হৃদৰোগৰ কিছু কথা

সুমন ডেকা

আজিকালি হৃদৰোগত আক্রান্ত লোকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ আগৰ সময়ত এই বেমাৰ বয়সিয়াল লোকৰ মাজতে আছিল যদিও এতিয়া কম বয়সতে এনেধৰণৰ সমস্যাৰ বলি হোৱা লোকৰ সংখ্যা বহুত হৈছে৷ অর্থাৎ মানুহে যিমানে আধুনিক জীৱন যাপন কৰিবলৈ লৈছে সিমানে সমস্যাৰ মাত্রা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত পুৱা শুই উঠাৰ পৰা শোৱালৈকে সকলো সময়তে সাৱধানতা বজাই ৰখা বাঞ্ছনীয়৷ আচলতে কার্ডিঅ ভাস্কুলাৰ বিশ্বব্যাপী এক ৰোগ, যি মধ্য আয়ৰ দেশবোৰৰ তিনি চতুর্থাংশতকৈও অধিক মৃত্যুৰ কবলত পৰে৷ আনহাতে কার্ডিঅ ভাস্কুলাৰ ৰোগৰ ভিতৰত কৰনাৰী হৃদৰোগ, পেৰিফেৰল ধমনী ৰোগ, জন্মগত হৃদৰোগ, পালমনাৰী এমবলিজম অন্যতম যদিও কৰনাৰী হৃদৰোগ বা হার্ট এটেক আটাইতকৈ প্রধান আৰু ইয়াৰ উপসর্গবোৰ হল-

📌বুকুৰ বিষ অথবা অস্বস্তি৷
📌হঠাৎ মূৰ ঘূৰোৱা
📌উশাহ লোৱাত কষ্ট
📌দ্রুত হৃদস্পদন বা বদহজম
📌কথা কোৱা, খোজ কাত অসুবিধা আৰু ঘাম ওলোৱা৷

হৃদযন্ত্রৰ চিহ্ণ, লক্ষণবোৰ কিছুদিন আগৰ পৰাই ঘটি থাকে যদিও কাৰোবাৰ ক্ষেত্রত আকস্মিকভাৱে তীব্র হয়৷ ইয়াৰ কাৰকবোৰ হল-
📌হৃদযন্ত্র কোনো সিৰাত তেজ জমা হলে
📌হার্ট এটেকৰ কিছুদিন আগতে শৰীৰ দুর্বল, শ্বাস–প্রশ্বাসৰ সমস্যা, অলপমান কামতেই ফোঁপনি উঠা
📌কৰনাৰী ধমনীৰ সংকোচনে হূদযন্ত্রৰ পেশীলৈ তেজৰ যোগান বন্ধ বা সীমিত কৰিলে হোৱাৰ সম্ভাৱনা থাকে

📌তাৰ লগতে হার্ট ব্লক হৈ ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি কৰি পৰিশ্রম নকৰিলেও যদি ঘাম ওলায় তেতিয়া তেতিয়া হব পাৰে
📌লগতে তেজত অক্সিজেনৰ অভাৱ আৰু ঔষধৰ অপব্যৱহাৰ ইত্যাদি৷

চিকিৎসা আৰু প্রতিৰোধ
হৃদযন্ত্রৰ আক্রমণ জীৱনৰ বাবে বিপজ্জনক আৰু জৰুৰীকালীন হোৱাৰ হেতুকে চিকিৎসাত পলম নকৰি তৎক্ষণাত স্বাস্থ্য কেন্দ্রলৈ যোৱা উচিত৷ সেই অনুসৰি চিকিৎসালয় সামগ্রিক স্বাস্থ্য যেনে– ইমেজিং পৰীক্ষা এক্সৰে, ইলেক্ট কার্ডিঅগ্রাফী, ইককাডিঅগ্রাম নাইবা আন পৰীক্ষাৰ জৰিয়তে নিষ্চিত কৰি কিছুমান দৰব ব্যক্তি বিশেষে প্রদান কৰে৷

প্রকৃততে হৃদৰোগ বা হার্ট এটেকৰ পৰা বাচিবলৈ কিছুমান পৰামর্শ মতে
📌ধূমপান কৰিব নালাগে
📌শাৰীৰিক সক্রিয়তা কাৰণে সপ্তাহত ১৫০ মিনিট মজলীয়া, এৰবিক ব্যায়াম কৰক
📌একেদৰে মাহজাতীয় শস্য, কম চর্বি বা দুগ্ধজাত সামগ্রীৰ লগতে ভিটামিন, খনিজ খাব লাগে৷
📌মানসিক চাপ, উৎকণ্ঠা আৰু ওজন নিয়মিত মাত্রাত ৰাখক৷
📌নিজাববীয়াকৈ উচ্চ ৰক্তচাপ, লিপিড, অন্যান্য ডায়েবেটিছৰ স্থিতি চাই জীৱনশৈলীৰ পৰিৱর্তন আনক৷

ফোনঃ ৯১০১২-৩২৬০২

You might also like

Comments are closed, but trackbacks and pingbacks are open.