অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ সোণালী দিন , দৰ্শকে আদৰিলে ‘ভাইমন দা’ -‘ৰুদ্ৰ’ক

11

দৰ্শনা বৰুৱা

সুন্দৰভাৱে ছবিগৃহত চলিল অসমীয়া চিনেমা৷ যোৱা ২৩মে’ত ছবিগৃহলৈ আহিল শশাংক সমীৰৰ পৰিচালনা আৰু শ্যামন্তক গৌতমৰ প্ৰযোজনাৰ বায়পিক ছবি ‘ভাইমন দা’৷অসমৰ লগতে দেশৰ বহুকেইটা ছবিগৃহত ছবিখন মুক্তি দিয়া হৈছিল৷ ‘ভাইমন দা’ চিনেমাখন হাউচফুল হৈ ছবিগৃহত চলি থকাৰ বাবে সুস্থ প্ৰতিযোগিতাৰ মনোভাৱ লৈ ৰুদ্ৰ নামৰ অসমীয়া চিনেমাখনৰ মুক্তিৰ পুৰ্বনিৰ্ধাৰিত তাৰিখ পিছুৱাই দিয়া হৈছিল৷

 ২৭ জুনত ছবিগৃহত মুক্তি লাভ কৰা অসমীয়া ছবি ৰুদ্ৰত এইবাৰ একেলগে আদিল হুছেইন আৰু ৰবি শৰ্মাক দৰ্শকে দেখিবলৈ পালে৷ ইয়াৰ পূৰ্বে ৬ জুনত ছবিগৃহলৈ অহাৰ কথা আছিল চলিত বৰ্ষৰ এখন বহু প্ৰত্যাশিত ছবি ‘ৰুদ্ৰ’। তাৰ আগতে মে’ মাহত ৰুদ্ৰ ছবিগৃহলৈ আহিব বুলিও জনা গৈছিল৷কিন্তু ‘কেছটো নগেন ‘ শীৰ্ষক চলচ্চিত্ৰখন চিনেমাহলত চলি থকাৰ বাবে ৰুদ্ৰৰ শুভ মুক্তি পিছুৱাই দিয়া হৈছিল৷

অসমৰ আইন-শৃংখলা পৰিস্থিতিক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মাই । ছবিখনৰ পৰিচালনা ৰূপক গগৈৰ ।এইগৰাকী ৰূপক গগৈয়েই হৈছে এসময়ৰ অভিনেতা অমিতাভ গগৈ৷যশস্বী পৰিচালক প্ৰয়াত পুলক গগৈৰ পুত্ৰ৷পুলক গগৈৰ ‘ৰেলৰ আলিৰ দুবৰি বন’ ছবিখনত অমিতাভ গগৈয়ে মুখ্য চৰিত্ৰত সুন্দৰ অভিনয় কৰিছিল৷১৯৯৩ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা লাভ কৰিছিল ছবিখনে৷এয়া আছিল আমাৰ বাবে গৌৰৱৰ কথা৷

এইবাৰ পৰিচালক হিচাপে দৰ্শক- ৰাইজৰ মাজলৈ আহিল অমিতাভ গগৈ ওৰফে ৰূপক গগৈ৷ৰূপক গগৈৰ সুন্দৰ পৰিচালনাত ‘ৰুদ্ৰ’ক দৰ্শকে আকোঁৱালি ল’লে৷ ৰূদ্ৰ ছবিখনত ৰবি শৰ্মাক দুটা বেলগ ৰূপত দেখিবলৈ পাইছে দৰ্শকে৷ছবিখনৰ ট্ৰেইলাৰত দুটা ভিন্ন ৰূপত দেখা গৈছিল ৰবি শৰ্মাক৷ ছবিখনৰ টিজাৰতো দুটা ভিন্ন ৰূপত দেখা গৈছিল অভিনেতাগৰাকীক৷ মুক্তিৰ লগে লগেই বহু দৰ্শকে ছবিখন উপভোগ কৰিবলৈ আগ্ৰহী হৈ পৰা দেখা গ’ল৷

আগৰ ছবিসমূহতকৈ ৰুদ্ৰত কিছু নতুন চিন্তা দৰ্শকে দেখা পাইছে৷ লগতে নিৰ্মাণৰ কৌশলতো আৰু কিছু নতুনত্ব পাইছে৷ মুখ্য চৰিত্ৰক প্ৰাধান্য দি পূৰ্বতে ব্যক্তিকেন্দ্ৰিক ছবি নিৰ্মাণ কৰি থকাৰ বিপৰীতে এই ছবিখনত এনে বহু চৰিত্ৰ আছে যিয়ে ছবিখন আগবাঢ়ি যোৱাত সহায় কৰিছে । লগতে ছবিখনৰ পৰিসৰটো বহল ।ৰুদ্ৰ হৈছে ৰাষ্ট্ৰীয় সুৰক্ষাৰ পটভূমিত নিৰ্মাণ কৰা এখন ছবি । ছবিখনত কেন্দ্ৰীয় ৰুদ্ৰ চৰিত্ৰটোত ৰবি শৰ্মাই অভিনয় কৰিছে৷ ৰুদ্ৰৰো দর্শকে বহুকেইটা ৰূপ ছবিখনত দেখিবলৈ পাইছে । আনহাতে ছবিখনত অভিনয় কৰা আটাইকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে খুব দক্ষ।

ছবিখনৰ মুক্তিৰ আগতে যোৰহাটৰ ইলি চিনেমা হলত আয়োজন কৰা ট্ৰেইলাৰ মুকলি অনুষ্ঠানত গাত জুই লগাই প্ৰৱেশ কৰি ৰবি শৰ্মাই অনুৰাগীৰ মাজত সৃষ্টি কৰিছিল চমক ৷জগাই তুলিছিল শিহৰণ৷

বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ পাছত এনে ষ্টাণ্ট কৰা ৰবি শৰ্মা হৈছে ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী অভিনেতা ৷ এই ষ্টাণ্ট সন্দৰ্ভত অভিনেতাগৰাকীয়ে কৈছিল, যে তেওঁৰ এনেকুৱা ধৰণৰ ব্যতিক্ৰমী কামবোৰ কৰি বহুত ভাল লাগে,এনেধৰণৰ ষ্টাণ্ট কৰি থকাটো মাজে মাজে প্ৰয়োজনীয়ও । অৱশ্যে সুৰক্ষাৰ সম্পূৰ্ণ ব্যৱস্থা কৰিহে অভিনেতা জনে এনে চমক সৃষ্টি কৰিবলৈ আগবাঢ়িছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিছিল৷

 বহুচৰ্চিত ছবিখনত ৰবি শৰ্মা, দুই নায়িকাৰ চৰিত্ৰত অৰ্চিতা আগৰৱাল আৰু নন্দিনী কাশ্যপৰ লগতে আন আন চৰিত্ৰত অভিনয় কৰিছে আদিল হুছেইন, চেতনা দাস,জয় কাশ্যপ, অলক নাথ, ৰাজীৱ ক্ৰ’, ৰাজীৱ দুৱৰী, নিলোৎপল বৰা, প্ৰতিভা চৌধুৰী, হিমাংশু গগৈ, হিমাংশু প্ৰসাদ দাস, ৰাজীৱ গোস্বামী, অন্তৰা জি জি চৌধুৰী, নৱ মহন্ত, ভাৰ্গৱ কটকী আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । সংগীত কৰিছে দিগন্ত ভাৰতী আৰু ইবছনলাল বৰুৱাই ।

শ্যাম প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা অসমীয়া ছবিখনৰ প্ৰযোজক ৰাজেশ কুমাৰ ম’ৰ, অ পি গাৰোদিয়া, অৰবিন্দ গাৰোদিয়া, অনুপ বেৰিয়া,গৌতম বেৰিয়া , মনোজ কুমাৰ কেডিয়া, সুজাতা চৌধুৰী আৰু ৰাজ চৌধুৰী৷ছবিখনৰ কাৰ্যবাহী প্ৰযোজক হৃষিকেশ ভট্টাচাৰ্য আৰু পৱন ম’ৰ ।মুক্তিৰ পাছত মাথো কেইটিমান দিনতেই

সুন্দৰ ছবিখন দৰ্শকে উপভোগ কৰি সুকীয়া সোৱাদ লাভ কৰিছে বুলি জানিবলৈ পোৱা গৈছে৷নিশ্চিতভাৱে আশা কৰা হৈছে পৰৱৰ্তীসময়ত আৰু অধিক দৰ্শকৰ মাজলৈ যাব ৰুদ্ৰ৷ৰবি শৰ্মাৰ ব্যক্তিত্ব আৰু অভিনয় শৈলী,দৰ্শকৰ প্ৰতি থকা দায়বদ্ধতা আৰু নিপুণ অভিনয় দক্ষতাৰ বাবেও তেওঁ জনপ্ৰিয়তা আছে৷ৰুদ্ৰতো তেওঁ সুন্দৰ অভিনয় কৰিছে৷ছবিখনৰ লগত জড়িত সকলোৰে সহযোগিতাত এখন সুন্দৰ ছবি অসমৰ ৰাইজে উপহাৰ হিচাপে লাভ কৰিলে৷ অসমীয়া ছবিৰ এনে জয়যাত্ৰা অব্যাহত থাকক আমিও তাকেই কামনা কৰো৷

ফোন : ৭০৮৬৫২১৩০৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.