলহেঁতেন তাই ৷ এসময়ত তাইৰো এটা নাম আছিল ৷ মাকে আঙুলিত ধৰি গাঁৱৰ একমাত্র এল পি সুক্লখনলৈ লৈ আহিছিল তাইক ৷ হেড ছাৰৰ টেবুলত থকা নাম লিখা বহীখনত তাইৰ নামটোও লিখোৱাহছিল ৰশ্মি বৰা ৷ নামটো হেনো তাইক মাকেই দিছিলম ৷ মাটিপেঞ্চিলডাল লৈ ফলিখনত ঘঁহি ঘঁহি ঘৰতে তাই আখৰা কৰিছিল বর্ণমালা লিখনৰ ৷ সুক্ললৈ প্রথম অহাৰ দিনা শ্রেণী শিক্ষয়িত্রী বাইদেৱে তাইৰ নামটো সুধিছিল ৷ তলমূৰ ওপৰ নকৰাকৈয়ে ফুটা–নুফুটা মাতেৰে তাই উত্তৰ দিছিল ৰশ্মি ৷ বাইদেৱে তাইৰ চুলিকোছাত হাত ফুৰাই আশীর্বাদ এজোলোকা দি কৈছিল
ভালকৈ পঢ়িব লাগিব দেই ৷ সমনীয়াৰ লগত কাজিয়া নকৰিবা কিন্তু ৷
ৰশ্মি জানো কাজিয়া কৰা ছোৱালী কোঠাটোৰ একেবাৰে শেষৰ বেঞ্চখনত জুপুকা মাৰি বহিছিলগৈ তাই ৷ ৰাণী আৰু দীপালীও বহিছিল ৷ প্রথম দিন যে ৷ বৰ ভয় লাগিছিল সিহঁতৰ ৷ ডাঠ ফ্রেমৰ চশমা পিন্ধা হেড ছাৰক দেখাৰ লগে লগেতো পেঢ়ুৱাই লাগিছিল গোটেইমখা ৷ ছাৰৰ বা কোন মুহূর্তত খং উঠে ! ৰাইডাং বেতহেন বেতডালৰ কোব খাবলৈ কাৰনো মন যায় লাহে লাহে সহজ হৈছিল আটাইবোৰ ৷ লগৰীয়াৰ লগত খেলি ভাল পোৱা হৈছিল ৷ এদিন কোনোবা নাহিলেই মনবোৰ বেয়া লগা হৈছিল ৷ পিছে ৰশ্মি তাই সেই একেই জুপুকা মৰাজনীয়েই হৈ আছিল ৷ সহজ কথাবোৰো দেখোন অসহজ আছিল তাহৰ বাবে ৷ কিতাপৰ কথাবোৰো আটায়ে বুজিছিল ৷ তাই কিয় আগবাঢ়িব পৰা নাছিল এখোজো ফলি, পেঞ্চিলৰ দিন আঁতৰি বহী, কলম লোৱাৰ দিন পাইছিলহি ৷ আখৰকেহটা চিনাৰ বাহিৰে পঢ়া–শুনাৰ লগত আন কোনো মিত্রতা ঘটা নাছিল ৰশ্মিৰ ৷ নিজৰ নামটোত থকা হ্রস্ব কাৰডালো কোনোদিন যোগ কৰিব পৰা নাছিল তাই ৷ আচলতে তাই নাজানিছিল ৷ একোৱেই নাজানিছিল ৷ নিজকে সজাই–পৰাই ৰাখিব নাজানিছিল, কাৰো লগত ভালদৰে কথা এষাৰ পাতিব নাজানিছিল ৷ আনকি কোনোবাই গঁতিয়াই থাকিলেও তিলমানো প্রতিবাদমুখৰ হৈ উঠিব নাজানিছিল ৷ সর্বজান্তা হৈ কোননো ওপজে পৃথিৱীত তথাপি দেখি অথবা ঠেকিয়েই জানো আওভাওবোৰ নিজৰ আয়ত্তলৈ নানে সিমানখিনি জনাৰো ক্ষমতা জানো ৰশ্মিৰ নাছিল আছিল ৷ ঘৰৰ কামত তাই মাকক সহায় কৰিছিল, দুটাকৈ ভায়েকৰ আলপৈচান ধৰিছিল, পথাৰে–সমাৰে গোটেইখন চম্ভালিব পৰা ছোৱালী আছিল তাই ৷ অৱশ্যে, কামবোৰ বৰ বিশেষ মসৃণ নাছিল ৷ তথাপি পাৰিছিল ৷ সাতে–সোতৰই মিলি যেনিবা চলি গৈছিল ৷
আচলতে ৰশ্মি আছিল ভীষণ অন্তর্মুখী ৷ বাহিৰৰ পৃথিৱীখনৰ লগত মিলিবলৈ তাহৰ কষ্ট হৈছিল ৷ কিবা এটা কৰিবলৈ ললেও আউল লগাৰ চিন্তাই আগতীয়াকৈ দহিছিল ৷ কথাবোৰ কমকৈ বুজাৰ বাবে ভয়টোও আছিল জোখতকৈ বেছি ৷ এক কথাত কবলৈ গলে কোনো লক্ষ্য, উদ্দেশ্য নোহোৱাকৈয়ে আগবাঢ়িছিল তাইৰ জীৱন ৷ গতি থকালৈকে আগুৱাব আৰু নাথাকিলেই স্থবিৰ হৈ পৰিব সকলো ৷ এদিন সুক্লত বাইদেৱে সুধিছিল তাইক
ৰশ্মি, ঘৰত তোক কোনোবাই কিতাপখন আঙুলিয়াই দিয়েনে
নি নি নিদিয়ে ৷ ভাইটিক কিন্তু মায়ে সদায় পঢ়ায় ৷
এসোতা চকুলো বাগৰিছিল ৰশ্মিৰ দুগালেৰে ৷ বাইদেউ থৰ লাগিছিল ৷ খং কৰি, গালি পাৰি, মৰম কৰি শিকায়ো ভাগৰ লগাৰ পাছত তেওঁ বাদ দিছিল ৰশ্মিক কিবা এষাৰ কবলৈ ৷ তাই আহিছিল, জুপুকা মাৰি বহিছিল আৰু গুচি গৈছিল ৷ মাজে মাজে দুদিনমান নহাকৈয়ো আছিল ৷ বাইদেৱে লগৰবোৰক সোধাত তাই ঘৰতে খেলি আছে বুলি কৈছিল মাত্র ৷ ভাইটিক মায়ে সদায় পঢ়ায় ৷ কথাষাৰে বহুত কিবাকিবি বুজাই দিছিল বাইদেউক ৷ ঘৰৰ একমাত্র ছোৱালী হৈয়ো কিয় এলাগী ৰশ্মি নামৰ জাপৰী ছোৱালীজনী তাইক এঘৰলৈ উলিয়াই দিব লাগিব বাবে তাই তেওঁলোকৰ সম্পত্তিৰ ৰখীয়া হব নোৱাৰিব বাবে নে জীৱনৰ অন্তিম বেলিকা তাইৰ কান্ধত উঠি শেষ যাত্রা কৰিব নোৱাৰিব বাবে কেৱল ইমানতে সীমাবদ্ধ নে এজনী ছোৱালীৰ জীৱন তাকো আজিৰ যুগত উঃ, কিমান বেদনাদায়ক এনে কথা ভবাটো
তেনেই কম কথা কোৱা ৰশ্মিৰ বুকুতো এটা কথাৰ ভঁৰাল আছিল ৷ কিন্তু সেই ভঁৰালৰ দুৱাৰখন খুলিবলৈহে অপাৰগ আছিল তাই ৷ ঋতু বাগৰিছিল, বাগৰিছিল কেলেণ্ডাৰৰ পৃষ্ঠা ৷ ৰশ্মি এদিন ডাঙৰ হৈছিল ৷ ভায়েক দুটাক চম্ভালি, ঘৰৰ কাম কৰিও মাজে মাজে সুক্লত ভুমুকি মৰা ছোৱালীজনীৰ লগত সুক্লৰ সম্পর্কটো যেন টুটি আহিবলৈ ধৰিছিল লাহে লাহে ৷ আৰু এদিন এদিন সেই সম্পর্ক জুই আৰু পানীৰ দৰে হৈ পৰিছিল ৷ ভমককৈ লি উঠা জুইকুৰাত যেন পানী এসোপা ঢালি দিছিল কোনোবাই আৰু ধোঁৱাই ছানি ধৰিছিল চৌপাশ ৷ ধোঁৱাৰ লগত মিলি যোৱাৰ দৰেই সুক্ল আৰু ৰশ্মিৰ সম্পর্কটোও মিলি গৈছিল ক্রমান্বয়ে ৷ তাই অহা বা নহাক লৈ কাৰো একো ক্ষতি হবলগীয়া নাছিল ৷ গতিকে গাভৰু হোৱাৰ কেইবছৰনো হৈছিল তাহৰ শৰীৰৰ আঁহ–পাহবোৰ মুকলিমূৰীয়া হৈছিল কি নহৈছিল, ঘটিবলগীয়া একোৱেই নঘটা নিমাখিত ছোৱালীজনীৰ জীৱনটোত নঘটিবলগীয়া বহুত কিবাকিবি ঘটি গৈছিল ৷ মুনিচুনি বেলিকা ৰাস্তালৈ ওলাবলৈ কিহে জানো পাইছিল সিদিনা তাইক ৷ কাণৰ কাষতে মাত এষাৰ ভাহিছিল
ঐ ছোৱালী, এই সন্ধিয়াখন কলৈ যাৱ
সৰু ভাইটি ঘৰত নাই ৷ তাকে চাবলৈ আহিছিলোঁ ৷
মই তাক দেখি আহিছোঁ ৷ দেখুৱাই দিম বল ৷
তেওঁক তাই অনুকৰণ কৰিছিল ৷ গাতে গা লগাই যাব খোজা মানুহটোৱে মাজে মাজে তাইৰ হাতখন চুব খুজিছিল ৷ জিকাৰ খাই উঠা গাটো যিমান পাৰি আঁতৰাই তাই বিচাৰি গৈছিল ভায়েকক ৷ নহলে মাকে ঘৰত কমখন ডবিয়াবনে হতিমধ্যে গাৰ ছাঁটোৱেও লগ এৰা দিছিল ৷ নতুনকৈ গাঁওপ্রধান হোৱা বাদল নামৰ মানুহটোৱে তাইক বৰ আমজোপাৰ তল পোৱাইছিলগৈ ৷ ৰশ্মিয়ে ভাবিছিল মধুহঁতৰ লগত চাগে তাতেই খেলি আছে সৰু ভায়েকে ৷ তাত কিন্তু মানুহৰ কোনো নাম–গোন্ধেই নাছিল তেতিয়া ৷ গাৰ নোম শিয়ৰি উঠিছিল তাইৰ ৷ বাদলে তাইৰ মুখখন সোপা মাৰি ধৰিছিল ৷ চিঞৰিবলৈ আপ্রাণ চেষ্টা কৰাৰ পিছতো মুখৰ পৰা একমাত্র গেঙনিহে বাহিৰ হৈছিল ৰশ্মিৰ ৷ ভায়েকটো তাত নাছিল ৷ মানুহৰ ৰূপ লৈ থকা পিশাচ এটা হৈ বাদলে গিলি পেলাইছিল তাহক ৷ খং, ভয়, দুখ বা আন কিবা, একোৱেই ক্রিয়া কৰা নাছিল ৰশ্মিৰ মগজুত ৷ তাই শিল হৈ পৰি ৰৈছিল ৷ এটুকুৰা জীয়া শিল ৷ ছার্টৰ বুটামকেহটা মাৰি মাৰি নির্বিকাৰ হৈ আঁতৰি গৈছিল বাদল নামৰ গাঁওপ্রধান মানুহটো ৷
ৰশ্মিৰ সৰু ভায়েকটো ঘৰ সোমাহছিলগৈ ৷ মাক আছিল আখলত ৷ গধূলি হলেই টেঁটু তিওৱা বাপেকটো ভৰি পাক খুৱাহ খুৱাই দৈনিক গোৱা নেওতাখন গাই আহিছিল
চাল্লা, চিনি পোৱা নাই মোক ৷ ৰহ তহঁতক ৷
নকৈ গাভৰু হোৱা একমাত্র জীয়েকজনী যে এহ তিনিগধূলি বেলিকা ঘৰত নাই, সেই কথালৈ ভ্রূক্ষেপ কৰিব পৰা ক্ষমতা তেওঁৰ নাছিল ৷ তেনেতে হুলস্থূল লাগিছিল বাহিৰত ৷ ৰশ্মিৰ মাকৰ নাম ধৰি মাতিছিল কোনোবাই ৷ পাগমাৰিডাল হাতত লৈয়ে চোতাল পাহছিলহি মাক ৷ ৰমেন আৰু ৰাজীৱে দাংকোলাকৈ লৈ আহিছিল তাইক ৷ আগে–পিছে চুবুৰিটোৰ সৰহখিনি মানুহ ৷ মাকে প্রথমে একো ধৰিব পৰা নাছিল ৷ যেতিয়া দুয়োটাই চেতনাহীন ছোৱালীজনী লাহেকৈ নমাব খুজিছিল, তেতিয়াহে থৰ লাগিছিল মাক ৷
আইজনী, তোৰ কি হল ঐ চিঞৰটো হয়তো বহুদূৰ পাহছিলগৈ ৷ কাৰণ ৰশ্মিৰ দেউতাকো লগে লগে চুবুৰিৰ সেই সমদলটোত চামিল হৈছিলহি ৷ যেনে–তেনে ভিতৰলৈ নি বিছনাখনত শুৱাই দিছিল মাকে তাইক ৷ ওচৰৰে খুৰীয়েক এজনীয়ে গালে–মুখে এগালমান পানী ছটিয়াইছিল ৷ প্রায় আধা ঘণ্টামানৰ মূৰত লাহেকৈ অৱশ চকু দুটা মেলিছিল ৰশ্মিয়ে ৷ উচুপি উচুপি তাইৰ মূৰত হাত ফুৰাই থকা মাকজনীক কোনোবা অচিনাকি মানুহ যেন লাগিছিল তাইৰ ৷ ইমান আদৰ আগতেও পোৱা হলে !
ৰশ্মিয়ে পিন্ধি থকা ফুটফুটীয়া চোলাটোত তেজে কৰাল বান্ধিছিল ৷ সেইটো সোলোকাই মাকে তাইক নতুন চোলা এটা পিন্ধাই দিছিল ৷ বাহিৰত চলি থকা উদাত্ত ভাষণবোৰ শাম কাটিছিল লাহে লাহে ৷ যেতিয়া গম পাইছিল তাই আচলতে কলংকিতাহে হৈছিল ৷ তাইৰ দোষ থাকক বা নাথাকক, ছোৱালীৰ গাত চেকা নালাগি লৰাৰ গাত লাগিবনে তাহৰ দেহত কালিমা সনা মানুহটোৰ উৱাদিহ ৰাইজখনে বিচৰা নাছিল ৷ উৱাদিহ বিচাৰিছিল এই কাল সন্ধিয়া বৰ আমজোপাৰ তললৈ তাই কিয় যাবলগীয়া হৈছিল ৷ একো নুবুজা ছোৱালীজনীয়ে কেইটামান মুহূর্তৰ ভিতৰতে বহুত কথা বুজি পাইছিল ৷ তাই যে আজিৰ পৰা নতুন পৰিচয় এটা পালে সেই কথাও বুজিছিল ৷ দেউতাকটো জুপুকা মাৰিছিল, ভায়েক দুটাই এবাৰ বায়েক আৰু এবাৰ মাকৰ মুখলৈ চাইছিল ৷ হঠাতে ঘৰৰ মানুহবোৰ কিয় হমান গহীন হৈ পৰিছিল, একো বুজা নাছিল সিহঁতে ৷ থাকক, নুবুজাকৈয়ে থাককচোন সিহঁত ৷
চুবুৰিৰ চিনাকি মুখবোৰো অচিনাকি হৈ পৰিবলৈ আৰম্ভ কৰিছিল লাহে লাহে ৷ দুই–এজনী খুৰীয়েক বা বৰমাকেহে ফুচফুচাই সুধিছিল তাইক
ঐ, সেই পাষণ্ডটো কোন ঔ কচোন ক ৷ আমিও চাওঁ, সিনো কেনেকৈ সাৰে ৷
নিবোকা চামোনেহে যেন বাহ লৈছিল ৰশ্মিৰ গাত ৷ মুখ মেলিব খুজিলেই কাণত পৰিছিলহি সেই ভয়ংকৰ মাতষাৰ
ঐ ছোৱালী, মোৰ নাম যদি কাৰোবাৰ আগত কৱ নহয়, চাবি কিন্তু তহঁতৰ ঘৰে–দুৱাৰে লাই দিম মই ৷
ঘৰখন লালে কণমানি ভায়েক দুটা কলৈ যাব তাইৰ মদাহী হলেও বাপেকে ইমান কষ্টেৰে সজা ঘৰখন শেষ হৈ যাবলৈ দিব পাৰি জানো নকয় তাই ৷ কাকো একো নকয় ৷ এনেয়ো তাইৰ কথা মনোযোগেৰে শুনেই বা কোনে
বাচি গৈছিল বাদল নামৰ মানুহটো৷ বচাই দিছিল ৰশ্মিয়ে ৷ তেনেই কম কথা কোৱা ছোৱালীজনীৰ কথাবোৰ এইবাৰ একেবাৰেই হেৰাইছিল ৷ মাকে বাঢ়ি দিয়া ভাতকেইটা চুপেচাপে খাই তাই সদায় ওলাই গৈছিল ঘৰৰ পৰা ৷ কব নোৱৰাকৈয়ে তাইৰ খোজবোৰ বৰ আমজোপাৰ তল পাইছিলগৈ ৷ দিনটোৰ বেছিভাগ সময় তাতেই কটাই দিছিল তাই ৷ জপৰা চুলিকোছা আৰু অকণমান বাঢ়িছিল দিনে দিনে ৷ মাকজনী সলনি হৈছিল, ভায়েক দুটা ডাঙৰ হৈছিল আৰু তাইৰ মদাহী দেউতাকটোৱেও মদসোপা গিলি আগৰ দৰে নিচিঞৰা হৈছিল ৷ এটা জয়াল সন্ধিয়াই ৰশ্মি নামৰ অন্তর্মুখী ছোৱালীজনীৰ তেনেই সাধাৰণ জীৱনটো সলাই পেলাইছিল ৷
বৰ বৰ জালৰ সুৰুঙাৰে বাদলৰ দৰে মানুহবোৰ সৰকি যায় ৷ ৰৈ যায় ৰশ্মিহঁতৰ দৰে সৰু সৰু নিচলা মানুহবোৰ ৷ একেজোপাই আমগছ, একেটাই সন্ধিয়া ৷ অথচ, বাদল ঘূৰি ফুৰে নির্বিকাৰে ৷ ৰশ্মিৰ ভৰিকেইটাহে ৰৈ যায় বৰ আমৰ তলত, যত তাই নিজকে হেৰুৱাইছিলহ্ল, যত তাইক কথাৰ শিকলিৰে বন্দী কৰি পেলোৱা হৈছিল, যত তাই নিজৰ নামটো বিসর্জন দি পৰিচিত হৈছিল এক নতুন নামেৰে ৷
জাপৰী ৷
ফোনঃ ৯৮৬৪৯-৫৩৫৯১
Comments are closed, but trackbacks and pingbacks are open.