ৰাজীৱ কাশ্যপ
‘ষ্ট্ৰোক’ বৰ্তমান সময়ত বেছিকৈ দেখা পোৱা এক গুৰুতৰ শাৰীৰিক সমস্যা যাক অতি কমসময়ৰ ভিতৰত চিনাক্ত কৰি জৰুৰীকালীন ভাবে চিকিৎসা প্ৰদান কৰাটো অতি প্ৰয়োজনীয়। এক সমীক্ষা মতে ভাৰতবৰ্ষত প্ৰতি ৪০চেকেণ্ডত এজন লোক ষ্ট্ৰোকত আক্ৰান্ত হয় আৰু প্ৰতি ৪ মিনিটত এজন লোক ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে।বিশ্বৰ ভিতৰত ভাৰততে সৰ্বাধিক ৭০.৯% ষ্ট্ৰোক ত আক্ৰান্ত লোকৰ মৃত্যু হয়।সোনকালে ষ্ট্ৰোক ৰ লক্ষণ সমূহ চিনাক্ত কৰি ৰোগী ক জৰুৰী কালীন ভাবে চিকিৎসা প্ৰদান কৰিব পাৰিলে ৰোগীৰ জীৱনৰ সংকট লগতে হব পৰা শাৰীৰিক বিকলাংগতাৰ হাৰ হ্ৰাস কৰিব পাৰি। এতিয়া ‘ষ্ট্ৰোক’ বেমাৰটো কি হয় হয় জানো আঁহক। ষ্ট্ৰোক যাক চিকিৎসা বিজ্ঞানৰ ভাষাত Cerebral- Vascular Accident চমুকৈ CVA বুলিও কোৱা হয়।মগজুৰ কোনোবা এটা অংশলৈ বিভিন্ন কাৰণবসত ৰক্ত সঞ্চালন বাধাগ্ৰস্ত হ’লে সেই অংশৰ কোষবোৰে অক্সিজেন আৰু পুষ্টি নোপোৱা হয় । কম সময়ৰ ভিতৰতে সেই কোষবোৰে কাৰ্যক্ষমতা হেৰুৱাই আৰু পিছত মৰি যায়।আমাৰ মগজুৰ বিভিন্ন অংশ থাকে আৰু সেই অংশবোৰে শৰীৰৰ নিৰ্দিষ্ট কিছুমান কাৰ্য নিয়ন্ত্ৰণ কৰে। মগজুৰ যিটো অংশৰ কোষবোৰ নষ্ট হয় ,সেই অংশটোৱে নিয়ন্ত্ৰণ কৰা শাৰীৰিক কাৰ্য্যকলাপ সমুহ বাধাগ্ৰস্ত হয়। সেয়েহে সোনকালে চিনাক্ত কৰিব পাৰিলে ইয়াৰ ক্ষতিৰ পৰিমাণ হ্রাস কৰিব পাৰি।
ষ্ট্ৰোকৰ লক্ষণ
* হঠাতে শৰীৰৰ এফালৰ হাত ,ভৰি বা মুখমণ্ডল অসাৰ -অসাৰ যেন লগা বা দূৰ্বল হৈ পৰা।
* হঠাতে ভ্ৰম হোৱা, কথা বুজি নোপোৱা হোৱা বা কথা কোৱাত অসুবিধা হোৱা।
* হঠাতে চকুৰে দেখা নোপোৱা হোৱা ,অন্ধকাৰ দেখা বা সকলো বস্তু দুটাকৈ দেখা।
* হঠাতে কোনো বিশেষ কাৰণ নোহোৱাকৈ বেছিকৈ মূৰ বিষোৱা।
*হঠাত বমি ভাব হোৱা বা বমি কৰা, কোনোধৰনৰ ভাইৰাছৰ সংক্ৰমণ নোহোৱাকৈ তৎক্ষণাত জ্বৰ উঠা।
* মূৰ ঘুৰণি হোৱা বা একেবাৰে সঙ্গাহীন হৈ পৰা
* হঠাৎ খোজ কাঢ়িব নোৱৰা হোৱা বা শৰীৰৰ সন্তুলন আৰু ভাৰাসাম্য নোহোৱা হোৱা।
ষ্ট্ৰোকৰ কাৰণ : ষ্ট্ৰোকৰ কিছুমান কাৰণ আছে আৰু কাৰণ অনুসৰি ইয়াক তিনিটা ভাগত বিভক্ত কৰা হয়।
*ইচকিমিক ষ্ট্ৰোক (Ischemic Stroke): বিভিন্ন কাৰণত মগজুলৈ ৰক্ত পৰিবাহী ধমনীবোৰৰ ঠেক হৈ যায় আৰু তেজৰ সঞ্চালন বাধাগ্ৰস্থ হয়।তেজ চলাচলৰ অবৰোধ বেছি হ’লে মগজুৰ সেই নিৰ্দিষ্ট অংশটোলৈ ৰক্ত সঞ্চালন সম্পূৰ্ণ বন্ধ হৈ পৰে।ইয়াৰ ফলত বিভিন্ন স্নায়ুজনীত সমস্যা হয়। এই ধৰণৰ ষ্ট্ৰোক ক ইচকিমিক ষ্ট্ৰোক বুলি কোৱা হয়।
*হিম’ৰেজিক ষ্ট্ৰোক (Haemorrhagic stroke): বিভিন্ন কাৰণবসত: কেতিয়াবা মগজুৰ ৰক্ত পৰিবাহী কেশিকা চিঙি মগজুৰ ভিতৰত ৰক্ত ক্ষৰণ হয়।এই ধৰণৰ ষ্ট্ৰোকক হিম’ৰেজিক ষ্ট্ৰোক বুলি কোৱা হয়। ইয়াৰ কাৰণ সমূহ হৈছে
* অনিয়ন্ত্ৰিত উচ্চ ৰক্ত চাপ
*এন্টিকুৱাগুলেন্ট দৰবৰ অতিমাত্ৰা ব্যৱহাৰ।
* মুৰত আঘাট পালে।
* মগজু ৰ ৰক্ত পৰিবাহী কেশিকাৰ বেৰত প্ৰ’টিন জমা হোৱাৰ ফলত কেশিকাৰ বেৰখন দূৰ্বল হয় যাৰ ফলত কেশিকা ডাল ফাটি ৰক্তক্ষৰণ হয়।
* ইচকিমিক ষ্ট্ৰোক ৰ বাবেও মগজুত ৰক্ত ক্ষৰণ হয় আৰু হিম’ৰেজিক ষ্ট্ৰোক হয়।
*ট্ৰেনজিয়েন্ট ইচকিমিক এটেক(Transient Ischimic attack) অলপ সময়ৰ বাবে মগজুৰ কোনো এটা অংশলৈ ৰক্ত পৰিবহণ বন্ধ হলে তাক ট্ৰেনজিয়েন্ট ইচকিমিক এটেক বা মিনি ষ্ট্ৰোক বুলি কোৱা হয়। মগজুৰ ৰক্ত পৰিবাহী কেশিকাবোৰত চৰ্বি জাতীয় কণা বা তেজৰ চেকুৰ জমা হলে ৰক্ত সঞ্চালন বাধাগ্ৰস্ত হব পাৰে, যাৰফলত এইধৰণৰ ষ্ট্ৰোক হয়।
ষ্ট্ৰোকৰ বিপদজনক কাৰকসমূহ হৈছে:
* অতিমাত্ৰা শকত হোৱা বা মেদবহুলতা।
* শাৰীৰিক কাৰ্যকলাপ নকৰা লোকৰ।
*অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপ।
* তেজত কলেষ্টৰল ৰ মাত্ৰা বৃদ্ধি হলে।
* হৃদযন্ত্ৰ তথা ৰক্ত পৰিবহন তন্ত্ৰৰ কিছুমান ৰোগ ।
* ধুমপান আৰু অতিমাত্ৰা মদ্যপান কৰিলে।
* মধুমেহ ৰোগ।
* ৫৫ বয়সৰ উৰ্ধৰ পুৰুষৰ মহিলাৰ তুলনাত ষ্ট্ৰোক ৰ সম্ভাৱনা অধিক ।
* নিজৰ বা বংশ পৰিয়ালৰ কাৰোবাৰৰ আগতে ষ্ট্ৰোক হ’লেও ইয়াৰ সম্ভাৱনা বাঢ়ে।
*জন্ম নিয়ন্ত্ৰণ ৰ বড়ি সেৱন কৰিলে।
ষ্ট্ৰোক প্ৰতিৰোধ ৰ উপায়
*শাৰীৰিক কাৰ্যকলাপ তথা ব্যয়াম কৰা লোকসকলৰ ষ্ট্ৰোক ৰ সম্ভাৱনা কমি যায়। আমি প্ৰত্যেকেই দৈনিক ৩০মিনিট কৈ সপ্তাহত কমেও পাচদিন যিকোনো এৰোবিক ব্যয়াম যেনে খোজ কঢ়া, জগিং কৰা, চাইকেল চলোৱা, সাতোৰা আদি কৰা উচিত। ইয়াৰ উপৰিও মেদবহুল লোকসকলে ওজন কমাবলৈও বিভিন্ন ব্যয়াম কৰিব লাগে।
* উচ্চ ৰক্তচাপত ভোগা লোকসকলে নিয়মিত ভাৱে ৰক্তচাপ নিয়ন্ত্ৰণ ৰ দৰৱ সেৱন কৰিব লাগে আৰু সময়ে সময়ে ৰক্তচাপ জুখি থাকিব লাগে।
* কম চৰ্বিযুক্ত খাদ্য খোৱা উচিত। ফল-মুল শাক পাচলি অধিক খাদ্য লাগে।ফাষ্ট ফুড, যাংক ফুড, চৰ্বিযুক্ত মাংস আদি খাব নালাগে। চৰ্বিয়ে ৰক্ত পৰিবাহী নলীবোৰৰ বেৰ ডাঠ কৰে।
* মধুমেহ ৰোগী সকলে তেজৰ চেনী পৰিমাণ নিয়ন্ত্ৰিত কৰি ৰাখিব লাগে, নিয়মিত ভাৱে দৰৱ খাব লাগে আৰু মাজে মাজে তেজত চেনীৰ মাত্ৰা পৰীক্ষা কৰি থাকিব লাগে।মধুমেহ ৰোগী উচ্চ ৰক্ত চাপত ভোগাৰ সম্ভাৱনা অধিক ।
* ধুমপান আৰু ধপাত জাতীয় সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিব লাগে।ই ষ্ট্ৰোক ৰ সম্ভাৱনা বঢ়াই দিয়ে।
* দৈনিক ৬-৮ঘন্টা টোপনি মাৰিব লাগে লগতে অত্যাধিক মানসিক চাপ ৰ পৰা নিজকে বচাই ৰাখিব লাগে।
উক্ত নিয়মসমূহ আমি প্ৰত্যেকেই মানি চলাৰ লগতে কাৰোবাৰ শৰীৰত ষ্ট্ৰোক ৰ ওপৰোক্ত লক্ষণ সমূহ দেখা মাত্ৰেই চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে।
ফোনঃ ৮৬৩৮২৭২৮৬৩
Comments are closed, but trackbacks and pingbacks are open.