কলপচলা আৰু কলডিলৰ বিজ্ঞানসন্মত উপকাৰিতা

ড০ প্রদীপ নেওগ

কলগছৰ মূঢ়া, গা–গছ, পাত, কলডিল, কল এই আটাইবিলাক অংগৰে বিবিধ উপকাৰিতা আছে৷ সেইবাবেই অতীজৰে পৰা বিশ্বৰ বিভিন্ন প্রান্তত মানুহে এই কেউবিধ অংগ বিবিধ প্রকাৰে ব্যৱহাৰ কৰি আহিছে৷ খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰি আন প্রকাৰেও সিবিলাকৰ ব্যৱহাৰ চলি আহিছে৷ এই লেখাত কলপচলা আৰু কলডিলৰ বৈজ্ঞানিক গৱেষণালব্ধ পুষ্টিকৰ উপাদানবিলাক দাঙি ধৰি দুয়োটাৰে ব্যৱহাৰ সন্দর্ভত কিছু তথ্য সন্নিৱিষ্ট কৰা হৈছে৷
কলপচলাৰ পুষ্টিকৰ উপাদান আৰু ব্যৱহাৰ

কলপচলা নিম্নলিখিত পুষ্টিকৰ উপাদানখিনিৰে বিশেষ সমৃদ্ধঃ
১ ফাইবাৰ : শুষ্ক্–পদার্থ শতাংশ (Value % dry matter) : ৭২ শতাংশ
২ চেলুলুজ : শুষ্ক্–পদার্থ শতাংশ (Value % dry matter) : ৬০ -৬৫ শতাংশ
৩ চিলেনিয়াম: শুষ্ক্–পদার্থ শতাংশ (Value % dry matter) : ২৪.৯ শতাংশ
৪ হেমিচেলুলুজ: শুষ্ক্–পদার্থ শতাংশ (Value % dry matter) : ৬-১৯ শতাংশ
৫ লিগনিন : শুষ্ক্–পদার্থ শতাংশ (Value % dry matter) : ৫-১০ শতাংশ

তদুপৰি ভিটামিনB3, ভিটামিনB6 আৰু এণ্টিক্সিডেণ্টেৰেও বেচ সমৃদ্ধ৷ ৭২ শতাংশ ফাইবাৰ থকা বাবে আহাৰ হিচাপে কলপচলাই হজম শক্তি বৃদ্ধি কৰে৷ কোষ্ঠকাঠিন্য আৰোগ্য হোৱাত সহায় কৰে৷ ৬০-৬৫ শতাংশ চেলুলুজ থকাৰ বাবে পাচন তন্ত্র শক্তিশালী কৰাৰ উপৰি ডায়েবেটিছ আৰু কলেষ্টৰেল নিয়ন্ত্রণৰ বাবে অতি উপকাৰী৷ ৪.৯ শতাংশ চিলেনিয়াম থকা বাবে থাইৰয়ড, এজমা আৰু হূদৰোগত উপকাৰী৷ হেমিচেলুলুজে এনজাইম হিচাপে কাম কৰি খাদ্য হজম হোৱাত আৰু কোষ্ঠকাঠিন্য দূৰ হোৱাত অতি গুৰুত্বপূর্ণ কাম কৰে৷ কলপচলাত ৫-১০ শতাংশ লিগনিন থকাটো বিশেষ গুৰুত্বপূর্ণ৷ কাৰণ আন বহুতো খাদ্যপদার্থকৈ এই পৰিমাণ ভালেখিনি অধিক৷ লিগনিনে এণ্টিক্সিডেণ্ট, এণ্টিভাইৰেল, এণ্টিমাইক্রবায়েল হিচাপে স্বাস্থ্য সুস্থ–সবল হৈ থকাত প্রভূত বৰঙণি যোগায়৷ ভিটামিনB3, ভিটামিনB6 আৰু এণ্টিক্সিডেণ্টেৰে সমৃদ্ধ বাবে ৰোগ প্রতিৰোধক ক্ষমতা ববায়৷

উল্লেখনীয় যে কলপচলাৰ উপকাৰীতাখিনি কলগছৰ গা অংশৰ সৈতে একে৷ অসমকে ধৰি বিশ্বৰ বহুতো প্রান্তত কলপচলাৰ বিবিধ ব্যঞ্জন পৰম্পৰাগতভাৱে প্রচলন হৈ আহিছে৷ কলপচলাৰ আন এক ব্যৱহাৰ হৈছে ৰস উলিয়াই পানীয় হিচাপে পী খোৱা হয়৷ তদুপৰি কলপটুৱাৰ খোল জলপান আদিৰ পাত্র হিচাপে ব্যৱহাৰ হৈ আহিছে৷ ওপৰত উল্লেখ কৰা কলপচলা তথা কলৰ গা গছৰ পুষ্টি কলপটুৱাৰ যোগেদিও কিছু পৰিমাণে হলেও উপলব্ধ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ সেয়ে কিজানি আনপাত্রত খোৱাতকৈ কলপটুৱাত জলপান খালে এক সুকীয়া তৃপ্তি পোৱা যায়৷ কিডনী ষ্টোন ৰোগ প্রতিৰোধ আৰু নিৰাময় হোৱাত কলপচলাৰ ৰস সেৱন কৰাটো এক প্রামাণিক আয়ুর্বেদিক ঔষধ৷

সতর্কতা 
যিকোনো বস্তুৰে অত্যাধিক্যই হিতে বিপৰীত ফল দিয়াটো স্বাভাৱিক৷ দুই–চাৰি প্রবন্ধত প্রকাশ পোৱা এক নির্দেশ হৈছে খাদ্য হিচাবে কলপচলা সপ্তাহত এবাৰ খাব পাৰি৷ কলপচলাই কোনো কোনো লোকৰ ক্ষেত্রত এলার্জী কৰিব পাৰে৷ তেনে লোকে কলপচলা, কেঁচাকল আৰু কলডিল বর্জন কৰা উচিত৷ কলপচলা আৰু কলডিল খাদ্য হিচাপে ব্যৱহাৰ কৰোঁতে বেচ ভালদৰে পৰিষ্কাৰ কৰি লব লাগে৷ পোকে খোৱা কলডিল আৰু কলপচলা ব্যৱহাৰ কৰিব নালাগে৷

কলডিলৰ পুষ্টিকৰ উপাদান আৰু ব্যৱহাৰ
বৈজ্ঞানিক বিশ্লেষণ অনুসৰি সাধাৰণতঃ এশ গ্রাম কলডিলত ৫.৭ গ্রাম ফাইবাৰ, ১.৬ গ্রাম প্রটিন, ৫৫৩.৩ মিলিগ্রাম পটাছিয়াম, ৭৩.৩ মিলিগ্রাম ফচফৰাচ, ৪৮.৭ মিলিগ্রাম মেগনেছিয়াম, ১.০৭ মিলিগ্রাম ভিটামিনE পোৱা যায়৷ তদুপৰি এণ্টিক্সিডেণ্টেৰেও সমৃদ্ধ৷ কলডিলত থকা প্রটিনত বিবিধ উপকাৰী এমিনো এচিড থাকে৷

ইমানখিনি পুষ্টিকৰ উপাদানেৰে বিশেষ সমৃদ্ধ বাবে খাদ্য হিচাবে কলডিল অতি স্বাস্থ্যকৰ আৰু ঔষধি গুণসম্পন্ন৷ তলত কেইটামান উল্লেখযোগ্য ঔষধি গুণ দাঙি ধৰা হৈছে :
👉 ঋতুস্রাৱৰ দোষ নিৰাময় হোৱাত সহায়ক৷
👉 গর্ভৱতী আৰু পোঁৱাতী মহিলাৰ দুগ্ধ বৃদ্ধি কৰে৷
👉 ডায়েবেটিছ নিয়ন্ত্রণৰ সহায়ক৷
👉 হূদৰোগ প্রতিৰোধক৷
👉 পাচন তন্ত্র সবল কৰে৷
👉 প্রোষ্টেট গ্রন্থিৰ বিকাৰ প্রতিৰোধ কৰে৷
👉 বার্ধক্যজনিত বিকাৰ হ্রাস কৰে৷
👉 দেহৰ ওজন নিয়ন্ত্রণ হোৱাত সহায়ক৷
👉 চুলি আৰু হাড সবল হোৱাত সহায়ক৷
👉 দেহত ৰক্তকণিকা বৃদ্ধি কৰে৷

কলপচলাৰ দৰেই কলডিলো অসমকে ধৰি বিশ্বৰ বিভিন্ন প্রান্তত খাদ্য হিচাপে অতীজৰে পৰা প্রচলন হৈ আহিছে৷ কলডিলৰ ভালেমান পৰম্পৰাগত সুস্বাদু ব্যঞ্জন প্রচলিত৷ আমাৰ উত্তৰ–পূব ভাৰতৰ পাহাৰীয়া জনগোষ্ঠীসকলৰ মাজত কলডিলৰ কেইবাবিধো বিশিষ্ট আৰু সুস্বাদু ব্যঞ্জন পৰম্পৰাগতভাৱে প্রচলন হৈ আহিছে৷ কোনো কোনো ঠাইত কলডিলৰ বাকলিত বিশেষ একোবিধ খাদ্য পৰিৱেশন কৰাৰ পৰম্পৰাৰো প্রচলন আছে৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.