লুকীমা বৰুৱা
আমি নিজক সুস্থ–সবল কৰি ৰাখিবৰ বাবে এক শক্তিশালী ৰোগ প্রতিৰোধকাৰী শক্তিৰ অতি প্রয়োজন৷ এয়া সম্ভৱ হয় ৰোগ প্রতিৰোধকাৰী ক্ষমতাসম্পন্ন খাদ্যৰ উপাদানেৰে সমৃদ্ধ আহাৰ গ্রহণ, ব্যায়াম, শাৰীৰিক শ্রম, সু–জীৱনশৈলী, যিমান সম্ভৱ চিন্তা, উদ্বেগ আদিৰ মাত্রা নিম্নমানত ৰাখা আদিৰ জৰিয়তে৷ ২০২০-২১ চনৰ অতিমাৰী কভিড–১৯ৰ ভয়াৱহতাই এই কথাৰ প্রাসংগিকতা আৰু বৃদ্ধি কৰিলে, কিয়নো আমি সকলোৱে উপলব্ধি কৰিলোঁ যে শক্তিশালী প্রতিৰোধ ক্ষমতা কভিড অতিমাৰীৰ দৰে ভয়ংকৰ সংক্রমণৰ পৰা নিজক বচাই ৰখাৰ অন্যতম উপায়৷ এই কথাটো আন আন ৰোগ বিশেষকৈ সংক্রামক ৰোগসমূহৰ ক্ষেত্রতো প্রযোজ্য৷ আনহাতে আমি প্রত্যক্ষ কৰিলোঁ যে ৭০-৮০ বছৰ ঊধর্বৰ বহু লোকে এই ৰণ জিকি পুনৰ স্বাভাৱিক জীৱন যাপন কৰিবলৈ সক্ষম হল৷ ইয়াৰ কাৰণ হল এই বয়সিয়াল লোকসকলৰ ৰোগ প্রতিৰোধ ক্ষমতা অধিক আছিল আৰু তেওঁলোক আন কোনো অসংক্রমণ ৰোধ যেনে– মধুমেহ, বৃক্কৰ অসুখ, হূদপিণ্ডৰ অসুখ আদিত ভোগ নাছিল৷
ৰোগ প্রতিৰোধ ক্ষমতা কি মানৱ শৰীৰৰ প্রতিৰোধ ব্যৱস্থাক প্রধানকৈ তিনি ধৰণৰ কোষে সহায় কৰে বি কোষ, টি কোষ আৰু মেক্রফেগ৷ সমূহীয়াকৈ এই কোষসমূহক শ্বেতৰক্ত কণিকা বোলা হয়৷ যিকোনো এটা সংক্রমণৰ সময়ত শৰীৰৰ বি কোষ ডাঙৰ হৈ সৰু সৰু বহু ৰক্ষক কোষত বিভক্ত হৈ আক্রমণকাৰীৰ গাত লাগি ধৰে আৰু টি কোষসমূহক এই সংবাদটো দি দিয়ে৷ ফলত বেক্টেৰিয়া, ভাইৰাছ বা ভেঁকুৰজাতীয় বীজাণু, যিয়ে আমাৰ শৰীৰ আক্রমণ কৰে, শৰীৰৰ কোষৰ ভিতৰত সোমাব নোৱাৰে৷ এই বীজাণুসমূহ শৰীৰৰ কোষৰ ভিতৰত প্রৱেশ কৰিব পাৰিলেহে বংশ বৃদ্ধি কৰিব পাৰে৷ অন্যথা বংশ বৃদ্ধি নহয়৷ মেক্রফেগৰ কাম হৈছে প্রৱেশ কৰিব খোজা বীজাণুবোৰ নিজৰ কোষৰ আকাৰ বৃদ্ধি কৰি খাই পেলোৱা৷ গতিকে যি মানুহৰ শৰীৰত পর্যাপ্ত পৰিমাণে বি কোষ, টি কোষ, মেক্রফেগ থাকে, তেওঁলোক সহজে বীজাণুৰ দ্বাৰা সংক্রমিত নহয়৷ এনে লোকক শক্তিশালী ৰোগ প্রতিৰোধ ক্ষমতাসম্পন্ন মানুহ বুলি কোৱা হয়৷
আমাৰ শৰীৰলৈ বাৰু বীজাণু সোমোৱাৰ পথ কি কি সেয়া হৈছে চকু, মুখ আৰু খাদ্যনলী, নাক, মূত্রদ্বাৰ, শৰীৰৰ কটা–ছিঙা অংশ, ঘা ইত্যাদি৷ এই পথসমূহেদি বীজাণু সোমোৱাৰ মাধ্যমসমূহ হৈছে খাদ্যৰ জৰিয়তে খাদ্যনলীৰ দ্বাৰা, উশাহৰ জৰিয়তে হাঁওফাঁওৰ দ্বাৰা, হাতত থকা বীজাণুৰ জৰিয়তে চকু, মুখ আদিৰ দ্বাৰা।
শৰীৰৰ প্রতিৰক্ষা ব্যৱস্থাপনা
মানৱ দেহৰ ৰোগ প্রতিহত কৰিব পৰা ব্যৱস্থাপনাৰ ভিতৰত পৰে থাইমাছ, হূদযন্ত্রৰ সোঁফালে থাকে, প্লিন, লিম্ফ ছিষ্টেম, হাডৰ মজ্জা, শ্বেতৰক্তকণিকা, এণ্টিবডি, হৰমন, আমাৰ ছালখন, শৰীৰৰ ভিতৰৰ অংগসমূহৰ ওপৰত ঢাকি ৰখা পাতল তৰপ, যাক মিউকাছ মেমব্রেম বোলা হয় আদি প্রধান৷
এই অংগ বা অংশসমূহ ভালদৰে গঠন বৃদ্ধি আৰু কার্যক্ষম হৈ থাকিবৰ বাবে অন্যতম উপায় হৈছে পুষ্টিকৰ আহাৰ৷ এতিয়া আমি চাওঁ শৰীৰৰ সবল ৰোগ প্রতিৰক্ষা ব্যৱস্থাপনাৰ বাবে কি কি পুষ্টি উপাদান আৱশ্যক আৰু সেইসমূহৰ খাদ্য উৎস কি-
🔷ভিটামিন এ, চি, ই, ডি আৰু বি ভিটামিন শ্রেণীৰ ফলিক এচিড, বায়টিন, বিৰচ্
🔷খনিজ পদার্থ মেগনেছিয়াম, চেলেনিয়াম, জিংক
🔷উপকাৰী চর্বি
🔷উচ্চমানৰ প্রটিন
উপৰিউক্ত পুষ্টি উপাদানসমূহৰ খাদ্যৰ উৎস
🔷ভিটামিন এ
প্রাণীজ উৎস : মাছ, মাংস, কণীৰ কুহুম, ঘিউ, মাখন
উদ্ভিজ উৎস : হালধীয়া কমলা, পাচলি আৰু ফলমূল, মিঠাআলু, কাঠআলু হালধীয়া বৰণৰ, গোমধান
🔷ভিটামিন–চি
টেঙাজাতীয় ফলসমূহ, মধুৰিআম, কল, কেঁচাজলকীয়া, আলু, বন্ধকবি, বিলাহী
🔷ভিটামিন–ডি
প্রধানকৈ সূর্যৰ ৰশ্মিৰ দ্বাৰা আমাৰ শৰীৰত উৎপন্ন হয়৷ খাদ্যৰ ভিতৰত পৰে গাখীৰ, কণীৰ কুহুম, সাগৰীয় মাছ৷
🔷ভিটামিন–ই
বাদামজাতীয় শুকান ফল যেনে– কাজু, আখৰুট, কাঠবাদাম, বাদাম, বিভিন্ন তৈলবীজ যেনে– তিল, ছানফ্লাৱাৰ, সৰিয়হ আদি৷
🔷ফলিক এচিড
উদ্ভিজ উৎস : সেউজীয়া শাক বিশেষকৈ পালেং, চালাড, ব্রকলি, সতেজ ফল, গোন বিন, গোটা শস্য
প্রাণীজ উৎস : মাংসৰ লিভাৰ, কণী, সাগৰীয় মাছ, গাখীৰ, দৈ আদি৷
বায়টিন
উদ্ভিজ উৎস : তৈলবীজ যেনে– ফ্লেক্সছিড, চিয়াচিড, তিল আদি, বাদামজাতীয় শুকান ফল, মিঠা আলু, ব্রকলি, কল, মাশ্বৰুম, শুকান বিন, মটৰ৷
প্রাণীজ উৎস : কণীৰ কুহুম, লিভাৰ, মাছ, মাংস
বিৰচ্ : গাখীৰ আৰু ইয়াৰ পৰা তৈয়াৰী খাদ্য, মাছ, মাংস, কণী৷
আইৰন
প্রাণীজ উৎস : কণীৰ কুহুম, মাংস, লিভাৰ, সৰু জীয়া মাছ, কুঁচিয়া৷
উদ্ভিজ উৎস : সেউজীয়া শাক, তিতাকেৰেলা, বিনজাতীয় পাচলি, কাঁচকল, চজিনা, বিটৰুট, ভেণ্ডি, খেজুৰ, খিচমিচ, বাদাম৷
মেগনেছিয়াম
গোটা শস্য, বিভিন্ন দাইল, মাহ, শুকান বিন, বাদামজাতীয় শুকান ফল, চকলেট, সাগৰীয় মাছ, সেউজীয়া শাক৷
চেলেনিয়াম
উদ্ভিজ উৎস : নহৰু, আলু, ব্রকলি, কেঁচামটৰ, পালেংশাক, দাইল, শুকান বিন, ছানফ্লাৱাৰ ছিড, পকাকল৷
প্রাণীজ উৎস : লিভাৰ, মাংস, মুর্গীমাংস, কণী, সাগৰীয় মাছ, গাখীৰ, পনীৰ, দৈ৷
জিংক
প্রাণীজ উৎস : মাছ, মাংস, সাগৰীয় খাদ্য৷
উদ্ভিজ উৎস : শুকান ফল, ৰঙালাউ গুটি, শুকান মাহ বিশেষকৈ কাবুলী বুট, শুকান বিনসমূহ, অটছ, গোমধান৷
উপকাৰী চর্বি
অমেগা–ব ফেটি এচিড : সাগৰীয় মাছ, বিশেষকৈ ছাৰাডিম, টুনা, মেকেৰেল, ফ্লেক্সচিড, আখৰুট
অমেগা–ছ ফেটি এচিড : চয়াবিন, গোমধান, ৰঙালাউৰ গুটি, তৈলবীজ, মাছ, কণী, মাংস৷
উচ্চমানৰ প্রটিন
প্রাণীজ উৎস ঃ মাছ, মাংস, কণী, গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী প্রথম শ্রেণীৰ প্রটিন খাদ্য৷
উদ্ভিজ প্রটিন হৈছে দ্বিতীয় শ্রেণীৰ প্রটিন৷ গতিকে এনে উৎসৰ খাদ্যত থকা প্রটিনৰ মান উন্নীত কৰা আৱশ্যক৷ তলত ইয়াৰ কেইটামান উপায় দিয়া হল
🔷দুই–তিনিবিধ দাইল মিহলি কৰিলে উচ্চমানৰ প্রটিন পোৱা হায ইয়াৰ লগত যদি শুকান বিন, মটৰ দিয়া যায় মান আৰু উচ্চ হয়৷ ইয়াৰ উপৰি নানা মিশ্রিত খাদ্যই প্রটিনৰ মান উন্নীত কৰে৷ যেনে– চাউল, দুই তিনিবিধ দাইল, আৰু পাচলি দি ৰন্ধা খিচিৰী, ডোছা, ইডলী, ধোবলা আদি৷
🔷ৰুটী, ভাত, পাচলি, লাউ, দৈ বা গাখীৰ যদি একে সময়তে খোৱা যায়৷
🔷দুই–তিনিবিধ শস্যজাতীয় খাদ্য মিহলাই ৰান্ধিলে–খালে প্রটিনৰ মান উন্নীত হয়৷ উদাহৰণস্বৰূপে পিঠাগুডি, আখৈ, চিৰা আদি মিহলাই দৈ–গাখীৰ দি খোৱা জলপান৷
🔷পায়স, পনীৰ, পৰাঠা, দালপুৰী আদি৷
উচ্চমানৰ প্রটিনে আমাৰ ৰোগ প্রতিৰোধ ক্ষমতা ববায়৷ গতিকে সকলো বয়সৰ লোকে প্রতিদিনে প্রতিটো প্রধান আহাৰৰ লগত প্রটিন খাব লাগে৷ শ্বেতৰক্তকণিকাই এণ্টিবডী গঠন কৰে, যি বেমাৰৰ বীজাণুৰ লগত যুঁজ দি আমাক ৰক্ষা কৰি থাকে৷ ইয়াৰ বাবে প্রয়োজন উচ্চমানৰ প্রটিন৷ হৰমনসমূহে শৰীৰৰ বিভিন্ন ক্রিয়া–প্রতিক্রিয়াসমূ পৰিচালনা কৰি শৰীৰটোক সুৰক্ষা দিয়ে৷ হৰমন গঠনৰ বাবে প্রয়োজন উচ্চমানৰ প্রটিন৷ হাডৰ মজ্জাত ৰঙা ৰক্তকণিকা গঠন হয়, ইয়াৰ বাবে আৱশ্যক আইৰন, ফলিক এচিড আৰু প্রটিনৰ৷
অমেগা–২ আৰু অমেগা–৬ এয়া হৈছে উপকাৰী চর্বি, যি আমাৰ হূদযন্ত্র, স্নায়ুতন্ত্র, মগজু শক্তিশালী কৰি ৰাখে৷
প্লিনে আমাৰ শৰীৰত বীজাণু প্রৱেশ কৰিলে সহজে চিনাক্ত কৰে৷ শক্তিশালী প্লিনৰ বাবে লাগে প্রটিন, ভিটামিন চি, আইৰন৷
আমাৰ ছালখনে শৰীৰত বীজাণু সোমোৱাত বাধা দিয়ে৷ শক্তিশালী ছালৰ বাবে প্রয়োজন ফেটি এচিড, ভিটামিন এ, ভিটামিন চি৷
আমাৰ আভ্যন্তৰীণ অংগসমূহৰ ওপৰত থকা পাচল আৱৰণ যাক মিউকাছ মেমব্রেঞ্চ বোলা হয়, শক্তিশালী হোৱা অতি প্রয়োজন, যাতে সহজতে ফাট নেমেলে৷ অন্যথা বীজাণু সোমোৱাৰ বাট মুকলি হব৷ ইয়াৰ বাবে প্রয়োজন ভিটামিন–এ৷
থাইমাছে টি কোষ উৎপন্ন কৰে৷ ভিটামিন চিয়ে টি কোষৰ উৎপাদনৰ মাত্রা বেোৱাত সহায় কৰে আৰু থাইমাছ শক্তিশালী কৰে৷
ভিটামিন চিয়ে ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়৷ ই আমাৰ কোষসমূহক সুৰক্ষা প্রদান কৰে৷
জিংকে সোনকালে অসুখৰ পৰা আৰোগ্য হোৱাত সহায়ক হয়, বা সোনকালে শুকুৱাই, ভোক ববায় আৰু প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
ব্যায়াম, মানসিক চাপ, টোপনি ইত্যাদি
নিয়মিত ব্যায়াম প্রতিৰক্ষা ক্ষমতাৰ বাবে আৱশ্যক৷ অতি বেছি ব্যায়ামে আকৌ প্রতিৰোধ ক্ষমতা দমাই দিয়ে৷ অলসতাৰে সময় নকটাব৷ ই আমাৰ ডাঙৰ শত্রু৷ প্রতিৰক্ষা ক্ষমতা দুর্বল কৰি তোলে৷ বেছি মানসিক চাপত থাকিলে কর্টিষ্টেৰইড হৰম নির্গত হৈ প্রতিৰক্ষা ক্ষমতা হ্রাস কৰে৷ বহু গৱেষকে প্রমাণ কৰিছে যে চাপ, বিষণ্ণতা আৰু দুখে প্রতিৰোধ ব্যৱস্থাত নেতিবাচক প্রভাৱ পেলায়৷ সেয়েহে এনেধৰণৰ মানসিক অৱস্থাৰ পৰা আঁতৰি থাকিবৰ বাবে বিভিন্ন উপায় যেনে– সংগীত থেৰাপী, বন্ধু–বান্ধৱৰ লগত মিলামিছা কৰা, উৎফুল্লিত মনেৰে থকা, শাৰীৰিকভাৱে সক্রিয় হৈ থকা অতি প্রয়োজন৷ ধ্যানে টি কোষৰ পৰিমাণ বঢ়ায়৷
সামৰণিত কওঁ যে যিহেতু এক শক্তিশালী ৰোগ প্রতিৰোধ ক্ষমতাই আমাক নানান অসুখৰ পৰা ৰক্ষা কৰে, গতিকে আমি ওপৰত আলোচনা কৰাৰ দৰে পুষ্টি উপাদানসমূহ থকা আহাৰ দৈনিক খোৱাৰ উপৰি ব্যায়াম, শাৰীৰিক শ্রম আৰু সক্রিয়তা আৰু এক স্বাস্থ্যকৰ জীৱনশৈলী অৱলম্বন কৰি নিজকে সুৰক্ষিত কৰি ৰখা আৱশ্যক৷
Comments are closed, but trackbacks and pingbacks are open.