প্ৰাঞ্জল প্ৰতীম বৰা
যিহেতু আমাৰ হাতৰ বাহু দুটা বা Shoulder দুটা এক প্ৰকাৰৰ weight bearing joint , মানে শৰীৰৰ ওপৰফালৰ ওজন বহন কৰা joint, গতিকে সকলো মানুহৰে কেতিয়াবা নহয় কেতিয়াবা বাহুৰ বিষ হোৱাৰ সম্ভাৱনা থাকেই। লগতে বয়সৰ লগত বাহুৰ Degenerative change অহাৰো সম্ভাৱনা থাকে, যাক আমি জানো ” Frozen Shoulder ” বুলি। কিন্তু বাহুৰ বিষৰ আন কাৰণো থাকে। এই ক্ষেত্ৰত আমি self diagnosis এই কাৰণেই নকৰা ভাল কাৰণ সকলো ক্ষেত্ৰত লব লগীয়া যত্নবোৰ বেলেগ বেলেগ হয়।বহুত সময়তে অহৰহ বাহুৰ বিষ বা shoulder painহৈ থাকিলে আমি ইয়াৰ কাৰণ Frozen shoulder ৰ ফলত হোৱা বুলি ভাবো। কিন্তু আমি দৈনিক কৰা বিভিন্ন কাম যেনে কোনো বস্তু দঙা, কিবা দলিওৱা, ভুল position ত বহুত দেৰি বাহুৰ ওপৰত হেচা দি থকা, হাত কোচাই মোবাইল টিপি বহুত দেৰিলৈ থকা আদি বিভিন্ন কাৰণে ও আমাৰ বাহুৰ বিষ হব পাৰে। এটা অতি সাধাৰণ বাহুৰ বিষৰ কাৰণ হল Rotator cuff injury ( ।ৰটেটৰ্ কাফ্ ইনজুৱৰি ) আমাৰ হাতৰ ওপৰৰ বাহুৰ গাঠিটোত বা shoulder joint ত থকা subscapularis , supraspinatus, infraspinatus আৰু Teres minor নামৰ চাৰিটা muscle বা মাংসপেশীৰ দ্বাৰা shoulder joint ৰ rotator cuff গঠিত হয়। এই muscle চাৰিটাৰ বাবে আমি আমাৰ বাহু বাহিৰলৈ অনা, ভিতৰলৈ ঘূৰোৱা আৰু বাহিৰলৈ ঘূৰাব পাৰো। ওপৰত উল্লেখ কৰা বিভিন্ন কাৰণৰ উপৰিও কেনেবাকৈ যদি আমি হাতখন দীঘলকৈ মেলা অৱস্থাত পৰো, বা কিবা কাৰণে আমাৰ হাতখন জোৰকৈ জোকাৰ খায় বা খেলোতে জোৰেৰে বল দলিয়াও , এনেবোৰ কাৰণৰ ফলত আমাৰ shoulder joint ৰ rotator cuff injury ( ৰটেটৰ্ কাফ্ ইনজুৱৰি ) হব পাৰে।
Rotator cuff injury হলে……
Comments are closed, but trackbacks and pingbacks are open.