কৌশিক মালাকাৰ
ৰব কুইনী, কেভন কুপাৰ, আন্দ্রে ৰাছেল, কার্লোছ ব্রেথৱেইট, অনিকেত চৌধুৰী, চৌধুৰী, জেভন ছীয়াৰলেছ, সিদ্ধেশ লাড, মহেশ থিকচানা, সমীৰ ৰিজভি – এই ৯ গৰাকী খেলুৱৈৰ সৈতে শেহতীয়াকৈ সংযোজন হ’ল ৰাজস্থান ৰয়েলছৰ বৈভৱ সূর্যবংশীৰ নাম। এটা ছিক্সাৰেৰে আই পি এল কেৰিয়াৰৰ আৰম্ভণি কৰা দশম খেলুৱৈ হিচাপে পৰিগণিত হৈছে বৈভৱ । যোৱা ১৯ এপ্রিলত লক্ষ্ণৌ চুপাৰজায়েন্টছৰ বিৰুদ্ধে খেলা মেচখনত বৈভৱে প্রথমটো বলৰ সন্মুখীন হৈছিল শ্বার্দুল ঠাকুৰৰ। সেই বলটোতে এটা দর্শনীয় ছিক্সাৰেৰে স্বপ্নৰ অভিষেক ঘটায় বৈভৱে। মেচখনত ২০টা বলত দুটা বাউণ্ডাৰী আৰু তিনিটা অভাৰ বাউণ্ডাৰীৰে ৩৪ ৰান কৰি আউট হয় তেওঁ। মাত্র ১৪ বছৰ ২৩ দিন বয়সতে আই পি এলত অভিষেক ঘটে তেওঁৰ। এনেদৰে টুর্নামেন্ট খনৰ ইতিহাসৰ কনিষ্ঠতম খেলুৱৈৰূপেও বিবেচিত হয় বৈভৱ। ইয়াৰ পূর্বে এই অভিলেখ আছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ খেলা প্রয়াস ৰায় বর্মনৰ। ২০১৯ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অভিষেক ঘটাৰ সময়ত তেওঁৰ বয়স হৈছিল ১৬ বছব ১৫৭ দিন। তদুপৰি আই পি এলত ছয় কোবোৱাৰ ক্ষেত্রতো বৈভৱ এতিয়া সর্বকনিষ্ঠ বেটাৰ। ইমানদিনে এই অভিলেখ আছিল অসম সন্তান ৰিয়ান পৰাগৰ। ৰিয়ানে ২০১৯ চনত ১৭ বছৰ ১৬৯ দিন বয়সত আই পি এলত ছয় কোবাইছিল।
ব্যক্তিগতভাৱে সুন্দৰ আৰম্ভণি কৰিলেও কিন্তু দলীয় দিশৰ পৰা বৈভৱৰ যাত্রা সুখকৰ নহ’ল। মেচখনত লক্ষ্ণৌ ছুপাৰজায়েণ্টছ ২ ৰানত জয়ী হয়। ৰাজস্থান ৰয়েলছৰ হৈ যশস্বী জয়ছোৱালৰ সৈতে ইনিংছ আৰম্ভণি কৰি বৈভৱে মাৰমুখী বেটিঙেৰে সকলোৰে দৃষ্টি আকর্ষণ কৰে সিদিনা। ৮.৪ অভাৰত দুয়োজনে ৮৫ ৰান যোগ দিছিল যদিও বাকী বেটাৰসকলে সেয়া আগুৱাই নিয়াত ব্যর্থ হয় আৰু যাৰ ফলত মেচখনত পৰাজয়ৰ সন্মুখীন হ’ব লগা হয়। এই অভিষেক মেচখনত প্রথমতে দলটোৰ মূল একাদশত নাছিল বৈভৱৰ নাম; আছিল ইমপেক্ট প্লেয়াৰ হিচাপেহে। ৰাজস্থান ৰয়েলছৰ স্থায়ী অধিনায়ক সঞ্জু ছেমছনৰ আঘাতৰ বাবে মেচখনত নেতৃত্ব দিয়া ৰিয়ান পৰাগে টছ কৰিবলৈ আহি সেই কথা জনাইছিল।
২০১১ চনৰ ২৭ মাৰ্চত বিহাৰৰ সমষ্টিপুৰ জিলাৰ তাজপুৰত জন্ম হোৱা বৈভৱক মাত্র চাৰি বছৰ বয়সত হাতত বেট তুলি দিছিল পিতৃ সঞ্জীৱ সূর্যবংশীয়ে আৰু এনেদৰে পিতৃৰ তত্ত্বাৱধানতে বৈভৱে শিকিছিল ক্রিকেটৰ আদিপাঠ। পিছলৈ মনোজ ওজাৰ পাটনাস্থিত জেন নেক্সট ক্রিকেট একাডেমীত নামভৰ্ত্তি কৰি দিয়ে বৈভৱক। এই ক্রিকেট একাডেমীলৈ বৈভৱে এদিন এৰি এদিন আহিছিল। কিন্তু যিদিনা আহিছিল, সেইদিনা নেটত একেৰাহে ৬০০ বল খেলিছিল। একাডেমীৰ প্রশিক্ষণ এদিন খতি কৰাৰো কাৰণ আছিল। কিয়নো সমষ্টিপুৰৰ ঘৰৰ পৰা মনোজ ওজাৰ পাটনাৰ একাডেমীলৈ দূৰত্ব আছিল প্রায় ১০০ কিলোমিটাৰ। বৈভৱে দেউতাকৰ বাইকত উঠি আহিছিল আৰু সেয়ে ৩-৪ ঘণ্টামান সময় লাগিছিল। তেতিয়া বৈভৱৰ বয়স আছিল মাত্র ছয় বছৰ। পুৱা ৪ টা বজাত যাত্রা আৰম্ভ থৈছিল আৰু জেন নেক্সট একাডেমীত সোমাওঁতে ৭ বাজিছিল। একাডেমীত সোমোৱাৰ পাছত বৈভৱৰ ৰ’বলৈ সময় নাছিল। মুহূর্ততে ‘পেড আপ’ কৰি নামি পৰিছিল নেটত। একেৰাহে ৬০০ মান বল নেটত খেলাৰ পাছতহে পেড খুলিছিল বৈভৱে। তাৰ পাছত ফিল্ডিং, কেচ প্রেকটিচ আৰু শেষত মেচ অনুশীলন। পাছলৈ দেউতাক সঞ্জীৱ সূর্যবংশীয়ে ওচৰৰ কেইজনমান বলাৰকো লগত লৈ আহিছিল। যাতে বৈভৱৰ নেটত বেলেগ বেলেগ ভেৰিয়েচনৰ বলিং খেলাৰ প্রেকটিচ হয়। দৈনিক ইমান দূৰ অহাটো সম্ভৱ নাছিল। সেয়ে একে-দিনাই বৈভৱে নেটত খেলি দিছিল ৬০০ টা বল। অৱশেষত সেই অধ্যৱসায়ে সুফল দিলে আৰু ৮ বছৰ বয়সত বৈভৱে খেলিলে বিচিচিআইৰ ১৬ বছৰ অনূৰ্ধ্ব মেচ। ইয়াৰ পিছত ১৭ বছৰ বয়সত বিহাৰৰ ১৯ বছৰ অনূৰ্ধ্ব দলৰ হৈ ভিনো মানকাদ ট্রফীত খেলিলে তেওঁ ।
২০২৪ চনৰ জানুৱাৰীত বৈভৱ সূর্যবংশীয়ে ১২ বছৰ আৰু ২৮৪ দিন বয়সত মুম্বাইৰ বিৰুদ্ধে বিহাৰৰ হৈ ৰঞ্জী ট্রফীত খেলি সর্বকনিষ্ঠ খেলুৱৈ হিচাপে ভাৰতৰ প্রথম শ্রেণীৰ ক্রিকেটত অভিষেক ঘটায়। বৈভৱৰ আগলৈকে সর্বকনিষ্ঠ ৰঞ্জী ক্রিকেটাৰ আছিল যুৱৰাজ সিং আৰু তেওঁ ১৫ বছৰ ৫৭ দিন বয়সত ৰঞ্জীত অভিষেক ঘটাইছিল। তাৰ পিছত সেই বর্ষৰেই ছেপ্টেম্বৰত অষ্ট্ৰেলিয়া অনূর্ধ্ব-১৯ দলৰ বিৰুদ্ধে য়ুথ টেষ্ট ছিৰিজত খেলি বৈভৱে ভাৰতৰ অনূর্ধ্ব-১৯ টেষ্ট ক্রিকেট দলত অভিষেক ঘটায়। তেতিয়া বৈভৱৰ বয়স আছিল মাত্র ১৩ বছৰ ১৮৮ দিন আৰু অভিষেক টেষ্টত মাত্র ৫৮ টা বলতে শতক অর্জন কৰি তেওঁ হৈ পৰিছিল ১৭০ বছৰীয়া প্রতিযোগিতামূলক ক্রিকেটৰ সর্বকনিষ্ঠ চেঞ্চুৰীয়ান। তদুপৰি বৈভৱৰ এই শতকীয় ইনিংছটোৱে হৈ পৰে বর্তমানলৈকে ভাৰতীয় ১৯ বছৰ অনূর্ধ্ব খেলুৱৈয়ে অর্জন কৰা দ্রুততম শতক। ইয়াৰ পিছত ১৯ বছৰ অনূর্ধ্ব এছিয়া কাপত ইউ এ ইৰ বিৰুদ্ধে ৪৬ টা বলত ৭৬ ৰান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে ছেমি ফাইনেলত ৩৬ টা বলত ৬৭ ৰানৰ দুটা চমকপ্রদ ইনিংছ খেলে তেওঁ। ২০২৪ বর্ষৰেই ডিচেম্বৰত বিজয় হাজাৰে ট্ৰফীত মধ্যপ্রদেশৰ বিৰুদ্ধে বিহাৰৰ হৈ খেলি লিষ্ট ‘এ’ ক্রিকেট খেলা আটাইতকৈ কম বয়সীয়া ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় বৈভৱ। লিষ্ট ‘এ’ ক্রিকেটত অভিষেক ঘটোৱাৰ সময়ত বৈভৱৰ বয়স আছিল মাত্র ১৩ বছৰ ২৬৯ দিন।
চলিত আই পি এলৰ বাবে বৈভৱক ৰাজস্থান ৰয়েলছে ১.১ কোটি টকাত চুক্তিবদ্ধ কৰায়। ১৯ এপ্রিলত তেওঁৰ অভিষেক ঘটে আই পি এলত। উল্লেখ্য যে এই টুর্নামেন্টখন আৰম্ভ হৈছিল ২০০৮ চনত। তাৰ পাছত জন্ম হোৱা বৈভৱে আই পি এলত খেলি প্রথম মেচতেই নতুন আশাৰ সঞ্চাৰ কৰিলে। ২৮ এপ্রিলত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলা মেচখনত তেওঁ আকৌ নতুন ইতিহাস গঢ়ে। এই মেচখনত ৩৮ টা বলত বৈভৱে ১০১ ৰানৰ মাৰমুখী ইনিংছেৰে আই পি এলৰ ইতিহাসত সর্বকনিষ্ঠ শতক অর্জনকাৰীৰূপে পৰিগণিত হয়। ১৪ বছৰ ৩২ দিন বয়সত এই কৃতিত্বৰ অধিকাৰী হয় তেওঁ। আকৌ ৩৫ টা বলতে শতক অর্জন কৰি তেওঁ টুর্নামেন্টখনৰ ইতিহাসত দ্বিতীয় দ্রুততম শতক অর্জনকাৰীৰূপেও অভিলেখ গঢ়ে। সামগ্রিকভাৱে আই পি এলৰ দ্রুততম শতক আছে ক্ৰিছ গেইলৰ নামত আৰু তেওঁ মাত্র ৩০ টা বলতে শতক অর্জন কৰিছিল।
বৈভৱে তেওঁৰ শতকীয় ইনিংছটো ১১টা ছিক্সাৰ আৰু ৭টা বাউণ্ডাৰীৰে সজাইছিল। গুজৰাট টাইটানছে মেচখনত বান্ধি দিয়া ২১০ ৰানৰ বিজয় লক্ষ্য ৰাজস্থান ৰয়েলছে দুটা উইকেট হেৰুৱাই ১৫.৫ অ’ভাৰতে অতিক্রম কৰে। সেয়া সম্ভৱ হৈছিল কেৱল বৈভৱৰ শতকীয় ইনিংছটোৰ বাবে। তদুপৰি যশস্বী জয়ছোৱালেও সিদিনা খেলিছিল ৪০ টা বলত ৭০ ৰানৰ ইনিংছ। জয়পুৰত ১৪ বছৰীয়া বৈভৱৰ বেটৰ পৰা সিদিনা যেন জুইহে জ্বলিছিল। নির্দয়ভাৱে প্ৰহাৰ কৰি গৈছিল বিপক্ষৰ বলাৰসকলক। মেচৰ শেষত ‘মেন অব দ্য মেচ’ বঁটা গ্রহণ কৰাৰ সময়ত ধাৰাভাষ্যকাৰ তথা প্রাক্তন ভাৰতীয় ক্রিকেটাৰ মুৰলী কার্তিকে অভিহিত কৰিছিল ‘বছ বেবী’ নামেৰে। সঁচাকৈয়ে অবিশ্বাস্য বেটিঙেৰে সিদিনা ক্রিকেট বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছিল বৈভৱে আৰু নিশাটোৰ ভিতৰতে তেওঁ হৈ পৰিছিল ক্রিকেটৰ নতুন ‘বিস্ময় বালক’।
এই শতকীয় ইনিংছটোৰ পিছত পৰৱর্তী দুয়োখন মেচতে সফল নহ’ল বৈভৱ। মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কোনো ৰান নকৰাকৈয়ে বিদায় লোৱাৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে মেচখনতো মাত্র ৪ ৰানহে কৰে তেওঁ। কিন্তু তাৰ পিছত ১৮ মে’ত পঞ্জাব কিংছৰ বিপক্ষে মাত্র ১৫ টা বলত ৪০ ৰান আৰু ২০ মে’ত চেন্নাই ছুপাৰ কিংছৰ বিপক্ষে খেলা চলিত ছীজনৰ দলৰ অন্তিমখন মেচত ৩৩টা বলত ৫৭ ৰান সংগ্ৰহ কৰে বৈভৱে। এনেদৰে চলিত আই পি এলত তেওঁ মাত্র ৭ খন মেচ খেলি এটা শতক আৰু এটা অর্ধশতকৰ সহায়ত মুঠ ২৫২ ৰান সংগ্রহ কৰে। আই পি এলত দাঙি ধৰা এই উন্নত প্রদর্শনব সুবাদতেই বৈভৱে তাৰ কেইদিনমান পিছতে ইংলেণ্ড ভ্রমণৰ বাবে ঘোষিত ভাৰতৰ অনূর্ধ্ব-১৯ ক্রিকেট দলত স্থান লাভ কৰে। অনাগত দিনতো তেওঁ এনেদৰে উন্নত বেটিং প্রদর্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সফলতাৰ শীৰ্ষত উপনীত হৈ ভাৰতীয় ছিনিয়ৰ ক্রিকেট দলত স্থান লাভ কৰিব পাৰিব বুলি আশা কৰিব পাৰি।
ফোন : ৬০০১০-৫৪৮২৩
Comments are closed, but trackbacks and pingbacks are open.