ডা: ৰীমা ভট্টাচাৰ্য্য
বসন্তকালে প্ৰকৃতিক এক ন ৰূপ প্ৰদান কৰে। কুঁহিপাত, শুকান সৰাপাত,গ্ৰীষ্ম প্ৰবাহ,পৰিভ্ৰমী চৰাইৰ আগমণ,ফল-ফুলেৰে জাতিষ্কাৰ হৈ পৰে প্ৰকৃতি। বসন্ত কালত নতুনকৈ মানৱ শৰীৰত কফ দোষ গঠন হবলৈ আৰম্ভ কৰে আৰু শৰীৰক immunity প্ৰদান কৰাত সহায় কৰে। যাতে আগন্তুক গ্ৰীষ্ম প্ৰবাহৰ বাবে শৰীৰ উপযোগী হৈ পৰে। শৰীৰ বাত,পিত্ত আৰু কফ দোষ ভাৰসাম্যৰে সুস্থ হৈ থাকে। গ্ৰীষ্ম ঋতুৰ আগমনৰ লগে লগে শৰীৰত বাত দোষৰ সঞ্চয় হয়। যাৰ ফলত শৰীৰত ৰুক্ষতা বাঢ়িব লয়।
শ্বাসতন্ত্ৰৰ যতন : এলাৰ্জিৰ সমস্যা গ্ৰীষ্ম ঋতুত বঢ়া দেখা যায়। কাৰণ প্ৰকৃতিৰ পৰিৱৰ্তন ৰ লগে লগে ধূলি -বতাহ-পৰাগ ৰেণু শৰীৰৰ সংস্পৰ্শলৈ আহিলে তেজত এলাৰ্জিৰ সমস্যাই দেখা দিয়ে। গতিকে এই সময়ছোৱাত মাক্স পৰিধান কৰা, এলাৰ্জি সৃষ্টি কৰা খাদ্যাভ্যাস ত্যাগ কৰা, তিক্ত ৰস সমৃদ্ধ খাদ্য গ্ৰ্হণ কৰা ,শীতল পানীয় গ্ৰ্হণ, ফলৰ ৰস গ্ৰ্হণ, chyavanprash, amps,guduchi আদি immunity বৰ্ধক ঔষধ সেৱন কৰাটো উচিত, এইবোৰৰ জৰিয়তে আমি কাহঁ, চৰ্দি ,হাপানী আদি ৰোগৰ হাত সাৰি থাকিব পাৰোঁ।
পাচনতন্ত্ৰৰ যতন : গৰমৰ দিনত পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখিবলৈ কিছুমান খাদ্য যেনে- শুকান বা roasted খাদ্য , frozen food, অতিৰিক্ত লৱণ বা ক্ষাৰ, জ্বলা, কেহা বা astringent খাদ্য ,bakery বা packaged খাদ্য, মাংস,বিলাহী আদি acidic খাদ্য আদিৰ পৰিহাৰ কৰিব লাগে। শৰীৰৰ IP আৰু সৌমতা বজাই ৰাখিবলৈ ফল-মূল ,অম্লপ্ৰধান খাদ্য, মধুৰিআম, আমলখি, নাৰিকল পানী, তৰমুজ, মিঠা ৰস সমৃদ্ধ শাক-পাচলি যেনে, গাজৰ,বীট,তিক্তৰস সমৃদ্ধ যেনে পটল,জিকা,তিয়হ আদিৰ সেৱন কৰিব লাগে। এই সময়ছোৱাত সঘনাই ডায়েৰিয়াৰ সমস্যা ই দেখা দিয়ে। কাৰণ বহু লোকে বাহিৰৰ পানী, ভালকৈ চাফা নকৰা কেঁচা সামগ্ৰী আদিৰ সেৱন কৰে। যাৰ ফলত বীজাণু সংক্ৰমিত হৈ পেটৰ বেমাৰৰ সৃষ্টি কৰে। এনে ক্ষেত্ৰত , ফিল্টাৰ কৰা পানী বা উতলাই ঠাণ্ডা কৰা পানী গ্ৰ্হণ কৰিব লাগে, কেচা খাদ্য বস্তু ভালকৈ ধুই আৱৰি ৰাখিব লাগে। গৰম বা এছিডিক খাদ্য গ্ৰ্হণ কৰিব নালাগে। ডায়েৰিয়াৰ ক্ষেত্ৰত buttermilk , jatiphal ,haritaki,kutaj ,bilva আদি ঔষধে ৰোগৰ লক্ষণ কমায় লগতে খাদ্যনলীত থকা ভাল bacteria সংৰক্ষণ কৰে।
মূত্ৰতন্ত্ৰৰ যতন : গ্ৰীষ্ম কালত পুৰুষ মহিলা উভয়ৰে মূত্ৰৰ সমস্যা দেখা দিয়ে- কমকৈ প্ৰস্ৰাৱ হোৱা, ৰঙা বা হালধীয়া হোৱা, জ্বলা পোৰা কৰা আদি। urine retention বা প্ৰস্ৰাৱ ৰখাই থৈ দিয়া অভ্যাস কৰিব নালাগে। এনেধৰণৰ সমস্যা হলে বা প্ৰতিৰোধ কৰিবলৈ নিতৌ শীতল ফলৰ পানীয় ,পূনৰনবা শাক, পাতেগজা শাক, মিচৰী, গোলাপজল, দূৰ্বা ৰস, guduchi, amps, cranberry আদি সেৱন কৰিব লাগে। তিক্তৰস বা শীতল potency থকা ঔষধসমূহে urine infection প্ৰতিৰোধ কৰিব পাৰে- gokshur, punarnava, hajrulyahud Bhasma, sweta parpati, usirasav আদি। সঘনাই urine infection থাকিলে renal stone হোৱাৰ সম্ভাৱনা থাকে। অথবি কেতিয়াবা পেটৰ বিষেও দেখা দিব পাৰে। তেনে অৱস্থাক cystitis বুলি কোৱা হয়। গৰমত যিহেতু শৰীৰত পানীৰ শতাংশ কমি যায় , সেয়ে urine infection বা kidney ৰ সমস্যাই দেখা দিব পাৰে। গতিকে নিতৌ পানী সেৱনৰ লগতে খাদ্য আৰু ঔষধ সেৱন কৰাটো জৰুৰী।
• ছাল-চুলিৰ যতন: এই সময়ছোৱাত শৰীৰত ৰূক্ষতা বঢ়াৰ লগে লগে ছাল ৰুক্ষ হৈ পৰে। যাৰ ফলত xerosis, eczema আদি ৰোগে দেখা দিব পাৰে। ছালত খজুৱতি, urticaria।ৰ দৰে এলাৰ্জি ৰ সমস্যা, ছাল খহটা হোৱা আদি পৰিলক্ষিত হয়। ঠিক তেনেকৈ, ধূলি বতাহ আদিয়ে চুলিকো শুকান কৰি পেলায়। যাৰ ফলত scalp ও শুকান হয়, উফি হয়,খজুৱতি বাঢ়ে আৰু fungal infection হোৱাৰ সম্ভাৱনা বাঢ়ে। ছালৰ বাবে moisturize কৰিব পৰা oil formulation যেনে marichyadi oil, আদি প্ৰয়োগ কৰিব পাৰি। যদিহে খজুৱতি বা এলাৰ্জিৰ সমস্যা ই দেখা দিয়ে, তেন্তে, tuvrak oil, Durban oil, been oil আদি ৰাতি প্ৰয়োগ কৰিব পাৰি। oil formulation সমূহে ৰোগ আঁতৰোৱাৰ লগতে ছালক মসৃণ কৰে আৰু ৰুক্ষতাৰ পৰা ছালক বচাই ৰাখে। ইয়াৰ উপৰিও ৰক্তত থকা এলাৰ্জি সম্পূৰ্ণ ৰূপে আতৰাবলৈ gandhak, guduchi, praval, amla, durva, sariva, manjistha আদি ঔষধৰ প্ৰয়োগ কৰা হয়। চুলিৰ উফি ৰ সমস্যাৰ বাবে বিশেষ oil ব্যৱহৃত হয় তথা keshkuntal, keshraksha আদি ঔষধৰ ব্যৱহাৰে চুলিৰ স্বাস্থ্য অটুট ৰাখে।
• গ্ৰীষ্ম কালত বৃদ্ধি হোৱা ৰোগ তথা সাৱধানতা সমূহৰ:
উচ্চৰক্তচাপ, এজমা, psoriasis, colitis আদি ৰোগ গৰম কালত বৃদ্ধি হয়। সেইবাবে ৰোগীসকলে প্ৰতিৰোধক ৰূপে শৰীৰৰ পৰীক্ষা আৰু নিয়মিত ঔষধ সেৱনৰ যত্ন কৰিব লাগে। উচ্চৰক্তচাপ ৰোগীয়ে অত্যাধিক উষ্ম,জ্বলা,তীক্ষ্ণ আহাৰ সেৱন,সূৰ্য ৰশ্মিৰ অত্যাধিক সেৱনৰ পৰা বিৰত থাকিব লাগে। মূৰঘুৰণি,ৰক্তক্ষৰণ হোৱা, বমি হোৱা পৰিলক্ষিত হলে চিকিৎসকৰ পৰামৰ্শ লব লাগে। ঠিক তেনেদৰে, হাৰ্টৰ সমস্যা থকা ৰোগীয়ে ও সময়ে সময়ে পৰীক্ষা কৰি থকাটো জৰুৰী। colitis অথবা
fatty liver ৰ ৰোগীয়ে ঘৰৰ বাহিৰৰ খাদ্য, কেঁচা সামগ্ৰী পৰিহাৰ কৰি, অম্লপ্ৰধান দ্ৰব্য, জুলীয়া খাদ্য, ফল-মূল আদি সেৱন কৰিব লাগে । সময়ে সময়ে probiotics ( bilba,, buttermilk, kanji, alkali /অমিতাৰ ক্ষাৰ) আদি গ্ৰ্হণ কৰিব লাগে। COPD বা asthma ৰোগীসকলে এলাৰ্জিৰ সমস্যা বাঢ়িব দিব নালাগে। psoriasis সমস্যা থাকিলে সদায় ছালৰ মসৃণতা বজাই ৰাখিব লাগে। শৰীৰ ৰুক্ষ হোৱা সামগ্ৰী গ্ৰ্হণ কৰিব নালাগে। ইয়াৰ উপৰিও immunity ৰক্ষা কৰি ৰাখিবলৈ golden milk, amla, guduchi, seelajit, aswagandha, herbal tea, swarna bhasma, makarprash, chyavanprash, medicated buttermilk, medicated ghee আদি চিকিৎসকৰ পৰামৰ্শ অনুসৰি সেৱন কৰিব লাগে। গ্ৰীষ্ম কালত শৰীৰক বাহ্য আৰু আভ্যন্তৰীণ ভাৱে ৰুক্ষ হোৱাৰ পৰা বচাই ৰাখিলে বেমাৰৰ পৰা বাচিব পাৰি। আনহাতে, খাদ্য সামগ্ৰী গ্ৰ্হণ কৰাত সাৱধানতা অৱলম্বন কৰিলে বীজাণু সংক্ৰমিত ৰোগসমূহ প্ৰতিৰোধ কৰিব পাৰি।
Comments are closed, but trackbacks and pingbacks are open.