মহিলা ক্রিকেটত অষ্ট্রেলিয়াৰ দপদপনি অব্যাহত

খিতাপ জয়ৰ স্বপ্নত বিভোৰ ভাৰতীয় দল ।

যোগেশ কলিতা

মহিলা ক্রিকেটত অষ্ট্রেলিয়া দলৰ দমনীয়তা অক্ষুণ্ণ ৰাখিছে ৷ পুৰুষ ক্রিকেট দলটোৱে যিদৰে প্রভুত্ব বিস্তাৰ কৰি আছে, ঠিক সেইদৰে মহিলা দলটোৱেও একাধিপত্য বিস্তাৰ কৰিছে ৷ চলিত বর্ষত অনুষ্ঠিত মহিলা বিশ্বকাপ–২০২২খিতাপ দখল কৰি দলটোৱে পুনৰ নিজৰ সামর্থ্যৰ কথাকে প্রতীয়মাণ কৰালে ৷ সদ্যসমাপ্ত মহিলা বিশ্বকাপৰ ফাইনেলত অষ্ট্রেলিয়াই প্রাক্তন চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰি বিজয় মুকুট পিন্ধিবলৈ সক্ষম হয় ৷ এইবাৰসহ অষ্ট্রেলিয়াৰ মহিলা দলটোৱে সপ্তমবাৰৰ বাবে বিশ্বকাপ দখল কৰিবলৈ সক্ষম হৈছে ৷

২০২২ৰ মহিলা বিশ্বকাপ আয়োজন কৰিছিল নিউজিলেণ্ডে৷ এই বিশ্বকাপৰে ফাইনেল খেলখনত মুখামুখি হৈছিল দুই শক্তিশালী দল অষ্ট্রেলিয়া আৰু ইংলেণ্ড ৷ ফাইনেল খেলত প্রথমে বেট কৰি অপেনাৰ বেট্ছমেন এলিছা হিলীৰ ১৭০ ৰান, হেনছৰ ৬৮ ৰান আৰু মুনীৰ ৬২ ৰানৰ সহায়ত ৩৫৬ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে ইংলেণ্ডক ৷ ইংলেণ্ডৰ হৈ বলিঙত শ্রাৱশ্বলেই ৩টা আৰু একলেষ্টনে এটা উইকেট দখল কৰে ৷ প্রত্যুত্তৰত অষ্ট্রেলিয়াৰ বলিং আক্রমণত দিশহাৰা হৈ ইংলেণ্ডে ৪৩.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৮৫ ৰানহে কৰিবলৈ সক্ষম হয় হেডাৰ নাইটৰ ইংলেণ্ডৰ বাহিনীয়ে৷ ইংলেণ্ডৰ হৈ নাটালি স্কাইবাৰে অপৰাজিত ১৪৮, টানি বেউমেণ্টে ২৭ অধিনায়িকা নাইটে ২৬, ডাংকালেই ২২ আৰু ডীনে ২১ ৰানৰ বৰঙণি যোগায় ৷ অষ্ট্রেলিয়াৰ হৈ বলিঙত এলানো কিং আৰু জেছ জনছেনে ৩টাকৈ, মেগান শ্বুটে ২টা আৰু টেহলীয়া মেকগ্রাথ আৰু গার্ডনাৰে এটাকৈ উইকেট দখল কৰে ৷ ফলত ফাইনেল খেলখনত অষ্ট্রেলিয়াই ৭১ ৰানৰ ব্যৱধানত জয়লাভ কৰি বিজয় সাব্যস্ত কৰে ৷

৪ মার্চৰ পৰা ৩ এপ্রিললৈ নিউজিলেণ্ডত ৰাউণ্ড ৰবীন আৰু নক আউট পর্যায়ত অনুষ্ঠিত মহিলা বিশ্বকাপত ২০২২ত ৮টা দলে অংশগ্রহণ কৰে ৷ এই প্রতিযোগিতাখনত ৩১খন মেচ খেলোৱা হয় আৰু ফাইনেল খেলে অষ্ট্রেলিয়া আৰু ইংলেণ্ডে ৷ প্রতিযোগিতাখনৰ শ্রেষ্ঠ খেলুৱৈ বিবেচিত হয় অষ্ট্রেলিয়াৰ এলিছা হিলী৷ প্রতিযোগিতাখনত সর্বাধিক উইকেট দখল কৰে ইংলেণ্ডৰ ছফী একলেষ্টনে৷ ছফীয়ে মুঠতে ২১টা উইকেট দখল কৰে ৷ তাৰ বিপৰীতে সর্বাধিক ৰান কৰা খেলুৱৈ হল অষ্ট্রেলিয়াৰ এলিছা হিলী৷ তেওঁ মুঠ ৫০৯ ৰান সংগ্রহ কৰে ৷

মহিলা ক্রিকেটৰ ইতিহাস চাব গলে ইয়াৰ আৰম্ভণি হৈছিল ১৯৭৩ চনত ইংলেণ্ডত ৷ সেইবাৰ অনুষ্ঠিত বিশ্বকাপত ইংলেণ্ড বিজয়ী হোৱাৰ বিপৰীতে অষ্ট্রেলিয়া ৰানার্ছ আপ হৈছিল ৷ ১৯৭৮ চনত ভাৰতত অনুষ্ঠিত বিশ্বকাপত অষ্ট্রেলিয়া বিজয়ী হোৱাৰ বিপৰীতে ইংলেণ্ড ৰানার্ছ আপ হৈছিল ৷ ১৯৮২ চনত নিউজিলেণ্ডত অনুষ্ঠিত বিশ্বকাপত অষ্ট্রেলিয়া চেম্পিয়ন হোৱাৰ বিপৰীতে ইংলেণ্ড ৰানার্ছ আপ হয় ৷ ১৯৮৮ চনত অষ্ট্রেলিয়াত অনুষ্ঠিত প্রতিযোগিতাত অষ্ট্রেলিয়া চেম্পিয়ন হোৱাৰ বিপৰীতে ইংলেণ্ড ৰানার্ছ আপ হয় ৷ ১৯৯৩ চনত ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপত ইংলেণ্ড চেম্পিয়ন হোৱাৰ বিপৰীতে নিউজিলেণ্ড ৰানার্ছ আপ হয় ৷ ১৯৯৭ চনত ভাৰতত অনুষ্ঠিত বিশ্বকাপত অষ্ট্রেলিয়া চেম্পিয়ন হোৱাৰ বিপৰীতে নিউজিলেণ্ড ৰানার্ছ আপ হয় ৷ ২০০০ চনত অনুষ্ঠিত বিশ্বকাপত নিউজিলেণ্ড চেম্পিয়ন হোৱাৰ বিপৰীতে অষ্ট্রেলিয়া ৰানার্ছ আপ হয় ৷ ২০০৫ চনত দক্ষিণ আফ্রিকাত অনুষ্ঠিত বিশ্বকাপত অষ্ট্রেলিয়া চেম্পিয়ন হোৱাৰ বিপৰীতে ভাৰত ৰানার্ছ আপ হয় ৷ ২০০৭ চনত অষ্ট্রেলিয়াত অনুষ্ঠিত বিশ্বকাপত ইংলেণ্ড চেম্পিয়ন হোৱাৰ বিপৰীতে নিউজিলেণ্ড ৰানার্ছ আপ হয় ৷ ২০১৩ চনত ভাৰতত অনুষ্ঠিত বিশ্বকাপত অষ্ট্রেলিয়া চেম্পিয়ন হোৱাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজ ৰানার্ছ আপ হয় ৷ ২০১৭  চনত ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপত ইংলেণ্ড চেম্পিয়ন হোৱাৰ বিপৰীতে ভাৰত ৰানার্ছ আপ হয় ৷ এইদৰে বিচাৰ কৰি চালে দেখা যায় যে অষ্ট্রেলিয়াই ৭বাৰ চেম্পিয়ন হোৱাৰ বিপাৰীতে ২বাৰ ৰানার্ছ আপ হৈছে ৷ লগতে ইংলেণ্ডে ৪বাৰ বিশ্বকাপ দখল কৰাৰ লগতে ৪বাৰ ৰানার্ছ আপ হৈছে ৷ মুঠৰ ওপৰত মহিলা বিশ্বকাপৰ ১২টা সংস্ক্ৰণৰ ১১টা অষ্ট্রেলিয়া–ইংলেণ্ডে দখল কৰাৰ বিপৰীতে একমাত্র নিউজিলেণ্ড এবাৰ বিশ্বকাপ দখল কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে ভাৰতে দুবাৰ, নিউজিলেণ্ডে তিনিবাৰ ৱেষ্ট ইণ্ডিজে এবাৰ ৰানার্ছ আপ হবলৈ সক্ষম হৈছে ৷

মহিলা বিশ্বকাপৰ ৰেকর্ডৰ তালিকাখনো বেছ চকুত লগা ৷ বেটিং শাখাত সর্বাধক ৰান কৰিছে নিউজিলেণ্ডৰ দেৱী হকলীয়ে ৷ তেওঁ ১৫০১ ৰান কৰিছে ৷ ব্যক্তিগত শাখাত অষ্ট্রেলিয়াৰ বেলিকা ক্লার্কে ২২৭ ৰান কৰিছে ৷ পার্টনাৰশ্বিপ হিচাপে ৰেকর্ড আছে ইংলেণ্ডৰ টমী বেউমেণ্ট আৰু চাৰাহা টেইলৰৰ মাজত৷ তেওঁলোকে ২০০৭ চনত ২৭৫ ৰান কৰিছিল ৷ এখন প্রতিযোগিতাত সর্বাধিক ৰান কৰাৰ কৃতিত্ব আছে অষ্ট্রেলিয়াৰ এলিছা হিলীৰ নামত ৷ তেওঁ চলিত বিশ্বকাপত ৫০৯ ৰান কৰে ৷ বলিং শাখাত ভাৰতৰ ঝুলন গোস্বামীয়ে সর্বাধিক ৪৩টা উইকেট দখল কৰিছে ৷  শ্রেষ্ঠ বলিং ৰেকর্ড এখন খেলত দহ অভাৰত ৬টা উইকেট৷ এই ৰেকর্ড কৰি থৈছে নিউজিলেণ্ডৰ জেকী লাডে ৷ এখন বিশ্বকাপত সর্বাধিক উইকেট দখল কৰাৰ ৰেকর্ড আছে অষ্ট্রেলিয়াৰ লীন ফুনাষ্টনৰ নামত ৷ তেওঁ ১৯৮২ চনত ২৩টা উইকেট দখল কৰিছিল ৷ উইকেটকীপাৰ হিচাপে সর্বাধিক কেচ ধৰিছে ইংলেণ্ডৰ জেন স্মিটে ৷ তেওঁ ৪০টা কেচ ধৰিবলৈ সক্ষম হৈছে ৷ দলীয় শাখাত সর্বাধিক ৰান কৰিছে অষ্ট্রেলিয়াই ৷  দলটোৱে ১৯৯৭ চনত ডেনমার্কৰ বিৰুদ্ধে ৪১২ ৰান কৰিছিল ৷ দলীয় শাখাত সর্বনিম্ন ৰান কৰিছে পাকিস্তানে ৷ দলটোৱে ১৯৯৭ চনত অষ্ট্রেলিয়াৰ বিৰুদ্ধে ২৭ ৰানত অলআউট হৈছিল ৷ আনহাতে সর্বাধিক পৰাস্ত হোৱাৰ নজিৰ আছে ভাৰতৰ নামত৷ দলটোৱে ৩১বাৰ পৰাস্ত হৈছে ৷

ভাৰতীয় মহিলা দলটোৱে এইপর্যন্ত বিশ্বকাপৰ মুকুট পিন্ধিব পৰা নাই ৷ দুবাৰ দলটোৱে ৰানার্ছ আপৰ সন্মান পাইছে যদিও বিজয়ী হব পৰা নাই ৷ আশা–ভৰসা ভাৰতীয় মহিলা দলটোৰ ওপৰৰ সকলো আছে বা থাকিব ৷ এইবাৰ ন বলৰ ড্রেজিকৰ বাবে দলটোৰ ছেমিফাইনেলত বাট বন্ধ হৈছিল ৷ অনাগত সময় হব ভাৰতীয় মহিলা দলটোৱে খিতাপ জয় কৰি দেশক মহীয়ন কৰা ৷ সেয়া সময়লৈ অপেক্ষা কৰিব লাগিব ৷ অষ্ট্রেলিয়াই খিতাপ জয়েৰে ইতিহাস সৃষ্টি কৰাৰ বিপৰীতে মহিলা ক্রিকেটত দপদপনি অব্যাহত ৰাখিছে ৷ আনহাতে খিতাপ জয়ৰ স্বপ্ণত বিভোৰ ভাৰতীয় মহিলা ক্রিকেট দল ৷

ফোনঃ  ৬০০১৫-২১৭৮০

You might also like
Leave A Reply

Your email address will not be published.