নিউমনিয়া আৰু প্রতিৰোধ

99

ডাঃ দ্বীপজ্যোতি শর্মা

মানুহৰ জীৱন সবল কৰি ৰাখিবলৈ সুস্থ খাদ্য প্রণালী, কার্যক্ষমতাৰ লগতে সু–শৃংখলিত জীৱনশৈলীৰ অতিকৈ প্রয়োজন৷ কিন্তু তাৰ মাজতো শিশুৰ পৰা আৰম্ভ কৰি বয়স্ক্ ব্যক্তিৰ হব পৰা এবিধ সংক্রমণজনিত ৰোগ নিউমনিয়া৷ হাওফাঁওৰ বায়ু জমা হৈ কোষবোৰ ফুলি উঠিলে মৃদু পর্যায়ৰ পৰা প্রাণঘাতী পর্যায়লৈ যাব পাৰে৷ সাধাৰণতে এই ৰোগৰ ভয়াৱহতা শিশুৰ পৰা ৬৫ বছৰৰ ঊধর্বৰ যিসকল ব্যক্তিৰ ৰোগৰ প্রতিৰোধী ক্ষমতা দুর্বল, তেনে লোকৰ সম্ভাৱনা বেছি থাকে, কাৰণ নিউমনিয়াৰ প্রতি সঁহাৰি যোগোৱা সংক্রমণে সৃষ্টি কৰা বীজাণুৰ প্রকাৰ, বয়স আৰু সামগ্রিক স্বাস্থ্যৰ ওপৰত নির্ভৰ কৰে৷ তেনেস্থলত দেখা দিয়া উপসর্গবোৰ হৈছে

✔সেউজীয়া, হালধীয়া বা ৰক্তক্ষয়ী শ্রেষ্মা উৎপন্ন হোৱা
✔জ্বৰ, ঘাম, অগভীৰ বা দ্রুত উশাহ লবলগীয়া হয়
✔বুকুৰ বিষ, ভোগ নলগা আৰু ভাগৰুৱা অনুভৱ কৰা
✔সৰু শিশুৰ ওকালি বা বমি কৰা
✔বৃদ্ধ লোকৰ ক্ষেত্রত বিভ্রান্তি অনুভৱ হোৱা ইত্যাদি

প্রকাৰ
কমিউনিটী একুৱার্ড নিউমনিয়া
ই ষ্টেপ্টোকক্কাছ, মাইক্রপ্লাজমা নামৰ বেক্টেৰিয়াই ৰোগ প্রতিৰোধ দুর্বল থকা ব্যক্তিসমূহ আক্রান্ত হয়৷

হাস্পতাল একুৱার্ড নিউমনিয়া
এইবিধ নিউমনিয়া যেতিয়া ব্যক্তি এজন হাস্পতালৰ ভেণ্টিলেচনত থকা অৱস্থাত বিভিন্ন সংক্রমণৰ দ্বাৰা প্রভাৱিত হয়৷

হেল্থ কেয়াৰ একুৱার্ড নিউমনিয়া
ই সাধাৰণতে বাহ্যিক ৰোগীৰ চিকিৎসা সেৱা প্রতিষ্ঠানলৈ অহা–যোৱা ৰুগীয়া ব্যক্তিসকল সহজে প্রভাৱিত হয়৷

এছপিৰেচন নিউমনিয়া
যেতিয়া কোনো খাদ্য, পানীয়ৰ গোন্ধ উশাহত গৈ হাঁওফাঁওক ভিতৰত প্রৱেশ কৰিলে এইবিধ নিউমনিয়া হব পাৰে৷

কাৰণ
নিউমনিয়াত আক্রান্ত হলে শৰীৰে যুঁজিব পৰা সম্ভাব্য ক্ষতিকাৰক পদার্থই ৰোগ প্রতিৰোধ প্রণালীক অভিভূত কৰিলেও হাঁওফাঁও সংক্রমণ কৰিব পৰা কাৰকবোৰ এনেধৰণৰ

✔ইনফ্লুৱেঞ্জা আৰু আৰএছভি ভাইৰাছ৷
✔একেদৰে সৰু আই, এডোনো ভাইৰাছ, ভেৰিচেলাৰ ফলতো হব পাৰে৷
✔ঠিক তেনেকৈ বেক্টেৰিয়াজনিত ভাইৰাছৰ ভিতৰত নিউমোমক্কাছ, মাইক্রপ্লাজমা, লেজিনেলা আদি অন্যতম৷
✔আনহাতে চৰাইৰ শৌচ, দূষিত মাটিত পোৱা ক্রিপ্ঢোকক্কাচো ৰোগবিধ হোৱাত অৰিহণা যোগায়৷

পৰীক্ষা 
নিউমনিয়া ৰোগ নির্ণয় কৰিবলৈ স্বাস্থ্য সেৱা প্রদানকাৰীয়ে স্বাস্থ্য ইতিহাসৰ বিষয়ে সুধি শাৰীৰিক পৰীক্ষা হিচাপে পোনপ্রথমে ষ্টেথোস্কোপেৰে হাঁওফাঁওৰ শব্দ শুনি ইমেজিং হিচাপে বুুকুৰ এক্সৰে, পাল্ছ অক্সিমেট তেজত অক্সিজেনৰ স্তৰ, তেজ বা খেঁকাৰৰ পৰীক্ষা কৰি যদি সঠিক কাৰণ বিচাৰি নাপায়, তেন্তে চিটি স্কেন, ধমনী ৰক্ত গেছ, প্লুৰাল ফ্লুইড কালচাৰ হাঁওফাঁওৰ কলাবৰ তৰল আঁতৰোৱা, ব্রম্বোস্কোপীৰ সহায় লোৱা হয় আৰু সেই অনুপাতে এণ্টি ভাইৰেল অচেলটামিভি, পেৰামিভি এণ্টিবায়টিক প্রদান কৰাৰ লগতে প্রয়োজনসাপেক্ষে অক্সিজেন থেৰাপী, ডিহাইড্রেচন ক্ষেত্রত আই ভি তৰল সিৰাত পোনপটীয়াকৈ প্রদান কৰা প্রক্রিয়া তথা তৰল নিষ্কাশনৰ দ্বাৰা চিকিৎসা কৰা হয়৷

প্রতিৰোধ
✔দৰাচলতে বেক্টেৰিয়াৰ দ্বাৰা আক্রান্ত নিউমনিয়াত নিউমোভাক্সা ২৩ আৰু প্রেভানাৰ ১৩ আৰ ভেকচিন দিয়া হয়৷
✔সেইদৰে ভাইৰাছৰ ফলত হোৱা নিউমনিয়াত চিভি আই ডি ১৯ প্রতিষেধক লোৱা হয়৷
✔তেনেদৰে শিশু বা সন্তানৰ ক্ষেত্রত প্রয়োজনীয় ভেকচিন সময়মতে উপযুক্ত বয়সত দিলে ভাইৰাছৰ দ্বাৰা হব পাৰে, সংক্রমণ প্রতিহত কৰে৷

ফোন : ৬০০০৩-৪২৩৫৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.