শিখা ডি হাৰলালকা
চিনেমাক কোৱা হয় জনজীৱনৰ দাপোণ৷ সৰু সৰু ঘটনা–পৰিঘটনাই পিষ্ট কৰি পেলোৱা আপোনাৰ মোৰ দৰেই কিছুমান মানুহ, যিসকলক চতুৰ পৰিচালকে শক্তিশালী চিত্রনাট্য আৰু কাহিনী কথনৰ বাহাদুৰীৰে বিশ্ববিজয়ী কৰি তোলে ছবিৰ মাধ্যমেৰে৷ এইখিনিতে কওঁ চিনেমা আৰু কিতাপ, দুটা সম্পূর্ণ সুকীয়া বিষয়৷ কিন্তু সময়ে সময়ে চিনেমাৰ আবেদন বা আকর্ষণ কিতাপৰ কাহিনীতকৈ সদায়ে বেছি৷ সেইবাবেই হয়তো বেষ্ট ছেলাৰ গ্রন্থক চিনেমাৰ ৰূপ দিবলৈ প্রযোজক–পৰিচালক সততে আগ্রহী হোৱা দেখা যায়৷ আজিৰ ছবিখন বেষ্ট ছেলিং মালয়ালম উপন্যাস আদুর্জীৱিতমৰ ওপৰত নির্মিত শিহৰণকাৰী ছাভাইভেল থ্রিলাৰ দ্য গট লাইফ৷
আপোনাক জনাই থওঁ, জনপ্রিয় মালয়ালী লেখক বেনিয়ামেনে গ্রন্থ বা উপন্যাসৰ ৰূপ দিয়া এই বহল চর্চিত কাহিনীটো সম্পূর্ণ সঁচা৷ পোনে পোনে কাহিনীটো ভগাই লওঁ আপোনালোকৰ লগত৷ কেৰালাৰ আলাপুজা নামৰ ঠাইৰ পৰা ১৯৯৩ চনত ছৌদি আৰবলৈ যাত্রা কৰিছিল নজীব নামৰ অতি দৰিদ্র পৰিয়ালৰ যুৱকজনে৷ উদ্দেশ্য আছিল ছৌদিৰ এথন ডিপার্টমেণ্টেল ষ্টোৰত কাম কৰি পুনৰ কিছু বছৰত বুজন পৰিমাণৰ অর্থ উপার্জন কৰি নিজ দেশলৈ উভতি অহা৷ ঘৰত এৰি গৈছিল মাক আৰু গর্ভৱতী পত্নীক৷ দৰিদ্রতাই গ্রাস কৰি পেলোৱা সেই সময়ৰ ভাৰতবর্ষৰ প্রতিখন ঘৰৰ এজন হলেও ব্যক্তিয়ে ধনী আৰব শ্বেখৰ দেশলৈ গৈ হাডভগা শ্রম কৰি পইচা ঘটি অনাৰ সপোন দেখিছিল, নজীবো ইয়াৰ ব্যতিক্রম নাছিল৷ পিছে নজীবে সপোনতো নভবা ঘটনা ঘটিছিল আৰবলৈ গৈ পোৱাৰ পিছত৷
বিমানবন্দৰত ভয়ংকৰ ষডযন্ত্রৰ বলি হয় নজীব৷ ক্রুৰ, ভয়ংকৰ আৰব শ্বেখৰ হাতত পৰে নজীব আৰু তাৰ পিছত নজীবৰ লগত কিয় হয় শুনিলে হূদয় ভাঙি টুকুৰা টুকুৰ হব হূদয়হীন লোকৰো৷ নজীবক লৈ যোৱা হয় মধ্যপ্রাচ্যৰ বহু ভিতৰৰ এখন মৰুভূমিলৈ, যত আছিল কেৱল চকুৰে মণিব পৰালৈকে কেৱল বালিৰ মৰুভূমি, এটা জন্তু থকাৰো অযোগ্য ভঙা কোঠা আৰু ৭০০ ছাগলী৷ হয়, নজীবক ছল–চাতুৰীৰে দুটা বছৰলৈকে সেই ঠাইত ছাগলী ৰখীয়া হিচাপে ৰখা হৈছিল বিনাবেতন তথা পর্যাপ্ত আহাৰ আৰু বস্ত্র অবিহনে৷ এনে লোকক বহুলভাৱে মধ্যপ্রাচ্য বা আৰবৰ দেশত জনা যায় বলপূর্বক শ্রমিক বুলি৷ অর্থাৎ জীৱনৰ অন্তিম দিনটোলৈ এওঁলোকে পাৰিশ্রমিক অবিহনে, নিজৰ পৰিয়াল–পৰিজনক নেদেখাকৈয়ে কাম কৰি যাবলগীয়া হয়৷ প্রতিবাদ কৰিলেই আৰবৰ শ্বেইখৰ চাবুকৰ কোব, উদ্যত বন্দুক৷ তাত নাই কোনো ধৰণৰ আইন–কানুন৷ যত এজন বলপূর্বক শ্রমিকৰ জীৱনৰ মূল্য এটা ছাগলীতকৈও কম৷ আৰব শ্বেখৰ বন্দুকৰ গুলীত প্রাণ হেৰুওৱা এনে দুর্ভগীয়াৰ মঙহ ছিৰাছিৰ কৰি খাবলৈ মৰুভূমিত অনবৰত সষ্টম এজাক ভোকাতুৰ শগুন৷ হয়, আপুনি এই মুহূর্তত কল্পনা কৰিবলৈও ভয় কৰা এনে এক নৰকত এজন ভাৰতীয় লোকে দুবছৰৰ অধিক কাল কটাইছিল৷ কেৱল জীয়াই থকাই নহয়, ভগৱানৰ আশীর্বাদ আৰু নিজৰ হাৰ নমনা মনোবলৰ বাবে নজীবে সুদীর্ঘ আৈৈ বছৰৰ মূৰত নিজৰ পত্নী–সন্তানৰ ওচৰলৈ উভতি আহিছিল৷ নজীবৰ এই অবিশ্বাস্য জীৱন যঁুজৰ এক শিহৰণকাৰী বর্ণনাৰে লেখক বেনিয়ামিনৰ উপন্যাস আদুর্জীৱিতমক চিনেমাৰ ৰূপ দিছে অনুভৱী পৰিচালক ব্লেছীয়ে৷ ৪০ কোটি টকা বাজেটৰ এই ছবিখনৰ সৰহসংখ্যক শ্বুটিং কৰা হৈছে জর্ডান আৰু আলজেৰিয়াত৷ কিছু দৃশ্য ভাৰতৰ কেৰালাত৷ আটাইতকৈ ডাঙৰ কথা পৰিচালকে এই ছবিখন সম্পূর্ণ কৰিবলৈ সময় লৈছে নটাকৈ বছৰ৷
ৰিয়েল লাইফ আৰু চিনেমাৰ মাজৰ সীমাৰেখাডাল বহুত অস্পষ্ট এইখন ছবিত৷ এখন সাংঘাতিক ছিৰিয়াছ চিনেমা, যত লোকেচনৰ নামত কেৱল বালিময় মৰুভূমি, ছুপাৰষ্টাৰ হিৰোৰ ঠাইত মালয়ালম ছবিজগতৰ ছিৰিয়াছ অভিনেতা পৃত্থিৰাজ সুকুমাৰন, কোনো গান নাই, কোনো নাচ নাই, নাই কোনো হট নায়িকা৷ দুই ঘণ্টা ৫২ মিনিটৰ ছবিখনত কেমেৰা একপ্রকাৰ স্থিৰ নজীব ওৰফে পৃত্থিৰাজ সুকুমাৰনৰ ওপৰত৷ আৰু আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে ৪০ কোটি টকা বাজেটৰ চিনেমাখনৰ আজিৰ তাৰিখলৈ উপার্জন ১৬০ কোটি টকা৷ চেষ্টা, কষ্ট, অধ্যৱসায় আৰু অসাধাৰণ কাহিনী কথন ক্ষমতাৰে এই অসাধ্য সাধন কৰিছে পৰিচালক ব্লেছী আৰু অভিনেতা পৃত্থিৰাজে৷ ২০২৪ চনৰ এখন অন্যতম স্মৰণীয় ছবি হৈ ৰব দ্য গট লাইফ৷ মূল চৰিত্রত পৃত্থিৰাজৰ অভিনয় একে আষাৰে কম অস্কাৰৰ সমপর্যায়ৰ৷ আপুনি নিষ্চয় দ্য ৰেভেনাণ্ট নামৰ হলীউডৰ ছবিখনৰ বিষয়ে জানে, যত মূল চৰিত্রত অভিনয় কৰি লিনার্ড ডিকেপ্রিয়ই শ্রেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা জয় কৰিছিল৷ দ্য গট লাইফৰ দৰে দ্য ৰেভেনাণ্টও এখন ছাৰর্ভাইভেল থ্রিলাৰ চিনেমা৷ গতিকে এইবেলি অস্কাৰ দৌৰত যে এইখন ছবি সন্মুখত থাকিব, দর্শকসকলে নিষ্চয় আশা আৰু নজৰ ৰাখিব৷
এখন অলৰাউণ্ডাৰ চিনেমা৷ কোনো ৰং–বিৰঙী শ্বুটিং ছেট অবিহনে, কোনো ভিএফএক্স অবিহনে, এজন জিনিয়াছ ডাইৰেক্টৰে, এজন অসাধাৰণ অভিনেতাৰ জৰিয়তে যি কাহিনী আমাক দেখুৱাইছে, চিনেমা হলৰ পৰা ওলাই অহাৰ কেইবাঘণ্টা পাছলৈকে মূৰত পাকঘূৰণি খাই থাকিব, চিনেমাখনৰ আফটাৰ এফেক্ট এজন সফল পৰিচালকৰ সংজ্ঞা আচলতে এয়াই৷
ইতিমধ্যে ছৌদি আৰবত নিষিদ্ধ কৰা হৈছে দ্য গট লাইফ৷ কাৰণটো নিষ্চয় আপোনাক বুজাই কব নালাগে৷ এইখিনিতে পৰিচালক আৰু অভিনেতাৰ পাৰফেকচনৰ এটা সৰু উদাহৰণ নিদিলে লেখাটো আধৰুৱা হৈ ৰব৷ মৰুভূমিৰ মাজত ৭০০ ছাগলীৰ একমাত্র ৰখীয়া নজীবে খাদ্যৰ নামত লোৱা এখন ৰুটী খোৱাৰ এটা দৃশ্য আছে, যত তেওঁ ৰুটীখন ছাগলীৰ দৰে চোবাই চোবাই খায়৷ হয়তো দুসাজ কাপোৰ আৰু নিয়মিত গা ধোৱাৰ পৰা আঁতৰাই ৰখা এই বলপূর্বক শ্রমিকজন আৰু ছাগলীৰ জাকটোৰ মাজত কোনো পার্থক্য নাই৷ কোনোবাখিনিত তেনে এখন নৰকসদৃশ মৰুভূমিত জন্তু–মানুহ চব একাকাৰ৷ গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ দুখ অনুভৱ হব দৃশ্যটো চাই উঠা প্রতিজন দর্শকৰ মনত৷ মানুহ সঁচাকৈয়ে সর্বশক্তিমাননে প্রশ্ণটো এৰিলোঁ পপুৱৈসকললৈ বুলি৷ এখন ছিৰিয়াছ চিনেমা আৰু হয়তো প্রথমবাৰলৈ কোনো পৰিচালকে ছাব–টাইটেল ব্যৱহাৰ কৰা নাই তেওঁৰ চিনেমাত৷ বিশেষকৈ ক্রুৰ আৰব শ্বেখৰ অত্যাচাৰৰ সন্মুখীন হোৱা নজীবে কেতিয়াও ভাবৰ আদান–প্রদান কৰিব নোৱাৰিলে মালিকৰ লগত৷ হয়তো ভাষা বুজিলে, মালিকৰ লগত কথা যদি পাতিব পাৰিলেহেঁতেন নজীৱৰ ওপৰত অত্যাচাৰ হয়তো ইমান নহলহেঁতেন৷ দর্শক হিচাপে এয়া আমাৰ মনৰ ভাব৷ আৰু অনুভৱী পৰিচালকে, এজন অর্ধশিক্ষিত মালয়ালী বলপূর্বক শ্রমিকৰ সেই কথা বুজাই কব নোৱাৰাৰ যি অসামর্থ্য, সেয়া যাতে প্রায় তিনি ঘণ্টাৰ ছবিখনত দর্শকে অনুভৱ কৰি উঠে, তাৰ বাবেই হয়তো এয়া এক সম্পৰীক্ষা ছবিখনত কৰিছে৷
ফোন : ৮৮২২৯-৭১২১৭
Comments are closed, but trackbacks and pingbacks are open.