ৰটেটৰ্‌ কাফ্‌ ইনজুৱৰি

162

প্ৰাঞ্জল  প্ৰতীম বৰা

যিহেতু আমাৰ হাতৰ বাহু দুটা বা Shoulder দুটা এক প্ৰকাৰৰ weight bearing joint , মানে শৰীৰৰ ওপৰফালৰ ওজন বহন কৰা joint, গতিকে সকলো মানুহৰে কেতিয়াবা নহয় কেতিয়াবা বাহুৰ বিষ হোৱাৰ সম্ভাৱনা থাকেই। লগতে বয়সৰ লগত বাহুৰ Degenerative change অহাৰো সম্ভাৱনা থাকে, যাক আমি জানো ” Frozen Shoulder ” বুলি। কিন্তু বাহুৰ বিষৰ আন কাৰণো থাকে। এই ক্ষেত্ৰত আমি self diagnosis এই কাৰণেই নকৰা ভাল কাৰণ সকলো ক্ষেত্ৰত লব লগীয়া যত্নবোৰ বেলেগ বেলেগ হয়।বহুত সময়তে অহৰহ বাহুৰ বিষ বা shoulder painহৈ থাকিলে আমি ইয়াৰ কাৰণ Frozen shoulder ৰ ফলত হোৱা বুলি ভাবো। কিন্তু আমি দৈনিক কৰা বিভিন্ন কাম যেনে কোনো বস্তু দঙা, কিবা দলিওৱা, ভুল position ত বহুত দেৰি বাহুৰ ওপৰত হেচা দি থকা, হাত কোচাই মোবাইল টিপি বহুত দেৰিলৈ থকা আদি বিভিন্ন কাৰণে ও আমাৰ বাহুৰ বিষ হব পাৰে। এটা অতি সাধাৰণ বাহুৰ  বিষৰ কাৰণ হল Rotator cuff injury (  ।ৰটেটৰ্‌  কাফ্‌ ইনজুৱৰি ) আমাৰ হাতৰ ওপৰৰ বাহুৰ গাঠিটোত বা shoulder joint ত থকা subscapularis , supraspinatus, infraspinatus আৰু Teres minor নামৰ চাৰিটা muscle বা মাংসপেশীৰ দ্বাৰা shoulder joint ৰ rotator cuff গঠিত হয়। এই muscle চাৰিটাৰ বাবে আমি আমাৰ বাহু বাহিৰলৈ অনা, ভিতৰলৈ ঘূৰোৱা আৰু বাহিৰলৈ ঘূৰাব পাৰো। ওপৰত উল্লেখ কৰা বিভিন্ন কাৰণৰ  উপৰিও কেনেবাকৈ যদি আমি হাতখন দীঘলকৈ মেলা অৱস্থাত পৰো, বা কিবা কাৰণে আমাৰ হাতখন জোৰকৈ জোকাৰ খায় বা খেলোতে জোৰেৰে বল দলিয়াও , এনেবোৰ কাৰণৰ ফলত আমাৰ shoulder joint ৰ rotator cuff injury ( ৰটেটৰ্‌  কাফ্‌ ইনজুৱৰি ) হব পাৰে।

Rotator cuff injury হলে……

(১) বাহুত বিষ অনুভৱ হব
(২)  বাহু ভালকৈ বাহিৰলৈ বা ভিতৰলৈ ঘূৰাব আৰু ওপৰলৈ দাঙিব নোৱাৰিব আৰু shoulder joint ৰ বিভিন্ন range of motion হ্ৰাস পাব।
 (৩)  বাহু ফুলি উঠিব পাৰে।
(৪)      ৰাতি শুৱাৰ সময়ত বাহুৰ বিষ হব পাৰে।
কেনেকৈ যত্ন লব …….
(১) এনেধৰণৰ বিষ হলে প্ৰথমে rest ৰ প্ৰয়োজন। হাতখনক rest দিয়া প্ৰয়োজন। নহলে যদি এই অৱস্থাত আপুনি হাতখন ওপৰলৈ দাঙিবলৈ বা বাহিৰলৈ আনিবলৈ চেষ্টা কৰে, shoulder joint ত inflammation বেছি হৈ বিষ বাঢ়ি যাব পাৰে আৰু ই আপোনাক Frozen shoulder অৱস্থালৈ নিব পাৰে।
(২)ৰাতি শুৱাৰ আগত Icing কৰা বা বৰফ লগোৱা অতি দৰকাৰী। শুৱাৰ আগত ১০/১৫ মিনিটৰ বাবে pharmacy ত পোৱা icepack আপোনাৰ বাহু আৰু বাহুৰ তলৰ অ‌ংশত লগাব।
(৩)   বিষ নকমালৈকে  কেৱল Pendulum exercise কৰিব …… …ভাল হাতখনেৰে চকীএখনত ধৰি আগলৈ হালি লব। ইয়াৰ পিছত বিষ থকা হাতখন side লৈ লাহে লাহে pendulum ৰ দৰে লৰচৰ কৰিব।
(৪) বিষ আৰু ফুলি থাকিলে গৰম পানীৰ সেক নিদিব।
(৫)    প্ৰয়োজন অনুসৰি shoulder brace বা Sling ৰ   use কৰিব লাগিব।
(৬)   Laptop, mobile আদি use কৰোতে বিষ বেছি হব পাৰে।
(৭)   ৰাতি শুৱতে হাতৰ ওপৰত জোৰ পৰাকৈ শুলে বিষ বেছি হব পাৰে।
(৮)  মূৰেৰে হাতৰ ওপৰত হেচা দি বা কান্ধৰ ওপৰত হেচে দি টিভি, কিতাপ আদি চালে হাতৰ বিষ বাঢ়িব পাৰে।
(৯)      বিষ কমাৰ পিছত যাতে shoulder joint ৰ normal range of motion ঘূৰি আহে আৰু যাতে ই Frozen shoulder ৰ সমস্যালৈ পৰিৱৰ্তন নহয়, তাৰ বাবে  shoulder joint ৰ exercise ৰ প্ৰয়োজন।
ফোনঃ ৮৬৩৮৩৮৮০৭৭
You might also like

Comments are closed, but trackbacks and pingbacks are open.