সোতৰ বছৰীয়া প্রত্যাশা : টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া

যোগেশ কলিতা

ক্রিকেটক পূজা কৰা দেশলৈ ১৭ বছৰ পিছত আহিল টি–২০ বিশ্বকাপৰ ট্ৰফী৷ ক্রিকেটৰ জন্ম যদিও ইংলেণ্ডত তথাপি ভাৰতত ক্রিকেটক পূজা কৰা হয়৷ লগতে ১১ বছৰ পিছত আহিল আইচিচিৰ মেগা ইভেণ্টৰ মুকুট৷ ২০১৩ চনৰ চেম্পিয়নছ ড্রফীৰ পিছত ভাৰতে কোনো এটা আইচিচিৰ মেগা ইভেণ্টত বিজয়ৰ মুকুট পিন্ধিব পৰা নাই৷ মাথোঁ খাইছিল উজুটি৷ কেতিয়াবা ছুপাৰ–৮, কেতিয়াবা কোৱার্টাৰ ফাইনেল, কেতিয়াবা ছেমিফাইনেল আৰু কেতিয়াবা ফাইনেলৰ দুৱাৰডলিত৷

প্রতীক্ষাৰ অন্তত ৱেষ্ট ইণ্ডিজৰ বার্বাডোজৰ কেনছিংটন অভেলত দক্ষিণ আফ্রিকাৰ যুদ্ধংদেহি প্রটিয়াজ বাহিনীক পৰাস্ত কৰি বিশ্ব জিনিলে ভাৰতে৷ ৰোহিত শর্মাৰ নেতৃত্বত টি–২০ বিশ্বকাপত পুনৰ চেম্পিয়ন হল ভাৰতীয় দল৷  গান্ধী–মেণ্ডেলাৰ দেশৰ মাজত অনুষ্ঠিত ফাহনেল মেচখনত ভাৰতে দক্ষিণ আফ্রিকাক ৰোমাঞ্চকৰ মেচত ৭ ৰানত পৰাস্ত কৰে৷  হফালে হতিহাস ৰচিও স্বপ্ন পূৰণত ব্যর্থ হল ছকার্ছ অপবাদেৰে পৰিচিত দক্ষিণ আফ্রিকা৷ ফাহনেলৰ প্রতিটো অভাৰতে নাটকৰ দৰে সলনি হৈছিল দৃশ্যপট৷ ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১৭৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রটিয়াজ বাহিনীয়ে নির্ধাৰিত ২০ অভাৰত ৮টা উহকেট হেৰুৱাহ ১৬৯ ৰান সংগ্রহ কৰে আৰু পৰাজয়বৰণ কৰে৷ উল্লেখ্য যে ১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত ভাৰতে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্রথমবাৰলৈ এদিনীয়া বিশ্বকাপৰ সোৱাদ লাভ কৰাৰ বিপৰীতে ২০১১ চনত মহেন্দ্র সিং ধোনী বাহিনীয়ে অনুৰূপ সন্মান দেশলৈ কঢ়িয়াই আনিছিল৷ হয়াৰ পূর্বে ২০০৭ চনত ধোনীৰ নেতৃত্বতে প্রথমবাৰলৈ টি–২০ বিশ্বকাপ অর্জন কৰিছিল টীম ইণ্ডিয়াই৷ সুদীর্ঘ ১৭ বছৰৰ অন্তত ৰোহিত শর্মাৰ নেতৃত্বত বহু প্রতীক্ষিত সন্মান ভাৰতীয় ক্রিকেট দলে লাভ কৰিবলৈ সক্ষম হয়৷

অৱশেষত ভাগ্যই লগ দিলে টীম ইণ্ডিয়াক৷ বার্বাডোজৰ সেউজ ঘাঁহনিত ইতিহাস ৰচিলে ৰোহিত বাহিনীয়ে৷ শক্তিশালী দক্ষিণ আফ্রিকাক ফাইনেলত পৰাস্ত কৰি টীম ইণ্ডিয়াই সুদীর্ঘ প্রত্যাশাৰ অন্ত পেলালে৷ স্বপ্নাতুৰ ভাৰতীয় অনুৰাগীৰ মনলৈ আহিল হাঁহি৷ সেউজ ঘাঁহনিত নমাৰ পৰাই বিশ্বকাপ জয়ৰ সপোন দেখা ৰোহিত শর্মাৰো সপোনে সাকাৰ ৰূপ পালে৷ ডেৰশ কোটি ভাৰতীয়ই ১৯ নৱেম্বৰ, ২০২৩ত আহমেদাবাদত টোকা চকুলোৱে যেন সামান্য শান্তি পালে৷ খেলপথাৰত সেইদিনা খেলুৱৈৰ লগতে অনুৰাগীৰ সেই বিষাদগধুৰ ছবি আজিও সকলোৰে আগত ভাহি আছে৷

সপোন দিঠক হল ভাৰতীয় ক্রিকেট দলৰ৷ আমেৰিকাৰ পৰা বার্বাডোজলৈ যাত্রা ভাৰতীয় দলে বৰ মসৃণতাৰে পাৰ কৰিছিল৷ সাধাৰণ দৃষ্টিত গ্রুপ পর্যায়ত ভাৰতীয় দল হট ফেভাৰিট৷ সেই ধাৰণাকেই সত্য প্রমাণ কৰি ভাৰতীয় দলে ছুপাৰ–৮ আৰু ছেমিফাইনেলৰ ডেওনা পাৰ হৈ ফাইনেলত জিকি কোটি কোটি ভাৰতীয়ৰ সপোন পূৰণ কৰিছিল৷

ভাৰতীয় দলে গ্রুপ পর্যায়ত আয়াৰলেণ্ডক সহজে পৰাস্ত কৰিছিল৷ ক্রিকেটৰ মেগা ইভেণ্টত সাধাৰণতে ভিতৰত আৰু এখন স্নায়ুযুঁজ চলি থাকে৷ সেয়া ভাৰত–পাকিস্তানৰ মেচ৷ বিশ্বকাপৰ ফাইনেল যিমানেই ৰুদ্ধশ্বাস হৈ পৰে, তাতোকৈ কোনোগুণে কম নহয় ভাৰত–পাকিস্তানৰ মেচ৷ এইপর্যন্ত বিশ্বকাপ পর্যায়ৰ এখন মেচৰ বাহিৰে কোনো এখন মেচতে ভাৰতে পাকিস্তানৰ হাতত পৰাস্ত হোৱা নাই৷ এইবাৰ তাৰেই পুনৰাবৃত্তি হোৱাৰ সন্ধিক্ষণত ভাৰতৰ হাতত স্নায়ুযুঁজত পুনৰ পাকিস্তান হাৰি থাকিল৷ নিম্ন স্ক্ৰৰ নিউয়র্কৰ পিটচত ভাৰতীয় বলাৰৰ আগ্রাসী মনোভাৱত সেও মানি ভাৰতৰ হাতত পৰাজয় স্বীকাৰ কৰে পাকিস্তানে৷ তাৰ পিছত আমেৰিকাও ভাৰতৰ হাতত পৰাস্ত হয় যদিও শক্তিশালী ভাৰতৰ বিৰুদ্ধে আমেৰিকাই সবল যুঁজ দিছিল৷ উল্লেখ্য যে গ্রুপ পর্যায়ত কানাডাৰে এখন মেচ প্রবল বৰষুণৰ বাবে বাতিল কৰা হৈছিল৷

গ্রুপৰ ডেওনা সহজতে পাৰ হৈ ছুপাৰ–৮ত ভাৰতৰ প্রতিদ্বন্দ্বী হৈছিল ক্রমে আফগানিস্তান, অষ্ট্রেলিয়া আৰু বাংলাদেশ৷ আফগানিস্তানক সহজে পৰাস্ত কৰাৰ পিছত বাংলাদেশো পৰাস্ত হল ভাৰতৰ হাতত৷ আহিল পোতক লোৱাৰ সময়৷ অধিনায়ক ৰোহিত শর্মাৰ মাৰাত্মক বেটিঙৰ কথা সকলোৰে জ্ঞাত৷ কিন্তু ছুপাৰ–জ্জ্বত অষ্ট্রেলিয়াৰে মেচত ৰোহিতে যিধৰণে বেটিং কৰিলে, তাক দেখি ক্রিকেট মহলে সীমিত অভাৰৰ বিশ্বকাপত ২০২৩ চনৰ ১৯ নৱেম্বৰত ফাইনেলত হৰাৰ পোতক বুলি কব খোজে৷ বিশ্বত্রাস বুলি চর্চিত মিচেল ষ্টার্কক যি প্রহাৰ ৰোহিতৰ, লগতে বিশ্বজয়ী অষ্ট্রেলিয়াৰ পেট কামিনছৰ অভাৰৰ প্রথম বলতে গগনচুম্বী ছিক্সাৰহ্ল, তাতেই যেন পৰাজয়ৰ ছবি আঁকিছিল ৰোহিতে৷ বাকী কাম কৰিছিল বলাৰে৷ স্পিনৰ যাদুত তচনচ হৈ ছুপাৰ–৮ ভাৰতৰ হাতত পৰাজয়বৰণ কৰিছিল অষ্ট্রেলিয়াই৷ উল্লেখ্য যে ছুপাৰ–৮ ভাৰতৰ হাতত পৰাস্ত হলেও অষ্ট্রেলিয়াক বিশ্বকাপৰ পৰা বাহিৰ কৰিছিল আফগানিস্তানে৷ কিয়নো ইতিহাস ৰচি বিশ্বকাপৰ মঞ্চত প্রথমবাৰৰ বাবে ছেমিফাইনেল খেলিছিল আফগানিস্তানে৷ যদিও স্নায়ুচাপত বিধবস্ত হৈ দক্ষিণ আফ্রিকাৰ হাতত পৰাস্ত হৈ বিশ্বকাপৰ পৰা মেলানি মাগিছিল আফগানিস্তানে৷

আহিল ছেমিফাইনেলৰ ডেওনা৷ পুনৰ পোতক৷ ৰোহিতে যেন পোতক তোলাৰ স্বপ্ন বিভোৰ হৈ আছিল৷ ছেমিফাইনেলত ভাৰতৰ প্রতিদ্বন্দ্বী আছিল ইংৰাজ বাহিনী৷ বাটলাৰৰ ইংলেণ্ডেই যোৱা টি–২০ বিশ্বকাপত ভাৰতক ১০ উইকেটত পৰাস্ত কৰি ভাৰতক বিদায় দিছিল৷ সেই ইংলেণ্ডকে ৰোহিত বাহিনীয়ে শোচনীয়ভাৱে পৰাস্ত কৰি বার্বাডোজৰ ৰাস্তা বন্ধ কৰি দিয়ে৷

তিনিটা স্তৰ পাৰ হৈ আহিছিল সেই আকাংক্ষিত মুহূর্তটোলৈ৷ ফাইনেল৷ ৮ মাহৰ ভিতৰত দুবাৰ ফাইনেলত উপনীত হৈছিল ভাৰতীয় দলটো৷ আঠ মাহৰ আগতে স্বপ্নভংগ কৰিছিল কেংগাৰু বাহিনীয়ে৷ পিছে কেংগাৰু বাহিনীৰ ৰাস্তা এইবাৰ ছুপাৰ–৮তে বন্ধ হোৱাত ভাৰতীয় বাহিনীৰ আশা একপ্রকাৰ জাগি উঠিছিল৷ ইংলেণ্ড বাহিৰ হোৱাৰ পিছত সেই আশা আৰু প্রকট হৈ পৰিল৷ পিছে তাতো আছে মহাবাধাৰ প্রাচীৰ৷ খিতাপৰ ভোকাতুৰ হৈ ৩২ বছৰে বাউলি হৈ আছিল সিটো মূৰত দক্ষিণ আফ্রিকা৷ এক কথাত দুর্ল্যংঘনীয় যাত্রা হৈ পৰিল ভাৰতৰ বাবে৷ কিয়নো সমানেই শক্তিশালী দক্ষিণ আফ্রিকা৷ সাতবাৰকৈ ছেমিফাইনেল খেলি খিতাপ যুঁজৰ সুখৰ পৰা হৈ আহিছে বঞ্চিত প্রটিয়াজ বাহিনী৷

আহিল ফাইনেলৰ ক্ষণ৷ ভাৰতে প্রথমে বেটিং কৰি দক্ষিণ আফ্রিকাক বিজয় লক্ষ্য বান্ধি দিয়ে ১৭৬ ৰানৰ৷ কিন্তু ভবামতেই ৰান যেন নহল ভাৰতীয় দলৰ৷ তথাপি অদম্য সাহস আৰু বলাৰৰ নিয়ন্ত্রিত বলিঙত সেয়াও হৈ পৰিল আকাংক্ষিত বিজয়ৰ বাবে পর্যাপ্ত৷ অৱশেষত ভাৰতে ৭ ৰানত জয়ী হৈ আঁজুৰি আনিলে টি–২০ বিশ্বকাপ–২০২৪৷ ৰোহিত শর্মাৰ নেতৃত্বত আহমেদাবাদত হৰাৰ দুখ পাহৰি বার্বাডোজত সপোন সাকাৰ হল টীম ইণ্ডিয়াৰ৷ চেম্পিয়ন হল ভাৰত৷ আৰু পৰাজয়ৰ ধাৰাবাহিক ব্যর্থতাৰে আকৌ এবাৰ থমকিল প্রটিয়াজ বাহিনী৷

২০২৪ৰ টি–২০ বিশ্বকাপত ভাৰতৰ জয়ৰ মূলতে কোন আছিল বুলিলে এক দোমোজাৰ সৃষ্টি হয়৷ কিয়নো কোনে বেছি ভাল খেলিলে বুলি কোৱা এই কাৰণে কোৱা টান যে এখন মেচত বেটছমেনৰ বিফলতাত উজলি উঠে বলাৰ৷ ঠিক সেই সময়তে ফিল্ডিঙৰ অৱদানো অনবদ্য৷ ৰোহিতৰ কথাই কওঁ, গ্রুপ পর্যায়ত স্বাভাৱিক বেটিং ছন্দ নাছিল যদিও ছুপাৰ–৮ত ইংলেণ্ড আৰু অষ্ট্রেলিয়াৰ বিৰুদ্ধে মাৰমুখী ৰূপ ধৰে ৰোহিতে৷ যদিও ফাইনেলত মাৰমুখী ৰূপ ধৰোঁতেই কম ৰানতে আউট হৈ পেভিলিয়নমুখী হয় ৰোহিত৷ এইবাৰৰ বিশ্বকাপ টি–২০ত কোহলি প্রথমৰ পৰাই সম্পূর্ণ ব্যর্থ৷ কিন্তু ফাইনেলত যেন ত্রাণকর্তাৰ ৰূপত উভতি আহিল কোহলি৷ বাকী ঋষভ পণ্ট, সূর্যকুমাৰ যাদৱ, শিৱম ডুবে আদিয়ে নিজৰ স্থানত যোগ্য সঁহাৰি দিলে৷ আহিল বলাৰৰ কথা৷ অষ্ট্রেলিয়া, পাকিস্তান আৰু ফাইনেলত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে জয়ৰ মূলতেই বলাৰ৷ সেয়া বেগী বলাৰ অর্শ্বদীপ সিঙেই হওক, তাৰকা বলাৰ যশপ্রীত বুমৰাহেই হওক৷ হার্দিক পাণ্ডিয়াই ৰোহিতক দিলে বিশ্বাসৰ প্রতিদান৷ স্পীন বলাৰ অক্ষৰ, জাদেজা আৰু কুলদীপেও কেপ্টেইন ৰোহিতে বিচৰা ধৰণেই দিলে যোগ্য অৱদান৷ গতিকে এজন বা দুজনৰ বাবেই নহয়, মুঠ কথাত কবলৈ গলে এইবাৰৰ বিশ্বকাপ জয়ৰ আঁৰৰ শক্তি টীম এফর্ট৷

চেম্পিয়ন সূত্রে ভাৰতে লাভ কৰে ২০ কোটি ২৪ লাখ ৪৯ হাজাৰ টকা৷ প্রথমবাৰৰ বাবে টি–২০ বিশ্বকাপৰ চেম্পিয়ন দলে লাভ কৰিলে আহপিএলতকৈ অধিক পুৰস্কাৰৰ ধন৷ মুঠ ৯৩ কোটি ৫০ লাখ টকাৰ প্রাহজমানী সম্বলিত প্রতিযোগিতাখনৰ ৰানার্ছআপ দক্ষিণ আফ্রিকাহ লাভ কৰে ১০ কোটি ৬৮ লাখ ৬ হাজাৰ ৪০০ টকা৷ আনহাতে, ছেমিফাহনেলত পৰাস্ত হোৱা ইংলেণ্ড আৰু আফগানিস্তান উভয়ে লাভ কৰে ৬ কোটি ৫৮ লাখ ৭ হাজাৰ ২৫০ টকাকৈ৷ ছুপাৰ এহটত পৰাস্ত হোৱা অষ্ট্রেলিয়া, ৱেষ্ট ইণ্ডিজ, বাংলাদেশ আৰু আমেৰিকাই লাভ কৰে ৩ কোটি ১৯ লাখ ৫০ হাজাৰ ৭৫০ টকাকৈ৷ আনহাতে, গ্রুপ পর্যায়ৰ পৰা বাহিৰ হোৱা পাকিস্তান, কানাডা, আয়াৰলেণ্ড, স্ক্টলেণ্ড, নামিবিয়া, ওমান, নিউজিলেণ্ড, উগাণ্ডা, পাপুৱা নিউগিনি, শ্রীলংকা, নেদাৰলেণ্ডছ আৰু নেপালে লাভ কৰে ২ কোটি ৬ লাখ ৯ হাজাৰ ২৫০ টকাকৈ৷

এইবাৰ বিশ্বকাপ সম্পূর্ণ ৰোমাঞ্চকৰ কৰি তোলাৰ বাবে দৃপ্রতিজ্ঞ আছিল আয়োজক আইচিচি৷ বিশ্বজুৰি ক্রিকেটৰ প্রসাৰতা বৃদ্ধিৰ সোপান আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিষদ আহচিচিৰ৷ কিয়নো ক্রিকেটে এতিয়াও বিশ্বৰ ক্রীড়াপ্রেমীৰ মাজত ফুটবলৰ সমান জনপ্রিয়তা অর্জনৰ দিশতহে বাট বুলি আছে৷ ফুটবলৰ সমানে ক্রিকেটক স্থান দিয়াৰ লক্ষ্য–উদ্দেশ্য আগত ৰাখি এহবাৰ আমেৰিকা আৰু ৱেষ্টহণ্ডিজে আয়োজন কৰা টি–২০ বিশ্বকাপত ২০টা দলক স্থান দিছিল৷  টি–২০ মেচ মানেহ থ্রিলাৰ, ছাছপেঞ্চ৷ মেচৰ অন্তিমটো বললৈকে খেলৰ ফলাফলৰ বাবে অপেক্ষা কৰিব লগা হয়৷ প্রতিটো বল, প্রতিটো অভাৰতেহ মেচৰ গতি সলনি হয়৷ মাত্র বুকুত হাত থৈ উপভোগহে কৰাৰ কথা৷ কিয়নো এনে কিছু মেচ আহে যাক স্বচক্ষে খেলপথাৰত উপভোগ কৰাটোত আহি পৰে সাহসৰ কথা৷ কিন্তু ক্রিকেটত ৰোমাঞ্চ চিৰলগৰী৷ আহচিচি টি–২০ বিশ্বকাপ–২০২৪ৰ্ মেচত ২০টা যোগ্যতাসম্পন্ন দলে অংশগ্রহণ কৰে৷ সেইকেইটা হল ভাৰত, পাকিস্তান, আয়াৰলেণ্ড, কানাডা, আমেৰিকা যুক্তৰাষ্ট্র, ইংলেণ্ড, অষ্ট্রেলিয়া, নামিবিয়া, স্ক্টলেণ্ড, ওমান, নিউজিলেণ্ড, দক্ষিণ আফ্রিকা, ৱেষ্ট হণ্ডিজ, শ্রীলংকা, আফগানিস্তান, বাংলাদেশ, উগাণ্ডা, নেদাৰলেণ্ড, পাপুৱা নিউগিনি, নেপাল৷

যোৱা বছৰ ভাৰতত আয়োজিত এদিনীয়া বিশ্বকাপৰ সফল সামৰণি পৰিল৷ যুঁজাৰু মনোবৃত্তিৰে অষ্ট্রেলিয়াই জিনিলে বিশ্বকাপৰ মুকুট৷ কিন্তু কান্দিলে সমগ্র ভাৰতীয় তথা প্রৱাসী ভাৰতীয়হ৷ কিয়নো গ্রুপ পর্যায়ৰ কোনো মেচতে নাহাৰি ফাহনেলত হাৰিল ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলে৷ কিন্তু সেই ফাইনেল ভাৰতৰ বাবে এতিয়া ইতিহাস৷ কিন্তু টি–চ্ঙ্ম বিশ্বকাপ জিনাৰ লগে লগে ২০১৩ চনৰ পৰা আইচিচিৰ মেগা ইভেণ্ঢত ভাৰতৰ মুকুট জিনাৰ আধৰুৱা সপোনো পূৰণ হল টীম ইণ্ডিয়াৰ৷

টি–২০বিশ্বকাপ জয়ৰ পিছতে আকৌ আহিছে ট্ৰফী জিনাৰ নতুন প্রতিযোগিতা চেম্পিয়নছ ট্ৰফী–২০২৫৷ সেয়াও এক তীব্র প্রত্যাহবান৷ টি–২০ বিশ্বকাপ প্রশিক্ষক ৰাহুল দ্রাবিড়ৰ প্রশিক্ষণত জয় কৰাৰ পিছত এইবাৰ ভাৰতৰ প্রশিক্ষকৰ দায়িত্বলৈ আহিছে গৌতম গম্ভীৰ৷ গম্ভীৰক ক্রিকেট জগতত আগ্রাসী তথা সঠিক ৰূপত দলক আগবঢ়াই নিয়াত সিদ্ধহস্ত বুলি সকলোৱে জানে৷ সেই হিচাপে আগন্তুক সময়ত ক্রিকেটক পূজা কৰা ভূমিলৈ আইচিচিৰ মেগা ইভেণ্টৰ ট্ৰফী অহাটো একপ্রকাৰ নিশ্চিত বুলি ধাৰণা কৰিব পাৰি৷

ফোনঃ ৬০০১৫-২১৭৮০

You might also like

Comments are closed, but trackbacks and pingbacks are open.