লুকীমা বৰুৱা
খাদ্য বিশেষজ্ঞা
আদিত্য ডায়েগনষ্টিক এণ্ড হস্পিতাল, ডিব্ৰুগড়
ছয় বছৰৰ পৰা বাৰ বছৰ বয়স এই কালছোৱা ল’ৰা -ছোৱালীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক সকলো দিশতে গঠন-বৃদ্ধি হোৱাৰ সময়। এই সময়ছোৱাত সঠিক পুষ্টি পালে বিকাশ ভালদৰে হয়। নবছৰ( ৯বছৰ) বয়সলৈ ল’ৰা -ছোৱালীক প্ৰায় সমান পুষ্টি উপাদানৰ প্ৰয়োজন। তাৰ পিছত ক্ৰমান্বয়ে বাঢ়নৰ গতি, শাৰীৰিক গঠন, শাৰীৰিক সক্ৰিয়তা অনুসৰি পুষ্টি যোগান ধৰিব লাগে। শক্তিৰ প্ৰয়োজন হোৱা বিভিন্ন খেলৰ জড়িয়তে শিশুৰ বাঢ়নত সহায় কৰিব পাৰি আৰু সেই অনুপাতে খাদ্যৰ পৰা কেলৰিৰ যোগান ধৰা উচিত। এই বয়সত অন্ততঃ এঘণ্টা সময় মধ্যমীয়া শক্তিৰ প্ৰয়োজন হোৱা কোনো খেলত ব্যস্ত ৰাখা প্ৰয়োজন। ৯ বছৰ বয়সৰ পৰা ৬৭ কিলো কেলৰি প্ৰতি কেজি শৰীৰৰ ওজনৰ হিচাবে কেলৰিৰ প্ৰয়োজন। এইয়া পাব শ্বেতসাৰ আৰু চৰ্বী যুক্ত খাদ্যৰ পৰা। যিহেতু এই সময়ছোৱা যৌৱনাৱস্থা প্ৰাপ্তিৰ আগৰ সময়, গতিকে পিতৃ -মাতৃয়ে ল’ৰা -ছোৱালীৰ দেহত যাতে সঠিক ভাৱে পুষ্টিৰ উপাদান সমূহ সঞ্চিত হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰখা উচিত তেহে, যৌৱন প্ৰাপ্তিৰ সময়ত বিকাশ ভালদৰে হয়। ১০-১২ বছৰ বয়সত ল’ৰাতকৈ ছোৱালীক অধিক প্ৰ’টিন আৱশ্যক কাৰণ ছোৱালীয়ে যৌৱনাৱস্থা ল’ৰাতকৈ আগতে পায়। স্কুলীয়া ল’ৰা -ছোৱালীক মুঠ দৈনিক কেলৰিৰ ২৫ শতাংশ অৰ্থাৎ ২৫-৩০ গ্ৰাম চৰ্বীৰ প্ৰয়োজন যিখিনি বিভিন্ন উদ্ভিদজাত তেল, মাখন, ঘিউ আদিৰ পৰা যোগান ধৰিব লাগে।
ইয়াৰ উপৰিও স্কুলীয়া ল’ৰা -ছোৱালীৰ প্ৰয়োজনীয় খনিজ পদাৰ্থসমূহ হৈছে লৌহ পদাৰ্থ, কেলচিয়াম, আয়’দিন। বিশেষভাৱে জৰুৰী ভিটামিনৰ ভিতৰত ভিটামিন ‘এ’, ডি, চি আৰু বি ভিটামিন পৰে। ইয়াৰ লগতে লাগে প্ৰয়োজনীয় খাদ্যৰ আঁহ। “আমেৰিকান হেল্থ ফাউণ্ডেচন” য়ে নিৰ্ধাৰিত কৰা খাদ্যৰ আঁহৰ পৰিমাণ ল’ৰা -ছোৱালীৰ বয়সৰ লগত ৫ গ্ৰাম যোগ দি হিচাবটো উলিওৱা হয়। উদাহৰণ স্বৰূপে (৭ বছৰ + ৫ গ্ৰাম = ১২ গ্ৰাম আঁহ)।
সাধাৰণতে খোৱা -বোৱাৰ সমস্যাসমূহ এই ৭-৮ বছৰ মানৰ পৰা কিছু কমে, আনহাতে খোৱাৰ পৰিমাণ বাঢ়ে। তেওঁলোকে বহু সময়ত খোৱা বস্তু নিজে নিৰ্বাচন কৰিব বিচাৰে গতিকে মাক-দেউতাকে স্বাস্থ্যকৰ খোৱা-বস্তু নিৰ্বাচন কৰাত পৰোক্ষভাৱে সহায় কৰি সুখাদ্যাভ্যাস গঠন কৰাত অৰিহণা যোগাব পাৰে।
স্কুলীয়া ল’ৰা-ছোৱালী যিহেতু দিনটোৰ সৰহভাগ সময় স্কুলত কটাব লগীয়া হয়, গতিকে তেওঁলোকক সঠিক পুষ্টি যোগান ধৰাটো এক চিন্তনীয় বিষয়। এইখিনিতে আহি পৰে এক পুষ্টিকৰ টিফিনৰ গুৰুত্ব। দেখা যায় বহু ল’ৰা-ছোৱালীয়ে স্কুললৈ যোৱাৰ আগতে ভালদৰে খাই নাযায়, হয়তু সময়ৰ অভাৱ অথবা খাবলৈ অনিহা। সেইবাবে খাদ্যৰ সকলো পুষ্টি উপাদান সমৃদ্ধ এক টিফিনৰ প্ৰয়োজনীয়তা অধিক। কোনো কোনো ল’ৰা -ছোৱালীয়ে আকৌ টিফিন নিবলৈ আপত্তি কৰে অথবা দিলেও সম্পূৰ্ণকৈ নাখায় কিয়নো সেই সময়খিনিত খেলিবলৈ ইচ্ছা কৰে। গতিকে অভিভাৱকে টিফিন দিয়াৰ লগতে কিয় খাব লাগে সেইটো ভালদৰে বুজাই দিব লাগে।
স্কুলীয়া ল’ৰা -ছোৱালীৰ টিফিন প্ৰস্তুত কৰোঁতে কি কি কথাৰ প্ৰতি লক্ষ্য ৰখা উচিত?
এক আকৰ্ষণীয় পুষ্টিকৰ টিফিন প্ৰস্তুত কৰিবৰ বাবে তলৰ কথা কেইটাৰ ওপৰত গুৰুত্ব দিব লাগে —
ল’ৰা -ছোৱালীয়ে যাতে ছুটিৰ সময়লৈকে গোটেই কেইটা ক্লাচত ভালদৰে মনোযোগ দিব পাৰে আৰু ভালদৰে কথাবোৰ শিকি আয়ত্ব কৰিব পাৰে তাৰ বাবে এক গধূৰ আৰু পুষ্টিকৰ টিফিনৰ আৱশ্যকতা নুই কৰিব নোৱাৰি।
গোটেই দিনটোৰ মুঠ প্ৰয়োজনীয় পুষ্টি উপাদানৰ তিনি ভাগৰ এভাগৰ প্ৰয়োজনীয়তা যাতে টিফিনটোৱে পূৰাব পাৰে।
খাদ্যবস্তুখিনিত প্ৰ’টিন, শ্বেতসাৰ, উপকাৰী চৰ্বী আৰু ভিটামিন, খনিজ পদাৰ্থ থাকিব লাগে।
সহজে আৰু কম সময়ত খাব পৰা বস্তু তৈয়াৰ কৰিব লাগে।
নিৰামিষভোজী সকলে উচ্চমানৰ প্ৰ’টিনৰ বাবে গাখীৰ আৰু ইয়াৰ পৰা তৈয়াৰ কৰা খাদ্যবস্তু অন্ততঃ এবিধ ৰাখিব লাগে। তাৰোপৰি বিভিন্ন পাচলি, গোটামাহ প্ৰকৰণত সন্নিৱিষ্ট কৰা উচিত।
গৰমৰ দিনত খাদ্যৰ লগতে দৈ পানী(butter milk), নেমু চৰবত বটলত দি আৰ্দ্ৰতা বজাই ৰাখিব পাৰে।
সদায় একে বস্তু দিয়াতকৈ বিভিন্ন স্বাদৰ বস্তু দিবলৈ যত্ন কৰিব। ই সন্তানক টিফিনখিনি সম্পূৰ্ণকৈ খোৱাত উৎসাহিত কৰিব।
সহজে বেয়া নোহোৱা সতেজ ফল যেনে আপেল, পকা অমিতা, পকা আম, আঙুৰ আদি দিব পাৰে।
মাজে সময়ে আন বস্তুৰ লগত টিফিনত শুকান ফল দিব, যি বিভিন্ন খনিজ পদাৰ্থ, আঁহৰ অভাৱ পূৰণ কৰিব।
স্কুলৰ পৰা অহাৰ পিছত সন্তানৰ টিফিন বক্সটো ধুই শুকুৱাই থ’ব।
অস্বাস্থ্যকৰ খাদ্যবস্তু যেনে মেগি, চিপচ্ , ভূজিয়া, চিংৰা, পেষ্ট্ৰি, পপ্ আদি দিয়াৰ পৰা বিৰত থাকক। ইয়াৰ সলনি জুতি লগা পুষ্টিকৰ খাদ্য দেখুন ঘৰতে তৈয়াৰ কৰিব পাৰে যেনে চাপাটি ৰ’ল, ভেজিটেবুল কাটলেট, আটা বা চুজিৰে বনোৱা পাষ্টা, ভেজিটেবুল ৰাইঢ, পায়স, পনীৰ/মাংসৰ ফ্ৰাইড ৰাইচ, আটা বা মাল্টিগ্ৰেইন ব্ৰেডৰ চেণ্ডুইচ ইত্যাদি।
এইদৰে কিছু চিন্তা শক্তি প্ৰয়োগ কৰি পৰিকল্পিতভাৱে সন্তানৰ টিফিন তৈয়াৰ কৰি তেওঁলোকক উপযুক্ত পোষণ পোৱাত সহায় কৰক।
Comments are closed, but trackbacks and pingbacks are open.