দৰ্শনা বৰুৱা
আগষ্টত ছবিগৃহলৈ আহিল যশস্বী অভিনেতা প্ৰয়াত নিপন গোস্বামীয়ে অভিনয় কৰা অন্তিমখন অসমীয়া চিনেমা ‘সেউজ সন্ধান’। অহা ২ আগষ্টত অসমৰ বিভিন্ন চিনেমা হলত মুক্তি লাভ কৰিব অসমীয়া চিনেমা জগতৰ শ্ৰদ্ধেয় শিল্পী প্ৰয়াত নিপন গোস্বামীয়ে অভিনয় কৰা চিনেমা ‘সেউজ সন্ধান’-এ। অসমৰ এগৰাকী বিশিষ্ট চলচিত্ৰ নিৰ্মাতা মঞ্জু বৰাই পৰিচালনা কৰা আৰু ‘মেঘমল্লাৰ আৰ্ট ফাউণ্ডেছনে’ নিৰ্মাণ কৰা চিনেমাখনত নিপন গোস্বামীৰ লগতে বিশিষ্ট অভিনেতা তৌফিক ৰহমান, দেৱজিৎ মজুমদাৰ আদিয়ে অভিনয় কৰিছে৷চলচ্চিত্ৰ খনৰ লগত বিশেষ ভাৱে জড়িত হৈ আছে অনুপ শইকীয়া৷
বিলুপ্তিৰ পথত আগবঢ়া টাই ফাকে জনগোষ্ঠীক দৃশ্য শ্ৰাব্যৰ মাধ্যমৰে পৰিচিত কৰাই বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে ৷ দশম সংখ্যক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ছিমলালৈ নিৰ্বাচিত অসমৰ টাই ফাকে ভাষাৰ প্ৰথম ছবি “পাই টাং”, step of hope অহা ১৬ আগষ্টৰ পৰা ১৮ আগষ্টলৈকে হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলাত অনুস্থিত হ’বলগীয়া দশম সংখ্যক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে প্ৰবাল খাওন্দ পৰিচালিত অসমৰ ছবি “পাই টাং”,step of hope ৷ টাই ফাকে ভাষাৰ প্ৰথম ছবি পাই টাং আনছ এন্টাৰটেইন্টমেন্টৰ বেনাৰত প্ৰযোজনা কৰিছে নৱ কুমাৰ ভূঞা আৰু কাৰ্যবাহী প্ৰযোজক সংগীতা নাথ ভূঞা ৷ সঁচা কাহিনীৰ আলমত নিৰ্মিত ছবিখনৰ চিত্ৰনাট্য প্ৰবাল খাওন্দ আৰু মীনাক্ষি ডেকাৰ ৷ চিত্ৰগ্ৰহন পাপু ডেকাৰ ৷ ছবিখনৰ সম্পাদনা কৰিছে ৰমেন বৰাই আৰু ছাউণ্ড ডিজাইন দেৱজিৎ গায়নৰ ৷ ডি আই ঘনশ্যাম কলিতা৷ ৰাজীৱ কাশ্যপৰ আৱহ সংগীতত ছবি খনৰ একমাত্ৰ গীতটিৰ গীতিকাৰ আই চা থমৌং আৰু কন্ঠশিল্পী জে হম হাইলোং ৷ বিলুপ্তিৰ পথত আগবঢ়া এটা জনগোষ্ঠীৰ সংগ্ৰাম তথা নিজৰ ভাষা, সংস্কৃতি উজ্জিৱীত কৰি ৰখাৰ প্ৰয়াস ছবিখনত দেখুওৱা হৈছে ৷ নাহৰকটীয়াৰ নামফাকে গাওঁত দৃশ্যগ্ৰহণ কৰা ছবিখনত জ্ঞনাপাল মহাথেৰ , হম চেন উইংকেন , নুক চেন উইংকেন, পেইম থি গোহাঁইৰ লগতে নামফাকেৰ বহু শিল্পীয়ে অভিনয় কৰাৰ উপৰিও অতিথি শিল্পীৰূপে আছে জোৱান দত্ত আৰু প্ৰতিভা চৌধুৰী ৷
প্ৰবাল খাওন্দ পৰিচালিত প্ৰথম ছবি “পাই টাং ” ইতিমধ্যে ২৯ সংখ্যক কলকাতা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ , ১১ সংখ্যাক বাংগালুৰু আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ , দাৰভাংগা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আৰু নৰ্থইস্ট ইন্টাৰনেচনেল ফ্লিম ফেস্টিভেলৰ দৰে দেশৰ আগশাৰীৰ মহোৎসৱত সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷
সেইদৰে দশম আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ছিমলালৈ প্ৰবাল খাউণ্ড পৰিচালিত তথ্যচিত্ৰ “দা লাস্ট জেনেৰেচন ” নিৰ্বাচিত হৈছে৷ অৰুণাচলৰ আপাটানী জনগোষ্ঠীৰ হেৰাই যাবলৈ ধৰা এক পৰম্পৰা য়াপিং হোল আৰু টিপেই পদ্ধতিৰ ওপৰত নিৰ্মাণ কৰা ‘দা লাস্ট জেনেৰেচন’ জালান ফিল্মচৰ বেনাৰত প্ৰযোজনা কৰিছে বিশিষ্ট সাংস্কৃতিক কৰ্মী- লেখক গোপাল জালান আৰু ধ্ৰুৱজ্যোতি কাকতিয়ে ৷ ডকোমেন্টৰী ছবিখনৰ চিত্ৰনাট্য মিনাক্ষী ডেকা , চিত্ৰগ্ৰহণ চিদা বৰা , সম্পাদনা ঘনশ্যাম কলিতা , আৱহ সংগীত ৰাজীৱ কাশ্যপ , চাউণ্ড ডিজাইন দেৱজিৎ গায়ন , কালাৰ শ্যামল দাসৰ ৷
জ্যোতি চিত্ৰবনত অলপতে উন্মোচন হ’ল ‘ধ্বজা’ নামৰ এখন নতুন ছবিৰ পষ্টাৰ R3 motion pictures বেনাৰত নিৰ্মাণ হ’ব লগা ছবিখনৰ পৰিচালক শ্বাহজাহান ৰহমান৷ অভিনেতা ৰবি শৰ্মা , দিগন্ত হাজৰিকা, উদয়ন দুৱৰা ইত্যাদি অভিনেতাই চিনেমাখনত অভিনয় কৰিব৷ ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হ’ব ভাৰত তথা থাইলেণ্ড বিভিন্ন প্ৰান্তত৷ “ধ্বজা” হৈছে বিশেষ বাহিনীৰ এজন নিষ্ঠাবান বিষয়া মেজৰৰ জীৱনক অনুসৰণ কৰা এখন গ্ৰিপিং একচন থ্ৰিলাৰ।ভাৰত আৰু থাইলেণ্ড দুয়োখন দেশৰ সহযোগিতাৰে “ধ্বজা”-এ থাইলেণ্ড আৰু ভাৰতৰ উভয়ৰে প্ৰতিভা আৰু সম্পদক যুক্ত কৰি কাম কৰাৰ চেষ্টা কৰিছে৷ ছবিখনৰ একচন হলিউডৰ বিখ্যাত একচন দল “দ্য ৱান”ৰ দ্বাৰা ডিজাইন কৰা হৈছে। চিনেমাখনৰ পৰিচালক শ্বাহনৱাজ ৰহমানে জনোৱা মতে ‘‘ধ্বজা’ৰ জৰিয়তে কেৱল বীৰত্ব আৰু কৰ্তব্যৰ কাহিনী কোৱাই নহয়, থাইলেণ্ড আৰু ভাৰতৰ মাজত এক অভূতপূৰ্ব সহযোগিতাৰ জৰিয়তে সাংস্কৃতিক বিভাজনৰ সেতুবন্ধন কৰিছে৷
ফোনঃ ৯১০১৬-০১৭০২
Comments are closed, but trackbacks and pingbacks are open.