দর্শকৰ মন–মগজু উদ্বেলিত কৰা ছবি মহাৰাজা

শিখা ডি হাৰলালকা

ছাছপেঞ্চ, থ্রিলাৰ, ড্রামা, ইমচনৰ পাৰফেক্ট কম্বিনেচন, এখন তামিল চিনেমাৰ কথা আজি ভগাই লব খুজিছোঁ আপোনালোকৰ লগত৷ এইখিনিতে কওঁ, কিছুমান চিনেমা বা কাহিনীৰ বিষয়ে আলোচনা কৰোঁতে পাতনিৰ প্রয়োজন নাথাকে৷ আমাৰ এইখন ছবিতো কোনো পাতনি আজি আমি দিয়া নাই৷ আৰম্ভণিৰ পৰা শেষলৈকে দর্শকক মন–মগজু কাবু কৰি পেলোৱা এখন তামিল ছবি মহাৰাজা৷

আপোনাৰ ঘৰত চুৰি হল৷ আপুনি আৰক্ষী থানালৈ যাব, এফআইআৰ লেখাব, আৰক্ষীয়ে অনুসন্ধান আগববাব, সেয়াই স্বাভাৱিক৷ কিন্তু আৰক্ষীক এফআইআৰ দিয়াৰ পিছত, চুৰি হোৱা বস্তু বিচৰাৰ নামত আৰক্ষীয়ে জোলোকা–জোলোকে পানী খাইছে, তদন্তকাৰী আৰক্ষীক গোচৰদাতাই পাঁচ লাখ টকাৰ ঘোচ পর্যন্ত দিছে, তেওঁৰ হেৰুওৱা বস্তুটো বিচাৰি দিবলৈ৷ আৰক্ষীয়েও বলিয়াৰ দৰে বিচাৰি ফুৰিছে চুৰি হোৱা সম্পদ৷ পিছে কি চুৰি হৈছিল মহাৰাজা নামৰ নাপিতজনৰ ঘৰৰ পৰা শুনিবলৈ আপুনি সাজুনে শুনক৷ এটা ডাষ্টবিন, লক্ষী নামৰ এই ডাষ্টবিনটো বিচাৰি উলিয়াবলৈকে মহাৰাজাই পাঁচ লাখ ঘোচ দিছিল পুলিচক৷ আপুনি ভাবিছে নিশ্চয় কোনোবা পগলা মানুহ এই মহাৰাজা৷ পিছে আপুনি ভবাতকৈ বহু বেছি ছাছপেঞ্চ আৰু থ্রিলাৰ লুকাই আছে এই ঘটনাৰ আঁৰত৷

যদি কওঁ যে ভাৰতত আজিলৈ নির্মিত আটাইতকৈ ডিষ্টার্বিং মুভী কোনখন, বিশ্বাস কৰক, এই মুহূর্তত মহাৰাজাৰ বাহিৰে আন কোনো ছবিৰ কথা মনলৈ নাহে৷ চিনেমাখন উপভোগ কৰাৰ আগতে সামান্য সতর্কবাণী চিনেমাখন বাহিৰৰ পৰা দেখাত যিমান সহজ, ভিতৰত সিমানেই জটিল আৰু ডিষ্টার্বিং, যি আপোনাক মানসিকভাৱে কিছু অৱসাদগ্রস্ততা আনি দিব পাৰে৷ পিছে এয়াও চিনেমাখনৰ পৰিচালক তথা অভিনেতাৰ কৃতিত্ব, সেয়া মানিবই লাগিব৷

ছবিখনত মহাৰাজাৰ ঘৰৰ চুৰিকাণ্ডৰ সমান্তৰালকৈ চলি থাকে আন এটা কাহিনী৷ এজন নির্দয় চোৰৰ কাহিনী, যিয়ে চুৰি কার্য সংঘটিত কৰি, সেই লোকৰ ঘৰত ৰান্ধি–বািি খাই অহাই নহয়, গৃহস্থক নির্মমভাৱে হত্যা কৰি থৈ আহে৷ এতিয়া কথা হল এইজন চোৰৰ মহাৰাজাৰ লগত কি সম্পর্ক মহাৰাজাৰ ঘৰৰ ডাষ্টবিনটো এইজন চোৰে চুৰি কৰিছিল নেকি ৰব আপোনালোকৰ কল্পনাক বিৰাম দিয়ক৷ ছবিখনৰ ক্লাইমেক্সত এই সকলো কথা পাত পাতকৈ বুজাই কৈছে পৰিচালকে৷ আকৌ এবাৰ কৈছোঁ, এই চিনেমাখনৰ ক্লাইমেক্স ইমান বেছি ভায়লেট আৰু অপ্রত্যাশিত, আপুনি যে শিহৰিত হৈ উঠিব সেয়া খাটাং৷

হিন্দী, তামিল, মালয়ালম, কানাডা কোনো বোলছবি উদ্যোগত আজিলৈ ইমান আন–প্রেডিক্টেবল্ থ্রিলাৰ ছবি যে নির্মাণ হৈছে, সন্দেহ আছে৷ এখন এশ শতাংশ ছাছপেঞ্চ ড্রামা, যত আপুনি আচলতে হৈ আছে কি, একো গম নাপায়৷ গোটেই ছবিখনত আৰম্ভণিৰ পাৰ শেষমুহূর্তলৈকে ঘটনাবোৰ লুকুৱাই ৰখা হয় দর্শকৰ বাবে৷

এতিয়া আহোঁ ছবিখনৰ নির্মাণ প্রসংগলৈ৷ আটাইতকৈ সবল দিশ ছবিখনৰ ষ্টৰী টেলিং প্রসংগক্রমে কওঁ যে চিনেমা এখন সদায় টাইমলাইনত চলে৷ মহাৰাজা ছবিখনো টাইমলাইনতে চলিছে৷ কিন্তু কোনটো টাইমলাইনত৷ আপুনি এটাৰ পিছত এটাকৈ দেখি থকা দৃশ্যবোৰ বর্তমানৰ নে এইখিনিতে আপুনি ঠগ খাই যাব৷ যি ভাবি, যিটো হব বুলি কল্পনা কৰি আপুনি মহাৰাজা চাই আছে, সেয়া আচলতে আপোনাৰ ভ্রমহে৷ ষ্টৰী টেলিঙৰ বাহাদুৰী বুলি নকৈ আৰু কি বুলি কম ইয়াক।

কোনো নামী–দামী, দাঙিব নোৱাৰা পৰিচালকৰ ছবি নহয় মহাৰাজা৷ মহাৰাজাৰ পৰিচালক নিখিলেন স্বামীনাথনৰ এইখন দ্বিতীয় ছবি৷ ২০১৭ত মুক্তি পোৱা কুৰাংগৌ বোমা এখন ক্রাইম থ্রিলাৰ৷ অৱজেক্টক গুৰুত্ব দি, চিনেমাৰ কাহিনী আগুৱাই নিয়াত স্বামীনাথন যে মাষ্টাৰমাইণ্ড, এই দুয়োখন ছবিয়ে তাৰ প্রমাণ৷ মাত্র বিশ কোটি টকাৰ বাজেটৰ ছবিখনৰ উপার্জন প্রায় ১২০ কোটি৷ আৰু ছবিখনৰ ডিজিটেল ৰাইট আৰু ছেটেলাইট ৰাইট বহু বেছি মূল্যত বিতৰকে কিনি লোৱাৰ খবৰ আহিছে৷ এইখিনিতে উল্লেখ কৰোঁ যে ভাৰতীয় চিনেমাৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল ৬০০ কোটি টকীয়া ছবি কল্কিয়েও মহাৰাজাৰ সফলতাৰ এই ছুনামিক বাধা দিব পৰা নাই৷ এয়াই প্রমাণ কৰে যে বিগ বাজেট নহয়, চলচিচত্রৰ দর্শকক সদায় টানি আনে ছবিৰ কাহিনী, অভিনেতাৰ অভিনয় আৰু পৰিচালকৰ সুদক্ষ পৰিচালনাইহে৷

একে আষাৰে কওঁ, জীৱনৰ পঞ্চাশসংখ্যক ছবিখনত নিজৰ শ্রেষ্ঠত্ব উজাৰি দিছে বিজয় সেতুপতিয়ে৷ অভিনয় কাক কয়, বিজয় সেতুপতিৰ পৰা শিকক বলীউডৰ তথাকথিত অভিনেতা–ভিনেত্রীয়ে, লাভ হব তেওঁলোকৰ৷ ছবিখনৰ ডার্ক হর্ছ অনুৰাগ কাশ্যপ দ্য ৰিয়েল ভিলেইন৷ গোটেই ছবিখনত বিজয় সেতুপতিৰ পৰা এক মুহূর্তও দৃষ্টি আঁতৰাই ৰখা অসম্ভৱ৷ একেবাৰে কম কথাৰে, চকু আৰু শৰীৰী ভাষাৰে, একেবাৰেই সাধাৰণ বেশভূষাৰে মহাৰাজাই আমাৰ অন্তৰত চিৰদিনৰ বাবে অক্ষত ৰাখিছে তেওঁৰ ৰাজসিংহাসন৷ যত তেৱেঁই বহিব মহাৰাজা হৈ৷ কিন্তু তাৰ পিছতো কম, ছবিখনৰ শেষ মুহূর্তত বাজি মাৰি লৈ অনুৰাগ কাশ্যপে৷ এগৰাকী অসাধাৰণ অভিনেতাৰ সন্মুখত এজন পেছাদাৰী অভিনেতাৰ দৰে অভিনয় এজন পৰিচালকৰ৷ কম কথানে বাৰু৷

বহুত খ্যাত–প্রখ্যাত প্রডাকচন হাউছৰ আইনী মেৰপেঁচ, বাধা–নিষেধ আঁতৰাই ছবিখন মুক্তি দিবলৈ স্বামীনাথনৰ সময় লাগিল ছটা বছৰ৷ পিছে ছবিৰ কাহিনীকথন, স্ক্রীনপ্লে আৰু প্রচুৰ ছাছপেঞ্চেৰে পৰিচালকে এখন অসম্ভৱ ভাল লগা, অপ্রত্যাশিত ছবি উপহাৰ দিলে৷ ২০২৪ বছৰটো শেষ হবলৈ আৰু চাৰি মাহ৷ কিন্তু বছৰটোৰ শ্রেষ্ঠ ছবিখন আমি পালোঁ৷ মহাৰাজা চাওক আচল চিনেমা কাক কয়, অনুভৱ কৰক৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.