তুলিকা দেৱী নাথ
গুজৰাট সমগ্ৰ ভাৰতৰ ভিতৰতে এখন অতি সংস্কৃতিবান আৰু সমৃদ্ধিশালী ৰাজ্য ৷ প্ৰাচীন ঐতিহ্য, কৃষ্টি সংস্কৃতিৰে ঐশ্বৰ্যময়ী গুজৰাটত উদযাপন কৰা প্ৰতিটো উৎসৱেই নিজ গৰিমাৰে মহিমামণ্ডিত ৷ গুজৰাটী সকলো বেপাৰ বানিজ্যকে কৰি সকলো দিশতে উদ্যমী আৰু কৰ্মপটু। তেওঁলোকে নিজৰ কৃষ্টি সংস্কৃতি সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে৷ সেয়ে হয়তু তেওঁলোকৰ উৎসৱ পাৰ্বন, লোকগীত লোকনৃত্যবোৰ অতিকৈ জনপ্ৰিয় আৰু সমাদৃত ৷ তেওঁলোকৰ জনপ্ৰিয় লোকনৃত্য গৰ্বাই কেৱল ভাৰততে নহয় গোটেই বিশ্বতে আলোড়ন সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে ৷ ভাৰতৰ বাবে অতি গৌৰৱৰ কথা এয়ে যে ১৯ ২৩ চনত UNESCO ই গৰ্বাক “Intangible Cultural Heritage of Humanity” বুলি অভিহিত কৰিছে ৷
গুজৰাটৰ বৰ্ণিল সংস্কৃতিৰ ধ্বজা বহন কৰিছে গুজৰাটী লোকনৃত্য আৰু লোকগীত সমূহে ৷ সেই গীত মাতৰ লগতে বাৰেৰহনীয়া সংস্কৃতিৰ ৰূপতে ৰহণ সানিছে কিছু পৌৰাণিক আখ্যান উপাখ্যান আৰু লোককথাই। এনে বহু আখ্যান উপাখ্যান আৰু লোককথাৰে সমৃদ্ধ গুজৰাটৰ ৰঙীন উৎসৱ “নৱৰাত্ৰি গৰ্বা মহোৎসৱ” সমগ্ৰ বিশ্বতে জনপ্ৰিয় বুলি কলে অত্যুক্তি কোৱা নহ’ব ৷ এই উৎসৱত গুজৰাটী সকলে আপোন পাহৰা হৈ একেলগে কোনো মুকলি ঠাইত একত্ৰিত হৈ তেওঁলোকৰ লোকনৃত্য গৰ্বা পৰিবেশন কৰে ৷ এই গৰ্বা লোকনৃত্য যেন গুজৰাটীসকলৰ আৱেগ, তেওঁলোকৰ আয়ুসৰেখা স্বৰূপ ৷ গুজৰাটীসকলে প্ৰতিবছৰে অতি উৎসাহ উদ্যমেৰে এই নৱৰাত্ৰি উৎসৱ উদযাপন কৰে ৷
নৱৰাত্ৰি উৎসৱৰ লগত আধ্যাত্মিকতাৰ কথাও সংপৃক্ত হৈ আছে ৷ এই নৱৰাত্ৰি মহোৎসৱ আৰু গৰ্বা নৃত্যৰ বহু আধ্যাত্মিক মহত্ব আছে ৷ দেৱী দুৰ্গাক সন্মান জনাই এই নৱৰাত্ৰিৰ নটা দিনত গুজৰাটী লোকসকলে আপোন পাহৰা হৈ গৰ্বা নাচে ৷ শক্তিৰ অধীস্থাত্ৰী দেৱীৰ প্ৰতি উসৰ্গিত ৰঙীন নটা ৰাতিৰ লগত জড়িত হৈ আছে বহু পৌৰাণিক আখ্যান ৷ গুজৰাটত নদিনৰ প্ৰতি দিনে মা দু্ৰ্গাৰ আৰতি কৰি ৰাতি বহু দেৰিলৈকে বৃত্তাকাৰে ঘূৰি ঘূৰি পুৰুষ , মহিলা ডেকা আৰু গাভৰুৰ পৰা আৰম্ভ কৰি কণ কণ ল’ৰা ছোৱালীলৈকে আপোন পাহৰা হৈ গৰ্বা নাচে ৷ গৰ্বা নাচৰ শেষত পুনৰ মা দুৰ্গাৰ আৰতি কৰি অতি ভক্তিভাৱেৰে সেইদিনাৰ কাৰ্য্যসূচী সমাপ্ত কৰে ৷ ৰং বিৰঙৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি উৎসৱৰ ৰঙত ৰঙীন হৈ নৃত্যৰত লোকসকলক দেখিলে সচাঁই হৃদয় জুৰ পৰে ৷
পুৰাণৰ কাহিনী অনুসৰি মহিষাসুৰে ব্ৰহ্মাক কঠোৰ তপস্যা কৰি সন্তুষ্ট কৰি এক বৰ লাভ কৰে ৷ মহিষাসুৰ বৰ পালে যে তেওঁ কোনো মানৱৰ হাতত মৃত্যু নহয় ৷ ব্ৰহ্মাৰ পৰা লাভ কৰা বৰেৰে শক্তিশালী হৈ মহিষাসুৰে ত্ৰিলোকত ত্ৰাসৰ সৃষ্টি কৰিলে৷ ইন্দ্ৰক পৰাজিত কৰে মহিষাসুৰ ত্ৰিলোকৰ অধিপতি হৈ পৰিল ৷ মহিষাসুৰৰ অত্যাচাৰত উপায়ন্তৰ হৈ দেৱতা সকল ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ কাষ চাপিল ৷ মহিষাসুৰৰ অত্যাচাৰৰ কথা শুনি মহিষাসুৰক বধ কৰাৰ উদ্দেশ্যে ব্ৰহ্মা বিষ্ণু আৰু শিৱই দুৰ্গা দেৱীক সৃষ্টি কৰিলে৷ সমস্ত দেৱতাগনে দু্ৰ্গা দেৱীক নিজ নিজ অস্ত্ৰ আৰু অলংকাৰেৰে সজ্জিত কৰিছিল ৷ বিভিন্ন অস্ত্ৰৰে সজ্জিত হৈ আৰু তেওঁৰ বাহন সিংহত আৰোহণ কৰি দুৰ্গাদেৱীয়ে মহিষাসুৰৰ লগত ন দিন ৰাতি তীব্ৰ যুদ্ধত লিপ্ত হয়। নদিন যুদ্ধৰ শেষত দুৰ্গা দেৱীয়ে মহাদেৱৰ পৰা প্ৰাপ্ত ত্ৰিশূলেৰে মহিষাসুৰক বধ কৰে ৷ সেয়ে দুৰ্গা মাতাক মহিষাসুৰমৰ্দিনী বুলিও অভিহিত কৰা হয় ৷ এই নৱৰাত্ৰি উৎসৱে মহিষাসুৰ আৰু দুৰ্গাৰ মাজত হোৱা এই যুদ্ধক উপস্থাপন কৰে। এইয়া সত আৰু অসতৰ যুঁজ৷ অশুভৰ লগত শুভংকৰ চেতনাৰ যুঁজ ৷ এইয়া প্ৰতীকি অৰ্থত দুষ্টক দমন আৰু সন্তক পালন ৷ এই জয় যেন সততাৰ জয় ৷ মা অম্বা দুৰ্গা দেৱীৰ আন এটা নাম ৷ কথিত আছে যে গৰ্বা অম্বে মাতাৰ অতি প্ৰিয় ৷ গৰ্বা শব্দটোও গভীৰ অৰ্থপূৰ্ণ ৷ গৰ্বা নাচোতে মাজভাগত এটা মাটিৰ পাত্ৰ সংস্থাপিত কৰাৰ নিয়ম আছে৷ এই পাত্ৰটোক গাৰ্বো বুলি কোৱা হয় ৷ এই গাৰ্বো শব্দৰ উৎপত্তি সংস্কৃত শব্দ গৰ্ভৰ পৰা হৈছে ৷ এই গাৰ্বোৰ ভিতৰত এগছি চাকি নদিন জ্বলাই ৰাখে ৷ এই চাকিগছিক গৰ্ভদ্বীপ বুলি কোৱা হয়। উল্লেখনীয় যে এই গাৰ্বো শব্দৰ পৰাই গৰ্বা শব্দৰ উৎপত্তি হৈছে ৷ গৰ্ভদ্বীপ আমাৰ শৰীৰৰে প্ৰতীক হয় ৷ য’ত দেৱীৰ শক্তি বিৰাজমান ৷ অৰ্থাৎ সকলোৰে শৰীৰত ঐশ্বৰিক শক্তি বিৰাজমান ৷ আজিকালি অৱশ্যে কেন্দ্ৰভাগত গৰ্ভদ্বীপৰ পৰিৱৰ্তে দুৰ্গা মাৰ ফটো প্ৰতিস্থা কৰা দেখিবলৈ পোৱা যায়৷ গৰ্বা নাচোতে গৰ্ভদ্বীপৰ চাৰিওফালে সকলোৱে অতি ভক্তিভাৱেৰে দেৱীৰ প্ৰতি সন্মান নিবেদন কৰি খালী ভৰিৰে বৃত্তাকাৰে ঘূৰি ঘূৰি সংগীত তালে তালে নৃত্যৰত হয় ৷ এই বৃত্তৰো এক প্ৰতীকি অৰ্থ আছে ৷ হিন্দু দৰ্শন মতে, বৃত্ত সময়ৰ প্ৰতীক। সময় চক্ৰকাৰে ঘূৰি থাকে ৷ এই বৃত্তই মানৱ জীৱনৰ জন্ম , মৃত্যু আৰু পূনৰ জন্মৰ এই সময়ৰ যি চক্ৰ তাকো প্ৰতিনিধিত্ব কৰে ৷
গৰ্বাৰ উৎপত্তিৰ লগত জড়িত হৈ আছে বহু জনবিশ্বাস আৰু লোককথা ৷ অতি গৌৰৱৰ কথা এয়ে যে এনে এটা লোককথাৰ কাহিনীত অসমৰ জীয়াৰী অসুৰ ৰজা বাণৰ কন্যা উষাৰ কথা পোৱা যায় ৷ উল্লেখনীয় যে উষা শ্ৰীকৃষ্ণৰ নাতি অনিৰূদ্ধৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। লোককথা অনুযায়ী শ্ৰীকৃষ্ণৰ নাতিনী বোৱাৰী অসমৰ জীয়াৰী উষাই সৌৰাষ্ট্ৰ এলেকাত গৰ্বা নৃত্য প্ৰৱৰ্তন কৰিছিল ৷ সেই তেতিয়াৰ পৰাই গৰ্বা নাচৰ আৰম্ভণি হোৱা বুলি পোৱা যায় ৷ এই লোককথাৰ বিষয়ে অৰুণ দেশপাণ্ডেৰ “ভাৰত” নামৰ গ্ৰন্থটো উল্লেখ পোৱা দেখা যায় ৷ গৰ্বা নাচৰ উৎপত্তিৰ লগত এগৰাকী অসমীয়া জীয়াৰীৰ প্ৰভাৱ থকা কাহিনীটোৱে সচাঁই অসমীয়া হিচাপে আমাকো গৌৰাৱাম্বিত কৰি তোলে ৷
নৱৰাত্ৰি উৎসৱৰ আগমনৰ লগে লগে গুজৰাটী সকল ব্যস্ত হৈ পৰে উৎসৱৰ আয়োজনত ৷ এমাহৰ আগৰে পৰা সকলো প্ৰস্তুত হয় উৎসৱৰ আয়োজনত ৷ গাভৰু আৰু মহিলাসকলে গৰ্বা নাচোতে পৰম্পৰাগত সাজপাৰ চানিয়া চোলিৰ লগতে বিভিন্ন ৰং বিৰঙৰ আ অলংকাৰ পৰিধান কৰা দেখা যায়। সেয়ে বজাৰবোৰ চানিয়া চোলি আৰু আ অলংকাৰেৰে ভৰি পৰে ৷ পুৰুষ সকলেও গৰ্বা নাচিবৰ কাৰণে পৰম্পৰাগত কেডিউ ধুতি আৰু কুৰ্তা যোগাৰ কৰে৷ চানিয়া চোলি আৰু আ অলংকাৰৰ ৰং বিৰঙৰ বজাৰ বোৰে সমগ্ৰ ৰাজ্যখনকে যেন ৰঙীন কৰি তোলে৷ বজাৰবোৰত গ্ৰাহকৰ যথেষ্ঠ ভিৰ দেখা যায়। ৰংবোৰ কেৱল মাত্ৰ যেন সাজপোছাকতে নাথাকে এই ৰং যেন ব্যাপ্ত হৈ মানুহৰ জীৱনলৈও৷ সকলোৰে আনন্দ উল্লাহৰ সীমা নাথাকে ৷ গৰ্বা গুজৰাটৰ বিভিন্ন স্থানত অনুষ্ঠিত হয় । প্ৰত্যেক সৰু বৰ গাঁও তথা চহৰৰ অলীয়ে গলিয়ে ব্যক্তিগত পেণ্ডালবোৰৰ লগতে সমূহীয়া ভাবেও বিশাল খেল পথাৰ বোৰত নৱৰাত্ৰি গৰ্বা মহোৎসৱৰ আয়োজন কৰে ৷ চহৰৰ খেল পথাৰবোৰত ডাঙৰ ডাঙৰ পেণ্ডাল সজাই গুজৰাট বাসী সকলে উৎসৱৰ আনন্দত ৰঙীন হৈ আধাৰাতিলৈকে গৰ্বা নাচে ৷ গৰ্বা গীতৰ মনোমোহা সুৰে মানুহক মুগ্ধ কৰে ৷ উল্লেখনীয় যে একোটাহঁত পেণ্ডালত হাজাৰ বিজাৰ লোকে গৰ্বাৰ সুৰে সুৰে আপোন পাহৰা হৈ নাচে ৷ গৰ্বাৰ মনোমোহা গীতৰ তালে তালে ৰং বিৰঙৰ সাজপোছাক পৰিধান কৰি অবিৰত ঘূৰি ঘূৰি নাচি থকা অগণন লোকৰ অদম্য উৎসাহ দেখিলে আচৰিত লাগে ৷ নদিন একেৰাহে নাচি কোনেও যেন ভাগৰি নপৰে ৷ পেণ্ডেলবোৰত শ্ৰেষ্ঠ্য নৰ্তকৰ বাচনি কৰাৰ লগতে আকৰ্ষণীয় পুৰস্কাৰে পুৰস্কৃত কৰে ৷ নিজৰ পৰম্পৰা আৰু সংস্কৃতি উঠি অহা প্ৰজন্মই শিকিবৰ বাবে গুজৰাটৰ স্কুলবোৰতো এদিনীয়া কাৰ্য্যসুচীৰে নৱৰাত্ৰি উদযাপন কৰা দেখা পোৱা যায়৷ উক্ত দিনটোত চাত্ৰ চাত্ৰীসকলক স্কুলত পৰম্পৰাগত সাজপাৰ পিন্ধিবলৈ অনুমতি দিয়া হয় ৷ গৰ্বা নাচত প্ৰথমে ধীৰ তালেৰে আৰম্ভ কৰি লাহে লাহে তাল ক্ষিপ্ৰ হয় ৷ স্থান অনুযায়ী আৰু বিভিন্ন জনগোষ্ঠীৰৰ মাজত গৰ্বা নাচ বিভিন্ন প্ৰকাৰৰ দেখা পোৱা যায় ৷ দাণ্ডিয়া নাচো গৰ্বাৰে এক ভাগ ৷ গৰ্বাৰ গীত পৰিবেশন কৰা গায়ক গায়িকা সকলো গুজৰাটত খুবেই জনপ্ৰিয়৷ লোকশিল্পী অতুল পুৰিহিতৰ লগতে ফাল্গুনী পাঠকৰ গৰ্বা গীতসমূহ অতি মনপৰসা আৰু জনপ্ৰিয় ৷
নৱৰাত্ৰিৰ সময়ত গুজৰাটত ভৰি পৰে হাজাৰ বিজাৰ দেশী বিদেশী পৰ্যটক৷ গৰ্বাৰ মনোমোহা সুৰৰ তালে তালে অনা গুজৰাটীসকলেও আপোন পাহৰা হৈ নাচে ৷ নৱৰাত্ৰি উৎসৱে মানুহৰ মনত ভক্তিভাৱৰ উন্মেশ ঘটোৱাৰ লগতে সমগ্ৰ বিশ্বতে বিয়পায় আনন্দ আৰু একতাৰ বতৰা ৷
Comments are closed, but trackbacks and pingbacks are open.