অসমীয়া চিনেকৰ্মৰ এক স্বৰ্ণিল নাম – “ভাইমন দা”

47

প্ৰজ্ঞানভ বৰা

ভাইমন দা অৰ্থাৎ মুনিন বৰুৱা।এজন সফল অসমীয়া চলচিত্ৰ নিৰ্মাতা।তেওঁৰ জীৱন বৰ বিচিত্ৰ। সঁচাকৈয়ে এখন চিনেমাৰ নিচিনা।এখন সফল চিনেমাৰ দৰে প্ৰতিতো উপাদানেৰে পৰিপূৰ্ণ। মুনিন বৰুৱাৰ দৰে এজন অসমীয়া চলচিত্ৰ জগতৰ মহিৰূহৰ স্বৰ্ণিল জীৱন ৰূপালী পৰ্দাত সকলোৰে গ্ৰহণযোগ্য কৰি তুলি ধৰাটো ইমান সহজ কাম নাছিল।এনে এটা চিন্তাৰে “জিল ক্ৰিয়েশ্বনচ”ৰ বেনাৰত প্ৰযোজক শ্যামন্তক গৌতম আৰু পৰিচালক শশাঙ্ক সমিৰে “ভাইমন দা”ৰ দৰে এখন মননশীল ছবি নিৰ্মাণ কৰি দেখুৱাই দিলে – জ্যোতিৰ ‘জয়মতী’ৰে আৰম্ভ হোৱা নব্বৈ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট অসমীয়া ছবিজগতখনে বহু দুসাধ্য সাধন কৰি সময়ে সময়ে নিজকে‌ যোগ্য বুলি প্ৰমাণ কৰি আহিছে‌।

তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ এখন ঠাই গোলাঘাট। ধনশিৰি নদীৰ পাৰৰ,ৰহধলা পথাৰৰ সুবাসেৰে উমলা এই সৰু চহৰখন সংস্কৃতি সাধনাৰ এক কঠিয়াতলী স্বৰূপ হৈ গঢ়ি উঠিছিল।শিৱপ্ৰসাদ ঠাকুৰ,ৰাণা তামূলী আদিয়ে সেই সময়ত নাট্য চৰ্চাৰ এক বাট মুকলি কৰিছিল। তেনে এক সময়তে মুনিন বৰুৱাই এই পথাৰখনত পদাৰ্পন কৰিছিল। কলেজীয়া সময়খিনিত তেওঁ মেণ্ড’লিন বজাইছিল।লাহেকৈ তেওঁ নাটকত সংগীত সঙ্গত কৰিছিল এজন মেণ্ড’লিন বাদক হিচাপে।সেয়াই আৰম্ভণি।প্ৰচণ্ড চেষ্টাৰে আগবাঢ়ি গৈ নিজৰ সপোনক তেওঁ সাৰ-পানী দি সদায় উৰ্বৰা কৰি ৰাখিছিল।ছবিৰ কাহিনীয়ে ভাইমন দাৰ শৈশৱ,কৈশোৰ,যৌৱন সামৰি পূৰ্ণাঙ্গ হৈ গতি লয়।

‘ভাইমন দা’ ছবিখনত নাম ভূমিকাত অভিনয় কৰা বনদ্বীপ‌‌ শৰ্মাই সাৱলীল তথা বিশ্বাসযোগ‍্যতাৰে মুনিন বৰুৱাৰ চৰিত্ৰটিক নিজৰ কৰি লোৱাত অলপো কৃপনালি কৰা নাই। অসমীয়া ছবি জগতত তেওঁৰ এক সৱল খোজ।যশস্বী ভূঞাই মুনিন বৰুৱাৰ পত্নী মঞ্জুল বৰুৱাৰ চৰিত্ৰটিক ছবিখনৰ শেষলৈকে আলফুলকৈ ধৰি ৰাখিছে।নিজেও এগৰাকী অভিনেত্ৰী হোৱাৰ সপোন দেখা মঞ্জুলাই সময়ৰ তাগিদাত ঘৰখন চম্ভালি মুনিন বৰুৱাক অগাধ বিশ্বাসেৰে চিনেমা নিৰ্মানৰ বাবে উলিয়াই পঠিওৱা কথাটোৱে তেওঁক মহিয়ান কৰি তুলিছে।পৰিচালকে “এৰা-এৰি” শীৰ্ষক গীতটিৰ জৰিয়তে মুনিন-মঞ্জুলাই নিৰলাকৈ সজোৱা তেওঁলোকৰ সপোনৰ ঘৰখনক সুন্দৰকৈ পৰ্দাত আকিছে।পৰিচালক শশাঙ্ক সমীৰ নিজেও এজন সু- গীতিকাৰ হোৱাৰ বাবে হয়টো ছবিখনত গীতৰ উপযুক্ত প্ৰয়োগ ঘটিছে।মুনিন বৰুৱাৰ চিনেমা সমূহৰো এইটো এটা অন্যতম বৈশিষ্ট। সেইবাবে তেওঁৰ চিনেমাৰ গীত সমূহ আজিও সকলোৰে প্ৰিয়।

মহালক্ষ্মী আয়াৰক অসমীয়া গীত গোৱাবৰ বাবে সংগীত পৰিচালকৰ যি টান তাক তেওঁ পুনৰ বাৰ প্ৰমাণ কৰি গ’ল।জুবিন-মহালক্ষ্মীৰ দ্বৈত যুটীটোক ৰাইজে মৰম দিছে।

পৰিচালকে কেৱল মুনিন বৰুৱৰেই বায়পিক নিৰ্মাণ কৰা নাই অসমীয়া চিনেমাজগতত দপদপাই থকা বহুকেইজন আগশাৰীৰ অভিনেতা আৰু কলা-কুশলীক উপভোগ্য কৰি চেলুলইডত দাঙি ধৰাৰ প্ৰয়াস কৰিছে। বিজু ফুকন,বিদ্যা ৰাও,মৃদুলা বৰুৱাকে আদি কৰি যতীন বৰা,ৰবি শৰ্মালৈকে প্ৰতিজন অভিনেতা অসমীয়া মানুহৰ মন মগজুত সোমাই আছে।ছবিত অভিনয় চোৱাৰ লগতে ভ্ৰাম্যমান থিয়েটাৰ চোৱাৰ সুবাদত তেওঁলোকক বহুলোকে ওচৰৰ পৰাও পাইছে।গতিকে তেওঁলোকৰ ছাল-চলন সকলোৰে পৰিচিত। প্ৰতিতো চৰিত্ৰ দৰ্শকৰ গ্ৰহণযোগ্য হোৱাকৈ নিৰ্মাণ কৰাটো পৰিচালকৰ বাবে নিশ্চয়কৈ এক ডাঙৰ প্ৰত্যাহ্বান আছিল আৰু তেওঁ এইক্ষেত্ৰত সফল হৈছে বুলি কব লাগিব।

মুনিন বৰুৱাৰ চিনেমা জীৱনৰ বুনিয়াদ গঢ়া বিখ্যাত পৰিচালক,ছবি নিৰ্মাতা শিৱপ্ৰসাদ ঠাকুৰৰ চৰিত্ৰটি পৰিচালক শশাঙ্ক সমীৰে খুব সুন্দৰকৈ সজাইছে।অভিনেতা সমুদ্ৰগুপ্ত দত্তই চৰিত্ৰটিক ন্যায্যতা দিছে।

তেওঁৰ লগত কাম কৰাৰ সময়ত ভাইমন দাহঁতে ষ্টুডিঅ’ৰ পৰিবৰ্তে মুকলি পথাৰত জোনাকী ৰাতি কিদৰে গীত বাণীবন্ধন কৰিছিল সেই দৃশ্য প্ৰতিফলিত হৈছে।

জয়ন্ত হাজৰিকা আৰু তেওঁৰ “সুৰ বাহিনীক” ছবিখনত তুলি ধৰি পৰিচালকে ন-শিল্পী সকলক জনাৰ সুযোগ দিলে।শিল্প চৰ্চাৰ লগতে কিদৰে তেওঁলোকে সময় সাপেক্ষে আৰ্ত জনৰ কাষত থিয় দিছিল।

প্ৰযোজক তপোব্ৰত বৰুৱা,আব্দুল মান্নান,চিত্ৰগ্ৰহণকাৰি সুমন দুৱৰা,ভূপেন উজীৰ,বানী দাস,বিখ্যাত ৰূপকাৰ আলোচনীৰ পৱিত্ৰ কুমাৰ ডেকা,কৃষ্ণ ৰয়,ড° ভৱেন্দ্ৰ নাথ শইকীয়াকে আদি কৰি একাধিক চৰিত্ৰক প্ৰতিজন অভিনেতাই জীৱন্ত ৰূপ দিছে।কিন্তু ভাইমন দাৰ উল্লেখনীয় দাগ,দীনবন্ধু আদি ছবিত দুৰ্দান্ত অভিনয়েৰে চাপ এৰা তপন দাসৰ চৰিত্ৰটি উহ্য হৈ ৰ’ল।

মুনিন বৰুৱাৰ পিতৃ হেমেন্দ্ৰ নাথ বৰুৱা আৰু মাতৃ লতিকা বৰুৱাৰ ভূমিকা লোৱা গুণাকৰ দেৱ গোস্বামী আৰু পাকিজা বেগমৰ দৰে অভিনেতা ছবিখনৰ অন্যতম সমল।মুনিন বৰুৱাৰ পুত্ৰ ‘ৰিজু’ৰ চৰিত্ৰ ৰূপায়ণ কৰা গীতাৰ্থ শৰ্মাৰ অভিনয়ে দৰ্শকৰ মনত সাঁচ বহাব।এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অৰ্ঘদ্বীপ বৰুৱাৰ অভিনয় মনপৰশা। বৈভৱী গোস্বামীয়ে মৃদুলা বৰুৱাক আৰু কল্পনা কলিতাই বিদ্যা ৰাওৰ চৰিত্ৰৰ যথাযথ আভাষ দিছে।নায়াৰৰ চৰিত্ৰটিৰ সংলাপ কিছু নাটকীয় যেন লাগিল যদিও আশিস বিদ্যাৰ্থীৰ কেমিয়’ চকুত লগা।

জুবিন গাৰ্গ জুবিনেই ছবিগৃহৰ পৰ্দাত জুবিনে ভুমুকি মৰাৰ লগে লগেই দৰ্শকৰ আনন্দৰ কিৰিলি।পাৰ্থ প্ৰতীম হাজৰিকাৰ অভিনয়ৰ জুবিন জনকো মানুহে সেই একেই মৰমেৰে আঁকোৱালি লৈছে।এইক্ষেত্ৰত পৰিচালক তথা কাষ্টিং ডাইৰেক্টৰ সফল বুলি কব লাগিব।মুনিন বৰুৱাই পৰিচালক হিচাপে,জুবিন গাৰ্গে এজন সংগীত পৰিচালক হিচাপে,‍যতীন বৰা আৰু ৰবি শৰ্মাই অভিনেতা হিচাপে ‘সফল’ হৈ জনমানসত নিজ পৰিচিতি লাভ কৰিছিল নিশ্চয়কৈ ‘হিয়া দিয়া নিয়া’ বোলছবিৰ জৰিয়তেই।সেই ছবিৰ প্ৰতিতো দৃশ্য,গীত অসমীয়া চিনেপ্রেমিৰ চকুৰ আগত এতিয়াও ভাঁহি থাকে।ভাইমনদা ছবিত দেখুওৱা জীপ গড়ীখনত কেমেৰা বান্ধিলৈ যিটো মভিং আইকণিক শ্বত দেখুওৱা হৈছে আৰু তাত বহি গৈ থকা যতীন বৰা,ৰবি শৰ্মাৰ লগতে দুই অভিনেত্ৰী লুনা লস্কৰ আৰু গীতাৱলী ৰাজকুমাৰিকো সেই সময়ৰ জীৱন্ত ৰূপত তুলি ধৰিছে।পৰিচালকে জুবিন-মুনিন-যতীন অসমীয়া ছবিজগতৰ এই ত্ৰিমূৰ্তিক সুন্দৰকৈ উপস্থাপন কৰিছে।অতি চাতুৰ্যৰে প্ৰতিজন অভিনেতাৰ পৰা পৰিচালকে কাম আদায় কৰাত সফল হৈছে। লগতে অভিনেতা-অভিনেত্ৰী সকলৰ যৌথ অধ্যৱসায়ৰ ফচল – ভাইমন দা ।

ছবিখনত কেমেৰাৰ কাম সু-স্পষ্ট বংশীনাথন মূৰুগেচনে ভাইমন দাৰ সোণালী অতীতক পোহৰাই তুলিছে।কষ্টিউম ডিজাইনৰ হিচাপে গৰিমা শইকীয়া গাৰ্গে ভাইমন দাৰ নিচিনা এখন ছবিত অভিনেতা সকলক সেই সময়ৰ সৈতে খাপ খুৱাই তুলিবলৈ কৰা যত্ন খিনি পৰ্দাত উজলি উঠিছে। অসমীয়া ছবিত পূৰ্বে ভি.এফ.এক্সৰ সম্পৰীক্ষা হ’লেও এইছবিখনত দেখুওৱা দৃশ্য সমূহ এতিয়ালৈ সৰ্বোৎকৃষ্ট। আৱহ সংগীতে পৰিচালকক ছবি খন গুথাত বহু পৰিমাণে সহায় কৰিছে। ছবিখনত জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীয়ে সংগীত পৰিচালনা কৰিছে।এৰা-এৰি, বিয়েৰ ব্ৰেণ্ডী হুইষ্কী,জ্যোতিৰ কাৰেং শীৰ্ষক তিনিটা গীতেই ছবিখনক অনন্য মাত্ৰা প্ৰদান কৰিছে। গীতৰ ৰচনা মুনিন বৰুৱা, দিগন্ত ভাৰতী, শশাঙ্ক সমীৰ আৰু পৰাণ বৰকটকীৰ।জুবিন গাৰ্গ,মহালক্ষ্মী আয়াৰ,ৰূপম ভূঞা,প্ৰবীণ বৰা, দেৱা গীতছ, পম্পি গগৈ আদিয়ে গীত সমূহত কণ্ঠদান কৰিছে।

ভাইমন দা ছবিখনৰ কিছু দিশ এৰাই চলিব পৰিলেও বৰ্জিত নহয় যেন লাগিল। ছবি খনত শিৱ প্ৰসাদ ঠাকুৰ,মুনিন বৰুৱা,জুবিন গাৰ্গ, তপুব্ৰত বৰুৱা আদি আটাইকেইটা গুৰুত্বপূৰ্ণ চৰিত্ৰ নিৰ্মাণ কৰোঁতে আৰু বহু কেইটা দৃশ্য সজাবৰ বাবে মদ আৰু চিগাৰেটৰ ব্যাপক প্ৰয়োগ কৰা দেখা গৈছে। সেই সময়ত হয়টো সেইসমূহৰ প্ৰচলন খুলাকৈয়ে হৈছিল।সেই সময়ৰ হিন্দী ছবি বোৰতো তেনে দৃশ্য দেখিবলৈ পোৱা গৈছিল আৰু হিন্দী ছবিৰ অভিনেতা সকলে চিগাৰেট আদি খাই সাক্ষাৎকাৰ দিয়া দেখা গৈছিল।আৰু সেই সময়ত “anti- tobacco campaign” ও শিথিল ৰূপত আছিল। “ভাইমন দা” ছবিৰ ক্ষেত্ৰত চৰিত্ৰই দাবি কৰিলেও এইক্ষেত্ৰত পৰিচালক অলপ সজাগ হোৱাৰ প্ৰয়োজন আছিল বুলি বোধ হয়।এনে লাগিল যেন শিল্প সধনা বা সৃষ্টিত সুৰাৰ ৰাগীৰ অতীৱ প্ৰয়োজন। ছবি খনৰ আৰম্ভনিতে ব্যৱহাৰ কৰা “বিয়েৰ ব্ৰেন্ডী‍‍ হুইস্কি” শীৰ্ষক গীতটোত দেখুওৱা দৃশ্যসমূহ হয়তো চৰিত্ৰ কেইটা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তথা সেই সময়খিনিৰ দাবী আছিল।মুনিন বৰুৱাই উচ্চ শিক্ষাৰ বাবে দিল্লী ষ্টেচনত গৈ উপস্থিত হোৱাৰ যিটো দৃশ্য পৰিচালকে নিৰ্মাণ কৰিছে সেইটো এটা উৎকৃষ্ট চিনেকৰ্মৰ প্ৰতিফলন। যিটো দৃশ্য তেওঁলোকে ট্ৰেইলাৰটো ব্যৱহাৰ কৰিছে।সেই সময়ৰ বিশ্বাসযোগ্য হোৱাকৈ এটা বিশাল ছেট নিৰ্মান কৰাটো ইমান সহজ নাছিল। দৃশ্যটোত অসমৰ পৰা দিল্লীলৈ পথ সুগম কৰা ‘Assam Mail’ ট্ৰেইন খনক খুব সুন্দৰকৈ দেখুৱাইছে।কিন্তু ইয়াৰ পূৰ্বৰ দৃশ্যত মুনিন বৰুৱাই গৃহচহৰ গোলাঘাটৰ ফৰকাটিং ষ্টেচনত ৰে’লৰ বাবে অপেক্ষা কৰিছিল।কিন্তু তথ্য মতে সেইসময়ত ‘অসম মেইল’ ট্ৰেইন খনৰ গোলাঘাটত কোনো ষ্টপেজ নাছিল।হয়টো নিৰ্মাতাই সংযোগী কোনোবা ৰে’লৰ জৰিয়তে যোৱাও দেখুৱাব বিচাৰিব পাৰে।এইক্ষেত্ৰত অলপ স্পষ্টতাৰ অভাৱ থাকি গ’ল।

অংগৰাগ (পাপন) মহন্তই মুনিন বৰুৱাৰ ২০১১ চনৰ অসমীয়া ছবি ‘ৰামধেনু’ৰ যতীন শৰ্মাৰ সংগীত পৰিচালনাৰে ‘উজাই যা নৈ’ শীৰ্ষক গীতটোৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰিছিল।পাপনৰ বাবে এইটো এটা বিশেষ কথা। জোনাকী ৰাতিৰ পিছত পাপনৰ কণ্ঠত নিগৰা এই গানটো শ্ৰুতা ৰাইজে বহু পৰিমাণে আদৰি লৈছিল।ভাইমন দা ছবিত পাপনৰো এটা সুৰৰ আঁচোৰ পৰা হ’লে!!

মুনিন বৰুৱাৰ জীৱন পৰিক্ৰমাত তেওঁৰ পৰিচালনাৰ শেষৰ খন ছবি আছিল “প্ৰিয়াৰ প্ৰিয়” আৰু “ভাইমন দা” ছবিখন তেওঁৰ বায়’পিক হোৱাৰ পিছতো তেওঁৰ মহাপ্ৰয়াণৰ দৃশ্যৰে ক্লাইমেক্স নিৰ্মাণ নকৰি নিৰ্মাতাই মুনিন বৰুৱাৰ ২০১১ চনত নিৰ্মিত ছবি “ৰামধেনু”ৰে অতি সাৱলীলকৈ আৱেগিক কৰি তোলা ভাইমন দাৰ ক্লাই‍মেক্স সজাইছে। মুনিন বৰুৱাৰ নিজ জন্মস্থান তথা তেওঁৰ সপোনৰ আখৰাস্থলী গোলাঘাটৰ মানুহক তেওঁৰ সৃষ্টিৰাজী দেখুওৱাৰ যি হেঁপাহ সেই হেঁপাহক তেওঁৰ পুত্ৰ ‌ৰিজুয়ে বুজি উঠি যি প্ৰচেষ্টা ললে সেইয়াই ৰিজু চৰিত্ৰটিৰ মেজাজি‍ ৰূপটোকে বহু ওপৰলৈ লৈ গ’ল।পুত্ৰৰ কৰ্মত দেউতাকৰ যি প্ৰাপ্তি সেইয়া ভায়মন দাৰ সজল চকুৱে মুখে ফুটি উঠিছিল। পৰিচালকেও অতি কৌশলেৰে নিখুঁতভাৱে ছবিৰ কাহিনী গোলাঘাটত আৰম্ভ কৰি গোলাঘাটতেই শেষ কৰিলে। গোলাঘাটত সেই সময়ত বন্ধ হৈ থকা ছবিঘৰ পুনৰ মুকলি কৰি দৰ্শকৰ সৈতে তেওঁৰ ছবি উপভোগৰ দৃশ্যই অসমীয়া ছবি উদযাপনৰ সাৰ্থক শিহৰণ জগাই তুলিলে।

পৰিশেষত,অসমীয়া ছবিজগতত বহুকেইখন বয়’পিক আৰু “Period Drama” ছবিৰ নিৰ্মান হৈছে। প্ৰথমখন অসমীয়া ছবি জয়মতী,পিয়লি ফুকন,কুশল,শ্ৰীমন্ত শংকৰদেৱ, আইদেউ আদি কৰি বহু কেইখন ছবি নিৰ্মাণ হৈছে। প্ৰায় কেইখন ছবি ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত সন্মানিতও হৈছে।কিন্তু অকপটে উল্লেখ কৰিব লাগিব যে বহুবোৰ বঁটা প্ৰাপ্ত ছবি অসমৰ ৰাইজৰ কাষত গৈ নাপায়। মুনিন বৰুৱাইও তেওঁৰ “ৰজত কমল বঁটা”ৰে স্বীকৃত‍ ছবি “দীনবন্ধু”ৰ প্ৰতি ৰাইজৰ ক্ষীণ সঁহাৰি দেখি চিন্তিত হৈছিল। ভাইমন দা ছবি খনত তেওঁৰ সেই মনোকষ্ট পৰিচালকে ফুটাই তুলিছে।বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ এটা সাক্ষাৎকাৰত মুনিন বৰুৱাই অতি স্পষ্টকৈ কৈছিল যে তেওঁৰ বাবে দৰ্শকেই যথোচিত সন্মান আৰু বঁটা।সঁচাকৈয়ে তেওঁৰ ছবিবোৰে দৰ্শক সৃষ্টি কৰিছিল।অনুৰূপ ধৰনেৰে অসমীয়া ছবি আৰু ভ্ৰাম্যমাণজগতৰ সব্যসাচী স্বৰূপ মুনিন বৰুৱাৰ জীৱনৰ ঘটনাবহুল ইতিহাস সামৰি নিৰ্মাণ হোৱা “ভাইমন দা” ছবি খনকো অসমবাসীয়ে বিশেষ কৰি তুলিলে।

You might also like

Comments are closed, but trackbacks and pingbacks are open.