যোগেশ কলিতা
সাধাৰণ দৃষ্টিত অলিম্পিক পডিয়ামত খোজ দিওঁতাজনক দিয়া আদৰৰ তুলনা নাই৷ কদৰ সীমাহীন৷ উৎসাহৰ কথা কবইহ নালাগে৷ কিন্তু তাৰ তুলনাত পেৰালিম্পিকৰ কদৰো কম হব নালাগে বা তুলনা কৰা উচিত নহয়৷ এক সৌন্দর্যৰ আকৰ পেৰালিম্পিক৷ বহুতে আকৌ কব খোজে অলিম্পিকৰ সৌন্দর্যৰ তুলনাত কোনোগুণে কম নহয় পেৰালিম্পিক৷ এফালে হুইলচেয়াৰ, আনফালে হাতত ৰেকেট লৈ খেল এক আচৰিত পৰিৱেশ৷ এই প্রদর্শন চাহ থাকিলে মনত সাহস পোৱা যায়৷ পেৰালিম্পিক সাহস, ধৈর্য আৰু প্রেৰণাৰ প্রতীক৷ কাৰোবাৰ নাই হাত, কাৰোবাৰ কৃত্রিম ভৰি৷ মুঠৰ ওপৰত সাধনাৰ প্রকৃত প্রতিফলন পেৰালিম্পিক৷ যত সপোনৰ সোণোৱালী বুটা বাছে খেলুৱৈসকলে৷ জীৱনৰ লক্ষ্যই বাট সলোৱা বুলি মনত ভবা প্রশ্নৰ যেন উত্তৰ দিয়ে সাধনাই৷ পেৰালিম্পিক এক সপোন সাকাৰৰ ঠিকনা৷ স্বপ্ন যেন লাগিলেও কি এক অবিশ্বসনীয় খেলৰ মাদকতা দিয়ে পেৰালিম্পিকত৷ শাৰীৰিক বার্ধক্যও বহু পিছপৰি ৰয় পেৰালিম্পিকত৷ যেন জীৱনে কব খোজে বাঃ বাঃ৷ মাথোঁ সাক্ষী হৈ ৰয় সময়৷ কিয়নো দুচকুত থাকে বিশ্বজয়ৰ দুর্দমনীয় আকাংক্ষা৷ দৃষ্টিহীনতাৰেও জীৱন জিনে পেৰালিম্পিকত৷ মন পুলকিত কৰা এই সময়, সেই পডিয়াম৷
পেৰিছ পেৰালিম্পিকত ভাৰতীয় দিব্যাংগ খেলুৱৈয়ে দমনীয় প্রদর্শনেৰে ইতিহাস সৃষ্টি কৰে৷ ইতিহাসৰ সর্বশ্রেষ্ঠ প্রদর্শনেৰে এইবাৰ উজলি উঠে ভাৰতীয় পেৰা এথলীট৷ দখল কৰে মুঠ ২৯টা পদক৷ ২০২০ চনৰ টকিঅ পেৰালিম্পিকত ভাৰতে পাঁচটা সোণ, আঠটা ৰূপ আৰু ছটা ব্রঞ্জসহ মুঠ ১৯টা পদক অর্জন কৰিছিল৷ ২০১৬ ৰিঅ পেৰালিম্পিকত ভাৰতে দখল কৰিছিল দুটা সোণ আৰু এটাকৈ ৰূপ, ব্রঞ্জসহ মুঠ চাৰিটা পদক৷ মুঠৰ ওপৰত পেৰালিম্পিকত ভাৰতৰ প্রদর্শন ক্রমাৎ হৈছে ঊধর্বগামী৷ এয়া এক শুভলক্ষণৰ আদিক্ষণ৷
পেৰিছ পেৰালিম্পিকত সফল দেশৰ তালিকাত শীর্ষ স্থানত থাকে চীন৷ দেশখনে ৯৪টা সোণ, ৭৬টা ৰূপ আৰু ৫০টা ব্রঞ্জৰ পদকেৰে মুঠ ২২০টা পদক লাভ কৰে৷ তাৰ পিছতেহ আছে গ্রেট ব্রিটেহন৷ দেশখনে ৪৯টা সোণ, ৪৪টা ৰূপ আৰু ৩১টা ব্রঞ্জৰ পদকেৰে মুঠ ১২৪টা পদক লাভ কৰে৷ তাৰ পিছতেই স্থান লাভ কৰে আমেৰিকাহ৷ দেশখনে ৩৬টা সোণ, ৪২টা ৰূপ আৰু ২৭টা ব্রঞ্জৰ পদকেৰে মুঠ ১০৫টা পদক লাভ কৰে৷ তাৰ পিছতেহ চতুর্থ স্থান লাভ কৰে নেডাৰলেণ্ডছে৷ দেশখনে ২৭টা সোণ, ১৭টা ৰূপ আৰু ১২টা ব্রঞ্জৰ পদকেৰে মুঠ ৫৬টা পদক লাভ কৰে৷ আনহাতে তালিকাৰ ১৮সংখ্যক স্থান লাভ কৰা ভাৰতে ৭টা সোণ, ৯টা ৰূপ আৰু ১৩টা ব্রঞ্জৰ পদকেৰে মুঠ ২৯টা পদক লাভ কৰে৷
আড়ম্বৰপূর্ণ পৰিৱেশত অনুষ্ঠিত হল পেৰিছ পেৰালিম্পিক ২০২৪৷ ভাৰতক প্রতিনিধিত্ব কৰা ৮৪জনীয়া দলটোক নেতৃত্ব প্রদান কৰি ধবজা কঢ়িয়ালে ভাগ্যশ্রী যাদৱ আৰু সুমিত এণ্টিলে৷ পেৰিছ চহৰত প্রথমবাৰৰ বাবে আয়োজন কৰা হৈছিল পেৰালিম্পিক গেমছ৷ পেৰালিম্পিকৰ উদ্বোধনী অনুষ্ঠানটো প্রায় সম্পূর্ণৰূপে প্লেচ ডি লা কনকর্ডত অনুষ্ঠিত হয়৷ চেম্পছ–এলয়চীৰ নিকটতম স্থানটোতে খেলুৱৈসকলে পেৰেড আৰম্ভ কৰে, যৰ পৰা ভাৰতীয় দলটোৱে মুখ্য স্থানলৈ যাত্রা কৰে৷ অৱশ্যে দুয়োটা উদ্বোধনী অনুষ্ঠানৰ বিশেষত্ব এয়াহ আছিল যে দুয়োটাই জার্ডিন ডি টুইলেৰিজত উষ্ম বতাহ বেলুনৰ সৈতে সংলগ্ন এটা চাকি জ্বলাই সামৰণি মাৰিছিল৷ ষ্টেণ্ডত উপস্থিত থকা দুয়োফালৰ লোকে বিশেষকৈ ভাৰতীয় দর্শক আৰু বিষয়াসকলে আন্তৰিক প্রশংসাৰে আদৰণি জনায়৷
পেৰিছত ভাৰতে ভংগ কৰিলে সর্বকালৰ সর্বাধিক পদকৰ অভিলেখ৷ পেৰিছ পেৰালিম্পিকৰ প্রথম ছয় দিনতে ভাৰতে ২০টাকৈ পদক অর্জন কৰি টকিঅ পেৰালিম্পিকৰ অভিলেখটো ভংগ কৰে৷ ভাৰতে ১৯৬০ চনৰ পৰা পেৰালিম্পিকত অংশগ্রহণ কৰি আহিছে যদিও ২০টাকৈ পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ চলিত পেৰিছ পেৰালিম্পিকৰ প্রথম ৬ দিনত ভাৰতে মুঠ ২০টা পদক লাভ কৰে৷ এক নতুন ইতিহাস৷ হয়াৰ পূর্বে ভাৰতে কোনো এখন পেৰালিম্পিকত ইমানসংখ্যক পদক অর্জন কৰা নাছিল৷
ভাৰতৰ তাৰকা খেলুৱৈ অৱনী লেখাৰাই মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ–১ত স্বর্ণপদক লাভ কৰাৰ লগতে বেডমিণ্ঢনৰ পুৰুষৰ ছিংগলছৰ এছ এল–বত নীতেশ কুমাৰে স্বর্ণ আৰু পুৰুষৰ জেভলিন থ্রৰ এফত সুমিত এণ্ঢিলে সোণৰ পদক লাভ কৰে৷ মনীষ নাৰৱাল, নিশাদ কুমাৰ, যোগেশ কাথুনিয়া, থুলাচিমাথি মুৰুগেছন, সুহাস যথিৰাজ, শৰদ কুমাৰ, শচীন চার্জেৰাও খিলাৰী আৰু অজিত সিঙে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে প্রীতি পাল দুটা, মোনা আগৰৱাল, ৰুবীনা ফ্রান্সিছ, মনীষাৰাম দাস, ৰাকেশ কুমাৰ–শীতল দেৱী, নিত্যশ্রী শিৱান, মাৰিয়াপ্পান, থাংগেভেলু, দীপ্তি জীৱনজী আৰু সুন্দৰ সিং গুর্জাৰে ব্রঞ্জৰ পদক লাভ কৰে৷
অভিলেখ গঢ়ি দেশলৈ উভতিব বুলি পেৰালিম্পিক আৰম্ভ হোৱাৰ পূর্বে দেশবাসীৰ ওচৰত প্রতিজ্ঞা কৰিছিল ভাৰতীয় এথলীটসকলে৷ সেই অনুসৰি পেৰিছ পেৰালিম্পিকত সর্বকালৰ শ্রেষ্ঠ প্রদর্শন দাঙি ধৰিলে ভাৰতে৷ পেৰিছৰ পৰা মুঠ ২৯টা পদক লৈ উভতিল ভাৰতীয় পেৰা এথলীটসকল৷ ১৯৬৮ৰ পৰা ভাৰতে পেৰালিম্পিকত অভিযান আৰম্ভ কৰে৷ সেইবাৰ মাত্র ১০জন ভাৰতীয় এথলীটে মূল পর্বত খেলাৰ সুযোগ পাইছিল৷ কিন্তু পদক জয় কৰিব পৰা নাছিল৷ ১৯৭২ চনত ভাৰতে প্রথমবাৰৰ বাবে এটা সোণৰ পদক অর্জন কৰিছিল৷ ২০২১ চনৰ পেৰালিম্পিকত ভাৰতে মুঠ ১৯টা পদক অর্জন কৰিছিল৷ সেইবাৰ ভাৰতীয় এথলীটে ৫টা স্বর্ণ, ৮টা ৰূপ আৰু ৬টা ব্রঞ্জৰ পদক জয় কৰিছিল৷ অৱশ্যে পেৰিছত এই অভিলেখ ভংগ হব বুলি প্রতিযোগিতা আৰম্ভ হোৱাৰ পূর্বেই ধাৰণা কৰা হৈছিল৷ সেই অনুসৰি এইবাৰ পেৰিছ পেৰালিম্পিকত নতুন অভিলেখ গঢ়িলে ভাৰতে৷ পুৰুষৰ জেভলীনত স্বর্ণপদক দখল কৰে ভাৰতৰ নৱদীপ সিঙে৷
ভাৰতীয় মহিলা পেৰা–শ্বুটাৰ অৱনী লেখাৰাই পেৰিছ পেৰালিম্পিকত শ্বুটিঙত দেশৰ হৈ সোণৰ পদক অর্জন কৰি ইতিহাস সৃষ্টি কৰিছে৷ ক্রমাগত দুখন পেৰালিম্পকত স্বর্ণপদক জিনি ভাৰতৰ প্রথমগৰাকী মহিলাৰূপে ইতিহাস ৰচিলে অৱনীয়ে৷ একেখন প্রতিযোগিতাতে ভাৰতৰ মনীষ নৰৱালে ৰূপ আৰু মোনা আগৰৱালে ব্রঞ্জৰ পদক অর্জন কৰিছে৷ তিনিওগৰাকী খেলুৱৈয়ে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচৰ ইভেণ্টত ভাৰতৰ হৈ পদক জয় কৰে৷
পেৰালিম্পিকত প্রথমবাৰৰ বাবে ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত পদক লাভ কৰিলে ভাৰতে৷ পেৰিছ পেৰালিম্পিকত ভাৰতক ব্রঞ্জৰ পদক প্রদান কৰে প্রীতি পালে৷ উত্তৰ প্রদেশৰ প্রীতিয়ে মহিলাৰ ১০০ মিটাৰ শাখাত ব্রঞ্জৰ পদক লাভ কৰে৷ প্রীতিয়ে ১৪.২১ ছেকেণ্ডেৰে পদক জয় কৰে৷
ভাৰতীয় খেলুৱৈ শীতল দেৱীয়ে পেৰিছ পেৰালিম্পিকৰ প্রথম দিনাই আর্চাৰীৰ ৰেংকিং ৰাউণ্ডত অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ ৰেংকিঙত প্রথম স্থান লাভ কৰিব নোৱাৰিলেও তেওঁ ৰচনা কৰিলে এক নতুন ইতিহাস৷ বর্তমান পৃথিৱীত দুহাত নথকা একমাত্র ধনুর্বিদ শীতল দেৱী৷ শীতল দেৱীয়ে যিদৰে শ্বট মাৰিছিল, বহুতে বিশ্বাস কৰিছিল যে পদক যুঁজত শীতল দেৱীৰ সফলতা নিশ্চিত৷ চলিত পেৰালিম্পিকত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ৷ ১৭ বছৰ বয়সত তেওঁ ভংগ কৰিছিল বিশ্বাভিলেখ৷ পেৰিছৰ লে ইনভাল্ডিছ এৰিনাত তুৰস্ক্ৰ অজুৰ কিয়ৰৰ সৈতে কঠোৰ যুঁজ হৈছিল ভাৰতীয় আর্চাৰগৰাকীৰ৷ মহিলাৰ কম্পাউণ্ড ৰেংকিং ৰাউণ্ডত আগবাঢ়ি আছিল শীতল দেৱী৷ কিন্তু শেষত ৱজনুৰে তেওঁক অতিক্রম কৰিলে৷ শীতল দেৱীয়ে লাভ কৰে ৭০৩ পইণ্ট৷ ইয়াৰ পূর্বে এই শাখাত গ্রেট ব্রিটেইনৰ ফিবি পেটাৰছনে ৬৯৪ পইণ্ট সংগ্রহ কৰি বিশ্ব অভিলেখ গঢ়িছিল৷ ইয়াৰ পূর্বে জেচিকা ষ্ট্রেটনে টকিঅ পেৰালিম্পিকত ৬৯৪ পইণ্ট লাভ কৰিছিল৷ কিন্তু শেষত শীতল দেৱীয়ে বিশ্ব অভিলেখ গঢ়িব নোৱাৰিলে৷ শেষত ৭০৪ পইণ্ট সংগ্রহ কৰি শীর্ষ স্থান লাভ কৰে ৱজনুৰে৷ ফলত বিশ্ব অভিলেখ এতিয়া তেওঁৰ হাতত৷
পেৰা শ্বাটলাৰ নিতেশ কুমাৰে ভাৰতলৈ স্বর্ণপদক কঢ়িয়াই আনে৷ বেডমিণ্টনৰ পুৰুষ ছিংগলছ এছএল ৩ ইভেণ্টত স্বর্ণপদক জয় কৰে৷ ফাইনেল মেচখনত ভাৰতীয় পেৰা শ্বাটলাৰগৰাকীয়ে গ্রেট ব্রিটেইনৰ ডেনিয়েল বেথেলক ২-১১ ব্যৱধানত পৰাস্ত কৰি স্বর্ণ জয় কৰে৷ যোগেশ কাঠুনিয়াই পুৰুষৰ ডিছকাছ থ্রত ৰূপ জিনাৰ লগতে নিশাদ কুমাৰে পুৰুষৰ হাইজাম্পত ৰূপ জয় কৰে৷ পুৰুষৰ ডিছকাছ থ্রৰ এফ ৫৬ ইভেণ্টত ভাৰতৰ যোগেশে ৪২.২২ মিটাৰ থ্র কৰি দ্বিতীয় স্থানেৰে ৰূপৰ পদক জয় কৰে৷ প্রথমটো থ্রতে যোগেশে ৰূপৰ পদক লাভ কৰাটো নিষ্চিত কৰি তুলিছিল৷ এই শাখাত ব্রাজিলে স্বর্ণ জয় কৰে৷ আনহাতে পুৰুষৰ হাইজাম্প ইভেণ্টত ভাৰতৰ নিশাদ কুমাৰে চমকপ্রদ প্রদর্শন দাঙি ধৰি দ্বিতীয় স্থান দখল কৰে আৰু ৰূপৰ পদক জয় কৰে৷
হাইজাম্পত প্রবীণ কুমাৰে দেশলৈ স্বর্ণপদক কঢ়িয়াই আনে৷ পুৰুষৰ হাইজাম্পৰ ইভেণ্টত টকিঅ পেৰালিম্পিকৰ ৰূপৰ পদক জয়ী প্রবীণ কুমাৰে ২.০৮ মিটাৰ জঁপিয়াই শীর্ষস্থানেৰে স্বর্ণপদক জয় কৰে৷ প্রবীণ কুমাৰে এছিয়ান অভিলেখ গঢ়ি সোণৰ পদক জয় কৰে৷ টকিঅত তেওঁ ২.০৭ মিটাৰ জঁপিয়াই এছিয়ান অভিলেখ গঢ়িছিল৷
জম্মু–কাশ্মীৰত হোৱা লেণ্ডমাইহন বিস্ফোৰণস্থলীৰ পৰা আঘাতপ্রাপ্ত অৱস্থাত উদ্ধাৰ হোৱা হোকাটো চেমাই চলিত পেৰিছ পেৰালিম্পিকৰ পুৰুষ শ্বটপুটৰ ইভেণ্টত ব্রঞ্জ জিনি ৰচিছে ইতিহাস৷ ডিমাপুৰৰ বাসিন্দা চেমা সেনাৰ হাবিলদাৰৰূপে কর্মৰত আছিল৷ খেলুৱৈগৰাকীয়ে বিগত বর্ষত হাংঝৌ পেৰালিম্পিকতো জয় কৰিছিল ব্রঞ্জ৷ শুকুৰবাৰে চেমাই প্রতিযোগিতাখনৰ দ্বিতীয় থ্রত ১৪ মিটাৰ দূৰত্ব স্পর্শ কৰিছিল৷ পৰৱর্তী থ্রত দেশৰ হৈ পদক অর্জন কৰিবলৈ খেলুৱৈগৰাকীয়ে থ্র কৰে ১৪.৪০ মিটাৰ দূৰত্ব৷ তাৰ পিছতে চেমাই ভাৰতৰ হৈ ২৭নং পদক জয় কৰাটো নিশ্চিত কৰে৷ ২০০২ চনত নিয়ন্ত্রণ ৰেখাৰ এল অ চিৰ সমীপত এক অভিযানৰ সময়ত সংঘটিত লেণ্ডমাইন বিস্ফোৰণৰ ফলত তেওঁ হেৰুৱাবলগীয়া হয় দুভৰি৷
সামৰণী অনুষ্ঠানত ভাৰতীয় পতাকা কঢ়িয়াই আর্চাৰী স্বর্ণজয়ী হৰবিন্দৰ সিং আৰু মহিলাৰ শাখাৰ ১০০ মিটাৰ স্প্রিণ্টত ব্রঞ্জৰ পদক জয় কৰি ইতিহাস ৰচনা কৰা প্রীতি পালে৷ পেৰালিম্পিকৰ স্প্রিণ্টত ভাৰতৰ হৈ প্রথমটো পদক জিনি অভিলেখ ৰচিছিল প্রীতিয়ে৷ হৰবিন্দৰে পেৰালিম্পিকত স্বর্ণপদক লাভ কৰা প্রথমজন ভাৰতীয় আর্চাৰ হিচাপে পৰিগণিত হয়৷
২০২৪ চনৰ গ্রীষ্মকালীন পেৰালিম্পিক, যাক পেৰিছ ২০২৪ পেৰালিম্পিক গেমছ বুলি কোৱা হৈছে আৰু পেৰিছ ২০২৪ নামেৰে ব্রেণ্ড কৰা হয়, ই হৈছে ১৭সংখ্যক গ্রীষ্মকালীন পেৰালিম্পিক গেমছ, আন্তঃৰাষ্ট্রীয় পেৰালিম্পিক কমিটীৰ দ্বাৰা পৰিচালিত আন্তঃৰাষ্ট্রীয় বহু ক্রীডা পেৰাস্পর্টছ ইভেণ্ট, যিটো পেৰিছত ২৮ আগষ্টৰ পৰা ৮ ছেণ্টেম্বৰলৈ অনুষ্ঠিত হৈ যায়৷ পেৰালিম্পিকছত মুঠ ৪৪৬৩গৰাকী এথলীটে অংশগ্রহণ কৰে৷ মুঠ ২২টা খেলত ৫৪৯টা ইভেণ্ট অনুষ্ঠিত হয়৷ এইবাৰৰ পেৰালিম্পিকছত মুঠ ১৭০খন দেশে অংশগ্রহণ কৰে৷ পেৰিছ পেৰালিম্পিকৰ শুভাৰম্ভণি কৰে ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্রনে আৰু সামৰণী অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্রীয় পেৰালিম্পিকৰ সভাপতি এনড্রিউ পাৰছন৷ প্রায় ৪৫০০০ ভলণ্টিয়াৰে এই প্রতিযোগিতাখন সুন্দৰভাৱে পৰিচালনা কৰে৷ ভলণ্টিয়াৰৰ বাবে প্রায় ৩০০০০০ লাখ লোকে আবেদন কৰিছিল৷
আমেৰিকাৰ লছ এঞ্জেলছত পেৰালিম্পিক-২০২৮ অনুষ্ঠিত হব৷ প্রথমবাৰৰ বাবে লছ এঞ্জেলছত গ্রীষ্মকালীন পেৰালিম্পিক গেমছ অনুষ্ঠিত হব৷ উল্লেখ্য যে লছ এঞ্জেলছ পেৰালিম্পিক ২০২৮ চনৰ ১৫ আগষ্টৰ পৰা ২৭ আগষ্টলৈ অনুষ্ঠিত হব৷
ফোনঃ ৬০০১৫-২১৭৮০
Comments are closed, but trackbacks and pingbacks are open.