লুকীমা বৰুৱা
খাদ্যবিশেষজ্ঞা, আদিত্য ডায়েগনষ্টিক
এণ্ড হাস্পতাল, ডিব্রুগড়
বয়স বাঢ়ি অহাৰ লগে লগে বহু মানুহৰ ক্ষেত্রত দেখা যায় যে তেওঁলোকে সঘনাই কথা পাহৰে, মানুহ চিনি নাপায়, দৈনন্দিন কাম–কাজ, চলা–ফিৰা আগৰ দৰে কৰিব নোৱাৰে, খোৱা–বোৱা কৰিবলৈ অসুবিধা হয়, কাৰণ ভালদৰে চামুচ, কাপ আদি হাতেৰে ধৰিব নোৱাৰে, মুখলৈ হাতখন নিবলৈও বহু অসুবিধা হয় ইত্যাদি৷ ইয়াৰ কাৰণ হৈছে স্নায়ৱিক ৰোগ৷ মগজুৰ কোষসমূহৰ পৰিৱর্তন, ষ্ট্রক, দীর্ঘদিনীয়া ডায়েবেটিছ ৰোগী, ৰাজহাড়ত পোৱা আঘাত আদিৰ বাবে স্নায়ুসমূহ শিথিল আৰু দুর্বল হৈ এনে ৰোগ হয়৷
এই মানুহখিনিক ঘৰৰ মানুহৰ সংগ, পৰিচর্যা, আদৰ–চেনেহ, সুষম আহাৰ, শাৰীৰিক সক্রিয়তাৰ বহু প্রয়োজন৷
কিছুমান স্নায়ৱিক ৰোগ শৰীৰত দীর্ঘদিনৰ বাবে হোৱা পুষ্টিৰ অভাৱৰ বাবে হয় আৰু আন কিছুমান ৰোগ যেনে আলজেইমাৰ, পাৰকিনচন, এপিলেপ্সী আদিৰ খোৱাৰ লগত সম্বন্ধ নাই৷ এইসমূহৰ ভিতৰত আমি সকলোৱে ভয় কৰা স্নায়ৱিক ৰোগবিধ হৈছে আলজেইমাৰ৷ বর্তমান বিশ্বজুৰি ২৬.৬ শতাংশ লোক এই ৰোগৰ কবলত৷ আলজেইমাৰ ৰোগৰ আৱিষ্কাৰৰ বিষয়ে জানিবলৈ আমি এক শতক পিছুৱাই যাব লাগিব৷ ১৯০২ চনত জার্মানীৰ ফ্রেংকফ্রুট চহৰত আগষ্টে ডেটাৰ নামৰ এগৰাকী বয়সীয়া মহিলা এটা পুনৰ সংস্থাপন কেন্দ্র(Rehabilitation Centre)ত ভর্তি হৈছিল কিছুমান আচহুৱা আচৰণ লৈ৷ সাংঘাতিক খং, অস্বাভাৱিক কথা–বতৰা, অকাৰণ ভয়, কথা পাহৰা, বহু সময়ত চিনাকি মানুহ চিনি নোপোৱা ইত্যাদি৷ চিকিৎসকসকলে নানা চেষ্টা কৰিও কিহৰ বাবে এনে হৈছে সেইটো ধৰিব পৰা নাছিল৷ চাৰি বছৰৰ পিছত সেই কেন্দ্রটোতে মানুহগৰাকীৰ মৃত্যু হয়৷ মানুহগৰাকী এই কেন্দ্রটোত থকাৰ সময়ত চাইকলজিষ্টAlois Alzheimer–এ তেওঁৰ সাক্ষাৎকাৰ লৈছিল আৰু মানুহগৰাকীৰ মানসিক, শাৰীৰিক অসুবিধা, অনুভৱসমূহ জানিবৰ চেষ্টা কৰিছিল৷ তেওঁৰ মৃত্যুৰ পিছত চাইকলজিষ্টAlois Alzheimerৰ অধীনত এটা চিকিৎসকৰ দলে মৃত মানুহগৰাকীৰ মগজুৰ গঠন পৰীক্ষা কৰি দেখে যে স্নায়ুকোষৰ ভিতৰত অসংখ্য ঘন বাদামী ৰঙৰ কোষকলা, লগত অজস্র সূক্ষ্ম স্নায়ুৰ আঁহ যি স্বাভাৱিক মগজুৰ গঠনত নাথাকে৷ ইয়াৰ কেইবা দশকৰ পিছতহে ১৯৬২ চনত এই কথা পোহৰলৈ আহে যে বয়সজনিত কাৰণত বহু লোকৰ মগজুত উপৰিউক্ত পৰিৱর্তনসমূহ আহিব পাৰে যি স্বাভাৱিক কোষসমূহ ধবংস কৰে, ফলত মানুহজনৰ আলজেইমাৰ ৰোগ হয়৷ বহু পিছত এই ৰোগ বর্ণনা কৰা প্রথমজন চিকিৎসকAlois Alzheimerৰ নামেৰে ইয়াক নামকৰণ কৰা হয়৷
লক্ষণ
আলজেইমাৰ ৰোগৰ তিনিটা পর্যায় আছে
প্রথম পর্যায়ত কথা পাহৰা, উদ্বেগ আৰু হতাশা বাঢ়ে৷ ৰন্ধা–ববাত অসুবিধা হয়, খাবলৈ পাহৰে, জিভাৰ সোৱাদ সলনি হয়, অৰুচি হয়, ঘ্রাণশক্তিৰ পৰিৱর্তন ঘটে৷
দ্বিতীয় পর্যায়ত স্মৃতিশক্তি বহুখিনি লোপ পায়৷ বিশেষকৈ বর্তমানৰ কথাসমূহ৷ ব্যক্তিত্বত পৰিৱর্তন আহে৷ গিলিবলৈ অথবা চোবাবলৈ পাহৰে, খোৱা–বস্তু বহু সময় মুখত লৈ থাকে৷ কাপ, চামুচ আদি ধৰাত অসুবিধা পায় অথবা নোৱাৰে৷
তৃতীয় পর্যায়ত সমস্যাসমূহ বাঢ়ি যায়৷ কথা আৰু কামৰ মাজত সামঞ্জস্য নাথাকে, দোমোজাত থাকে, স্মৃতিশক্তি লোপ পায়, নিজক অৱহেলা কৰে, খোৱাৰ সমস্যা আৰু বাঢ়ি যায়৷ এই ৰোগীসকলৰ ভোক–পিয়াহ উপলব্ধি কৰা শক্তি নোহোৱা হয়, আনকি পেট ভৰাৰ কথাটোও অনুভৱ কৰিব নোৱাৰে৷ মনোযোগ শক্তি একেবাৰে কমি যায়৷
সম্ভাব্য কাৰক
আলজেইমাৰ ৰোগৰ সঠিক কাৰণ এতিয়ালৈকে চিকিৎসকসকলে জানিব পৰা নাই৷ কিছুমান সম্ভাব্য কাৰকহে চিহ্ণিত কৰিছে৷ সেয়া হৈছে
🔻৬৫ বছৰ বয়সৰ পিছত এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক৷ পুৰুষতকৈ বয়সীয়া মহিলাসকল ইয়াৰ দ্বাৰা বেছিকৈ আক্রান্ত হয়৷
🔻মানসিক হতাশাগ্রস্ততা
🔻মূৰৰ আঘাত, মেৰুদণ্ডৰ আঘাত
🔻উচ্চ ৰক্তচাপ
🔻বহুদিন ভালকৈ টোপনি নহা
🔻চিগাৰেট সেৱন
🔻বায়ু প্রদূষণ
আলজেইমাৰ ৰোগীৰ খোৱাৰ ক্ষেত্রত কেনে ধৰণে যত্ন লব লাগে
এনে ৰোগীক প্রয়োজনীয় পুষ্টিখিনি যোগান ধৰাৰ উপৰি ব্যক্তিগত যত্ন লোৱা আৰু উদ্বেগ কমাই ৰাখি কিদৰে ভাল জীৱন এটা দিব পাৰি তাৰ বাবে আৱশ্যকীয় পদক্ষেপসমূহ লোৱা আৱশ্যক৷
ৰোগটো কোনটো পর্যায়ত আছে সেইটো চাই খুওৱাৰ পদ্ধতি, আহাৰৰ ধৰণ নির্ণয় কৰা হয় এনেধৰণে
🔻চোবাই খাব পৰা আৰু গিলিব পৰা সামর্থ্য চাই খাদ্যবস্তু প্রস্তুত কৰা হয়৷
🔻প্রথমে খোৱা বস্তু স্পর্শ কৰোৱাই বা জিভাত অলপ লগাই দি খোৱা প্রক্রিয়া আৰম্ভ কৰা হয়৷
🔻এবাৰত কেৱল এটা খাদ্যবস্তু দিয়া হয়৷
🔻খোৱাৰ সময়ত যাতে মনটো বেলেগ বস্তুযঘটনাৰ প্রতি আকর্ষিত নহয় সেইটো গুৰুত্ব দিয়া হয়৷
🔻টেবুলত পৰি যোৱা বা অখাদ্য যাতে নাখায় তাৰ প্রতি চকু দিয়া হয়৷
🔻খোৱাৰ বাবে বিশেষভাৱে তৈয়াৰী সঁজুলি ব্যৱহাৰ কৰিবলৈ দিয়া হয়, যেনে চুপ খাবলৈ দ চামুচ, হেণ্ডেলৰ আগটো বেঁকা কৰা চামুচ যাতে চামুচখন হাতৰ পৰা পৰি নাযায়, দুফালে হেণ্ডেল থকা কাপযগিলাচ, ওখ কাষ থকা দ প্লেট আদি৷
🔻খাবলৈ যথেষ্ট সময় দিয়া হয় যাতে মানুহজনে আহাৰখিনি পেট ভৰাই খাই পুষ্টিখিনি লাভ কৰিব পাৰে৷
🔻কম অথচ অধিক পুষ্টিযুক্ত আহাৰ, সঘনাই পুষ্টিকৰ লঘু আহাৰযমুখৰোচক খাদ্য আৰু পৰিপূৰক পেকেট খাদ্যৰ জৰিয়তে অপৰিপুষ্টিকতাৰ পৰা বচাই ৰাখিবলৈ যত্ন কৰা হয়৷
প্রতিকাৰ
আমি সকলোৱে জানো আলজেইমাৰ ৰোগ নিৰাময় নহয়৷ আলজেইমাৰ ৰোগৰ প্রতিকাৰ নাই৷ গতিকে কিছুমান চিকিৎসা ব্যৱস্থাৰ দ্বাৰা লক্ষণসমূহ লাঘৱ কৰি পৰিস্থিতি চম্ভালিব পাৰি৷ ইয়াৰ উপৰি এই ৰোগ যাতে বহু বেছি হৈ নাযায় তাৰ চিকিৎসাও উপলব্ধ৷ মানুহজনৰ কিছুমান ব্যক্তিগত অভ্যাস সালসলনিৰ দ্বাৰা এই ৰোগৰ তীব্রতা কিছু পিছুৱাব পাৰি৷ গতিকে ওপৰত উল্লেখ কৰা লক্ষণসমূহ দেখা পালে পৰিয়ালৰ লোকে চিকিৎসকৰ পৰামর্শ লোৱাটো আৱশ্যক, তেতিয়া ৰোগীজনক বহুখিনি সুস্থ কৰি ৰখাত সহায় হয়৷ কিছুমান ব্যৱস্থা মানি চলিলে ৰোগীজনৰ লগতে ঘৰৰ মানুহৰ যথেষ্ট সকাহ হয়৷ সেইসমূহ তলত আলোচনা কৰা হল-
🔻দৈনন্দিন কামখিনিৰ এখন ৰুটিন তৈয়াৰ কৰি সেইমতে চলিবলৈ দিলে ৰোগীজনৰ সময়ৰ ওপৰত নিয়ন্ত্রণ থাকে৷
🔻ঘৰৰ আচবাববোৰ এনেদৰে ৰাখিব লাগে যাতে মানুহজনে মুকলিভাৱে চলা–ফিৰা কৰিব পাৰে৷ লাখুটিৰ প্রয়োজন হয় বহু সময়ত আৰু থকা কোঠাটোৰ ভিতৰত ধৰি ধৰি খোজ কাঢ়িবৰ বাবে ব্যৱস্থা কৰি দিব লাগে৷
🔻পোছাক ঢিলা হব লাগে আৰু বাথৰুমত ঠায়ে ঠায়ে ধৰিবৰ বাবে হেণ্ডেল লগাই দিব লাগে৷
🔻সম্ভৱ হলে মানুহজন থকা ৰুমত এটা ডাঙৰ ঘড়ী আঁৰিব লাগে যাতে মানুহজনৰ সময়ৰ হিচাপ থাকে৷
🔻মানুহজন থকা কোঠাটোত, বাথৰুম, বাৰাণ্ডা আদিত নিশাও লাইট লাই থব লাগে৷ দিনতো কোঠাটোত পোহৰৰ ভাল ব্যৱস্থা থকা অতি প্রয়োজন৷
🔻পৰিয়ালৰ লোকৰ সংগ অতি দৰকাৰ৷ পুৰণি কথা, পুৰণি ফটো দেখুৱাই থাকিলে বহু কথা মনত পৰে আৰু আনন্দ লাভ কৰে৷
🔻মবাইল, টিভিৰ ৰিমট ব্যৱহাৰ কৰিবলৈ শিকাই দিব লাগে যদি নাজানে যাতে তেওঁ স্বাধীনভাৱে কামখিনি কৰিব পাৰে আৰু সময়খিনি আনন্দেৰে কটাব পাৰে৷ পৰিয়ালবর্গই উৎসাহ যোগাব লাগে৷
আলজেইমাৰ ৰোগৰ প্রতিৰোধৰ কিছুমান উপায়
যিহেতু আলজেইমাৰ ৰোগৰ প্রতিকাৰ নাই, গতিকে আগ বয়সৰ পৰা প্রতিৰোধৰ ব্যৱস্থাসমূহ মানি চলাটো অতিশয় জৰুৰী৷ মগজু সক্রিয় কৰি ৰখা খেল, যেনে দবা খেল, ক্রচৱড, পাজল, কিতাপ পপা আদিৰ দ্বাৰা আলজেইমাৰ প্রতিৰোধ কৰিব পাৰি৷ মানুহৰ লগত কথা–বতৰা পাতি সামাজিকভাৱে সক্রিয় হৈ থাকি এই ৰোগ প্রতিৰোধ কৰাৰ আন এক উপায়৷ সপ্তাহত অন্ততঃ তিনি–চাৰি দিন ৪০ মিনিটমান সময় খৰকৈ খোজকাঢ়ি শাৰীৰিকভাৱে সক্রিয় হৈ থকা উচিত৷ আগ বয়সত উচ্চ শিক্ষা লাভ, চাকৰি বা অন্য কর্মক্ষেত্রত লাভ কৰা উন্নতিয়ে ভৱিষ্যতে এই ৰোগৰ আশংকা কম কৰে৷ চিগাৰেট সেৱন ত্যাগ কৰা, ভাল টোপনিৰ বাবে যোগাসন, প্রাণায়াম আদিৰ মাধ্যমেৰে এই ৰোগৰ শংকা কমাব পাৰি৷
সামৰণিত কওঁ যে যদিও এই ৰোগৰ লক্ষণ ৬৫ বছৰৰ পিছত দেখা দিয়ে ইয়াৰ আৰম্ভণি কেইবা বছৰৰ আগৰ পৰা হব পাৰে৷ সেইবাবে আগতীয়াকৈ প্রতিৰোধৰ ব্যৱস্থাসমূহ মানি চলি আলজেইমাৰৰ দৰে ভয়াৱহ ৰোগৰ পৰা নিজক ৰক্ষা কৰিবৰ বাবে চেষ্টা কৰা প্রয়োজন৷
Comments are closed, but trackbacks and pingbacks are open.