ভিটামিন বি আৰু আমাৰ শৰীৰত ইয়াৰ প্ৰয়োজনীয়তা

46

ৰাজীৱ কাশ্যপ

ভিটামিন বি বুলি ক’লে আচলতে এবিধ ভিটামিন ক নুবুজায়। ভিটামিন বি কেইবাটাও ভিটামিন ৰ সমষ্টি।এইবিধ হল পানীত দ্ৰবনীয় ভিটামিন। ভিটামিন বি সমষ্টিৰ ভিটামিনসমূহ হল 

১) ভিটামিন বি১  বা থাইয়ামিন( Thiamine)
২) ভিটামিন বি২ বা ৰাইব’ফ্লেবিন(Riboflavin)
৩) ভিটামিন বি৩ বা নিয়াচিন (Niacin)
৪) ভিটামিন বি৫ বা পেন্ট’থেনিক এচিড ( Pantothenic acids)
৫) ভিটামিন বি৬ :ইয়াত তিনিটা যৌগ থাকে। পিৰিড’ক্সাইন(Pyridoxine) পিৰিড’ক্সেল ( Pyridoxal), পিৰিড’ক্সামাইন( Pyridoxamine)
৬)ভিটামিন বি৯ বা ফলেট্ (Folate)
৭) বায়’টিন ( Biotin)
৮)ভিটামিন বি১২
উক্ত আটাইকেইটা ভিটামিন আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। এই ভিটামিন সমূহৰ অভাৱ হলে শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি হয়।  এই ভিটামিন ৰ উৎস, কাৰ্য্য আৰু অভাৱজনিত ৰোগৰ বিষয়ে কিছু কথা জানো আহক।
ভিটামিন বি১ : শৰীৰৰ বিপাক ক্ৰিয়া আৰু স্নায়ু কোষসমুহৰ বাবে অতি প্ৰয়োজনীয় ভিটামিন বি১ ৰ উৎস সমূহ হল জন্তুৰ লিভাৰ ,চৰ্বি যুক্ত মাংস,সাগৰীয় ক’ড মাছ,কণী, গাখীৰ, টান বাকলি যুক্ত ফল(বাদাম,কাজু,নাৰিকল আদি)ছেও থকা পাচলি আৰু গুটি( মটৰ,বিন, লেচেৰা আদি) , ফুলকবি,কমলা,গোটা দানাদাৰ শস্য (যেনে বুট, মগু,গেহু ,মাকৈ ,গম আদি), চাউল, ময়দা,ব্ৰেড, পাষ্টা,ওটচ আদি।
আমাৰ শৰীৰৰ বাবে ভিটামিন ডি১ অতি প্ৰয়োজনীয়। এই ভিটামিন ৰ সহায়ত গ্লুকজৰ বিপাক বা মেটাবলিজম ঘটে আৰু শক্তি উৎপন্ন হয়। ভিটামিন বি১ য়ে শাৰীৰিক শক্তি বৃদ্ধি কৰাৰ উপৰিও মগজু আৰু স্নায়ুতন্ত্ৰ ৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।এই ভিটামিন য়ে মাংসপেশী ৰ সংকোচন আৰু স্নায়ুকোষৰ মাজেৰে সংবেদনা পাৰ হোৱা ত সহায় কৰে, পাচন কাৰ্য্যত সহায় কৰে, হৃদপেশীৰ শক্তি বৃদ্ধি কৰে।
কিছুমান ৰোগ হলে বা কিছুমান অবস্থা ত আমাৰ শৰীৰত ভিটামিন বি১ অভাৱ দেখা যায়। উদাহৰণ স্বৰূপে এইডচ ,বৃক্কৰ ৰোগ, পেটৰ কিছুমান অষ্ট্ৰোপচাৰ কৰিলে, দীৰ্ঘদিন ধৰি মদ্যপান কৰিলে, বুঢ়া বয়সৰ ব্যক্তিৰ, ভালদৰে খাদ্য গ্ৰহণ নকৰিলে দেহত ভিটামিন বি১অভাৱ হয়। এই ভিটামিন ৰ অভাৱত দৈহিক স্নায়ু সমূহ ক্ষতিগ্ৰস্থ হয়,হাত ভৰি জিন-জিনায়, শৰীৰ দূৰ্বল হয়, ভোক নালাগে, ওজন হ্ৰাস পায়,হৃদযন্ত্ৰ ৰ আকাৰ বাঢ়ি যায় আৰু হাৰ্ট ফেইলুৰ হব পাৰে, স্মৃতি শক্তি হ্ৰাস পায়,ভ্ৰম  (Confusion) হয় আৰু মানসিক সমস্যা হোৱা দেখা  যায়। ভিটামিন বি১ৰ অভাৱত বেৰিবেৰি নামৰ স্নায়ুবিক ৰোগ হোৱা দেখা যায়।
ভিটামিন বি2 : ভিটামিন বি২ বা ৰাইব’ফ্লেবিন  শৰীৰৰ বৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে অতি দৰকাৰী।এই ভিটামিনে শৰীৰৰ বিপাক ক্ৰিয়াত সহায় কৰে আৰু চকুৰ এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে। চকুৰ চানি পৰা ৰোগ ( Cataract) প্ৰতিৰোধ কৰাত এই ভিটামিনে সহায় কৰে। আমাৰ ছালৰ সুগঠন,ছুলিৰ বৃদ্ধি আৰু তেজৰ লোহিত ৰক্ত কণিকাৰ গঠনতো ভিটামিন বি২ প্ৰয়োজনীয়। ৰোগ প্ৰতিৰোধ ক্ষমতা সঠিক হৈ থাকিবলৈ  এই ভিটামিন অতি দৰকাৰী। গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে ও এই ভিটামিন অতি প্ৰয়োজনীয়। এই ভিটামিন ৰ অভাৱ হলে গৰ্ভধাৰণ ৰ শেষৰ সময়ত গৰ্ভৱতী মহিলাৰ ৰক্ত চাপ বৃদ্ধি হয়।
ভিটামিন বি২ ৰ উৎস সমূহৰ হল মাংস, কণী,গাখীৰ, চিজ, কাঠফুলা, ব্ৰকলী, কেপচিকেম, গজালি ওলোৱা ঘেহু, ময়দাৰে বনোৱা খাদ্য আদি। ভিটামিন বি২ ৰ অভাৱ হলে ৰক্তহীনতা ৰ সমস্যা হব পাৰে, ছাল ৰুক্ষ হয়, ছুলি সৰে। এই ভিটামিনৰ অভাৱ হলে ডিঙি, মুখ, ওঠ আদিত ঘাঁ হয়।ভালদৰে খোৱা-বোৱা কৰা মানুহৰ শৰীৰত সচাৰচৰ ভিটামিন বি২ অভাৱ হোৱা দেখা নাযায়।তথাপিও দীৰ্ঘদিন ধৰি মদ্যপান কৰা সকলৰ বা বুঢ়া বয়সৰ লোকৰ নাইবা ভালদৰে খোৱা-বোৱা কৰিব নোৱাৰা লোকৰ দেহত ভিটামিন বি২ অভাৱ হোৱা দেখা যায়। এই ক্ষেত্ৰত ৰাইব’ফ্লেবিন ৰ কেপচুল খাবলৈ দিয়া হয়।
ভিটামিন বি৩ : ভিটামিন বি৩ বা নিয়াচিনে তেজত থকা ক্ষতিকাৰক কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে ,ৰক্ত চাপ নিয়ন্ত্ৰিত কৰে আৰু ৰক্ত পৰিবহন তন্ত্ৰ ভালে ৰখাত সহায় কৰে। এই ভিটামিনে পেটৰ চৰ্বি হ্ৰাস কৰে। ছাল ভালে ৰখা আৰু চুলি গজোৱাত এই ভিটামিনে সহায় কৰে। ভিটামিন বি৩ য়ে মগজুৰ কাৰ্য্যক্ষমতা বঢ়ায়, লগতে হতাশা, বিষাদগ্ৰস্থতা,নিৰাশা আদি মানসিক অবস্থা দূৰ কৰে। এই ভিটামিন ৰ অভাৱ হলে স্মৃতি শক্তি হ্ৰাস পায়, ভ্ৰম হয়,  লগতে ডায়েৰিয়া, মূৰৰ বিষ,ছালৰ সমস্যা আদি শাৰীৰিক সমস্যা হয়।
ভিটামিন বি৩ বা নিয়াচিন উৎস হৈছে  মাছ, মাংস, কণী, গাখীৰ, ইষ্ট, সেউজীয়া শাক-পাচলি ত,টান খোলা যুক্ত ফল(বাদাম জাতীয় ফল আদি),গজালি ওলোৱা মগু আদি।
ভিটামিন বি৫ : পেন্ট’থেনিক এচিড বা ভিটামিন বি৫ আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। এই ভিটামিনে ছাল,চকু, আৰু চুলি ভালে ৰাখে, দেহৰ স্নায়বোৰ কাৰ্যক্ষম কৰি ৰাখে, পাচন তন্ত্ৰ ভালে ৰাখে। তেজৰ লোহিত ৰক্ত কণিকা বোৰ সৃষ্টি আৰু ৰক্তহীনতা প্ৰতিৰোধ কৰাত এই ভিটামিন সহায়ক হয়। এড্ৰিনেল গ্ৰন্থিয়ে ক্ষৰণ কৰা যৌন হৰমন প্ৰস্তুত কৰিবলৈ ভিটামিন বি৫ প্ৰয়োজন হয়।
এই হৰমন ৰ উৎস হৈছে বন্ধাকবি, ব্ৰকলী, মিঠা আলু, গজালি ওলোৱা ঘেহু,কাঠফুলা, বাদাম জাতীয় ফল,মটৰ,বিন, মাংস, কণী ,গাখীৰ আদি। কিছুমান ৰোগত ভিটামিন বি৫ অতিৰিক্ত ভাবে দিয়া হয়। সেইবোৰ হ’ল- শালমইনা, এলাৰ্জি, এলক’হলিজম,এজমা, ভৰি জলা-পোৰা সমস্যা, কাৰপেল টানেল চিন্দ্ৰম, উফি, হতাশা, মধুমেহ জনীত স্নায়ুৰ বিষ, মেদবহুলতা, নিদ্ৰাহীনতা, পাৰকিনচন ৰোগ, জিভাৰ সংক্ৰমণ আদি।
ভিটামিন বি৬: ভিটামিন বি৬  আমাৰ শৰীৰৰ কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বি ৰ বিপাক বা মেটাবলিজম প্ৰক্ৰিয়াৰ লগত জড়িত। এই ভিটামিনে আমাৰ দেহত থকা স্নায়ু বাৰ্তা বাহক (Neurotransmitters)সমূহ(  যেনে ডোপামিন, চেৰোট’নিন আদি) উৎপন্ন কৰোঁতে সহায় কৰে। এই স্নায়ু বাৰ্তা বাহকসমূহে মগজু কাৰ্যক্ষম কৰি ৰাখে,মানসিক সমস্যা সমূহ দূৰ কৰাত সহায় কৰে আৰু আলঝাইমাৰ,পাৰকিনচন আদি ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ভিটামিন বি৬ য়ে  তেজৰ হিম’গ্লবিন প্ৰস্তুত কৰাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। মাইকী মানুহৰ মাহেকীয়া ঋতুশ্ৰাবৰ সময়ত হোৱা সমস্যা দূৰ কৰিবলৈ ভিটামিন বি৬ ব্যৱহাৰ কৰা হয়। গৰ্ভধাৰণ ৰ সময়ত হোৱা বমি আৰু বমিভাব দূৰ কৰিবলৈ ও এই ভিটামিন ব্যৱহাৰ কৰা হয়।সুস্থ গৰ্ভধাৰণৰ এই ভিটামিন অতি প্ৰয়োজনীয়। ভিটামিন বি৬ য়ে ৰক্ত পৰিবহন কৰা ধমনীসমূহ ত হোৱা প্ৰতিবন্ধকতা দূৰ কৰাত সহায় কৰে আৰু হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে।এই ভিটামিনে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে আৰু চকুৰ দৃষ্টি শক্তি অতুত ৰাখে। এই বাত বিষৰ লক্ষণ সমূহ কমোৱাত সহায়ক হয়।
ভিটামিন বি৬ ৰ উৎস হল সাগৰীয় কিছুমান মাছ,আলু,কল,অমিতা, মটৰ, সেউজীয়া শাক, কমলা, চৰাইৰ মাংস আদি।
ভিটামিন বি৯ বা ফলেট : এই ভিটামিনে হাড়ৰ মজ্জাত লোহিত ৰক্ত কণিকা সৃষ্টি কৰাত সহায় কৰে।গৰ্ভধাৰণৰ সময়ত মহিলা সকলক অধিক ফলেট ৰ প্ৰয়োজন হয় । গৰ্ভধাৰণ সময়চোৱা ত ফলিক এচিড ৰ দৰব খাবলৈ দিয়া হয়। এই ভিটামিনে দেহৰ কলা সমূহৰ বৃদ্ধি ত সহায় কৰে। শিশু আৰু কৈশোৰ সকলকো অতিৰিক্ত ফলেট ৰ প্ৰয়োজন হয়। সেউজীয়া শাক -পাচলি আৰু প্ৰানীৰ পৰা পোৱা খাদ্যতে প্ৰধানতঃ ফলেট পোৱা যায়।তাৰোপৰি ৰক্তহীনতা ত ভোগা ব্যক্তি সকলক ফলিক এচিডৰ বড়ী খাবলৈ দিয়া হয়।
৭) বায়’টিন : ইয়াক ভিটামিন এইডচ বুলি কোৱা হয়।এই ভিটামিনে খাদ্য ৰ উপাদান সমূহৰ পৰা শক্তি উৎপাদন কৰোঁতে সহায় কৰে। আমাৰ ছাল,চুলি আৰু নখৰ পুষ্টি আৰু বৃদ্ধি ৰ বাবে অতি দৰকাৰী। বায়’টিনে ছালত বয়সৰ চাপ পৰাৰ পৰা সুৰক্ষিত কৰি ৰাখে।  বায়’টিনৰ উৎস হল মটৰ, বিন,লেছেৰা ,বাদাম জাতীয় ফল,মিঠা আলু,কল,কাঠফুলা, ব্ৰকলী আদি।
৮) ভিটামিন বি ১২:  এই ভিটামিন ক ক’বালোমিন বুলি কোৱা হয়। এইবিধ ভিটামিনে ও ফলেট ৰ লগত যুক্ত হৈ লোহিত ৰক্ত কণিকা প্ৰস্তুত কৰাত সহায় কৰে। আমাৰ শৰীৰৰ স্নায়ুতন্ত্ৰ ই সূচাৰুৰূপে কাম কৰিবলৈ এইবিধ ভিটামিন প্ৰয়োজন হয়। প্ৰানীৰ পৰা পোৱা খাদ্যত ভিটামিন বি ১২ পোৱা যায়।
আটাইবোৰ ভিটামিনে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়। সকলোবোৰ ভিটামিনে আমাৰ শৰীৰত স্বকীয় স্বকীয় কাৰ্য্য সাধনৰ কৰে।ভিটামিন সমুহ শৰীৰত জমা হৈ নাথাকে।ইয়াক নিয়মীয়াকৈ খাদ্যৰ দ্বাৰা শৰীৰে পাই থাকিব লাগে।দীঘলীয়া সময়ৰ বাবে কোনো ৰোগৰ কাৰণে ভালদৰে খোৱা-বোৱা কৰিব নোৱাৰিলে শৰীৰত ইয়াৰ অভাৱ জনিত সমস্যা সমুহ দেখা দিয়ে। তেতিয়া দৰৱৰ দ্বাৰা ইয়াক শৰীৰত প্ৰদান কৰিবলগীয়া হয়।শিশু আৰু বয়োজেষ্ঠসকল বেছিকৈ ভিটামিন ৰ অভাৱ জনিত সমস্যাত ভোগে।  নিয়মিত ভাৱে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিলে আমি আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো ভিটামিন পাব পাৰোঁ।
ফোনঃ ৮৬৩৮২৭২৮৬৩
You might also like

Comments are closed, but trackbacks and pingbacks are open.