ড0 প্রদীপ নেওগ
পাতত দিয়া আহাৰৰ গুণাগুণৰ বিষয়ে কোৱাৰ আগেয়ে ভজা, পোৰা, সিজোৱা, আৰু ভাপত দিয়া আহাৰৰ সন্দর্ভত কিছু কথা কৈ লোৱাৰ প্রয়োজন৷ ভজা, পোৰা আৰু সিজোৱা এই তিনিওবিধ ৰন্ধন প্রকৰণতকৈ ভাপত দিয়া ৰন্ধন প্রকৰণ বহু পৰিমাণে অধিক স্বাস্থ্যকৰ৷ ভাপত দিয়া আহাৰতকৈও পাতত দিয়া আহাৰ অধিক স্বাস্থ্যকৰ৷
তেলত ভজা আহাৰৰ অপকাৰিতা
তেলত ভাজিলে, বিশেষকৈ তেলত ডুবাই ভাজিলে খাদ্যৰ পুষ্টি বহু পৰিমাণে নষ্ট হয়, আৰু দেহৰ বাবে অতি অপকাৰী হৈ পৰে৷ তলত কেইটামান গৱেষণালব্ধ তথ্য আধাৰিত অপকাৰিতা দাঙি ধৰা হৈছে-
👉 তেলত ভাজিলে আহাৰত থকা কলেষ্টৰেল, কার্বহাইড্রেট আৰু প্রটিন শৰীৰে তেনেই কমকৈ শোষণ কৰিব পৰা অৱস্থালৈ পৰিণত হয়৷ তেলৰ পৰাও একে অৱস্থাৰ কলেষ্টৰেল আৰু প্রটিন যোগ হয়৷ সেয়ে তেলত ভজা আহাৰে দেহত কলেষ্টৰেল বৃদ্ধি কৰে৷ নিয়মিত তেলত ডুবাই ভজা আহাৰ খোৱাটো দেহৰ ওজন বৃদ্ধিৰ অন্যতম কাৰক৷ তদুপৰি পাচন তন্ত্র সম্বন্ধীয় বিভিন্ন ৰোগৰ সৃষ্টি কৰে৷
👉 তেলত ভজা আহাৰে খাদ্যনলীত থকা উপকাৰী বেক্টেৰিয়া আৰু আন উপকাৰী অণুজীৱ ধবংস কৰে৷ সেয়ে দৈনিক তেলত ভজা আহাৰ খোৱাৰ ফলত পেটৰ বেমাৰ আৰু দেহৰ ওজন বৃদ্ধি হোৱাৰ উপৰি ডায়েবেটিছ, পার্কিনছন, হূদৰোগ আদি হোৱাৰ সম্ভাৱনা প্রবল হয়৷
n তেলত ভজা আহাৰে মগজুৰ সক্রিয়তা হ্রাস কৰে৷
পোৰা আহাৰৰ অপকাৰিতা
মাংস, মাছ, বিবিধ আলু, কঁঠাল গুটি, বেঙেনা আদি পুৰি খোৱাৰ পৰম্পৰা বিশ্বৰ বহুতো দেশত অতীজৰে পৰা চলি আহিছে৷ পোৰা আহাৰ বিশেষ সোৱাদ লগা আৰু সুগন্ধি৷ সেয়েহে বর্তমান কালত পোৰা আহাৰৰ, বিশেষকৈ পোৰা মাংস আৰু আৰু পোৰা মাছৰ চাহিদা সমগ্র বিশ্বতে ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে৷ ঘৰুৱা পাকঘৰৰ উপৰি ৰেষ্টুৰেণ্ট আৰু ফাষ্টফুডৰ বিপণীবিলাকত আকর্ষণীয় আৰু সুস্বাদু ৰূপত পোৰা মাংস আৰু পোৰা মাছৰ ম্যেনু উপলব্ধ হৈছে৷ পোৰা আহাৰ সহজে প্রস্তুত কৰিব পৰা বিভিন্ন আধুনিক সঁজুলিও উভৈনদী হৈছে৷ সেয়েহে বিগত কেইটামান বছৰত বৈজ্ঞানিক গৱেষণালব্ধ তথ্যৰ আধাৰত বৈজ্ঞানিক আৰু স্বাস্থ্য সম্বন্ধীয় বিভিন্ন প্রতিষ্ঠানে এনে আহাৰৰ অপকাৰিতাবিলাকৰ বহুল প্রচাৰত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে৷ এনে আহাৰৰ কেইটামান বিশেষ অপকাৰিতা হৈছে-
👉 ¨খাদ্যত থকা ভিটামিন চি আৰু ভিটামিন বিকে মুখ্য কৰি বিবিধ ভিটামিন আৰু মিনাৰেল নষ্ট হয়৷
👉 ¨খাদ্যত থকা প্রটিন বহুলাংশে শৰীৰে শোষণ কৰিব নোৱাৰা হৈ পৰে৷
👉 ¨এৰমেচিক হাইড্রকার্বন, হেটাৰচাইক্লিক এমিনছ আৰু নাইড্রএমিনছ নামৰ তিনিবিধ অপকাৰী ৰাসায়নিক পদার্থৰ সৃষ্টি তথা সংযোগ হয়৷ এই তিনিবিধ পদার্থ খাদ্যনলী, বুকু আৰু প্রষ্টেট কেঞ্চাৰৰ অন্যতম কাৰক৷
উল্লেখনীয় যে যিকোনো খাদ্য পুৰি খালে পুৰি যোৱা অংশ সম্পূর্ণকৈ আঁতৰাইহে খাব লাগে৷ পুৰি যোৱা অংশতে ওপৰত উল্লেখ কৰা তিনিওবিধ অপকাৰী উপাদান অধিক সংযোজিত হৈ পৰে৷
সিজোৱা আহাৰৰ অপকাৰিতা
সিজোৱা আহাৰৰ উল্লেখনীয় অপকাৰিতা নাই বুলিবই পাৰি৷ পিছে মাত্রাধিক সিজোৱা আহাৰত পুষ্টি তেনেই কম হৈ পৰে৷ খাদ্যত থকা বিবিধ স্বাস্থ্যকৰ উপাদান ভাপ হৈ উৰি যায়৷ বিশেষকৈ শাক–পাচলিত থকা বিবিধ গ্লোকচিনলেটছ নষ্ট হয়৷ গ্লোকচিনলেটছ শৰীৰৰ বিভিন্ন ক্রিয়া–প্রক্রিয়াৰ সবলতাৰ বাবে অতি প্রয়োজনীয় আৰু ৰোগ প্রতিৰোধক৷
ভাপত দিয়া আহাৰ কিয় উত্তম
ভজা, পোৰা আৰু সিজোৱা এই তিনি প্রকাৰৰ ৰন্ধন প্রকৰণতকৈ ভাপত দিয়া ৰন্ধন প্রকৰণ উত্তম৷ কাৰণ এই তিনি প্রকাৰৰ ৰন্ধন প্রকৰণৰ সন্দর্ভত উল্লেখ কৰা অপকাৰিতাখিনি ভাপত দিয়া আহাৰত সংঘটিত নহয়৷ তলত ভাপত দিয়া আহাৰৰ কেইটামান গৱেষণালব্ধ উপকাৰিতা দাঙি ধৰিছেছা
👉 পুষ্টিপ্রায় ষোল অনা অটুট থাকে৷
👉 ভিটামিন, মিনাৰেল আৰু প্রটিন শৰীৰৰ শোষণযোগ্য হৈ পৰে৷
👉 গ্লোকচিনলেটছ নষ্ট নহয় বুলিবই পাৰি৷
👉 খাদ্যৰ আচল সোৱাদ অটুট থাকে৷
👉 সুগন্ধি হৈ উঠে৷
👉 সহজে হজম হয়৷
পাতত দিয়া আহাৰৰ উপকাৰিতা
ভাপত দিয়া আহাৰৰ সকলোখিনি উপকাৰিতা পাতত দিয়া আহাৰতো পোৱা যায়৷ তদুপৰি পাতত দিয়া আহাৰত পাতৰ পৰাও বিশেষ কিছুমান উপকাৰী উপাদান সংযোজিত হয়৷ সেয়ে পাতত দিয়া আহাৰ সর্বাধিক স্বাস্থ্যসন্মত–সর্বো৷
বিশ্বৰ বিভিন্ন প্রান্তত অতীজৰে পৰা পাতত দিয়া ৰন্ধন প্রকৰণ পৰম্পৰাগতভাৱে চলি আহিছে৷ কিছুমান নির্বাচিত পাতৰ ব্যৱহাৰো পৰম্পৰাগতভাৱে প্রচলন হৈ আহিছে৷ সিবিলাকৰ ভিতৰত কলপাত, হালধি পাত, কৌপাত, তৰাপাত, পদুম পাত, লাও পাত, কঁঠাল পাত, আঙুৰ পাত, বাঁহ পাত, তেজপাত আৰু শাল গছৰ পাত উল্লেখনীয়৷ অসমীয়া সমাজত পাতত দিয়া আহাৰৰ পৰম্পৰা বেচ চহকী৷ মাছ, মাংস, নির্বাচিত শাক–পাচলি আৰু আন প্রকাৰৰ খাদ্য পাতত দি খোৱাৰ উদ্দেশ্যে প্রধানতঃ কলপাত, হালধি পাত, কৌপাত আৰু তৰাপাতৰ ব্যৱহাৰ চলি আহিছে৷ বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা আহাৰ পাতত দিবলৈ পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা পাতবিলাকৰ কিছুমান বিশেষ উপাদান ইতিমধ্যে জানিব পৰা গৈছে, আৰু এই কথাও প্রতীয়মান হৈছে যে এই পাতবিলাকৰ পৰা সেই স্বাস্থ্যকৰ উপাদান পাতত দিয়া আহাৰত সংযোজিত হয়৷ ফলস্বৰূপে পাতত দিয়া আহাৰ অধিক স্বাস্থ্যকৰ, সুস্বাদু আৰু সুগন্ধিত হৈ পৰে৷ তলত অসমীয়া সমাজত আহাৰ পাতত দিবলৈ পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ অহা চাৰিবিধ পাতৰ বিশেষ গুণাগুণ চমুকৈ দাঙি ধৰা হৈছে-
কলপাত : কলপাতত প্রচুৰ পৰিমাণে লেকটিন আৰু কিছুমান পলীফিনলছ থাকে৷ দেহত ৰক্তকণিকা বৃদ্ধিৰ বাবে লেকটিন অতি উপকাৰী, আৰু পলীফিনলছ কেঞ্চাৰকে ধৰি বিভিন্ন ৰোগৰ প্রতিৰোধক৷ তদুপৰি কলপাত এণ্টিমাইক্রবায়েল আৰু এণ্টিইনফ্লেমেটৰী গুণেৰে সমৃদ্ধ৷
হালধি পাত : হালধিৰ ঔষধি গুণাগুণ অনেক৷ সেয়েহে বহুতো আয়ুর্বেদিক ঔষধত ইয়াৰ ব্যৱহাৰ হৈ আহিছে, আৰু ইয়াক সোণালী মচলা বুলি কোৱা হয়৷ হালধিত প্রচুৰ পৰিমাণে কিউকিৰমিন থাকে, আৰু ইয়েই হালধিৰ ঔষধি গুণৰ প্রধানতম উপাদান৷ হালধি পাততো কিছু পৰিমাণে কিউকিৰমিন থাকে৷ তদুপৰি হালধি পাত কিছুমান পলীফিলনছৰে সমৃদ্ধ৷ সেইবাবে ই পাচন তন্ত্র সবল কৰাত, ছাল মসৃণ কৰাত, আৰু দেহৰ বিষ নিৰাময় কৰাত অৰিহণা যোগায়৷
কৌপাত : কৌপাতত প্রচুৰ পৰিমাণে চিৰিনজিক এচিড থাকে৷ সেয়ে ছালৰ এলার্জি প্রতিষেধক৷ তদুপৰি কৌপাতত কিছুমান এণ্টিক্সিডেণ্টছ থাকে বাবে ই ৰোগ আৰু বার্ধক্য প্রতিৰোধক৷
তৰাপাত : তৰাপাতত পলীফিলনছ, ৰেজিনছ, চাচিচনিক, কিউআৰচেটিন, কেলছিয়াম আদি ভালেমান উপকাৰী উপাদান থাকে৷ এণ্টিক্সিডেণ্ট হিচাপে প্রভূত উপকাৰী৷ ছালৰ ৰোগ, বাত–বিষ, কফ, ব্রংকাইটিছ, কোষ্ঠকাঠিন্য আদি ৰোগ নিৰাময়ৰ সহায়ক৷
Comments are closed, but trackbacks and pingbacks are open.