প্রেমৰ নগৰত অলিম্পিকৰ বর্ণিল সামৰণি

যোগেশ কলিতা

দীর্ঘ ১০০ বছৰৰ অপেক্ষাৰ সামৰণি পেলাই কবিতা, প্রেম, শিল্পনগৰী পেৰিছত সামৰণি পৰিল দ্য গ্রেটেষ্ট শ্ব অন দ্য আর্থ খ্যাত অলিম্পিকৰ৷ ছেইন নদী দুয়োপাৰে নৃত্যশিল্পী, সংগীত শিল্পী আৰু বিনোদন কর্মীয়ে সৃষ্টি কৰা বর্ণাঢ্য কাৰুকার্যৰে খেলুৱৈসকলক আদৰে পেৰিছে৷ খেলুৱৈসকলে হয়াৰ বিপৰীতে বিশেষভাৱে নির্মিত ষ্টেণ্ড পাঁচ লক্ষাধিকতকৈ অধিক দর্শকে উপভোগ কৰা উদ্বোধনী অনুষ্ঠানৰ নয়নাভিৰাম দৃশ্যৰে বিশ্বক চমক দেখুৱাহ আয়োজক পেৰিছে৷

ৰোমাঞ্চকৰ তিনি সপ্তাহৰ অন্তত পেৰিছত সামৰণি পৰিল দ্য গ্রেটেষ্ট শ্ব অন আর্থ অলিম্পিকৰ৷ পেৰিছৰ ষ্টেড দ্য ফ্রান্স ষ্টেডিয়ামত বর্ণিল কার্যসূচীৰে এই ক্রীড়া সমাৰোহৰ সামৰণি পৰে৷ অনুষ্ঠানত অংশগ্রহণকাৰী দেশৰ দ্বাৰা হোৱা সামৰণী পেৰেডত ভাৰতীয় দলৰ ধবজাবাহী হিচাপে থাকে মনু ভাকেৰ আৰু পি আৰ শ্রীজেশ৷ পেৰিছত অনুষ্ঠিত ৩৩সংখ্যক অলিম্পিক গেমছৰ সামৰণী অনুষ্ঠান বহু তাৰকা উপস্থিত থাকে৷ পেৰিছ অলিম্পিকৰ সামৰণী অনুষ্ঠানতে আন্তর্জাতিক অলিম্পিক সংস্থাৰ সভাপতি থমাছ বাচে ২০২৮ চনত হবলগীয়া লছ এঞ্জেলছৰ মেয়ৰক অলিম্পিকৰ পতাকা হস্তান্তৰ কৰে৷ দর্শকৰ বিশাল উপস্থিতিয়ে অনুষ্ঠানটো অধিক ৰঙীন কৰি তোলে৷ উল্লেখ্য যে সদ্যসমাপ্ত পেৰিছ অলিম্পিকত আমেৰিকাহ ৪০টা স্বর্ণ, ৪৪টা ৰূপ আৰু ৪২টা ব্রঞ্জসহ মুঠ ১২৬টা পদকেৰে পদক তালিকাত প্রথম স্থান দখল কৰে৷ আনহাতে ৪০টা স্বর্ণ, ২৭টা ৰূপ আৰু ২৪টা ব্রঞ্জসহ মুঠ ৯১টা পদকেৰে চীনে দ্বিতীয় আৰু ২০টা স্বর্ণ, ১২টা ৰূপ আৰু ১৩টা ব্রঞ্জসহ মুঠ ৪৫টা পদকেৰে তৃতীয় স্থান লাভ কৰে জাপানে৷ ভাৰতে এটা ৰূপ আৰু ৫টা ব্রঞ্জসহ মুঠ টা পদকেৰে ৭১সংখ্যক স্থান লাভ কৰে৷

পেৰিছত ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় নীৰজ চোপ্রা৷ পুৰুষৰ জেভেলিনত ৰূপৰ পদক লাভ কৰে ভাৰতৰ তাৰকা জেভলিন থ্রৱাৰ নীৰজ চোপ্রাই৷ প্রতিদ্বন্দ্বী পাকিস্তানৰ আর্শ্বাদ নাদিমৰ হাতত পৰাস্ত হয় নীৰজ৷ ৮৯.৪৫ মিটাৰ থ্র কৰি দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনে টকিঅ অলিম্পিকৰ স্বর্ণজয়ী নীৰজে৷ দ্বিতীয়টো প্রচেষ্টাত নীৰজে ৰূপৰ পদক নিশ্চিত কৰে৷ প্রথমটোৰ লগতে অন্তিম চাৰিটা প্রচেষ্টাত ফাউল থ্র কৰে ভাৰতৰ তাৰকা এথলীটগৰাকীয়ে৷ দেশৰ স্বাধীনতাৰ পিছত নীৰজ চোপ্রা দুখন অলিম্পিকৰ ব্যক্তিগত হভেণ্ঢত দুটা পদক জয় কৰা দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়৷

ভাৰতৰ সর্বকনিষ্ঠ হিচাপে অলিম্পিকত পদক জয় কৰি ইতিহাস ৰচিলে পুৰুষ মল্লযুঁজাৰু অমন ছেৰাৱটে৷ পুৰুষৰ মল্লযুঁজৰ ৫৭ কেজি শাখাৰ ব্রঞ্জৰ পদকৰ মেচখনত পুৱের্টো ৰিকোৰ ডাৰিয়ান টহ ক্রুজক পৰাস্ত কৰি অমন ছেৰাৱটে ব্রঞ্জৰ পদক জয় কৰে৷ ব্রঞ্জৰ পদকৰ মেচখনত ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে ডাৰিয়ানক ১৩-৫ৰ ব্যৱধানত পৰাস্ত কৰে৷ এহ বিজয়ৰ জৰিয়তে অমনে অলিম্পিকত ভাৰতৰ হৈ পদক জয় কৰা সর্বকনিষ্ঠ হিচাপে পৰিগণিত হয়৷ লগতে মল্লযুঁজত ভাৰতৰ পদক জয়ৰ ধাৰা অব্যাহত ৰাখে৷ ২১ বছৰ ২৪ দিনত অলিম্পিকত পদক জয় কৰে অমনে৷

একেৰাহে অলিম্পিকত দুবাৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে৷ টকিঅৰ পিছত পেৰিছ অলিম্পিকতো ব্রঞ্জৰ পদক জিনিলে ভাৰতীয় পুৰুষ হকী দলটোৱে৷ উল্লেখ্য যে অলিম্পিকৰ হকীত একেৰাহে ভাৰতৰ এয়া আছিল দ্বিতীয়টো ব্রঞ্জৰ পদক৷ বিশ্বৰ সর্ববৃহৎ ক্রীডা মহোৎসৱখনৰ পুৰুষ হকীৰ তৃতীয় স্থানৰ মেচখনত হৰমনপ্রীত সিং নেতৃত্বাধীন ভাৰতীয় দলটোৱে কঠিন প্রতিদ্বন্দ্বিতাৰ অন্তত স্পেইনক ২-১ গলত পৰাস্ত কৰি ব্রঞ্জৰ পদক লাভ কৰে৷ ছেমিফাহনেলত পৰাস্ত হৈ স্বর্ণ জয়ৰ স্বপ্ন ধূলিসাৎ হোৱা ভাৰতীয় দলটোৰ জয়ৰ মূলতে হল অধিনায়ক হৰমনপ্রীতৰ দর্শনীয় প্রদর্শন৷ আনহাতে কেৰিয়াৰৰ অন্তিমখন অলিম্পিকত ভাগ লোৱা গলৰক্ষক শ্রীজেশৰ বাবেই মেচখনত জয়লাভ কৰিব বিচাৰিছিল অধিনায়ক হৰমনপ্রীত সিঙে৷ ব্রঞ্জৰ পদক জয়লাভ কৰাৰ পিছত সতীর্থসকলে শ্রীজেশক গার্ড অৱ অনাৰ প্রদান কৰে৷ লগতে সুদীর্ঘ ৫২ বছৰৰ পিছত অলিম্পিকৰ হকীত অষ্ট্রেলিয়াক হৰুৱালে ভাৰতে৷ ১৯৭২ চনৰ মিউনিখ অলিম্পিকৰ হকীত ভাৰতে অন্তিমবাৰৰ বাবে অষ্ট্রেলিয়াক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল৷ বিশ্বৰ সর্ববৃহৎ ক্রীডা মহোৎসৱখনৰ পুৰুষৰ হকীত দুর্দান্ত প্রদর্শন অব্যাহত ৰাখি ব্রঞ্জৰ পদক লাভ কৰে ভাৰতে৷

পেৰিছ অলিম্পিকত তৃতীয়টো পদক জয় কৰা নহলেও দুটাকৈ পদকেৰে এহবাৰ চর্চাত থাকে ভাৰতৰ মনু ভাকেৰ৷ উল্লেখ্য যে মনুৱে পেৰিছ অলিম্পিকত দুটাকৈ ব্রঞ্জৰ পদক দখল কৰি হতিহাস ৰচে৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱখনৰ শ্বুটিঙৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল হভেণ্ঢত ব্রঞ্জৰ পদক লাভ কৰে৷ হয়াৰ পিছত সৰৱজোৎ সিঙৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড টীম ইভেণ্ঢতো ব্রঞ্জৰ পদক লাভ কৰে মনুৱে৷

পেৰিছ অলিম্পিকত ভাৰতৰ হৈ ব্রঞ্জৰ পদক লাভ কৰিছে ইতিহাস ৰচে শ্বুটাৰ স্বপ্ণিল কুছালেই৷ পেৰিছ অলিম্পিকত ৫০ মিটাৰ ৰাহফলৰ তৃতীয় স্থান দখল কৰি ব্রঞ্জৰ পদক লাভ কৰে স্বপ্ণিলে৷ এই ইভেণ্টত পদক লাভ কৰা প্রথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় স্বপ্ণিল৷

মা মল্লযুঁজে মোক হৰুৱাই দিলে, মই হাৰি গলোঁ, ক্ষমা কৰিবা৷ আপোনাৰ সপোন, মোৰ সাহস সকলো ভাগি গৈছে৷ মোৰ আৰু শক্তি নাই৷ বিদায় মল্লযুঁজ ২০০১-২০২৪৷ আপোনালোক সকলোৰে ওচৰত ঋণী হৈ থাকিম৷ দিল্লী আৰক্ষীৰ ৰঙাচকুৰ সন্মুখতো সাহসেৰে থিয় দিবলৈ ভয় নকৰা ভিনেশ ফগাটে অৱশেষত হেৰুৱাহ পেলালে সকলো সাহস৷ পেৰিছ অলিম্পিকৰ মহিলা মল্লযুঁজৰ ৫০ কেজি শাখাৰ ফাহনেলত প্রৱেশ কৰিও পদকৰ পৰা বঞ্চিত হল ভিনেশ৷ কেৱল পদকবঞ্চিত হোৱাহ নহয়, তেওঁক প্রতিযোগিতাৰ পৰাহ অযোগ্য ঘোষণা কৰা হৈছে৷ হাৰিয়ানাৰ পৰা গৈ বিশ্ব ক্রীডাংগনত নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ভিনেশ কেৱল এটা নাম নহয়, মল্লযুঁজত ভাৰতৰ পৰিচয়৷ কমনৱেলথ গেমছ, এছিয়ান গেমছ, বিশ্ব চেম্পিয়নশ্বিপ সকলোতে তেওঁৰ নামত আছে একাধিক পদক৷ নাছিল কেৱল অলিম্পিক পদক৷ ১০০ গ্রাম ওজন অধিক হোৱাৰ বাবে অযোগ্য ঘোষণা কৰিলে প্রতিযোগিতাখনত৷ তেওঁৰ সৈতে ঘটা এহ অবাঞ্ছিত ঘটনাত সম্পূর্ণৰূপে ভাগি পৰিল৷ হয়াৰ পিছতে তেওঁ এক্স হেণ্ডেলৰ জৰিয়তে ঘোষণা কৰিলে মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা৷ এক্স হেণ্ডেলত তেওঁ লিখা বাক্যশাৰীতেহ স্পষ্ট হৈছে কিমান বেয়াকৈ ভাগি পৰিছে তেওঁ৷ অলিম্পিক পদক জয়কেই জীৱনৰ অন্তিম লক্ষ্য হিচাপে লোৱা ভিনেশ ফগাটে হাৰ মনা নাছিল৷ ওজন হ্রাস কৰি ৫০ কেজি শাখাত পেৰিছলৈ যোগ্যতা অর্জন কৰিছিল৷

মহিলাৰ বক্সিঙৰ ৭৫ কেজি বিভাগত চীনৰ লি কিয়ানৰ হাতত পৰাজিত হোৱাৰ লগে লগে অসম কন্যা লাভলীনাৰ ইতিহাস গগাৰ আশাও নির্বাপিত হয়৷ উল্লেখ্য যে টকিঅ অলিম্পিকত ব্রঞ্জ জয় কৰিছিল গোলাঘাটৰ বাৰমুখীয়াৰ তাৰকা বক্সাৰগৰাকীয়ে৷ পিছে লিৰ হাতত ১-৪ ব্যৱধানত পৰাজিত হৈ বিদায় লবলগীয়া হয়৷ লাভলীনাই চলিত অলিম্পিকত ভাৰতৰ বক্সিং ইভেণ্ঢত অন্তিম ভৰসা আছিল৷ লাভলীনাৰ পৰাজয়ৰ লগে লগে পেৰিছত ভাৰতৰ বক্সিঙত পদকৰ আশা নির্বাপিত হয়৷ ব্যর্থ হয় অসমকন্যা৷ পেৰিছ অলিম্পিকৰ কোৱার্টাৰ ফাহনেলৰ পৰাই বিদায় লয় লাভলীনা বৰগোহাঁয়ে৷ লগতে আর্চাৰীত পেৰিছ অলিম্পিকত ভাৰতৰ পদক জয় কৰা নহল৷

পেৰিছ অলিম্পিকেই হব বহু তাৰকাৰ অন্তিম অলিম্পিক৷ কেৰিয়াৰৰ অন্তিম অলিম্পিকত ভাগ লৈছে ভাৰতৰ তিনিজনকৈ তাৰকা খেলুৱৈয়ে৷ ৰোহন বোপান্না, পি আৰ শ্রীজেশ আৰু অচন্ত শৰথ কমলে পেৰিছত অন্তিমখন অলিম্পিকত ভাগ লৈছে৷ স্পেইনৰ তাৰকা টেনিছ খেলুৱৈ ৰাফেল নাডাল আৰু ব্রিটেহনৰ তাৰকা খেলুৱৈ এণ্ডী মাৰেই অন্তিমবাৰৰ বাবে অলিম্পিকত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ অলিম্পিকৰ টেনিছৰ ছিংগলছত দুটাকৈ স্বর্ণ পদক জয়লাভ কৰি প্রথমগৰাকী পুৰুষ টেনিছ খেলুৱৈ হিচাপে গৌৰৱ অর্জন কৰা মাৰেই কেৰিয়াৰৰ অন্তিম অলিম্পিকতো স্বর্ণ জয়ৰ লক্ষ্য লৈছে৷ আমেৰিকাৰ তাৰকা মহিলা জিমনাষ্ট ছিমন বাইলছৰ লগতে দেশখনৰ তাৰকা মহিলা সন্তৰণবিদ কেটি লেডেকীক অন্তিমবাৰৰ বাবে অন্তিমখন অলিম্পিকত দেখা যাব৷ আমেৰিকাৰ কিংবদন্তি এন বি এ খেলুৱৈ লেব্রন জেমছ, জামাইকাৰ কিংবদন্তি স্প্রিণ্টাৰ শ্বেলীআন ফ্রেজাৰ, কেনিয়াৰ দীর্ঘ দূৰত্বৰ দৌৰবিদ হলিউড কিপচগে আৰু চীনৰ তাৰকা টেবুল টেনিছ খেলুৱৈ মা লঙৰো হল পেৰিছেহ অন্তিম অলিম্পিক৷

ভাৰতত অলিম্পিক কেতিয়া
ভাৰতেও অলিম্পিক আয়োজন কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ এই দৃঢ় বিশ্বাস ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্রনৰ৷ ২০৩৬ চনত অলিম্পিক আয়োজন কৰিবলৈ আগ্রহী ভাৰত৷ কিন্তু কেৱল ভাৰতেই নহয়, অলিম্পিক আয়োজনৰ বাবে আন বহু দেশে আবেদন কৰিব৷ মেক্রনৰ বিশ্বাসে ভাৰতে অলিম্পিক আয়োজন কৰাৰ সুযোগ লাভ কৰাৰ অধিক সম্ভাৱনা আছে৷ অলিম্পিক সম্প্রচাৰকগৰাকীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মেক্রনে কয়, মই বিশ্বাস কৰোঁ ভাৰত অতি শক্তিশালী৷ ভৱিষ্যতে আৰু শক্তিশালী হব৷ এনে প্রতিযোগিতা আয়োজন কৰিবলৈ প্রয়োজনীয় আন্তঃগাঁথনি নির্মাণৰ ক্ষমতা ভাৰতত আছে৷ অলিম্পিক এখন ডাঙৰ প্রতিযোগিতা৷ ইয়াৰ ব্যৱস্থা কৰাটো বৰ সহজ নহয়৷ সাত বছৰ আগতে যেতিয়া আমি অলিম্পিক আয়োজন কৰিবলৈ আবেদন কৰিছিলোঁ তেতিয়া আমি আমেৰিকাৰ বিৰুদ্ধে যুঁজিবলগীয়া হৈছিল৷ কিন্তু ২০২৪ চনৰ অলিম্পিক আয়োজন কৰাৰ দায়িত্ব আমি পাইছিলোঁ৷ আমেৰিকাৰ লছ এঞ্জেলছ চহৰক ২০২৮ চনৰ দায়িত্ব অর্পণ কৰা হৈছে৷ ভাৰতে অলিম্পিক আয়োজন কৰিলে ফ্রান্সে সহায় কৰিব৷ আমি ভাৰতৰ সৈতে একেলগে কাম কৰিছোঁ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মোক এটা কাৰিকৰী দল পঠিয়াবলৈ কলে৷ যেনেকৈ আমি এহবাৰ অলিম্পিক আয়োজন কৰাত ভাৰতৰ সহায় লৈছিলোঁ৷ যদি আমি ভাৰতৰ সৈতে ব্যৱস্থাৰ সবিশেষ শ্বেয়াৰ কৰোঁ তেন্তে ই তেওঁলোককো সহায় কৰিব৷ উল্লেখ্য যে অলপতে নীতা আম্বানিয়েও ২০৩৬ চনত ভাৰতে অলিম্পিক আয়োজন কৰিব বুলি এক ঘোষণা কৰিছিল আৰু সম্ভাব্য স্থান হিচাপে আহমেদাবাদৰ নাম চর্চা কৰিছে৷ আনহাতে ৭৮সংখ্যক ভাৰতৰ স্বাধীনতা দিৱসত লালকিল্লাত দিয়া ভাষণত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০৩৬ চনত ভাৰতে অলিম্পিক আয়োজন কৰাৰ বাবে প্রস্তুত বুলি ঘোষণা কৰিছে৷

সোণবিহীন ভাৰত
পেৰিছ অলিম্পিকত ভাৰতে সোণৰ পদক অবিহনেই উভতিব লগা হয়৷ কেইবাটাও শাখাত সোণৰ পদকৰ দাবীদাৰ হিচাপে প্রতিযোগিতাখনত নমা ভাৰতে মাত্র এটা ৰূপ আৰু পাঁচটা ব্রঞ্জৰ পদক দখল কৰাতেই থমকি ৰব লগা হল৷ হকীত সুযোগ লভাত ব্যর্থ হল ভাৰত৷ তাত মাত্র ব্রঞ্জৰ পদকেই লাভ কৰিলে৷ বক্সিঙত লাভলীনাৰ পৰা আশা কৰিছিল সোণৰ পদক, সেয়াও নির্বাপিত হল৷ যিকেইটা ইভেণ্টত ভাৰতে সোণৰ পদক লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছিল, সেয়া সকলোতে ব্যর্থ হল ভাৰতীয় দল৷ অনাগত দিনত সেয়া সময়েহে কব ইয়াৰ ফলাফল কিমান উন্নত হব৷

ইতিহাস সর্বশ্রেষ্ঠ স্বর্ণপদক দখলকাৰী
অলিম্পিকৰ ইতিহাসত এতিয়ালৈকে আমেৰিকাই সর্বশ্রেষ্ঠ সোণৰ পদক দখল কৰিছে৷ দেশখনে ১১১৭টা পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ গ্রেট ব্রিটেহনে ৩০৪টা, চীনে ৩০৩টা, ফ্রান্সে ২৪৫টা, হটালীয়ে ২৩৮টা, জার্মানীয়ে ২১৪টা, হাংগেৰীয়ে ১৮৯টা, জাপানে ১৮৯টা, অষ্ট্রেলিয়াহ ১৮১টা, ছুহডেনে ১৫২টা, ৰাছিয়াহ ১৫১টা, নেডাৰলেণ্ডছে ১১৩টা, দক্ষিণ কোৰিয়াহ ১১০টা আৰু ফিনলেণ্ডে ১০৩টা সোণৰ পদক লাভ কৰিছে৷ ভাৰতে এতিয়ালৈকে অলিম্পিকত ১০টা সোণৰ পদকহে লাভ কৰিবলৈ সক্ষম হৈছে৷

ফোনঃ ৬০০১৫-২১৭৮০

You might also like

Comments are closed, but trackbacks and pingbacks are open.