শ্লীপ্‌ পেৰেলাই-চিচ্‌

প্ৰাঞ্জল প্ৰতীম বৰা
সপোনৰ পৃথিৱীখন বৰ আচৰিত। ৰাতি শুৱাৰ পিছত আমি বহুত ধৰণৰ সপোন দেখো , নহয়নে ? কেতিয়াবা কিছুমান আচৰিত সপোন দেখো। ভাল সপোন দেখিলে মন ভাল লাগে আৰু বেয়া সপোন দেখিলে পিছদিনা মনটো বেয়া লাগে, ভয় ভয় লাগে কিবা হয় বুলি।কেতিয়াবা এনেকুৱা হৈছেনে যে ৰাতি সপোনত আপোনাক কোনোবাই  হেঁচি ধৰিছে বা কোনোবাযেন আপোনাৰ ওপৰত বহি লৈছে? আপুনি লৰচৰ কৰিব পৰা নাই। আপুনি চিঞৰিব খুজিছে, উঠিব খুজিছে কিন্তু পৰা নাই। অলপ সময়ৰ বাবে আপোনাৰ উশাহ বন্ধ হোৱাৰ দৰে লাগিছে বা হাত-ভৰি লৰচৰ কৰিব নোৱাৰাৰ দৰে লাগিছে।  এনেকুৱা বহুতৰে হয়। কিছুমান মানুহৰটো সঘনাই এনেকুৱা হয়। হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতবৰ্ষত এই সমস্যাক বিভিন্ন ৰূপ দিয়া হৈছে। যেনে কোনো ভুত -প্ৰেত আদিৰ কাম। ভগৱানক পূজা অৰ্চনা কৰোতে কৰা ভুলৰ বাবেও কিছুমানে এনেকুৱা হয় বুলি ধৰা হয়। বা পূৰ্ব -পুৰুষৰ লগত কৰা ভুল আদি। কিন্তু আচলতে ইয়াৰ কাৰণটো কি? Medical Scienceত এই অৱস্থাটোক কোৱা হয় শ্লীপ্‌ পেৰেলাই-চিচ্‌ (Sleep Paralysis)। ই এটা ৰোগ নহয় Conditionহে।

শ্লীপ্‌ পেৰেলাই-চিচ্‌ ( Sleep Paralysis ) ৰ লক্ষণবোৰ…..
(১) টোপনিত কিহবাই হেঁচি ধৰাৰ দৰে লগা, লৰচৰ কৰিব নোৱাৰা
(২) চেষ্টা কৰিও লৰচৰ কৰিব নোৱাৰা
(৩) উশাহ লবলৈ কষ্ট
(৪) কোনোবাই টানি লৈ যোৱাৰ দৰেও লাগিব পাৰে
(৫) বা কিহবাত উপঙি বা উৰি থকাৰ দৰেও লাগিব পাৰে।
(৬) suffocation আৰু ভয় লগা
(৭) অসহায় অনুভৱ
(৮) মুখ আৰু ডিঙি শুকাই যোৱা।
এই লক্ষণ খিনি সপোনত দেখা দিয়ে শ্লীপ্‌ পেৰেলাই-চিচ্‌ ( Sleep Paralysis ) ত।
এতিয়া জানো আহক শ্লীপ্‌ পেৰেলাই-চিচ্‌ (Sleep Paralysis)ৰ আচল কাৰণটো নো কি?  কিহৰ বাবে এনে বেয়া সপোন? আচলতে  শ্লীপ্‌ পেৰেলাই-চিচ্‌ (Sleep Paralysis)ৰ এই অৱস্থাটোৱে আমাক সপোন দেখাৰ সময়ত হবলগীয়া বিপদৰ পৰা ৰক্ষাহে কৰে।একেবাৰে ধৰক গাড়ীত আমি যাওঁতে মাৰি লোৱা Seat belt ৰ দৰে।  কেনেকৈ বুজাই দিছো।  আমি যে ৰাতি শুবলৈ যাও, টোপনি যোৱাৰ পিছত আমাৰ টোপনি যোৱা সময়খিনি কেইটামান Stage বা Cycle ৰ মাজেদি পাৰ হৈ যায়। আমাৰ সম্পূৰ্ণ টোপনিৰ সময়খিনি প্ৰথমে দুটা ভাগত ভাগ কৰা হয়  (১) Non REM ( non rapid eye movement )  আৰু (২)  REM ( rapid eye movement )।  Non REM sleep ক চাৰিটা ভাগত ভাগ কৰা হয়, stage 1., stage 2, stage 3 আৰু stage 4 । stage 1 আৰু stage 2  হ’ল right sleep stage আৰু stage 3 আৰু stage 4 হ’ল Deep sleep stage।  অৰ্থাত আমাৰ টোপনি অহাৰ পিছত এটাৰ পিছত এটাকৈ আহে প্ৰথমে NonREM stageৰ stage 1 তাৰ পিছত stage 2., stage 3 আৰু 4 আৰু শেষত REM stage। Non REM stageৰ প্ৰথম চাৰিটা স্তৰৰ মাজেদি আমাৰ টোপনি ক্ৰমে গভীৰ হৈ আহে আৰু শেষত যেতিয়া REM stage আহি পায় তেতিয়াই আমি বেছিভাগ সপোন দেখো। REM stage ত আমাৰ চকুৰ পতাৰ তলত চকুৰ মণি ঘুৰিবলৈ ধৰে। শৰীৰৰ মাংসপেশীবোৰ ৰিলেক্স বা অৱস হৈ যায় আৰু শৰীৰ Paralysis ৰ দৰে হৈ পৰে।REM stage ত শৰীৰৰ muscle বোৰ এই কাৰণে paralysis ৰ দৰে হৈ পৰে যাতে সেই সময়ত আমি দেখা সপোনৰ  প্ৰতি আমি react কৰিব নোঁৱাৰো। অৰ্থাত শৰীৰটোক বান্ধি ৰাখে। উৰাজাহাজ তললৈ land কৰাৰ সময়ত  মাৰা seat belt ডালৰ দৰেই। নহলে আমি সপোনতে উঠি যাব পাৰো, লগত থকাজনক hurt কৰিব পাৰো বা যিকোনো reaction কৰিব পাৰো।আচলতে ই কোনো ভূত-প্ৰেত নহয়। টোপনি ৰ সময়ত আমাক দিয়া protection হে।
শ্লীপ্‌ পেৰেলাই-চিচ্‌ ( Sleep Paralysis ) ত কি যত্ন লব   
যদিহে শ্লীপ্‌ পেৰেলাই-চিচ্‌ (Sleep Paralysis)ৰ সমস্যা আছে, কেইটামান কথা মনত ৰাখিব=
(১) টোপনি যাতে ক্ষতি নহয়
(২)   Stress ক’মকৈ লোৱা উচিত
(৩) শুৱলৈ যোৱাৰ আগত চিন্তা বা stress লৈ যাব নালাগে
(৪) যদিহে প্ৰায়ে হয়, সদায় শুৱা position তকৈ বেলেগ position ত শুৱলৈ চেষ্টা কৰিব লাগে
(৫) পাৰিলে ওপৰমুৱাকৈ পিঠিৰ ওপৰত নুশুৱাই ভাল।
শ্লীপ্‌ পেৰেলাই-চিচ্‌ ( Sleep Paralysis ) ৰ ক্ষেত্ৰত আমাৰ প্ৰধান দায়িত্ব হল যদিহে তেনেকুৱা সমস্যাহোৱা মানুহ দেখা পায়, ভালকৈ বুজাই দিওক তেওঁক ইয়াৰ আচল কাৰণটো।
ফোনঃ ৮৬৩৮৩৮৮০৭৭
You might also like

Comments are closed, but trackbacks and pingbacks are open.