গ্রীষ্মৰ খাদ্য

41

নমী মোহন

গ্রীষ্মকাল চাৰিটা মূল ঋতুৰ ভিতৰত এটা৷ সাধাৰণতে বসন্তৰ পিছত আৰু শৰতৰ আগৰ সময়ছোৱাই গ্রীষ্মকাল৷ এই ঋতুত প্রায়ে উষতা যথেষ্ট বৃদ্ধি পায়৷ ফলত জলবায়ু গৰম উষ হয়৷ গৰম দিনত শৰীৰৰ পৰা যথেষ্ট পৰিমাণৰ ঘাম নির্গত হয়, সেয়েহে শৰীৰটো শীতল কৰি ৰাখিবলৈ যথেষ্ট পৰিমাণৰ পানী, ফলৰ ৰস অথবা আন জলীয় পদার্থ খাব লাগে৷ গৰমৰ দিনত এটা স্বাস্থ্যকৰ খাদ্য প্রণালীৰ সকলোকে প্রয়োজন৷ যিহেতু গৰমৰ দিনত তাপমাত্রা বৃদ্ধি হোৱাৰ লগে লগে বাহিৰৰ গৰম, বাহিৰৰ কার্যকলাপ আৰু শৰীৰত পানীৰ ভাণ্ডাৰ হ্রাস হোৱাৰ ফলত ডি–হাইড্রেচনৰ আশংকা বৃদ্ধি হয়৷ প্রচণ্ড গৰম প্রতিদিনে ছালৰ অভ্যন্তৰলৈ আহিব পাৰে৷ গতিকে গৰমৰ দিনকেইটা হাইড্রেচন আৰু পাতল আহাৰ খোৱাটো গৰমক পৰাস্ত কৰাৰ সহজ চাবিকাঠী৷

গৰমৰ দিনত যিবোৰ খাদ্য খালে শৰীৰটো ডি–হাইড্রেট কৰে, তেনেকুৱা খাদ্য পৰিহাৰ কৰাটো অতিকৈ প্রয়োজন৷

কফিঃ কফিত কেফেইন থাকে, যি বৃক্কলৈ তেজৰ প্রবাহ বৃদ্ধি কৰে আৰু অধিক পানী উলিয়াই দিবলৈ উৎসাহিত কৰে, ফলত সঘনাই প্রস্রাৱ হয়, আৰু শৰীৰৰ পৰা অতিৰিক্ত পানী নির্গত হয় আৰু ডি–হাইড্রেচনত ভোগা দেখা যায়৷

সুৰাঃ গৰমৰ দিনত অতিমাত্রাত সুৰাপান কৰিলেও দেহত ডি–হাইড্রেচন হয়৷

মাংসঃ মাংস থকা প্রটিনত প্রাকৃতিকভাৱে উৎপন্ন হোৱা নাইড্রজেনক বিপাক কৰিবলৈ শৰীৰে যথেষ্ট পানী ব্যৱহাৰ কৰে৷ ইয়াৰ ফলত কোষবোৰত পানীৰ পৰিমাণ হ্রাস পায়৷ ফলত ডি–হাইড্রেচন হোৱাৰ সম্ভাৱনা বহুত বেছি বৃদ্ধি পায়৷ ডি–হাইড্রেচন হ্রাস কৰিবলৈ চর্বিবিহীন মাংস খাব পাৰে৷

গৰম দিনত নিৰন্তৰ ঘাম আৰু অস্থিৰতাৰ বাবে খাবলৈ মন নকৰিব পাৰে৷ অতিমাত্রা গৰমত বহুতো ব্যক্তিয়ে গোটেই দিনটো খাবলৈ মন নকৰে, ফলত সামগ্রিক স্বাস্থ্যৰে অৱনতি ঘটিব পাৰে৷ গৰমৰ দিনত যদি সঠিক আহাৰ অনুসৰণ কৰা নহয়, তেনেহলে শৰীৰত ডিহাইড্রেচন, হিটষ্ট্রোক, ছানবার্ন আৰু ছালত ৰঙা ৰঙা চেকুৰা পৰিব পাৰে৷ গৰমৰ দিনত বিভিন্ন ধৰণৰ সমস্য শৰীৰত দেখা দিয়ে৷ বিশেষকৈ পেটচলা, পেটফুলা, গেছৰ সমস্যা, ৰ আদি৷ নিজকে গৰমৰ দিনকেইটাত নিৰোগী কৰি ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী খোৱাৰ উপৰি সুস্বাস্থ্যকৰ আহাৰ খোৱাটো অতি প্রয়োজনীয়৷

অতিমাত্রা গৰমৰ বাবে কেতিয়াবা পুৱা সময়ত শৰীৰত অস্থিৰতা হব পাৰে৷ অস্থিৰতা দূৰ কৰিবলৈ পুৱা কফিৰ সলনি চাহ বা গ্রীন টী খাব পাৰে৷ মাজে মাজে চাহৰ সলনি জিৰা পানীও খাব পাৰে৷ জিৰা পানীয়ে শৰীৰটো শীতল কৰাৰ উপৰি শৰীৰত বর্জিত উপাদান বাহিৰ কৰাত সহায় কৰে৷ পুৱা সময়ত আমলখিৰ পানী, এলোভেৰাৰ ৰস আদিও খাব পাৰে৷ ই শৰীৰ উষতা বজাই ৰখাত সহায় কৰে৷ ইয়াৰ উপৰি গৰম দিনৰ পুৱা বার্লিৰ পানীও খাব পাৰে৷ কেতিয়াবা অতিমাত্রা গৰমৰ বাবে খাবলৈ মন নাযায়৷ তেনেস্থলত পাৰিলে পানীয় আৰু পাতল আহাৰ খাব লাগে যি সহজে হজম হয়৷

পুৱা আহাৰত অটছ গাখীৰৰ সৈতে, ইডলি, ৰুটী, ওপমা, চিৰা দৈৰ সৈতে জলপান আদিবোৰ খাব পাৰে৷ লগতে তৰমুজ বা পকা অমিতা খাব পাৰে, যিয়ে শৰীৰটো বহু সময়লৈকে শীতল কৰি ৰাখে৷ দৈ–চিৰাৰ জলপানে শৰীৰত প্র–বায়টিক হিচাপে কাম কৰে৷ আৰু শৰীৰটোক শীতল কৰি ৰাখে৷ ইয়াৰ উপৰি তিয়াই থোৱা কাঠবাদাম আৰু অন্য শুকান ফলো খাব পাৰে৷

গৰমৰ দিনত শৰীৰত যথেষ্ট পানীৰ অভাৱ হয়, যাৰ বাবে শৰীৰত সঠিকবাৱে কাম কৰিবলৈ অসুবিধা হয়৷ শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ দিনত কমেও তিনি লিটাৰ পানী খাব লাগে৷ নেমুপান, ডাবৰ পানী, চাজ, কুঁহিয়াৰৰ ৰস আদিবোৰ সেৱন কৰিব পাৰে৷

দুপৰীয়া আহাৰত পৰাপক্ষত বতৰৰ পাচলি ভাত আৰু দাইলৰ সৈতে খাব পাৰে৷ বতৰৰ পাচলিত যথেষ্ট পৰিমাণৰ পানী থাকে৷ গৰমৰ দিনত কমেও চাৰি–পাঁচবাৰকৈ সতেজ ফলমূল আৰু পাচলি খোৱাটো প্রয়োজনীয়৷ খাদ্য বনাওঁতে প্রটিনযুক্ত খাদ্যৰ সৈতে বিভিন্ন শাক–পাচলি সিজাই খোৱাটো উপকাৰী৷ পাচলি বনাওঁতে বেছিকৈ দিব নালাগে৷ কাৰণ অতিমাত্রা মচলা গৰমৰ দিনত সেৱন কৰিলে শৰীৰৰ উষতাও বেছি হোৱা দেখা যায়৷ দিনৰ ভাগত ভোক নালাগিলে বা ভাত খাবলৈ মন নকৰিলে দৈৰ লাচিচ, ফলৰ ৰস, ফলমূলৰ চালাদ আদি খাদ্য খাব পাৰে৷

সন্ধিয়া সময়ত বুট–মগুৰ চাট্ ঘৰতে বনাই খাব পাৰে৷ যিমান পাৰে বাহিৰৰ ফাষ্টফুড পৰিহাৰ কৰিব৷ কিয়নো এইবোৰ হজম হবলৈ সময় লাগিব আৰু যথেষ্ট পানীৰ প্রয়োজন হয়৷ গৰমৰ দিনত দৈ ভাত খালেও বহু সময়লৈকে শৰীৰ শীতল হৈ থাকে৷

ৰাতি প্রায়েই অতিমাত্রা গৰমৰ কাৰণে খাবলৈ মন নাযায়৷ ৰাতি পাৰিলে লঘু আহাৰ গ্রহণ কৰিব, যি হজম হোৱাতো সহায় কৰে৷ আৰু পৰাপক্ষত ৰাতিৰ আহাৰ শোৱাৰ তিনি ঘণ্টাৰ আগত গ্রহণ কৰিব৷

যিমান পাৰে গৰমৰ দিনত মাছ–মাংস–কণী আদিবোৰ সীমিত পৰিমাণৰ খাব৷ এনে খাদ্যই শৰীৰত তাপমাত্রা বৃদ্ধি কৰে৷ শৰীৰৰ প্রটিন যোগানৰ বাবে দাইল, বুট, মাছ, শুকান ফল, বিভিন্ন বীজ আদি অন্তর্ভুক্ত কৰিব৷ এইবোৰ খাদ্যই শৰীৰত তাপমাত্রা বৃদ্ধি নকৰে৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.