প্ৰাঞ্জল প্ৰতীম বৰা
আপুনি শুৱাৰ সময়ত কোনটো position ত শুৱে?…….
পেটতো তললৈ দি তললৈ মূৰ কৰি শুৱে নেকি? শুৱাৰ position ৰ ওপৰতো নিৰ্ভৰ কৰে পিঠিৰ বিষ, ডিঙিৰ বিষ আদিৰ দৰে আমাৰ সমস্যাবোৰৰ। বিশেষকৈ ৰাতি শুৱাৰ position ৰ ওপৰত , যিহেতু আমি ৰাতি ৮/৯ ঘন্টাৰ বাবে শুই যাওঁ। যেতিয়া আমি পিঠিৰ ওপৰত , মানে ওপৰলৈ মূৰ কৰি বিছনাত পৰো , তাক জনা যায় ” চুপাইন্” ( Supine ) পজিশ্বন বুলি। আৰু আমি যেতিয়া পেটৰ ওপৰত , মানে তললৈ মূৰ কৰি বাছনাত পৰো , তাক জনা যায় ” প্ৰোন্” (Prone) পজিশ্বন বুলি। বহুত লোকেই ” প্ৰোন্” positiont তে শুই ভাল পায়।
বহুতো লোককে দেখা যায় যে ৰাতি শুৱাৰ সময়ত ওলোটা মূৰকৈ শুই বেছি comfort পায় আৰু এইটো তেওঁলোকৰ এটা Habbit হৈ যায়। কিন্তু তলমূৰকৈ পেটৰ ওপৰত হেচা দি শুৱাৰ Habbit থাকিলে এনে বহুতো লোকৰে পিছত ডিঙি পিঠিৰ বিষ হোৱা দেখা যায়। আমি যেতিয়া ওলোটা হৈ পিঠিখন ওপৰলৈ আৰু পেটটো তললৈ দি শুও ,আমাৰ ডিঙি আৰু ৰাজহাড় থাকিবলগীয়া position ত নাথাকে বা আমাৰ পিঠি আৰু ৰাজহাড় যিটো Line ত থাকিব লাগে নাথাকে।ফলত পিঠি আৰু ডিঙিৰ Nerve বা স্নায়ু বোৰত জোৰ পৰাৰ সম্ভৱনা থাকে।বিশেষকৈ ৰাতি বিচনাত শুই শুই লেপটপ, মোবাইলত কাম কৰা লোকসকলৰ এনেধৰণে শুৱা Habbit সহজে হয়।
আপুনি যেতিয়া ওলোটা মূৰ হৈ পেটৰ ওপৰত শুৱে…
(১) আপোনাৰ ডিঙিটো ওপৰলৈ ভাজ হৈ Extension positionত থাকে।
(২)আপোনাৰ বাহু দুটা বা Shoulder joint কাণৰ ওচৰলৈ ওপৰ ফালে ভাজ খাই থাকে বা বাহু ভাজ হৈ কাণত লাগি থাকে।
(৩) আপোনাৰ হাতৰ সৰু গাঠিটৈ বা Wrist joint আৰু কিলাকূটি বা Elbow joint দুটা ৰ ওপৰত ওলোটাকৈ হেচা পৰিব পাৰে।
(৪) এনে কৈ শুই থাকোতে অলপো লৰচৰ কৰিলে ককালত জোৰ পৰিব পাৰে বা ককালটো জোকাৰ খায়
(৫) আপুনি যেতিয়া তলমূৰ হৈ শুৱে ,বেছিভাগ সময়তে আপোনাৰ ডিঙিটো চিধা হৈ নাথাকে, হয় সোঁফাল নহলে বাওঁফালে ভাজ হৈ থাকে।
(৬) কেতিয়াবা আপুনি এইটো positionতে হাত মেলি মোবাইল বা আন কোনো বস্তু টানি আনিবলৈও চেষ্টা কৰিবলগীয়া হব পাৰে।
গতিকে যথেষ্ট পৰিমাণে এই position ত আপোনাৰ Back আৰু ডিঙিত জোৰ পৰে।যিহেতু আমাৰ ৰাজহাড়েই হল সকলো Nerve বা স্নায়ুৰ কেন্দ্ৰস্থল, ৰাজহাড়ত জোৰ পৰিলে দেহৰ যিকোনো ঠাইতে বিষ অনুভৱ কৰিব পাৰে।তোৰোপৰি এনেকৈ শুলে যিহেতু আপোনাৰ ডিঙিটো সো বা বাওঁ ফালে ভাজ খাই থাকে, বেছি সময় এনেকৈ শুলে ডিঙিৰ ওপৰত জোৰ পৰা স্বাভাৱিক যাৰ ফলত Spondylosis ৰ পৰা আৰম্ভ কৰি Herniated disc ৰ দৰে সমস্যাও দেখা দিব পাৰে।
যদিহে আপুনি এনেকৈ শুৱাটো একেবাৰে সলনি কৰিব নোৱাৰে বা ওলোটা মূৰকৈ নুশুলে আপোনাৰ টোপনি নাহে……………
(১) ৰাতি শুৱাৰ সময়ত একেবাৰে পাতল গাৰু লব।
(২) এদিন এৰি এদিন ৰাতি শুৱাৰ সময়ত গাৰু নলব।
(৩) শুৱাৰ সময়ত আপোনাৰ তলপেটৰ তলত ( ককালৰ ওচৰত ) এটা গাৰু ৰাখিব।
(৪) ৰাতিপুৱা উঠিয়েই অলপ সময়ৰ পিছত পিঠি আৰু ডিঙি পিছফালে ভাজ কৰি কৰা দুটা এটা Stretching exerciseকৰি দিব। Exercise কেইটা আপোনাৰ ডিঙি আৰু পিঠি পিছফালে ভাজ কৰি কৰা extension exercise হব লাগিব।
এনেধৰণৰ কেইটামান সৰু সৰু কথা মনত ৰাখিলেই , ভৱিষ্যতে হব পৰা ডিঙিৰ আৰু পিঠিৰ ৰাজহাড়ৰ সমস্যাৰ পৰা ৰক্ষা পৰাবলৈ প্ৰায় ৪০ শতাংশ যত্ন লোৱাৰ দৰে হয় আৰু spondolysis আদিৰ দৰে সমস্যাৰ সম্ভাৱনা প্ৰায় ৫০ শতাংশ ক’মি যায়
ফোনঃ ৮৬৩৮৩৮৮০৭৭
Comments are closed, but trackbacks and pingbacks are open.