‌আপোনাৰ আঁঠুকেইটা ভালে ৰাখক

3

লুকীমা বৰুৱা 

খাদ্য বিশেষজ্ঞা

আদিত্য ডায়েগনষ্টিক এণ্ড হস্পিতাল, ডিব্ৰুগড়

 আজিকালি ৪0-৫০ বছৰ বয়সৰ উৰ্ধৰ মহিলাৰ ক্ষেত্ৰত হাত ভৰিৰ বিষৰ সমস্যাৰ কথা প্ৰায়ে শুনা যায়। এই বিষ বিলাকৰ ভিতৰত আৰ্থ্ৰাইটিচ বিশেষকৈ ‘অষ্টিঅ’ আৰ্থ্ৰাইটিচ প্ৰধান। হাড়ৰ জোৰা বিলাকত আৰম্ভ হোৱা এই বিষ প্ৰধানতঃ ভৰিৰ পানী গাঁঠি, আঠু, ককাঁল আদিত প্ৰথমে হয়।

আমাৰ অজ্ঞাতে আৰম্ভ হোৱা হাড়ৰ জোৰাৰ ক্ষয়, দুডাল হাড়ৰ জোৰাত থকা কোমল হাড় ( কাৰ্টিলেজ)ৰ ক্ষয় বা ভংগুৰতা আদি, হাড়ৰ জোৰাত থকা তেল জাতীয় তৰল পদাৰ্থ কমি যোৱা ইত্যাদি এই বিষৰ কাৰণ বুলি কোৱা হয়। বহুলোকে মাটিত বহিবলৈ অসুবিধা পোৱা , বেছি সময় থিয় হৈ থাকিলে কষ্ট পোৱা আদি সমস্যাত ভুগি থাকি পিছত চিকিৎসকৰ ওচৰলৈ গ’লে গম পায় যে তেওঁলোকৰ অষ্টিঅ’আৰ্থ্ৰাইচিচ বা তেনে কোনো হাড়ৰ বিষৰ অসুখ  আছে। 

কাৰণসমূহ:

যদিও আৰ্থ্ৰাইটিচ বয়সৰ লগে লগে হোৱা এক স্বাভাৱিক সমস্যা, বৰ্ত্তমান ৪0-৫০ বয়সৰ লোক বিশেষকৈ মহিলাৰ মাজত এই সমস্যা বেছি মাত্ৰাত পৰিলক্ষিত হৈছে। বহুতৰ ক্ষেত্ৰত এই সমস্যাৰ কাৰণ যদিও জনা নাযায়, তথাপি বাঢ়ি অহা বয়সেই ইয়াৰ মূল কাৰণ বুলি ধৰা হয়। তলৰ আলোচনাৰ জড়িয়তে অষ্টিঅ’আৰ্থ্ৰাইচিচৰ বিভিন্ন কাৰণৰ ওপৰত ৰেখাপাত কৰা হৈছে।

কাৰ্টিলেজ বা কোমল হাড় হৈছে ৰবৰৰ দৰে। আমাৰ শৰীৰৰ জোৰাবিলাক যেনে –  আঠু, ভৰিৰ পানী গাঁঠি, ককাঁল আদিৰ জোৰাৰ মাজত থাকি এই কাৰ্টিলেজে কুছন (cushion) ৰ দৰে কাম কৰি দুডাল হাড়ৰ আগ দুটা ঘহঁনি খোৱাৰ পৰা ৰক্ষা কৰে। যদি কোনো কাৰণত এই কাৰ্টিলেজ ভাঙি যায় বা ক্ষয় যায়, তেন্তে আমি খোজ কাঢ়োতে বা কোনো কাম কৰোঁতে এই হাড়ৰ মূৰ দুটাই পোনপটীয়াকৈ ঘহঁনি খায়। তেতিয়া বিষ হোৱা, ফুলি উঠা বা ঠৰঙা লগা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। ক্ৰমান্বয়ে এই হাড়ৰ কাষৰ মাংসপেশী, লিগামেন্ট আদি দুৰ্বল আৰু ঠৰঙা হৈ পৰে ফলত স্বাভাৱিক চলা-ফুৰাত বাধাৰ সৃষ্টি হয়। দিন যোৱাৰ লগে লগে এই জোৰাৰ চাৰিওফালে অতিৰিক্ত হাড় গঠন হ’ব পাৰে আৰু জোৰা বিলাকৰ স্বাভাৱিক ভাৱে লৰচৰ কৰিব পৰা ক্ষমতা কমি আহে। যিদৰে পুৰণি কল-কব্জাবোৰত মামৰে ধৰি শব্দ কৰে, সেইদৰে কোনো সময়ত অষ্টিঅ’আৰ্থ্ৰাইচিছ থকা লোকৰ ভৰি লৰচৰ কৰিলে অথবা বহু সময় থিয় হৈ থাকিলেও কট্ কট্ শব্দ হয়।

মহিলাৰ ঋতুস্ৰাৱ বন্ধ হোৱাৰ পিছত ক্ৰমশঃ এষ্ট্ৰোজেন হৰম’নৰ মাত্ৰা শৰীৰত কমি আহে, ফলত বহুতৰ হাড়ৰ জোৰাবিলাক ঘহঁনি খাই ক্ষয় যাবলৈ ধৰে। ইও এই সমস্যাৰ এক কাৰক বুলি ভবা হয়।

অন্যান্য কাৰক

  • অষ্টিঅ’আৰ্থ্ৰাইচিছ বংশানুক্ৰমে এক প্ৰজন্মৰ পৰা পিছৰ প্ৰজন্মলৈ বাগৰি যায়।
  • শৰীৰৰ অতিৰিক্ত ওজন- যি আঠু, ককাঁল আদিৰ জোৰাৰ ওপৰত বেছি ভৰ দি ইয়াৰ ক্ষতি কৰি দুৰ্বল কৰি তোলে।
  • আঠুত জোৰ পৰা নানা কাম যেনে – দৈনিক বহুদেৰি আঠু কাঢ়ি থকা , দৈনিক বহু সময় মাটিত বহা, সঘনাই থিয় চিৰি বগোৱা, অসমান ঠাইত খোজ কঢ়া আদিৰ পৰাও কোনো কোনো লোকৰ কাৰ্টিলেজৰ ক্ষয় ক্ষতি হৈ বয়সত এই সমস্যা হোৱাৰ সম্ভাৱনা থাকে।
  • সৰুকালত ফুটবল, বাস্কেটবল আদি খেল খেলোতে দুখ পাই কাৰ্টিলেজৰ ক্ষতি হ’লে পিছৰ বয়সত অষ্টিঅ’আৰ্থ্ৰাইচিছ হ’ব পাৰে।

ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে বিভিন্ন কাৰণৰ পৰা পুৰুষ মহিলাসকলে এই সমস্যাত ভুগিব পাৰে।  কাৰ্টিলেজৰ ক্ষয় বা ভংগুৰতা অষ্টিঅ’আৰ্থ্ৰাইচিছৰ এক প্ৰধান কাৰণ বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। গতিকে আমাৰ কাৰ্টিলেজ যদি শক্তিশালী হৈ থাকে, তেন্তে সাধাৰণ আঘাতে সহজে ইয়াৰ ক্ষতি কৰিব নোৱাৰিব। বিভিন্ন গৱেষণাৰ পৰা এইটো প্ৰমাণিত হৈছে যে উপযুক্ত আহাৰ কাৰ্টিলেজ শক্তিশালী কৰি ৰখাত সহায়ক হয়। সেইবাবে মহিলা সকলৰ বয়স ৪০ ৰ বেছি হ’লে খোৱা -বোৱাৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিলে এই অষ্টিঅ’আৰ্থ্ৰাইচিছৰ উপসৰ্গই পৰা বহু পৰিমাণে উপশম পাব পাৰে বা হাতসাৰি থাকিব পাৰে।

অষ্টিঅ’আৰ্থ্ৰাইচিছৰ বিষ উপশম ঘটোৱাত আহাৰৰ ভূমিকা :

২০০৭ চনত ‘Nutrition Research ‘ আলোচনীত প্ৰকাশিত এক গৱেষণা পত্ৰত  কোৱা হৈছে যে, যিসকল অষ্টিঅ’আৰ্থ্ৰাইচিছৰ সমস্যাত ভোগা লোকে দৈনিক যথেষ্ট পৰিমাণে সতেজ শাক -পাচলি, ফলমূল খাই থাকে তেওঁলোকৰ আঠুৰ জোৰাৰ বিষ বহু পৰিমাণে কম হয়। কিছুদিনৰ পৰা বহুলভাৱে চৰ্চিত আহাৰত থকা এণ্টিঅক্সিডেণ্ট সমূহৰ এই সমস্যাৰ পৰা ৰক্ষা কৰিব পৰা ক্ষমতা আছে অথবা বিষ উপশম ঘটোৱাত এক উল্লেখনীয় ভূমিকা আছে বুলি গৱেষক সকলে মত পোষণ কৰিছে। এই তথ্য ২০০৭ চনত গৱেষক সকল Y.Wang et.al য়ে কৰা এক গৱেষণাত প্ৰকাশ পাইছে।

এণ্টিঅক্সিডেণ্ট আৰু অষ্টিঅ’আৰ্থ্ৰাইচিছ

আমি জানো ভিটামিন ‘এ’, ভিটামিন ‘চি’ আৰু ভিটামিন ‘ই’ অতি প্ৰয়োজনীয় এণ্টিঅক্সিডেণ্ট। ৰঙীন শাক-পাচলি, ৰঙীন ফলমূল বিশেষকৈ কমলা ৰঙৰ পাচলি, ফলত ভিটামিন ‘এ’ কেৰ’টিন হিচাপে থাকে, যি এক শক্তিশালী এণ্টিঅক্সিডেণ্ট। এই কেৰ’টিন পৰিয়ালৰ ভিতৰত বিটা কেৰ’টিনে হাড়ৰ জোৰাত থকা কাৰ্টিলেজক ক্ষয় যোৱাৰ পৰা ৰক্ষা কৰে আৰু শক্তিশালী কৰে। আমাৰ অসমত সহজে পোৱা শাক-পাচলি আৰু ফলৰ ভিতৰত পালেং, চালাড পাত আদি শাক, গাজৰ, ৰঙালাউ, বিট, মিঠাআলু, ঠাণ্ডা দিনত হোৱা স্কোৱাছ, বিলাহী, পকা অমিতা, পকা আম, মাটিকঁঠাল আদিত যথেষ্ট পৰিমাণে বিটা কেৰ’টিন থকে।

সেইদৰে, আন এক এণ্টিঅক্সিডেণ্ট ভিটামিন ‘চি’ য়ে কাৰ্টিলেজ গঠন আৰু শক্তিশালী হোৱাত সহায় কৰে। গতিকে ভিটামিন ‘চি’ থকা শাক-পাচলি আৰু ফল যেনে – কেঁচা অমিতা, বন্ধাকবি, বিলাহী, আমলখি, নেমু, সুমথিৰা, মধুৰিয়াম, কল আদি নিয়মিতভাৱে আহাৰত থাকিলে এই বিষৰ মাত্ৰা কমাই ৰাখিব পাৰি।

কাঠবাদাম, বাদাম, পালেং শাক, ফ্ৰেণ্সবিন, গোটা মগুদাইল, বিভিন্ন উদ্ভিদজাত তেল যেনে – সৰিয়হ, বাদাম, ছানফ্লাৱাৰ, চেফফ্লাৱাৰ তেল ইত্যাদিত শক্তিশালী এণ্টিঅক্সিডেণ্ট ভিটামিন ‘ই’ থাকে।

ভিটামিন ‘ই’ সমৃদ্ধ কেইবিধমান দ্ৰব্য 

( প্ৰতি এশ গ্ৰাম পৰিমাণত)

                                    খাদ্যৰ নাম                পৰিমাণ 

                                  সৰিয়হ তেল               ৮৬.২ মি: গ্ৰাম 

                                  বাদাম তেল                ৩৫.৭ মি: গ্ৰাম 

                                  তিলতেল                   ৫৩.১ মি: গ্ৰাম 

                                  ফ্ৰেণ্সবিন                   ৮.৩ মি: গ্ৰাম 

                                 গোটা মগুদাইল           ১১.৪ মি: গ্ৰাম 

উৎস : Human Nutrition, 1999, WCB Mc Grow, Boston 

২০০৯ চনত ‘International Journal of Rhematic Disease’ ত প্ৰকাশিত হোৱা এক গৱেষণা পত্ৰত ৪২ জন আঁঠুৰ অস্ত্ৰোপ্ৰচাৰ কৰা লোকক অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰে ৩২ জন অষ্টিঅ’আৰ্থ্ৰাইচিছ থকা ৰোগী আৰু বাকী ১০ জন এই সমস্যা নথকা লোক। গৱেষণাৰ অন্তত দেখা গ’ল যে অষ্টিঅ’আৰ্থ্ৰাইচিছ থকা লোক কেইজনৰ আঁঠুত ভিটামিন ‘ই’ ৰ পৰিমাণ যথেষ্ট কম। গৱেষক সকলে এই মত পোষণ কৰে যে তেওঁলোকৰ শৰীৰত ভিটামিন ‘ই’ পৰ্যাপ্ত পৰিমাণে নথকাৰ বাবে ইয়াৰ পৰা লাভ কৰিব পৰা সুফলৰ পৰা তেওঁলোক বঞ্চিত আছিল।

২০০৭ চনৰ ‘Arthritis Research & Therapy ‘ ৰ ভলিওম – ৯ ত প্ৰকাশিত এক গৱেষণাত ২৯৩জন মধ্যবয়সীয়া স্বাস্থ্যবান লোকৰ আঁঠুৰ এম.আৰ.আই কৰাইছিল। গৱেষক দল Y.Wang et. al য়ে কৰা এই গৱেষণাত লোকসকলৰ প্ৰথম বাৰ আঁঠুৰ এম.আৰ.আই. কৰাৰ দহ বছৰৰ পিছত পুনৰ এম.আৰ.আই. কৰাইছিল।  দুয়োটা ৰিপ’ৰ্টৰ তুলনামূলক অধ্যয়নত দেখা গ’ল যে, যিসকল লোকে ভিটামিন ‘চি’ কম পৰিমাণে খায় বুলি সদৰি কৰিছিল, সেইসকল লোকৰ আঁঠুৰ জোৰাৰ মাজৰ ফাঁকটো প্ৰথমবাৰ এম.আৰ.আই. কৰাতকৈ বেছি বহল দেখা গ’ল অৰ্থাৎ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হ’ল।

বায়’ফ্লেভনয়ড

ই এবিধ এণ্টিঅক্সিডেণ্ট, ইয়াৰ এক এণ্টি-ইনফ্লেমেটৰি গুণ আছে। বিজ্ঞানীসকলে ধাৰণা কৰে যে এই বায়’ফ্লেভনয়ডে অষ্টিঅ’আৰ্থ্ৰাইচিছ হোৱাৰ পৰা হাড়ৰ জোৰাসমূহক ৰক্ষা কৰে বা এই সমস্যাত ভোগা সকলৰ বিষ উপশম ঘটোৱাত সহায় কৰে। এইবিধ উপাদানৰ প্ৰধান খাদ্য উৎস হৈছে – পিয়াজ, ব্ৰকলি,  আপেল, গ্ৰীণ টি, ক’ক’ পাউদাৰ, লিক আদি।

ভিটামিন ‘ডি’ আৰু অষ্টিঅ’আৰ্থ্ৰাইচিছ 

হাড়ৰ বাবে প্ৰয়োজনীয় আন এবিধ ভিটামিন হৈছে ভিটামিন ‘ডি’। এই ভিটামিনে হাড় মজবুত কৰাত সহায় কৰে । উপযুক্ত ভাৱে হাড় গঠনৰ বাবে আৱশ্যক হোৱা কেলচিয়াম, ফছফৰাছ, মেংগানিজ আদি আমাৰ আহাৰত পোৱা যায়। এই খনিজ পদাৰ্থসমূহে হাড় গঠনত সঠিক ভাবে কাম কৰিবৰ বাবে অতিৰিক্ত পৰিমাণৰ ভিটামিন ‘ডি’ ৰ প্ৰয়োজন। সেইদৰে হাড়ৰ জোৰাত থকা কাৰ্টিলেজ সমূহ শক্তিশালী হৈ থাকিবৰ বাবেও ভিটামিন ‘ডি’ জৰুৰী। আৰ্থ্ৰাইটিচ আৰু ৰিউমেটিজিমৰ ওপৰত কৰা কিছুমান গৱেষণাৰ তথ্যৰ পৰাও দেখা গৈছে যে ভিটামিন ‘ডি’ য়ে কাৰ্টিলেজ ভাঙি যোৱাৰ পৰা বচাই ৰাখে আৰু হাড়ৰ জোৰাৰ মাজৰ ফাকঁবোৰবহল হোৱাত বাধা দি অষ্টিঅ’আৰ্থ্ৰাইচিছ হোৱাৰ পৰা ৰক্ষা কৰে। A.P. Bergnik et. al য়ে Vitamin D Status, Bone mineral density and development of Radiographic Osteoarthritis of the Knee’ শীৰ্ষক এক গৱেষণা চলাইছিল, যিটো ২০০৯ চনৰ Journal of Clinical Rheumatology ‘ত  প্ৰকাশ পাইছে। এই গৱেষণাত সাত বছৰৰ বাবে ৫৫ বছৰ আৰু ইয়াৰ উৰ্ধৰ ২,২৪৮ জন লোকৰ আঁঠুৰ স্বাস্থ্যৰ পৰ্যবেক্ষণ কৰা হৈছিল। দেখা গৈছিল, যিসকল লোকৰ আহাৰত ভিটামিন ‘ডি’ ৰ পৰিমাণ কম, তেওঁলোকৰ আঁঠুৰ জোৰাৰ ক্ষতি বেছি পৰিমাণে হৈছিল।

ভিটামিন ‘ডি’ ৰ প্ৰধান উৎস হৈছে সূৰ্য্যৰ ৰশ্মি। সূৰ্য্যৰ ৰশ্মিত থকা আলট্ৰাভায়েলেট ৰশ্মিয়ে আমাৰ দেহৰ ছালৰ তলত থকা কলেষ্টেৰলক ভিটামিন ‘ডি’ লৈ ৰূপান্তৰিত কৰে। গৱেষণাৰ পৰা দেখা গৈছে, যদি আমি সপ্তাহত অন্তত তিনিদিন ৰাতিপুৱা আমাৰ হাত-ভৰি আৰু মুখত অতি কমেও পোন্ধৰ মিনিটৰ বাবে সূৰ্য্যৰ ৰশ্মি পৰিবলৈ দিওঁ, তেন্তে আমাৰ শৰীৰে প্ৰয়োজনীয় ভিটামিন ‘ডি’ খিনি প্ৰস্তুত কৰি ল’ব পাৰে। আহাৰৰ ভিতৰত কেৱল কিছুসংখ্যক খাদ্যতহে ভিটামিন ‘ডি’ পোৱা যায়।

                                                    ভিটামিন ‘ডি’ ৰ উৎস

                                                 (প্ৰতি এশ গ্ৰাম পৰিমাণত)

                         খাদ্যৰ নাম                                       পৰিমাণ

                 কড মাছৰ যকৃতৰ তেল                       ১০.০০০ আই.ইউ.

‌                 (ফাৰ্মাচীত পোৱা যায়)

                মেকেৰল(সাগৰীয় মাছ)                         ১২০ আই. ইউ.

                কণীৰ কুহুম                                                ২৫ আই. ইউ.

                মাখন                                                             ৩৫ আই.ইউ.

               চীজ                                                                 ১২ আই. ইউ.

অন্য উৎস : ফৰ্টিফাইড খাদ্য (পেকেটত পোৱা কিছুমান খাদ্য য’ত উপৰুৱাকৈখাদ্য উপাদান সংযোজন কৰে) ইয়াৰ ভিতৰত উল্লেখ কৰিব পাৰি কৰ্ণফ্লেক্স, মিউচলি, পেকেটত পোৱা কিছুমান ফলৰ ৰস, গাখীৰ আদি।

ইয়াৰ উপৰি কিছুসংখ্যক গৱেষণাৰ পৰা দেখা গৈছে যে বহুক্ষেত্ৰত ভিটামিন ‘কে’ ৰ অভাৱৰ বাবেও অষ্টিঅ’আৰ্থ্ৰীইটিছ হ’ব পাৰে। এই ভিটামিনৰ উৎস হৈছে গাঢ় সেউজীয়া শাক, ব্ৰক’লি, চালগোম, লিভাৰ, মাছ ইত্যাদি।

স্ত্ৰী হৰম’ন এষ্ট্ৰোজেন আৰু অষ্টিঅ’আৰ্থ্ৰাইচিছ

চিকিৎসা বিজ্ঞানীসকলে বিভিন্ন গৱেষণাৰ পৰা পোৱা তথ্য পৰ্যবেক্ষণ কৰি পাইছে যে সন্তান জন্ম দিয়াৰ বয়স পাৰ কৰা মধ্যবয়সীয়া মহিলাসকলৰ মাজত অষ্টিঅ’আৰ্থ্ৰাইচিচৰ সমস্যা দিনে দিনে বৃদ্ধি পাইছে। এই বয়সত মহিলাৰ শৰীৰত এষ্ট্ৰোজেনৰ পৰিমাণ হ্ৰাস পায় আৰু ই এই ৰোগৰ সমস্যাটো উদ্ভৱ  হোৱাৰ এক অন্যতম কাৰক বুলি ধাৰণা কৰা হৈছে। গতিকে ইয়াৰ বিকল্প হিচাপে এনে বয়সৰ বহু মহিলাই এষ্ট্ৰোজেনযুক্ত খাদ্য আহাৰৰ তালিকাত অন্তৰ্ভূক্ত কৰা উচিত বুলি তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে।

প্ৰাকৃতিক ভাৱে পোৱা এষ্ট্ৰোজেন ( যাক ফাইট’এষ্ট্ৰোজেন বোলা হয়) ৰ কাৰ্যক্ষমতা আমাৰ দেহত পোৱা এষ্ট্ৰোজেনতকৈ কম যদিও ই এই বয়সৰ মহিলাসকলক অষ্টিঅ’ আৰ্থ্ৰাইটিচ সমস্যাৰ পৰা কিছু সকাহ দিয়ে বুলি গৱেষক সকলে মত পোষণ কৰিছে। ফাইট’এষ্ট্ৰোজেন দুই প্ৰকাৰৰ- ‘লিগানানছ’( liganans) আৰু আইছ’ফ্লেভ’নছ( Isoflavones)। মহিলাৰ শৰীৰত এষ্ট্ৰোজেন কমি যোৱাৰ বাবে হাড়ৰ জোৰাৰ মাজত থকা তৰল পদাৰ্থভাগ কমি গৈ এই সমস্যাৰ আৰম্ভ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। গতিকে খাদ্যৰ পৰা এষ্ট্ৰোজেন গ্ৰহণ কৰি কিছু পৰিমাণে হ’লেও লাভবান হ’ব পাৰে। ফাইট’এষ্ট্ৰোজেন খাদ্যৰ উৎস সমূহ হৈছে – চয়াবিন, চয়াবিনৰ পৰা তৈয়াৰী নানা খাদ্য যেনে গাখীৰ, টফ’(পনীৰ,), দৈ আদি। তাৰোপৰি তিল ,চানফ্লাৱাৰ গুটি, ফ্লেক্সচিড, নহৰু, গাজীমাহ, শুকান ফল যেনে খেজুৰ, শুকান এপ্ৰিকট আদি।

You might also like

Comments are closed, but trackbacks and pingbacks are open.