ৰাজীৱ কাশ্যপ
‘বুকুৰ বিষ’ সঘনাই দেখা পোৱা এক সমস্যা। আচলতে বুকুৰ বিষ বিভিন্ন শাৰীৰিক আৰু মানসিক ৰোগৰ এক প্ৰধান লক্ষণ।ই কিছুমান অতি গুৰুতৰ সমস্যাৰ লক্ষণো হব পাৰে আৰু এই ক্ষেত্ৰত ৰোগীক কম সময়ৰ ভিতৰত হস্পিতাললৈ নিব লগীয়া হয়। সেয়েহে বুকুৰ বিষৰ কাৰণ সমূহ আৰু কোনটো প্ৰকাৰৰ বিষ গুৰুতৰ সমস্যাৰ লক্ষণ হব পাৰে সেইটো আমি সকলোৱে জনা উচিত। বুকুৰ বিষ প্ৰধানকৈ হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা হলে, পাচন তন্ত্ৰৰ সমস্যা হলে, হাওঁফাওঁৰ লগত জড়িত সমস্যা হলে ,বুকুৰ মাংসপেশী তথা হাড়ৰ সমস্যা হলে ,আতংকিত হ’লে ইত্যাদি কাৰণত হব পাৰে।ইয়াৰ ভিতৰত হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা হলে অতি কম সময়ৰ ভিতৰত ডাক্তৰৰ ওচৰলৈ নিবলগীয়া হয়।
হৃদযন্ত্ৰ সম্পৰ্কীয় বুকু বিষৰ কাৰণ সমূহ হৈছে
এনজাইনা (Angaina) হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই অনা সিৰাৰ ভিতৰৰ বেৰত সৃষ্টি হোৱা কিছুমান বাধাৰ বাবে তেজৰ সঞ্চালন বাধাগ্ৰস্ত হয়। ইয়াৰ ফলত বুকুৰ বিষ হয়।
হাৰ্ট এটেক : হৃদযন্ত্ৰৰ পেশীসমুহলৈ তেজৰ সঞ্চালন কমি যোৱাৰ ফলত হাৰ্ট এটেক হয়। হাৰ্ট এটেকৰ সময়তো এনজাইনা হব পাৰে। ইয়াৰ উপৰিও হৃদপেশীৰ বিভিন্ন সমস্যা যেনে পেৰিকাৰ্ডিটিচ, মায়’কাৰ্ডিটিচ,কাৰ্ডিঅ’মায়’পেথি আদি হলেও বুকুৰ বিষ হয়।
হৃদযন্ত্ৰ সম্পৰ্কীয় বুকুৰ বিষৰ লক্ষণসমূহ
📌 বুকুখন হেচামাৰি ধৰা যেন লাগিলে বা বুকুত টানকৈ গাঠিমাৰি ধৰাৰ দৰে অনুভৱ হ’লে।
📌 বুকুৰ বিষৰ লগতে ডিঙিৰ পিচফালে, মুখৰ হনু, কান্ধ আৰু এটা বা দুয়োটা বাহুত বিষ অনুভৱ হলে।
📌 বিষৰ প্ৰবল্য সলনি হৈ থাকিলে বা কাম কৰিলে বিষ অধিক হলে।
📌 উশাহ চুটি হলে
📌 শৰীৰটো ঘামি ঠাণ্ডা পৰি গ’লে
📌 মূৰ-ঘূৰণি হ’লে বা ভ্ৰম হ’লে
📌 হৃদস্পন্দন বাঢ়ি গলে বা বুকুখন ধপ-ধপ কৰিলে
📌 বমি হ’লে বা বমি ভাব লাগিলে
উক্ত লক্ষণ সমূহ দেখা পালে সোনকালে ডাক্তৰৰ ওচৰলৈ যাব লাগে ।
পাচন তন্ত্ৰৰ লগত জড়িত বুকুৰ বিষৰ কাৰণ আৰু ইয়াৰ লক্ষণবোৰ
📌 পেটত এচিড ৰ ক্ষৰণ বেছি হলে বুকু জ্বলা-পোৰা কৰে, মুখখন বেয়া লাগে।খাদ্য খোৱাৰ পিছত এইবোৰ বেছি হয়।
📌 খাদ্য চোবাওতে যদি বিষ হয় ,এইটোৱে ইচ’ফেগাচৰ সমস্যা বুজায়।
📌 পেনক্ৰিয়াচটো উখহি উঠিলে বা গ’ল্ড ব্লাডাৰৰ ষ্টন হ’লেও কামিহাড়ৰ তলত সোঁঁফালে বিষ হয়। খাদ্য খোৱাৰ পিছত বিষ বেছি হয়।
হাওঁফাওঁ জনীত কাৰণত হোৱা বুকুৰ বিষৰ কাৰণ আৰু লক্ষণসমুহ
📌 বিভিন্ন কাৰণত কেতিয়াবা শৰীৰৰ ভিতৰত তেজৰ চেকুৰা বান্ধে আৰু এই চেকুৰাটো তেজেৰে বৈ গৈ হাওঁফাওঁৰ সুক্ষ্ম ধমনীৰ ভিতৰত ফাচি যায় আৰু তেজৰ সঞ্চালন বন্ধ হৈ যায়। ইয়াৰ ফলত বুকুৰ বিষ হয়।
📌 হাওঁফাওঁৰ চাৰিওফালে এখন আৱৰণ থাকে আৰু কেতিয়াবা কিছুমান কাৰণত এইখন উখহি উঠে। এইটো ক্ষেত্ৰত উশাহ লোৱাৰ সময়ত বা কাহ মৰা সময়ত বেছিকৈ বুকুৰ বিষ হয়।
📌 কোলেপচ লাঙচ হৈছে হাওঁফাওঁৰ এটা সমস্যা । এইটো হলে বুকুৰ বিষৰ লগতে উশাহ চুটি হোৱা দেখা যায়।
📌 হাওঁফাওঁৰ যিবোৰ ৰক্ত পৰিবাহী ধমনী আছে বিভিন্ন কাৰণত সেইবোৰৰ ভিতৰত ৰক্ত চাপ বাঢ়ি যায়। এই সমস্যাটোক ‘ পালমোনেৰী হাইপাৰ টেনশ্বন’ বুলি কোৱা হয়। ইয়াৰ বাবেও বুকুৰ বিষ হয়।
কামীহাড় বা মাংসপেশীৰ বাবে হোৱা বুকুৰ বিষ: কামীহাড় আৰু বুকুৰ মাংসপেশীৰ আঘাতৰ বাবেও কেতিয়াবা বুকুৰ বিষ হয়। কামীহাড় ভাঙিলেও বুকুৰ বিষ হয়। ‘ক’ষ্টোকণ্ডাইটিছ’ (Costochondritis) হ’লে কামীহাড়ৰ গাঠিসমুহৰ কাৰ্টিলেজ সমূহ উখহি উঠে যাৰ কাৰণে বুকুৰ বিষ হয়। হাড় আৰু পেশীজনীত কাৰণত হোৱা বুকুৰ বিষ জিৰণি লৈ থকিলে কিছু কম হয় আৰু বাহুৰ সঞ্চালন কৰিলে, জোৰকৈ উশাহ ললে বা কাঁঁহিলে বাঢ়ি যায়।
হাওঁফাওঁৰ কৰ্কট হ’লে বা কিবা সংক্ৰমণ হ’লেও বুকুৰ বিষ হব পাৰে। এইবোৰ ক্ষেত্ৰত কাঁঁহ, জ্বৰ, চৰ্দি,কপনি উঠা আদি লক্ষণো দেখা যায়। এজন ব্যক্তিয়ে যদি বেছি ভয় খাই বা কিবা কাৰণত আতংকিত হৈ পৰে তেতিয়াও বুকুৰ বিষ অনুভৱ কৰিব পাৰে। ভয় খোৱাৰ কাৰণত বুকুৰ বিষ হলে ব্যক্তি জনৰ উশাহ-নিশাহ ঘন হয়, হৃদস্পন্দন বাঢ়ি যায়,উশাহ টো চুটি হোৱা যেন লাগে ,জিভা শুকাই যায়, বমি-বমি ভাবো হব পাৰে। ‘হাৰ্ট এটাক’ আৰু বেছি ভয় খালে উভয় ক্ষেত্ৰত প্ৰায় একেধৰণৰ লক্ষণসমূহ দেখা যায়।সেয়েহে সোনকালে ডাক্তৰৰ দ্বাৰা পৰীক্ষা কৰোৱাটো অতি জৰুৰী। ‘বুকুৰ বিষ’ বহু ক্ষেত্ৰত গুৰুতৰ সমস্যাৰ লক্ষণ হিচাপে দেখা দিয়ে। সেয়েহে অতি সোনকালে ডাক্তৰৰ পৰামৰ্শ লোৱাটো দৰকাৰ।
ফোন : ৮৬৩৮২৭২৮৬৩
Comments are closed, but trackbacks and pingbacks are open.