শ্বাসতন্ত্রৰ ৰোগ আৰু আয়ুর্বেদ

96

ৰীমা ভট্টাচার্য
এমডি, আয়ুর্বেদ মেডিচিন বিশেষজ্ঞ

শীতকালীন সমস্যাবোৰৰ ভিতৰত অন্যতম হল শ্বাসতন্ত্রৰ ৰোগ৷ এজমা,(Bronchial Asthaina), COPD, Bronchus Hypersensitivity, Pneumonia, Bronchiectasis, ভাইৰেল ইনফ্লুৱেঞ্জা ইত্যাদিLower respiratory tract disease ব infection (LRTI) বুলি কোৱা হয়৷ ইয়াৰ লগতেSinusitis, nasal bleeding, nasal polyp, Pharyngities lypertsoply ইত্যাদি Upper repiretory tract disease (URTI) বুলি কোৱা হয়৷ ৰোগসমূহৰ বিশিষ্ট কাৰণসমূহ হল বীজাণু সংক্রমণ বেক্টেৰিয়া, ভাইৰাছ, প্রটজবা, এলার্জি, ইমিউনিটী জডিত ৰোগ Auroimmunity/immunodeficiency আৰু জীৱনশৈলী জডিত ৰোগ যেনে–Preumonia, Pharynjities, tonsilities ইত্যাদি ৰোগৰ ক্ষেত্রত ইনফ্লেমেচন পৰিলক্ষিত হয়৷ অর্থাৎ ৰোগীয়ে উশাহ–নিশাহত অসুবিধা পাব পাৰে, কাহ তথা খোৱা–বোৱাত অসুবিধা হব পাৰে৷ ইয়াৰ উপৰি সর্বশৰীৰৰ লক্ষণ যেনে– ৰ, শৰীৰৰ বিষ তথা তেজত বীজাণু সংক্রমণ হোৱা পৰিলক্ষিত হব৷ ইনফেকচনজনিত ৰোগৰ সংক্রমণ ৰোধৰ বাবে এণ্টিবায়টিকছ প্রথমে ব্যৱহূত হয়৷ ইয়াৰ লগতে এণ্টি–ইনফ্লেমেটৰী আয়ুর্বেদ ঔষধে ৰোগসমূহ নির্মূল কৰে তথা শৰীৰৰ ইমিউনিটী নিয়ন্ত্রিত কৰে৷

আয়ুর্বেদ এণ্টি ইনফ্লেমেটৰী ঔষধসমূহৰ অন্যতম হলGuggulu formalation, Gold/swasna bhasma formmulation, উত্তেজক–উষ্ম ঔষধRasmanikya, Tribhuvankirti ras ইত্যাদি৷ এইসমূহ ঐষধে ৰোগ উৎপত্তিৰ কাৰক ধবংস কৰে, ইনফ্লেমেচন কমাই আৰু ৰোগ সম্পূর্ণৰূপে নির্মূল কৰাত সহায় কৰে৷ ছাত্র–ছাত্রীৰ ক্ষেত্রত ফেৰেনজাইটিছ আৰু টনছিলাইটিছৰ বহুতো সমস্যা দেখিবলৈ পোৱা যায়৷ সেইবাবে ইমিউনিটী ৰক্ষাৰ ওপৰত আয়ুর্বেদ চিকিৎসা ব্যৱস্থাই গুৰুত্ব প্রদান কৰি আহিছে৷ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা নিয়ন্ত্রিত কৰি ৰাখিবৰ বাবে নিতৌ আমলখি, গিলয়, অশ্বগন্ধা, কপিকচ্চু, মকৰপ্রাস,Cuscusmin Extract, জালুক,Vit E Extract/active Form, Vit D আদি সেৱন কৰাটো জৰুৰী৷ বর্ধিত ইমিউনিটী আৰু ইমিউনিটীৰ অভাৱ এই দুয়োবিধ পৰিস্থিতিয়ে ৰোগৰ সৃষ্টি কৰে৷ সেইবাবে আয়ুর্বেদ চিকিৎসা ব্যৱস্থাই ইমিউনিটী নিয়ন্ত্রণৰ কাম কৰি আহিছে৷

ভাইৰাছৰ দ্বাৰা সংক্রমিত শ্বাসনলীৰ ৰোগসমূহতো শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা অটুট ৰখাটো জৰুৰী৷ যিহেতু ভাইৰেল ৰোগে ৰোগ প্রতিৰোধ ক্ষমতা নষ্ট কৰি শৰীৰৰ ক্ষতি কৰে আৰু তাৰ ফলত লক্ষণসমূহ পৰিলক্ষিত হয়৷ শৰীৰৰ ইমিউনিটী নিয়মিতভাৱে থাকিলে ভাইৰাছৰ দ্বাৰা আক্রমণ হলে লক্ষণসমূহ খুব কমকৈ দেখা দিয়ে৷ যাৰ ফলত ৰোগী সুস্থভাৱে নিয়মিত কার্যকলাপ কৰিব পাৰিলে আৰু উপদ্রৱসমূহৰ পৰা বাচিব পাৰে৷

যিসকল ৰোগীৰ এলার্জিৰ সমস্যা থাকে, শীতকালত সমস্যাবোৰ বািি যোৱা পৰিলক্ষিত হয়৷ এলার্জি শৰীৰত বিভিন্ন খাদ্যবস্তু, ধূলি–ধোঁৱা, পোক–পতংগ, ঠাণ্ডা বতাহ, ফুলৰ ৰেণু আদিৰ পৰা হব পাৰে৷ গতিকে শৰীৰত এলার্জি ধৰা পৰিলে, বিশিষ্ট খাদ্যবস্তু, ঠাণ্ডা–ধূলি আদিৰ পৰা বিৰত থাকিব লাগে৷ লগতে আয়ুর্বেদ এলার্জি প্রতিৰোধক ঔষধ যেনে–Cuscunumin Extroct, peppermint extract, Sitopaladi, ৰসমাণিক্য, মকৰপ্রাস, কুমাৰীআসৱ,Chitrak hanitake আদি সেৱন কৰি থাকিব লাগে৷ তেজত সাধাৰণতে দুই প্রকাৰৰ এলার্জি দেখা যায় তেজত ফ্রী ৰেডিকেল বািিলে অথবা তেজত এচিডিটি বাঢ়িলে৷ যাক কফজ আৰু পিত্তজ এলার্জি বুলি ক্রমান্বয়ে কোৱা হয়৷ সেইবাবে তেজত প্রায়েAEC তথাIGEৰ মাত্রা বৃদ্ধি হয়, তেনে ক্ষেত্রত এচিডিটি বৃদ্ধি কৰা খাদ্য যেনে– বিলাহী, উষ্ম বস্তু, আমিষ আহাৰ, শীতল পানীয়, লা–পোৰা খাদ্য আদি পৰিহাৰ কৰিব লাগে৷ লগতে যদিহে শ্বাসতন্ত্রৰ এলার্জিৰ উপৰি ছালৰ খজুৱতি পৰিলক্ষিত হয়, তেনে ক্ষেত্রত সহজে ফ্রীৰেডিকেলযটক্সিন উৎপন্ন কৰিব পৰা খাদ্য যেনে– দৈ, মাটিমাহ, বৰাচাউল, গুডৰ উৎপন্ন খাদ্য, বীজলুৱা আহাৰ আদি পৰিহাৰ কৰিব লাগে৷ ইয়াৰ উপৰি ইমুনডেফিচিয়েঞ্চী বা ৰোগ প্রতিৰোধ ক্ষমতা উন্নত নহলে শিশু তথা প্রায়সংখ্যক ৰোগী বাৰে বাৰে শ্বাসতন্ত্রৰ ৰোগত ভোগ দেখা যায়৷ কিছুসংখ্যক আয়ুর্বেদ ঔষধ যেনে–Prowal bhasma, abhara bhasma, talishadi, swaskascintamoni, vasaavaleha আদিয়ে প্রায়ে হৈ থকা চর্দি, কাহ, ছাইনাছাইটিছ ৰোগসমূহ প্রতিৰোধ কৰে৷ নাকৰ সমস্যাসমূহৰ বাবে নস্য চিকিৎসাৰ অন্তর্গতAnu vil, Dipika oil, sadbinda oil আদি প্রয়োগ কৰিব পাৰি৷

শৰীৰৰ অটোইমুন ৰোগৰ ভিতৰতBronchial Asthana অন্যতম৷ আৰম্ভণিৰ পৰা এজমা ধৰা পৰিলে আৰু উচিত আয়ুর্বেদ ঔষধ তথা ইমিউনিটী ৰক্ষা ঔষধ সেৱন কৰিলে ৩-৬ মাহৰ ভিতৰত এজমা নির্মূল কৰা সম্ভৱ হৈ পৰে৷Bronchictasis শীর্ষক এক ৰোগে বহুসংখ্যক ৰোগীক আক্রান্ত কৰে৷ এইক্ষেত্রত শ্বাসনলীৰ ডাইলেটেচন বা প্রসাৰণ অধিক হয়, যাৰ ফলত ৰোগীয়ে উশাহ–নিশাহত কষ্ট পায়৷ বহুসংখ্যক ৰোগী শল্য চিকিৎসাৰ বাবেও আগবােে৷ আয়ুর্বেদ ঔষধসমূহে শ্বাসনলীৰ ৰোগসমূহৰ উপদ্রৱ হবলৈ নিদিয়ে৷ এণ্টিইনফ্লেমেটৰী ক্রিয়াৰে শ্বাসকষ্ট কমাই ৰাখে আৰু কফ নিঃসৰণ কৰায়৷ ইয়াৰ উপৰি আয়ুর্বেদ কিছু ঔষধ যেনে–Prataplankeswar, Chandraprabha আদিয়ে বীজাণুনাশক ৰূপেও কাম কৰে৷ গতিকে শ্বাসতন্ত্রৰ ৰোগসমূহ নিয়ন্ত্রিত আৰু নির্মল কৰাত আয়ুর্বেদ ঔষধসমূহে যথেষ্ট কাম কৰে৷ এলার্জি নিয়ন্ত্রণ, এণ্টিইনফ্লেমেটৰী, হাঁওফাঁওৰ সংকোচন–প্রসাৰণ ক্রিয়া, বেক্টেৰিয়া–বীজাণুনাশ্ ইত্যাদি ক্রিয়াৰ দ্বাৰা আয়ুর্বেদ চিকিৎসাই শ্বাসতন্ত্রৰ ৰোগীক সকাহ প্রদান কৰি আহিছে৷ সেয়ে আয়ুর্বেদ অৱলম্বন কৰি শৰীৰৰ ইমিউনিটী ৰক্ষা কৰি বহু ৰোগক প্রতিৰোধ কৰিব পাৰি৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.