মনজুলা হাজৰিকা
পুৱাই ফোনটো বাজি উঠাত খকমককৈ বিছনাৰ পৰা উঠি ফোন ধৰি লীনা হতভম্ভ হৈ পৰিল ৷ তাইৰ কাষতে ভাগৰত লালকাল টোপনিত থকা অনুপক মাতিবলৈ তাইৰ মাত নোহোৱা হল ৷ শুনা কথাখিনি তাইৰ বিশ্বাস কৰিবলৈকো টান হল ৷ কি আচৰিত এনে এটা খবৰৰ বাবেই তাই দেখোন অপেক্ষাৰত আছিল ৷ অথচ আজি তাইৰ গাটো কঁপি উঠিল ৷ কি এক আশংকাই তাইক গ্রাস কৰি পেলালে ৷ বুকুখন ধৰফৰাই উঠিল, শোকে খুন্দা মাৰি ধৰাত তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে ৷ অনুপ তাইৰ কান্দোনত সাৰ পাই উঠি কি হল বুলি কৈ থমকি ৰল ৷ সি বুজি পালে ৷
অনুপে বিছনাৰ পৰা খৰধৰকৈ উঠি তাইক সুধিলে
কেইটা বজাত
অলপ আগতে
অনুপে নীৰৱে বাথৰুমৰ ফালে গৈ তাইক কলে
সোনকালে ওলোৱা
কেইবাবছৰো লীনাৰ দেউতাক শয্যাশায়ী ৷ দেউতাক আৰু লীনাৰ মাক প্রায় সমবয়সৰ ৷ দুয়ো কেন্দ্রীয় চৰকাৰৰ একেটা বিভাগত চাকৰি কৰিছিল ৷ সৰুৰে পৰা লীনাই দেখিছে অতি কর্মপটু মাকে ঘৰুৱা কাম–কাজ কৰি দেউতাকৰ যত্ন লৈ সংসাৰখন নিয়াৰিকৈ চলাইছিল ৷ মাকৰ হাতৰ কাম ছুৱেটাৰ গঁঠা এমব্রইডাৰী অতি নিখুত আছিল ৷ ওচৰ–চুবুৰীয়া, লীনাৰ বন্ধু–বান্ধৱীয়ে মাকৰ এইবিলাক গুণৰ কথা কৈ যেতিয়া প্রশংসা কৰিছিল গর্বত তাইৰ বুকুখন ফুলি উঠিছিল ৷ আৰু দেউতাক দেউতাকৰ পৰিচ্ছন্নতা, নিয়মানুৱর্তিতাৰ বিষয়েও তাইৰ লগৰীয়াবিলাকৰ মাজত আলোচনা হৈছিল ৷ সিহঁতৰ তিনিও বাই–ভনী গীতু, মিতু আৰু তাইৰ ককায়েক পৰাগৰ পঢ়া –শুনাৰ পৰা খোৱা–বোৱা, আচাৰ–ব্যৱহাৰলৈ চকু ৰখা দেউতাক তাইৰ বাবে হিৰো আছিল ৷ সিহঁত চাৰিওটা লৰা–ছোৱালীৰ বাবে মাক–দেউতাক এক আদর্শ আছিল ৷
দেউতাক–মাক দুয়ো ঘৰৰ পৰা কর্মস্থলীলৈ যোৱা সময় আৰু ঘূৰি অহাৰ সময় ইমান নিয়মিত আছিল যে সিহঁতৰ ওচৰ–চুবুৰীয়াই তেওঁলোক ওলাই যাওঁতে ঘড়ী নোচোৱাকৈ তেওঁলোকক দেখিয়েই কব পাৰিছিল কেইটা বাজিছে ৷ সিহঁত চাৰিওটাৰ যত্ন লৈ, সংসাৰৰ প্রতিটো কাম নিয়াৰিকৈ কৰি মাকে কিদৰে সময়মতে অফিচলৈ গৈছিল, তাই নিজে সংসাৰ কৰাৰ পিছত, লীনাৰ এতিয়া ভাবিলে অবাক লাগে ৷
সেই মাক–দেউতাক দুয়ো বার্ধক্যজনিত কাৰণত কেইবাবছৰো শয্যাশায়ী হৈ আছে ৷ মাজতে দেউতাকৰ চেৰিব্রেল এটেক হোৱাৰ পিছত কি যে হৈ গল দেউতাকৰ কথা–বতৰাও প্রায় বন্ধৰ দৰে ৷ আজি কিছুদিনৰ পৰা দেউতাকৰ চকুৰ চাৱনিয়ে তাইক বৰ কষ্ট দিছিল ৷ তাইক যেন কিবা কব খোজে ৷ তাই দেউতাকক যেতিয়া সোধে কিবা কব খুজিছা দেউতা বুলি দেউতাকে লগে লগে তেওঁৰ কাষতে শুই থকা মাকলৈ দৃষ্টি নিক্ষেপ কৰি বহু কথা তাইক বুজাব খোজে ৷ দেউতাকে মাকলৈ দৃষ্টি নিক্ষেপ কৰাৰ লগে লগে মাকলৈ চাই তাইৰ এনে লাগে যেন অনন্ত কাল এইদৰে দেউতাকৰ কাষতে মাক শুই থাকিব ৷ দেউতাকৰ বাহিৰে আন কথাত মাকৰ মনকাণ নাই ৷ লীনাই মাক–দেউতাকৰ কাষত বহি দুই–এটা কথা কৈ থাকোঁতে তাই মন কৰে, দৃষ্টিশক্তি কমি অহা মাকে দেউতাকৰ হাতখন খেপিয়াই খেপিয়াই বিচাৰি মুঠি মাৰি ধৰে ৷ মাক–দেউতাকৰ কাষলৈ গলে লীনাৰ ভাব হয়, ইজনে সিজনৰ শেষ দিনটোৰ বাবেই যেন অপেক্ষাৰত ৷
অলপ দিনৰ পৰা গুৱাহাটীত বৰ ঠাণ্ডা পৰিছে ৷ ৱাটাৰ মেট্ৰেছত শুই থকা দেউতাকক অনুপ আৰু ককায়েকে দাঙি বাহিৰলৈ নিয়াৰ যো–জা কৰিলে ৷ আকুলতা, বিকুলতাৰে ভৰা এক চাৱনিৰে মাকে দেউতাকক জঠৰ হৈ চাই আছে ৷ অত বছৰ প্রতিপলে পলে একেলগে খোজ পেলোৱা মানুহজনক দাংকোলা কৰি চিৰদিনৰ বাবে মাকৰ কাষৰ পৰা লৈ যোৱা দৃশ্য লীনাৰ বাবে অসহনীয় হৈ পৰিল ৷ তাই দৌৰি গৈ মাকক সাবট মাৰি ধৰিলে ৷ অলপ সময়ৰ পিছতে বায়েক–ভিনীহিয়েকহঁত্ আহি পালে ৷
খবৰ পাই আত্মীয়–স্বজন, ওচৰ–চুবুৰীয়া এজন এজনকৈ আহিবলৈ ধৰিলে ৷ লাহে লাহে ঘৰখনৰ চোতালত, বাৰাণ্ডাত ভিৰ হবলৈ ধৰিলে ৷ দেউতাকৰ অসুস্থতাৰ প্রথম অৱস্থাত আত্মীয়–স্বজন, দেউতাকৰ বন্ধু–বান্ধৱ, ওচৰ–চুবুৰীয়াই খবৰ লৈছিল ৷ তাই আৰু অনুপো প্রতিদিনেই আহিছিল ৷ লাহে লাহে মানুহৰ আহ–যাহ কমি আহিল ৷ মাজে–সময়ে কোনে কোনোৱে আহি খবৰ লয়, নতুবা ফোনেৰে খবৰ লয় ৷ অনুপহঁতৰ ঘৰৰ গাতে লাগি থকা মাকৰ ঘৰখন যদিও, তাই আৰু অনুপে সিহঁতৰ কর্মব্যস্ততা, সংসাৰৰ দায়িত্বৰ বাবে সিহঁতৰো মাক–দেউতাকৰ কাষলৈ অহাটো কমি গৈছিল ৷ এনেকুৱাই হয়, মানুহৰ কাষত বিপন্নতাৰো দাম আছে ৷ মৃত্যুৰ উদ্বেগ কমি অহাৰ লগে লগে আত্মীয়–স্বজন, বায়েক–ভিনীহিয়েকহঁত্ অহাটো কমি গল ৷ তাই জানে ককায়েক–বৌৱেকে নিজৰ প্রয়োজনীয় বস্তু আৰু সংসাৰৰ খৰচ কমাই মাক–দেউতাকক চিকিৎসা কৰাইছে ৷ ককায়েক–বৌৱেকে দেউতাক–মাকক বৰ যত্নেৰে ৰাখিছে ৷ মাক–দেউতাকৰ শুশ্রূষাৰ যাতে কোনো ক্রটি নহয়, তাৰ বাবে ৰঞ্জু নামৰ মহিলা এগৰাকীক দিনে–নিশাই ৰাখিছে ৷ প্রায় দুবছৰ সম্পূর্ণ শয্যাশায়ী হৈ থকা দেউতাকৰ কতো এটা বেডচৰ হোৱা নাই ৷ দুগৰাকী শয্যাশায়ী লোকক শুশ্রূষা কৰি থকা ককায়েক–বৌৱেকৰ কষ্ট দেখি, অচলভাৱে পৰি থকা দেউতাকৰ মুক্তিৰ বাবে তাই প্রার্থনা কৰিছিল ৷
আজি সেই এক দীর্ঘ ক্লান্তিকৰ অধ্যায়ৰ পৰিসমাপ্তি ঘটাই দেউতাক গলগৈ ৷ ভবাৰ লগ লগে তাইৰ বুকুখন মোচৰ খাই উঠিল ৷
আজি পুনৰ সিহঁতৰ চোতালত সেইখিনি মানুহেই৷ আজি দুটা বছৰে গতানুগতিকতাৰ ছন্দত থকা পৰিৱেশটোৱেই সলনি হৈ গল ৷ তাই মানুহৰ সমাগমৰ পৰা ঘৰৰ পিছফালৰ বাৰাণ্ডাখনত থকা চকী এখনত বহি পৰিল ৷ কিয় জানো তাইৰ এক অদ্ভুত অনুভূতি হল ৷ নিজকে তাই বহু প্রশ্ন কৰিছে ৷ তাই প্রকৃততে দেউতাকৰ মুক্তি বিচাৰিছিলনে কালি দৌল গোবিন্দলৈ যোৱাৰ আগমুহূর্তত দেউতাকৰ হাতখনত ধৰি কপালত চুমা খাওঁতে, দেউতাকৰ অসহায় ভৰা চাৱনিটোৱে তাইক আমনি কৰিছে ৷ তাই নিজকে কৰা প্রশ্নৰ নিজেই যুক্তি দিবলৈ চেষ্টা কৰিছে ৷ তাইৰ শৰীৰটো কঁপি উঠিল ৷
কান্ধত তাইৰ বান্ধৱী অনিতাৰ হাত বৰদেউতা গুচি যোৱা সময়তো বেছ ভাল, কাকো কষ্ট নিদিয়াকৈ গল ৷
কাষতে থিয় হৈ থকা তাইৰ পেহীয়েকৰ লৰা ৰূপমে কলে মামাৰ মুখখন ধুনীয়া হৈ আছে৷ সদায় পৰিপাটিকৈ থকা মামাৰ আগৰ মুখখনৰ উজ্জ্বলতা যেন ঘূৰি আহিছে ৷
লীনা তই অলপ ভিতৰলৈ বল, ঠাণ্ডা লাগিব বৰদেউতাকো লৈ যোৱাৰ সময় হৈছে ৷ বুলি অনিতাই তাইক ভিতৰলৈ লৈ গল ৷
নৱগ্রহ শ্মশানত আজি বহুত ভিৰ ৷ কেইবাগৰাকীৰ সৎকাৰ হৈ আছে ৷ এখন বেদীহে মাথোঁ খালী আছিল ৷
অনুপে তাইৰ কাষলৈ আহি কলে আমাৰ কপাল ভাল
অনুপৰ কথাত তাই অবাক হৈ কলে মানে
মানে দেখা নাই জানো কিমান ভিৰ, ভাগ্য চিতা এখন পালোঁ ৷ নহলে বহুত সময় ৰব লাগিলহেঁতেন ৷
বহুত সময়
কিমান দিন হল দেউতাক বিছনাত পৰি থকা, অথচ শেষ বিদায়ৰ কেইঘণ্ঢামানৰ হিচাপ ৷
তাইৰ গিৰীয়েক অনুপে তাইৰ কাষত এটি সৰু লৰাৰ দৰে আবদাৰ কৰে, নিজৰ দৰব এটাও নিজে লৈ নাখায় ৷ সেই মানুহজনে কিন্তু কোনোবা আত্মীয়, বন্ধু–বান্ধৱ, ওচৰ–চুবুৰীয়াৰ বিপদৰ সময়ত, অসুখৰ সময়ত স্বেচ্ছাই কিছু দায়িত্ব বহন কৰে ৷ সেই কাৰণে অনুপ আটাইৰে প্রিয়পাত্র ৷ তাইৰ পৰিয়ালতো অনুপ প্রিয় ৷ তাইৰ মাকৰ ঘৰখনৰ যিকোনো প্রয়োজনীয় কাম আৰু মাক–দেউতাকৰ চিকিৎসাৰ সময়ত ককায়েকক সাধ্যানুসাৰে অনুপে সহায় কৰি আহিছে ৷ ভনীয়েক গীতুৰ কথাটো কবই নালাগে, প্রতিটো কথাই তাই অনুপৰ লগত আলোচনা কৰে ৷ সিহঁত বন্ধুৰ দৰে ৷
দেউতাকক শ্মশানলৈ অনা গাড়ীৰ পৰা শ্মশানত লগা সকলো সামগ্রীৰ পৰা, ফুললৈকে সকলো বস্তুৰ তদাৰক অনুপেই কৰিছে ৷
দেউতাকক শেষ যাত্রাত কঢ়িয়াই অনা স্বর্গৰথখনৰ পৰা দেউতাকক নমাই বেদীৰ দৰে কৰি ৰখা ঠাইখিনিত শুৱাই দিলে ৷ লীনা, গীতু, মিতু আৰু ককায়েক পৰাগে যাৱতীয় সকলো নিয়মখিনি কৰাৰ পিছত চিতাত শুৱাই দিয়া হল ৷ আত্মীয়–স্বজন, দেউতাকৰ শেষ যাত্রাৰ সংগী হোৱা আটায়ে শেষ বিদায় দিয়াৰ পিছতে এডাল–দুডালকৈ খৰি দেউতাকৰ শৰীৰৰ ওপৰত জাপি দিওঁতে তাই চিঞৰি কান্দি উঠিল ৷ কাষতে থিয় হৈ থকা বান্ধৱী অনিতাই তাইক সাবট মাৰি ধৰিলে ৷
ব্রাহ্মণৰ মন্ত্র, হৰিধবনিৰে দেউতাকৰ মুখত পৰাগে মুখাগ্ণি কৰোঁতে অনুপ ককায়েকৰ কাষে কাষে থাকিল ৷ খন্তেক পিছতে অগ্ণিয়ে দেউতাকক গ্রাস কৰি পেলালে ৷ দেউতাকৰ শৰীৰ গ্রাস কৰা জুইৰ উমে তাইৰ শৰীৰ স্পর্শ কৰিলে ৷ বিচিত্র এক অনুভৱ এয়া তপত অনুভূতি নে দেউতাকৰ মুক্তিৰ স্বাদ তাইৰ মূৰটো আচন্দ্রাই কৰিবলৈ ধৰিলে ৷ তাই পৰি যোৱাৰ আগতে কাষে কাষে থকা অনিতাই সাবট মৰি ধৰি পকী বেঞ্চ এখনত তাইকশুৱাই দিলে ৷
সোনকালেই সকলো শেষ হল ডাঙৰ ভিনীহিয়েকৰ মাতত তাই চকু মেলিলে ৷
মানে দেউতাকৰ শাৰীৰিক অস্তিত্ব শেষ হল
ককায়েক পৰাগে দেউতাৰ কষ্টৰ আজি অৱসান হল বুলি হুকহুকাই কান্দি উঠিল ৷
গাঁৱৰ পৰা অহা খুৰাকে ককায়েকক সান্তনা দি কলে ককাইদেউৰ শৰীৰৰ যি অৱস্থা হৈ আহিছিল ভালেই হল, কষ্ট বেছি নোপোৱাকৈয়ে গলগৈ ৷ আজি কিন্তু ককাইদেউৰ মুখত কোনো ৰোগৰ যন্ত্রণা নাছিল ৷
অনুপে মাত দিলে বেছ সোনকালেই শেষ হল, দেহাটোত একো নাছিলেই ৷
দেউতাকৰ দেহা
সদায় পৰিপাটিকৈ থকা দেউতাকৰ সুন্দৰ–সুঠাম চেহেৰাটো লীনাৰ সন্মুখত ভাহি উঠিল ৷ নিজৰ সাজ–পোছাক আৰু নিজে যতনেৰে ৰখা দেউতাকৰ এখন নিজা ড্রেচিং টেবুল আছিল ৷ নিজৰ চুলি আঁচোৰা ফণীখন, মুখত ঘহা ক্রীম কি যে আটোম–টোকাৰিকৈ ৰাখিছিল ৷ সেই দেহাৰ কথা আজি
বৰ ঠাণ্ডা পৰিছে লীনা, আমি গাড়ীতে বহোঁগৈ বল বুলি অনিতাই তাইক গাড়ীৰ ফালে লৈ যাওঁতে দেখিলে আৰু এটা মৃতদেহ লৈ শ্মশানলৈ এখন স্বর্গৰথ সোমাই আহিছে ৷
মাকৰ কাষৰ কোঠাটোত ককায়েক পৰাগে অনুপ আৰু ভিনীহিয়েকৰ লগত শ্রাদ্ধৰ খৰচৰ এটা বাজেট কৰি আছে ৷ লীনাই মাকৰ কাষতে শুই অনুপে দি যোৱা শ্রাদ্ধৰ বাবে লাগতিয়াল সামগ্রীৰ তালিকাখনত চকু ফুৰালে ৷ পুৰোহিতে দি যোৱা লিষ্টখনো কম নহয় চাউল, দাইল, তিল, ফুলৰ পৰা কত যে কি দান সামগ্রীও কম নহয়, থাল, বাটি, গিলাচ, ছাতি, বিছনা, সোণ, ৰূপ, গাইগৰু, ভূমি কিমান যে ৷ দিব নোৱৰা সামগ্রীৰ মূল্য ধৰি দিলে হব ৷
সামগ্রীৰ তালিকাখন কাষতে থৈ তাই চকু মুদি দিলে ৷ দেউতাকক শ্মশানত থৈ অহাৰ পৰা দুটা দিন তাই শুব পৰা নাই ৷ পুৱাৰ পৰা দৌৰা দৌৰিও কম হোৱা নাই ৷ শৰীৰৰ ক্লান্তিত তাইৰ চকু টানি আহিল ৷ ভনীয়েক গীতুৱে লীনাবা তই শুই নাথাকিবি, বেলি পৰিবৰ হৈছে হবিচ খাই লহি ৷ ভনীয়েক গীতু তাইতকৈ সৰু যদিও আওভাওত তাইতকৈ ডাঙৰ যেন লাগে ৷
হবিচ খাই আহি লীনাই মাকৰ কাষতে শুই পৰিল ৷ মাকক সাবট মাৰি ধৰি শুই থকা লীনা মাজ নিশা সাৰ পাই উঠিল ৷ কোঠাটোৰ চুকত গীতুৱে ফুলৰ মালাৰে সজাই ৰখা দেউতাকৰ ফটোখনৰ কাষলৈ তাই উঠি গল ৷ দেউতাকৰ ফটোত থকা চকুযুৰিয়ে তাইক বহু কথা কব খুজিলে ৷ শেষবাৰৰ বাবে দেউতাকৰ মুক্তিৰ বাবে দৌল গোবিন্দত ভোগ আগবেোৱা ভোগৰ খীৰৰ দুচামুচ দেউতাকৰ মুখত দিওঁতে চকুত অবাক চাৱনি লৈ অথচ তৃপ্তিৰে মুখত দিয়া ভোগখিনিৰ দৃশ্য লীনাৰ চকুৰ আগত ভাহি উঠিল৷ সেই একে চকুৰ চাৱনি যেন তাইৰ সন্মুখত থকা দেউতাকৰ ফটোখনৰ চকুৰ চাৱনিত দেখা পালে ৷ হঠাতে তাইৰ এনে লাগিল যেন তাইক দেউতাকে কলে তোমালোকক কষ্ট দিয়াৰ মুঠেই মোৰ ইচ্ছা নাছিল লীনামা, অহাৰ সময় হোৱা নাছিল, সেয়েহে কিছু পলম হল ৷
দেউতা তুমি কিয় এনেকৈ কৈছা বুলি তাই হুকহুকাই কান্দি ফটোখনৰ সন্মুখতে বহি পৰিল ৷ তাইৰ কান্দোনৰ শব্দত শুই থকা মাকে চিঞৰি কলেলীনা, তুমি মোৰ ওচৰলৈ আহা ৷
তাই দৌৰি গৈ মাকক সাবট মাৰি ধৰিলে ৷ মাকে তাইৰ পিঠিত হাত বুলাই কলে নাকান্দিবা লীনা মা, দেউতাৰৰ সময় হল, সেয়েহে গলগৈ ৷ তোমাৰ মনোকষ্ট মই বুজি পাইছোঁ ৷
তাই মাকক জোৰেৰে সাবট মাৰি ধৰি কলে মা, তুমি মোক ভুল নুবুজিবা ভুল নুবুজিবা
মাকে তাইৰ মূৰত হাত ফুৰাই দি কলে শুবলৈ চেষ্টা কৰা মা, শুবলৈ চেষ্টা কৰা
তাই মাকৰ বুকুৰ ভিতৰত সোমাই চকু মুদি শুবলৈ চেষ্টা কৰিলে৷ ৷