পংকজ কুমাৰ নেওগ
ভাৰতে স্বাধীনতা লাভ কৰাৰ মাত্ৰ দুমাহৰ পিছতে দেশখনৰ ক্ৰিকেটৰ দলটোৱে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ টেষ্ট শৃঙ্খলা এখন খেলাৰ সুযোগ পায়। ঘৰুৱা ক্ষেত্ৰত ডন ব্ৰেডমেনৰ সেইখন আছিল শেষ শৃংখলা আৰু ভাৰতৰ বাবে তেওঁৰ মুখামুখি হোৱাৰ একমাত্ৰ সুযোগ। সেই সময়ত ব্ৰেডমেনৰ বয়স আছিল ৩৯ বছৰ আৰু তেওঁ ধাৰাবাহিকভাৱে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ আছিল কিন্তু যেতিয়া তেওঁক অষ্ট্ৰেলিয়াৰ দলটোক নেতৃত্ব দিবলৈ কোৱা হ’ল তেতিয়া তেওঁ আনন্দেৰে সেই দায়িত্ব গ্ৰহণ কৰে। ১৯৫০ চনত ব্ৰেডমেনে তেওঁৰ আত্মজীৱনী ‘ফেয়াৰৱেল টু ক্ৰিকেট’ত এইদৰে লিখিছে – ‘Believing that the season against India in 1947-48 would be less exacting and that now I was better able to stand up to it, I again felt it my duty to play this one season, especially as it was to be the first tour of Australia by an Indian team. At that time, I was still very dubious about attempting a final tour of England.’
ভ্ৰমণকাৰী দলটোৰ বাবে প্ৰত্যাহ্বান আছিল অতি কঠিন। ১৯৩২ চনৰ জুন মাহত লৰ্ডছত প্ৰথমখন মেচৰ পিছত ভাৰতে টেষ্ট খেলিছিল যদিও এখনো খেলত জয়ী হোৱা নাছিল। ইয়াৰ উপৰিও বিজয় মাৰ্চেণ্টকে ধৰি তেওঁলোকৰ তাৰকা খেলুৱৈসকল আঘাতৰ বাবে ভ্ৰমণৰ পৰা বিৰত আছিল। ব্ৰেডমেন কিছু হতাশ হৈছিল। ভ্ৰমণটোৰ বাবে প্ৰথমে অধিনায়ক হিচাপে নিযুক্তি পোৱা মাৰ্চেণ্টৰ প্ৰতি তেওঁৰ যথেষ্ট সন্মান আছিল। তেওঁ লিখিছে -‘বিজয় মাৰ্চেণ্টে সেই সময়ৰ আগশাৰীৰ বেটছমেনৰ ভিতৰত স্থান অৰ্জন কৰিছিল।…আন কিছু বিশিষ্ট খেলুৱৈয়ো প্ৰত্যাহাৰ কৰা হৈছিল আৰু ইয়াৰ বাবে দলৰ সামগ্ৰিক শক্তিত প্ৰভাৱ পৰিছিল কিন্তু টেষ্ট মেচত ভাৰতৰ তুলনামূলকভাৱে দুৰ্বল প্ৰদৰ্শনৰ বাবে মূলতঃ মাৰ্চেণ্টৰ অনুপস্থিতি বুলি ভাৱোঁ।’ আঘাতৰ বাবে মাৰ্চেণ্ট আৰু ৰুচি মোডী ভাৰতীয় দলৰ পৰা বঞ্চিত হোৱাৰ লগতে দেশ বিভাজনেও আন কিছুমান মানসম্পন্ন খেলুৱৈক কাঢ়ি লৈ যায়। মহান খেলুৱৈ বলাৰ ফজল মাহমুদ নৱগঠিত ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱা প্ৰথম কেইজনৰ ভিতৰত আছিল। সেই ভ্ৰমণকাৰী ভাৰতীয় দলৰ কেইজনমান যেনে আমিৰ ইলাহি আৰু গুল মহম্মদেও কিছুদিনৰ পিছত পাকিস্তানৰ হৈ খেলাৰ সিদ্ধান্ত লয়। সিন্ধৰ হৈ খেলা উইকেটকীপাৰ জামছেদ ‘জেনী’ ইৰাণীয়ে কৰাচীত গোটেই জীৱন কটাবলৈ থিৰাং কৰে।
ব্রেডমেনে কৈছিল – ‘নিজৰ দেশত ভ্ৰমণকাৰী দলবোৰৰ বিৰুদ্ধে দুর্দান্তভাৱে খেলি ভাৰতীয় ক্রিকেটাৰসকলে যথেষ্ট দক্ষতা আহৰণ কৰিছিল। ইংলেণ্ড ভ্ৰমণৰ কালতো তেওঁলোকে তেনে খেল দেখুৱাইছিল কিন্তু সঘনাই সলনি হোৱা বতৰ আৰু ৰ’দৰ অভাৱে সম্ভৱতঃ তেওঁলোকক অসুবিধাত পেলাইছিল।’ এখন প্ৰতিযোগিতামূলক শৃংখলাৰ আশাত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট কৰ্তৃপক্ষই অনুভৱ কৰিছিল যে উইকেট ঢকা থাকিলে ভাৰতৰ বাবে অধিক সুবিধাজনক হ’ব। কিন্তু ভাৰতে মেলব’ৰ্ণ ক্ৰিকেট ক্লাৱে সচৰাচৰ মানি চলা উন্মুক্ত উইকেটৰ অভ্যাস অনুসৰণ কৰিব বিচাৰে। ব্ৰেডমেনে লিখিছে – ‘মই ভাৱোঁ যে ভাৰতে এটা ডাঙৰ ভুল কৰিছে। আমি এই দেশত ভিজা উইকেট বৰ দেখা নাপাওঁ, কিন্তু ভাৰতীয়সকলে তেওঁলোকৰ উইকেটত দেখাতকৈ বেছি দেখিবলৈ পাওঁ। ঢাকি থোৱা উইকেট বা পিটচ্ ৰ’দ, বৰষুণ, হিম ইত্যাদিবোৰৰ পৰা সুৰক্ষিত হৈ থাকে বাবে ইয়াৰ ওপৰত বলৰ আচৰণ অধিক অনুমানযোগ্য হয়। ইয়াৰ বিপৰীতে এখন অনাবৃত পিটচ্ ভিজা, শুকান বা অধিক অসমান হ’ব পাৰে আৰু এনেবোৰত বলাৰসকলৰ আধিপত্য থাকে।’ ব্ৰেডমেনে বিকল্প ভাৰতীয় অধিনায়ক লালা অমৰনাথক কভাৰ উইকেটৰ বাবে সন্মতি দিবলৈ বুজাইছিল যদিও কোনো ফল নাপালে। তেওঁ লিখিছে – ‘আমাৰ হাতত থকা খেলুৱৈসকলৰ গুণগত মান জানি মই অনুভৱ কৰিছিলো যে ভিজা উইকেটত ভাৰতে কেতিয়াও খেলিব নোৱাৰে। অমৰনাথে হয়তো ব্ৰেডমেনৰ পৰামৰ্শত দূৰদৰ্শিতা দেখা পাইছিল কিন্তু ‘বতৰৰ দেৱতাৰ পক্ষপাতিত্ব’ত বিশ্বাস কৰিবলৈ থিৰাং কৰে। অৱশেষত ৫ খন মেচৰ শৃংখলাত ভাৰত ৪-০ ব্যৱধানত পৰাস্ত হয়। ইয়াৰে এখন টেষ্ট বৰষুণৰ বাবে ড্ৰ হৈছিল।
ব্ৰেডমেনে অনুভৱ কৰিছিল যে ভাৰতীয়সকল তেওঁলোকৰ জেদী মনোভাৱৰ বাবে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল। তেওঁ লিখিছে যে ভ্ৰমণকাৰীসকল ‘ভিজা উইকেটত খেলিবলগীয়া হোৱা বাবে দৰাচলতে বিপৰ্যয়ৰ সন্মুখীন হৈছিল।’ ব্ৰেডমেনে ভাৰতৰ বাবে অধিক সুবিধাজনক খেলৰ বাতাৱৰণ বিচৰাৰ অইন এটা কাৰণো আছিল আৰু সি হ’ল আয়োজক ৰাষ্ট্ৰৰ আৰ্থিক বিবেচনা। অষ্ট্ৰেলিয়াই বিজয়ী হ’ব বুলি পূৰ্বানুমান আছিল যদিও ৯টা চেছনতকৈয়ো কম সময়ত শৃঙ্খলা শেষ হোৱা একপক্ষীয় মেচৰ অৰ্থ আছিল দুদিনৰ ৰাজহ লোকচান। অৱশ্যে অমৰনাথৰ জেদী মনোভাৱৰ স্বত্বেও ব্ৰেডমেনৰ তেওঁৰ প্ৰতি যথেষ্ট মৰম আছিল। ১৯৩৬ চনত ভাৰতে ইংলেণ্ড ভ্ৰমণ কৰা শৃংখলাটোৰ এটা ঘটনাৰ কথা মনত পেলাই ব্ৰেডমেনে লিখিছে – ‘এই সুন্দৰ খেলুৱৈগৰাকী (অমৰনাথ) ১৯৩৬ চনত বিজিয়ানগৰমৰ মহাৰাজ কুমাৰৰ অধিনায়কত্বত ইংলেণ্ড ভ্ৰমণ কৰা ভাৰতীয় দলৰ সদস্য আছিল। সেই ভ্ৰমণত অমৰনাথে ৬১৩ ৰান (সেই সময়ত আন সকলোতকৈ বেছি) কৰাৰ লগতে ৩২টা উইকেট দখল কৰিছিল। সেই সময়তে দলৰ মাজত মতানৈক্যৰ সৃষ্টি হয় আৰু অনুশাসনমূলক ব্যৱস্থা হিচাপে অমৰনাথক ভাৰতলৈ ঘূৰাই পঠিওৱা হৈছিল।’ ২০০৭ চনত ইএছপিএন ক্ৰিক্ইনফ’ৰ বাবে প্ৰকাশিত এটা প্ৰৱন্ধত মাৰ্টিন উইলিয়ামছনে সমগ্ৰ কেলেংকাৰীটোৰ বৰ্ণনা কৰি অমৰনাথক ভাৰতলৈ উভতাই পঠিওৱাৰ দোষ “অহংকাৰী আৰু প্ৰতিভাহীন অধিনায়ক বিজিয়ানগৰমৰ মহাৰাজ”ৰ ওপৰত জাপি দিছিল। মাৰ্টিনৰ মতে ভাৰতীয় দলটোত মহাৰাজৰ নিযুক্তি আছিল “সামাজিক কৌশল আৰু তেওঁৰ দ পকেট”। ব্ৰেডমেনেও এই পৰ্বটোক অদ্ভূত বুলি গণ্য কৰিছিল। তেওঁ লিখিছে যে অমৰনাথক অতি কঠোৰ শাস্তি দিয়া হৈছিল যদিও সেই সময়ত কৰ্তৃপক্ষই কোনো পতিয়নযোগ্য ব্যাখ্যা দিব পৰা নাছিল।
১৯৪৭ চনত অমৰনাথ আৰু ভাৰতীয় দলৰ মেনেজাৰ পিটাৰ গুপ্তাৰ সৈতে হোৱা কথা-বতৰা বা সাক্ষাৎকাৰত ব্ৰেডমেনে তেওঁলোক দুয়োজনকে সকলো দিশত “Absolutely Charming” বুলি উল্লেখ কৰিছে। ‘তেওঁলোকে খেলসমূহ উপভোগ্য কৰি তুলিবলৈ কৰা চেষ্টাত সকলো উপায়েৰে সহযোগিতা আগবঢ়াইছিল আৰু অষ্ট্ৰেলিয়া আৰু ভাৰতীয় খেলুৱৈসকলৰ মাজত চমৎকাৰ সতীৰ্থতাৰ মনোভাৱ আছিল। প্ৰতিদ্বন্দ্বী ক্ৰিকেট শক্তিসমূহৰ মাজত এনে বন্ধুত্বৰ ভাৱনা একবিংশ শতিকাত অন্ততঃ খেলপথাৰত কল্পনা কৰা কঠিন হ’ব’ – ব্ৰেডমেনে লিখিছে। ‘অমৰনাথ ইমানেই সুদক্ষ ৰাষ্ট্ৰদূত আছিল যে শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে তেওঁক কৰা নিলম্বনৰ কাৰণ বুজিবলৈ অধিক কঠিন হৈ পৰিছে। লালাজীয়ে নিশ্চিতভাৱে সকলো সময়তে নিজৰ মনৰ কথাবোৰ প্ৰকাশ কৰাত বিশ্বাস কৰিছিল আৰু কোনো নিয়ন্ত্ৰণ কৰ্তৃপক্ষ বা ব্যক্তিৰ সন্মুখত নিজৰ মতামত প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰিছিল। অষ্ট্ৰেলিয়াত অৱশ্যে তেওঁ সদায় পৰম সৌজন্যতা আৰু কৌশলেৰে সেই কাম কৰিছিল’ – তেওঁ উল্লেখ কৰিছে। যদিও টেষ্ট শৃঙ্খলাত ভাৰত বেয়াকৈ পৰাজিত হয়, ব্যক্তিগতভাৱে খেলুৱৈসকলৰ কিছু শক্তিশালী প্ৰদৰ্শন দেখা গৈছিল। ভাৰতৰ ভৱিষ্যত অধিনায়ক বিনু মানকাদে এই ভ্ৰমণত দুটা শতক অৰ্জন কৰাৰ লগতে তেওঁৰ দলৰ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী আছিল। কিন্তু পৰিসংখ্যাতকৈয়ো বেছি আজি যিটো কথা মানুহে জানে সেয়া হৈছে ছিডনীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ এটা পৰ্ব যিয়ে ক্ৰিকেটৰ অভিধানত তেওঁৰ নাম চিৰযুগমীয়া কৰি ৰাখিছে।
‘অষ্ট্ৰেলিয়াৰ ইনিংছৰ আৰম্ভণিতে এটা চাঞ্চল্যৰ সৃষ্টি হৈছিল যেতিয়া (বিল) ব্ৰাউনক মানকাডে আৰু এবাৰ ৰান আউট কৰে। বল ডেলিভাৰী দিবলৈ যাওঁতে ‘নন-ষ্ট্ৰাইকিং’ দিশৰ পৰা ব্ৰাউন ক্ৰীজৰ পৰা ভালেখিনি আগুৱাই যায় আৰু সেই সুযোগতে মানকাডে হাতৰ বলটোৰে ব্ৰাউনৰ বেইলকেইটা ‘হুইপ-অফ’ কৰে। কুইন্সলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মেচখনত এই ঘটনা ঘটে আৰু লগে লগে কিছুমান মহলত মানকাডৰ খেলুৱৈসুলভ মনোবৃত্তিক লৈ প্ৰশ্ন উত্থাপন হৈছিল’ – ব্ৰেডমেনে লিখিছে। নন ষ্ট্ৰাইকিং বেটছমেনক এইদৰে ৰান আউট কৰা পদ্ধতিক মানকাডিং ৰূপে জনা যায়। ব্ৰেডমেনে অৱশ্যে এইদৰে খেলুৱৈক আউট কৰাত একো ভুল দেখা নাছিল। মানকাডৰ খেলুৱৈসুলভ মনোবৃত্তিক কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়াত তেওঁ লিখিছে – ‘মই বুজা নাই সমস্যাটো ক’ত। ক্ৰিকেটৰ আইন অনুসৰি এই কথা স্পষ্ট যে বল ডেলিভাৰী নোহোৱালৈকে নন-ষ্ট্ৰাইকাৰে নিজৰ ক্ৰীজৰ ভিতৰতে থাকিব লাগিব। যদি নালাগে, তেওঁক ৰান-আউট কৰিবলৈ বলাৰক কিয় অধিকাৰ দিয়া হৈছে?’
এই ভ্ৰমণত ভাল প্ৰদৰ্শন কৰা আন এজন ভাৰতীয় খেলুৱৈ আছিল বিজয় হাজাৰে আৰু তেওঁ গড়ে ৪৭.৬৬ ৰানেৰে মুঠ ৪২৯ ৰান সংগ্ৰহ কৰি ভাৰতৰ মূখ্য স্ক’ৰাৰ হিচাপে পৰিগণিত হয়। ব্ৰেডমেনে লিখিছে – ‘যেতিয়া আমি প্ৰথম টেষ্ট মেচ আৰম্ভ হোৱাৰ পূৰ্বে গোট খাওঁ তেতিয়া আমাৰ দলৰ আন এজন খেলুৱৈৰ সৈতে বেটছমেন হিচাপে হাজাৰে আৰু অমৰনাথৰ আপেক্ষিক যোগ্যতাৰ বিষয়ে মোৰ দীঘলীয়া তৰ্ক হৈছিল। এখন বা দুখন টেষ্ট মেচত অধিনায়কগৰাকীয়ে দুৰ্দান্ত খেল প্ৰদৰ্শন কৰিছিল যদিও হাজাৰেৰ নৈপুণ্য আৰু তেওঁৰ নিখুঁত ষ্ট্ৰ’ক ভঙ্গীয়ে মোক অতিশয় আপ্লুত কৰিছিল।’ ভিক্টোৰিয়াৰ বিৰুদ্ধে অমৰনাথৰ ২২৮ ৰান নট আউট মেলব’ৰ্ণ ক্ৰিকেট খেলপথাৰত সৰ্বশ্ৰেষ্ঠ ‘নক’বোৰৰ ভিতৰত আছিল কিন্তু তথাপি হাজাৰেই অমৰনাথক চেৰ পেলাইছিল বুলি ব্ৰেডমেনে গণ্য কৰিছিল। তেওঁৰ মতে অধিনায়ক হোৱাৰ দায়িত্বই অমৰনাথৰ কান্ধ যথেষ্ট গধুৰ কৰিছিল।
ব্ৰেডমেনে ব্যক্তিগতভাৱে এটা দুৰ্দান্ত ছিৰিজ খেলে। তেওঁ মুঠতে ৭১৫ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ শীৰ্ষ স্ক’ৰ আছিল ২০১ আৰু গড় স্ক’ৰ ১৭৮.৭৫। পঞ্চম আৰু অন্তিম টেষ্টৰ প্ৰাকক্ষণত তেওঁ সংবাদমেল এখন আহ্বান কৰি এইদৰে বিবৃতি দিয়ে – ‘মই আজি মোৰ সহ-নিৰ্বাচকসকলক পৰামৰ্শ দিছো যে অষ্ট্ৰেলিয়াৰ ইংলেণ্ড ভ্ৰমণৰ বাবে মই উপলব্ধ। একে সময়তে মই ক’ব বিচাৰো যে ভাৰতৰ বিৰুদ্ধে খেলখনেই অষ্ট্ৰেলিয়াত মোৰ শেষ প্ৰথম শ্ৰেণীৰ মেচ হ’ব কিয়নো ইংলেণ্ড ভ্ৰমণৰ সামৰণিত মই ক্ৰিকেটৰ পৰা অৱসৰ ল’ম।’ অষ্ট্ৰেলিয়ালৈ যোৱা ভাৰতীয় দলটো যে আয়োজক দলৰ সমকক্ষ নাছিল সেয়া স্পষ্ট আছিল যদিও ব্ৰেডমেন অষ্ট্ৰেলিয়াৰ বিজয়ত আছিল অতি বিনয়ী। ‘তেওঁলোকৰ দলত সম্পূৰ্ণ শক্তি উপলব্ধ হ’লে হয়তো কথাটো বেলেগ হ’লহেঁতেন। যদি অষ্ট্ৰেলিয়া বা ইংলেণ্ডে তেওঁলোকৰ চাৰি-পাঁচজন শ্ৰেষ্ঠ খেলুৱৈক হেৰুৱাই পেলায় ই তেওঁলোকৰ দলটোক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিব। ভাৰতৰ সম্পদ আছিল তেনেই পাতল’ – তেওঁ লিখিছে। ভাৰত যে এখন উন্নত ক্ৰিকেট ৰাষ্ট্ৰ হৈ উঠিব সেই বিষয়ে ব্ৰেডমেন আছিল আশাবাদী। ‘গোটেই ছিজনটোত মই ভাৰতীয় খেলুৱৈসকলক সহায় কৰিবলৈ বিভিন্ন ধৰণে চেষ্টা কৰিছিলো কাৰণ মই অনুভৱ কৰিছিলো যে তেওঁলোকৰ মানদণ্ড উন্নত আৰু উৎসাহিত কৰা আমাৰ দায়িত্বৰ অংশ’- তেওঁ কয়।
১৯৪৮ চনত অষ্ট্ৰেলিয়াৰ দলটো ‘এছেজ’ৰ বাবে ইংলেণ্ডলৈ ভ্ৰমণৰ সময়ত তেওঁলোকৰ জাহাজ আৰ এম এছ ষ্ট্ৰেথাইৰ্ডে বম্বে প’ৰ্টত কিছুদিনৰ বাবে লঙ্গৰ পেলায়। কলম্বোৰ পৰা যাত্ৰাত ব্ৰেডমেন কিছু অসুস্থ হৈ পৰিছিল আৰু সেয়েহে কিছুমান সতীৰ্থৰ দৰে জাহাজৰ পৰা নামি তেওঁ কোলাবাৰ আশে-পাশে ঘূৰি ফুৰা নাছিল। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি এণ্টনি ডি মেলোৰ নেতৃত্বত এটা ভাৰতীয় প্ৰতিনিধিৰ দলে জাহাজখনতে ব্ৰেডমেন আৰু তেওঁৰ দলটোৰ বাবে এটা সৰু অনুষ্ঠানৰ আয়োজন কৰে। দলটো বম্বেত উপস্থিত হোৱাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট কৰ্তৃপক্ষই অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলক ব্ৰেব’ৰ্ণ ষ্টেডিয়ামৰ নেটত অনুশীলন কৰিবলৈ আমন্ত্ৰণ জনাইছিল। অৱশ্যে তেওঁলোকে সেই আমন্ত্ৰণ নাকচ কৰে। ব্ৰেডমেনে কেতিয়াও ভাৰতত খেলা নাছিল আৰু ভাৰতত থকা তেওঁৰ অনুৰাগীসকলে তেওঁক নেটতো দেখা নাপালে। নিজৰ কথামতেই সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বেটছমেনগৰাকীয়ে ১৯৪৮ চনৰ ‘এছেজ’ৰ পিছত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
ফ’ন: +৯৬৮-৯৯৬৭-২৭৮১
Comments are closed, but trackbacks and pingbacks are open.