শিখা ডি হাৰলালকা
বহু সময়ৰ অন্তত ছবিজগতলৈ কিছু পৰিৱর্তন আহিছে৷ কিছুমান এনে কণ্টেণ্ট লৈ পৰিচালকে ছবি নিমর্মাণ কৰিবলৈ আগবাঢ়িছে, যত ৰিস্ক্ ফেক্টৰ বহুত আছে৷ অর্থাৎ ছবিখন হিট হব নে ফ্লপ হব, সেয়া ধূঁৱলি–কুঁৱলী, অর্থাৎ অস্পষ্ট৷ এনে এটা কণ্টেণ্ট হৈছে মাইথলজী বা পৌৰাণিক কথা বা ঘটনাসমূহ৷ আৰু আমাৰ দেশ এই পৌৰাণিক মহাকথাসমূহৰ ক্ষেত্রত পৃথিৱীৰ ভিতৰতে হয়োত একক আৰু অদ্বিতীয়৷ ৰামায়ণ, মহাভাৰত, বিক্রম–বেতাল, পঞ্চতন্ত্র, বেদ, পুৰাণ, উপনিষদৰ পৰা তুলি অনা লাখ লাখ হিতোপদেশমূলক সাধুকথাৰে আমি চহকী৷ ৰামায়ণ, মহাভাৰতত বর্ণিত এনে বহু কাহিনীৰ আৰম্ভণিটো আছে, কিন্তু শেষ নাই৷ এই ধৰণৰ এটা কাহিনীকেই বর্তমান সময়ৰ উপযোগী হোৱাকৈ বিজ্ঞান আৰু মাইথলজীৰ সংমিশ্রণত দর্শকলৈ বুলি আগববাই দিছে দক্ষিণৰ পৰিচালক নাগ অশ্বিনে৷
মহাভাৰতৰ জ্ঞান যিসকলৰ আছে তেওঁলোকে জানে যে মহাভাৰতৰ কুৰুক্ষেত্র যুদ্ধৰ এজন মহাপৰাক্রমী বীৰ আছিল অশ্বত্থামা৷ শ্রীকৃষৰ ভৱিষ্যদ্বাণী আছিল যে কলিযুগত যেতিয়া অধর্ম, অনীতি চূডান্ত শিখৰ পাব, মানুহে ভগৱানৰ ওপৰত আস্থা হেৰুওৱাৰ উপক্রম হব, সেই সময়ত ভগৱান বিষুৱে কল্কি অৱতাৰ ধাৰণ কৰি পৃথিৱীৰ পৰা অধর্ম বিনাশ কৰিব৷ পৃথিৱীত পুনৰ সত্য আৰু ধর্মৰ পুনৰ সংস্থাপন হব৷ পিছে এই গোটেই ঘটনাচক্রত অশ্বত্থামা কেনেকৈ জডিত আমি সকলোৱে জানো যে মহাপৰাক্রমী, বলশালী অশ্বত্থামা কুৰুক্ষেত্র যুদ্ধত কৌৰৱৰ ফলীয়া আছিল৷ তেওঁ কর্ণৰ সহযোগী হৈ দুর্যোধনৰ পক্ষৰ পৰা যুধিষ্ঠিৰ আৰু কৃষ প্রমুখ্যে পঞ্চ পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিছিল৷ অশ্বত্থামাৰ বল আৰু পৰাক্রমৰ বাবে তেওঁ যুদ্ধৰ শেষলৈ মৃত্যুমুখত পৰা নাছিল, ইয়াৰ বিপৰীতে যুদ্ধভূমিত তেওঁৰ চকুৰ সন্মুখতে কুৰুবংশ ধবংস হৈছিল, তেওঁৰ প্রাণপ্রিয় সখা কর্ণৰ মৃত্যু হৈছিল৷ এইসমূহ দেখি, আৱেগবিহবল অশ্বত্থামাই যেতিয়া কৃষক মৃত্যু কামনা কৰিছিল, তেতিয়া শ্রীকৃষই তেওঁক অভিশাপ দি কৈছিল যে মহাজ্ঞানী আৰু পৰাক্রমী হৈয়ো তেওঁ কৌৰৱৰ পক্ষে কুৰুক্ষেত্র ৰণত যুঁজি মূর্খতাৰ পৰিচয় দিয়াই নহয়, অর্জুন, ভীম, যুধিষ্ঠিৰৰ লগতে পঞ্চ পাণ্ডৱসকলৰ জীৱনলৈও সংশয় নমাই আনিছিল, যাৰ বাবে তেওঁ ক্ষমাৰ অযোগ্য৷ গতিকে যি ভগৱানৰ বিৰুদ্ধে তেওঁ যুঁজ দিছিল, কলিযুগত সেই ভগৱানৰ নিৰাপত্তা সুনিষ্চিত কৰিবলৈ তেওঁ অজৰ–মৰ হৈ এই পৃথিৱীতে আজীৱন থাকিব লাগিব৷ অর্থাৎ অভিশাপৰ ফলতে ফলতে অশ্বত্থামা আজিও পৃথিৱীত জীৱিত অৱস্থাত কলিৰ শেষলৈ অপক্ষো কৰি আছে বুলি বিশ্বাস প্রচলিত হৈ আছে৷ এয়াই হৈছে মহাভাৰতৰ কাহিনী আৰু লগতে যিসকল যুৱপ্রজন্ম তেওঁলোকক অশ্বত্থামাৰ সৈতে চিনাকি কৰাই দিয়াৰ প্রয়াস, কাৰণ আমাৰ কাহিনীৰ অন্যতম হিৰো অশ্বত্থামা৷ এতিয়া আহোঁ, কল্কি–২৮৯৮ এডি ছবিখনৰ কাহিনীৰ মাজলৈ৷ ছবিখনৰ আৰম্ভণি হৈছে পৃথিৱীৰ প্রথম চহৰৰূপে খ্যাত শিৱধাম কালীনগৰীৰ পৰা, যি কলিৰ শেষ কালত একমাত্র জাৱিত চহৰ ৰূপে হাজাৰ হাজাৰ বছৰ পিছৰ এখন পৃথিৱী পৰিচালকে ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে৷ অর্থাৎ ভৱিষ্যতৰ পৃথিৱী, যত ভগৱানৰ অস্তিত্ব লুপ্তপ্রায়৷ ইয়াত ওলোটা পিৰামিডৰ আর্হিৰ এক ঘৰ আছে, যাৰ নাম কমপ্লেক্স, যত বিশুদ্ধ খোৱাপানী, অক্সিজেন, ফলমূল, খাদ্যসামগ্রী উভৈনদী আৰু যলৈ যাব পৰাটোৱেই জীৱিত জীৱকুলৰ একমাত্র লক্ষ্য৷ ইয়াত সাধাৰণ মানুহৰ জীৱনশৈলী তথা দুর্দশাগ্রস্ততাৰ ছবিখন এনেভাৱে দেখুওৱা হৈছে যে মনতে প্রশ্ণ জাগে, সঁচাকৈ জীৱকুলৰ ভৱিষ্যৎ এনে হবগৈ নেকি।
আগতে উল্লেখ কৰা কমপ্লেক্স হৈছে কলিযুগৰ ভগৱান ছুপ্রিম য়াছকিন বা প্রাসাদ, যিয়ে সকলো নির্ধাৰণ কৰে, ভগৱানৰ অস্তিত্ব যিয়ে নোহোৱা কৰি পেলাইছে৷ এই য়াছকিনৰ বিশাল বিজ্ঞান প্রয়োগশালালৈ লৈ অনা হয় যুৱতী–কিশোৰীসকলক্৷ যত তেওঁলোকক বৈজ্ঞানিক প্রয়োগেৰে গর্ভৱতী কৰা হয় চাৰি মাহৰ বাবে৷ নহয় আপুনি ভবাৰ দৰে সন্তান জন্ম দিবলৈ নহয়৷ ছুপ্রিম য়াছকিনক প্রয়োজন এশ বিশ দিনীয়া মানৱ ভ্রূণৰ৷ কি কাহিনী লুকাই আছে এনে অমানৱীয় প্রয়োগৰ আঁৰত ছবিখনত এক গুৰুত্বপূর্ণ ভূমিকাত আছে দীপিকা পাডুকন, এক টেষ্ট কেছ ছাম–৮০ দীপিকাই নিজৰ ভ্রূণ ৰক্ষা কৰি সন্তান জন্ম দিব পাৰে নেকি ভগৱানৰ অৱতাৰক ৰক্ষা কৰিবলৈ অজৰ–মৰ হৈ থকা অশ্বত্থামাই ৰক্ষা কৰিব পাৰেগৈনে সেই শিশুক এই প্রশ্নৰ উত্তৰ এতিয়াই নাপাব কাৰণ এক ইতিবাচক আৰম্ভণিৰ নিশ্চয়তা দি ছবিখন শেষ কৰিছে পৰিচালকে৷
ছবিখনৰ ভিএফএক্স ছবিখনৰ মূল উপজীব্য৷ চিনেমেটগ্রাফী কৰিছে ছার্বিয়ান চিনেমেটগ্রাফাৰ ডিজর্জে ষ্টজিজকভিয়ে৷ হলীউডী চিনেমাৰ লগত সমানে ফেৰ মাৰিব পৰাকৈ সকলো উপাদান আছে এইখন ছবিত৷ ছবিখনৰ সংগীতৰ এক গুৰুত্বপূর্ণ স্থান আছে৷ কাৰণ পৌৰাণিক কাহিনী, চৰিত্র আৰু আধুনিক বিজ্ঞানৰ সংমিশ্রণৰ এক ছবিত সংগীত দিয়াটো একপ্রকাৰ দুঃসাহস৷ এই অসাধ্য সাধন কৰিছে দক্ষিণৰ জনপ্রিয় সংগীত পৰিচালক সন্তোষ নাৰায়ণনে৷
ভাৰতীয় চিনেমাৰ ইতিহাসত ছশ কোটি টকা বাজেটৰ এইখন সর্বকালৰ ব্যয়বহুল ছবি৷ বাকী থাকিল অভিনয়ৰ কথা৷ অমিতাভ বচ্চন, কামাল হাছান, দীপিকা পাডুকন, প্রভাসৰ লগতে কেইবাটাও গুৰুত্বপূর্ণ চৰিত্রত কম সময়ৰ বাবে ভুমুকি মাৰিছে বলীউড আৰু দক্ষিণৰ ভালেসংখ্যক জনপ্রিয় তাৰকাই৷ এখন বক্স অফিচ সফল ছুপাৰহিট ছবি হোৱাৰ সমল পূৰামাত্রাই আছে কল্কি–২৮৯৮ এডিত৷
স্মার্ট পৰিচালকে ভাৰতীয় সভ্যতা–সংস্কৃতিক সুন্দৰ ৰূপত তুলি ধৰাই নহয়, বর্তমানৰ বিজ্ঞানমনস্ক্তাৰ লগত ইয়াৰ যি সেতু সাজিছে, চিনেমাখন চালে অনুভৱ কৰিব পাৰিব৷ ছবিখনৰ প্রথমছোৱা কিছু লেহেমীয়া আৰু অনর্থক হাঁহি–খিকিন্দালিৰ পৰিৱেশ সৃষ্টিৰ বাবে পৰিচালক জবাবদিহি৷ কিন্তু পিছৰছোৱাত কাহিনীয়ে যিদৰে গতি লৈছে, এক অদ্ভুত ৰোমাঞ্চকৰ অভিজ্ঞতা সেয়া৷
শেষত আমাৰ শ্রদ্ধাৰ পপুৱৈসকললৈ বুলি ছুপ্রিম য়াছকিনৰ চৰিত্র ৰূপায়ণ কৰা, দক্ষিণৰ জনপ্রিয় ছুপাৰষ্টাৰগৰাকীক চিনি উলিয়াব পাৰিলেনে ছবিখন নিশ্চয়কৈ উপভোগ কৰক৷
ফোনঃ ৮৮২২৯-৭১২১৭
Comments are closed, but trackbacks and pingbacks are open.