লুকীমা বৰুৱা
আমাৰ খাদ্যনলীৰ যিবোৰ অংশ গেষ্ট্রিক ৰসৰ সংস্পর্শলৈ আহে, সেই অংশসমূহত হোৱা আল্চাৰক পেপটিক আল্চাৰ্ বুলি কোৱা হয়৷ যদিও এই আল্চাৰ্ প্রধানতঃ ডিডেনামত হয়, তথাপি খাদ্যনলীৰ তলৰ অংশ, পাকস্থলী অথবা জেকুনামটো হব পাৰে৷ গেষ্ট্রিক ৰস খাদ্য হজম প্রক্রিয়াত আৱশ্যক, যি আমাৰ পাকস্থলীয়ে নিঃসৰণ কৰে৷ ইয়াত থকা উপাদানসমূহ হৈছে।
হাইড্রক্লৰিক এটিড পেপচিন আৰু লিপেজ নামৰ দুবিধ এনজাইম যি ক্রমান্বয়ে প্রটিন আৰু চর্বি হজম কৰাত সহায় কৰে, খনিজ লৱন যেনে– ছডিয়াম, কেলচিয়াম, পটাচিয়াম, ফছফেট আদি, প্রটিন আৰু ছেলাইডোৰ পৰা অহা কিছু পৰিমাণৰ এমাইলেজ যি শ্বেতসাৰ হজম কৰাত সহায় কৰে৷
সাধাৰণতে গেষ্ট্রিক ৰসত থকা এচিড সঠিক পৰিমাণত নিঃসৰণ হয়, কিন্তু কেতিয়াবা ইয়াৰ তাৰতম্য ঘটি বেছি পৰিমাণৰ হাইড্রক্লৰিক এচিড নিঃসৰণ হয়৷ ইয়াৰ ফলস্বৰূপে অথবা আমাৰ খাদ্যনলী, পাকস্থলী আদিৰ আভ্যন্তৰীণ অংগৰ উপৰিভাগত থকা পাতল ছালৰ তৰপটো যাক মিউকাছ মেমব্রেন বুলি কোৱা হয় যদি দুর্বল হয় তেনে অৱস্থাত ফাট মেলি তলৰ তৰপবোৰ এক্সপোজড হৈ পেপটিক আল্চাৰ্ হয়৷ এনে হোৱাৰ কিছুমান কাৰক হৈছে
Øখোৱা–বোৱা অনিয়ম কৰা লোক
Øবেছি পৰিমাণৰ এলকহল সেৱন
Øচাহ, কফিত থকা কেফেইন প্রতিদিনে বেছি পৰিমাণে যদি খায়
Øবেছি মছলা, জ্বলা আহাৰ গ্রহণ
Øকিছুমান দৰবৰ পার্শ্বক্রিয়া
Øবাইল এচিড
Øধঁপাত, নিকটিন সেৱন
Øচিন্তা, উদ্বেগ আদি মানসিক হেঁচা আদি অত্যধিক হলে
Øহেলিৰেক্টৰ পাইলৰি নামৰ বেক্টেৰিয়া
বিশ্বৰ দহ শতাংশ প্রাপ্তবয়স্ক্ লোক এই ৰোগত ভোগে বুলি স্বাস্থ্য সমীক্ষাত প্রকাশ৷ সাধাৰণতে ৩০-৬০ বছৰ বয়সৰ প্রাপ্তবয়স্ক্ পুৰুষ বেছি পৰিমাণে এই সমস্যাত ভোগে৷ পেপটিক আল্চাৰ্ দুই ধৰণৰ হব পাৰে
Øএকুইট
Øক্রনিক
পেপটিক আল্চাৰ্ যদি সময়মতে চিকিৎসা কৰোৱা নহয়, তেন্তে ইয়াৰ পৰা সংকটজনক অৱস্থা হব পাৰে, যেনে-
Øপাকস্থলী, ডিডেনাম আদিৰ পৰা তেজ ওলাব পাৰে
Øপেটৰ মিউকাছ মেমব্রেনৰ ইনফ্লেমেচন হব পাৰে
Øশ্বাসনলীৰ বেৰত গাঁতৰ সৃষ্টি হৈ পৰিস্থিতি সংকটজনক হব পাৰে
Øবমি, পায়খানাৰ লগত বেছি পৰিমাণে তেজ গলে ৰক্তহীনতা ৰোগত ভুগিব পাৰে৷
লক্ষণ
পেটৰ বিষ, পোৰণি আদি হয়৷ খোৱাৰ এক–তিনি ঘণ্টাৰ পিছত এই বিষ আৰম্ভ হয়৷ আহাৰ খালে বিষৰ উপশম হব লাহে লাহে৷ কোনো কোনো সময়ত আহাৰ খোৱাৰ সময়তো বিষ হব পাৰে৷ এনে সমস্যাত ভোগা সৰহসংখ্যক লোকে বেছি আহাৰ খাব নোৱাৰে, ফলত সোনকালে পেট খালী হৈ পুনৰ বিষ, ব্লিডিং আদি হয় আৰু কষ্ট ভোগে৷ যিহেতু কেইবাদিনো অথবা বহুত দিন ভালদৰে খাব নোৱাৰে, গতিকে এনে লোক খীনাই যায় আৰু শৰীৰত পুষ্টি উপাদানসমূহৰ অভাৱ ঘটে৷
এনে লোকে কেনে ধৰণে আহাৰ খাব লাগে
পেপটিক আল্চাৰ্ থকা লোকে খোৱা–বোৱাৰ ক্ষেত্রত সাৱধান হোৱা উচিত৷ সঠিক আহাৰৰ জৰিয়তে এই সমস্যাৰ উপশম ঘটোৱাৰ লগতে স্বাস্থ্যৰ অধিকাৰী হব পাৰে৷ এনে লোকৰ আহাৰ, আল্চাৰ্ কি পর্যায়ত আছে সেইটো চাই আহাৰৰ ধৰণ নির্ণয় কৰা হয়৷
আগতে পেপটিক আল্চাৰ্ হোৱা লোকক যথেষ্ট গাখীৰ খাবলৈ দিয়া হৈছিল, কিন্তু গৱেষণাৰ পৰা দেখা গৈছে যে গাখীৰত থকা বেছি পৰিমাণৰ কেলচিয়ামে আল্চাৰ্তো ভাল হোৱাত বাধা দিয়ে৷ গতিকে লক্ষণ চাই কোনো কোনো ৰোগীক কম পৰিমাণে গাখীৰ দিয়া হয়৷ বহুজনৰ ক্ষেত্রত দেহত বেছি এচিড উৎপন্ন কৰে৷ তেনেজনে গাখীৰ খোৱা অনুচিত৷
আল্চাৰটো ভাল হৈ নতুন কোষ গঠনৰ বাবে প্রটিনৰ আৱশ্যক৷ কণী, মাছ, পনীৰ আদি উচচমানৰ প্রটিনৰ উৎস৷ নিৰামিষভোজীসকলে শুকান বিন, নানা মাহজাতীয় খাদ্য, পনীৰৰ পৰা প্রয়োজনীয় প্রটিন ভাগ লব লাগে৷
খাদ্যত থকা চর্বিয়ে আমাৰ পেট বেছি সময়লৈকে ভৰাই ৰাখে, গতিকে গেষ্ট্রিক ৰস নিঃসৰণ হোৱা প্রক্রিয়া পলম কৰি পাকস্থলীক আমাৰ দিয়ে৷ শুকান ফল, উদ্ভিজ তেল, মাছত থকা চর্বি, তেলৰ গুটিৰ পৰা পোৱা তেল উপকাৰী৷ গতিকে আহাৰত এনে খাদ্যবস্তু ৰাখিব লাগে৷ অৱশ্যে বেছি পৰিমাণৰ তেল অথবা তেলত ডুবাই আজি তৈয়াৰ কৰা খাদ্যৰ পৰা আঁতৰি থাকিব লাগে৷
আঁহজাতীয় শ্বেতসাৰ এনে লোকৰ বাবে বেছি উপকাৰী৷ বিশেষভাৱে উল্লেখ কৰিব বিচাৰিছোঁ যে যি আঁহ পানীত গলি জেলিৰ দৰে হয় বা হজম প্রক্রিয়াৰ গতি কম কৰে তেনে আঁহ থকা খাদ্যহে খাব লাগে৷ যেনে– অটছ, বার্লি, শুকান বিন, আপেল, কল, এভকেড, গাজৰ ইত্যাদি বিশেষভাৱে উপকাৰী৷ যিসকল লোকৰ মাহজাতীয় খাদ্য, চয়াবিন, বন্ধাকবি, ফুলকবি, পিঁয়াজ, মটৰ আপেল, তৰমুজ আদি খালে গেছ হয়, তেনে লোকে এই খাদ্যসমূহ খাব নালাগে৷ এনে ৰোগীয়ে চাইড্রিক এচিড থকা ফলৰ ৰস, কার্বনেটেড পানীয়, টেঙাফল, ভিনেগাৰ খোৱা অনুচিত৷
যদি পেপটিক আল্চাৰ্ থকা লোকজনৰ বমি আৰু পায়খানাৰ লগত তেজ যায়, তেন্তে চিকিৎসকে পৰীক্ষা কৰি সাময়িকভাৱে বন্ধ কৰি থয়, ক্রমান্বয়ে অৱস্থা চাই পনীয়া আহাৰ আৰু তাৰ পিছত লঘু কোমল আহাৰ সঘনাই কম পৰিমাণে খাবলৈ পৰামর্শ দিয়া হয়৷
ৰন্ধনত লব লগা সাৱধানতা
পেপটিক আল্চাৰ থকা লোকৰ আহাৰ প্রস্তুত কৰোঁতে বিশেষ সাৱধানতা লব লাগে৷ কম তেলযুক্ত, লা–মচলাবিহীন আহাৰ নাইবা সিজোৱা বা ভাপত দি ৰন্ধা খাদ্য ৰোগীৰ বাবে উপকাৰী৷ ৰন্ধনত জালুক ব্যৱহাৰ কৰিব নালাগে৷ তদুপৰি পাচলি বা থলুৱা মুর্গীৰ চুপ, কোমলকৈ ৰন্ধা খিচিৰী, ভাত দাইল, অটছ, দালিয়া, পিঠাগুডিৰ লুথুৰি দিব পাৰি৷ আল্চাৰ্ ভাল হৈ যোৱাৰ পিছতো উপৰিউক্ত ধৰণে কিছুদিন খাব পাৰি৷
Comments are closed, but trackbacks and pingbacks are open.