প্ৰাঞ্জল প্ৰতীম বৰা
বহুতো মানুহেই মূৰৰ পিছফাল অংশৰ বিষত ভুগে। মূৰৰ পিছফালে ধিপিং ধিপিং কৈ মাৰি থকা এক বিষ হঠাতে হয়। এনে বিষ মূৰৰ পিছফালৰ পৰা ডিঙিলৈ আৰু লগতে ওপৰলৈ আহি কপাল আৰু চকুৰ ওপৰলৈও কেতিয়াবা বিয়পি পৰে। এনেধৰণৰ মূৰৰ বিষ বা Headache আমি কেতিয়াবা মাইগ্ৰেইন বা Tension ৰ বাবে হোৱা মূৰৰ বিষ আদি একোতে ধৰিব নোৱাৰো। কাৰণ তীব্ৰ বিষ হলেও মাইগ্ৰেইনৰ দৰে ইয়াত বমিৰ ভাব নাথাকে বা কোনো চিন্তা বা Tension ৰ লগতো ই জড়িত নহয়। কিছুমান মানুহে ৰক্তচাপ বঢ়াৰ বাবেও এনেকুৱা বিষ হৈছে বুলি ভাবে। কিন্তু ৰক্তচাপ check কৰিলে দেখা যায় ৰক্তচাপো নৰ্মেল আছে , তথাপি মূৰৰ পিছফালে বিষ। এনেকুৱা অনুভৱ হয় যেন মূৰৰ পিছফালে হাতেৰে হেচিবও নোৱাৰি।ফণীয়াবও নোৱাৰি। আনকি কিছুমানৰ এনে হয় যেন মূৰৰ পিছফালে আঙুলিদি চুলেই ধিপিং কৈ মাৰে। এইধৰণৰ মূৰৰ পিছফালে হোৱা বিষৰ লগত জড়িত এটা শব্দ হল “অ-চি-পিটেল নিউৰালজিয়া ( Occipital Neuralgia ) “। অ-চি-পিটেল মানে হল আমাৰ মূৰৰ পিছফালৰ অংশ আৰু নিউৰালজিয়া মানে হল য’ত কোনো নাৰ্ভ বা স্নায়ু অকামিলা বা Damage হৈছে। অৰ্থাত মূৰৰ পিছফালে occipital nerveৰ বিসংগতিৰ বাবে হোৱা এক অৱস্থাই হ’ল অ-চি-পিটেল নিউৰালজিয়া (Occipital Neuralgia) ।
কিয় হয় অ-চি-পিটেল নিউৰালজিয়া (Occipital Neuralgia) …শৰীৰৰ আন অংশৰ দৰে মূৰৰ পিছফালেও কেইবাডালো নাৰ্ভ থাকে। তাৰে তিনিডাল নাৰ্ভ হ’ল Greater Occipital Nerve, Lesser Occipital Nerve আৰু Third Occipital Nerve । Greater Occipital Nerve ডালৰ আকাৰ ডাঙৰ আৰু ই মূৰৰ পিছফালৰ এটা ডাঙৰ অংশত sensation ৰ যোগান ধৰে আৰু Lesser Occipital Nerve ডাল সৰু আৰু ই মূৰৰ পিছফালৰ সৰু অংশ এটাত sensation ৰ যোগান ধৰে। আমাৰ ডিঙি অংশত সাতডাল ৰাজহাড়ৰ টুকুৰা আছে, ক্ৰমে C1, C2 , C3, C4, C5 , C6 আৰু C7 । ইয়াৰে C2 আৰু C3 ৰাজহাড়ৰ টুকুৰাৰ মাজৰ পৰা Occipital Nerve কেইডাল ওলাই আৰু বিভিন্ন মাংসপেশী আৰু আন আন অংশৰ মাজেদি ডিঙিৰ পৰা superfecialy ওপৰলৈ গৈ মূৰৰ পিছফালে sensation supply কৰে। এইদৰে এই পথেদি বিভিন্ন মাংসপেশী আদিৰ মাজেদি অ-চি-পিটেল নাৰ্ভ কেইডাল যাওতে চেপা খালে এনেকুৱা মূৰৰ বিষ হব পাৰে। আচলতে অ-চি-পিটেল নিউৰালজিয়া ( Occipital Neuralgia ) ৰ প্ৰকৃত কাৰণ সঠিক ভাবে ক’ব নোৱাৰি। তথাপি কিছুমান কাৰণৰ লগত অ-চি-পিটেল নিউৰালজিয়া ( Occipital Neuralgia ) জড়িত হব পাৰে, যেনে..
ডিঙিৰ পিছফালৰ muscle কিবা কাৰণে টান হলে
মূৰৰ পিছফালে সৰু বা ডাঙৰ আঘাট
Osteoarthitis
ডায়েবেটিছ
বিভিন্ন infection, inflammation আদি।
অ-চি-পিটেল নিউৰালজিয়া ( Occipital Neuralgia ) ৰ লক্ষণসমুহ =
(১) মূৰৰ পিছফালে বিষ
(২) হেচি বা বিন্ধি ধৰাৰ দৰে বিষ হ’ব পাৰে
(৩) গধুৰ গধুৰ লগা বিষো হ’ব পাৰে
(৪) Electrical shock ৰ দৰে বিষ হ’ব পাৰে
(৫) জলি থকাৰ দৰে burning pain হ’ব পাৰে
(৬) মূৰৰ পিছফালে কিবা লাগিলেই বিষ, যেনে আঙুলি, ফণী
(৭) চকুৰ ওপৰ , কপাল আদিত বিষ
(৮) Dizziness
(৯) কাণৰ ভিতৰত শব্দ
অ-চি-পিটেল নিউৰালজিয়া ( Occipital Neuralgia ) ৰ চিকিৎসা আৰু যত্ন …
অ-চি-পিটেল নিউৰালজিয়া ( Occipital Neuralgia ) ৰ বাবে উহুত ক্ষেত্ৰত conservative treatment follow কৰা হয়, যেনে..
(১) Postural correction
(2) Physiotherapy
(৩) Antiinflammatory, Muscle relaxtant আৰু neuropathic medicine ।
ইয়াৰ পিছতো যদি নকমে তেনেহ’লে Ultrasound ৰ যোগেদি চাই nerve block হোৱা ঠাইত injection দি বিষ ক’মোৱা হয়।
অ-চি-পিটেল নিউৰালজিয়া ( Occipital Neuralgia )হোৱা লোক এজনে সদায় মনত ৰখা উচিত যে …..
(১) তেওঁলোকে সদায় ওপৰ মুৱাকৈ যিমান পাৰে শুৱ লাগে আৰু গাৰু এনেকৈ লব লাগে যাতে মূৰ আৰু শৰীৰৰ বাকী অংশ এটা লাইনত থাকে আৰু শুই থাকোতে ডিঙিৰ ওপৰৰ কোনো movement নহয়।
(২) এনেকুৱা exercise কৰিব নালাগে যত ডিঙিৰ ওপৰত জোৰ পৰে।
(৩) ডিঙি বেকা কৰি কাম কৰিব নালাগে
(৪) গধুৰ ওজন দঙাৰ পৰা বিৰত থাকিব লাগে।
যদিহে আপোনাৰো অ-চি-পিটেল নিউৰালজিয়া ( Occipital Neuralgia ) দৰে সমস্যা আছে ডিঙি সোঁফালে, বাওঁফালে , বুকুৰ ফালে আৰু ওপৰ ফালে একেবাৰে লাহে লাহে ঘুৰাই অলপ সময় Hold কৰি ধৰি exercise কৰিব। তেতিয়া এনেকুৱা মূৰৰ বিষ নিয়ন্ত্ৰণত থাকিব।
ফোনঃ ৮৬৩৮৩৮৮০৭৭
Comments are closed, but trackbacks and pingbacks are open.