‘গাইড’ বোলছবিখনৰ ইংৰাজী সংস্কৰণঃ নেপথ্যৰ কাহিনী

9

পংকজ কুমাৰ নেওগ

দেৱ আনন্দ অভিনীত ‘গাইড’ (১৯৬৫) বোলছবিখনৰ ইংৰাজী সংস্কৰণৰ এটা নকল কপি ইন্টাৰনেটত প্রকাশিত হৈছে আৰু ই প্রমাণ কৰে যে চিনেমাপ্ৰেমীসকলৰ আবেগ আৰু কল্পনাশক্তি সম্ভৱতঃ ষ্টুডিঅ’ কাৰ্যবাহীসকলতকৈ বেছি। ভাৰতত খুব কমেই প্ৰদৰ্শিত তথা বহু বছৰ প্রচাৰৰ গণ্ডীৰ বাহিৰত থকা এই গাইড বোলছবিখন পার্ল এছ বাকে ৰচনা কৰাৰ লগতে টেড ডেনিয়েলস্কিয়ে পৰিচালনা কৰিছিল। এই ছবিখন আৰ কে নাৰায়ণৰ ১৯৫৮ চনৰ এখন উপন্যাসৰ আধাৰত নিৰ্মিত। নাৰায়ণৰ আন কেইবাটাও গল্পৰ পটভূমিৰ দৰে এই কাহিনীৰ পটভূমিও আছিল কাল্পনিক চহৰ মালগুডি। উপন্যাসখনে এখন ব্রডৱে নাটক আৰু হিন্দী আৰু ইংৰাজী দুখন চলচ্চিত্রক অনুপ্রাণিত কৰিছিল। হিন্দী প্রযোজনা সকলোৰে পৰিচিত যদিও চিনেমাখনৰ প্ৰধান অভিনেতা আৰু প্ৰযোজক দেৱ আনন্দে তেওঁৰ আত্মজীৱনী ‘ৰোমান্সিং উইথ লাইফ’(২০১১)ত উল্লেখ কৰা মতে ইংৰাজী ভাষাৰ ‘দ্য গাইড’খনহে প্রথমে পৰিকল্পনা কৰা হৈছিল।

হিন্দী চলচ্চিত্রখনৰ শিৰোনাম আছিল ‘গাইড’ আৰু আনখন হ’ল ‘দ্য গাইড’। অৱশ্যে প্রকল্পদুটাৰ মাজত এইটোৱেই একমাত্ৰ পার্থক্য নাছিল। ‘বুটলেগ’ সংস্কৰণটো চালে সহজে ধৰিব পাৰি ‘দ্য গাইড’ হিন্দী বোলছবিখনৰ এটা দৰিদ্ৰ সংস্কৰণ। দেৱ আনন্দ,  ৱাহিদা ৰহমান আৰু অন্যান্য প্রধান অভিনেতাসকলে সম্পূর্ণ ইংৰাজী ভাষাত সংলাপ দিছে। তাৰে প্ৰথমগৰাকী অভিনেতাই পৰিৱেশন কৰা সংলাপ শুনি ভাৱ হয় যেন তেওঁ কোনো বক্তৃতা প্রতিযোগিতাতহে অংশ গ্ৰহণ কৰিছে! শ্বটবোৰৰ ক্রম, চিত্রগ্রহণৰ শৈলী, গল্পৰ বৰ্ণনা, আৰু চৰিত্রৰ ‘আর্কচ আৰু ডিনোইমেন্ট’(Arcs and Denouement) হিন্দী চিনেমাখনৰ পৰা সম্পূৰ্ণ পৃথক। বিবাহিত নৃত্যশিল্পী ৰ’জী (ৱাহিদা ৰেহমান)ৰ সৈতে দেৱ আনন্দৰ ৰাজুৰ মাজৰ সম্পৰ্কটোত প্ৰকাশ্য যৌনতাৰ ইঙ্গিত থকাৰ উপৰি কোনো এটা চৰিত্ৰ হিন্দী চিনেমাখনৰ দৰে বলিষ্ঠ নহয়। আনকি নায়ক-নায়িকাৰ মাজত এটা চুম্বনৰ দৃশ্যও পৰিকল্পনা কৰা হৈছিল। এছ ডি বৰ্মনৰ কোনো এটা সুমধুৰ গীত বোলছবিখনত নাই।

১৯৬২ চনত দেৱ আনন্দে এটা ভাৰতীয় গল্প, ভাৰতীয় নায়ক-নায়িকা আৰু এজন আমেৰিকান পৰিচালকৰ সৈতে দ্বৈত ভাষাৰ এখন চলচ্চিত্রৰ পৰিকল্পনা আৰম্ভ কৰোঁতে এই ত্রুটিবোৰৰ কোনোটিয়েই চকুত পৰা নাছিল। সাৱলীল অভিনেতা আৰু নৱকেতন ইন্টাৰনেছনেলৰ সহ-প্রতিষ্ঠাপকগৰাকীয়ে শশী কাপুৰ, ওম পুৰী আৰু ইৰফান আদি সকলৰ অনেক পূৰ্বে এটি আন্তর্জাতিক ক্রছঅভাৰৰ পৰিকল্পনা কৰিছিল। দেৱ আনন্দে ৰোমান্সিং উইথ লাইফত লিখা মতে বার্লিন ফিল্ম ফেষ্টিভেলৰ সময়ত এটা পাৰ্টীত টেড ডেনিয়েলস্কিৰ সৈতে এটা বৈঠকত এই প্রকল্পৰ জন্ম হৈছিল। সেই মহোৎসৱত আনন্দৰ চলচ্চিত্র ‘হম দোনো’ প্রদর্শিত হৈছিল। ডেনিয়েলস্কি আৰু প্রখ্যাত আমেৰিকান লেখক পার্ল এছ বাক দুয়োগৰাকী মিলি সেই সময়ত এটা চলচ্চিত্র কোম্পানী চলাইছিল।  তেওঁলোকে দেৱ আনন্দক এজন ভাৰতীয় লেখকৰ ইংৰাজী উপন্যাসৰ আধাৰত আমেৰিকান বোলছবি এখনত অভিনয়ৰ প্ৰস্তাৱ দিয়ে। নিজৰ উদ্দেশ্য পূৰণ কৰিব পৰা কিতাপখন দেৱ আনন্দে অৱশেষত বিচাৰি পালে। “মই কিতাপখন একেবাৰতে পঢ়ি শেষ কৰিছিলো…মোৰ মতে উপন্যাসৰ কাহিনী আছিল অতি অনুপম আৰু বিশেষকৈ ৰাজুৰ চৰিত্ৰ ‘গাইড’ আছিল অসাধাৰণ” – আনন্দে নাৰায়ণৰ দ্য গাইড সম্পর্কে মন্তব্য কৰে। পার্ল এছ বাকো কিতাপখনৰ সৈতে পৰিচিত আছিল। ইয়াৰ পিছতেই দেৱ আনন্দ মার্কিন যুক্তৰাষ্ট্রলৈ যাত্ৰা কৰে আৰু পাৰ্ল বাকে চিত্ৰনাট্য ৰচনা আৰু ডেনিয়েলস্কিয়ে চিনেমাখন পৰিচালনা কৰাৰ সিদ্ধান্ত লয়।

অৱশ্যে এটা সমস্যা আছিল – দেৱ আনন্দে তেতিয়াও কিতাপখনৰ ‘ৰাইটচ’ ক্ৰয় কৰা নাছিল। তেওঁ নাৰায়ণৰ ফোন নম্বৰ বিচাৰি তেওঁক টেলিফোন কৰে। “আমি হলিউড জিনিব পৰা প্রকল্প এটাত হাত মিলাব পাৰোঁ”- দেৱ আনন্দে লেখকগৰাকীৰ সৈতে হোৱা কথা-বতৰাখিনি স্মৰণ কৰে। দেৱ আনন্দে লিখা মতে নাৰায়ণে তেওঁৰ কথাখিনি “নিঃশব্দে” শুনিছিল। লেখক নাৰায়ণৰ অৱশ্যে এই সাক্ষাৎ কাহিনী অন্য ধৰণে মনত আছে।  ‘লাইফ’ আলোচনীখনত ‘মিছগাইডেড গাইড’ নামৰ এটা শ্লেষমূলক প্রৱন্ধত লিখা মতে নাৰায়ণে দেৱ আনন্দৰ পৰা এখন পত্ৰহে লাভ কৰিছিল। সেই পত্ৰখনত বিনয়ীভাবে আনন্দে নিজক “বোম্বেৰ এজন প্রযোজক আৰু অভিনেতাৰূপে  চিনাকি দিছিল আৰু লিখিছিল – মই নাজানো আপুনি মোৰ নামৰ সৈতে পৰিচিত হয়নে নহয়”।  নাৰায়ণৰ প্ৰৱন্ধটো ‘The Greatest Show on Earth Writings on Bollywood’ত (জেৰি পিন্টোৰ দ্বাৰা সম্পাদিত,২০১১ চন) পুনৰ প্ৰকাশ কৰা হৈছে।

চলচ্চিত্ৰ জগতৰ চিৰাচৰিত লৰা-ঢপৰাৰ বৈশিষ্ট্য অনুসৰি দেৱ আনন্দো প্রযোজনা আৰম্ভ কৰিবলৈ অপেক্ষাৰত আছিল। নাৰায়ণে তেওঁৰ প্ৰৱন্ধত উল্লেখ কৰা মতে এই খৰ-খেদাৰ হেতু আনন্দে ডেনিয়েলস্কি আৰু পাৰ্ল বাকক মুম্বাইলৈ আনে। দেৱ আনন্দৰ সৈতে কেইবাখনো চিনেমাত একেলগে কাম কৰা ৱাহিদা ৰহমানক ৰ’জী চৰিত্ৰটোৰ অভিনয় কৰিবলৈ দিয়া হৈছিল।  ৰ’জী হ’ল এজন প্রত্নতাত্ত্বিকৰ অবদমিত স্ত্রী আৰু তেওঁ গাইড ৰাজুৰ সংস্পৰ্শলৈ আহি এগৰাকী পেছাদাৰী নৃত্যশিল্পী হোৱাৰ স্বপ্ন অনুসৰণ কৰে। “পার্ল বাকে ৱাহিদাৰ ইংৰাজী সংলাপৰ দায়িত্ব লৈছিল  আৰু তেওঁক এগৰাকী গৃহশিক্ষিকা হিচাপে লাভ কৰা ৱাহিদাৰ বাবে অতি গৌৰৱৰ বিষয় আছিল” – দেৱ আনন্দে লিখিছে। ইতিমধ্যে দেৱ আনন্দৰ ভ্ৰাতৃ চেতন আনন্দৰ পৰিচালনাত হিন্দী সংস্কৰণখনো আৰম্ভ হৈছিল। “সময় আৰু পইচা বচাবলৈ দুয়োটা সংস্কৰণৰ সাধাৰণ দৃশ্যসমূহ একেলগে ফিল্ম কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। হিন্দী চিনেমাখনৰ বাবে এটা শ্বট লোৱাৰ লগে লগে ইংৰাজীখনৰ বাবেও একেটা শ্বট লোৱা হৈছিল” – দেৱ আনন্দে লিখিছে। শ্বুটিং আৰম্ভ হয় যদিও পৰিচালকসকলৰ মাজত তীব্ৰ মতানৈক্যৰ সৃষ্টি হৈছিল বুলি দেৱ আনন্দই মনত পেলায়। অবিৰাম তৰ্ক-বিতৰ্ক আৰু একেটা বস্তুৰে ভিন্ন দৃষ্টিভংগীয়ে উৎপাদনত বিলম্ব ঘটাবলৈ ধৰে আৰু ই আৰম্ভণিৰে পৰা ইতিমধ্যে ব্যয়বহুল হৈ পৰা প্ৰকল্প দুটা আৰু খৰচী কৰি তুলিছিল।

দেৱ আনন্দে ইংৰাজী সংস্কৰণটো প্ৰথমে সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লয়। সেই সুযোগতে চেতন আনন্দ প্ৰকল্পটোৰ পৰা প্ৰস্থান কৰি ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ ওপৰত নিৰ্মিত তেওঁৰ ছবি ‘হকীকৎ’ত মনোনিৱেশ কৰে। এইবাৰ দেৱ আনন্দই  পূৰ্বে পৰিয়ালটোৰ নৱকেতন বেনাৰৰ বাবে তিনিখন ছবি নিৰ্মাণ কৰা আনজন ভাতৃ মেধাৱী বিজয় আনন্দৰ সহায় লবলৈ বাধ্য হ’ল। বিজয় আনন্দে নাৰায়ণৰ উপন্যাসখনৰ পৰা যাতে দুখন সম্পূৰ্ণ পৃথক ছবিৰ সৃষ্টি হয় তালৈ লক্ষ্য ৰাখে। “আমি পাৰস্পৰিক বুজাবুজিত উপনীত হ’লোঁ যে হিন্দী সংস্কৰণখনৰ উত্তৰণৰ বাবে ছবিখনৰ সমগ্ৰ ইংৰাজী চিত্ৰনাট্য শূন্যৰ পৰা পুনৰ লিখিব লাগিব।”- দেৱ আনন্দে তেওঁৰ আত্মজীৱনীত লিখিছে। “ভাৰতীয় নীতি-নিয়ম আৰু ভাৰতীয় মনৰ সংবেদনশীলতাৰ লগত খাপ খোৱাকৈ আমাক নতুন চিত্ৰনাট্যৰ প্ৰয়োজন আছিল। ইংৰাজী সংস্কৰণৰ বাবে লোৱা এটাও শ্বট হিন্দী সংস্কৰণত পুনৰাবৃত্তি বা অন্তর্ভুক্ত নকৰাৰ সিদ্ধান্ত লোৱা হ’ল। গল্পৰ ৰূপৰেখা একেই আছিল যদিও দুয়োটা সংস্কৰণ ভিন্নভাৱে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ বাবে পূৱ আৰু পশ্চিম দুটা সম্পূৰ্ণ ভিন্ন স্বাদৰ বাবে একেখন ফিল্ম দুবাৰ কৰিবলগীয়া হয়।”

ইংৰাজী চিনেমাখন প্রথম আঠ সপ্তাহৰ সময়সূচীত শেষ কৰা হৈছিল। ইতিমধ্যে দেৱ আনন্দৰ “মূর্খতাপূর্ণ দুঃসাহসিক অভিযান” আৰু “ব্যৰ্থতাৰ দিশে নিব পৰা বেপৰোৱা প্রচেষ্টা”ৰ বিষয়ে মুম্বাই চলচ্চিত্র ব্যৱসায় জগতত গুজৱ আৰম্ভ হৈছিল। আনন্দে সকলো মহান শিল্পকর্ম বাতুলতাৰ পৰাই জন্ম হয় বুলি যুক্তি প্ৰদৰ্শন কৰে।  ১৯৬৫ চনৰ ফেব্রুৱাৰী মাহত নিউইয়র্ক চিটিত দেৱ আনন্দে ‘দ্য গাইড’ৰ প্রিমিয়াৰত যোগদান কৰে। তেওঁ একে সময়তে ‘তিন দেৱীয়া’ চিনেমাখনৰ শ্বুটিঙো চলাইছিল। (এই মুভিখনৰো  One Boy and Three Girls নামৰ এটি ইংৰাজী সংস্কৰণ আছিল কিন্তু কোনোদিনে মুক্তি লাভ নকৰিলে।) আমেৰিকাত ‘দ্য গাইড’খন হতাশাজনক প্ৰমাণিত হ’ল। নিউয়ৰ্ক টাইমছে নিজৰ পৰ্যালোচনাত এইদৰে উল্লেখ কৰিছিল – “… the development of the narrative continuity is so erratic and frequently slurred – so clumsy and artless, to be plain-spoken – that both story and emotion are vague. The script is sluggish and uncertain, and Mr. Anand, who seems throughout to be modeling his style of acting on one of the more romantic Hollywood stars, bouncing about in boyish fashion and wearing his hat on the back of his pompadoured hair, is stumped by the staggering requirement of acting the weird, ironic twist.”

এই ব্যর্থতা দেৱ আনন্দে অৱশ্যে ধনাত্মক অৰ্থত গ্ৰহণ কৰে। “চলচ্চিত্রখনে ভাল ফল দেখুৱাব নোৱাৰিলে যদিও এখন নতুন ক্ষেত্ৰত ই মোক অইন এটা স্বীকৃতি প্ৰদান কৰে… নতুন অভিজ্ঞতা যথেষ্ট ফলপ্রসূ আছিল” –  তেওঁ ‘ৰোমান্সিং উইথ লাইফ’ত লিখিছে। আমেৰিকান ৰিলিজখনৰ পাছত দেৱ আনন্দে কিংবদন্তি প্রযোজক ডেভিড অ’চেলজনিকৰ পৰা হলিউড প্রযোজনা এখনত অভিনয় কৰিবলৈ আমন্ত্রণ লাভ কৰে। চিনেমাখনত দেৱ আনন্দ আৰু আমেৰিকান অভিনেত্রী জেনিফাৰ জোনছে অভিনয় কৰাৰ লগতে কাশ্মীৰত শ্বুটিং হোৱাৰ কথা আছিল। দুৰ্ভাগ্যবশতঃ ১৯৬৫ চনৰ জুন মাহত চেলজনিকৰ হৃদৰোগত আক্রান্ত হৈ মৃত্যু হয় আৰু “তেওঁৰ সৈতে প্ৰকল্পটোও মৃত্যুমুখত পৰে” – দেৱ আনন্দে আক্ষেপেৰে উল্লেখ কৰিছে। আনন্দৰ হলিউডৰ কাম তেতিয়াও শেষ হোৱা নাছিল৷ মনোহৰ মালগাঁওকাৰৰ ১৯৬৩ চনৰ ৰাজপৰিয়ালৰ ঐতিহাসিক কল্পকাহিনী ‘দ্য প্ৰিন্সেছ’ৰ ৰাইটচ তেওঁ ক্ৰয় কৰিছিল। আনন্দে ব্ৰিটিছ অভিনেতা এলেক গিনিছক ৰজাৰ ভূমিকা দিব বিচাৰিছিল যদিও সেই প্ৰকল্পটো পলম হোৱা বাবে অৱশেষত বাদ দিয়া হয়। ১৯৭০ চনত আনন্দে ‘দ্য ইভিল উইথইন’ নামৰ ইন্দো-ফিলিপিনো ড্ৰাগছ সৰবৰাহৰ নাটক এখনত শেষবাৰৰ বাবে অভিনয় কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰে। আনন্দে এজন চিক্ৰেট এজেণ্টৰ চৰিত্ৰত অভিনয় কৰা চিনেমাখন ভাৰতত মুক্তি লাভ কৰা নাছিল। উল্লেখযোগ্য যে আমেৰিকান সংস্কৰণৰ দ্য গাইডখন ছবিখন মুক্তি লাভ কৰাৰৰ ৪২ বছৰৰ পাছত ২০০৭ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত পুনৰ প্ৰদৰ্শন কৰা হৈছিল।

‘দ্য গাইড’ৰ দুৰ্বল প্ৰদৰ্শনে হিন্দী সংস্কৰণখনৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পেলায়। বিজয় আনন্দৰ ‘গাইড’খনে প্ৰথমে কোনো বিতৰক বা ডিষ্ট্ৰিবিউটৰ বিচাৰি পোৱা নাছিল। দেৱ আনন্দে ইয়াৰ বাবে “গাইড বিৰোধী লবীষ্ট”ক দোষাৰোপ কৰে কিন্তু সেই দ্বিধাবোধৰ লগত গাইড চিনেমাখনৰ বিষয়বস্তুৰো হয়তো কিবা এটা সম্পৰ্ক আছিল। আনন্দে চেন্সৰৰ পৰা কিছু বাধাৰ সন্মুখীন হৈছিল আৰু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হস্তক্ষেপৰ পিছতহে ছবিখনে মুক্তি লাভ কৰে। ১৯৬৫ চনত মুক্তি লাভ কৰাৰ সময়ত গাইডৰ ফলাফল আশানুৰূপ নাছিল যদিও “সময়ৰ লগে লগে মানুহে চলচ্চিত্ৰখনত অধিক অৰ্থ বিচাৰি পায় আৰু বাৰে বাৰে উপভোগ কৰিবলৈ ধৰে” – আনন্দে উল্লেখ কৰিছে। বিদেশী ভাষাৰ প্ৰৱেশ হিচাপে ভাৰতৰ পৰা অস্কাৰত জমা দিবলৈ এটা তৃতীয় সংস্কৰণ সাজু কৰা হৈছিল। ইংৰাজী ভাষাৰ দ্য গাইডৰ দৰেই এই সংস্কৰণটোৰো দৈৰ্ঘ্য সম্পাদনা কৰা হৈছিল আৰু বেছিভাগ গীত আঁতৰাই পেলোৱা হৈছিল।

দেৱ আনন্দে তেওঁৰ স্মৃতিগ্ৰন্থখনৰ চাৰিটা অধ্যায় দুখন চলচ্চিত্ৰ নিৰ্মাণৰ ওপৰত উছৰ্গা কৰিছে। লেখক আৰ কে নাৰায়ণে ইয়াৰ উত্তৰ দিছে তেওঁৰ একমাত্ৰ প্ৰৱন্ধ ‘মিছগাইডেড গাইড’ৰ দ্বাৰা। এই প্ৰৱন্ধটো হ’ল নিজৰ উপন্যাস এখন চিত্রনাট্যলৈ ৰূপান্তৰিত হোৱাৰ বিষয়ে এজন লেখকৰ দৃষ্টিভঙ্গীৰ এটি সাৱলীল বিৱৰণ। দ্য গাইডৰ চিত্রগ্রহণ প্রক্রিয়াৰ সৈতে নাৰায়ণ জড়িত আছিল আৰু তেওঁৰ স্মৃতি মুঠেই সুখপ্ৰদ নাছিল। দেৱ আনন্দৰ প্ৰখ্যাত প্ৰতিভা আৰু  শক্তিৰ বিষয়ে নাৰায়ণ আছিল যথেষ্ট সন্দিহান। হিন্দী চলচ্চিত্রৰ তাৰকাগৰাকীয়ে ৰাইটচৰ বাবে নাৰায়ণক যি কোনো মূল্য দিবলৈ সাজু আছিল আৰু চিনেমা নির্মাণ আৰম্ভ হোৱাৰ পাছত “দীর্ঘ দূৰত্বৰ টেলিফোন কল, জৰুৰী টেলিগ্রাম, এক্সপ্রেছ চিঠি আৰু বিমান আৰু গাড়ীৰে অকস্মাৎ আগমন আৰু প্রস্থান আৰম্ভ হৈছিল।”  শ্বুটিং আৰম্ভ হোৱাৰ লগে লগে নাৰায়ণক প্রেছৰ সৈতে চিনাকি কৰি দিয়া হৈছিল। অনেক সময়ত নাৰায়ণৰ এনে ভাৱ হৈছিল যে তেওঁ ৰচনা কৰা প্রিয় উপন্যাসখনৰ চিত্ৰনাট্য তেওঁ চিনিব পৰা সীমাৰ বাহিৰলৈ ৰূপান্তৰিত হৈছে। ছবিখনৰ শ্বুটিঙৰ স্থানসমূহক লৈ প্ৰাৰম্ভিক বিবাদ আৰম্ভ হৈছিল। কাল্পনিক মালগুডিৰ সন্ধানত গাইডৰ পৰিচালক টেড ডেনিয়েলস্কি মহীশূৰলৈ আহিছিল আৰু কাবেৰী নদীৰ পাৰ, নাঞ্জাংগুড চহৰ আৰু গোপালস্বামী পাহাৰ ইত্যাদি ঠাই পৰিদৰ্শন কৰা হৈছিল। দ্য গাইডক অভিযোজন কৰিব বিচৰা চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ভিতৰত আছিল সত্যজিৎ ৰায় কিন্তু  চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে তেওঁৰ পৰ্দাৰ বাবে মালগুডিক পুনৰ সৃষ্টি কৰিব নোৱাৰে বুলি নাৰায়ণক ব্যক্ত কৰে।

দেৱ আনন্দে তেওঁৰ যমজ প্ৰযোজনাৰ চেটিং উত্তৰ ভাৰতলৈ পৰিৱৰ্তিত কৰা বুলি জানি নাৰায়ণ অতি আচৰিত হৈছিল। “মই মোৰ কাহিনীটো কেতিয়াও ভাৰতৰ সেই অংশত কল্পনা কৰা নাছিলো য’ত পোছাক, মানুহৰ ধৰণ আৰু দৈনন্দিন জীৱনৰ বিৱৰণ ভিন্ন” – তেওঁ লিখিছে। নাৰায়ণৰ সন্দেহ অৱশেষত মুম্বাইত অনুষ্ঠিত হোৱা কোনোবা এখন মিটিঙত দূৰ কৰা হৈছিল – “কাশ্মীৰ, ৰাজস্থান, বোম্বে, দিল্লী আনকি চিল’ন য’তেই নহওক কিয় মালগুডিখন সদায় সৃষ্টি কৰি লোৱা হ’ব।” ইংৰাজী চিনেমাখনত চুম্বনৰ এটা দৃশ্য আছিল যদিও ৱাহিদা ৰহমানে “ভাৰতীয় মহিলাৰ অনুপযুক্ত” বুলি সেই দৃশ্য নাকচ কৰে। দেৱ আনন্দ পৰিচালকৰ কথা মানিবলৈ ইচ্ছুক আছিল যদিও ৱাহিদাৰ অসহযোগিতাৰ বাবে সেই দৃশ্য সম্ভৱপৰ হৈ নুঠে। ছবিখনত অৱশেষত যৌন সম্পৰ্কৰ পিছৰ ক্ৰম আৰু ওষ্ঠস্পৰ্শৰ কিছু ইঙ্গিত প্ৰদৰ্শন কৰা হয়। আশ্চৰ্যজনকভাৱে নাৰায়ণে দুয়োখন চিনেমাৰ এখনকো গুৰুত্ব দিয়া নাছিল – বিশেষকৈ ৰ’জীক এগৰাকী ভাৰতনাট্যম পটীয়সীৰ সলনি অল-ৰাউণ্ড নৰ্তকী হিচাপে চিত্ৰিত কৰাটো। সম্ভৱতঃ হিন্দী সংস্কৰণৰ কথা উল্লেখ কৰি নাৰায়ণে লিখিছে যে চিনেমাখনে “মোৰ নায়িকাৰ অভিনয়ক সুস্বাদু ফলৰ ৰং আৰু সাজ-পোছাকৰ সৈতে এক্সট্ৰাভাগাঞ্জালৈ ৰূপান্তৰিত কৰিছিল”। নাৰায়ণৰ মতে এই দুই প্ৰকল্পৰ পৰা এটা কথাই ভাল হৈছিল যে তেওঁৰ কিতাপখনৰ বহুতো কপি বিক্ৰী হ’ল কাৰণ চিনেমা দুখনৰ প্ৰডাকচনৰ সৈতে বহুতো মানুহ জড়িত আছিল। বিজয় আনন্দৰ গাইড ছবিখনে এতিয়া জনপ্ৰিয় ভাৰতীয় ক্লাছিক হিচাপে স্থান লাভ কৰিছে কিন্তু ইংৰাজী ভাষাৰ সংস্কৰণটো সম্ভৱতঃ চলচ্চিত্ৰ-পণ্ডিত আৰু সংগ্ৰহকাৰীসকলৰ বাবেহে কৌতুহল হৈ ৰৈছে।

ফোন : +৯৬৮-৯৯৬৭-২৭৮১

You might also like

Comments are closed, but trackbacks and pingbacks are open.